অণু আৰু পৰমাণু – Notes

অণু আৰু পৰমাণু
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়- 3 অণু আৰু পৰমাণু – Notes ৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Link ত click কৰিলে পাব ৷

অণু আৰু পৰমাণু – Notes

ৰাসায়নিক সংযোগৰ বিধি সমূহ –

লেভয়ছিয়াৰ আৰু যোছেফ এল প্ৰাউষ্টে তলৰ ৰাসায়নিক সংযোগৰ বিধি দুটা প্ৰতিষ্ঠা কৰিছিল –

(i) ভৰৰ নিত্যতা বিধি ভৰৰ নিত্যতা বিধি মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে ৷

(ii) স্থিৰানুপাত বিধি – স্থিৰানুপাত বিধি মতে এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায়েই নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে ৷

ডেল্টনৰ পৰমাণুবাদৰ স্বীকাৰ্য্য সমূহ –

Advertisement

 (i) সকলো পদার্থ পৰমাণু নামৰ অতি ক্ষুদ্র কণাৰে গঠিত।

(ii) পৰমাণুবোৰে অবিভাজ্য কণা যাক ৰাসায়নিক বিক্রিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। নির্দিষ্ট মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধর্মসমূহ একেই।

(iii) বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধর্মসমূহ বেলেগ বেলেগ।

(iv) যৌগ গঠনৰ বাবে পৰমাণুবোৰে অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয়।

(v) নির্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্রকাৰ স্থিৰ থাকে।

পৰমাণু –

যিকোনো পদাৰ্থৰ গঠনৰ প্ৰথমিক গোটবোৰকে পৰমাণু বোলা হয় ৷

পাৰমাণৱিক ভৰ একক –

কাৰ্বন-12 সমস্থানিকৰ এটা পৰমাণুৰ ভৰৰ ঠিক 1/12 অংশৰ সমান ভৰেই এক পাৰমাণৱিক ভৰ একক ৷

অণু –

অণু হ’ল ৰাসায়নিকভাৱে যোজিত অৰ্থাৎ আকৰ্ষণীবলৰ দ্বাৰা দৃঢ়ভাৱে লগ হৈ থকা দুটা বা ততোধিক পৰমাণুৰ একোটা গোট ৷ উদাহৰণ – O2, S8 ইত্যাদি ৷

আয়ন – 

ধাতু বা অধাতুৰে গঠিত যৌগবোৰত থকা আধানযুক্ত কণাবোৰক আধান বোলে ৷

উদাহৰণ – ছ’ডিয়াম ক্ল’ৰাইডত থকা আয়ন – Na+ আৰু Cl

বহুপাৰমাণৱিক আয়ন –

একাধিক পৰমাণু একগোট হৈ গঠন হোৱা আয়নক বহুপাৰমাণৱিক আয়ন বোলা হয় ৷ ৷

উদাহৰণ – এমনিয়াম (NH4+), হাইড্ৰ’ক্সাইড(OH)

ৰাসায়নিক সংকেট –

 এটা যৌগৰ ৰাসায়নিক সংকেট হ’ল তাৰ সংযুতিৰ প্ৰতীকি ৰূপত উপস্হাপন কৰা এটা ব্যৱস্হা ৷

 উদাহৰণ – হাইড্ৰ’ক্লৰাইড এছিডৰ ৰাসায়নিক সংকেট – HCl

আণবিক ভৰ –

পদাৰ্থ এটাৰ অণুত থকা সকলোবোৰ পৰমাণুৰ পাৰমাণৱিক ভৰৰ যোগ ফলকে পদাৰ্থটোৰ আণবিক ভৰ বোলে ৷

সংকেত গোট ভৰ –

যৌগ এটাৰ সংকেত গোট এটাত থকা পৰমাণুবোৰৰ পাৰমাণৱিক ভৰবোৰৰ যোগফলেই যৌগটোৰ সংকেত গোট ভৰ ৷

ম’ল –

কাৰ্বন-12ৰ সঠিক 12g ত যিমান সংখ্যক পৰমাণু থাকে সিমান সংখ্যক কণিকা থকা পদাৰ্থৰ পৰিমাণকে ম’ল বোলে ৷

ম’লাৰ ভৰ –

1 ম’ল পদাৰ্থৰ ভৰক তাৰ ম’লাৰ ভৰ বোলে ৷

এভ’গেড্ৰ’ ধ্ৰুৱক –

    যিকোনো এটা পদাৰ্থৰ ১ ম’লত থকা কণাৰ সংখ্যা স্হিৰ 6.022 x 1023টা ৷ এই সংখ্যাক      এভ’গেড্ৰ’ ধ্ৰুৱক বোলা হয় ৷

Related Post :

Advertisement

অণু আৰু পৰমাণু – পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনী

আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes

অনু আৰু পৰমাণু – Notes

জীৱৰ মৌলিক একক – Notes

কলা – Notes

জীৱৰ বিচিত্ৰতা – Notes

বল আৰু গতি বিষয়ক সূত্ৰসমূহ – – Notes

মহাকৰ্ষণ – Notes

শব্দ – Notes

আমি অসুস্থ হওঁ কিয় ? – Notes

প্ৰাকৃতিক সম্পদ – Notes

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – Notes

বিজ্ঞান – দশম শ্ৰেণী ( NCERT – SEBA)

11 Replies to “অণু আৰু পৰমাণু – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *