অণু আৰু পৰমাণু

Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 3 অণু আৰু পৰমাণু (Atoms And Molecules) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

অণু আৰু পৰমাণু

প্ৰশ্নাৱলী, Page No- 32

1.বিক্রিয়া এটাত 5.3 g ছডিয়াম কার্বনেটে 6 g ইথানয়িক এছিডৰ সৈতে বিক্রিয়া কৰিছিল। উৎপাদিত দ্রব্যবােৰ আছিল 2.29 g কার্বন ডাই অক্সাইড, 0.9 g পানী আৰু 8.2g ছডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবােৰ ভৰৰ নিত্যতা সূত্র অনুযায়ী হৈছে।
ছডিয়াম কার্বনেট + ইথানয়িক এছিড → ছডিয়ামইথনয়েট + কার্বন ডাইঅক্সাইড+ পানী

উত্তৰ –

       দিয়া আছে,

             ছডিয়াম কার্বনেটৰ ভৰ = 5.3 g

              ইথানয়িক এছিডৰ ভৰ   = 6 g

             ছডিয়াম ইথানয়েটৰ ভৰ  = 8.2 g

            কার্বন ডাই অক্সাইডৰ ভৰ = 2.29 g

                                  পানীৰ ভৰ    = 0.9 g

এতিয়া,

    বিক্ৰিয়া সংঘটিত হোৱা আগৰ মুঠ ভৰ = 5.3 + 6 = 11.3 g

 বিক্ৰিয়া সংঘটিত হোৱা পিছৰ মুঠ ভৰ = 8.2 + 2.29 + 0.9 = 11.3 g

দেখা গ’ল যে বিক্ৰিয়া সংঘটিত হোৱা আগৰ আৰু পিছৰ মুঠ ভৰ সমান ৷

সেয়েহে প্ৰমাণ হ’ল যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্র অনুযায়ী হৈছে।

2. হাইড্রজেন আৰু অক্সিজেন 1: 8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে। 3 g হাইড্ৰ’জেনৰ সৈতে সম্পূর্ণকৈ বিক্রিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেনৰ প্রয়ােজন হব?

উত্তৰ – হাইড্রজেন আৰু অক্সিজেন 1: 8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে | ইয়াৰ অৰ্থ হ’ল পানী উৎপন্ন কৰিবলৈ 1g হাইড্ৰ’জেনৰ লগত 8g অক্সিজেনৰ প্ৰয়োজন হয় ৷

যদি,

        1g হাইড্ৰ’জেনৰ লগত প্ৰয়োজন হোৱা অক্সিজেনৰ পৰিমান = 8g

তেনেহ’লে, 3 g হাইড্ৰ’জেনৰ লগত প্ৰয়োজন হোৱা অক্সিজেনৰ পৰিমান হ’ব = 8 x 3  = 24 g

3. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্য ভৰৰ নিত্যতা সূত্ৰৰ ফল ?

উত্তৰ – “পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি ৷ নিৰ্দিষ্ট মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্ম সমূহ একেই৷” ডেল্টনৰ এইটো স্বীকাৰ্য্য ভৰৰ নিত্যতা সূত্ৰৰ ফল ৷

4. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকার্য স্থিৰানুপাত সূত্ৰটো ব্যাখ্যাকৰিব পাৰে ?

উত্তৰ – “নিৰ্দিষ্ট যৌগ এটাত পৰমাণুবোৰৰ আপেক্ষিক সংখ্যা আৰু প্ৰকাৰ স্থিৰ থাকে৷” ডেল্টনৰ এইটো স্বীকাৰ্য্য স্থিৰানুপাত সূত্ৰটো ব্যাখ্যাকৰিব পাৰে ৷

প্ৰশ্নাৱলী, Page No- 35

Advertisement

1.পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিয়া।

উত্তৰ – C-12 সমস্থানিকৰ এটা পৰমাণুৰ ভৰৰ ঠিক 1/12 অংশৰ সমান ভৰেই এক পাৰমাণৱিক ভৰ একক ৷

2. খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়?

উত্তৰ – পৰমাণুবোৰৰ আকাৰ নিচেই সৰু ৷ এইবোৰ আমি অনুমান বা তুলনা কৰিব পৰা যিকোনা বস্তুতকৈ সৰু ৷ সেইবাবে খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় ৷

অণু আৰু পৰমাণু – প্ৰশ্নাৱলী, Page No- 39

1.সংকেত লিখা

(i) ছডিয়াম অক্সাইড

উত্তৰ – ছডিয়াম অক্সাইডৰ সংকেত

       যৌগটোৰ সংকেত হ’ব – Na2O

(ii) এলুমিনিয়াম ক্ল’ৰাইড

উত্তৰ – এলুমিনিয়াম ক্ল’ৰাইডৰ সংকেত

যৌগটোৰ সংকেত হ’ব – AlCl3

(iii) ছডিয়াম ছালফাইড

উত্তৰ – ছডিয়াম ছালফাইড সংকেত

                   যৌগটোৰ সংকেত হ’ব – Na2S

(iv) মেগনেছিয়াম হাইড্র’ক্সাইড

উত্তৰ – মেগনেছিয়াম হাইড্র’ক্সাইডৰ সংকেত

যৌগটোৰ সংকেত হ’ব – Mg(OH)2

2.তলৰ সংকেতবােৰে বুজোৱা যৌগবােৰৰ নাম লিখাঃ

(i) Al2(SO4)

উত্তৰ –এলুমিনিয়াম ছালফেট

(ii) CaCl2

উত্তৰ – কেলছিয়াম ক্ল’ৰাইড

(iii) K2SO4

উত্তৰ – পটেছিয়াম ছালফেট

(iv) KNO3

উত্তৰ – পটেছিয়াম নাইট্ৰেট

(v) CaCO3

উত্তৰ – কেলছিয়াম কাৰ্বনেট

3. ৰাসায়নিক সংকেত পদটোৰ দ্বাৰাকি বুজোৱা হৈছে?

উত্তৰ – যিকোনো যৌগ এটাৰ ৰাসায়নিক সংকেতে তাৰ সংযুতিক প্ৰতীকি ৰূপত উপ৷স্থাপন কৰে ৷

4. (i) H2S অণু আৰু

(ii) PO43- আয়নত কেইটাকৈ পৰমাণু আছে ?

উত্তৰ – i) H2S অণুত দুটা হাইড্ৰ’জেন আৰু এটা ছালফাৰ পৰমাণুৰে সৈতে মুঠ তিনিতা পৰমাণু আছে ৷

  (ii) PO43- আয়নত এটা ফছফৰাছ আৰু চাৰিটা অক্সজেনেৰে সৈতে মুঠ পাঁচটা পৰমাণু আছে৷

অণু আৰু পৰমাণু – প্ৰশ্নাৱলী, Page No- 40

Advertisement

1. H2 , O2,  Cl2, CO2 ,  CH4,  C2H6,  C2H4 , NH3  আৰু CH3OH ৰ আণৱিক ভৰ গণনা কৰা

উত্তৰ –

 H2ৰ আণৱিক ভৰ  = 2 x Hৰ পাৰমাণৱিক ভৰ

             = 2 x 1

             = 2u

O2ৰ আণৱিক ভৰ  = 2 x Oৰ পাৰমাণৱিক ভৰ

            = 2 x 16

            = 32u

Cl2ৰ আণৱিক ভৰ  = 2 x Clৰ পাৰমাণৱিক ভৰ

             = 2 x 35.5

             = 71u

CO2ৰ আণৱিক ভৰ  = Cৰ পাৰমাণৱিক ভৰ + 2 x Oৰ পাৰমাণৱিক ভৰ

             = 12 + 2 x16

             = 44u

CH4ৰ আণৱিক ভৰ  = Cৰ পাৰমাণৱিক ভৰ + 4 x Hৰ পাৰমাণৱিক ভৰ

             = 12 + 4 x1

             = 16u

C2H6ৰ আণৱিক ভৰ  = 2 x Cৰ পাৰমাণৱিক ভৰ + 6 x Hৰ পাৰমাণৱিক ভৰ

             = 2 x 12 + 6 x1

             = 30u

C2H4ৰ আণৱিক ভৰ  = 2 x Cৰ পাৰমাণৱিক ভৰ + 4 x Hৰ পাৰমাণৱিক ভৰ

             = 2 x 12 + 4 x1

             = 28u

NH3ৰ আণৱিক ভৰ  = Nৰ পাৰমাণৱিক ভৰ + 3 x Hৰ পাৰমাণৱিক ভৰ

             = 14 + 3 x1

             = 17u

CH3OHৰ আণৱিক ভৰ  =  Cৰ পাৰমাণৱিক ভৰ + 3 x Hৰ পাৰমাণৱিক ভৰ + Oৰ    পাৰমাণৱিক ভৰ + Hৰ পাৰমাণৱিক ভৰ

                = 12 + 3 x 1 + 16

                = 32u

2. ZnO, Na2O  আৰু K2CO3 ৰ সংকেত গোট ভৰ গণনা কৰা। প্রদত্ত পাৰমাণৱিক ভৰবোৰ হ’ল Zn= 65u, Na = 23u,  K = 39u, C =12u আৰু O = 16u.

উত্তৰ –

        ZnOৰ সংকেত গোট ভৰ = Znৰ পাৰমাণৱিক ভৰ +Oৰ পাৰমাণৱিক ভৰ

                                          = 65 + 16

                                              = 81u

      Na2Oৰ সংকেত গোট ভৰ = 2 x Naৰ পাৰমাণৱিক ভৰ +Oৰ পাৰমাণৱিক ভৰ

                                          = 2 x 23 + 16

                                              = 62u

       K2CO3ৰ সংকেত গোট ভৰ = 2 x Kৰ পাৰমাণৱিক ভৰ +Cৰ পাৰমাণৱিক ভৰ + 3 x    Oৰ পাৰমাণৱিক ভৰ

                                             = 2 x 39 + 12 + 3 x 16

                                                 = 138u

প্ৰশ্নাৱলী, Page No- 42

1.এক ম’ল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্রাম হলে 1 টা কার্বন পৰমাণুৰ ভৰ (গ্ৰামত) কিমান হ’ব ?

উত্তৰ –

         এক ম’ল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্রাম

অৰ্থাৎ,

অণু আৰু পৰমাণু

2. 100 গ্রাম ছডিয়াম বা 100 গ্রাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্যা বেছি থাকিব ?
(দিয়া আছে, Naৰ পাৰমাণবিক ভৰ= 23u, Fe= 56u)

উত্তৰ –

       Naৰ পাৰমাণবিক ভৰ = 23u

অণু আৰু পৰমাণু

 Feৰ পাৰমাণবিক ভৰ = 56u

 এতেকে, 100 g ছডিয়ামত পৰমাণুৰ সংখ্যা বেছি থাকিব ৷

অণু আৰু পৰমাণু – অনুশীলনী

Advertisement

1.অক্সিজেন আৰু ব’ৰণে গঠিত যৌগৰ নমুনা এটাৰ 0.24g বিশ্লেষণ কৰাত 0.096g ব’ৰণ আৰু 0.144g অক্সিজেন পােৱা গৈছিল। ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুতি গণনা কৰা।

উত্তৰ –   দিয়া আছে,

             নমুনাটোৰ ভৰ – 0.24 g

             ব’ৰণৰ ভৰ   – 0.096 g

             অক্সিজেনৰ ভৰ – 0.144 g

ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুতি –

অণু আৰু পৰমাণু

2. 3.0g কার্বন ৪.00g অক্সিজেনৰে সৈতে দহন কৰাত 11.00g কার্বন ডাইঅক্সাইড উৎপন্ন হল। 3.00g কার্বন 50.00g অক্সিজেনত দহন কৰিলে গঠন হােৱা কার্বন ডাই অক্সাইডৰ ভৰ কিমান হ’ব? ৰাসায়নিক সংযােগৰ কোনটো বিধি তােমাৰ উত্তৰৰ ক্ষেত্ৰত প্রযােজ্য হ’ব?

উত্তৰ – কাৰ্বন আৰু অক্সিজেনৰ ভৰৰ অনুপাত 1:8 | এই অনুসৰি যদি 3.0g কার্বন ৪.00g অক্সিজেনৰে সৈতে দহন কৰা হয়, সদায়ে 11.00 g কার্বন ডাইঅক্সাইড উৎপন্ন হ’ব।

        গতিকে 3.0g কার্বন 50 .00g অক্সিজেনৰে সৈতে দহন কৰিলেও, 11.00g কার্বন ডাইঅক্সাইডে উৎপন্ন হ’ব। ইয়াত ৰাসায়নিক সংযোগৰ স্থিৰানুপাত বিধিটো প্ৰযোজ্য হৈছে ৷

3. বহুপাৰমাণৱিক আয়নবােৰ কি? উদাহৰণ দিয়া।

উত্তৰ – বহুপাৰমাণৱিক আয়ন হ’ল একাধিক পৰমাণুৰ আধানযুক্ত গোট ৷

    উদাহৰণ –এমনিয়াম (NH4+), হাইড্ৰ’ক্সাইড(OH)

4.তলত দিয়াবােৰৰ ৰাসায়নিক সংকেত লিখা।

(a)মেগনেছিয়াম ক্ল’ৰাইড

উত্তৰ –  MgCl2

(b)কেলছিয়াম অক্সাইড

উত্তৰ – CaO

(c)কপাৰ নাইট্ৰেট

উত্তৰ – Cu(NO3)2

(d) এলুমিনিয়াম ক্ল’ৰাইড

উত্তৰ – AlCl3

(e) কেলছিয়াম কাৰ্বনেট

উত্তৰ – CaCO3

5. তলৰ যৌগবোৰত থকা মৌলবোৰৰ  নাম লিখা –

(a) পোৰা চূণ

উত্তৰ – কেলছিয়াম আৰু অক্সিজেন (CaO)

(b)হাইড্ৰ’জেন ব্ৰ’মাইড

উত্তৰ – হাইড্ৰ’জেন আৰু ব্ৰ’মিন (HBr)

(c) বেকিং পাউদাৰ

উত্তৰ – ছডিয়াম, কাৰ্বন, হাইড্ৰ’জেন আৰু অক্সিজেন ( NaHCO3)

d) পটেছিয়াম ছালফেট

উত্তৰ – পটেছিয়াম, ছালফাৰ আৰু অক্সইজেন (K2SO4)

6. তলৰ পদার্থবোৰৰ ম’লাৰ ভৰ গণনা কৰা  

(a) ইথাইন,  C2H2

উত্তৰ – ইথাইনৰ ম’লাৰ ভৰ = 2 x Cৰ পাৰমাণৱিক ভৰ + 2 x Hৰ পাৰমাণৱিক ভৰ

                   = 2 x 12 + 2 x 1

                   = 24 + 2

                   = 26 g

(b) ছালফাৰ অণু, S8

উত্তৰ – ছালফাৰ অণুৰ ম’লাৰ ভৰ = 8 x S ৰ পাৰমাণৱিক ভৰ

                       = 8 x 32

                       = 256 g

(c) ফছফৰাছ অণু, P4 (ফছফৰাছৰ পাৰমাণৱিক ভৰ = 31)

উত্তৰ –  ফছফৰাছ অণুৰ ম’লাৰ ভৰ = 8 x P ৰ পাৰমাণৱিক ভৰ

                        = 4 x 31 g

                        = 124 g

(d) হাইড্রক্লৰিক এছিড, HCl

উত্তৰ –  হাইড্রক্লৰিক এছিড ম’লাৰ ভৰ = H ৰ পাৰমাণৱিক ভৰ + Clৰ পাৰমাণৱিক ভৰ

                        = 1 + 35.5 g

                        = 36.5 g

(e) নাইট্রিক এছিড, HNO3

উত্তৰ –  নাইট্রিক এছিডৰ ম’লাৰ ভৰ = H ৰ পাৰমাণৱিক ভৰ + Nৰ পাৰমাণৱিক ভৰ + 3 x Oৰ পাৰমাণৱিক ভৰ 

                       = 1 + 14 + 3 x 16    = 63 g

7. ভৰ কিমান
(a) 1 ল নাইট্রজেন পৰমাণুৰ?

উত্তৰ –  1 ম’ল নাইট্রজেন পৰমাণুৰ – 14 g

(b) 4 ল এলুমিনিয়াম পৰমাণু (এলুমিনিয়ামৰ পাৰমাণৱিক ভৰ = 27)?

উত্তৰ –  1 ম’ল এলুমিনিয়াম পৰমাণুৰ ভৰ = 27 g

            4 ম’ল এলুমিনিয়াম পৰমাণু   ভৰ    = 4 x  27

                                                                  = 108 g

(c) 10 ম’ল ডিয়াম ছালফাইট (Na2SO3)

উত্তৰ – 

 ছ’ডিয়াম ছালফাইট (Na2SO3)ৰ ম’লাৰ ভৰ =2 xNaৰ পাৰমাণৱিক ভৰ + Sৰ পাৰমাণৱিক  ভৰ + 3 x Oৰ পাৰমাণৱিক ভৰ

                              = 2 x 23 + 32 + 3 x 16

                              = 46 + 32 + 48

                              = 126 g

গতিকে,

   1 ম’ল ছ’ডিয়াম ছালফাইট (Na2SO3)ৰ ম’লাৰ ভৰ  = 126 g

   10 ম’ল ছ’ডিয়াম ছালফাইট (Na2SO3)ৰ ম’লাৰ ভৰ = 10 x 126 g

                                       = 126 g

8. মললৈ পৰিবৰ্তন কৰা ?
(a) 12g
অক্সিজেন গেছ

উত্তৰ –  অক্সিজেন গেছ (O2) ৰ ম’লাৰ ভৰ = 2 x 16 = 32 g

(b) 20 g পানী

উত্তৰ –              পানী(H2O) ৰ ম’লাৰ ভৰ = 2 x 1 + 16 =18 g

(c) 22g কার্বন ডাই অক্সাইড

উত্তৰ –     কার্বন ডাই অক্সাইড (CO2) ৰ ম’লাৰ ভৰ = 12 x 2 + 16 = 40 g

       গতিকে,

9. ভৰ কিমান?
(a) 0.2 ম’ল অক্সিজেন পৰমাণুৰ ?

উত্তৰ –   অক্সিজেনৰ পৰমাণৱিক ভৰ = 16 g

    গতিকে,

         1ম’ল অক্সিজেনৰ ভৰ   = 16 g

         0.2  ম’ল অক্সিজেনৰ ভৰ = 16 x 0.2 g

                          = 3.2 g


(b) 0.5 মল পানী অণুৰ ?

উত্তৰ –  পানীৰ  মলাৰ ভৰ = 2 x 1 + 16 g = 18 g

    গতিকে,

         1পানীৰ  ভৰ   = 18 g

         0.5  ম’ল অক্সিজেনৰ ভৰ = 18 x 0.5 g = 9 g

10. 16 g গােটা ছালফাৰত থকা ছালফাৰ অণু (S8) ৰ সংখ্যা গণনা কৰা।

উত্তৰ –  ছালফাৰ অণুৰ ম’লাৰ ভৰ = 8 x S ৰ পাৰমাণৱিক ভৰ

                       = 8 x 32

                       = 256 g

11. 0.05lg এলুমিনিয়াম অক্সাইডত থকা এলুমিনিয়াম আয়নৰ সংখ্যা গণনা কৰা।
(ইংগিত : আয়ন এটাৰ ভৰ একে মৌলৰ পৰমাণু এটাৰ ভৰৰ সৈতে একে। Al ৰ
পাৰমাণৱিক ভৰ = 27u)

উত্তৰ –  এলুমিনিয়াম অক্সাইড(Al2O3)ৰ ম’লাৰ ভৰ = 2 x 27 + 3 x 16

                                 = 54 + 48

                                 = 102 g

1 টা এলুমিনিয়াম অক্সাইডৰ আণুত  এলুমিনিয়াম আয়নৰ সংখ্যা = 2 টা

3 x 1020টা এলুমিনিয়াম অক্সাইড অণুত এলুমিনিয়াম আয়নৰ সংখ্যা = 2 x 3 x 1020 টা

                                              = 6 x 1020 টা

Read More:

অণু আৰু পৰমাণু – Notes

অধ্যায়- 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অধ্যায় – ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?

অধ্যায় ৩ অণু আৰু পৰমাণু

অধ্যায় ৪ পৰমাণুৰ গঠন

অধ্যায় ৫ জীৱৰ মৌলিক একক

অধ্যায় ৬ কলা

অধ্যায় ৭ জীৱৰ বিচিত্ৰতা

অধ্যায় ৮ – গতি

অধ্যায় ৯ বল আৰু গতি বিষয়ক সূত্ৰসমূহ

অধ্যায় ১০ – মহাকৰ্ষণ

অধ্যায় ১১ কাৰ্য আৰু শক্তি

অধ্যায় ১২ শব্দ

অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় ?

অধ্যায় ১৪ প্ৰাকৃতিক সম্পদ

অধ্যায় ১৫ খাদ্য সম্পদৰ উৎকৰ্ষ সাধন

বিজ্ঞান – দশম শ্ৰেণী ( NCERT – SEBA)

12 Replies to “অণু আৰু পৰমাণু”

Leave a Reply

Your email address will not be published. Required fields are marked *