ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, অধ্যায়- ২, এছিড ক্ষাৰক আৰু লৱণ পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷
এছিড ক্ষাৰক আৰু লৱণ – প্ৰশ্নাৱলী, Page No- 22
1. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় ?
উত্তৰ- দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে৷ এছিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰ’জেন গেছ আৰু ধাতৱ লৱণ উৎপন্ন হয়৷ দৈ আৰু টেঙা খাদ্যবস্তু পিতল বা তামৰ পাত্ৰত থলে পাত্ৰটোৰ ধাতু আৰু এছিডৰ মাজত বিক্ৰিয়া ঘটি খাদ্যখিনি নষ্ট হৈ যায় ৷ সেয়েহে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয়৷
2. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা৷ এই গেছটোৰ উপস্হিতি কিদৰে পৰীক্ষা কৰিবা?
উত্তৰ- এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰ’জেন গেছ নিৰ্গত হয়৷
উদাহৰণঃ- জিংকে লঘু ছালফিউৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰিলে জিংক ছালফেট আৰু হাইড্ৰ’জেন গেছ উপন্ন কৰে৷
H2SO4 + Zn → ZnSO4 + H2
পৰীক্ষা–

বিক্ৰিয়া আৰু দহনৰদ্বাৰা হাইড্ৰ’জেন গেছৰ পৰীক্ষা
এটা পৰীক্ষানলত 5ml মান লঘু ছালফিউৰিক এছিড লৈ তাত কেইটামান যিংকৰ টুকুৰা যোগ কৰা হ’ল৷ উদ্ভৱ হোৱা গেছক চিত্ৰত দেখুওৱাৰ দৰে চাবোন পানীৰ মাজেৰে পাৰ হ’বলৈ দিয়াত বুদ বুদৰ সৃষ্টি হোৱা দেখা গ’ল৷ জ্বলি থকা ম’ম এডাল গেছ ভৰ্তি বুদ বুদৰ ওচৰত আনিলে ফট্ ফট্ শব্দ কৰি গেছবিধ জ্বলা দেখা গ’ল৷
যিহেতু গেছবিধ ফট্ ফট্ শব্দ কৰি জ্বলিছে, সেয়েহে কব পাৰি যে উৎপন্ন হোৱা গেছ বিধ হাইড্ৰ’জেন গেছ৷
3. এটা ধাতৱ যৌগ ‘A’ লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰে সেতে বিক্ৰিয়া কৰি বুৰবুৰনি সৃষ্টি কৰে৷ উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায়৷ বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা৷
উত্তৰ-
যৌগ ‘A’- কেলছিয়াম কাৰ্বনেট
বিক্ৰিয়া–
কেলছিয়াম কাৰ্বনেট + লঘু হাইড্ৰ’ক্ল’ৰিক এছিড → কেলছিয়াম ক্ল’ৰাইড + কাৰ্বন ডাই অক্সাইড + পানী
CaCO3(s) + 2HCl(aq) → CaCl2(aq) + CO2(g) + H2O(l)
প্ৰশ্নাৱলী, Page No- 25
1. জলীয় দ্ৰৱত HCl, HNO3, ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায়?
উত্তৰ- জলীয় দ্ৰৱত HCl, HNO3 আদিয়ে H+ বা H3O+ আয়ন উৎপন্ন কৰে৷ এলক’হল আৰু গ্লুক’জৰ দৰে যৌগত H+ বা H3O+ আয়ন উৎপন্ন নহয়৷ সেয়েহে জলীয় দ্ৰৱত HCl, HNO3, ইত্যাদিয়ে আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায়৷
2. এছিড এটাৰ জ্বলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?
উত্তৰ- দ্ৰৱ এটাত বিদ্যুৎ প্ৰবাহ আয়নৰ জৰিয়তে হয়৷ যিহেতু এছিড এটাৰ জলীয় দ্ৰৱত H+ বা H3O+ আয়ন উৎপন্ন হয় সেয়েহে এছিড এটাৰ জ্বলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে ৷
3. শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়?
উত্তৰ- এছিডে অকল জলীয় দ্ৰৱতহে H+ বা H3O+ আয়ন উৎপন্ন কৰে৷ যিহেতু শুকান HCl গেছত H+ বা H3O+ আয়ন নাথাকে সেয়েহে শুকান HCl গেছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়৷
4. এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?
উত্তৰ- পানীত এছিড দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো এটা অতিশয় তাপবৰ্জী প্ৰক্ৰিয়া৷ যদি পানী গাঢ় এছিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লাগিব পাৰে৷ অত্যাধিক স্হানীয় তাপোৎপাদনৰ বাবে কাঁচৰ পাত্ৰ হ’লে পাত্ৰটো ভাগিবো পাৰে৷ সেয়েহে দূৰ্ঘটনা ৰোধ কৰিবলৈ এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় ৷
5. এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰ’নিয়াম আয়ন(H3O+)ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয়?
উত্তৰ- এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰ’নিয়াম আয়ন(H3O+)ৰ গাঢ়তা প্ৰতি একক আয়তনত হ্ৰাস পায়৷
6. ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন(OH–)ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ’ৱ?
উত্তৰ– ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন(OH–)ৰ গাঢ়তা প্ৰতি একক আয়তনত বৃদ্ধি পাব৷
এছিড ক্ষাৰক আৰু লৱণ – প্ৰশ্নাৱলী, Page No- 28
1. তোমাৰ হাতত A আৰু Bটা দ্ৰৱ আছে৷ দ্ৰৱ Aৰ PHৰ মান 6 আৰু দ্ৰৱ Bৰ PHৰ মান 8 ৷ কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?
উত্তৰ- দ্ৰৱ Aত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি৷
দ্ৰৱ A আম্লিক আৰু দ্ৰৱ B ক্ষাৰকীয়৷
2. দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H+(aq) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে?
উত্তৰ- যদি দ্ৰৱ এটাত প্ৰতি একক আয়তনত H+(aq) আয়নৰ গাঢ়তাৰ বৃদ্ধি পায় তেনেহ’লে দ্ৰৱটোৰ এছিড প্ৰকৃতিৰ তীব্ৰতা বৃদ্ধি পাব৷ আনহাতে যদি দ্ৰৱটোৰ প্ৰতি একক আয়তনত H+(aq) আয়নৰ গাঢ়তাৰ হ্ৰাস পায় তেনেহ’লে দ্ৰৱটোৰ এছিড প্ৰকৃতিৰ তীব্ৰতাও হ্ৰাস পাব৷
3. ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয়?
উত্তৰ- ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকে, কিন্তু OH– আয়নৰ তুলনাত H+(aq) কম থাকে৷ সেয়েহে ইহঁত ক্ষাৰকীয়৷
4. মাটিত কি অৱস্হাত কৃষক এজনে পোৰা চোণ(কেলছিয়াম হাইড্ৰ,ক্সাইড) বা চক(কেলছিয়াম কাৰ্নেট) প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা?
উত্তৰ- যদি কৃষকজনৰ মাটিদৰা এছিড ধাৰ্মিক হয় তেনেহ’লে মাটিদৰা আম্লিক কৰিবলৈ তেঁও পোৰা চোণ(কেলছিয়াম হাইড্ৰ,ক্সাইড) বা চক(কেলছিয়াম কাৰ্নেট) প্ৰয়োগ কৰিব৷
প্ৰশ্নাৱলী, Page No- 33
1. যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি?
উত্তৰ- যৌগ CaOCl2 ৰ সাধাৰণ নামটো হ’ল ব্লিচিং পাউদাৰ৷
2. ক্ল’ৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা৷
উত্তৰ- ক্ল’ৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম হ’ল কেলছিয়াম হাইড্ৰ’ক্সাইড বা শিথিলিত চূণ [Ca(OH)2] |
3. কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা৷
উত্তৰ- কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম হ’ল কাপোৰ ধোৱা চ’ডা(Na2CO3.10H2O)|
4. ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া৷
উত্তৰ- ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে ছ’ডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়৷
2NaHCO3 __তাপ___> Na2CO3 + H2O + CO2
5. প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখোৱাবলৈ এটা সমীকৰণ লিখা৷
উত্তৰ- প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়া সংঘটিত হ’লে জিপছাম উৎপন্ন হয়৷
CaSO4.½H2O + 1½H2O → CaSO4.2H2O
দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক
অনুশীলনী
5. সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া–
a) লঘু ছালফিউৰিক এছিডে জিংকৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে ৷
উত্তৰ- লঘু ছালফিউৰিক এছিড + জিংক → জিংক ছালফেট + হাইড্ৰ’জেন গেছ
H2SO4(aq) + Zn(s) → ZnSO4(aq) + H2(g)
b) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্ৰিয়া কৰে ৷
উত্তৰ- লঘু হাইড্ৰ’ক্ল’ৰিক এছিড + মেগনেছিয়াম → মেগনেছিয়াম ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ
2HCl(aq) + Mg(s) → MgCl2(aq) + H2(g)
c) লঘু ছালফিউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্ৰিয়া কৰে ৷
উত্তৰ- লঘু ছালফিউৰিক এছিড + এলুমিনিয়াম → এলুমিনিয়ান ছালফেট + হাইড্ৰ’জেন গেছ
3H2SO4(aq) + 2Al(s) → Al2(SO4)3(aq) + 3H2(g)
d) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে ৷
উত্তৰ- লঘু হাইড্ৰ’ক্ল’ৰিক এছিড + আইৰন → আইৰন ট্ৰাই ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ
6HCl(aq) + 2Fe(s) → 2FeCl3(aq) + 3H2(g)
6. এলক’হল আৰু গ্লুক’জৰ দৰে যৌগবোৰটো হাইড্ৰ’জেন থাকে৷ কিন্তু সিহঁতক এছিড হিচাপে শ্ৰেণীভূক্ত কৰা হোৱা নাই৷ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা ৷
উত্তৰ-

এটা কৰ্কৰ ওপৰত দুটা গজাল মাৰি কৰ্কটো 100ml বিকাৰ এটাত ৰখা হ’ল৷ ছিত্ৰত দেখুওৱাৰ দৰে গজাল দুটা, বাল্ব এটা আৰু ছুইচ এটাৰ মাজেৰে 6 ভল্ট বেটাৰী এটাৰ মূৰ দুটাৰে সৈতে সংযোগ কৰা হ’ল৷ বিকাৰটোত অলপ লঘু HCl ঢালি ছুইচটো টিপি বিদ্যুৎ প্ৰবাহ চালিত কৰা হ’ল৷ দেখা গ’ল যে বাল্বটো জ্বলি উঠিল৷
এইবাৰ লঘু HClৰ ঠাইত এলক’হল আৰু গ্লুক’জ দি পৃথকে পৃথকে একেটা পৰীক্ষা কৰা হ’ল৷ এইবাৰ বাল্বটো জ্বলি নুঠিল৷
অৰ্থৎ, লঘু HClৰ দ্ৰৱত H+(aq) আয়ন থকাৰ বাবে বিদ্যুৎ প্ৰবাহ হ’ল কিন্তু এলক’হল বা গ্লুক’জৰ দ্ৰৱত H+(aq) আয়ন নথকা বাবে বিদ্যুৎ প্ৰবাহ নহল৷
যিহেতু, এলক’হল আৰু গ্লুক’জৰ দৰে যৌগবোৰৰ দ্ৰৱত H+(aq) আয়ন উৎপন্ন নকৰে সেয়েহে
সিহঁতক এছিড হিচাপে শ্ৰেণীভূক্ত কৰা হোৱা নাই৷
7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়?
উত্তৰ- পাতিত পানিত কোনো ধৰণৰ আয়ন নাথাকে ৷ আনহাতে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ থকা লৱণৰ বাবে আয়ন পোৱা যায়৷ সেয়েহে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে৷
8. পানীৰ অনুপস্হিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়?
উত্তৰ- পানীৰ অনুপস্হিতিত এছিডে H+ বা H3O+ আয়ন উৎপন্ন কৰিব নোৱাৰে৷ সেয়েহে পানীৰ অনুপস্হিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে৷
9. পাঁচটা দ্ৰৱ A, B, C, D, আৰু E ক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল৷ কোনটো দ্ৰৱ
(a) প্ৰশম
(b) তীব্ৰ ক্ষাৰকীয়
(c) তীব্ৰ আম্লিক
(d) মৃদু আম্লিক
(e) মৃদু ক্ষাৰকীয়
হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pH মানবোৰ সজোৱা৷
উত্তৰ– (a) প্ৰশম – দ্ৰৱ D
(b) তীব্ৰ ক্ষাৰকীয় – দ্ৰৱ C
(c) তীব্ৰ আম্লিক – দ্ৰৱ B
(d) মৃদু আম্লিক- দ্ৰৱ A
(e)মৃদু ক্ষাৰকীয় – দ্ৰৱ E
হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pH মানবোৰ সজোৱা হ’ল- 11< 9< 7< 4< 1
10. পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল৷ পৰীক্ষানল A ত হাইড্ৰ’ক্লৰিক এছিড(HCl) আৰু পৰীক্ষানল Bত এচেটিক এছিড যোগ কৰা হ’ল৷ এছিড দুটাৰ গাঢ়তা একে একে পৰিমাণেই লোৱা হৈছে৷ কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰনি ওলাব আৰু কিয়?
উত্তৰ- পৰীক্ষানল Aত বেছি বেগেৰে বুৰবুৰনি ওলাব৷ কাৰণ পৰীক্ষানল Aত থকা হাইড্ৰ’ক্লৰিকএছিড(HCl)ৰ তীব্ৰতাপৰীক্ষানল Bত থকা এচেটিক এছিডত কৈ বেছি৷ হাইড্ৰ’ক্লৰিক এছিডে এচেটিক এছিডত কৈ বেছি হাড্ৰ’জেন গেছ উৎপন্ন কৰে৷
11. কেঁচা গাখীৰৰ pH ৰ মান 6৷ ই দৈত পৰিণত হ’লে সলনি হ’বনে? ব্যাখ্যা কৰা৷
উত্তৰ- কেঁচা গাখীৰৰ pHৰ মান 6৷ ই দৈত পৰিণত হ’লে ক্ৰমান্বয়ে কমিব৷ কাৰণ দৈ এছিড ধৰ্মীয় হয়৷ কেঁচা গাখীৰ যিমানে দৈলৈ পৰিবৰ্তন হ’ব সিমানে pH ৰ মান কমিব৷
12. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমানৰ বেকিং ছ’ডা যোগ কৰিলে৷
(a) কিয় তেঁও কেঁচা গাখীৰৰ pHৰ মান 6ৰ পৰা সমান্যভাৱে ক্ষাৰকিয় কৰি ল’লে৷
উত্তৰ- এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমানৰ বেকিং ছ’ডা যোগ কৰিলে৷ তেঁও কেঁচা গাখীৰৰ pHৰ মান 6ৰ পৰা সমান্যভাৱে ক্ষাৰকিয় কৰি ল’লে৷ এনে কৰিলে তেঁওৰ গাখীৰখিনি দৈত পৰিণত হ’বলৈ অধিক সময়ৰ প্ৰয়োজন হ’ব৷ তেঁও গাখীৰখিনি বিক্ৰী কৰিবলৈ অধিক সময় পাব৷
(b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয়?
উত্তৰ- যিহেতু গোৱালজনে গাখীৰত বেকিং ছ’ডা যোগ কৰি সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে সেয়েহে গাখীৰ খিনি দৈলৈ পৰিণত হোৱা প্ৰক্ৰিয়াত উৎপন্ন হোৱা এছিডক অতিৰিক্ত ক্ষাৰকে প্ৰশমিত কৰিব৷ সেইবাবে এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময়লাগে৷
13. প্লষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে৷ কিয়? ব্যাখ্যা কৰা৷
উত্তৰ- প্লষ্টাৰ অব পেৰিছ পানীৰ সংস্পৰ্শলৈ আহিলে ই জিপছামলৈ পৰিৱৰ্তিত হৈ টান গোটা পদাৰ্থত পৰিণত হয়৷
CaSO4.½H2O + 1½H2O → CaSO4.2H2O
এনে হ’লে ই ব্যৱহাৰ উপযোগী হৈ নাথাকে৷ সেয়েহে প্লষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে৷
14. প্ৰশমন বিক্ৰিয়া কি? দুটা উদাহৰণ দিয়া৷ কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা৷
উত্তৰ- এছিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয়৷ এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে৷
উদাহৰণ–
i) ছ’ডিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’ক্ল’ৰিক এছিডৰ মাজত বিক্ৰিয়া হ’লে ছ’ডিয়াম ক্ল’ৰাইড আৰু পানী উৎপন্ন হয়৷
NaOH(aq) + HCl(aq) → NaCl(aq) + H2O(l)
ii) নাইট্ৰিক এছিডে পটেছিয়াম হাইড্ৰ’ক্সাইডৰ লগত বিক্ৰিয়া কৰিলে পটেছিয়াম নাইট্ৰেট আৰু পানী উৎপন্ন হয়৷
HNO3(aq) + KOH(aq) → KNO3(aq) + H2O(l)
কাপোৰ ধোৱা ছ’ডাৰ ব্যৱহাৰ –
i) ছ’ডিয়াম কাৰ্বনেট(কাপোৰ ধোৱা ছ’ডা) কাঁচ, চাবোন আৰু কাগোজ উদ্যোগত ব্যৱহাৰ কৰা হয়৷
ii) ছ’ডিয়াম কাৰ্বনেট ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰিব পাৰি৷
বেকিং ছ’ডাৰ ব্যৱহাৰ –
i) বেকিং ছ’ডা ব্যৱহাৰ কৰি বেকিং পাউদাৰ প্ৰস্তুত কৰা হয়৷
ii) ইয়াক ছ’ডা-এছিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়৷
NCERT সমাধান – বিজ্ঞান – দশম শ্ৰেণী
অধ্যায় ১ – ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
অধ্যায় ৫ -মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
অধ্যায় ৬- জীৱন প্ৰক্ৰিয়া
অধ্যায় ৭- নিয়ন্ত্ৰণ আৰু সমন্বয়
অধ্যায় ৮ – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
অধ্যায় ৯ – বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায়-১০ পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
অধ্যায় ১১- মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
অধ্যায়-১৩ বিদ্যুত- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
অধ্যায়- ১৬ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা
For Current Affairs, Please click here….