অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ, ইতিহাস খণ্ডৰ অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

১। আনন্দৰাম ঢেকিয়াল ফুকনে ১৮৫৩ চনত মফট মিলছক দিয়া আৰ্জিত কি লিখিছিল ?

উত্তৰ – আনন্দৰাম ঢেকিয়াল ফুকনে ১৮৫৩ চনত মফট মিলছক দিয়া আৰ্জিত লিখিছিল যে ব্ৰিটিছে প্ৰৱৰ্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাতকৈ বহু বেছি আছিল ৷ তেঁও উল্লেখ কৰিছিল যে ১৮৫১ চনত কামৰূপ আৰু দৰঙৰ কোনো অঞ্চলত এনে অৱস্থাৰ সৃষ্টি হৈছিল যে মাক-দেউতাকে পৰিয়ালৰ মূল্যৱান গহনা-গাঠৰিৰ উপৰি নিজৰ ল’ৰা-ছোৱালীকো কেইমুঠিমান চাউলৰ বাবে বিক্ৰী কৰিবলৈ বাধ্য হৈছিল ৷

২। ইংৰাজে অসমত  দাস প্ৰথাৰ বিলুপ্তি কেতিয়া ঘটাইছিল ?

উত্তৰ –  ইংৰাজে অসমত ১৮৪৮ চনত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল ৷

৩।  ভাৰতীয় সৈন্যয় মিৰাটত কেতিয়া বিদ্ৰোহ ঘোষণা কৰিছিল ?

উত্তৰ – ১৮৫৭ চনৰ ১০ মে’ তাৰিখে ভাৰতীয় সৈন্যয় মিৰাটত বিদ্ৰোহ ঘোষণা কৰিছিল ৷

৪। ভাৰতীয় সৈন্যই মিৰাটত প্ৰথমবাৰৰ বাবে বিদ্ৰোহ ঘোষণা কৰাৰ সময়ত মাণিৰাম দেৱানে কাৰ লগ লাগি অসমৰপৰা ইংৰাজক খেদাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল ?

উত্তৰ – ভাৰতীয় সৈন্যই মিৰাটত প্ৰথমবাৰৰ বাবে বিদ্ৰোহ ঘোষণা কৰাৰ সময়ত মাণিৰাম দেৱানে মধুমল্লিক নামৰ এজন মুক্তিয়াৰৰ লগ লাগি অসমৰপৰা ইংৰাজক খেদাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল ৷

৫। মণিৰাম দেৱানে ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বিষয়ে লিখা চিঠি কোনে আৰু কেতিয়া ধৰা পেলাবলৈ সক্ষম হৈছিল ?

উত্তৰ –  মণিৰাম দেৱানে ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বিষয়ে লিখা চিঠি ১৮৫৭ চনৰ ছেপ্টেম্বৰ মাহৰ আগভাগত শিৱসাগৰৰ প্ৰিন্সিপাল এছিছটেণ্ট কেপ্টেইন হলৰইডে ধৰা পেলাবলৈ সক্ষম হৈছিল ৷

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement

৬। মণিৰাম দেৱানক ১৮২৬ চনত ইংৰাজ চৰকাৰে কি পদত নিযুক্তি দিছিল ?

উত্তৰ – মণিৰাম দেৱানক ১৮২৬ চনত ইংৰাজ চৰকাৰে চিৰস্তাদাৰ পদত নিযুক্তি দিছিল ৷

৭। কৃষক ৰাইজে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে  কৰা অসমৰ প্ৰথম বিদ্ৰোহ কোনটো আছিল ?

উত্তৰ – কৃষক ৰাইজে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে  কৰা অসমৰ প্ৰথম বিদ্ৰোহটো হৈছে ফুলগুৰি ধাবা ৷

৮। ফুলগুৰিৰ ধাবা সংঘটিত হোৱা সময়ত নগাঁৱৰ উপায়ুক্ত কোন আছিল ?

উত্তৰ – ফুলগুৰিৰ ধাবা সংঘটিত হোৱা সময়ত নগাঁৱৰ উপায়ুক্ত আছিল লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্স ৷

৯। অসাম ৰায়ত কি ?

উত্তৰ – অসমত ১৮৯৩ চনৰ ডিচেম্বৰ মাহৰপৰা আৰম্ভ হোৱা ঊনবিংশ শতিকাৰ শেষ দশকৰ কৃষক বিদ্ৰোহলানীক আসাম ৰায়ত নামে খ্যাত হৈছিল ৷

১০। জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিঙৰ পৰা ইংৰাজৰ হাতলৈ কেতিয়া গৈছিল ?

উত্তৰ – জয়ন্তীয়া ৰাজ্য ১৮৩৫ চনত ৰজা ৰাজেন্দ্ৰ সিঙৰ পৰা ইংৰাজৰ হাতলৈ গৈছিল ৷

১১। জয়ন্তিয়া সকলে কোন চনত জোৱাইত থকা ব্ৰিটিছৰ ছাউনিত আক্ৰমণ কৰিছিল ?

উত্তৰ – জয়ন্তিয়া সকলে ১৮৬২ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে জোৱাইত থকা ব্ৰিটিছৰ ছাউনিত আক্ৰমণ কৰিছিল ৷

১২।  মণিপুৰৰ ৰজা সুৰচন্দ্ৰক কোনে আৰু কেতিয়া সিংহাসনচ্যুত কৰি নিজেই ৰজা হৈছিল ?

উত্তৰ – মণিপুৰৰ ৰজা সুৰচন্দ্ৰক যুৱৰাজ কুলচন্দ্ৰই সিংহাসনচ্যুত কৰি ২১ চেপ্টেম্বৰ, ১৮৯০ চনত নিজেই ৰজা হৈছিল ৷

Read More :

অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ (অনুশীলনী )

ইতিহাস –

অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায় ২ – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ পৃথিৱীৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান –

অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ৰাজনীতি বিজ্ঞান –

ধ্যায়- ১ ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement

7 Replies to “অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *