অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, ইতিহাস খণ্ডৰ অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ (Anti-British Rising and Peasant Revolts in Assam ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – অনুশীলনী

অতি চমু উত্তৰৰ প্রশ্ন  ঃ

১।  ব্রিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল ?

উত্তৰ – ব্রিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমত ৰাজহ সংগ্ৰহৰ পদ্ধতিত  টকা বা মুদ্ৰাৰ সংযোজন কৰা হৈছিল ৷

২। কোন চনত মফট মিলচ অসমলৈ আহিছিল ?

উত্তৰ – ১৮৫৩ চনত মফট মিলচ অসমলৈ আহিছিল ৷

৩। কেঞাসকল কোন আছিল ?

উত্তৰ – কেঞাসকল আছিল বাহিৰাগত মাৰোৱাৰী মহাজন ৷

৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

উত্তৰ – অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব মণিৰাম দেৱানে দিছিল ৷

৫। ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল ?

উত্তৰ – ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে আহোম ৰাজকোঁৱৰ কন্দপেৰ্শ্বৰ সিংহক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল ৷

৬। মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল ?

উত্তৰ – মণিৰাম দেৱানক মধু মল্লিকে সহায় কৰিছিল ৷

৭। মণিৰাম দেৱানৰ লগত আৰু কোন ফাচীকাঠত ওলমিব লগা হৈছিল ?

উত্তৰ – মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱা ফাচীকাঠত ওলমিব লগা হৈছিল ৷

৮। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ?

উত্তৰ – কেপ্টেইন হলৰইডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ৷

৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰ – অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ তলত উল্লেখ কৰা হ’ল –

(i) অসমত বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰিয়া আছিল ৷

(ii) বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল কিয়নো তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল ৷

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

Advertisement

১০। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ?

উত্তৰ – ১৮৫৮ চনত টিকট কৰ আৰু  ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ৷

১১। ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা।

উত্তৰ – ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ –

(i)  ব্ৰিটিছ চৰকাৰে আৰোপ কৰা অত্যাধিক কৰ ৷

(ii) প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, অনাবৃষ্টি, মাহামাৰী আদি ৷

১২। লেফটেনেন্ট ছিংগাৰ কোন আছিল ?

উত্তৰ – ১৮৬১ চনৰ ফুলগুৰি ধাৱাৰ সময়ত লেফটেনেন্ট ছিংগাৰ নগাঁওৰ সহকাৰী উপায়ুক্ত আছিল ৷

১৩। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ – ফুলগুৰিৰ ধাৱা ১৮৬১ চনত সংঘটিত হৈছিল ৷

১৪। ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ – ৰঙিয়াৰ কৃষক বিদ্রোহ ১৮৯৩ চনত সংঘটিত হৈছিল ৷

১৫। লচিমা ক’ত অৱস্থিত ?

উত্তৰ – অসমৰ উত্তৰ কামৰূপৰ বজালী অঞ্চলত লচিমা অৱস্থিত ৷

১৬। লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ – লচিমাৰ কৃষক বিদ্রোহ ১৮৯৪ চনত সংঘটিত হৈছিল ৷

১৭। পথৰুঘাটৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল ?

উত্তৰ – পথৰুঘাটৰ কৃষক বিদ্রোহ ১৮৯৪ চনত হৈছিল ৷

১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

উত্তৰ – ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিয়া নেতাজন উকিয়াংনবা ৷

১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

উত্তৰ – ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব শম্ভুধন ফংলোচাই দিছিল ৷

২০। টিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ?

উত্তৰ – টিকেন্দ্রজিতক ব্ৰিটিছ চৰকাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ৷

২১। জে ডব্লিউ কুইণ্টনক কোন চনত হত্যা কৰিছিল ?

উত্তৰ – জে ডব্লিউ কুইণ্টনক ১৮৯১ চনত চনত হত্যা কৰিছিল ৷

দীঘল  উওৰৰ প্রশ্ন :

১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰ – ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ আৰম্ভ হৈছিল ভাৰতীয় চিপাহীসকলৰ বিদ্ৰোহেৰে ৷ অসমত ১৮৫৭ৰ বিদ্ৰোহ সূত্ৰপাত হোৱা বিভিন্ন কাৰণ আছে ৷ এই কাৰণবোৰ ইয়াত বিশ্লেষণ কৰা হ’ল –

           অসমত ব্রিটিছ চৰকাৰে প্রবর্তন কৰা টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটল সংগ্রহৰ ব্যৱস্থাই অসমীয়া প্রজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল আৰু ব্রিটিছ চৰকাৰৰ শোষণ দিনক দিনে বৃদ্ধি পাই আহিছিল।

         ব্রিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্রা অর্থনীতিয়ে অসমীয়া সর্বসাধাৰণ মানুহৰ মনত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এই মুদ্রা অর্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্রেণীৰ সৃষ্টি কৰিছিল আৰু অসমীয়া প্ৰজাই এই সুদখোৰ মহাজন শ্ৰেণীৰপৰা টকা ধাৰলৈ লৈ হ’লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল। সেই সময়ত অসমৰ গাঁওসমূহ আত্মনিৰ্ভৰশীল আছিল আৰু উৎপন্ন বস্তু বেচি ধন ঘটাৰ সুবিধা একেবাৰেই নাছিল। তদুপৰি বজাৰ-সমাৰৰ সীমাবদ্ধতাই অসমীয়া প্ৰজাক জুৰুলা কৰি তুলিছিল।

           ব্রিটিছ চৰকাৰে কৃষি কার্য উন্নয়নৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত অসমত বতৰ প্রতিকূল হলেই খাদ্য শস্য উৎপাদনত বিঘিনি ঘটিছিল আৰু অৱধাৰিতভাৱেই অসমীয়া প্রজাগণ দুর্ভিক্ষৰ কবলত পৰিছিল। ১৮৫১ চনত কামৰূপ আৰু দৰঙৰ কোনো অঞ্চলত এনে অৱস্থাৰ সৃষ্টি হৈছিল যে মাক-দেউতাকে পৰিয়ালৰ মূল্যৱান গহনা-গাঠৰিৰ উপৰি নিজৰ ল’ৰা-ছোৱালীকো কেইমুঠিমান চাউলৰ বাবে বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। ইফালে কলেৰা আৰু বসন্তই উজনি অসমত মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল।

              তদুপৰি ইংৰাজে ঊনবিংশ শতিকাত উজনি অসমত চাহ খেতিয়কক উৎসাহিত কৰিবলৈ চাহ বাগিচাৰ অন্তৰ্গত ভূমিৰ ৰাজহ ৰেহাই দিছিল। ফলস্বৰূপে ভূমি ৰাজহৰ বোজা দুখীয়া সাধাৰণ কৃষকে বহন কৰিবলগীয়া হৈছিল।

             আহোম ৰাজত্বৰ দিনৰপৰাই অসমৰ পাট-মুগাৰ ভাৰতবৰ্ষত এক বিশেষ বজাৰ আছিল কিন্তু ব্রিটিছ শাসনে বিলাতী বস্ত্ৰৰ আমদানিত পৃষ্ঠপোষকতা কৰাত অসমীয়া এই কুটীৰ শিল্পৰ লগত জড়িত মানুহখিনিৰ অৱস্থা শোচনীয় হৈ পৰিছিল।

              অভিজাত শ্ৰেণীৰ লোকসকলৰো যে ব্রিটিছৰ অধীনত অৱস্থা ভাল আছিল সেইটো ক’ব নোৱাৰি। আহোম সামন্তীয় শ্ৰেণীটোৰ কিছুসংখ্যক লোকে আৰম্ভণিৰেপৰা ব্রিটিছ শাসনৰ লগত জড়িত হ’বলৈ চেষ্টা কৰিছিল যদিও আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱা বাবে গৰিষ্ঠসংখ্যকেই নতুন প্রশাসনত অংশ ল’বলৈ সক্ষম হোৱা নাছিল। আনহাতে, ইংৰাজ শাসকেও প্রশাসন চলাবলৈ বংগদেশৰপৰা বাঙালী শিক্ষিত লোকক আমদানি কৰিবলৈ বাধ্য হৈছিল। ফলস্বৰূপে অসমৰ আহোম শাসনৰ দিনৰ ডা-ডাঙৰীয়াসকলে দ্রুত হাৰত কর্মসংস্থান হেৰুৱাবলৈ আৰম্ভ কৰিছিল। ইফালে প্রশাসনত নতুনকৈ নিয়োজিত বাঙালী বাবুসকলে ক্রমান্বয়ে অসমৰ প্রশাসনিক জীৱনত প্রভুত্ব বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছিল।

               তদুপৰি আহোম ৰাজত্ব কালত অসমৰ অভিজাত শ্ৰেণীটোৱে লগুৱা-লিকছৌ, বান্দী-বেটী আদিৰ সেৱা-শুশ্রুষাৰে এক বিলাসী তথা আৰামৰ জীৱন যাপন কৰিছিল। কিন্তু ১৮৪৩ চনত অসমত ইংৰাজে দাস প্রথাৰ বিলুপ্তি ঘটোৱাত ব্রাহ্মণ, পুৰোহিত বা অন্যান্য অভিজাত শ্ৰেণীৰ ব্যক্তিসকলে তেওঁলোকৰ খাট-পাম তথা কৃষিকৰ্মত শাৰীৰিক শ্রম কৰা মানুহৰ অভাৱ অনুভৱ কৰিবলৈ লৈছিল। এই শ্রেণীটোৱে স্বাভাৱিকতেই সামাজিক মর্যাদা আৰু প্রতিপত্তি হেৰুৱাই নতুন শাসন ব্যৱস্থাৰ প্রতি অসন্তুষ্ট হৈ পৰিছিল।

               আনহাতে, অসমত নতুনকৈ খোলা চাহ বাগিচাসমূহত বনুৱাৰ যোগান ধৰিবলৈহে অভিজাত শ্রেণীৰ কবলৰপৰা লগুৱা-লিকচৌৰ  শ্ৰেণীটোক মুক্ত কৰিছিল। তেওঁলোকৰ উন্নয়নৰ বাবে কোনো তাৎক্ষণিক ব্যৱস্থা গ্রহণ কৰা নাছিল। গতিকে এই শ্রেণীটোও ইংৰাজ শাসনৰ প্রতি সন্তুষ্ট আছিল বুলি ক’ব নোৱাৰি।

                 এইবোৰ কাৰণতে ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ সূচনা হৈছিল ৷

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

Advertisement

২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰ – মণিৰাম দেৱান আৰু অসমৰ পূৰণি অভিজাত শ্ৰেণীৰ কিছু লোকে অসমৰ পৰা ব্রিটিছ শাসন ওফৰোৱাৰ লগতে প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দপেশ্বৰসিংহক সিংহাসনত প্রতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰৰ পুনৰ প্রতিষ্ঠা কৰাৰ সপোন দেখিছিল। যেতিয়া মিৰাটত প্ৰথমবাৰৰ বাবে ভাৰতীয় সৈন্যই বিদ্রোহ ঘোষণা কৰিছিল সেই সময়ত মণিৰাম দেৱানে এজন আহোম ৰাজকোৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্র প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁ কলিকতালৈ ব্রিটিছ চৰকাৰক এখন আর্জি পেচ কৰিবলৈ গৈছিল।

                  কলিকতাত মণিৰাম দেৱানে মধুমল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰৰ লগ লাগি অসমৰপৰা ইংৰাজক খেদোৱাৰ ষড়যন্ত্র ৰচনা কৰিছিল। বাহাদুৰ গাঁওবুঢ়া, ফর্মুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াম নাজিৰ আদি অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে মণিৰাম দেৱানৰ আহ্বানৰ প্রতি সঁহাৰি জনাইছিল। এইটো ঠিক হৈছিল যে আহোম কোৱৰ কন্দপেশ্বৰ সিংহৰ অধীনত অসমৰ চিপাহীসকলে বিদ্রোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্র-শস্ত্রসহ কলিকতাৰপৰা আহি সহায়ৰ হাত আগবঢ়াব।

                  কিন্তু ১৮৫৭ চনৰ ছেপ্টেম্বৰ মাহৰ আগভাগত শিৱসাগৰৰ প্রিন্সিপাল এছিছটেণ্ট কেপ্টেইন হলৰইডে মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ । সক্ষম হয়, যত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্রৰ উল্লেখ আছিল। কেপ্টেইন হলৰইডৰ আহ্বানত কেপ্টেইন লউডাৰে  ছেপ্টেম্বৰৰ ৭ তাৰিখে কন্দপেশ্বৰ সিংহক আটক কৰে। আহোম ৰাজকোৱৰক কলিকতালৈ পঠিয়াই আলিপুৰ জেইলত বন্দী কৰি ৰখা হয়।

                কন্দপেশ্বৰ সিংহৰ গ্ৰেপ্তাৰৰ পিছতেই কলিকতাত মণিৰাম দেৱানক গ্রেপ্তাৰ কৰি  ডিচেম্বৰ মাহত যোৰহাটলৈ প্ৰেৰণ কৰা হয়। কেপ্টেইন হলৰইডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্রৰ বাবে দোষী সাব্যস্ত কৰে আৰু ফাঁচীৰ হুকুম জাৰি কৰে। সেই অনুযায়ী ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত দুয়োজনকে ফাঁচী দিয়া হয়।

৩। কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহ ব্যর্থ হৈছিল আলোচনা কৰা।

উত্তৰ – অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহ ব্যর্থ হোৱা কাৰণসমূহ তলত আলোচনা কৰা হ’ল –

(i) অসমৰ বিদ্রোহীসকলৰ সংখ্যা অতি তাকৰিয়া আছিল। মণিৰাম দেৱানৰ সমর্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল।

(ii)  বিদ্ৰোহৰ নেতাসকলৰ সময়  জ্ঞান নাছিল ৷  (তওঁলোকে প্রস্তুতি সম্পূর্ণ কৰিও সময়ত কার্যকৰী কৰা নাছিল।

(iii) বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্রোহীৰপৰা বহু যোজন দুৰৈত অৱস্থান কৰিছিল। সেই সময়ৰ পৰিপ্ৰেক্ষিতত কলিকতা অসমৰপৰা বহু দূৰৈত আছিল আৰু তাৰপৰা চিঠি পত্ৰৰ যোগেদি বা আদেশ পঠিয়াই বিদ্রোহ পৰিচালিত কৰাটো বাস্তবসম্মত নাছিল।

(iv) সমাজৰ প্ৰতিটো শ্রেণীৰ মানুহকে বিদ্রোহত জড়িত কৰিবলৈ মণিৰাম দেৱান তথা তেখেতৰ সহযোগীসকলে কোনো প্রচেষ্টা হাতত লোৱা নাছিল। নগাঁও আৰু গুৱাহাটীত অসমৰ নতুন মধ্যবিত্ত শ্রেণীৰ লোকসকল বিদ্ৰোহৰ প্ৰতি অলপো সহানুভূতিশীল নাছিল।

(v) অসমৰ বিদ্রোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যর্থ হৈছিল। ফলস্বৰূপে সমগ্ৰ পৰিকল্পনা ব্রিটিছ চৰকাৰৰ অৱগত হৈছিল আৰু বিদ্রোহ নির্মূল কৰাত চৰকাৰ সফল হৈছিল।

(vi) অসমৰ বিদ্রোহীসকলে প্রয়োজন অনুযায়ী অস্ত্র-শস্ত্ৰৰ যোগান পোৱা নাছিল। মণিৰাম দেৱানে যদিও অস্ত্ৰৰ যোগান দিয়াৰ কথা আছিল, কিন্তু তাৰ আগতেই তেওঁ ধৰা পৰিছিল।

(vii)  ভাৰতবৰ্ষৰ অন্যান্য প্রান্তৰ দৰে অসমতো ব্রিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই মূল চালিকাশক্তি হিচাপে বিদ্রোহত অংশ লোৱা নাছিল। অসমৰ বিদ্রোহীসকলে মিৰাট, দিল্লী, লক্ষ্ণৌ আদিৰ দৰে চিপাহীসকলৰ সমর্থন আদায় কৰিব পৰা নাছিল।

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

৪।অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।

উত্তৰ –  অসমত ১৮৫৭ চনৰ বিদ্ৰোহ এক উল্লেখযোগ্য ঘটনা ৷ ১৮৫৭ চনৰ বিদ্রোহ যদিও ব্রিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে এক সর্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল।

           দ্বিতীয়তে, ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্রোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্রাণিত হৈছিল।

          তৃতীয়তে, অসমতো হিন্দু আৰু মুছলমান এই দুটা প্রধান সম্প্রদায়ে একগোট হৈ বিদ্রোহত অংশগ্রহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।

            ১৮৫৭ চনৰ বিদ্ৰোহৰপৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্রামীৰ দৰে অসমীয়া সংগ্রামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্রাণিত হৈছিল।

৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা।

উত্তৰ – ব্রিটিছৰ অর্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্রথম বিদ্রোহটোৱেই হৈছে ফুলগুৰিৰ ধাৱা। নগাঁৱৰপৰা কিছু নিলগৰ ফুলগুৰি আছিল তিৱা জনবসতিপূর্ণ এখন গাঁও য’ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণত কৰিছিল ৷ ১৮৬১ চনত ব্রিটিছ চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্র তিৱা জনজাতিৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰে, কিয়নো ব্রিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লৈছিল ৷ এই সিদ্ধান্তই এই লোকসকলৰ অর্থনীতিত প্ৰভাৱ পেলাইছিল। তদুপৰি তামোল-পাণৰ ওপৰতো চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰকাশ পাইছিল।

               ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে প্রায় ১৫০০ কৃষকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ ফুলগুৰিত ৰাইজমেল অনুষ্ঠিত কৰে। মেলত কৃষকসকলে আফু খেতি বন্ধ কৰাৰ নির্দেশ বাতিল কৰিবলৈ আৰু পান-তামোলৰ ওপৰত যাতে কোনো কৰ নলগায় সেই কথা উপায়ুক্তক জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰে।

                কিন্তু সেই সময়ৰ নগাঁৱৰ উপায়ুক্ত লেফটেনেন্ট হার্বার্ট স্কন্সে কৃষকসকলত বেয়া ব্যৱহাৰহে কৰিলে। ক্ষোভিত ৰাইজে এই অপমানৰ প্রতিবাদ কৰিবলৈ ১৫ অক্টোবৰৰপৰা লাঠিৰে সজ্জিত ফুলগুৰিত পাঁচদিনীয়া ৰাইজমেল পাতিলে। ১৮ অক্টোবৰ তাৰিখে উপায়ুক্ত হার্বার্ট স্কন্সৰ আদেশ মৰ্মেস হকাৰী উপায়ুক্ত লেফটেনেন্ট ছিংগাৰ সভাস্থলীত উপস্পিত হৈ সভাৰ উদ্দেশ্য জানিবলৈ বিচৰাত ৰাইজৰ ফালৰপৰা জাতি কলিতা নামৰ এজনে চাহাবক জনালে যে কর্তৃপক্ষই কৃষক ৰাইজৰ দাবীসমূহৰ সঁহাৰি জনোৱাৰ বাবে তেওঁলোকে ঊর্ধ্বতন কর্তৃপক্ষৰ কাষ চপাৰ গুণাগঁথা কৰিছে। এই কথাত ছিংগাৰ যথেষ্ট উত্তেজিত হৈ ৰাইজক সেই স্থান ত্যাগ কৰিবলৈ নির্দেশ দিয়ে। লগতে তেওঁৰ লগত অহা পুলিচ বাহিনীক ৰাইজৰ হাতৰপৰা লাঠীবোৰ কাঢ়ি আনিবলৈ নির্দেশ দিয়ে। লাঠীৰ বাবে টনা-আজোৰা কৰি থাকোতে ৰাইজৰ মাজৰে এজন কৃষকে ছিংগাৰৰ মূৰত লাঠীৰে কোবাই মাটিত বগৰাই দিয়ে। আন কৃষকসকলেও ছিংগাৰক আক্রমণ কৰাত থিতাতে তেওঁৰ মৃত্যু হয়। ছিংগাৰৰ মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়া হয়। ছিংগাৰৰ লগত যোৱা পুলিচ বাহিনী ভয়তে পলাই পত্রং দিয়ে। এই ঘটনাকে ইতিহাসৰ পাতত ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হয়।

৬। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্রোহ সম্পর্কে আলোচনা কৰা।

উত্তৰ –  ফুলগুৰিৰ বিদ্ৰোহৰ পিছতো ইংৰাজ চৰকাৰে কৃষক ৰাইজৰ দুখ মোচনৰ বাবে একো ব্যৱস্থাই গ্ৰহণ নকৰিলে আৰু কোনো শিক্ষা গ্রহণ নকৰিলে।  অসমৰ চীফ কমিছনাৰ বার্ডে ১৮৯২ চনত ১০০ শতাংশ খাজনা বৃদ্ধি কৰি  কঠোৰ হাতেৰে খাজনা সংগ্রহৰ ব্যৱস্থা কৰাত কৃষকসকলৰ ধৈৰ্য হেৰাল। অসমৰ অন্য প্ৰান্তৰ লগতে কামৰূপ জিলাৰ ৰঙিয়া, লচিমাৰ  কৃষক ৰাইজে চৰকাৰক খাজনা পৰিশোধ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰাইজমেলৰ যোগেদি সংগঠিত হোৱা কৃষকে এই সিদ্ধান্তৰ বিৰুদ্ধে যোৱা কৃষকক সমাজচ্যুত কৰা হ’ব বুলিও ঘোষণা কৰিছিল।

ৰঙিয়াৰ কৃষক বিদ্ৰোহ – ১৮৯৩ চনৰ ২৪ ডিচেম্বৰৰ দিনাখন ৰঙিয়া বজাৰ লুট-পাতেৰে কৃষক বিদ্রোহ আৰম্ভণি হয়। ৩০ ডিচেম্বৰৰ দিনা ৰঙিয়া আৰু তাৰ ওচৰ-পাজৰৰ কেইবাশ কৃষকে ৰঙিয়া আৰু তামুলপুৰৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক কেইবাবাৰো লঘু-লাঞ্ছনা কৰাৰ উপৰি ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ বিধ্বস্ত কৰি লণ্ডভণ্ড কৰাৰ লগতে মাৰোৱাৰী সুদখোৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি-পত্র লুট কৰিছিল। ১৮৯৪ চনৰ ৮ জানুৱাৰীৰ দিনা পুলিচে ১৫জন কৃষকক এখন ৰাইজমেলৰপৰা গ্রেপ্তাৰ কৰে। ডিচেম্বৰৰ ১০ তাৰিখে ৰঙিয়া থানাৰ সমীপত প্রায় ৩০০০ কৃষক বিভিন্ন মৌজাৰপৰা আহি গোট খাইছিল। উপায়ুক্ত মেক কেবেই তেওঁলোকক আঁতৰি যাবলৈ আদেশ দিয়াৰ পিছতো তেওঁলোক সেই স্থানৰপৰা আঁতৰা নাছিল।যেতিয়া কৃষকৰ দলটোৱে থানাৰ ভিতৰলৈ জোৰ কৰি প্ৰৱেশৰ চেষ্টা চলালে, উপায়ুক্ত মেক কেবে  আৰক্ষীক গুলীচালনা কৰিবলৈ নির্দেশ দিয়ে। ফলত কৃষকসকল প্রস্থান কৰিবলৈ বাধ্য হয়।মেক কেবেই ১০ জানুৱাৰী তাৰিখে এখন জাননীযোগে উপায়ুক্তৰ আগতীয়া অনুমতি অবিহনে কোনো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নির্দেশ জাৰি কৰে। একে সময়তে উপায়ুক্তই কৃষকসকলৰ মাজৰপৰাই নেতৃস্থানীয় লোকক আৰক্ষীৰ কনিষ্টবল হিচাপে নিযুক্তি দি ৰায়তৰ মাজত শান্তি স্থাপনৰ চেষ্টা কৰাৰ লগতে চৰকাৰৰ খাজনা জমা দিয়াবলৈ মান্তি কৰোৱাৰ বাবেও তেওঁলোকক ব্যৱহাৰ কৰে।

লচিমাৰ কৃষক বিদ্ৰোহ – ব্রিটিছ প্রশাসনৰ দমনমূলক ব্যৱস্থাৰ পিছতো ৰঙিয়াৰ কৃষক বিদ্রোহ অন্যান্য তাললৈ বিয়পি পৰিছিল। বৰমাত ৰাইজমেল বৰ শক্তিশালী আছিল ৷ বজালী অঞ্চলত লচিমা, চৌখুটী, পানাগাঁও, সৰ্থেবাৰী, পাটাছাৰকুছি আদিত হেজাৰ হেজাৰ কৃষকে ৰাইজমেলত যোগদান কৰিছিল। এই অঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাইজমেলখন বহিছিল পানাগাঁৱৰ চাপৰিত । ১৮৯৪ চনৰ ২১ জানুৱাৰীৰ দিনা সৰুক্ষেত্ৰী মৌজাৰ লাচিমাৰ ওচৰৰ কাপ্লা গাঁৱত মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্রহৰ বাবে যাওঁতে দুয়োকে ৰাইজে বেয়াকৈ মাৰপিট কৰে। কিছুদিন পিছত মৌজাদাৰৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে ৭৫জন লোকক আটক কৰি তেওঁৰ লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায়। প্রায় ৩০০০ লোকে শিবিৰৰ চাৰিওফালে ঘেৰাও কৰি জ্বলাই দিয়াৰ ভাবুকি দিয়াত বন্দীসকলক মুক্ত কৰে ৷ পিছদিনা উপায়ুক্ত মেক কেবে  ৫৯জন বিদ্রোহী কৃষকক গ্রেপ্তাৰ কৰে ৷ বন্দীসকলক গৰুৰ দৰে কান্ধত যুঁৱলি দি হাল টনাই ৰাইজক দৃষ্টান্ত দেখুৱাইছিল যাতে ভৱিষ্যতে কোনেও বিদ্রোহ কৰিবলৈ সাহস কৰিব নোৱাৰে। লচিমাত কৃষক বিদ্রোহ সংগঠিত কৰা আৰু হলিৰাম মিশ্র মণ্ডলক মৰাৰ অপৰাধত ১৬জনক বিভিন্ন শাস্তি বিহা হৈছিল। পিছত কলিকতা হাইক’ৰ্টৰ নিৰ্দেশত এইসকল লোকৰ শাস্তিৰ পৰিমাণ লাঘৱ কৰা হৈছিল।

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

Advertisement

৭।  ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা।

উত্তৰ – উত্তৰ কামৰূপৰ কৃষক বিদ্ৰোহৰ ভালকৈ অন্ত নৌপৰোঁতেই দৰং জিলাৰ অন্তৰ্গত মঙলদৈ মহকুমাৰ পথৰুঘাটতো কৃষক বিদ্রোহে দেখা দিয়ে। ইয়াৰ ৰাইজে ১৮৯৪ চনৰ জানুৱাৰীৰ মাজভাগৰপৰাই বিভিন্ন  ঠাইত  খাজনা বৃদ্ধি প্রতিবাদ, খাজনা সংগ্রহত বাধা প্রদান, বর্ধিত হাৰত ভূমিৰ খাজনা নির্ধাৰণৰ প্ৰতিবাদ,  অসমত ব্রিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ পৰিপ্ৰেক্ষিতত ৰাইজমেল আয়োজন কৰিছিল ৷ জানুৱাৰী মাহৰ ২৬ তাৰিখৰপৰা ২৮ তাৰিখলৈ পথৰুঘাটত তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ সেইমতে তাত কৃষকসকলে গোট খোৱাৰ কথা আছিল। কিন্তু এই সমাবেশৰ কথা জিলাধিপতি জে ডি এণ্ডাৰছনৰ কাণত পৰাত তেওঁ কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক জে আৰ বেৰিংটনৰ সৈতে ২৭ তাৰিখে আহি তাত উপস্থিত হৈছিল।

         পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কার্যই কৃষকসকলৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল প্রায় ২০০জন লোকে সম্পত্তি ক্রোক কৰিবলৈ যোৱা বেৰিংটন চাহাবক আগুৰি ধৰাত তেওঁ কোনোমতে ৰাইজৰ হাতৰপৰা সাৰি আহি জিৰণি শিবিৰত থকা জিলাধিপতি এণ্ডাৰছনক ঘটনাৰ সবিশেষ জনায়।  কেইঘণ্টামানৰ পিছত প্রায় ২০০০ উত্তেজিত কৃষক হাতে হাতে লাঠি আৰু বাঁহৰ কামি লৈ জিৰণি শিবিৰৰ ফালে ধাৱমান হয়। এই কৃষক সকলক উপায়ুক্ত এণ্ডাৰছনে তৎকালেই ঘৰাঘৰি যাবৰ কাৰণে নির্দেশ দিয়ে যদিও তেওঁলোকে অমান্তি হয় ৷ তাৰ পিছত উপাযুক্তৰ নির্দেশনা অনুযায়ী পুলিচ অধীক্ষকে কৃষকসকলক শক্তি প্রয়োগ কৰি খেদিবলৈ চেষ্টা কৰোঁতে কৃষকসকলে উত্তেজিত হৈ লাঠি জোকাৰি, দলি-ফর্মুটি মাৰি পুলিচ-মিলিটাৰী, প্রশাসনিক বিষয়া সকলোক চকু মেলিব নোৱাৰা অৱস্থা কৰিলে ৷ তেনে অৱস্থাত উপায়ুক্তই পুলিচ অধীক্ষকক গুলীচালনা কৰিবলৈ নির্দেশ দিয়ে। ইয়াৰ ফলত বেচৰকাৰী হিচাপ অনুযায়ী ১৪০জন কৃষকৰ মৃত্যু আৰু ১৫০জন আহত হয়। আনহাতে, চৰকাৰী হিচাপ মতে ১৫জনৰ মৃত্যু আৰু ৩৭জন আহত হয়।

            এই বিদ্রোহত অংশগ্রহণ কৰাৰ অপৰাধত চৰকাৰী ভাষ্য মতে, মুঠতে ৩৭জন কৃষকক গ্রেপ্তাৰ কৰি মঙলদৈৰ মহকুমাধিপতি ৰেনছম চাহাবৰ দ্বাৰা বিচাৰ কার্য সমাধা কৰিছিল। এই বিদ্রোহত গ্রেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আকলু শ্বেখ আৰু অন্যান্য ছয়জনক শাস্তি প্রদান কৰা হয়। বাকী সকলোকে মুকলি কৰি দিয়ে।

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

৮। ১৮৫০ চনত ব্রিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।

উত্তৰ –  জয়ন্তীয়া ৰাজ্য ১৮৩৫ চনত ৰজা ৰাজেন্দ্র সিঙৰ হাতৰপৰা ইংৰাজৰ হাতলৈ যায়। চিণ্টেং বা জয়ন্তীয়াসকল ভূমি দখলতকৈও ব্রিটিছ প্রশাসকৰ উদ্ভণ্ডালিৰ কাৰণে অসন্তুষ্ট হৈ পৰিছিল। ব্রিটিছ প্রশাসনে জনজাতিসকলে মুকলিকৈ সামূহিকভাৱে মাছ ধৰা আৰু খৰি-খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ৰাজহ সংগ্ৰহৰ বাট উলিয়াইছিল। তদুপৰি জয়ন্তীয়াসকলৰ ধর্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান পর্ব তথা সামাজিক জীৱনত হস্তক্ষেপ, পূর্বৰেপৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনে স্বাধীনচেতীয়া পাহাৰীয়া জনজাতিটোক ইংৰাজ বিদ্বেষী কৰি তুলিছিল। আনহাতে, কোনো দিনে নগদ ধন হিচাপে কৰ-কাটল দি নোপোৱা জয়ন্তীয়াসকলৰ ওপৰত ব্ৰিটিছে কর্তৃত্ব জাহিৰ কৰিবলৈ ঘৰ কৰ, আয়কৰ আদি বহুৱাইছিল।

              ১৮৬১ চনত উকিয়াং নবাৰ নেতৃত্বত জয়ন্তীয়াসকলে ব্রিটিছৰ বিৰুদ্ধে সজোৰে বিদ্রোহ ঘোষণা কৰে। তেওঁলোক জোৱাইৰ ওচৰত এক সভাত মিলিত হৈ জয়ন্তীয়া পাহাৰৰপৰা ব্রিটিছৰ ৰাজনৈতিক কর্তৃত্ব ওফৰাই তাত জয়ন্তীয়াসকলৰ স্বাধিকাৰ প্রতিষ্ঠা কৰাৰ বাবে প্রতিজ্ঞাবদ্ধ হৈছিল। জয়ন্তীয়াসকলে ১৮৬২ চনৰ ১৭ জানুৱাৰী তাৰিখে জোৱাইত থকা ব্রিটিছ ছাউনীত অতর্কিতে আক্রমণ কৰে। বিদ্রোহীসকলে জোৱাই-চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী-জয়ন্তীপুৰৰ মাজৰ দুয়োটা পথেই আগতীয়াকৈ অৱৰোধ কৰি ৰাখিছিল। জয়ন্তীয়াসকলৰ ওপৰত ব্রিটিছ চৰকাৰে নিয়োগ কৰা ৪৪ নং দেশীয় পদাতিক আৰু ৩৩ নং বেংগল মিলিটাৰী পুলিচ বাহিনীৰ লোকে অমানুষিক অত্যাচাৰ আৰম্ভ কৰিছিল। বিদ্রোহীসকলেও প্রতিপক্ষৰ অসংখ্য লোকক হত্যা কৰিছিল।

           এনেদৰে নেৰানেপেৰা চৰকাৰী আক্ৰমণৰ ফলত জয়ন্তীয় বিদ্রোহীসকলৰ শক্তি ক্রমান্বয়ে হাস পাই আহিব ধৰিছিল। ব্রিটিছ চৰকাৰেও বিদ্রোহীসকলে স্বেচ্ছাই আত্মসমর্পণ কৰিলে সাধাৰণ ক্ষমা প্রদান প্রতিশ্রুতি দিছিল আৰু উকিয়াং নবাক কোনো লোকে জীৱন্তে ধৰি দিলে ১০০০ টকা পুৰস্কাৰ ঘোষণা কৰিছিল। অৱশেষত উকিয়াং নবা ব্রিটিছৰ হাতত ধৰা পৰে আৰু বহু লোকৰ উপস্থিতি ব্রিটিছে জোৱাইত ফাঁচীকাঠত ওলমায়। এই ঘটনাৰ পিছত  বহুতেই স্বেচ্ছাই আত্মসমর্পণৰ বাট বাছি লৈছিল। এনেদৰে ১৮৬৩ চনৰ ভিতৰত জয়ন্তীয়া বিদ্ৰোহৰ পৰিসমাপ্তি ঘটে।

৯। ১৮৯১ চনত মণিপুৰত টিকেন্দ্রজিতৰ নেতৃত্বত ব্রিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।

উত্তৰ –  ভালেমান বছৰৰ পূৰ্বৰপৰাই মণিপুৰ ব্রিটিছৰ দ্বাৰা আশ্রিত আৰু স্বীকৃত দেশীয় ৰাজ্যৰূপে বৰ্তি আছিল। মণিপুৰত সিংহাসন লাভৰ বাৰে ১৮৯০ চনত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সূচনা হৈছিল। এই উত্তৰাধিকাৰীৰ যুদ্ধত অসমৰ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰিছিল। ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্রহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজেই ৰজা হয় ৷ কিন্তু তলে তলে চলি থকা ব্রিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ ব্ৰিটিছে নতুন ৰজা কুলচন্দ্ৰক হেঁচা প্রয়োগ কৰিলে। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্রিয় নেতাজনক ব্রিটিছৰ কথা মতে দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ কাৰণে সহজ কথা নাছিল। সেয়ে অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন ইউৰোপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজেই অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্রতিশোধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী মণিপুৰলৈ পঠিয়ায়। ইংৰাজ বাহিনী বীৰ সেনাপতি টিকেন্দ্রজিতক ধৰিবলৈ সক্ষম হয়। ব্রিটিছ বিষয়াক হত্যা কৰা, ব্রিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্রজিতক ফাঁচী দিয়া হয়।

চমু টোকা লিখা –

Advertisement

১। অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা।

উত্তৰ – অসমত ইংৰাজৰ শাসন প্ৰৱৰ্তন হোৱাৰ পিছত  এক সম্পূর্ণ নতুন ৰাজহ ব্যৱস্থাৰে অর্থনীতিও তেওঁলোকৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছিল। এই ৰাজহ ব্যৱস্থাত বিদেশী চৰকাৰখনে কৰ কাটল সংগ্রহতহে বেছি গুৰুত্ব প্রদান কৰিছিল। অসমত ব্রিটিছ শাসনৰ পুৰ্বৱর্তী অৱস্থাত মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল। কিন্তু ইংৰাজে প্রবর্তন কৰা টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটল সংগ্রহৰ ব্যৱস্থাই অসমীয়া প্রজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল আৰু ব্রিটিছ চৰকাৰৰ শোষণ দিনক দিনে বৃদ্ধি পাই আহিছিল ৷

            ব্রিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্রা অর্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্রেণীৰ সৃষ্টি কৰিছিল আৰু অসমীয়া প্ৰজাই এই সুদখোৰ মহাজন শ্ৰেণীৰপৰা টকা ধাৰলৈ লৈ হ’লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল ৷ সেই সময়ত অসমৰ গাঁওসমূহ আত্মনিৰ্ভৰশীল আছিল আৰু উৎপন্ন বস্তু বেচি ধন ঘটাৰ সুবিধা একেবাৰেই নাছিল। তদুপৰি বজাৰ-সমাৰৰ সীমাবদ্ধতাই অসমীয়া প্ৰজাক জুৰুলা কৰি তুলিছিল।

২। মণিৰাম দেৱান

উত্তৰ – মণিৰাম বৰভাণ্ডাৰ বৰুৱাই মণিৰাম দেৱান নামেৰে পপিচিত হৈছিল। ১৮২৮ চনত ব্রিটিছে তেখেতক চিৰস্তাদা হিচাপে  যোৰহাটত নিযুক্তি দিয়ে। এই পদবীত থাকোতে তেওঁ ৰাজহ বিভাগৰ বহুখিনি সংস্কাৰ সাধন কৰিছিল ৷ ইয়াৰ পিছত তেওঁ পুৰন্দৰ সিংহৰ অধীনত দেৱান  হিচাপে যোগদান কৰিছিল। ১৮৪৪ চনত তেওঁ এই পদবীৰপৰা ইস্তফা দি নিজেই যোৰহাটত চাহ বাগিচা খুলিছিল। কিন্তু ইংৰাজ চাহ খেতিয়কে লাভ কৰাৰ দৰে ৰাজহৰ ক্ষেত্ৰত তেখেতে ব্রিটিছ চৰকাৰৰপৰা ৰেহাই পাবলৈ সক্ষম নোহোৱাত অসন্তুষ্ট হৈ পৰে।

             মণিৰাম দেৱানে উপলব্ধি কৰিছিল যে ব্রিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি কোনোমতেই সম্ভৱ নহয়। গতিকে আহোম ৰাজতন্ত্র পুনৰ প্রতিষ্ঠা কৰিলেহে যে নিজৰ অৱস্থাৰ উন্নতি হ’ব সেইটো পতিয়ন গৈছিল। গতিকে তেওঁ প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দপেশ্বৰসিংহক সিংহাসনত প্রতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰৰ পুনৰ প্রতিষ্ঠা কৰাৰ সপোন দেখিছিল।

           তেওঁ ১৮৫৭ চনৰ প্ৰথম ভাগত কলিকতালৈ যায় আৰু ব্রিটিছ চৰকাৰক কন্দপেশ্বৰ সিংহক অসমৰ সিংহাসনত প্রতিষ্ঠা কৰিবলৈ আবেদন কৰিবলৈ স্থিৰ কৰিছিল। কিন্তু তেওঁ বংগদেশৰ লেফটেনেন্ট গৱৰ্ণৰক সাক্ষাৎ কৰাৰ কোনো সুযোগেই লাভ নকৰিলে।

            সেই সময়তে তেওঁ উত্তৰ ভাৰতত ব্রিটিছ ফৌজত থকা ভাৰতীয় সৈন্যই আৰম্ভ কৰা বিদ্ৰোহৰ বিষয়ে জানিব পাৰি লগে লগে অসমতো ব্রিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্রোহ কৰি ব্রিটিছ শাসন ওফৰোৱাৰ সপোন দেখিছিল। তেওঁ কলিকতাৰপৰা কিছু গোপন পত্র যোৰহাটত থকা কন্দপেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল।  কিন্তু দুর্ভাগ্যক্রমে এই সকলো গোপন ষড়যন্ত্র কেপ্টেইন হলৰইডে ধৰা পেলাবলৈ সক্ষম হয় ৷ ইয়াৰ পিছত মণিৰাম দেৱান, পিয়লি বৰুৱা, কন্দপেশ্বৰ সিংহকে আদি কৰি অন্যান্যক গ্রেপ্তাৰ কৰা হয়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ফাঁচীকাঠত ওলমায় ৷

৩। ফুলগুৰি ধাৱা

উত্তৰ – ব্রিটিছৰ অর্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্রথম বিদ্রোহটোৱেই হৈছে ফুলগুৰিৰ ধাৱা। নগাঁৱৰপৰা কিছু নিলগৰ ফুলগুৰি আছিল তিৱা জনবসতিপূর্ণ এখন গাঁও য’ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণত কৰিছিল ৷ ১৮৬১ চনত ব্রিটিছ চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্র তিৱা জনজাতিৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰে, কিয়নো ব্রিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লৈছিল ৷ এই সিদ্ধান্তই এই লোকসকলৰ অর্থনীতিত প্ৰভাৱ পেলাইছিল। তদুপৰি তামোল-পাণৰ ওপৰতো চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰকাশ পাইছিল।

               ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে প্রায় ১৫০০ কৃষকে ইয়াৰ প্ৰতিবাদ কৰিবলৈ ফুলগুৰিত ৰাইজমেল অনুষ্ঠিত কৰে। মেলত কৃষকসকলে আফু খেতি বন্ধ কৰাৰ নির্দেশ বাতিল কৰিবলৈ আৰু পান-তামোলৰ ওপৰত যাতে কোনো কৰ নলগায় সেই কথা উপায়ুক্তক জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰে।

                কিন্তু সেই সময়ৰ নগাঁৱৰ উপায়ুক্ত লেফটেনেন্ট হার্বার্ট স্কন্সে কৃষকসকলত বেয়া ব্যৱহাৰহে কৰিলে। ক্ষোভিত ৰাইজে এই অপমানৰ প্রতিবাদ কৰিবলৈ ১৫ অক্টোবৰৰপৰা লাঠিৰে সজ্জিত ফুলগুৰিত পাঁচদিনীয়া ৰাইজমেল পাতিলে। ১৮ অক্টোবৰ তাৰিখে উপায়ুক্ত হার্বার্ট স্কন্সৰ আদেশ মৰ্মেস হকাৰী উপায়ুক্ত লেফটেনেন্ট ছিংগাৰ সভাস্থলীত উপস্পিত হৈ সভাৰ উদ্দেশ্য জানিবলৈ বিচৰাত ৰাইজৰ ফালৰপৰা জাতি কলিতা নামৰ এজনে চাহাবক জনালে যে কর্তৃপক্ষই কৃষক ৰাইজৰ দাবীসমূহৰ সঁহাৰি জনোৱাৰ বাবে তেওঁলোকে ঊর্ধ্বতন কর্তৃপক্ষৰ কাষ চপাৰ গুণাগঁথা কৰিছে। এই কথাত ছিংগাৰ যথেষ্ট উত্তেজিত হৈ ৰাইজক সেই স্থান ত্যাগ কৰিবলৈ নির্দেশ দিয়ে। লগতে তেওঁৰ লগত অহা পুলিচ বাহিনীক ৰাইজৰ হাতৰপৰা লাঠীবোৰ কাঢ়ি আনিবলৈ নির্দেশ দিয়ে। লাঠীৰ বাবে টনা-আজোৰা কৰি থাকোতে ৰাইজৰ মাজৰে এজন কৃষকে ছিংগাৰৰ মূৰত লাঠীৰে কোবাই মাটিত বগৰাই দিয়ে। আন কৃষকসকলেও ছিংগাৰক আক্রমণ কৰাত থিতাতে তেওঁৰ মৃত্যু হয়। ছিংগাৰৰ মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়া হয়। ছিংগাৰৰ লগত যোৱা পুলিচ বাহিনী ভয়তে পলাই পত্রং দিয়ে। এই ঘটনাকে ইতিহাসৰ পাতত ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হয়।

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

৪। লচিমাৰ কৃষক বিদ্রোহ

উত্তৰ – ব্রিটিছ প্রশাসনৰ দমনমূলক ব্যৱস্থাৰ পিছতো ৰঙিয়াৰ কৃষক বিদ্রোহ অন্যান্য অঞ্চললৈ বিয়পি পৰিছিল। বৰমাত ৰাইজমেল বৰ শক্তিশালী আছিল ৷ বজালী অঞ্চলত লচিমা, চৌখুটী, পানাগাঁও, সৰ্থেবাৰী, পাটাছাৰকুছি আদিত হেজাৰ হেজাৰ কৃষকে ৰাইজমেলত যোগদান কৰিছিল। এই অঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাইজমেলখন বহিছিল পানাগাঁৱৰ চাপৰিত । ১৮৯৪ চনৰ ২১ জানুৱাৰীৰ দিনা সৰুক্ষেত্ৰী মৌজাৰ লাচিমাৰ ওচৰৰ কাপ্লা গাঁৱত মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰই খাজনা সংগ্রহৰ বাবে যাওঁতে দুয়োকে ৰাইজে বেয়াকৈ মাৰপিট কৰে। কিছুদিন পিছত মৌজাদাৰৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে ৭৫জন লোকক আটক কৰি তেওঁৰ লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায়। প্রায় ৩০০০ লোকে শিবিৰৰ চাৰিওফালে ঘেৰাও কৰি জ্বলাই দিয়াৰ ভাবুকি দিয়াত বন্দীসকলক মুক্ত কৰে ৷ পিছদিনা উপায়ুক্ত মেক কেবে  ৫৯জন বিদ্রোহী কৃষকক গ্রেপ্তাৰ কৰে ৷ বন্দীসকলক গৰুৰ দৰে কান্ধত যুঁৱলি দি হাল টনাই ৰাইজক দৃষ্টান্ত দেখুৱাইছিল যাতে ভৱিষ্যতে কোনেও বিদ্রোহ কৰিবলৈ সাহস কৰিব নোৱাৰে। লচিমাত কৃষক বিদ্রোহ সংগঠিত কৰা আৰু হলিৰাম মিশ্র মণ্ডলক মৰাৰ অপৰাধত ১৬জনক বিভিন্ন শাস্তি বিহা হৈছিল। পিছত কলিকতা হাইক’ৰ্টৰ নিৰ্দেশত এইসকল লোকৰ শাস্তিৰ পৰিমাণ লাঘৱ কৰা হৈছিল।

৫। পথৰুঘাটৰ ৰণ

উত্তৰ – উত্তৰ কামৰূপৰ কৃষক বিদ্ৰোহৰ ভালকৈ অন্ত নৌপৰোঁতেই দৰং জিলাৰ অন্তৰ্গত মঙলদৈ মহকুমাৰ পথৰুঘাটতো কৃষক বিদ্রোহে দেখা দিয়ে। ইয়াৰ ৰাইজে ১৮৯৪ চনৰ জানুৱাৰীৰ মাজভাগৰপৰাই বিভিন্ন  ঠাইত  খাজনা বৃদ্ধি প্রতিবাদ, খাজনা সংগ্রহত বাধা প্রদান, বর্ধিত হাৰত ভূমিৰ খাজনা নির্ধাৰণৰ প্ৰতিবাদ,  অসমত ব্রিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্রোহ পৰিপ্ৰেক্ষিতত ৰাইজমেল আয়োজন কৰিছিল ৷ জানুৱাৰী মাহৰ ২৬ তাৰিখৰপৰা ২৮ তাৰিখলৈ পথৰুঘাটত তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ সেইমতে তাত কৃষকসকলে গোট খোৱাৰ কথা আছিল। কিন্তু এই সমাবেশৰ কথা জিলাধিপতি জে ডি এণ্ডাৰছনৰ কাণত পৰাত তেওঁ কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক জে আৰ বেৰিংটনৰ সৈতে ২৭ তাৰিখে আহি তাত উপস্থিত হৈছিল।

         পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কার্যই কৃষকসকলৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল প্রায় ২০০জন লোকে সম্পত্তি ক্রোক কৰিবলৈ যোৱা বেৰিংটন চাহাবক আগুৰি ধৰাত তেওঁ কোনোমতে ৰাইজৰ হাতৰপৰা সাৰি আহি জিৰণি শিবিৰত থকা জিলাধিপতি এণ্ডাৰছনক ঘটনাৰ সবিশেষ জনায়।  কেইঘণ্টামানৰ পিছত প্রায় ২০০০ উত্তেজিত কৃষক হাতে হাতে লাঠি আৰু বাঁহৰ কামি লৈ জিৰণি শিবিৰৰ ফালে ধাৱমান হয়। এই কৃষক সকলক উপায়ুক্ত এণ্ডাৰছনে তৎকালেই ঘৰাঘৰি যাবৰ কাৰণে নির্দেশ দিয়ে যদিও তেওঁলোকে অমান্তি হয় ৷ তাৰ পিছত উপাযুক্তৰ নির্দেশনা অনুযায়ী পুলিচ অধীক্ষকে কৃষকসকলক শক্তি প্রয়োগ কৰি খেদিবলৈ চেষ্টা কৰোঁতে কৃষকসকলে উত্তেজিত হৈ লাঠি জোকাৰি, দলি-ফর্মুটি মাৰি পুলিচ-মিলিটাৰী, প্রশাসনিক বিষয়া সকলোক চকু মেলিব নোৱাৰা অৱস্থা কৰিলে ৷ তেনে অৱস্থাত উপায়ুক্তই পুলিচ অধীক্ষকক গুলীচালনা কৰিবলৈ নির্দেশ দিয়ে। ইয়াৰ ফলত বেচৰকাৰী হিচাপ অনুযায়ী ১৪০জন কৃষকৰ মৃত্যু আৰু ১৫০জন আহত হয়। আনহাতে, চৰকাৰী হিচাপ মতে ১৫জনৰ মৃত্যু আৰু ৩৭জন আহত হয়।

            এই বিদ্রোহত অংশগ্রহণ কৰাৰ অপৰাধত চৰকাৰী ভাষ্য মতে, মুঠতে ৩৭জন কৃষকক গ্রেপ্তাৰ কৰি মঙলদৈৰ মহকুমাধিপতি ৰেনছম চাহাবৰ দ্বাৰা বিচাৰ কার্য সমাধা কৰিছিল। এই বিদ্রোহত গ্রেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আকলু শ্বেখ আৰু অন্যান্য ছয়জনক শাস্তি প্রদান কৰা হয়। বাকী সকলোকে মুকলি কৰি দিয়ে।

৬। অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব

উত্তৰ – অসমত ১৮৫৭ চনৰ বিদ্ৰোহ এক উল্লেখযোগ্য ঘটনা ৷ ১৮৫৭ চনৰ বিদ্রোহ যদিও ব্রিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে এক সর্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল।

           দ্বিতীয়তে, ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্রোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্রাণিত হৈছিল।

          তৃতীয়তে, অসমতো হিন্দু আৰু মুছলমান এই দুটা প্রধান সম্প্রদায়ে একগোট হৈ বিদ্রোহত অংশগ্রহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।

            ১৮৫৭ চনৰ বিদ্ৰোহৰপৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্রামীৰ দৰে অসমীয়া সংগ্রামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্রাণিত হৈছিল।

৭। টিকেন্দ্রজিৎ

উত্তৰ – ভালেমান বছৰৰ পূৰ্বৰপৰাই মণিপুৰ ব্রিটিছৰ দ্বাৰা আশ্রিত আৰু স্বীকৃত দেশীয় ৰাজ্যৰূপে বৰ্তি আছিল। মণিপুৰত সিংহাসন লাভৰ বাৰে ১৮৯০ চনত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সূচনা হৈছিল। এই উত্তৰাধিকাৰীৰ যুদ্ধত অসমৰ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰিছিল। ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্রহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজেই ৰজা হয় ৷ কিন্তু তলে তলে চলি থকা ব্রিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ ব্ৰিটিছে নতুন ৰজা কুলচন্দ্ৰক হেঁচা প্রয়োগ কৰিলে। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্রিয় নেতাজনক ব্রিটিছৰ কথা মতে দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ কাৰণে সহজ কথা নাছিল। সেয়ে অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন ইউৰোপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজেই অহাত স্বাধীনতা প্রয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্রতিশোধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী মণিপুৰলৈ পঠিয়ায়। ইংৰাজ বাহিনী বীৰ সেনাপতি টিকেন্দ্রজিতক ধৰিবলৈ সক্ষম হয়। ব্রিটিছ বিষয়াক হত্যা কৰা, ব্রিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্রজিতক ফাঁচী দিয়া হয়।

Read More:

Advertisement

অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ইতিহাস-

অধ্যায় ১ – বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অধ্যায় ২ – মাহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অধ্যায় ৪ – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

অধ্যায় ৫ – ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

ভূগোল-

অধ্যায় ১ – অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

অধ্যায়- ২ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

আধ্যায় ৩ – পৃথিৱীৰ ভূগোল

আধ্যায় ৪ – অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতীয় গণতন্ত্ৰ

অৰ্থনীতি বিজ্ঞান-

অধ্যায় ১ – মুদ্ৰা আৰু বেংক ব্যৱস্থা

অধ্যায় ২ – অৰ্থনৈতিক উন্নয়ন

9 Replies to “অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ”

Leave a Reply

Your email address will not be published. Required fields are marked *