অসমৰ ভূগোল – Notes

অসমৰ ভূগোল - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ, ভূগোল খণ্ডৰ অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

অসমৰ ভূগোল দশম শ্ৰেণী – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

১. অসমৰ চাৰিসীমাটো লিখা ৷

উত্তৰ –  উত্তৰ-পূব ভাৰতৰ অন্তর্গত অসম ৰাজ্যখন ভাৰতৰ সাতখন ৰাজ্য আৰু দুখন বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা পৰিৱেষ্টিত হৈ আছে। এই ৰাজ্যখনৰ উত্তৰে আছে অৰুণাচল প্রদেশ আৰু বিদেশী ৰাষ্ট্র ভূটান, দক্ষিণে মিজোৰাম আৰু মেঘালয়, পূবে অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মণিপুৰ আৰু পশ্চিমে আছে পশ্চিমবংগ, ত্ৰিপুৰা আৰু বিদেশী ৰাষ্ট্র বাংলাদেশ।

২. অসমৰ ভৌগলিক অৱস্থাৰ বিষয়ে লিখা ৷

উত্তৰ –  অসমৰ অৱস্থিতি ২৪°০৯ উত্তৰ অক্ষাংশৰপৰা ২৭°৫৮ উত্তৰ অক্ষাংশলৈ আৰু ৮৯°৪২ পূর্ব দ্রাঘিমাংশৰ পৰা ৯৬°০১ পূর্ব দ্রাঘিমাংশলৈকে বিস্তৃত হৈ আছে ৷

৩.  অসমে ভাৰতৰ লগত সংলগ্ন হৈ থকা ঠেক ভূখণ্ডটোৰ প্ৰস্থ কিমান আৰু ই কোনখন ৰাজ্যৰ লগত সংযোগ হৈ আছে ?

উত্তৰ –  অসমে ভাৰতৰ লগত সংলগ্ন হৈ থকা ঠেক ভূখণ্ডটোৰ প্ৰস্থ ৫০ কিলোমিটাৰ আৰু ই পশ্চিমবংগৰ লগত সংযোগ হৈ আছে ৷

৪. অসমৰ মুঠ মাটিকালি কিমান ?

উত্তৰ –  অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বর্গ কি.মি. ৷

৫. ২০১১ চনৰ লোকপিয়লৰ মতে অসমৰ মুঠ জনসংখ্যা কিমান ?

উত্তৰ –  ২০১১ চনৰ লোকপিয়লৰ মতে অসমৰ মুঠ জনসংখ্যা হৈছে ৩১২.০৫ লাখ ৷

৬. ২০১১ চনৰ লোকপিয়লৰ মতে অসমৰ শিক্ষিতৰ হাৰ কিমান ?

উত্তৰ –  ২০১১ চনৰ লোকপিয়লৰ মতে অসমৰ মুঠ শিক্ষিতৰ হাৰ হৈছে ৭২.১৯ শতাংশ ৷

৭. ২০১১ চনৰ লোকপিয়লৰ মতে অসমৰ লিংগ অনুপাত  কিমান ?

উত্তৰ –  ২০১১ চনৰ লোকপিয়লৰ মতে অসমৰ লিংগ অনুপাত  ৯৫৮ ৷

৮. ২০১১ চনৰ লোকপিয়লৰ মতে অসমৰ জনসংখ্যা ঘনত্ব কিমান ?

উত্তৰ –  ২০১১ চনৰ লোকপিয়লৰ মতে অসমৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৮জন ৷

৯. ২০১১ চনৰ লোকপিয়লৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসংখ্যা ঘনত্ব কিমান ৷

উত্তৰ –  ২০১১ চনৰ লোকপিয়লৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত  ৪৭০ জন ৷

অসমৰ ভূগোল দশম শ্ৰেণী – Notes

১০. ২০১১ চনৰ লোকপিয়লৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অংশত জনসংখ্যা ঘনত্ব কিমান ?

Advertisement

উত্তৰ –  ২০১১ চনৰ লোকপিয়লৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অংশত জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩০৫ জন ৷

১১. ২০১১ চনৰ লোকপিয়লৰ মতে মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত জনসংখ্যা ঘনত্ব কিমান ?

উত্তৰ –  ২০১১ চনৰ লোকপিয়লৰ মতে মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলতজনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৫৯৫ জন ৷

১২. ২০১১ চনৰ লোকপিয়লৰ মতে নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত জনসংখ্যা ঘনত্ব কিমান ?

উত্তৰ –  ২০১১ চনৰ লোকপিয়লৰ মতে নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৫৫৮ জন ৷

১৩. ২০১১ চনৰ লোকপিয়লৰ মতে বৰাক উপত্যকাৰ জনসংখ্যা ঘনত্ব কিমান ৷

উত্তৰ –  ২০১১ চনৰ লোকপিয়লৰ মতে বৰাক উপত্যকাৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত  ৫২৪ জন ৷

১৪.  ২০১১ চনৰ লোকপিয়লৰ মতে ডিমা হাচাও আৰু কাৰ্বি আংলং জিলা দুখনক সামৰি লোৱা পাৰ্বত্য অঞ্চলত জনসংখ্যা ঘনত্ব কিমান ?

উত্তৰ –  ২০১১ চনৰ লোকপিয়লৰ মতে ডিমা হাচাও আৰু কাৰ্বি আংলং জিলা দুখনক সামৰি লোৱা পাৰ্বত্য অঞ্চলত জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৭৬ জন ৷

১৫. অসমৰ পাৰ্বত্য জিলা দুখনৰ নাম লিখা ৷

উত্তৰ – অসমৰ পাৰ্বত্য জিলা দুখনৰ নাম হ’ল কাৰ্বি আংলং আৰু ডিমা হাচাও ৷

১৬ . অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত কোন জনগোষ্ঠিৰ লোক আছিল ?

উত্তৰ – অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত অষ্ট্ৰিক জনগোষ্ঠিৰ লোক আছিল ৷

১৭. আহোম সকলে কাৰ নেতৃত্বত আৰু কেতিয়া অসমলৈ আহিছিল ?

উত্তৰ – আহোম সকলে চ্যু-কা-ফাৰ নেতৃত্বত ১২২৮ খ্ৰীষ্টাব্দত অসমলৈ আহিছিল ৷

১৮. আহোমসকলে অসমলৈ অহা পথটোৰ বৰ্ণনা দিয়া ৷

উত্তৰ – আহোমসকলে উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল ৷

১৯. গোহাঁই কমলৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কোঁচবিহাৰৰপৰা লক্ষীমপুৰ জিলাৰ নাৰায়নপুৰলৈ নিৰ্মাণ কৰা আলিটোৰ নাম কি ?

উত্তৰ –  ‘গোহাঁই কমল’ আলি ৷

২০. চাহ জনজাতিসকলে কোৱা ভাষাটো কি ?

উত্তৰ – চাহ জনজাতিসকলে কোৱা ভাষাটো মুণ্ডাৰী ভাষা ৷

২১ . অসমৰ অনুসূচীভূক্ত ভাষা দুটা কি ?

উত্তৰ – অসমৰ অনুসূচীভূক্ত ভাষা দুটা হৈছে অসমীয়া আৰু বঙালী ৷

অসমৰ ভূগোল দশম শ্ৰেণী – Notes

২২. অসমৰ ৰাজ্য ভাষা কি ?

উত্তৰ – অসমৰ ৰাজ্য ভাষা অসমীয়া ৷

২৩.  উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ বুলি কোনখন ৰাজ্যক কোৱা হয় ?

উত্তৰ – উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ বুলি অসমক কোৱা হয় ৷

২৪.  পথ পৰিবহণ ব্যৱস্থাৰ প্রধান সুবিধাবোৰ কি কি ?

উত্তৰ – পথ পৰিবহণ ব্যৱস্থাৰ প্রধান সুবিধাবোৰ হৈছে –

(ক) পথ পৰিবহণ সুচল, বেগী আৰু নিৰ্ভৰযোগ্য,

(খ) ই সৰু আৰু ভিতৰুৱা ঠাইসমূহৰ লগত সহজে সংযোগ স্থাপন কৰিব পাৰে,

(গ) পাহাৰ, মালভূমি আৰু সমভূমিৰ মাজত পথ পৰিবহণে সুন্দৰকৈ যাতায়াতৰ সুবিধা দিব পাৰে,

(ঘ) কৃষি, শিল্প আদিৰ উৎপাদিত সামগ্ৰীসমূহৰ পৰিবহণৰ ক্ষেত্ৰত পথ পৰিবহণ ব্যৱস্থা বিশেষভাৱে উপযোগী,

(ঙ) পথ পৰিবহণ ব্যৱস্থাৰ মেৰামতি, নির্মাণ আদিৰ ক্ষেত্ৰত অন্য পৰিবহণ ব্যৱস্থাৰ তুলনাত খৰচ কম হয়,

(চ) বিভিন্ন পর্যটন কেন্দ্ৰৰ মাজত ভালদৰে সংযোগ স্থাপন কৰি ৰাজ্যখনৰ পৰ্যটন উদ্যোগক আগুৱাই নিয়াত পথ পৰিবহণ ব্যৱস্থাই প্রত্যক্ষভাৱে সহায় কৰে।

২৫.  ৰে’ল পৰিবহণ ব্যৱস্থাৰ সুবিধাবোৰ কি কি ?

উত্তৰ – ৰে’ল পৰিবহণ ব্যৱস্থাৰ সুবিধাবোৰ হৈছে –

(ক) দীর্ঘ দূৰত্বৰ ক্ষেত্ৰত যাত্রী আৰু বয়-বস্তু কঢ়িয়াই নিয়াৰ বাবে ৰে’ল পৰিবহণ ব্যৱস্থা সুচল আৰু নিৰ্ভৰযোগ্য,

(খ) অসমৰ অর্থনৈতিক উন্নয়নৰ লগতে আন্তঃগাঁঠনি আৰু উদ্যোগিক বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সম্পদ পৰিবহণৰ বাবে ৰে’ল পৰিবহণ ব্যৱস্থাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে,

(গ) ৰে’ল পৰিবহণ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলত অসমত নিয়োগ সৃষ্টি হৈছে,

 (ঘ) এই পৰিবহণ ব্যৱস্থাই দূৰ-দূৰণিৰ ৰাজ্যসমূহৰ লগত অসমক সংযোগ কৰি ৰাষ্ট্ৰীয় ঐক্য গঢ়ি তোলাত অৰিহণা যোগাইছে,

(ঙ) ৰে’ল পৰিবহণ ব্যৱস্থা পথ-পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত বিশেষ সহায়ক হৈছে।

২৬. অসমৰ ৰে’ল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত মণ্ডলটোৰ নাম লিখা ৷ এই মণ্ডলৰ মুখ্য কার্যালয় ক’ত অৱস্থিত ?

উত্তৰ –  অসমৰ ৰে’ল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত আছে উত্তৰ-পূব সীমান্ত ৰে’ল মণ্ডল। এই মণ্ডলৰ মুখ্য কার্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত।

২৭.  ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটো দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে কেতিয়া  ঘোষণা কৰা হৈছিল ?

উত্তৰ –  ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটো দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে ১৯৮৮ চনত ঘোষণা কৰা হৈছিল ৷

২৮.  অসমত জলপৰিবহণ ব্যৱস্থাৰ উন্নতিৰ হকে কাম কৰা চৰকাৰী সংস্থা দুটাৰ নাম কি ? ইহঁতৰ প্ৰধান দায়িত্ব কি ?

উত্তৰ –  অসমত জলপৰিবহণ ব্যৱস্থাৰ উন্নতিৰ হকে কাম কৰা চৰকাৰী সংস্থা দুটাৰ নাম হৈছে কেন্দ্রীয় আভ্যন্তৰীণ জলপৰিবহণ নিগম আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়।

        এই সংস্থা দুটাৰ প্রধান দায়িত্ব হৈছে— জলপৰিবহণৰ ক্ষেত্ৰত জলসম্পদৰ উপযুক্ত ব্যৱহাৰ কৰা, সস্তীয়া জলপৰিবহণৰ সহায়ত যাত্রী আৰু বয়বস্তু অনা-নিয়া কৰা, ব্যৱসায়িক ভিত্তিত অঞ্চলটোৰ জলপথসমূহ সঠিকভাৱে ব্যৱহাৰ কৰা আদি।

২৯. অসমৰ আভ্যয়ন্তৰিণ জল পৰিবহণ ব্যৱস্থাৰ সুবিধাবোৰ কি কি ?

উত্তৰ – অসমৰ আভ্যয়ন্তৰিণ জল পৰিবহণ ব্যৱস্থাৰ সুবিধাবোৰ হৈছে –

(ক) অসম নদীমাতৃক ৰাজ্য হোৱাৰ বাবে ইয়াত জলপৰিবহণ ব্যৱস্থাৰ প্ৰসাৰৰ বাবে অনেক সুযোগ আৰু সুবিধা আছে, (খ) অন্য পৰিবহণৰ তুলনাত জলপৰিবহণত ইন্ধনৰ খৰচ কম,

(গ) গধুৰ মাল-বস্তুৰ পৰিবহণৰ ক্ষেত্ৰত জল পৰিবহণ ব্যৱস্থা অতি উপযোগী,

(ঘ) আভ্যন্তৰীণ জল পৰিবহণে ৰাজ্যখনৰ ভিতৰতে মানুহ আৰু মালবস্তু পৰিবহণৰ ক্ষেত্ৰত সুবিধা আগবঢ়াই আহিছে,

(ঙ) পথ পৰিবহণৰ দৰে জল পৰিবহণত বায়ু প্ৰদূষণৰ সমস্যা নাথাকে,

(চ) পথ পৰিবহণৰ ক্ষেত্ৰত পিছপৰা ঠাইসমূহৰ জনসাধাৰণৰ যাতায়াত আৰু মালবস্তু অনা-নিয়াৰ বাবে জল পৰিবহণ ব্যৱস্থাই সহায় কৰি আহিছে,

 (ছ) অসমৰ প্রাকৃতিক দুর্যোগ বিশেষকৈ বানপানীৰ সময়ত জল পৰিবহণ ব্যৱস্থাই উল্লেখযোগ্য ভূমিকা পালন কৰা দেখা যায় ৷

(জ) প্রাকৃতিক নদ-নদীৰ জলপথসমূহ ব্যৱহাৰ কৰাৰ বাবে জল পৰিবহণ ব্যৱস্থাত মেৰামতি, পথ নির্মাণ আদি সমস্যাবোৰ নেথাকে।

৩০.  প্ৰাকৃতিক সম্পদ কি ? বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক সম্পদৰ বিষয়ে লিখা ৷

উত্তৰ –  প্রাকৃতিক সম্পদসমূহ প্রাকৃতিক কাৰকৰ দ্বাৰা প্ৰকৃতিৰ বুকুত সৃষ্টি হয়। প্রাকৃতিক সম্পদৰ কিছুমান নৱীকৰণীয় আৰু আন কিছুমান অনৱীকৰণীয়।

নৱীকৰণীয় সম্পদ –  যিবিলাক সম্পদ ভৌতিক, ৰাসায়নিক আৰু যান্ত্রিক প্রক্রিয়াৰে নৱীকৰণ অথবা নতুনকৈ উৎপন্ন বা পুনঃ পূৰণ কৰিব পাৰি সেইবিলাকক নৱীকৰণীয় সম্পদ বোলে। সৌৰশক্তি আৰু বতাহৰ লগতে অসমৰ পানী, উদ্ভিদ, বন্যপ্রাণী আদি এই শ্ৰেণীৰ সম্পদ।

অনৱীকৰণীয় সম্পদ- যিবিলাক সম্পদ গঠন হৈ বহু বছৰ ধৰি প্ৰকৃতিৰ বুকুত জমা হৈ আছে। কিন্তু এই সম্পদবোৰ ব্যৱহাৰ কৰি থাকিলে কালক্রমে সেইবোৰৰ পৰিমাণ হ্রাস হৈ এসময়ত সম্পদবোৰ নিঃশেষ হৈ যাব আৰু তেতিয়া সেইবোৰ পুনৰ পূৰণ কৰিব পৰা নাযাব। এনে সম্পদবোৰক অনৱীকৰণীয় সম্পদ বুলি কোৱা হয়। অসমত পোৱা খনিজ সম্পদ, যেনে— কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদি এই প্ৰকাৰৰ সম্পদৰ ৷

অসমৰ ভূগোল দশম শ্ৰেণী – Notes

Advertisement

৩১ . পনীয়া সোণ বা Liquid gold কি ?

উত্তৰ – খনিজ তেল সম্পদক পনীয়া সোণ বা Liquid gold বোলে ৷

৩২.  অসমৰ প্ৰথম তৈলক্ষেত্ৰ ক’ত অৱস্থিত ?

উত্তৰ – অসমৰ প্ৰথম তৈলক্ষেত্ৰ ডিগবৈত অৱস্থিত

৩৩. অসমৰ ক’ত কয়লা পোৱা যায় ?

উত্তৰ –  অসমৰ তিনিচুকীয়া জিলাৰ মাকুম অঞ্চল, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ অন্তৰ্গত দিল্লী-জয়পুৰ অঞ্চল, তিনিচুকীয়া জিলাৰ চৰাইপুং-তৰাজান অঞ্চল, কাৰ্বি আংলং জিলাৰ কলীয়াজান আৰু শিলভেটা অঞ্চল, ডিমা হাছাও জিলাৰ উমৰাংছ’ আৰু গৰমপানী অঞ্চলত কয়লা পোৱা যায়। তদুপৰি ধুবুৰী জিলাৰ শিঙৰীমাৰী অঞ্চলতো কয়লাৰ সন্ধান পোৱা গৈছে।

৩৪. অসমৰ ক’ত চূণশিল পোৱা যায় ?

উত্তৰ – অসমৰ কার্বি আংলং জিলাৰ কলীয়াজান-মানজা অঞ্চল, দিলাই পর্বত, শিলভেটা অঞ্চল আৰু বোকাজানৰ পূব অঞ্চলত আৰু ডিমা হাছাও জিলাৰ পানীমূৰ, গৰমপানী, টুমবুং আৰু উমৰাংছ’ অঞ্চলত চূণশিল পোৱা যায়।

৩৫. অসমৰ ক’ত লোৰ আকৰ পোৱা যায় ?

উত্তৰ –অসমৰ গোৱালপাৰা জিলাৰ চান্দৰডিঙা, লেংগুপাৰা আৰু কুমৰী অঞ্চলত লোৰ আকৰৰ সন্ধান পোৱা গৈছে।

৩৬. অসমৰ ক’ত ফেলষ্পাৰ পোৱা যায় ?

উত্তৰ – অসমৰ কামৰূপ জিলাৰ হাহিমত ফেলষ্পাৰ পোৱা যায় ৷

৩৭. অসমৰ ক’ত কোৱাৰ্টজ পোৱা যায় ?

উত্তৰ – অসমৰ  নগাঁও জিলাৰ জীয়াজুৰি পাহাৰ, বৰহোলা, চাপানলা আৰু নগাঁও জিলাৰ দক্ষিণাংশ আৰু কাৰ্বি আংলং জিলাৰ উত্তৰাংশত থকা থানাজুৰি পাহাৰত পোৱা গৈছে।

৩৮. অসমৰ ক’ত চীনামাটি পোৱা যায় ?

উত্তৰ – অসমৰ কাৰ্বি আংলং জিলাৰ শিলভেটা, চিলনীজান আৰু দেওপানী অঞ্চলত চীনামাটি পোৱা যায় ৷

৩৯. অসমৰ ক’ত সাজি মাটি পোৱা যায় ?

উত্তৰ – অসমৰ নলবাৰী জিলাৰ পাগলাদিয়া নদীৰ পাৰৰ সুৱণখাটা আৰু ভূটান খুঁটি অঞ্চলত সাজি মাটি পোৱা যায়।

৪০.  অসমৰ উদ্যোগ বিকাশ কেন্দ্ৰ দুটা ক’ত স্থাপন কৰা হৈছে ?

উত্তৰ – অসমৰ উদ্যোগ বিকাশ কেন্দ্ৰ দুটা শোণিতপুৰ জিলাৰ বালিপাৰা আৰু গোৱালপাৰা জিলাৰ মাটিয়া অঞ্চলত স্থাপন কৰা হৈছে ৷

৪১. অসমৰ ক’ত খাদ্য উদ্যোগ স্থাপন কৰা হৈছে ?

উত্তৰ – অসমৰ ছয়গাঁও আৰু টিহুৰ নাথকুছিত খাদ্য উদ্যোগ স্থাপন কৰা হৈছে ৷

৪২. অসমত কেই প্ৰকাৰৰ ৰেচম উৎপাদন কৰা হয় আৰু কি কি ?

উত্তৰ – অসমত তিনি প্ৰকাৰৰ ৰেচম উৎপাদন কৰা হয় – এৰি, মুগা আৰু নুনী পাট ৷

৪৩.  অসমৰ কোনবিধ ৰেচমক ‘সোণালী সূতা’ বুলি কোৱা হয় ?

উত্তৰ – অসমৰ মুগা সূতাক ‘সোণালী সূতা’ বুলি কোৱা হয় ৷

৪৪. অসমত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য কেতিয়া আৰু ক’ত আৰম্ভ হয় ?

উত্তৰ – অসমত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য ১৮৮৯ চনত ডিগবৈত আৰম্ভ হয় ৷

৪৫. অসমত থকা চৰিটা তেল শোধানাগাৰ ক’ত ক’ত আছে ?

উত্তৰ – অসমত থকা চৰিটা তেল শোধানাগাৰ ডিগবৈ, গুৱাহাটী, বঙাইগাঁও আৰু নুমলীগড়ত আছে ৷

Read More :

অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী – অনুশীলনী

ইতিহাস

অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায় ২ – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ পৃথিৱীৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ৰাজনীতি বিজ্ঞান –

ধ্যায়- ১ ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান-

অধ্যায়- ১ মুদ্ৰা আৰু বেংক ব্যৱস্থা – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement

8 Replies to “অসমৰ ভূগোল – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *