অসমৰ ভূগোল

অসমৰ ভূগোল - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, ভূগোল খণ্ডৰ অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী (Geography of Assam) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

অসমৰ ভূগোল দশম শ্ৰেণী –  অনুশীলনী

১।  অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যা ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা।

উত্তৰ – অসমৰ মাটিকালি প্ৰায় ৭৮,৪৩৮ বৰ্গ কি.মি ৷ অসমে ভাৰত বৰ্ষৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ সামৰি আছে ৷

        ২০১১ চনৰ  ভাৰতৰ লোকপিয়লৰ তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ২.৬ শতাংশ লোকে অসমত বাস কৰি আছে ৷ অসমৰ মুঠ জনসংখ্যা হৈছে ৩১২.০৫ লাখ আৰু ইয়াৰে ১৫৯.৩৯ লাখ পুৰুষ আৰু ১৫২.৬৬ লাখ মহিলা ৷

           ভাৰতৰ লোকপিয়লৰ তথ্য মতে ১৯০১ চনত অসমৰ জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ ৪২ জন ৷ স্বাধীনতাৰ ঠিক পিছতে অৰ্থাৎ ১৯৫১ চনত অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি  বৰ্গ কিলোমিটাৰত ১০২ জনলৈ বৃদ্ধি পালে ৷ একেদৰে ২০০১ আৰু ২০১১ চনৰ লোকপিয়ল অনুসৰি  অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ক্ৰমে ৩৪০ জন আৰু ৩৯৮ জনলৈ বৃদ্ধি হৈছে ৷

২। অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা।

উত্তৰ – ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ আছিল ৬৩.২৫ শতাংশ ৷ ২০১১ চনৰ লোকপিয়লত দেখা গ’ল যে অসমৰ শিক্ষিতৰ হাৰ বৃদ্ধি পাই ৭২.১৯ শতাংশ হয় ৷

৩। ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্রথম শ্রেণীৰ আৰু কেইখন দ্বিতীয় শ্রেণীৰ চহৰ আছে?

উত্তৰ – ২০১১ চনৰ তথ্য মতে অসমত ৭খন প্রথম শ্রেণীৰ আৰু ৬খন দ্বিতীয় শ্রেণীৰ চহৰ আছে ৷

8।  ১৯০১ চনৰপৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা।

উত্তৰ –  ১৯০১ চনত অসমৰ জনসংখ্যা আছিল ৩,২৮৯,৬৮০ ৷ ৰাজ্যখনত ১৯০১ চনৰপৰা প্রতি দশকতে জনসংখ্যা ক্রমাগতভাৱে বৃদ্ধি হৈ ১৯৪১ চনত মুঠ জনসংখ্যা হয়গৈ ৬,৬৯৪,৭৯০ জন। মন কৰিবলগীয়া যে ১৯০১ চনৰ পৰা ১৯৪১ চনলৈ চাৰিটা দশকৰ ভিতৰত অসমৰ জনসংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাইছে।জনসংখ্যাৰ দশকীয় বৃদ্ধি লক্ষ্য কৰিলে দেখা যায় যে অসমত ১৯০১-১১ দশকত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৬.৯৯ শতাংশ। কিন্তু ইয়াৰ পিছৰ দশকত অর্থাৎ ১৯১১-২১ দশকত ২০.৪৮ শতাংশলৈ বৃদ্ধি হয়। পৰৱর্তী তিনিটা দশকত জনসংখ্যা বৃদ্ধিৰ হাৰ মোটামুটিভাৱে প্রায় একে থাকে, যেনে— ১৯২১-৩১ দশকত ১৯.৯০ শতাংশ, ১৯৩১-৪১ দশকত ২০.৪০ শতাংশ আৰু ১৯৪১-৫১ দশকত ১৯.৯৩ শতাংশ । কিন্তু স্বাধীনোত্তৰ কালত অর্থাৎ ১৯৫১ চনৰপৰা অসমৰ জনসংখ্যা দ্রুত হাৰত বৃদ্ধি পোৱা দেখা গৈছে। বিশেষকৈ ১৯৫১-৬১ আৰু ১৯৬১-৭১ দশক দুটাত ৰাজ্যখনৰ জনসংখ্যা পূর্বৰ ১৯ বা ২০ শতাংশ বৃদ্ধিৰ তুলনাত ক্রমে ৩৪.৯৮ শতাংশ আৰু ৩৪.৯৫ শতাংশলৈ বৃদ্ধি পাইছিল। অৱশ্যে ইয়াৰ পৰৱর্তী দশকবিলাকত জনসংখ্যা বৃদ্ধি ক্রমশঃ নিম্নগামী হৈছে।  ১৯৭১-৮১, ১৯৮১-৯১, ১৯৯১-২০০১ আৰু ২০০১-১১ দশকৰ জনসংখ্যা বৃদ্ধিৰ শতাংশ ক্ৰমে ২৩.৩৬, ২৪.২৪, ১৮.৯২ আৰু ১৭.০৭ আছিল ৷

অসমৰ ভূগোল দশম শ্ৰেণী

Advertisement

৫। ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্রৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পর্যালোচনা কৰা।

উত্তৰ – অসমৰ বিভিন্ন অঞ্চলৰ ভিন্ন প্রাকৃতিক পৰিৱেশ অনুসৰি ৰাজ্যখনৰ জনসংখ্যা সকলো অঞ্চলতে সমান নহয়। সেয়ে অঞ্চলভেদে জনসংখ্যা ঘনত্বও একে নহয়।

            ব্ৰহ্মপুত্র উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশ লোকে বসবাস কৰে। ইয়াত জনসংখ্যা ঘনত্ব ২০০১ চনত প্রতি বর্গ কিলোমিটাৰত ৪০৩ জন আৰু ২০১১ চনত ৪৭০ জনলৈ বৃদ্ধি পাইছে। ব্রহ্মপুত্র উপত্যকাৰ ভিতৰতে আকৌ ইয়াৰ উজনি অংশত উপত্যকাটোৰ মুঠ জনসংখ্যা প্রায় ২১ শতাংশ লোকে বসবাস কৰে আৰু ২০১১ চনৰ তথ্যমতে জনসংখ্যা ঘনত্ব হৈছে প্রতি বর্গ কিলোমিটাৰত ৩০৫ জন। আনহাতে, মধ্য ব্রহ্মপুত্র উপত্যকা অঞ্চলত উপত্যকাটোৰ মুঠ জনসংখ্যা প্রায় ২৭ শতাংশ লোকে বাস কৰে আৰু ২০১১ চনত এই অঞ্চলত জনসংখ্যা ঘনত্ব হৈছে প্রতি বর্গ কি.মিটাৰত ৫৯৫ জন। সেইদৰে নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্রায় ৩৬ শতাংশ লোকে বাস কৰে। ইয়াত জনসংখ্যা ঘনত্ব কিছু বেছি অর্থাৎ প্রতি বর্গ কিলোমিটাৰত ৫৫৮ জন।

        আনহাতে ২০১১ চনৰ তথ্যমতে বৰাক উপত্যকাত জনসংখ্যা ঘনত্ব হৈছে প্রতি বর্গ কিলোমিটাৰত ৫২৪ জন আৰু অসমৰ মুঠ জনসংখ্যা প্রায় ১১ শতাংশ লোকে এই বৰাক উপত্যকত বাস কৰে। ইয়াৰ বিপৰীতে, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা হাছাও পার্বত্য জিলা দুখনক সামৰি লোৱা পার্বত্য অঞ্চলটোৰ অসমৰ মুঠ জনসংখ্যা প্রায় ৩.৭৫ শতাংশ লোকে বাস কৰে। ইয়াত জনসংখ্যা ঘনত্ব অসমৰ আনকেইটা অঞ্চলৰ তুলনাত নিচেই কম। লোকপিয়ল ২০০১ চনৰ তথ্যমতে পার্বত্য অঞ্চলটোত জনসংখ্যা ঘনত্ব আছিল প্রতি বর্গ কিলোমিটাৰত মাত্র ৬৫ জন আৰু ২০১১ চনত সামান্যভাৱে ৭৬ জনলৈ বৃদ্ধি পাইছে।

  ৬। অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা।

উত্তৰ – অসমৰ বিভিন্ন অঞ্চলৰ ভিন্ন প্রাকৃতিক পৰিৱেশ অনুসৰি ৰাজ্যখনৰ জনসংখ্যা সকলো অঞ্চলতে সমান হয়। সেয়ে অঞ্চলভেদে জনসংখ্যা ঘনত্বও একে নহয়। সাধাৰণতে যিবিলাক অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল নহয়, যাতায়াত আৰু অর্থনৈতিক অৱস্থা উন্নত নহয়, সেইবিলাক অঞ্চলত জনবসতি সেৰেঙা আৰু জনসংখ্যা কম হয়। ইয়াৰ বিপৰীতে, অনুকূল প্রাকৃতিক আৰু অর্থনৈতিক অৱস্থা বিৰাজ কৰা অঞ্চলবোৰত জনবসতি ঘন হয়। উদাহৰণ  স্বৰূপে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতল ভূমি, সাৰুৱা মাটি, সুচল কৃষিকাৰ্য আৰু যাতায়াত ব্যৱস্থাৰ বাবে তাত জনবসতি ঘন। সেয়েহে ব্ৰহ্মপুত্র উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশ লোকে বসবাস কৰে।

            একেদৰে বৰাক উপত্যকাৰ সাৰুৱা সমভূমি অঞ্চলটো কৃষি আৰু যাতায়াতৰ বাবে সুফল হোৱাৰ কাৰণে এই অঞ্চলতো জনবসতি ঘন। ২০১১ চনৰ তথ্যমতে ইয়াত জনসংখ্যা ঘনত্ব হৈছে প্রতি বর্গ কিলোমিটাৰত ৫২৪ জন আৰু অসমৰ মুঠ জনসংখ্যা প্রায় ১১ শতাংশ লোকে এই বৰাক উপত্যকত বাস কৰে।ইয়াৰ বিপৰীতে, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা হাছাও পার্বত্য জিলা দুখনক সামৰি লোৱা পার্বত্য অঞ্চলটোৰ প্রতিকূল ভূপ্রাকৃতিক অৱস্থাৰ কাৰণে তাত জনবসতি পাতল আৰু জনসংখ্যাও কম। এই পার্বত্য অঞ্চলটোত অসমৰ মুঠ জনসংখ্যা প্রায় ৩.৭৫ শতাংশ লোকে বাস কৰে। ইয়াত জনসংখ্যা ঘনত্ব অসমৰ আনকেইটা অঞ্চলৰ তুলনাত নিচেই কম।

৭। ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।

উত্তৰ – ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত,

       আটাইতকৈ বেছি জনসংখ্যা থকা জিলা – নগাওঁ;

       আটাইতকৈ বেছি জনসংখ্যা ঘনত্বথকা জিলা – কামৰূপ (মহানগৰ) ;

       আটাইতকৈ কম জনসংখ্যা থকা জিলা – ডিমা হাচাও ;

       আটাইতকৈ কম জনসংখ্যা ঘনত্বথকা জিলা – ডিমা হাচাও ৷

অসমৰ ভূগোল দশম শ্ৰেণী

৮। অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰ – অসমত উচ্চ হাৰত হোৱা জনসংখ্যা বৃদ্ধিৰ কাৰণ হৈছে মূলতঃ দুটা। ইয়াৰে এটা হৈছে জনসংখ্যাৰ প্রাকৃতিক বৃদ্ধি আৰু আনটো হৈছে বাহিৰৰ পৰা ৰাজ্যখনলৈ অধিক মাত্ৰাত হোৱা জনপ্রব্রজন।

(i) জনসংখ্যাৰ প্রাকৃতিক বৃদ্ধি – জনসংখ্যাৰ প্রাকৃতিক বৃদ্ধি দৰাচলতে জন্ম আৰু মৃত্যুৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। অসমৰ জনসংখ্যাৰ জন্ম আৰু মৃত্যুৰ হাৰ ভাৰতৰ গড় হাৰৰ মাজত বেছি পার্থক্য নাই। ইয়াৰ অৰ্থ এইটোৱেই যে অসমৰ জনসংখ্যাৰ প্রাকৃতিক বৃদ্ধিৰ ফলত ৰাজ্যখনত যি হাৰত জনসংখ্যা বাঢ়িছে সেই প্রায় একেই হাৰত ভাৰতবৰ্ষৰ জনসংখ্যাও বৃদ্ধি পাইছে। গতিকে বর্তমান সময়ত অধিক মাত্রাত হোৱা জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত এই কথা প্রতিপন্ন হৈছে যে যদি অসমলৈ বুজন পৰিমাণে জনপ্ৰব্ৰজন নঘটিলহেঁতেন, তেনেহ’লে অসমৰ জনসংখ্যা স্বাভাৱিকভাৱেই বৃদ্ধি হৈ থাকিলহেঁতেন।

(ii) জনপ্রব্রজন – জনপ্ৰব্ৰজন অসমৰ জনসংখ্যা বৃদ্ধিৰ এটা প্রধান কাৰণ বুলি চিহ্নিত হৈছে। ব্রিটিছে দেশৰ শাসনভাৰ লোৱাৰ সময়ৰ পৰা অর্থাৎ ১৮২৬ চনৰপৰা অসমলৈ কম পৰিমাণে জনপ্রব্রজন হৈ আছিল। কিন্তু যোৱা শতিকাৰ আৰম্ভণিৰ পৰা অধিক সক্রিয় ৰূপত ৰাজ্যখনলৈ জনপ্রব্রজন হ’বলৈ ধৰিলে। ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত বহু সংখ্যক হিন্দু শৰণার্থী তেতিয়াৰ পূব পাকিস্তান (এতিয়া বাংলাদেশ)ৰপৰা অসমলৈ প্ৰব্ৰজন কৰে। আকৌ ভাৰতৰ স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাত (১৯৫১-২০০১) অসমৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাবলৈ ধৰে। এই কালছোৱাত দেশৰ জনসংখ্যাৰ ১৮৫ শতাংশ বৃদ্ধিৰ বিপৰীতে অসমৰ জনসংখ্যা প্রায় ২৩২ শতাংশ বৃদ্ধি পাইছিল। জনসংখ্যাৰ এই অস্বাভাৱিক বৃদ্ধিৰ মূল কাৰণ হৈছে বাংলাদেশৰ পৰা অসমলৈ অবাধ গতিত হোৱা অনুপ্রৱেশ।

অসমৰ ভূগোল দশম শ্ৰেণী

৯। অসমলৈ প্রাচীন কালৰপৰা বর্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্রমে উল্লেখ কৰা।

উত্তৰ – অসমলৈ নানা ঠাইৰপৰা বিভিন্ন সময়ত ঘটা জনপ্ৰব্ৰজনক একো একোটা জনস্রোত হিচাবে চিনাক্ত কৰিব পাৰি। অসমলৈ প্রাচীন কালৰপৰা বর্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্রমে উল্লেখ কৰা হ’ল –

(i) অষ্ট্রিক জনোগষ্ঠী – সমাজবিজ্ঞানীসকলে অনুমান কৰা মতে সম্ভৱতঃ অসমলৈ আগমন ঘটা প্রথমটো জনস্রোত আছিল অষ্ট্রিক জনগোষ্ঠীৰ লোকসকল। এওঁলোক দক্ষিণ-পূব এছিয়াৰ পৰা আহিছিল। অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত বিস্তৃতভাৱে বাস কৰা খাছিয়া আৰু জয়ন্তীয়াসকল এই অষ্ট্রিক জনগোষ্ঠীৰ লোক। এই লোকসকলৰ কিছু সংখ্যক লোক মেঘালয়ৰ সীমামূৰীয়া অসমৰ কাৰ্বি আংলং, ডিমা হাছাও আৰু কাছাৰ জিলাত  বসবাস কৰি আছে।

(ii) মংগোলীয়সকল – অষ্ট্রিকসকলৰ পিছত অসমলৈ আগমন ঘটা দ্বিতীয়টো জনস্রোত আছিল তিবতীয়-বর্মণ ভাষা কোৱা মংগোলীয়সকল। এওঁলোক মধ্য এছিয়াৰ পৰা হিমালয় পর্বত অতিক্ৰম কৰি অসমলৈ আহিছিল আৰু অসমৰ বিভিন্ন ঠাইত থিতাপি লৈছিলহি। বর্তমান সময়ত অসমত বাস কৰা খাছিয়া লোকসকলৰ বাহিৰে প্রায় সকলাো জনজাতি মূলতঃ মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত। এই জনগোষ্ঠীৰ অন্তৰ্গত প্ৰধান জনজাতিসকল হৈছে ভৈয়ামৰ বড়ো, মিছিং, ৰাভা, তিৱা, দেউৰী, সোণোৱাল কছাৰী, মেছ, কাছাৰৰ বর্মণসকল আৰু পাৰ্বত্য জনজাতি সকল হ’ল কাৰ্বি, ডিমাছা কছাৰী, গাৰো, কুকি, মাৰ, হাজং, ৰেংমা নাগা আৰু জেমি নাগাসকল ।

(iii)আৰ্যসকল – সম্ভৱতঃ মংগোলীয় জনগোষ্ঠীৰ লোকসকল অহাৰ পিছত সিন্ধু-আর্য্যমূলৰ ভাষা কোৱা লোকসকল গংগা সমভূমি অঞ্চলৰ পৰা অসমলৈ আহিছিল। এওঁলোক আছিল মূলতঃ ক’কেছীয় জনগোষ্ঠীৰ লোক। অসমত বর্তমান বাস কৰা সৰহ সংখ্যক অজনজাতীয় লোকেই ক’কেছীয় জনগোষ্ঠীৰ। ব্রাহ্মণ, কায়স্থ, কলিতা, নাথ-যোগী, কৈৱৰ্ত্ত আদি জাতিৰ লোকসকল এই জনগোষ্ঠীৰ অন্তৰ্গত। এওঁলোকে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বসতি বিস্তাৰ কৰি অসমত বৈদিক সভ্যতা আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰে।

(iv) সিন্ধু-আৰ্য্যমূলৰ ইছলাম ধৰ্মাৱলম্বী লোক সকল – প্রায় ১৩ শতিকাৰ আৰম্ভণিতে সিন্ধু-আৰ্য্যমূলৰ ইছলাম ধৰ্মাৱলম্বী এদল লোক (সৈন্য) কুটুবুদ্দিনৰ সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলীজিৰ নেতৃত্বত তিব্বতলৈ বুলি অগ্ৰসৰ হোৱাৰ পথত পোন প্রথমে অসমত প্ৰৱেশ কৰে। ইয়াৰ পিছত বিভিন্ন সময়ত উত্তৰ ভাৰতৰ মোগল সম্রাটসকলৰ পৃষ্ঠপোষকতাত অসম আক্ৰমণ কৰিবলৈ অহা মুছলমান সৈন্যসকলৰ লগতে ভিন্ন কাৰিকৰী দক্ষতাৰ লোকসকল বন্দীৰূপে বা স্থানীয় লোকৰ প্ৰয়োজনত অসমত থাকি যায়। পিছলৈ এওঁলোকে অসমত মুছলমান সম্প্রদায়ৰ সমাজ আৰু সংস্কৃতি গঢ়ি তোলে।

(v) আহোমসকল – আহোমসকলে চীনদেশৰপৰা আহি ম্যানমাৰত সোমায় আৰু তাৰ পিছত ১২২৮ খ্রীষ্টাব্দত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পর্বত পাৰ হৈ আহোমসকল অসমলৈ আহে। এওঁলোকে প্রথমে উজনি অসমত থিতাপি লৈ আহোম ৰাজ্য স্থাপন কৰে।   আহোমসকলে অসমত প্রায় ছয়শ বছৰকাল ৰাজত্ব কৰি অসমৰ সমাজ-সংস্কৃতিলৈ বলিষ্ঠ অৱদান আগবঢ়াই গৈছে। সম্প্রতি আহোমসকলে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু ধেমাজি জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাত প্ৰধানকৈ বসতি কৰি আছে।

(vi) কোচ ৰাজবংশীসকল – কোচ ৰজা বিশ্বসিংহৰ নেতৃত্বত কোচসকলে অসমৰ পশ্চিম প্রান্তত ৰাজ্য স্থাপন কৰি পিছত নামনি অসমৰ বৰনদীলৈকে সাম্রাজ্য বিস্তাৰ কৰে। বিশ্বসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰজা নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ৰ পৰাক্ৰমী নেতৃত্বত কোঁচসকলে নামনি অসমৰপৰা উজনি অসম পৰ্য্যন্ত সাম্রাজ্য বিস্তাৰ কৰে।বর্তমান কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকল ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, চিৰাং, বৰপেটা, নলবাৰী, কামৰূপ, বাক্সা, ওদালগুৰি, কামৰূপ (মেট্র’), দৰং, মৰিগাঁও, নগাঁও, শোণিতপুৰ, লক্ষীমপুৰ, গোলাঘাট জিলাত প্রধানকৈ বসবাস কৰি আছে।

(vii) ব্রিটিছসকলৰ অসম শাসনৰ সময়ৰ জনপ্রব্রজন  – ব্রিটিছসকলে অসমৰ শাসনভাৰ লোৱাৰ পিছত তেওঁলোকৰ প্ৰশাসনীয়, অর্থনৈতিক আৰু বাণিজ্যিক কাম-কাজ চলাৰৰ বাবে সেই সময়ত বেংগল, বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান পৰা দক্ষলোকক আনিছিল। আনকি নেপালৰ পৰাও কিছু নেপালী সম্প্রদায়ৰ লোকক বিশেষকৈ সৈন্যবাহিনীত নিয়োগ কৰিবলৈ অনা হৈছিল। পিছলৈ অন্য বহুতো নেপালী লোক জীৱিকাৰ সন্ধানত ৰাজ্যখনলৈ আহিছিল আৰু প্ৰধানকৈ কৃষি আৰু পশুপালন কার্যত আত্মনিয়োগ কৰিছিল। ব্রিটিছসকলে মধ্য ভাৰতৰ চোটানাগপুৰ মালভূমি অঞ্চলৰ জনজাতিসকলক চাহ বনুৱা হিচাপে অসমলৈ আনে। পিছলৈ এই লোকসকল চাহ জনজাতি বুলি স্বীকৃত হয়।

(viii) পূর্ব বংগৰ বা বাংলাদেশৰ পৰা হোৱা জনপ্রব্রজন – অসমলৈ আগমন ঘটা আন এটা উল্লেখযোগ্য জনস্রোত হৈছে তেতিয়াৰ পূর্ব বংগৰ (এতিয়া বাংলাদেশ) পৰা অহা ভূমিহীন মুছলমান কৃষকসকল। প্রায় উনৈশ শতিকাৰ শেষৰ দশকৰপৰা দেশে স্বাধীনতা লাভ কৰাৰ আগলৈকে এই প্রব্রজন অব্যাহত আছিল। প্রথমে অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ জমীদাৰসকলৰ পৃষ্ঠপোষকতা আৰু পিছলৈ শাসকসকলৰ অনুগ্ৰহত অসমৰ বিস্তৃর্ণ সাৰুৱা পথাৰ আৰু সেৰেঙা জনবসতিৰ অঞ্চলবোৰলৈ পূর্ব বংগৰ ভূমিহীন কৃষকৰ অবাধ প্রব্রজন ঘটিছিল। ইয়াৰ পিছত দেশ স্বাধীন হোৱাৰ সময়ত দেশ বিভাজনৰ ফলত বহু সংখ্যক হিন্দু শৰণার্থী সেই সময়ৰ পূব-পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰে আৰু কালক্রমে ইয়াৰে একাংশই অসমত বসতি স্থাপন কৰে।

অসমৰ ভূগোল দশম শ্ৰেণী

Advertisement

১০। অসমৰ আহোমসকলৰ জনগোষ্ঠীয় পৰিচয় দাঙি ধৰা।

উত্তৰ –  আহোমসকল মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক। এওঁলোক চীনদেশৰপৰা আহি ম্যানমাৰত সোমায় আৰু তাৰ পিছত ১২২৮ খ্রীষ্টাব্দত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পর্বত পাৰ হৈ আহোমসকল অসমলৈ আহে। এওঁলোকে প্রথমে উজনি অসমত থিতাপি লৈ আহোম ৰাজ্য স্থাপন কৰে। পৰৱৰ্তী সময়ত এওঁলোকে প্রায় গোটেই ব্রহ্মপুত্র উপত্যকা নিজৰ শাসনলৈ আনে। আহোমসকলে অসমত প্রায় ছয়শ বছৰকাল ৰাজত্ব কৰি অসমৰ সমাজ-সংস্কৃতিলৈ বলিষ্ঠ অৱদান আগবঢ়াই গৈছে। সম্প্রতি আহোমসকলে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু ধেমাজি জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাত প্ৰধানকৈ বসতি কৰি আছে।

১১। পৰিবহণ ব্যৱস্থাই অসমৰ অর্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা।

উত্তৰ – পৰিবহণ বর্তমান সময়ৰ অর্থনৈতিক উন্নয়নৰ অপৰিহাৰ্য্য উপাদান। ভাল পৰিবহণ ব্যৱস্থাৰ যোগেদি বিভিন্ন অঞ্চলৰ মাজত সংযোগ স্থাপন হোৱাৰ উপৰিও সম্পদ, জ্ঞান আৰু সভ্যতা-সংস্কৃতিৰ আদান-প্রদান হয়।

          অসম উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ। এই দুৱাৰমুগৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ লগত উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহে সংযোগ স্থাপন কৰি আছে। সেয়েহে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ অর্থনৈতিক উন্নতি ওতঃপ্রোতভাৱে জড়িত হৈ আছে। আকৌ অসম ভাৰতৰ পৰা ভৌগোলিকভাৱে দূৰত হোৱাৰ বাবে পৰিবহণ ব্যৱস্থা অসমৰ অর্থনৈতিক উন্নয়নৰ অন্যতম অপৰিহাৰ্য আহিলাৰূপে পৰিগণিত হৈছে। অসমৰ পৰিবহণ ব্যৱস্থাবোৰ হৈছে— পথ পৰিবহণ, ৰে’ল পৰিবহণ, জল পৰিবহণ, আৰু বিমান পৰিবহণ।

পথ পৰিবহণ – অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুঠ সাত প্ৰকাৰৰ পথ আছে, যেনে পকীপথ, পকী নোহোৱা পথ, ৰাষ্ট্ৰীয় ঘাই পথ, ৰাজ্যিক পথ,  জিলাৰ প্রধান পথ, গাঁৱলীয়া পথ আৰু নগৰৰ পথ। অসমৰ আভ্যন্তৰীণ পথ পৰিবহণ ব্যৱস্থাত ৰাষ্ট্ৰীয় ঘাই পথৰ উপৰি আন পথসমূহৰ সক্রিয় ভূমিকা আছে। আনহাতে, ৰাষ্ট্ৰীয় ঘাই পথে অসমক উত্তৰ-পূবৰ ৰাজ্যসমূহৰ লগতে ভাৰতৰ অন্যান্য ৰাজ্যৰ সৈতে সংযোগ কৰি উন্নয়নৰ পথ সুগম কৰি তুলিছে।

ৰেল পৰিবহন – পৰিবহণ ব্যৱস্থাৰ এটা প্রধান অংগ হৈছে ৰে’ল পৰিবহণ। ভাৰতবৰ্ষৰ আন ৰাজ্যৰ নিচিকৈ অসমতো ৰে’ল পৰিবহণ ব্যৱস্থাৰ উন্নতি ঘটিছে আৰু অসমৰ অর্থনৈতিক উন্নয়নত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।

জল পৰিবহণ – অসমৰ জল পৰিবহণ ব্যবস্থা মূলতঃ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা। অসম  নদী প্রধান ৰাজ্য। ভাৰতৰ মুঠ জলসম্পদৰ প্রায় ৩২ শতাংশ জলসম্পদৰ অধিকাৰী ব্রহ্মপুত্র, বৰাক আৰু ইহঁতৰ অসংখ্য উপনৈ মিলি বিস্তৃত জলপথ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটো (৮৯১ কি.মি.) ১৯৮৮ চনত দেশৰ দ্বিতীয়টা ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছিল। এই জলপথটোৱে অসমৰ লগতে সমগ্র উওৰ পূব ভাৰতৰ অর্থনৈতিক উন্নয়নত অৰিহণা যোগাই আহিছে।

বিমান পৰিবহণ – বিমান পৰিবহণ আধুনিক পৰিবহণ ব্যৱস্থাৰ এক অপৰিহাৰ্য্য অংগ। বর্তমান সময়ত অসমৰ বিমান পৰিবহণ ব্যৱস্থাই কিছু উন্নতি লাভ কৰিছে। বিমান পৰিবহণৰ যোগেদি ভাৰতৰ বিভিন্ন ঠাইৰ সৈতে অসমৰ সংযোগ ঘটিছে।

অসমৰ ভূগোল দশম শ্ৰেণী

১২। অসমৰ জলপৰিবহণৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰ –  অসম এখন নদী প্রধান ৰাজ্য। ভাৰতৰ মুঠ জলসম্পদৰ প্রায় ৩২ শতাংশ জলসম্পদৰ অধিকাৰী ব্রহ্মপুত্র, বৰাক আৰু ইহঁতৰ অসংখ্য উপনৈ মিলি বিস্তৃত জলপথ সৃষ্টি কৰিছে। শদিয়াৰপৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ ৮৯১ কি.মি. নাব্য জলপথ আৰু বৰাকৰ ১২১ কি.মি. নাব্য জলপথ আছে। ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটো (৮৯১ কি.মি.) ১৯৮৮ চনত দেশৰ দ্বিতীয়টা ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছিল। আনহাতে, বৰাক নদীৰ লখিপুৰৰপৰা ভাংগালৈ মুঠ ১২১ কি.মি. নাব্য জলপথছোৱাক ভাৰত চৰকাৰে ২০১৩ চনত দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিছে।  এই দুটা জলপথেৰে চলাচল কৰা জাহাজৰ সহায়ত কম খৰচতে মাল বস্তু পৰিবহণ কৰি সমগ্ৰ উত্তৰ-পূব ভাৰত বিশেষকৈ অসম, নাগালেণ্ড, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আৰু অৰুণাচল প্রদেশৰ উন্নতি হ’ব বুলি আশা কৰা হৈছে। পাণ্ডুকে ধৰি ব্ৰহ্মপুত্ৰৰ কেইবাটাও সৰু নদী-বন্দৰ আছে। ইয়াৰ উপৰিও যাত্রী আৰু মাল-বস্তু কঢ়িয়াবলৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰত ৩০ যোৰতকৈও বেছি ফেৰীঘাট,  জলপৰিবহণ বিভাগৰ তিনিটা মণ্ডলত সৰ্বমুঠ ৯৬ খন ফেৰী, ৬১ খন জাহাজ আছে। তাৰোপৰি ব্যক্তিগত মালিকানাধীন ভালেমান ফেৰী সেৱা আৰু ভুটভূটী সেৱা যাত্রী আৰু মাল-বস্তু পৰিবহণৰ বাবে অসংগঠিত খণ্ডত  চলি আছে।

      অসমৰ আভ্যন্তৰীণ জল পৰিবহণৰ সুবিধাসমূহ হৈছে—

(ক) অসম নদীমাতৃক ৰাজ্য হোৱাৰ বাবে ইয়াত জলপৰিবহণ ব্যৱস্থাৰ প্ৰসাৰৰ বাবে অনেক সুযোগ আৰু সুবিধা আছে, (খ) অন্য পৰিবহণৰ তুলনাত জলপৰিবহণত ইন্ধনৰ খৰচ কম,

(গ) গধুৰ মাল-বস্তুৰ পৰিবহণৰ ক্ষেত্ৰত জল পৰিবহণ ব্যৱস্থা অতি উপযোগী,

(ঘ) আভ্যন্তৰীণ জল পৰিবহণে ৰাজ্যখনৰ ভিতৰতে মানুহ আৰু মালবস্তু পৰিবহণৰ ক্ষেত্ৰত সুবিধা আগবঢ়াই আহিছে, (ঙ) পথ পৰিবহণৰ দৰে জল পৰিবহণত বায়ু প্ৰদূষণৰ সমস্যা নাথাকে,

(চ) পথ পৰিবহণৰ ক্ষেত্ৰত পিছপৰা ঠাইসমূহৰ জনসাধাৰণৰ যাতায়াত আৰু মালবস্তু

অনা-নিয়াৰ বাবে জল পৰিবহণ ব্যৱস্থাই সহায় কৰি আহিছে,

(ছ) অসমৰ প্রাকৃতিক দুর্যোগ বিশেষকৈ বানপানীৰ সময়ত জল পৰিবহণ ব্যৱস্থাই উল্লেখযোগ্য ভূমিকা পালন কৰা দেখা যায় ৷

(জ) প্রাকৃতিক নদ-নদীৰ জলপথসমূহ ব্যৱহাৰ কৰাৰ বাবে জল পৰিবহণ ব্যৱস্থাত মেৰামতি, পথ নির্মাণ আদি সমস্যাবোৰ নেথাকে।

অসমৰ ভূগোল দশম শ্ৰেণী

১৩। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা।

উত্তৰ – অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ তলত উল্লেখ কৰা হ’ল –

(ক) পাহাৰ, মালভূমি, সমভূমি, প্লাৱন ভূমি, জলাশয় আদিৰে বৈশিষ্ট্যপূর্ণ অসমৰ ভিন্ন ভূপ্রকৃতিৰ বাবে যাতায়াত ব্যৱস্থা   সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় ৷

(খ) অসম ৰাজ্যখন ইয়াৰ পশ্চিমৰ ঠেক ভূখণ্ডৰ দ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈছে আৰু সেইবাবে পৰিবহণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে ৷

(গ) বাট-পথ নির্মাণ আৰু মৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণ ঠাই বিশেষে সিমান উপযুক্ত নহয়। তাৰোপৰি বাৰিষা কালত হোৱা প্ৰচুৰ বৰষুণৰ বাবে বাট-পথ সহজে নষ্ট হয়। আনহাতে, বাট-পথ নিমাণৰ ক্ষেত্ৰত উপযুক্ত আধুনিক প্রযুক্তি আৰু কৌশল প্রয়োগ নকৰাৰ ফলত কম দিনৰ ভিতৰতে বাট-পথৰ অৱস্থা শোচনীয় হৈ পৰে।

(ঘ) উদ্যোগিক বিকাশৰ ক্ষেত্ৰত অসম ভাৰতৰ আন কিছুমান ৰাজ্যৰ তুলনাত এতিয়াও পিছ পৰি আছে। ইয়াৰ এটা প্ৰধান কাৰণ হৈছে অসমৰ অনুন্নত পৰিবহণ ব্যৱস্থা। আনহাতে, উদ্যোগিক বিকাশ হলে স্বাভাৱিকতে পৰিবহণ ব্যৱস্থাটোৱেও সমান্তৰালভাৱে উন্নতি লাভ কৰিব।

(ঙ) অসমত পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা আছে যদিও ইয়াৰ উন্নয়নৰ বাবে এতিয়াও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। পৰ্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিলে নিশ্চিতভাৱে ৰাজ্যখনৰ পৰিবহণ ব্যৱস্থাটোৱেও উন্নতি লাভ কৰিব ৷

অসমৰ ভূগোল দশম শ্ৰেণী

Advertisement

১৪। সম্পদ বুলিলে কি বুজায় ? অসমৰ প্রধান প্রাকৃতিক সম্পদবোৰ কি কি?

উত্তৰ – সম্পদ বুলিলে আমাৰ পৰিৱেশত থকা সেইবিলাক দ্রব্য বা বস্তুকে বুজায় যিবিলাক ব্যৱহাৰ কৰি আমি আমাৰ অভাৱ আৰু অভিলাষ পূৰণ কৰিব পাৰো।

          অসমৰ প্রধান প্রাকৃতিক সম্পদবোৰ হৈছে ভূমি সম্পদ, বন সম্পদ, খনিজ সম্পদ আৰু জলসম্পদ।

(i) ভূমি সম্পদ – ভূমি সম্পদ জীৱজগতৰ বাবে অতি অপৰিহাৰ্য সম্পদ ৷ ভূমিয়ে প্ৰাণীআৰু উদ্ভিদক আশ্ৰয় দি জীৱজগত বৰ্তাই ৰাখিছে ৷ অসমৰ ভূমিৰ গুণাগুণ বিচাৰ কৰিলে দেখা যায় যে ইয়াৰ ভূমি চাৰি প্ৰকাৰৰ মৃত্তিকাৰে গঠিত। এই চাৰিপ্ৰকাৰৰ মৃত্তিকা হৈছে— (ক) নদী সমভূমিৰ পলসুৱা মৃত্তিকা, (খ) গিৰিপদ মৃত্তিকা, (গ) পাহাৰীয়া মৃত্তিকা আৰু (ঘ) কংকৰ মৃত্তিকা। ইয়াৰ ভিতৰত অর্থনৈতিক দিশৰপৰা পলসুৱা মাটি (মৃত্তিকা) বিশেষভাৱে গুৰুত্বপূর্ণ।

(ii) বন সম্পদ -আজিৰপৰা চাৰি-পাঁচ দশক আগলৈকে অসম বন সম্পদত অতি চহকী আছিল। কিন্তু পৰৱৰ্তী সময়ত দ্রুত জনসংখ্যা বৃদ্ধি আৰু বনাঞ্চলত হোৱা বেদখলৰ ফলত অসমৰ বন সম্পদ যথেষ্ট হ্রাস পাইছে। তথাপি ভাৰতবৰ্ষৰ অন্য কিছুমান ৰাজ্যৰ তুলনাত অসম বন সম্পদত এতিয়াও চহকী বুলি ক’ব পাৰি। অসমৰ সমভূমি, মালভূমি, পাহাৰ আদি প্রাকৃতিক অঞ্চলবোৰত কেইবাপ্রকাৰৰ অৰণ্য পোৱা যায়, যেনে— (ক) ক্রান্তীয় চিৰসেউজীয়া অৰণ্য, (খ) ক্রান্তীয় অর্ধচিৰসেউজীয়া অৰণ্য, (গ) নদীকাষৰীয়া অৰণ্য, (ঘ) ক্রান্তীয় আর্দ্র পর্ণপাতী অৰণ্য আৰু (ঙ) ক্রান্তীয় শুষ্ক পর্ণপাতী অৰণ্য।

(iii) খনিজ সম্পদ – অসম খনিজ সম্পদত চহকী। মূলতঃ অসুবিধাজনক অৱস্থিতি আৰু প্রতিকূল প্রাকৃতিক পৰিৱেশৰ বাবে খনিজ সম্পদবোৰ ভালদৰে আহৰণ কৰিব পৰা নাই। অসমৰ প্রধান খনিজ সম্পদসমূহ হৈছে— কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আৰু চূণশিল ৷

(iv) জলসম্পদ- অসম এখন জলসম্পদৰ ফালৰ পৰা চহকী ৰাজ্য । অসমত পর্যাপ্ত পৃষ্ঠজল সম্পদ  আৰু ভূ-তল জলসম্পদ আছে। প্রচুৰ বৰষুণ, গাোটেই বছৰ ধৰি বৈ থকা নদ-নদীৰ জলপ্রবাহ, খাল, পিতনি, জলাহ, আৰ্দ্রভূমি আদিৰ জলৰাশিয়ে অসমৰ পৃষ্ঠ-জল সম্পদ সমৃদ্ধ কৰিছে।

১৫। অসমৰ প্রধান তৈলক্ষেত্রসমূহ উল্লেখ কৰা।

উত্তৰ – অসমৰ প্রধান তৈলক্ষেত্রসমূহ হ’ল ডিগবৈ, নাহৰকটীয়া, মৰাণ, হুগ্ৰীজান, ৰুদ্ৰসাগৰ, লাকোৱা, গেলেকী, বৰহোলা আৰু আমগুৰি তৈলক্ষেত্র৷

১৬। অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ –অসম এখন জলসম্পদৰ ফালৰ পৰা চহকী ৰাজ্য । অসমত পর্যাপ্ত পৃষ্ঠজল সম্পদ  আৰু ভূ-তল জলসম্পদ আছে। প্রচুৰ বৰষুণ, গাোটেই বছৰ ধৰি বৈ থকা নদ-নদীৰ জলপ্রবাহ, খাল, পিতনি, জলাহ, আৰ্দ্রভূমি আদিৰ জলৰাশিয়ে অসমৰ পৃষ্ঠ-জল সম্পদ সমৃদ্ধ কৰিছে। ৰাজ্যখনৰ দুই প্রধান নদী— ব্রহ্মপুত্ৰ আৰু ব্ৰক আৰু ইহঁতৰ অসংখ্য উপনৈবোৰে দেশৰ প্রায় এক তৃতীয়াংশ জলসম্পদ বহন কৰিছে। ৰাজ্যখনত অলেখ সৰু-বৰ পিতনি আৰু জলাহৰ উপৰি প্রায় তিনি হেজাৰৰো অধিক আর্দ্রভূমি আছে। এইবোৰত প্ৰধানকৈ নানা প্রকাৰৰ মাছ আৰু ভিন্ন প্রজাতিৰ জলজ উদ্ভিদ পোৱা যায়। পৃষ্ঠ জলভাগ বিশেষকৈ বোৱতী নদ-নদীৰ জলৰাশি কৃষি কাৰ্যৰ লগতে ঘৰুৱা প্রয়োজনত আৰু উদ্যোগ আৰু জল পৰিবহণ খণ্ডত ব্যৱহাৰ কৰা হৈছে। আনহাতে, সমগ্র ব্রহ্মপুত্র আৰু বৰাক উপত্যকাত ভূ-তল জলসম্পদ প্ৰচুৰ পৰিমাণে সঞ্চিত হৈ আছে। সমভূমি অঞ্চলত ভূপৃষ্ঠৰপৰা প্রায় ৫ মিটাৰ গভীৰতাৰ ভিতৰতে ভূ-তল জলস্তৰ পোৱা যায়। পৃষ্ঠ জলৰাশিৰ দৰে ভূ-তল জলৰাশি ৰাজ্যখনৰ কৃষিৰ উপৰি ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। কিন্তু মন কৰিবলগীয়া কথা এয়ে যে অসমত প্ৰচুৰ পৃষ্ঠজল সম্পদ আৰু ভূ-তল জলসম্পদ আছে যদিও ইয়াৰ উপযুক্ত ব্যৱহাৰ এতিয়াও হোৱা নাই।

১৭। অসমৰ প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি?

উত্তৰ –  অসমৰ প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণ প্ৰকৃতিক আৰু মানৱজনিত ৷ বর্তমান সময়ত প্রাকৃতিক কাৰকতকৈ মানৱজনিত কাৰবোৰ বেছি প্ৰভাৱশালী ৰূপত সক্রিয় হৈ পৰিছে। এই বিষয়ে তলত আলোচনা কৰা হ’ল –

(i) যোৱা কেইটামান দশকত অসমৰ জনসংখ্যা দ্রুতগতিৰে বৃদ্ধি পাইছে ৷ জনসংখ্যা বৃদ্ধিৰ ফলত  কোনো ঠাইত হাবি-জংঘল পৰিষ্কাৰ কৰি আকৌ কোনো ঠাইত জলাশয় আদি পুতি মানুহে বসতি কৰিবলৈ লৈছে।  এইদৰে জনবসতি সম্প্রসাৰণৰ ফলত বনাঞ্চল, জলাশয়, আর্দভূমি, কৃষিভূমি আদি মূল্যৱান সম্পদবোৰ ক্ৰমে হ্রাস পাই আহিছে।

(ii) জনসংখ্যাৰ হেঁচাত ভুমিৰ ব্যৱহাৰৰ পৰিৱর্তন হৈছে আৰু অনুচিতভাৱে ভূমি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত ভূমি ক্ষয়, ভূমিৰ উৰ্বৰতা হ্রাস, মৃত্তিকা প্ৰদূষণ আদি সমস্যাৰ সৃষ্টি হৈছে।

(iii) মানুহে অধিক শস্য উৎপাদনৰ উদ্দেশ্যে কৃষিভূমিত অত্যধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত কৃষিভূমিৰ প্ৰাকৃতিক গুণাগুণ নষ্ট হৈ পৰিছে।

(iv) ভূমি সম্পদৰ দৰে অসমৰ বন সম্পদে মানুহৰ কার্যকলাপৰ দ্বাৰা আক্ৰান্ত হৈছে। বর্তমান চলি থকা বন ধ্বংস কার্য যদি এতিয়াই ৰোধ কৰিব পৰা নাযায়, তেন্তে অচিৰেই অসমৰ বনসম্পদ নিঃশেষ হৈ যাব।

(v) বৰ্তমান ৰাজ্যখনৰ বিশেষকৈ পৰিবহণ, উদ্যোগ আৰু শক্তি খণ্ডৰ উন্নয়নৰ অৰ্থে খনিজ সম্পদবোৰৰ ব্যৱহাৰ ক্ৰমশঃ বৃদ্ধি পাইছে আৰু নিশ্চিতভাৱে এদিন এই অনৱীকৰণীয় সম্পদৰাজিৰ ভাণ্ডাৰ উদং হৈ পৰিব।

(vi) বর্তমান সময়ত মানুহৰ অর্থনৈতিক কাম-কাজৰ পৰিসৰ বৃদ্ধি পাইছে। অসমত নগৰীকৰণ আৰু ঔদ্যোগীকৰণ প্রক্রিয়া ক্রমশঃ অগ্ৰসৰ হৈছে আৰু ফলত প্রাকৃতিক সম্পদসমূহৰ ওপৰত ইয়াৰ প্রত্যক্ষ আৰু পৰোক্ষ প্রভাৱ পৰিছে।

অসমৰ ভূগোল দশম শ্ৰেণী

১৮। বর্ধিত জনসংখ্যাই প্রাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে?

উত্তৰ – যোৱা কেইটামান দশকত অসমৰ জনসংখ্যা দ্রুতগতিৰে বৃদ্ধি পাইছে। ফলস্বৰূপে প্রাকৃতিক পৰিৱেশৰ ওপৰত জনসংখ্যাৰ হেঁচা বাঢ়ি গৈছে। জনসংখ্যা বৃদ্ধিৰ ফলত বিশেষকৈ জনবসতিৰ প্ৰসাৰ ঘটিছে আৰু খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিবলগীয়া হৈছে। কোনো ঠাইত হাবি-জংঘল পৰিষ্কাৰ কৰি আকৌ কোনো ঠাইত জলাশয় আদি পুতি মানুহে বসতি কৰিবলৈ লৈছে। তদুপৰি সাৰুৱা পলসুৱা কৃষিভূমি বসতিৰ বাবে ব্যৱহাৰ কৰা হৈছে। এইদৰে জনবসতি সম্প্রসাৰণৰ ফলত বনাঞ্চল, জলাশয়, আর্দভূমি, কৃষিভূমি আদি মূল্যৱান সম্পদবোৰ ক্ৰমে হ্রাস পাই আহিছে। জনসংখ্যাৰ হেঁচাত ভুমিৰ ব্যৱহাৰৰ পৰিৱর্তন হৈছে আৰু অনুচিতভাৱে ভূমি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত ভূমি ক্ষয়, ভূমিৰ উৰ্বৰতা হ্রাস, মৃত্তিকা প্ৰদূষণ আদি সমস্যাৰ সৃষ্টি হৈছে। আনহাতে, বৰ্ধিত জনসংখ্যাৰ বাবে অধিক খাদ্য শস্য উৎপাদনত গুৰুত্ব দিবলগীয়া হোৱাত কৃষিভূমিৰ প্রয়োজন হৈছে। কিন্তু জনবসতিৰ বাবেও কৃষিভূমি ব্যৱহাৰ হোৱাত ৰাজ্যখনত কৃষিভূমি হ্রাস হ’ব ধৰিছে। সেয়েহে মানুহে অৰণ্যভূমি আৰু আর্দ্রভূমি কৃষিভূমিলৈ পৰিৱৰ্তন কৰি কৃষিকাৰ্যৰ সম্প্ৰসাৰণ ঘটাইছে। আকৌ অধিক শস্য উৎপাদনৰ উদ্দেশ্যে কৃষিভূমিত অত্যধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলতো কৃষিভূমিৰ প্ৰাকৃতিক গুণাগুণ নষ্ট হৈ পৰিছে।

১৯। অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা (সমস্যা) নে সম্পদ ? আলোচনা কৰা।

উত্তৰ –  এই কথা নিশ্চয়কৈ সত্য যে অসমৰ দ্রুতগতিৰে বাঢ়ি অহা জনসংখ্যা ৰাজ্যখনৰ বাবে বোজা হৈ পৰিছে। কিন্তু অসমৰ বৃহৎ জনসংখ্যাক ৰাজ্যখনৰ বাবে বোজা হ’বলৈ নিদি আমি কিদৰে সম্পদ হিচাপে গঢ়ি তুলিব পাৰো তাৰেই পৰিকল্পনা কৰাৰ উচিত ৷

           ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা হৈছে প্রায় ৩১ নিযুত।  ৰাজ্যখনৰ প্রায় ৭৩ শতাংশ লোক শিক্ষিত, ইয়াৰে পুৰুষৰ শিক্ষিত হাৰ প্রায় ৭৮ শতাংশ আৰু মহিলাৰ শিক্ষিত হাৰ প্রায় ৬৭ শতাংশ। আকৌ নগৰ আৰু গাৱৰ জনসংখ্যাৰ শিক্ষিতৰ হাৰ যথাক্ৰমে  প্ৰায় ৮৮ শতাংশ  আৰু ৭০ শতাংশ ৷ বয়সৰ ভিত্তিত দেখা যায় যে জাপান বা চীন দেশৰ দৰে  অসমৰ জনসংখ্যা বয়সস্থ লোকৰ দ্বাৰা ভাৰাক্ৰান্ত নহয়। মন কৰিব লগীয়া যে ১৫ বছৰৰপৰা  ৩৪ বছৰ বয়সৰ ভিতৰত অসমৰ মুঠ জনসংখ্যাৰ ৩৫ শতাংশ লোক আছে। ই এক আশাৰ বতৰা, কিয়নো অসমৰ জনসংখ্যাত যুৱ-প্ৰজন্মৰ পয়োভৰ ঘটিছে। অফুৰন্ত কর্মদক্ষতাৰ সম্ভাৱনা থকা ১৫ বছৰৰ পৰা ৩৪ বছৰৰ যুৱচামে ৰাজ্যখনৰ জনসংখ্যাৰ এক বুজন অংশ  প্ৰতিনিধিত্ব কৰিছে ৷ এই বৃহৎ যুৱশক্তিক সঠিকভাবে পৰিচালিত কৰি শিক্ষা দীক্ষা, বুদ্ধি পৃথি, কাৰিকৰী দক্ষতা আদিৰ ক্ষেত্ৰত উপযুক্ত কৰি গঢ়ি তুলিব লাগিব। আনহাতে, সমাজৰ দুৰ্বল শৰণীৰ লোকসকল, বিশেষকৈ দৰিদ্ৰ জনসাধাৰণ, দৈহিকভাৱে অক্ষম লোকসকল আৰু মহিলাসকলৰ সৱলীকৰণৰ বাবে কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলেহে প্রকৃতাৰ্থত মানব সম্পদ উন্নয়ন সম্ভৱ হ’ব।

২০। অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্রহণ কৰিব লাগে ?

উত্তৰ – ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ দৰে অসমতো মানৱ সম্পদ উন্নয়নৰ প্ৰচুৰ সম্ভাৱনা আছে। অসমৰ জনসংখ্যাৰ বৃত্তিগত বৈশিষ্ট্য লক্ষ্য কৰিলে দেখা যায় যে প্রাথমিক বৃত্তিৰ বাহিৰে দ্বিতীয়ক, তৃতীয়ক আৰু চতুর্থক খণ্ডত ৰাজ্যখনে বিশেষ অগ্রগতি লাভ কৰিব পৰা নাই। ৰাজ্যখনৰ বৃহৎ জনসংখ্যাৰ যুৱশক্তিক সঠিকভাবে পৰিচালিত কৰি শিক্ষা দীক্ষা, বুদ্ধি- বৃত্তি, কাৰিকৰী দক্ষতা আদিৰ ক্ষেত্ৰত উপযুক্ত কৰি গঢ়ি তুলিব লাগিব। কর্মদক্ষতা বৃদ্ধি কৰি অর্থনৈতিক খণ্ডসমূহত নিয়োগৰ ব্যৱস্থা কৰিব পাৰিলেহে মানৱ সম্পদৰ উন্নতি আশা কৰিব পাৰি। ইয়াৰ উপৰি জনসাধাৰণৰ দুৰ্বল শ্ৰেণীৰ লোক, বিশেষকৈ দৰিদ্র, অক্ষম আৰু মহিলাসকলক উপযুক্তভাৱে সবলীকৰণ কৰিব লাগিব।

২১। অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰ – অসম এখন কৃষিপ্রধান ৰাজ্য। অসমৰ অর্থনৈতিক উন্নতিত কৃষিখণ্ডই গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ মুঠ কর্ম-নিয়োজিত লোকৰ ভিতৰত ৫৩ শতাংশতকৈয়ো অধিক লোক কৃষি খণ্ডত প্রত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োজিত হৈ আছে।

           অসমৰ কৃষি জৰীপৰ তথ্য মতে ২০১০-১১ বৰ্ষত অসমত মুঠ ২৮.১১ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিল। অর্থাৎ অসমৰ মুঠ খেতি কৰিব পৰা মাটিৰ প্রায় ৮৮ শতাংশ মাটিত খেতি কৰা হৈছিল। ভাৰতৰ অন্য ৰাজ্যৰ দৰে অসমতো খেতিয়কসকল অধিকাংশই অতি কম মাটিতে খেতি কৰে। ৰাজ্যখনৰ প্ৰায় ৮৫ শতাংশ খেতিয়ক ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষক।

           ধান অসমৰ প্ৰধান শস্য। ৰাজ্যখনৰ আটাইকেইটা কৃষি-জলবায়ৱীয় অঞ্চলত অর্থাৎ সকলো জিলাতে ধান খেতি কৰা হয়। ২০১১-১২ চনত অসমত মুঠ ২৫.৪৫ লাখ হেক্টৰ মাটিত ধান খেতি কৰা হৈছিল আৰু প্রায় ৫০.৪৫ লাখ মেট্রিকটন ধান উৎপন্ন হৈছিল। ধানৰ উপৰি অসমৰ প্রধান খাদ্যশস্য হৈছে— ঘেঁহু, গোমধান আৰু নানাবিধ মাহ জাতীয় শস্য। মাটি মাহ, মগু মাহ, মচুৰ মাহ, মটৰ মাহ, ৰহৰ মাহ, বুট মাহ আদি মাহ জাতীয় শস্যৰ খেতি মুঠতে ১.৩২ লাখ হেক্টৰ মাটিত কৰি ০.৭৬ লাখ মেট্রিকটন শস্যৰ উৎপাদন হৈছিল (২০১১-১২)। আনহাতে, তেল জাতীয় শস্য, যেনে- সৰিয়হ, তিল, তিচি, এগুটি আদিৰ খেতি প্রায় ২.৭৬ লাখ হেক্টৰ মাটিত কৰি ১.৫৬ লাখ মেট্রিকটন শস্য উৎপাদন কৰা হৈছিল। আন শস্যবিলাকৰ ভিতৰত শাক-পাচলি, আলু, মচলা জাতীয় শস্য, ফল-মূল, কুঁহিয়াৰ আৰু মৰাপাটেই প্রধান। বাৰিষা কালত শালিধান আৰু মৰাপাটৰ খেতি কৰা হয় আৰু এই সময়ত মাহে গড় বৰষুণ ৩০০ মিলিমিটাৰতকৈ অধিক হয়। আনহাতে, শীতকালত বৰষুণৰ পৰিমাণ হ্রাস হৈ মাহে গড় বৰষুণ ১০ মিলিমিটাৰতকৈ কম হয় আৰু এই সময়ছোৱাতে সৰিয়হ, ঘেঁহু, আলু আৰু বিভিন্ন শাক-পাচলিৰ খেতি কৰা হয় । পার্বত্য অঞ্চলত আকৌ প্ৰধানকৈ ঝুম খেতি কৰা হয়।

অসমৰ ভূগোল দশম শ্ৰেণী

Advertisement

২২। অসমৰ কৃষি-জলবায়বীয় অঞ্চলকেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা।

উত্তৰ – অসমৰ কৃষি-জলবায়বীয় অঞ্চলকেইটা হৈছে –

(i) নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চল,

(ii) উত্তৰপাৰৰ সমভূমি অঞ্চল,

(iii) মধ্য ব্রহ্মপুত্র উপত্যকা অঞ্চল,

(iv) উজনি ব্রহ্মপুত্র উপত্যকা অঞ্চল,

(v) বৰাক উপত্যকা অঞ্চল আৰু

(vi) পার্বত্য অঞ্চল ৷

(i) নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চলৰ বৈশিষ্ট্য –

(ক) এই অঞ্চলৰ অন্তৰ্গত জিলা কেইখন হ’ল –  কামৰূপ, কামৰূপ (মহানগৰ), নলবাৰী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা ৷

(খ)এই অঞ্চলত মুঠ কৃষিভূমি আছে  ৯.৩০ লাখ হেক্টৰ।

(গ) ইয়াত এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ হৈছে ৪.৬৯ লাখ হেক্টৰ বা মুঠ কৃষিভূমিৰ ৫০.৪৩ শতাংশ।

(ii) উত্তৰপাৰৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য –

(ক)এই অঞ্চলৰ অন্তৰ্গত জিলা কেইখন হ’ল –  দৰং, ওদালগুৰি, শোণিতপুৰ, লখিমপুৰ আৰু ধেমাজি৷

(খ) এই অঞ্চলত মুঠ কৃষিভূমি আছে  ৫.৩৭ লাখ হেক্টৰ।

(গ) ইয়াত এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ হৈছে ৩.৩৬ লাখ হেক্টৰ বা মুঠ কৃষিভূমিৰ ৬২.৫৭ শতাংশ।

(iii) মধ্য ব্রহ্মপুত্র উপত্যকা অঞ্চলৰ বৈশিষ্ট্য –

(ক) এই অঞ্চলৰ অন্তৰ্গত জিলা কেইখন হ’ল –  নগাঁও আৰু মৰিগাঁও ৷

(খ) এই অঞ্চলত মুঠ কৃষিভূমি আছে  ৩.২৮ লাখ হেক্টৰ।

(গ) ইয়াত এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ হৈছে ০.৮৬ লাখ হেক্টৰ বা মুঠ কৃষিভূমিৰ ২৬.২১ শতাংশ।

(iv) উজনি ব্রহ্মপুত্র উপত্যকা অঞ্চলৰ বৈশিষ্ট্য –

(ক)এই অঞ্চলৰ অন্তৰ্গত জিলা কেইখন হ’ল –  তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট ৷

(খ) এই অঞ্চলত মুঠ কৃষিভূমি আছে  ৬.২০ লাখ হেক্টৰ।

(গ) ইয়াত এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ হৈছে ১.৯৪ লাখ হেক্টৰ বা মুঠ কৃষিভূমিৰ ৩১.২৯ শতাংশ।

(v) বৰাক উপত্যকা অঞ্চলৰ বৈশিষ্ট্য –

(ক) এই অঞ্চলৰ অন্তৰ্গত জিলা কেইখন হ’ল –  কাছাৰ,কৰিমগঞ্জ আৰু হাইলাকান্দি ৷

(খ) এই অঞ্চলত মুঠ কৃষিভূমি আছে  ২.৪২ লাখ হেক্টৰ।

(গ) ইয়াত এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ হৈছে ১.০২ লাখ হেক্টৰ বা মুঠ কৃষিভূমিৰ ৪২.১৫ শতাংশ।

(vi) পার্বত্য অঞ্চলৰ বৈশিষ্ট্য –

(ক) এই অঞ্চলৰ অন্তৰ্গত জিলা কেইখন হ’ল –  কাৰ্বি আংলং আৰু ডিমা হাচাও ৷

(খ) এই অঞ্চলত মুঠ কৃষিভূমি আছে  ১.৫৪ লাখ হেক্টৰ।

(গ) ইয়াত এটাতকৈ অধিক শস্যৰ খেতি কৰা কৃষিভূমিৰ পৰিমাণ হৈছে ১.০১ লাখ হেক্টৰ বা মুঠ কৃষিভূমিৰ ৬৫.৫৮ শতাংশ।

অসমৰ ভূগোল দশম শ্ৰেণী

২৩। অসমত কি কি ধানৰ খেতি কৰা হয় ? এইকেইটাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ – অসমত তিনি প্রকাৰৰ ধানৰ খেতি কৰা হয়, যেনে- আহু ধান, শালি ধান আৰু বড়ো ধান।

আহু ধান – আহু খেতি সমভূমিৰ সাৰুৱা মাটিত কৰা হয় আৰু বিশেষকৈ নামনি অসমত এই খেতি বিস্তৃতভাৱে কৰা হয়। আহু খেতি ৰোপণ আৰু সিঁচন দুই প্রকাৰে কৰা হয়। ফেব্ৰুৱাৰী-মার্চ মাহত আৰম্ভ কৰি জুন-জুলাই মাহত চপোৱা হয়।

শালি ধান – অসমত  শালি ধানৰ খেতি বিস্তৃতভাৱে কৰা হয়। অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্রায় ৭০ শতাংশ মাটিত শালি ধানৰ খেতি কৰা হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা মাটিত শালি খেতি ভাল হয়। এই খেতি ৰোপণ পদ্ধতিৰে জুলাই-আগষ্ট মাহত আৰম্ভ কৰি নৱেম্বৰ-ডিচেম্বৰ মাহত চপোৱা হয়।

বড়ো ধান – বড়ো ধান কম-বেছি পৰিমাণে অসমৰ আটাইকেইখন জিলাতে উৎপাদন কৰা হয়। এই ধানৰ খেতি সাধাৰণতে দ ঠাই বিলাকত শীতকালত আৰম্ভ কৰি বাৰিষা জুন-জুলাই মাহত বানপানী অহাৰ আগে আগে চপোৱা হয়। বানপীড়িত অঞ্চলৰ কৃষকসকলৰ মাজত বড়ো ধানৰ খেতি বর্তমান জনপ্রিয় হৈ পৰিছে, কাৰণ বানপানীয়ে শালি খেতি নষ্ট কৰি পেলায়।

২৪। ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে ?

উত্তৰ – ধান অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে কাৰণ –

(i) ৰাজ্যখনৰ আটাইকেইটা কৃষি-জলবায়ৱীয় অঞ্চলত অর্থাৎ সকলো জিলাতে ধান খেতি কৰা হয়।

(ii) অসমৰ বৰষুণ আৰু উত্তাপৰ পৰিমাণ, মাটিৰ প্ৰকাৰ আৰু পৃষ্ঠভূমিৰ বৈশিষ্ট্য ইত্যাদি ধান খেতিৰ বাবে অনুকুল৷ অসমত ধান খেতিৰ বাবে প্ৰয়োজনীয় জলবায়ু, পৰ্যাপ্ত পানী, উৰ্বৰ ভূমি, প্লাৱন ভূমি আদি উপলব্ধ ৷

২৫। অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয় ?

উত্তৰ – অসমত নানাবিধ মাহজাতীয় শস্যৰ খেতি কৰা হয় যেনে – মাটি মাহ, মগু মাহ, মচুৰ মাহ, মটৰ মাহ, ৰহৰ মাহ, বুট মাহ আদি ৷

২৬। অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ – অসমৰ কাৰ্বি আংলং আৰু ডিমা হাচাও পার্বত্য জিলা দুখন সামৰি লোৱা পার্বত্য কৃষি-জলবায়ৱীয় অঞ্চলটোত ঝুম খেতি কৰা হয় ৷ কাৰ্বি আংলং জিলাত প্রায় ৫৪৫২ বর্গ কিলোমিটাৰ আৰু ডিমা হাচাও জিলাত প্রায় ২৫৯৭ বর্গ কিলোমিটাৰ মাটিত ঝুম খেতি কৰা হয়। সাধাৰণতে পাহাৰৰ সুচল ঢালত হাবি-জংঘল পুৰি খেতিৰ ঠাই মুকলি কৰি পৰম্পৰাগত পদ্ধতিৰে জনজাতীয় লোকসকলে ঝুম খেতি কৰে। একেডোখৰ মাটিতে কেইবাবছৰ ঝুম খেতি কৰাৰ পিছত মাটিৰ উৰ্বৰতা হ্রাস পালে আন এডোখৰ ঠাই নির্বাচন কৰি তাত ঝুম খেতি নতুনকৈ আৰম্ভ কৰে। এনেদৰে ঠাই সলাই কৰা ঝুম খেতি জনজাতীয় লোকসকলৰ সমাজ-সংস্কৃতি আৰু জীৱন ধাৰণ প্ৰণালীৰ লগত ওতঃপ্রোতভাৱে জড়িত হৈ আছে। ঝুম খেতি একপ্রকাৰৰ মিশ্রিত কৃষি পদ্ধতি হলেও ইয়াৰপৰা ভাল উৎপাদন পোৱা নাযায়। এই খেতিৰ ফলত বন ধ্বংস, ভূমি ক্ষয়, মাটিৰ উৰ্বৰতা হ্রাস আদি পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে। সেয়েহে ঝুম খেতি পৰিৱেশসন্মতভাৱে কৰাৰ প্রয়োজন হৈছে আৰু জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ পৰিৱর্তে বেদিকা কৃষি পদ্ধতি জনপ্রিয় কৰি তুলিবলৈ প্রচেষ্টা হাতত ল’ব লাগে।

২৭। ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্রধান লক্ষ্যবোৰ কি কি?

উত্তৰ – ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্রধান লক্ষ্যবোৰ হৈছে –

(ক) ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অর্থনৈতিক কার্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা।

(খ) ৰাজ্যখনত বিশেষকৈ গ্রামাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা।

(গ) ৰাজ্যখনৰ অতি ক্ষুদ্র, ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ বৃদ্ধি কৰা।

(ঘ) বৃহৎ সংখ্যক দক্ষ লোক সৃষ্টি কৰা।

অসমৰ ভূগোল দশম শ্ৰেণী

২৮। সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায় ? উদাহৰণ দি বুজাই লিখা।

Advertisement

উত্তৰ – সেৱা খণ্ডৰ উদ্যোগ হ’ল সেইবোৰ উদ্যোগ যিবোৰ অস্পৰ্শনীয় সামগ্ৰী আৰু সেৱাসমূহৰ যোগানৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰে ৷ সেৱা খণ্ডৰ উদ্যোগৰ উদাহৰণ – যোগাযোগ আৰু পৰিবহণ উদ্যোগ, পৰ্যটন উদ্যোগ, হোটেল ব্যৱসায়, বেংক আৰু বীমা সেৱা ইত্যাদি ৷

২৯। অসমৰ প্রধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি?

উত্তৰ – অসমৰ প্রধান কৃষিভিত্তিক উদ্যোগবোৰ হ’ল –বন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ আৰু কাগজ উদ্যোগ ৷

৩০। অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ – চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ। কেৱল ভাৰততে নহয় সমগ্র পৃথিৱীতে অসমৰ চাহ উদ্যোগৰ এটা সুনাম আছে। অসমৰ অর্থনীতিত এই উদ্যোগে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। অসমে অকলেই ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰে। চাহ খেতিৰ বাবে প্রয়োজনীয় অনুকুল প্রাকৃতিক পৰিৱেশৰ বাবেই ৰাজ্যখনত চাহ উদ্যোগ গঢ়ি উঠিছে। অসমত ২০১২ চনৰ তথ্য মতে, মুঠ ৭৬৫খন চাহ বাগিচা আৰু ৭৮০৯১খন ক্ষুদ্র  চাহ বাগিচা আছে। অসমত মুঠ ৩১৮ হেজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয়। চাহ উৎপাদনৰ ক্ষেত্ৰত দেখা যায় যে ২০০৯ চনত অসমে প্রায় ৫০০ হেজাৰ টন আৰু ২০১২ চনত প্রায় ৫৯০ হেজাৰ টন চাহ উৎপাদন কৰিছিল । চাহ উদ্যোগে এক বুজন সংখ্যক লোকক কর্মসংস্থাপন দিছে। অসমৰ চাহ উদ্যোগত গড়ে দৈনিক ৬.৮৬ লাখতকৈ অধিক লোক নিয়োজিত হৈ আছে।

৩১। অসমৰ মীন উদ্যোগৰ বর্তমান অৱস্থা কেনেকুৱা ?

উত্তৰ –  বর্তমান সময়ত মীন উদ্যোগে অসমৰ অর্থনৈতিক খণ্ডত লাহে লাহে গুৰুত্ব পাবলৈ ধৰিছে । বৈজ্ঞানিক পদ্ধতি আৰু পৰিকল্পনাৰে অসমৰ বিল আৰু জলাশয়বোৰত মাছ পালন কৰি মাছৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায়।

              অসমত মাছৰ প্ৰচুৰ চাহিদাৰ লগতে মাছ উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও ৰাজ্যখনৰ বিল-জলাশয়বোৰ মাছ উৎপাদনৰ বাবে উপযুক্তভাৱে ব্যৱহাৰ হোৱা নাই। অসমত ২০১১-১২ চনৰ মীন পালন তথ্য মতে প্রায় ৬০ হেজাৰ হেক্টৰ মাটিকালি সামৰি ৪৩০খন চৰকাৰী পঞ্জীয়নভুক্ত বিল আছে। আনহাতে, পঞ্জীয়ন নোহোৱা আন ৭৬৭খন বিল আছে যিবোৰে মুঠতে প্রায় ৪০ হেজাৰ হেক্টৰ মাটিকালি জুৰি আছে। এই বিলসমূহৰ লগতে ভালেসংখ্যক পুখুৰী, খাল, পিতনি, জলাশয় আদিক মৎস্য উৎপাদনৰ ক্ষেত্ৰ হিচাপে গণ্য কৰিব পাৰি। মুঠ ৩.৯৪ লাখ হেক্টৰ মীন উৎপাদন ক্ষেত্ৰৰপৰা ২০১১-১২ চনত প্রায় ৪৪৯০ নিযুত মাছৰ পোনা উৎপাদন কৰা হৈছে। সেই বৰ্ষতে ৰাজ্যখনত মুঠ ২.৪৪ লাখ টন মাছ উৎপাদন হৈছে। যোৱা দহ বছৰৰ ভিতৰত অসমত মাছৰ পোনা উৎপাদন প্রায় ২.৫ গুণ বৃদ্ধি পাইছে যদিও মাছৰ উৎপাদন কেৱল ১.৫ গুণহে বৃদ্ধি পাইছে। জিলা ভিত্তিত মাছৰ পোনা উৎপাদনৰ তথ্যৰপৰা দেখা যায় যে ২০১১-১২ বৰ্ষত বৰপেটা জিলাই সর্বাধিক সংখ্যক মাছৰ পোনা উৎপন্ন কৰিছে আৰু ইয়াৰ পিছতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্রমে কৰিমগঞ্জ আৰু নগাঁও জিলাই। সেইদৰে মাছ উৎপাদনত নগাঁও জিলা প্রথম স্থানত আৰু কাছাৰ আৰু ধুবুৰী জিলা যথাক্রমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

           অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ ঘৰুৱা উৎপাদনত বিশেষ অৰিহণা যোগাব পৰা নাই। ৰাজ্যৰ ঘৰুৱা উৎপাদনলৈ মীন উদ্যোগ খণ্ডৰ অৰিহণা হৈছে কেৱল দুই শতাংশ। মাছ উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও অসমত মাছ উৎপাদন মুঠেই সন্তোষজনক নহয়।

৩২। অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা।

উত্তৰ – অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ তলত উল্লেখ কৰা হ’ল –

(ক) অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি এতিয়াও পুৰণিকলীয়া পদ্ধতিৰে      প্ৰচলিত হৈ আছে,

(খ) অসমৰ খেতিয়কসকলৰ খেতি মাটি সাধাৰণতে সৰু সৰু খণ্ডত বিভক্ত হোৱাৰ বাবে সেইবোৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্রয়োগ কৰিবলৈ অসুবিধা,

(গ) জলসিঞ্চন পদ্ধতি উন্নত নহয় আৰু জলসিঞ্চনৰ সুবিধা পর্যাপ্ত নহয়, অসমত ধান খেতি বিস্তৃতভাৱে কৰা হয় আৰু কৃষি অর্থনীতিত ইয়াৰ গুৰুত্ব অধিক। কিন্তু এই খেতিৰ উন্নতিৰ বাবে আধুনিক কৃষি পদ্ধতি প্রয়োগত গুৰুত্ব প্রদান কৰা হোৱা নাই,

(ঙ) বানপানী আৰু গৰাখহনীয়াৰ দ্বাৰা অসমৰ কৃষি ক্ষতিগ্রস্ত হৈছে। ৰাজ্যখনৰ মুঠ খেতি কৰা মাটিৰ ২৫ শতাংশতকৈও অধিক মাটিৰ শস্য বছৰি বানপানীয়ে নষ্ট কৰে আৰু গৰাখহনীয়াৰ ফলত প্রতি বছৰে বুজন পৰিমাণৰ সাৰুৱা পলসুৱা মাটি নদীৰ বুকুত জাহ

(চ) খৰাং বতৰৰ বাবে ক্ষতিগ্রস্ত হোৱা কৃষিকাৰ্যৰ লগতে কৃষকসকলক সুৰক্ষা দিবলৈ উপযুক্ত কৃষি পৰিকল্পনাৰ অভাৱ, শস্যৰ সুৰক্ষা ব্যৱস্থা আৰু শস্য চপোৱাৰ পদ্ধতি উন্নত নহয়,

(জ) শস্য বিশেষকৈ খাদ্যশস্য সংৰক্ষণৰ সুবিধা অতি সীমিত,

(ঝ) কৃষকে উৎপন্ন কৰা শস্যৰ উচিত মূল্য কৃষকে প্রত্যক্ষভাৱে লাভ কৰিব পৰা ব্যৱস্থা নোহোৱাৰ ফলত কৃষকসকল আর্থিকভাৱে দুৰ্বল হৈ আছে।

(ঞ) কৃষকসকলে উন্নত মানৰ বীজ, প্রয়োজনীয় সাৰ, কৃষি-সঁজুলি আৰু কৃষি ঋণ ৰেহাই হাৰত সহজে পাব পৰা ব্যৱস্থাৰ অভাৱ,

(ট) ভিতৰুৱা কৃষি অঞ্চল আৰু নগৰ-চহৰৰ বজাৰৰ মাজত উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ অভাৱ,

(ঠ) কৃষিখণ্ড আৰু কৃষিভিত্তিক উদ্যোগ খণ্ডৰ উন্নয়ন সমান্তৰালভাৱে আগবঢ়া নাই,

(ড) কৃষি যান্ত্রিকীকৰণৰ ক্ষেত্ৰত তুলনামূলকভাৱে কম খৰচী বিজুলী শক্তিৰ ব্যৱহাৰ তেনেই সীমিত হৈ আছে আৰু

(ঢ) কৃষিখণ্ডৰ উন্নতিৰ বাবে ৰাজ্যখনত সামগ্রিক আন্তঃগাঁথনিৰ অভাৱ।

অসমৰ ভূগোল দশম শ্ৰেণী

৩৩। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা।

উত্তৰ – অসমত ঔদ্যোগিক বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও ঔদ্যোগীকৰণ প্রক্রিয়া এতিয়াও মন্থৰ হৈ আছে। ইয়াৰ কাৰণসমূহ হৈছে প্ৰধানকৈ –

(ক) ৰাজ্যখনৰ প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সুসংহত পৰিকল্পনাৰ অভাৱ,

(খ) প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ,

(গ) অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা,

(ঘ) মূলধনৰ অভাৱ,

(ঙ) ৰাজ্যখনত শক্তিৰ চাহিদা অনুপাতে ইয়াৰ যোগান আৰু বিতৰণ নিয়মীয়া আৰু পর্যাপ্ত অভাৱ,

(চ) স্থানীয় লোকৰ মাজত উদ্যোগী স্পৃহা বঢ়াবলৈ উপযুক্ত পৰিকল্পনাৰ উদ্যোগ স্থাপনৰ বাবে সৰল আৰু শিথিল উদ্যোগ নীতিৰ অভাৱ,

(ছ) বিনিয়োগ সন্তোষজনক নহয়, বিশেষকৈ ৰাজ্যখনত উদ্ভৱ হোৱা বিদ্রোহী সমস্যাৰ বাবে অসমত বিনিয়োগ কৰিবলৈ বাহিৰৰ বিনিয়োগকাৰীসকল আগ্রহী নহয়,

(জ) ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পর্যটন খণ্ডত অপর্যাপ্ত মূলধন বিনিয়োগ, অনুন্নত পৰিবহণ ব্যৱস্থা, বিদেশী পর্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ, পর্যটনস্থলীসমূহৰ দুর্বল আন্তঃগাঁথনি আদি সমস্যাৰ বাবে পর্যটন উদ্যোগৰ আশানুৰূপ উন্নতি হোৱা নাই,

(ঝ) সহজে পচনশীল কৃষিজাত শস্যৰ সংৰক্ষণৰ বাবে উপযুক্ত ভঁৰালৰ অভাৱত খাদ্য প্রস্তুতকৰণ উদ্যোগে আশা কৰা মতে উন্নতি লাভ কৰিব পৰা নাই,

(ঞ) সর্বোপৰি ঔদ্যোগীকৰণৰ বাবে লাগতিয়াল আন্তঃগাঁথনিৰ অভাৱ।

৩৪। অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা।

উত্তৰ –  অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ তলত উল্লেখ কৰা হ’ল –

(ক) অসমৰ পৰ্যটন ক্ষেত্ৰত মূলধনৰ বিনিয়োগ পর্যাপ্ত পৰিমাণৰ নহয়।

(খ)  ৰাজ্যখনৰ পর্যটন স্থলসমূহৰ বিষয়ে চলোৱা তেনেই সীমিত প্রচাৰ কাৰ্যসূচীৰ বাবে বিদেশী পৰ্যটকসকল আকৰ্ষিত নহয় ৷

(গ) পর্যটন স্থলীসমূহলৈ যাবলৈ অনুন্নত পৰিবহণ ব্যৱস্থা।

(ঘ)পর্যটন স্থলীসমূহৰ উপযুক্ত উন্নয়নৰ বাবে সু-পৰিকল্পনাৰ অভাৱ।

(ঙ) ৰাজধানী চহৰখনৰ বাহিৰে জিলা সদৰ বা অন্য স্থানসমূহৰ বুনিয়াদী সা-সুবিধাৰ শোচনীয় অৱস্থা।

 (চ) ৰাজ্যখনৰ বিভিন্ন অংশলৈ আকাশী পৰিবহণ ব্যৱস্থাৰ অভাৱ।

(ছ) অসমত প্ৰায়ে দেখা দিয়া বিদ্রোহী সমস্যাৰ বাবে অসম ভ্ৰমণ কৰাৰ ক্ষেত্ৰত পর্যটকসকলে কৰা শংকাবোধ।

অসমৰ ভূগোল দশম শ্ৰেণী

৩৫। অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি?

উত্তৰ – অসমৰ অর্থনৈতিক উন্নয়নৰ অসংখ্য সমস্যা থাকিলেও ৰাজ্যখনত অর্থনৈতিক উন্নয়নৰ সম্ভাৱনা নথকা নহয়৷ অসম ৰাজ্যখন বহুতো সম্পদত চহকী। অসমত পর্যাপ্ত পৰিমাণৰ ভূমিজ, বনজ, খনিজ আৰু মানৱ সম্পদ আছে। ইয়াত বিস্তৃত সমতল ভূমি,’বৃহৎ নদ-নদী, বিশাল পৰিমাণৰ মাটিকালি আগুৰি থকা বৃহৎ অৰণ্য, বিশাল প্লাৱন ভূমি, অসংখ্য আর্দ্রভূমি, চাপৰ মালভূমিৰ দীঘলীয়া তথা বিস্তৃত ঢাল আদিৰ উপস্থিতি দেখা যায়।             

           সম্প্রতি সীমিত পৰিসৰত কৃষিখণ্ডত কিছুমান আধুনিক পদ্ধতি প্রয়োগ লাহে লাহে হ’বলৈ ধৰিছে। ইয়াৰ ফলত কৃষি উৎপাদন কিছু পৰিমাণে বৃদ্ধি হৈছে।  বর্তমান ফল-মূল আৰু শাক-পাচলিৰ খেতিয়ে প্রসাৰ লাভ কৰা দেখা গৈছে। ৰাজ্যখনত উৎপন্ন হোৱা অৰ্থকৰী শস্য বিলাকৰ ভিতৰত চাহ, মৰাপাট, কুঁহিয়াৰ আৰু ধঁপাতেই প্রধান। চাহ খেতিয়ে অসমৰ অর্থনীতিলৈ উল্লেখযোগ্য অৰিহণা যোগাইছে। এই ক্ষেত্ৰত ক্ষুদ্ৰ পৰিসৰৰ চাহ খেতিৰ ভূমিকা মন কৰিবলগীয়া।

            স্বাধীনতাৰ আগলৈকে অসমত চাহ উদ্যোগ আৰু একমাত্র ডিগবৈ তেল শোধনাগাৰৰ বাহিৰে তেনে কোনো উল্লেখযোগ্য উদ্যোগ নাছিল। কিন্তু যোৱা দুই-তিনি দশক ধৰি ৰাজ্যখনত ঔদ্যোগীকৰণৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনি উন্নত কৰিবলৈ প্রচেষ্টা হাতত লোৱা হৈছে। ফলস্বৰূপে কিছুমান উদ্যোগ গঢ় লৈ উঠিছে। এই উদ্যোগসমূহৰ ভিতৰত তেল শোধনাগাৰ, পেট্র’ৰাসায়নিক উদ্যোগ, সাৰ কাৰখানা, কাগজ কল, চিমেন্ট উদ্যোগ, চেনি কল, কপাহ আৰু মৰাপাট কল আদিয়েই প্রধান। আনহাতে, হস্ততাত আৰু হস্তশিল্প, যেনে— এৰি, মুগা আৰু পাট শিল্প, বাঁহ-বেতৰ শিল্প, কাহ-পিতল শিল্পৰ ক্ষেত্ৰত অসম আগবঢ়া। মুগা সূতাৰ উৎপাদন অসমৰ এটা একচেতীয়া উদ্যোগ।

               খনিজ সম্পদত অসম এখন চহকী ৰাজ্য। কয়লা, তেল, প্রাকৃতিক গেছ আৰু চূণশিল অসমৰ প্রধান খনিজ সম্পদ। এই সম্পদৰাজিৰপৰা অসমে ভালেখিনি ৰাজহ লাভ কৰে। সেইদৰে বনজ সম্পদত চহকী ৰাজ্যখনে প্রতি বছৰে বিভিন্ন বনজাত সামগ্রী, যেনে— কাঠ, বাঁহ, বেত, খেৰ, খৰি আদিৰপৰা, বিল-খালৰ মৎস্য সম্পদৰপৰা আৰু নদীৰ বুকুৰ শিল-বালিৰপৰা বহুখিনি ৰাজহ সংগ্রহ কৰে। পর্যটন খণ্ডৰপৰাও ৰাজ্যখনে কিছু ৰাজহ লাভ কৰে। ভূমি আৰু জলসম্পদতো অসম চহকী ৷

             ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ দৰে অসমতো মানৱ সম্পদ উন্নয়নৰ প্ৰচুৰ সম্ভাৱনা আছে। ৰাজ্যখনৰ বৃহৎ জনসংখ্যাৰ  কর্মদক্ষতা বৃদ্ধি কৰি অর্থনৈতিক খণ্ডসমূহত নিয়োগৰ ব্যৱস্থা কৰিব পাৰিলেহে মানৱ সম্পদৰ উন্নতিআশা কৰিব পাৰি।

                 এই সকলোবোৰৰ যদি উপযুক্তভাৱে বিকাশ সাধন কৰা হয় তেতিয়া ৰাজ্যখনৰ অর্থনৈতিক উন্নয়ন খৰতকীয়া হ’ব ৷

Read More:

Advertisement

অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ইতিহাস-

অধ্যায় ১ – বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অধ্যায় ২ – মাহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অধ্যায় ৩ – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অধ্যায় ৪ – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

অধ্যায় ৫ – ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

ভূগোল-

অধ্যায় ১ – অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

অধ্যায়- ২ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

আধ্যায় ৩ – পৃথিৱীৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতীয় গণতন্ত্ৰ

অৰ্থনীতি বিজ্ঞান-

অধ্যায় ১ – মুদ্ৰা আৰু বেংক ব্যৱস্থা

অধ্যায় ২ – অৰ্থনৈতিক উন্নয়ন