অসমৰ ভূগোল – Notes

অসমৰ ভূগোল - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়- 4 অসমৰ ভূগোল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তোৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

অসমৰ ভূগোল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

১.  অসমৰ চাৰিসীমাৰ বিষয়ে লিখা ৷

উত্তৰ –  অসমৰ উত্তৰে আছে ভূটান আৰু অৰুণাচল প্রদেশ; পূবে অৰুণাচল প্রদেশ, নগালেণ্ড আৰু মণিপুৰ; দক্ষিণে মিজোৰাম আৰু মেঘালয় আৰু পশ্চিমে আছে ত্ৰিপুৰা, বাংলাদেশ আৰু পশ্চিমবংগ।

২.  অসমৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা ৷

উত্তৰ – ভৌগোলিক অৱস্থান হিচাপে অসম ২৪°০৯ উত্তৰ অক্ষাংশৰ পৰা ২৭°৫৮ উত্তৰ অক্ষাংশলৈ আৰু ৮৯°৪২ পূব দ্রাঘিমাংশৰ পৰা ৯৬°০১ পূর্ব দ্রাঘিমাংশলৈ বিয়পি আছে ৷

৩.  অসমৰ কোনখন মহানগৰক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় ?

উত্তৰ – অসমৰ গুৱাহাটী মহানগৰক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় ৷

৪. ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাৰিসীমা লিখা ৷

উত্তৰ – ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ আৰু পূব দিশত আছে পূব হিমালয় পর্বত শ্ৰেণী আৰু দক্ষিণ দিশত আছে নগা পর্বত, কাৰ্বি আৰু মেঘালয় মালভূমি। পশ্চিম দিশত এই উপত্যকা পশ্চিমবংগ আৰু বাংলাদেশৰ সমভূমিৰ লগত মিলিত হৈছে।

৫. ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্রধান উপনৈবোৰৰ নাম লিখা ৷

উত্তৰ – ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্রধান উপনৈবোৰ হৈছে সোৱণশিৰি, ডিক্রং, ৰঙানদী, বুৰৈ, বৰগাং, জীয়াভৰলী, গাভৰু, বেলশিৰি, ধনশিৰি, নোৱানদী, ন-নৈ, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানাহ-আই-বেকী, চম্পাৱতী, গৌৰাংগ, টিপকাই আৰু গদাধৰ।

৬.  ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ প্রধান উপনৈবোৰৰ নাম লিখা ৷

উত্তৰ – ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈবোৰ হৈছে বুঢ়ীদিহিং, দিছাং, দিখৌ, জাঁজী, ভোগদৈ, ধনশ্রী, কপিলী, কুলশী, কৃষই আৰু জিনাৰী।

৭. পৃথিৱীৰ ভিতৰত অন্যতম বৃহৎ নদী-দ্বীপটোৰ নাম লিখা ৷ ইয়াক কোনখন নদীয়ে সৃষ্টি কৰিছে ?

উত্তৰ – পৃথিৱীৰ ভিতৰত অন্যতম বৃহৎ নদী-দ্বীপটোৰ নাম মাজুলী ৷ ইয়াক ব্ৰহ্মপূত্ৰ নদীয়ে সৃষ্টি কৰিছে ৷

৮.  মাজুলীৰ মাটিকালি কিমান ?

উত্তৰ – মাজুলীৰ মাটিকালি প্ৰায় ৪২২ বৰ্গ কিলোমিটাৰ ৷

৯. মাজুলীৰ জনসংখ্যা কিমান ?

উত্তৰ – ২০১১ চনৰ লোকপিয়ল অনুসৰি মাজুলীৰ জনসংখ্যা ১.৬৮ লাখ ৷

অসমৰ ভূগোল – Notes

Advertisement

১০. বৰাক নদীৰ উত্তৰ পাৰৰ প্ৰধান উপনৈবোৰৰ নাম লিখা ৷

উত্তৰ – বৰাক নদীৰ উত্তৰ পাৰৰ প্ৰধান উপনৈবোৰ হ’ল চিৰি, দি্কচা, দীঘলী, জিৰি, মধুৰা, জাতিংগা, লাৰাং আদি ৷

১১. বৰাক নদীৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈবোৰৰ নাম লিখা ৷

উত্তৰ – বৰাক নদীৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈবোৰৰহ’ল সোণাই, ধলেশ্বৰী-কাটাখাল, চিংলা আৰু লেংগাই।

১২.  পলসুৱা মৃত্তিকা অসমৰ ক’ত পোৱা যায় ?

উত্তৰ – অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্ভলত পলসুৱা মৃত্তিকা পোৱা সায় ৷

১৩. ৰঙা বালিয়া মৃত্তিকা অসমৰ ক’ত পোৱা যায় ?

উত্তৰ – ৰঙা বালিয়া মৃত্তিকা বিশেষকৈ অসম-মেঘালয়ৰ সীমামূৰীয়া অঞ্চল, কার্বি মালভূমি, ডিমা হাছাও জিলাৰ বৰাইল পৰ্বতৰৰ দক্ষিণাংশ আৰু কাছাৰ জিলাৰ পূব সীমাৰ কিছু কিছু অঞ্চলত পোৱা যায়।

১৪. লেটেৰাইট্ বা কংকৰ মৃত্তিকা অসমৰ ক’ত পোৱা যায় ?

উত্তৰ – লেটেৰাইট বা কংকৰ মৃত্তিকা প্রায় সমগ্র ডিমা হাছাও জিলা আৰু কার্বি মালভূমিৰ দক্ষিণৰ কিছুমান ঠাইত পোৱা যায়। তাৰোপৰি কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমাৰ পূৱ সীমান্তত, গোলঘাট জিলাৰ দক্ষিণ সীমান্তত আৰু বৰাক সমভূমিৰ উত্তৰ অংশত থকা বৰাইল পৰ্বতৰ পাদদেশত এই মৃত্তিকা পোৱা যায়।

১৫. অসমৰ ক’ত ক্রান্তীয় চিৰসেউজীয়া অৰণ্য দেখা যায় ?

উত্তৰ – অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত ক্রান্তীয় চিৰসেউজীয়া অৰণ্য দেখা যায়।

১৬. অসমৰ চিৰসেউজীয়া অৰণ্যত পোৱা উদ্ভিদবোৰৰ নাম লিখা ৷

উত্তৰ –  অসমৰ চিৰসেউজীয়া অৰণ্যত পোৱা উদ্ভিদবোৰৰ নাম -হোলোং, মেকাই, নাহৰ, চিয়া নাহৰ, আমাৰি আদি ৷

১৬. অসমৰ ক’ত ক্রান্তীয় অৰ্ধচিৰসেউজীয়া অৰণ্য দেখা যায় ?

উত্তৰ – অসমৰ ব্রহ্মপুত্র উপত্যকাৰ উত্তৰ অংশৰ ভাৱৰ অঞ্চল, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পাহাৰীয়া অঞ্চলৰ কিছু অংশ আৰু বৰাক উপত্যকাৰ দক্ষিণ ভাগত অর্ধচিৰসেউজীয়া অৰণ্য দেখা যায়।

১৭. অসমৰ অৰ্ধচিৰসেউজীয়া অৰণ্যত পোৱা উদ্ভিদবোৰৰ নাম লিখা ৷

উত্তৰ – অসমৰ অৰ্ধচিৰসেউজীয়া অৰণ্যত পোৱা উদ্ভিদবোৰৰ নাম – নাহৰ, বনচোম, চাম, শিৰীষ, ঔ, গন্ধসৰৈ, অগৰু, পমা আদি। বাঁহ-বেত, টেকীয়া আদি এই অৰণ্যত যথেষ্ট পৰিমাণে পোৱা যায়।

১৮. অসমৰ ক’ত ক্রান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য দেখা যায় ?

উত্তৰ – অসমৰ নামনি ব্ৰহ্মপুত্ৰ উপত্যকা, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা আৰু বৰাক উপত্যকাৰ কিছু কিছু অংশত ক্রান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য দেখা যায় ৷

১৯. অসমৰ আৰ্দ্ৰ পৰ্ণপাতী অৰণ্যত পোৱা উদ্ভিদবোৰৰ নাম লিখা ৷

উত্তৰ – শাল, মাকৰি শাল, গমাৰি, আমলখি, ভোমোৰা, গোহোৰা, খকন, শিমলু আদি অসমৰ আৰ্দ্ৰ পর্ণপাতী অৰণ্যৰ প্ৰধান গছ-গছনি।

অসমৰ ভূগোল – Notes

২০. অসমৰ নৈপৰীয়া অৰণ্যত পোৱা উদ্ভিদবোৰৰ নাম লিখা ৷

উত্তৰ – অসমৰ নৈপৰীয়া অৰণ্যত পোৱা উদ্ভিদবোৰৰ নাম – চোম, সোঁৱালু, উৰিয়াম, মজ, ঔ, আজাৰ আদি। নল, খাগৰি, তৰা, কৌপাত, বেত, ঝাও, কঁহুৱা আদি চাপৰ গছ বা ঘাঁহজাতীয় উদ্ভিদো নৈপৰীয়া এলেকাবোৰত দেখা যায় ৷

২১. অসমৰ ক্রান্তীয় শুষ্ক বা শুকান পর্ণপাতী অৰণ্য পোৱা উদ্ভিদবোৰৰ নাম লিখা ৷

উত্তৰ – অসমৰ ক্রান্তীয় শুষ্ক বা শুকান পর্ণপাতী অৰণ্যৰ গছৰ ভিতৰত শিশু, ভেঙ্কৰ, শিমলু, খৈৰা, বগৰি আদি প্রধান। বিৰিণা, খাগৰি, উলু, কুশবন আদি প্রধান ঘাঁহজাতীয় উদ্ভিদ।

২২. কোন চনত অসমৰ পৰা ছিলেট অংশটো বিচিন্ন হৈছিল ?

উত্তৰ – ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত অসমৰ পৰা ছিলেট অংশটো বিচিন্ন হৈছিল ৷

২৩. কোন চনত অসমৰ ৰাজধানী দিছপুৰত প্ৰতিষ্ঠা কৰা হয় ?

উত্তৰ – ১৯৭৩ চনত অসমৰ ৰাজধানী দিছপুৰত প্ৰতিষ্ঠা কৰা হয় ৷

২৪. অসমত কোন চনত ‘বি টি এ ডি’ গঠন হৈছিল ?

উত্তৰ – অসমত ২০০৩ চনত ‘বি টি এ ডি’ গঠন হৈছিল ৷

২৫. ‘বি টি এ ডি’ৰ অন্তৰ্গত চাৰিখন জিলাৰ নাম লিখা ৷

উত্তৰ – কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি ৷

Read More:

Advertisement

অধ্যায়- 4 অসমৰ ভূগোলঅনুশীলনী

ইতিহাস –

অধ্যায়- ১ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ মোৱামৰীয়া গণ বিদ্ৰোহ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )

অধ্যায়- 2 বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – Notes

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ৰাজনীতি বিজ্ঞান –

ভাৰতৰ ৰাজনৈতিক দল – Notes

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান

অধ্যায়- ১ অৰ্থনীতিৰ মৌলিক বিষয় সমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ মূল অৰ্থনৈতিক সমস্যাসমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

8 Replies to “অসমৰ ভূগোল – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *