অসমৰ ভূগোল

অসমৰ ভূগোল - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, ভূগোল খণ্ডৰ অধ্যায়- ৪ অসমৰ ভূগোল ( Geography of Assam ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

অসমৰ ভূগোল – অনুশীলনী

১/ অসমৰ ভূ-প্রাকৃতিক ভাগকেইটা কি কি ?

উত্তৰ – অসমৰ ভূ-প্রাকৃতিক প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি –

      (ক) ব্ৰহ্মপুত্ৰ উপত্যকা,

      (খ) বৰাক উপত্যকা,

      (গ) কাৰ্বি মালভূমি আৰু

       (ঘ) বৰাইল আৰু দক্ষিণ পৰ্বতৰাশি ৷

২/ ব্রহ্মপুত্র উপত্যকাৰ ভূ-প্রাকৃতিক অঞ্চলকেইটা কি কি ?

উত্তৰ –  সমগ্ৰ ব্রহ্মপুত্র উপত্যকাটোক উত্তৰৰ পৰা দক্ষিণলৈ চাৰিটা  ভূ-প্রাকৃতিক অঞ্চলত ভগাব পাৰি, যেনে – উত্তৰৰ পাদদেশ অঞ্চল, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল আৰু চৰ-চাপৰি অঞ্চল আৰু দক্ষিণৰ পাদদেশ অঞ্চল

৩/ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্রত্যেকৰে চাৰিখনকৈ প্রধান উপনৈৰ নাম লিখা ।

উত্তৰ – ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চাৰিখন প্রধান উপনৈৰ নাম – সোৱণশিৰি, ডিক্ৰং, ৰঙানদী আৰু জীয়াভৰালী৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ চাৰিখন প্রধান উপনৈৰ নাম – বুঢ়ীদিহিং, দিছাং, কপিলী আৰু কৃষ্ণাই ৷

8/  ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বর্ণনা দিয়া ।

উত্তৰ – ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিকে বুজায়। ইয়াৰে উত্তৰ পাৰৰ সমভূমি অঞ্চলটো উত্তৰৰ পাদদেশৰ পৰা দক্ষিণে ব্রহ্মপুত্র নদীলৈকে আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো দক্ষিণৰ পাদদেশৰ পৰা উত্তৰৰ ব্রহ্মপুত্র নদীলৈকে বিস্তৃত হৈ আছে। ব্ৰহ্মপুত্ৰৰ দুপাৰৰ সমভূমি অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনৈয়ে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা শিল-বালি-বোকাৰ গেদ জমা হৈ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্রধান উপনৈবোৰ হৈছে সোৱণশিৰি, ডিক্রং, ৰঙানদী, বুৰৈ, বৰগাং, জীয়াভৰলী, গাভৰু, বেলশিৰি, ধনশিৰি, নোৱানদী, ন-নৈ, বৰনদী, পুঠিমাৰী, পাগলাদিয়া, মানাহ-আই-বেকী, চম্পাৱতী, গৌৰাংগ, টিপকাই আৰু গদাধৰ। সেইদৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ প্ৰধান উপনৈবোৰ হৈছে বুঢ়ীদিহিং, দিছাং, দিখৌ, জাঁজী, ভোগদৈ, ধনশ্রী, কপিলী, কুলশী, কৃষই আৰু জিনাৰী। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ সমভূমি পলসুৱা মাটিৰে গঠিত আৰু খেতি-বাতিৰ বাবে উপযোগী। ইয়াত জনবসতি ঘন আৰু যাতায়ত ব্যৱস্থা উন্নত। উত্তৰ পাৰৰ সমভূমি অঞ্চলটো নামনি অংশত গড়ে প্রায় ৩০ কিলোমিটাৰ বহল আৰু উজনি অংশত ঠেক, গড়ে প্রায় ১০ কিলোমিটাৰ বহল। আনহাতে, দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো মেঘালয় মালভূমিৰ বিস্তৃতিৰ বাবে কামৰূপ, গোৱালপাৰা আৰু ধুবুৰী জিলাত গড় হিচাপে কেৱল প্রায় ৫ কিলোমিটাৰ বহল। কিন্তু গুৱাহাটীৰ পূৰৰ পৰা কপিলী সমভূমিলৈকে এই সমভূমি কিছু বহল হৈছে। আকৌ কাৰি মালভূমিৰ উত্তৰ দিশৰ বিভূতিৰ বাবে ই নগাঁও জিলা আৰু গোলাঘাট জিলাৰ পশ্চিমাংশত ঠেক হৈ পৰিছে। অৱশ্যে গোলাঘাট জিলাৰ পূব অংশৰ লগতে যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত এই সমভূমি বহল।

অসমৰ ভূগোল

Advertisement

৫/ ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বর্ণনা দিয়া।

উত্তৰ -ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত মাজে সময়ে অথবা সঘনে বানপানী হোৱা  অঞ্চলটোৰ লগতে ব্রহ্মপুত্র নদী আৰু ইয়াৰ বুকুৰ চৰ-চাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি বুলি জনা যায়। এই প্লাৱনভূমি সকলো ঠাইতে সমানে বহল নহয়। ব্ৰহ্মপুত্ৰৰ পাৰত ঠায়ে ঠায়ে অৱস্থিত টিলা আৰু নদীৰ পাৰত গেদ জমা হৈ সৃষ্টি হোৱা তটবান্ধৰ বাবে কিছুমান ঠাইত প্লাৱনভূমিৰ প্ৰস্হ হ্ৰাস হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয়ৰ সৃষ্টি হৈছে। আনহাতে, দক্ষিণ পাৰৰ প্লাৱনভূমি তুলনামূলকভাৱে ঠেক। অৱশ্যে ই বুঢ়ীদিহিং, দিচাং, ধনশ্রী, কলং-কপিলী আৰু কুলশী নৈৰ মোহনা অঞ্চলত কিছু বহল হৈছে।

৬/ মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি সম্পর্কে লিখা।

উত্তৰ –   মাজুলি পৃথিৱীৰ ভিতৰতে এটা অন্যতম বৃহৎ নদী-দ্বীপ ৷  ব্ৰহ্মপুত্ৰ নদীখনৰ বুকুত প্রায় ৬০০ৰো অধিক সৰু-বৰ আকাৰৰ বালিচৰ আছে। এই বালিচৰবোৰৰ কিছুমান স্থায়ী আৰু কিছুমান অর্ধস্থায়ী আৰু বেছিভাগেই অস্থায়ী। নদীৰ বুকুত চলি থকা খনন, পৰিবহণ আৰু অৱক্ষেপন প্রক্রিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত এই চৰবোৰৰ আকাৰ, আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে। এনেদৰেই ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী নদী-দ্বীপৰ সৃষ্টি হৈছে ।

অসমৰ ভূগোল

৭/ বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বর্ণনা কৰা।

উত্তৰ – বৰাক উপত্যকাৰ চাৰিসীমা – বৰাক উপত্যকাৰ উত্তৰফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পার্বত্য জিলাৰ বৰাইল পর্বতৰাশি আছে, পূৱফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল, দক্ষিণফালে মিজো পর্বত অৱস্থিত  আৰু পশ্চিমফালে বাংলাদেশৰ চিলেট জিলাৰ কুছিয়াৰা – সুৰমা নদীৰ সমভূমিৰ অৱস্থিত ৷

বৰাক উপত্যকাৰ বৈশিষ্ট্য – বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে। বৰাক নদীখনে অসমত পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমায়েদি প্রায় ২২৫ কিলোমিটাৰ বৈ গৈছে। বৰাক আৰু ইয়াৰ উপনৈবোৰে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমিখন সৃষ্টি কৰিছে। এই সমভূমিক কাছাৰ সমভূমি বুলিও জনা যায়।

৮/ কার্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বর্ণনা কৰা।

উত্তৰ – কাৰ্বি মালভূমি উৎপত্তি আৰু ভূতাত্বিক গঠনৰ ফালৰ পৰা  মেঘালয় মালভূমিৰ অংশবিশেষ বুলি ক’ব পাৰি। কার্বি মালভূমিক কপিলী উপত্যকাই পূৱ আৰু পশ্চিম- দুটা খণ্ডত বিভক্ত কৰিছে। ইয়াৰে পূৱৰ খণ্ডটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোজান মহকুমা বিস্তৃত হৈ আছে। এই খণ্ডটো পশ্চিমৰ খণ্ডটোতকৈ আকাৰত প্রায় দুগুণে ডাঙৰ। আনহাতে পশ্চিমৰ খণ্ডটোৱে কার্বি আংলং জিলাখনৰ হামৰেণ মহকুমাটো সামৰি লৈছে। দক্ষিণ-পশ্চিমৰ পৰা উত্তৰ-পূৱলৈ ঢাল খোৱা এই খণ্ডটোৰ গড় উচ্চতা হৈছে ৯০০ মিটাৰ। কপিলী আৰু বৰাপানী নদী আৰু ইহঁতৰ উপনৈবিলাকৰ দ্বাৰা এই পশ্চিম খণ্ডটোৰ ভূ-আকৃতি গঢ় লৈ উঠিছে।

৯/  বৰাইল আৰু দক্ষিণৰ পৰ্বত ৰাশিৰ বৈশিষ্ট্য চমুকৈ বর্ণনা কৰা ।

উত্তৰ – নাগালেণ্ডৰ টুৱেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হোৱা বৰাইল পৰ্বতৰ একাংশ অসমৰ ডিমা হাছাও জিলাত প্রসাৰিত হৈ আছে। বৰাইল পর্বতে প্রকৃততে পূবৰ নগা পর্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পার্বত্য অঞ্চলক দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰফালে ঢাল খোৱা অংশটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত আৰু দক্ষিণৰ ফালে ঢাল খোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত হৈছে। উত্তৰফালে ঢাল খোৱা অংশটো দক্ষিণৰ ফালে ঢাল খোৱা অংশটোতকৈ তুলনামূলকভাৱে চাপৰ।

১০/  অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত? ইয়াৰ বৈশিষ্ট্য সম্পর্কে চমুকৈ লিখা।

উত্তৰ – অসমৰ জলবায়ু উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। এই ৰাজ্যখনত বছৰটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্রায় সকলো সময়তে অত্যধিক আর্দ্রতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে। অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত ৷ ভৌগোলিক অৱস্থান, ভূ-প্রকৃতি, আৰব সাগৰ, বঙ্গোপসাগৰ, ভাৰত মহাসাগৰৰ জলভাগ আৰু দক্ষিণ-পশ্চিম আদ্ৰ মৌচুমী বায়ুপ্রবাহ আদিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ুৰ বৈশিষ্ট্য সকলোতে একে নহয়। ঋতুভেদে উত্তৰ-পশ্চিম ভাৰত ভূখণ্ডৰ পৰিবৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱো অসমৰ জলবায়ুত পৰে। ইয়াৰোপৰি স্থানীয়ভাৱে প্ৰবাহিত পার্বত্য বতাহ, উপত্যকা বতাহ আৰু নদনদী তথা অন্যান্য জলভূমিৰ উপস্থিতিয়ে স্থানীয় পর্যায়ত জলবায়ুৰ বৈশিষ্ট্যত যথেষ্ট প্রভাৱ পেলায়। সাধাৰণতে গ্রীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে।

অসমৰ ভূগোল

১১/  গ্রীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি?

উত্তৰ – গ্রীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ হ’ল আদ্ৰ দক্ষিণ-পশ্চিম মৌচুমি বতাহৰ শৈলোৎক্ষেপন আৰু চক্ৰবাত ৷

১২/ অসমৰ জলবায়ুত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ – অসমৰ জলবায়ুত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ চমুকৈ আলোচনা কৰা হ’ল – ভৌগোলিক অৱস্থান, ভূ-প্রকৃতি, আৰব সাগৰ, বঙ্গোপসাগৰ, ভাৰত মহাসাগৰৰ জলভাগ আৰু দক্ষিণ-পশ্চিম আদ্ৰ মৌচুমী বায়ুপ্রবাহ আদিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ুৰ বৈশিষ্ট্য সকলোতে একে নহয়। ঋতুভেদে উত্তৰ-পশ্চিম ভাৰত ভূখণ্ডৰ পৰিবৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱো অসমৰ জলবায়ুত পৰে। ইয়াৰোপৰি স্থানীয়ভাৱে প্ৰবাহিত পার্বত্য বতাহ, উপত্যকা বতাহ আৰু নদনদী তথা অন্যান্য জলভূমিৰ উপস্থিতিয়ে স্থানীয় পর্যায়ত জলবায়ুৰ বৈশিষ্ট্যত যথেষ্ট প্রভাৱ পেলায়।

১৩/ অসমৰ প্ৰধান ঋতু কেইটা কি কি ? ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পর্কে চমুকৈ লিখা।

উত্তৰ – অসমৰ প্ৰধান ঋতুকেইটা হ’ল- প্রাক্ মৌচুমী, মৌচুমী, প্রত্যাবর্তিত মৌচুমী আৰু শুষ্ক শীতকাল ৷

প্রাক্ মৌচুমী কাল – প্ৰাক্ মৌচুমীকাল মার্চ মাহৰ আৰম্ভণিৰ পৰা মে মাহৰ শেষলৈকে বিৰাজ কৰে। প্ৰাক্‌ মৌচুমী কালৰ সময়চোৱাত পুৱাৰ ভাগ আমদায়ক, উষ্ণ দুপৰীয়া, পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতিকম সময়ৰ বাবে বিজুলী ঢেকেনিৰে বৰষুণ হয়। এই সময়ত বায়ুমণ্ডলত এক প্রকাৰৰ অস্থিৰতাই বিৰাজ কৰে আৰু মাজে মাজে ধূলিৰ ধুমুহা আৰু গাজনি ঢেৰেকণীৰে বৰষুণৰ সৃষ্টি হয়। সময় অতিক্রম কৰাৰ লগে লগে এই কালচোৱাত কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হ’বলৈ ধৰে।

মৌচুমী কাল – অসমত সাধাৰণতে মৌচুমীকাল জুন মাহৰ আৰম্ভণিৰে পৰা চেপ্তেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে। এই সময়চোৱাত দক্ষিণ-পশ্চিম মৌচুমী বায়ুপ্রবাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্রায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয়। এই কালচোৱাৰ জুন, জুলাই আৰু আগষ্ট মাহত সর্বাধিক বৃষ্টিপাত হয়।

প্রত্যাবর্তিত মৌচুমী কাল –  ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে দক্ষিণ-পশ্চিম মৌচুমী বতাহ উভতিবলৈ ধৰে। অর্থাৎ এই সময়ত বর্ষাকাল শেষ হোৱাৰ ফলত উষ্ণতা আৰু বৃষ্টিপাত হ্রাস পায়। উষ্ণতা হ্রাস পোৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু সেয়ে বায়ুৰ প্ৰৱাহ সম্পূর্ণ ওলোটা হৈ উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম দিশলৈ হয়। ইয়াকে উত্তৰ- পূর্ব মৌচুমী প্রৱাহ বা প্রত্যাৱর্তিত মৌচুমী বতাহ বোলা হয়।

অসমৰ ভূগোল

১৪/ অসমৰ সর্বোচ্চ আৰু সর্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণৰ পৰিমাণ লিখা।

উত্তৰ – অসমৰ সর্বোচ্চ আৰু সর্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম হ’ল ক্ৰমে উত্তৰ লক্ষীমপুৰ আৰু লামডিং ৷ উত্তৰ লক্ষীপুৰত বৰষুণৰ পৰিমাণ ৩৩৫ চেঃমিঃ আনহাতে লামডিংত বৰষুণৰ পৰিমাণ ১২৯ ছেঃমিঃ ৷

১৫/ অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয় ?

উত্তৰ – অসমৰ এক সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্যভূমিৰ প্ৰভাৱৰ বাবে ৰাজ্যখনৰ সকলো ঠাইত সমান পৰিমাণে বৰষুণ নহয় ৷

১৬/ অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পর্কে চমুকৈ লিখা।

উত্তৰ – অসমত সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয় ৷ ইয়াৰোপৰি উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লক্ষিমপুৰ আৰয় শিৱসাগৰ জিলা; নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি বছৰি ২৫০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় ৷ আনহাতে মধ্য অসমৰ নগাওঁ আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম ৷ উল্লেখযোগ্য যে নগাওঁ জিলাৰ লংকা-লামডিং অঞ্চলত বছৰি গড় বৰষুণ কেৱল ১২৯  ছেন্টিমিটাৰ পৰ্যন্ত হয়৷

অসমৰ ভূগোল

Advertisement

১৭/ অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহৰ চমু বর্ণনা দিয়া।

উত্তৰ – অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহৰ তলত আলোচনা কৰা হ’ল –

(১) পলসুৱা মৃত্তিকা – অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত বিস্তৃতভাৱে পলসুৱা মাটি পোৱা যায়। ই দুই প্রকাৰৰ, যেনে –  (ক) নতুন পলসুৱা মাটি আৰু (খ) পুৰণি পলসুৱা মাটি।

                নতুন পলসুৱা মাটি প্রধানকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইহঁতৰ উপনৈবোৰৰ সক্রিয় প্লাৱনভূমি আৰু নদী কাষৰীয় সমভূমি অঞ্চলত পোৱা যায়। এই মৃত্তিকা মধ্যমীয়াভাৱে ডাঠ আৰু দেখাত ধোঁৱা বৰণীয়া। এই মৃত্তিকা সামান্যভাৱে অম্লীয়।

               পুৰণি পলসুৱা মাটি বিশেষকৈ কোকৰাঝাৰ, বৰপেটা, নলবাৰী, কামৰূপ, দৰং, শোণিতপুৰ, লখিমপুৰ আৰু ধেমাজি জিলাৰ উত্তৰ অংশৰ গিৰিপদ অঞ্চল আৰু দক্ষিণৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ নতুন পলসুৱা মাটিৰ মাজৰ অঞ্চলৰবাৰত পোৱা যায়। সাধাৰণতে, পুৰণি পলসুৱা মাটিৰ স্তৰ ডাঠ আৰু দেখাত মুগা বৰণীয়া। এই মাটি কম-বেছি পৰিমাণে অম্লীয় আৰু ই সূক্ষ্মৰ পৰা মোটা দানাযুক্ত পলসেৰে গঠিত।

(2) গিৰিপদ মৃত্তিকা –  গিৰিপদ মৃত্তিকা ব্রহ্মপুত্র উপত্যকাৰ উত্তৰৰ হিমালয় পাদদেশৰ ঠেক গিৰিপদ অঞ্চলত পোৱা যায়। গিৰিপদ অঞ্চলটো ভাবৰ আৰু তৰাই অঞ্চলৰ দ্বাৰা গঠিত।  ভাবৰ অঞ্চলৰ মৃত্তিকা অমিশ্রিত শিল, বালি আৰু বোকাৰে গঠিত। এই মৃত্তিকাৰ ডাঠ স্তৰ আছে। আনহাতে, ভাবৰ অঞ্চলৰ দক্ষিণৰ তৰাই অঞ্চলৰ মৃত্তিকা পানীৰে সংপৃক্ত হৈ থাকে আৰু ইয়াত ওখ ঘাঁহ জাতীয় উদ্ভিদ দেখা যায়।

(৩) পাহাৰীয়া মৃত্তিকা –  পাহাৰীয়া মৃত্তিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। প্রাকৃতিক গঠন আৰু ৰাসায়নিক গুণাগুণৰ ভিত্তিত এই মৃত্তিকাক দুই প্রকাৰে ভগাব পাৰি, যেনে- ৰঙা বালিয়া মৃত্তিকা আৰু ৰঙা পলসুৱা মৃত্তিকা।

                 ৰঙা বালিয়া মৃত্তিকা বিশেষকৈ অসম-মেঘালয়ৰ সীমামূৰীয়া অঞ্চল, কার্বি মালভূমি, ডিমা হাছাও জিলাৰ বৰাইল পৰ্বতৰ দক্ষিণাংশ আৰু কাছাৰ জিলাৰ পূব সীমাৰ কিছু কিছু অঞ্চলত পোৱা যায়। এই মৃত্তিকা প্রধানকৈ শিলা ক্ষয়প্রাপ্ত হৈ উৎপত্তি হৈছে আৰু ইয়াৰ ঔৰ ডাঠ। এই মৃত্তিকা মধ্যমীয়াৰ পৰা অধিক পৰিমাণে অম্লীয়।

                 ৰঙা পলসুৱা মৃত্তিকা অসম-অৰুণাচল প্রদেশৰ সীমামূৰীয়া দক্ষিণৰ ঠেক অঞ্চলত আৰু লগতে কার্বি মালভূমি আৰু ডিমা হাছাও জিলাৰ বৰাইল পৰ্বতৰ দক্ষিণাংশত পোৱা যায়। এই মৃত্তিকাৰ ডাঠ স্তৰ আছে আৰু ই সূক্ষ্মৰ পৰা মোটা দানাযুক্ত পলসৰ দ্বাৰাই গঠিত। এই মৃত্তিকা সামান্যভাৱে আৰু মধ্যমীয়াভাৱে অম্লীয় ৷

(৪) লেটেৰাইট বা কংকৰ মৃত্তিকা  –  কংকৰ মৃত্তিকা  প্রায় সমগ্র ডিমা হাছাও জিলা, কার্বি মালভূমিৰ দক্ষিণৰ কিছুমান ঠাই, কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমাৰ পূৱ সীমান্তত, গোলঘাট জিলাৰ দক্ষিণ সীমান্তত আৰু বৰাক সমভূমিৰ উত্তৰ অংশত থকা বৰাইল পৰ্বতৰ পাদদেশত পোৱা যায়। এই মৃত্তিকা সাধাৰণতে ক’লা বৰণীয়া আৰু ইয়াৰ গঠন প্রধানকৈ বালিহীয়া। ইয়াত নাইট্রজেন, পটাছ, ফছফৰিক এচিড আৰু চুণ কম পৰিমাণে থাকে।

অসমৰ ভূগোল

১৮/ অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি?

উত্তৰ – অসমৰ মৃত্তিকাৰ  অৱক্ষয়ৰ কাৰণ প্রাকৃতিক আৰু মানৱ সৃষ্ট ৷

            প্রাকৃতিক কাৰকবিলাকৰ ভিতৰত পাহাৰৰ ঢালত প্রাকৃতিক কাৰণত হোৱা ভূমি ক্ষয়, সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধন  সমস্যাই প্রধান।

             মানৱসৃষ্ট কাৰকবোৰৰ ভিতৰত-(ক) গছ-গছনি কটাৰ ফলত বৃদ্ধি হোৱা পৃষ্ঠ জলপ্রৱাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃত্তিকা ক্ষয়, (খ) এঢলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা, (গ) পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি, (ঘ) মানুহৰ বসতি তথা অন্যান্য কার্যৰ দ্বাৰা উদ্ভৱ হোৱা কৃত্রিম জলবন্ধন সমস্যা, আৰু (ঙ) অধিক শস্য উৎপাদনৰ বাবে খেতি-পথাৰত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্রয়োগ আদিয়েই প্রধান।

১৯/ বর্তমান অসমৰ জনসংখ্যা কিমান?

উত্তৰ –  ২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি বর্তমান অসমৰ জনসংখ্যা ৩১.২০ নিযুত ৷

২০/ অসমৰ অৰণ্যসমূহক কি কি ভাগত ভাগ কৰিব পাৰি?

উত্তৰ – ৰাজ্যখনৰ অৰণ্যক পাঁচটা প্রধান ভাগত ভাগ কৰিব পাৰি –

          (ক) ক্রান্তীয় চিৰসেউজীয়া অৰণ্য,

          (খ) ক্রান্তীয় অর্ধচিৰসেউজীয়া অৰণ্য ,

          (গ) ক্রান্তীয় আর্দ্র পর্ণপাতী অৰণ্য,

          (ঘ) নৈপৰীয়া অৰণ্য আৰু

          (ঙ) ক্রান্তীয় শুষ্ক বা শুকান পর্ণপাতী অৰণ্য ।

অসমৰ ভূগোল

২১/ বৰ্ষাৰণ্য কাক বোলে ? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা।

উত্তৰ –  যি অৰণ্যত বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চেণ্টিমিটাৰ বা তাতোকৈ বেছি হয় তেনে অৰণ্যক বৰ্ষাৰণ্য বোলা হয়  ৷

অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য – অৰুণাচল প্রদেশৰ নামনিৰ পাহাৰৰ পাদদেশীয় এলেকা, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত এই প্ৰকাৰৰ অৰণ্য দেখা যায়।

            সাধাৰণতে চিৰসেউজীয়া অৰণ্য বা বৰ্ষাৰণ্যতিনিতৰপীয়া হোৱাটো পৰিলক্ষিত হয়। প্রথম তৰপটো অতি ওখ গছৰ দ্বাৰা গঠিত। অসমৰ চিৰসেউজীয়া অৰণ্যত হোলোং, মেকাই আদি অতি ওখ গছ পোৱা যায়। ইয়াতকৈ কিছু কম ওখ গছে দ্বিতীয়টো তৰপ গঠন কৰে। এই তৰপত সাধাৰণতে নাহৰ, চিয়া নাহৰ, আমাৰি আদি গছ দেখা যায়। একেবাৰে তলৰ তৰপত চাপৰ গছ-বন আদি থাকে। চিৰসেউজীয়া অৰণ্যত গছৰ উপৰি নানা বিধ লতা, তৰা, বাঁহ-বেত, কপৌফুল আদিও থাকে। সম্প্রতি অসমত বিভিন্ন কাৰণত এই অৰণ্য বেয়াকৈ সংকুচিত হৈ আহিছে।

২২/ নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমানৰ সংকট সম্পর্কে চমুকৈ লিখা।

উত্তৰ –  নৈ-বিলৰ কাষৰীয়া অঞ্চলৰ জীপাল ভূভাগত এক বিশেষ ধৰণৰ অৰণ্য দেখা যায়। এনে অৰণ্যক নৈপৰীয়া অৰণ্য বুলি ক’ব পাৰি ।

            এসময়ত অসমৰ বহু ঠাই নৈপৰীয়া অৰণ্যই আগুৰি আছিল। এনে অৰণ্যত সাধাৰণতে কিছু ওখ গছৰ লগতে ঘাঁহ জাতীয় উদ্ভিদৰ প্রাধান্য বেছি। গছৰ ভিতৰত ( চাম, সোঁৱালু, উৰিয়াম, মজ, ঔ, আজাৰ আদি প্রধান। নল, খাগৰি, তৰা, কৌপাত, বেত, ঝাওঁ, কঁহুৱা আদি চাপৰ গছ বা ঘাঁহজাতীয় উদ্ভিদৰ বাবে নৈপৰীয়া এলেকাবোৰ বিশেষ উপযোগী। কাজিৰঙা, ডিব্ৰু-ছৈখোৱা, পবিতৰা, ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য প্রধানকৈ নৈপৰীয়া অঞ্চলতে অৱস্থিত। অৱশ্যে সাম্প্রতিক কালত জনবসতি ক্রমে নৈপৰীয়া এলেকাৰবাৰলৈ সম্প্রসাৰিত হোৱাৰ ফলত এই অৰণ্য দ্রুতগতিত সংকুচিত হৈছে।

অসমৰ ভূগোল

২৩/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা।

উত্তৰ – কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট, নগাঁও আৰু শোণিতপুৰ জিলাত অৱস্থিত ৷ ইয়াৰ মাটিকালি ৮৫৮.৯৮ বৰ্গ কিঃ মিঃ ৷

২৪/  অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ নাম আৰু অৱস্থান লিখা।

উত্তৰ –  অসমত বৰ্তমান ৭খন ৰাষ্ট্ৰীয় উদ্যান আছে ৷ উদ্যানকেইখনৰ নাম আৰু অৱস্থান তলত উল্লেখ কৰা হ’ল – 

        ৰাষ্ট্ৰীয় উদ্যানৰ নাম                 অৱস্থান     মাটিকালি (বৰ্গ কিঃ মিঃ)
     কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানগোলাঘাট, নগাঁও আৰু শোণিতপুৰ             ৮৫৮.৯৮
        মানস ৰাষ্ট্ৰীয় উদ্যান           চিৰাং আৰু বাক্সা                ৫০০
         ওৰাং ৰাষ্ট্ৰীয় উদ্যান      ওদালগুৰি আৰুশোণিতপুৰ               ৭৮.৮১
        নামেৰী ৰাষ্ট্ৰীয় উদ্যান                 শোণিতপুৰ                ২০০
  ডিব্ৰু – ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান       ডিব্ৰুগড় আৰু তিনিচুকীয়া                ৩৪০
      দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান          ডিব্ৰুগড় আৰু তিনিচুকীয়া                   ২৩৪.২৬
     ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান          কোকৰাঝাৰ             ৪২২

২৫/ অভয়াৰণ্যসমূহে কেনেকৈ প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰে লিখা।

উত্তৰ – অভয়াৰণ্যসমূহে  প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এই অঞ্চলবোৰ যিহেতু সংৰক্ষিত অঞ্চল সেয়েহে অসমৰ প্ৰায় ৩,৫৯২.৯৪ বৰ্গ কিলোমিটাৰ ঠাই মানুহৰ ধ্বংসাত্মক প্ৰভাৱৰ পৰা সুৰক্ষিত হৈ আছে ৷ এই বনাঞ্চলবোৰত হাতী, বাঘ, গঁড়, বনৰীয়া ম’হ, নানাবিধ হৰিণা আৰু কেইবাটাও প্ৰজাতিৰ বান্দৰৰ লগতে বহুতো বন্যপ্ৰাণী আছে ৷ ঘাঁহনি, গছ-গছনি আৰু আদ্ৰভূমিৰে ভৰা এই সুৰক্ষিত বনাঞ্চলবোৰে দেশ-বিদেশৰ বহুতো পৰ্যতকক আকৰ্ষণ কৰে ৷  এইবোৰক ভালদৰে সুৰক্ষা দিয়াৰ ওপৰতে আমাৰ ৰাজ্যখনৰ জৈৱ-বৈচিত্ৰ্যৰ ভৱিষ্যৎ বহু পৰিমাণে নিৰ্ভৰ কৰিব ৷

অসমৰ ভূগোল

Advertisement

২৬/ স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্রশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পর্কে লিখা।

উত্তৰ –  স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্রশাসনিক বিভাগৰ কিছু পৰিৱৰ্তন হৈছে ৷১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত ছিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূর্ব পাকিস্তানৰ (বর্তমান বাংলাদেশ) লগ লাগিছিল। ফলত সেইসময়ত অসমত ১১ খন জিলা আছিল আৰু শ্বিলং আছিল অসমৰ ৰাজধানী। পিছলৈ ১৯৬৩ চনত নগালেণ্ড, ১৯৭০ চনত মেঘালয় আৰু ১৯৭১ চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয়। ১৯৭৩ চনতে গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্রতিষ্ঠা কৰা হয়। সেই ১৯৭১ চনৰ পৰা বৰ্তমানলৈকে  অসমৰ মাটিকালি তথা ভৌগোলিক সীমা আৰু পৰিসৰ একেই আছে ।

২৭/ অসমৰ বর্তমান জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা।

উত্তৰ – অসমৰ বৰ্তমা জিলা ৩৪খন ৷ জিলাবোৰৰ নাম আৰু সদৰ ঠাই তলত উল্লেখ কৰা হ’ল –

                         জিলাৰ নাম                              জিলা সদৰ
                        ১. ধুবুৰী                                   ধুবুৰী
                        ২. কোকৰাঝাৰ                              কোকৰাঝাৰ
                        ৩. গোৱালপাৰা                                 গোৱালপাৰা
                        ৪.বঙাইগাওঁ                                 বঙাইগাওঁ
                        ৫. চিৰাং                                কাজলগাঁও
                        ৬. বৰপেটা                                   বৰপেটা
                         ৭. বজালী                                  পাঠশালা
                         ৮. নলবাৰী                                    নলবাৰী
                         ৯. বাক্সা                                   মছলপূৰ
                         ১০. কামৰূপ                               আমিনগাঁও
                         ১১. কামৰূপ মহানগৰ                                   গুৱাহাটী
                         ১২. দৰং                                   মঙলদৈ
                          ১৩. ওদালগুৰি                                 ওদালগুৰি
                          ১৪. শোণিতপুৰ                                  তেজপুৰ
                          ১৫. লখিমপুৰ                                  লখিমপুৰ
                          ১৬. ধেমাজি                                   ধেমাজি
                          ১৭. নগাঁও                                   নগাঁও
                           ১৮. মৰিগাঁও                                   মৰিগাঁও
                           ১৯. গোলাঘাট                                   গোলাঘাট
                           ২০. যোৰহাট                                  যোৰহাট
                           ২১. শিৱসাগৰ                                 শিৱসাগৰ
                            ২২. ডিব্ৰুগড়                                  ডিব্ৰুগড়
                            ২৩. তিনিচুকীয়া                                  তিনিচুকীয়া
                            ২৪. কাৰ্বি আংলং                                   ডিফু
                            ২৫. ডিমা-হাছাও                                  হাফলং
                             ২৬. কৰিমগঞ্জ                                কৰিমগঞ্জ
                             ২৭. কাছাৰ                                    শিলচৰ
                             ২৮. হাইলাকান্দি                                  হাইলাকান্দি
                             ২৯. বিশ্বনাথ                                বিশ্বনাথ চাৰিআলি
                             ৩০. চৰাইদেউ                                 সোণাৰি
                              ৩১. হোজাই                                শঙ্কৰদেৱ নগৰ
                             ৩২. মাজুলী                                 গৰমুড়
                             ৩৩. দক্ষিণ শালমাৰা-মানকাছাৰ                              হাটশিঙিমাৰী
                             ৩৪. পশ্চিম কাৰ্বি-আংলং                                    হামৰেং

২৮/ অসমৰ মাটিকালি কিমান? ৰাজ্যখনৰ ৰাজধানী ক’ত অৱস্থিত ? ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা।

উত্তৰ – অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ৷ ৰাজ্যখনৰ ৰাজধানী দিছপুৰত অৱস্থিত ৷ ইয়াৰ মাটিকালি হিচাপে কাৰ্বি আংলং আটাইতকৈ ডাঙৰ আৰু দক্ষিণ শালমাৰা জিলা অটাতকৈ সৰু ৷

২৯/ ২০১১ চনৰ লোপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা।

উত্তৰ – ২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি বর্তমান অসমৰ জনসংখ্যা ৩১.২০ নিযুত ৷ জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ জিলাখন হ’ল নগাঁও আৰু আটাইতকৈ সৰু জিলাখনৰ নাম হ’ল ডিমা-হাচাও ৷

অসমৰ ভূগোল

৩০/ চমুটোকা লিখা ?

(ক) অসম আৰু মৌচুমী জলবায়ু

উত্তৰ -অসমখন ভৌগোলিকভাৱে উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। এই ৰাজ্যখনত বছৰটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্রায় সকলো সময়তে অত্যধিক আর্দ্রতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে। অসমৰ জলবায়ু মুলতঃ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত ৷

            গ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্র উপত্যকাৰ বিশেষকৈ উত্তৰ-পূৱ অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে। ইয়াৰোপৰি বৰাক উপত্যকাৰ প্রায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ-পশ্চিম মৌচুমী বতাহে বাধাপ্রাপ্ত হৈ বৰাক সমভূমি অঞ্চলতো যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। অৱশ্যে এই মৌচুমী বতাহৰ শক্তি আৰু লগত অহা জলীয়বাষ্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে বছৰি বৰষুণৰ পৰিমাণৰ পার্থক্য ঘটে। পাহাৰৰ অনুবাত ঢালত বিশেষকৈ কার্বি পাহাৰৰ পূবফালে তথা ডিমা হাছাও পাহাৰৰ উত্তৰ আৰু পূৱফালে বৰষুণৰ পৰিমাণ যথেষ্ট হ্রাস পায়। একে কাৰণতে নগাঁও জিলাৰ দক্ষিণ অংশতো বৰষুণ যথেষ্ট কম হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্ৰম কৰি আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিম ফালেদি সোমাই আহি নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চলত বৰষুণ দিয়ে। অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আর্দ্র দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ শৈলোৎক্ষেপন আৰু চক্ৰবাত  প্রক্রিয়াৰ জৰিয়তে সৃষ্টি হয়।

                 শীতকালত শুষ্ক উত্তৰ-পূব মৌচুমী বতাহ  বা প্রত্যাৱর্তিত মৌচুমী বতাহে উত্তৰ-পূব মৌচুমী বতাহে ব্রহ্মপুত্র নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা কিছু জলীয়বাষ্প গ্রহণ কৰি কেতিয়াবা অসমৰ দক্ষিণ-পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে। আনহাতে এই সময়ত বায়ুমণ্ডলত আদ্রর্তাৰ পৰিমাণ যথেষ্ট হ্রাস পায়।

(খ) দক্ষিণ-পশ্চিম মৌচুমী বতাহ

উত্তৰ –  অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আর্দ্র দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ শৈলোৎক্ষেপন আৰু চক্ৰবাত  প্রক্রিয়াৰ জৰিয়তে সৃষ্টি হয়।গ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনাডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্রউপত্যকাৰ বিশেষকৈ উত্তৰ-পূৱ অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে। ইয়াৰোপৰি বৰাকউপত্যকাৰ প্রায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ-পশ্চিম মৌচুমী বতাহেবাধাপ্রাপ্ত হৈ বৰাক সমভূমি অঞ্চলতো যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। অৱশ্যে এই মৌচুমীবতাহৰ শক্তি আৰু লগত অহা জলীয়বাষ্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতেবছৰি বৰষুণৰ পৰিমাণৰ পার্থক্য ঘটে। পাহাৰৰ অনুবাত ঢালত বিশেষকৈ কার্বি পাহাৰৰপূবফালে তথা ডিমা হাছাও পাহাৰৰ উত্তৰ আৰু পূৱফালে বৰষুণৰ পৰিমাণ যথেষ্ট হ্রাসপায়। একে কাৰণতে নগাঁও জিলাৰ দক্ষিণ অংশতো বৰষুণ যথেষ্ট কম হয়। অৱশ্যে হিমালয়পর্বতশ্রেণীৰ পাদভূমি অঞ্চলত বৰষুণৰ পৰিমাণ সদায় বেছি থাকে। দক্ষিণ-পশ্চিম মৌচুমীবতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্ৰম কৰি আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিমফালেদি সোমাই আহি নামনি ব্রহ্মপুত্র উপত্যকা অঞ্চলত বৰষুণ দিয়ে।

(গ) উত্তৰ-পূৱ মৌচুমী বতাহ

Advertisement

উত্তৰ – গ্রীষ্ম আৰু শীতকালৰ মাজত হোৱা চাপৰ পাৰ্থক্যৰ বাবে শীতকালত বতাহৰ দিশৰো গ্রীষ্মকালৰ দক্ষিণ-পশ্চিম মৌচুমীৰ সম্পূর্ণ ওলোটা হয়। সেয়েহে শীতকালত উজনি ব্রহ্মপুত্র উপত্যকাত যি বায়ু প্ৰৱাহৰ সৃষ্টি হৈ বঙ্গোপসাগৰৰ ফালে প্রবাহিত হয় তাকে উত্তৰ-পূব মৌচুমী বতাহ   বা প্রত্যাৱর্তিত মৌচুমী বতাহ বোলা হয়। শুষ্ক উত্তৰ-পূব মৌচুমী বতাহে ব্রহ্মপুত্র নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা কিছু জলীয়বাষ্প গ্রহণ কৰি শীত কালত কেতিয়াবা অসমৰ দক্ষিণ-পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে। আনহাতে এই সময়ত বায়ুমণ্ডলত আদ্রর্তাৰ পৰিমাণ যথেষ্ট হ্রাস পায়।

(ঘ) অসমৰ বর্ষাকাল

উত্তৰ –  অসমত সাধাৰণতে বর্ষাকাল বা মৌচুমীকাল জুন মাহৰ আৰম্ভণিৰে পৰা চেপ্তেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে। এই সময়চোৱাত দক্ষিণ-পশ্চিম মৌচুমী বায়ুপ্রবাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্রায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয়। এই কালচোৱাৰ জুন, জুলাই আৰু আগষ্ট মাহত সর্বাধিক বৃষ্টিপাত হয়। উল্লেখযোগ্য যে অসমৰ বছৰি হোৱা মুঠ বৰষুণৰ প্রায় ৭০ শতাংশ এই তিনিমাহতে হয়। এই মৌচুমীকালতে অসমৰ প্ৰধান খেতি শালি ধান ৰোপণ কৰা হয়। লগতে সমগ্ৰ ৰাজ্য জুৰি তথা ইয়াৰ কেওকাষৰ পাহাৰীয়া অঞ্চলত হোৱা অতিপাত বৰষুণৰ ফলত ব্রহ্মপুত্ৰ আৰু বৰাক নদীকে ধৰি ইয়াৰ সকলোবোৰ উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাই প্ৰায়েই বানপানীৰ সৃষ্টি কৰে।

অসমৰ ভূগোল

(ঙ) অসমৰ প্ৰাক্‌-মৌচুমীকাল

উত্তৰ – অসমত প্ৰাক মৌচুমীকাল মার্চ মাহৰ আৰম্ভণিৰ পৰা মে মাহৰ শেষলৈকে বিৰাজ কৰে। শীতকালৰ পিছতেই এইকাল আহে বাবে আৰম্ভণিৰে পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে। প্ৰাক্‌ মৌচুমী কালৰ সময়চোৱাত পুৱাৰ ভাগ আৰামদায়ক, উষ্ণ দুপৰীয়া, পৰিশান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতিকম সময়ৰ বাবে বিজুলী ঢেকেনিৰে বৰষুণ হয়। এই সময়ত বায়ুমণ্ডলত এক প্রকাৰৰ অস্থিৰতাই বিৰাজ কৰে আৰু মাজে মাজে ধূলিৰ ধুমুহা আৰু গাজনি ঢেৰেকণীৰে বৰষুণৰ সৃষ্টি হয়। সময় অতিক্রম কৰাৰ লগে লগে এই কালচোৱাত কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হ’বলৈ ধৰে। মৌচুমী কালৰ আগতে হোৱা এই বৃষ্টিপাতে ধান, চাহ আৰু মৰাপাট খেতিত সহায়ক হয়। অসমত এই প্রাক্‌ মৌচুমীকালৰ সময়তে বসন্ত ঋতু বিৰাজ কৰে। এপ্রিল মাহৰ মাজভাগত বহাগ বিহু বা ৰঙালী বিহু পালন কৰা হয়।

(চ) অসমত বৰষুণৰ স্থানিক বিতৰণ

উত্তৰ – অসমত সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয় ৷ ইয়াৰোপৰি উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লক্ষিমপুৰ আৰয় শিৱসাগৰ জিলা; নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি বছৰি ২৫০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় ৷ আনহাতে মধ্য অসমৰ নগাওঁ আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম ৷ উল্লেখযোগ্য যে নগাওঁ জিলাৰ লংকা-লামডিং অঞ্চলত বছৰি গড় বৰষুণ কেৱল ১২৯  ছেন্টিমিটাৰ পৰ্যন্ত হয়৷

(ছ) অসমৰ প্রশাসনিক বিভাগ

উত্তৰ – সময়ৰ লগে লগে ভৌগোলিকভাৱে অসমৰ বিস্তৃতিৰ যথেষ্ট পৰিবর্তন ঘটিছে। বৃটিছৰ শাসনকালত মেঘালয় আৰু নগালেণ্ডৰ উপৰি ছিলেটো অসমৰ লগত আছিল। ১৮৯৫ চনত লুচাই পাহাৰো অসমৰ অন্তর্ভূক্ত হৈছিল। কিন্তু ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত ছিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূর্ব পাকিস্তানৰ লগ লাগিছিল। ফলত সেইসময়ত অসমত ১১ খন জিলা আছিল আৰু শ্বিলং আছিল অসমৰ ৰাজধানী। পিছলৈ ১৯৬৩ চনত নগালেণ্ড, ১৯৭০ চনত মেঘালয় আৰু ১৯৭১ চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয়। ১৯৭৩ চনতে গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্রতিষ্ঠা কৰা হয়। অসমৰ বর্তমান মাটিকালি ৭৮,৪৩৮ বর্গকিলোমিটাৰ আৰু জনসংখ্যা ৩১.২০ নিযুত (২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি)।

              কেৱল কিছুমান প্রশাসনিক সুবিধা-অসুবিধা আৰু ৰাজ্যখনত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্যখনৰ একে পৰিসৰতে নতুন নতুন জিলা গঠন কৰা হৈছে। বর্তমান অসমত সৰ্বমুঠ ৩৪ খন জিলা আছে। এই জিলা কেইখনৰ ভিতৰত ৭ খন ২০১৫-১৬ বৰ্ষত নতুনকৈ গঠন কৰা হৈছে।  এই ৩৪ খন জিলাৰ ভিতৰত ৪খন যেনে—কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি বি টি এ ডিৰ অন্তর্ভুক্ত।  মাটিকালি হিচাপে কাৰ্বি আংলং জিলা সৰ্ববৃহৎ আৰু দক্ষিণ শালমাৰা আটাইতকৈ সৰু জিলা ৷ আনহাতে ২০১১ বৰ্ষৰ লোকপিয়লৰ ভিত্তিত জনসংখ্যা হিচাপে নগাওঁ জিলাৰ জনসংখ্যা সর্বোচ্চ (২.৮২ নিযুত) আৰু ডিমা-হাছাওৰ সর্বনিম্ন (২.১৪ লাখ) ৷

অসমৰ ভূগোল

(জ) জিলা পর্যায়ত অসমৰ জনসংখ্যা

উত্তৰ –  ২০১১ বৰ্ষৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা ৩১.২০ নিযুত। বিভিন্ন কাৰকৰকৰ বাবে অসমৰ সকলো জিলাতে জনসংখ্যাৰ বিতৰণ সমান হোৱা দেখা নাযায়। এনে কাৰকৰ ভিতৰত কৰ্মৰ সন্ধানত গাঁৱৰ ল’ৰা-ছোৱালি চহৰলৈ প্ৰব্ৰজন হৈ চহৰৰ জনসংখ্যা বৃদ্ধি কৰাটো উল্লেখনীয় ৷ তাৰ ওপৰি অসমৰ সমভূমি অঞ্চলসমূহত জীৱন ধাৰণ সূচল হোৱা বাবে এই অঞ্চলসমূহত জনবসতিৰ ঘনত্ব অধিক। জিলা পর্যায়ত প্রায় ২.৮৩ নিযুত জনসংখ্যাৰে নগাঁও হৈছে অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা। ইয়াৰ পিছতে ১.৯৫নিযুত জনসংখ্যাৰে ধুবুৰী দ্বিতীয় আৰু ১.৯২ নিযুত জনসংখ্যাৰে শোণিতপুৰ তৃতীয় স্থানত আছে। আনহাতে, প্রায় ২.১ লাখ জনসংখ্যাৰে ডিমা হাছাও হৈছে অসমৰ সকলোতকৈ কম জনসংখ্যা থকা জিলা।

(ঝ) বি টি এ ডি।

উত্তৰ – বি টি এ ডি ২০০৩ চনত গঠিত হৈছিল ৷ বি টি এ ডিৰ সম্পূর্ণ অর্থ হ’ল বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্রিক ৷  অসমৰ ৩৪ খন জিলাৰ ভিতৰত ৪খন যেনে—কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি বি টি এ ডিৰ অন্তর্ভুক্ত।  বি টি এ ডিৰ মুঠ মাটিকালি ৮৯৭০ বর্গ কিঃমিঃ আৰু ইয়াৰ মুঠ জনসংখ্যা হৈছে প্রায় ৩,১৫৫,৩৫৯ । মাটিকালিৰ হিচাপত কোকৰাঝাৰ হৈছে সর্ববৃহৎ জিলা আৰু চিৰাং আটাতকৈ সৰু ৷ আনহাতে জনসংখ্যাৰ ফালৰ পৰা বাক্সা হৈছে বি টি এ ডিৰ সৰ্বাধিক জনবহুল জিলা আৰু চিৰাং অটাইকৈ সৰু ৷

Read More:

Advertisement

অধ্যায় ৪ – অসমৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ইতিহাস –

অধ্যায় ১ – ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

অধ্যায় ৩ – মোৱামৰীয়া গণ বিদ্ৰোহ

ভূগোল –

অধ্যায় ১ – ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

অধ্যায়-২ বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতৰ ৰাজনৈতিক দল

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

অৰ্থনীতি বিজ্ঞান

অধ্যায় ১ – অৰ্থনীতিৰ মৌলিক বিষয় সমূহ

অধ্যায় ২ – মূল অৰ্থনৈতিক সমস্যাসমূহ