অৰ্থনীতিৰ মৌলিক বিষয় সমূহ – Notes

অৰ্থনীতিৰ মৌলিক বিষয় সমূহ - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান , ৰাজনীতি বিজ্ঞানৰ নৱম শ্ৰেণীৰ, অধ্যায়- ১ অৰ্থনীতিৰ মৌলিক বিষয় সমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

অৰ্থনীতিৰ মৌলিক বিষয় সমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

১/ অৰ্থবিজ্ঞান বা অর্থনীতি বুলিলে কি বুজা ?

উত্তৰ – সমাজ বা সমাজৰ অংগ হিচাপে ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰা সমাজ বিজ্ঞানৰ বিভাগটোকেই অৰ্থবিজ্ঞান বা অৰ্থনীতি বোলে ৷

২/ অৰ্থবিজ্ঞান শব্দটোৰ অৰ্থ বিশ্লেষণ কৰা ৷

উত্তৰ – অর্থনীতি শব্দটো গ্ৰীক  শব্দ ‘Oikonomia’ৰ পৰা লোৱা হৈছে ৷ ‘Oikos’ শব্দটোৰ অৰ্থ হৈছে পৰিয়াল আৰু ‘nomos’ শব্দৰ অৰ্থ হ’ল নিয়ম ৷ গতিকে অৰ্থবিজ্ঞানক পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম বুলি গণ্য কৰা হয় ৷

৩/ এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোক কোনে যক্ষৰ বাণী বুলি সমালোচনা কৰিছিল ?

উত্তৰ – এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোক কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি সমালোচনা কৰিছিল ৷

৪/ স্মিথৰ অৰ্থনীতিৰ সংজ্ঞাটোতকৈ মাৰ্ছেলৰ সংজ্ঞাটো বহু ক্ষেত্ৰত উন্নত ৷ অথচ মাৰ্ছেলৰ সংজ্ঞাটোৱে এক গ্ৰহণযোগ্য সংজ্ঞাৰ আখ্যা নাপালে ৷ কিয় ?

উত্তৰ – স্মিথৰ অৰ্থনীতিৰ সংজ্ঞাটোতকৈ মাৰ্ছেলৰ সংজ্ঞাটো বহু ক্ষেত্ৰত উন্নত ৷ অথচ মাৰ্ছেলৰ সংজ্ঞাটোৱে এক গ্ৰহণযোগ্য সংজ্ঞাৰ আখ্যা নাপালে ৷ কাৰণ মাৰ্ছেলে কেৱল পাৰ্থিৱ কল্যাণৰ কথাহে উল্লেখ কৰিছে ৷ অপাৰ্থিৱ কল্যাণ সাধণ যেনে শিক্ষক, চিকিৎসকৰ সেৱা আদিৰ কথা উল্লেখ কৰা নাই ৷ তদুপৰি, বস্তুৱে সকলোধৰণৰ কল্যাণ সাধণ নকৰিবও পাৰে ৷ উদাহৰণস্বৰূপে, মদ, ভাং, চিগাৰেট সেৱনে মানৱ জাতিৰ কল্যাণ সাধণ নকৰে ৷ অথচ এইবোৰ সামগ্ৰীৰ উৎপাদন, উপভোগ, বিতৰণ সম্পৰ্কে অৰ্থবিজ্ঞানত আলোচনা কৰা হয় ৷

৫/ অর্থবিজ্ঞানৰ কোনটো সংজ্ঞাক দুষ্প্ৰাপ্ৰতাৰ সংজ্ঞা বুলিও কোৱা হয় ?

উত্তৰ – ৰবিন্সৰ অৰ্থনীতিৰ সংজ্ঞাক দুষ্প্ৰাপ্ৰতা (নাটনি)ৰ সংজ্ঞা বুলিও কোৱা হয় ৷

          ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল – ‘যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পর্ক হিচাপে অধ্যয়ন কৰে সিয়েই অর্থনীতি ৷’

৬/ ভোগকাৰ্য বুলিলে কি বুজা ?

উত্তৰ – আমাৰ অভাৱ দূৰ কৰাৰ কার্যকলাপেই হৈছে ভোগ।

৭/ উৎপাদন বুলিলে কি বুজা ?

উত্তৰ – উপযোগী সামগ্রী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন।

৮/ অসমৰ কোনখন জিলাত জোনবিল মেলা অনুস্থিত কৰা হয় ?

উত্তৰ – অসমৰ মৰিগাঁও জিলাত জোনবিল মেলা অনুস্থিত কৰা হয় ৷

৯/ অসমৰ কোনখন মেলাত প্ৰত্যক্ষ বিনিময় প্ৰথাৰ প্ৰচলন আছে ?

উত্তৰ – অসমৰ জোনবিল মেলাত প্ৰত্যক্ষ বিনিময় প্ৰথাৰ প্ৰচলন আছে ৷

১০/ অমৰ্ত্য সেন কোন ?

উত্তৰ – অমৰ্ত্য সেন হ’ল ন’বে পুৰস্কাৰপ্ৰাপ্ত ভাৰতীয় অৰ্থনীতিবিদ ৷

অৰ্থনীতিৰ মৌলিক বিষয় সমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement

১১/ অৰ্থবিজ্ঞানত বস্তু বুলিলে কি বুজায় ?

উত্তৰ – মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী আৰু সেৱাকাৰ্যকে অৰ্থবিজ্ঞানত বস্তু বুলি কোৱা হয় ৷

১২/ অৰ্থবিজ্ঞানত মুক্ত বস্তু বুলিলে কি বুজায় ?

উত্তৰ – মুক্ত বস্তুবোৰ হৈছে প্ৰকৃতিৰ মুক্ত দান ৷ যেনে – সূৰ্যৰ তাপ, বতাহ, বৰষুণৰ পানী ইত্যাদি ৷

১৩/ উপযোগিতা বুলিলে কি বুজা ?

উত্তৰ – উপযোগিতা হৈছে কোনো বস্তুৰ বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা ৷

১৪/ অভাৱ বুলিলে কি বুজা ?

উত্তৰ – কোনো এটা বস্তুৰ ব্যৱহাৰ অত্যাৱশ্যকীয় হৈ পৰা অৱস্থাই হ’ল অভাৱ ৷ উদাহৰণস্বৰূপে দৈনন্দিন ব্যস্ততাৰ মাজত অৱসাদ দূৰ কৰাৰ বাবে যদি গান শুনাৰ আকাংক্ষা সৃষ্টি হয় তাকে অভাৱ বুলি কোৱা হয় ৷

১৫/ দৰ বুলিলে কি বুজা ?

উত্তৰ – কোনো বস্তুৰ মুদ্ৰা মূল্যই হৈছে বস্তুটোৰ দৰ বা দাম ৷ অৰ্থাৎ বস্তুৰ বিনিময় মূল্যই হৈছে দাম ৷

১৬/ চাহিদা বুলিলে কি বুজা ?

উত্তৰ – এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয় যদিহে উক্ত বস্তুটো ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা ভোক্তাজনৰ থাকে ৷

১৭/ যোগান বুলিলে কি বুজা ?

উত্তৰ – উৎপাদনৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয় সেই অংশটোক যোগা বুলি কোৱা হয় ৷

১৮/ অৰ্থবিজ্ঞানত বজাৰ বুলিলে কি বুজা ?

উত্তৰ – অৰ্থবিজ্ঞানত বজাৰ বুলি ক’লে এনে এটা ব্যৱস্থাক বুজায় য’ত এক নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট দৰত কোনো এটা বস্তুৰ গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিনা-বেচা হয় ৷

১৯/ মূলধন বুলিলে কি বুজা ?

উত্তৰ – উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন ৷ অৰ্থাৎ উৎপাদনৰ সেই অংশটোক মূলধন বুলি কোৱা হয় যিবোৰ পুনৰ উৎপাদনৰ কামত ব্যৱহাৰ কৰা হয় ৷

২০/ সঞ্চয় মানে কি ?

উত্তৰ – আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যয় কৰা নহয় তাকে সঞ্চয় বুলি কোৱা হয় ৷

২১/ বিনিয়োগ মানে কি ?

উত্তৰ – মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়োগ বোলে ৷

Read More:

অধ্যায় ১ – অৰ্থনীতিৰ মৌলিক বিষয় সমূহ অনুশীলনী

ইতিহাস –

অধ্যায়- ১ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ মোৱামৰীয়া গণ বিদ্ৰোহ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )

অধ্যায়- 2 বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – Notes

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- 4 অসমৰ ভূগোল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তোৰ )

ৰাজনীতি বিজ্ঞান –

অধ্যায়- ১ ভাৰতৰ ৰাজনৈতিক দল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান

অধ্যায়- ২ মূল অৰ্থনৈতিক সমস্যাসমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement