অৰ্থনীতিৰ মৌলিক বিষয় সমূহ

অৰ্থনীতিৰ মৌলিক বিষয় সমূহ - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অৰ্থনীতি বিজ্ঞান খণ্ডৰ অধ্যায়- ১ অৰ্থনীতিৰ মৌলিক বিষয় সমূহ ( Basic Concepts of Economics ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

অৰ্থনীতিৰ মৌলিক বিষয় সমূহ অনুশীলনী

অতি চমু উত্তৰৰ প্রশ্ন –

১/ অর্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে ?

উত্তৰ – অর্থনীতি শব্দটো কোনটো গ্ৰীক ভাষাৰ শব্দৰ পৰা অনা হৈছে ৷

২/ অর্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে ?

উত্তৰ – অর্থনীতি শব্দটো গ্ৰীক  শব্দ ‘Oikonomia’ৰ পৰা লোৱা হৈছে ৷

৩/ অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন ?

উত্তৰ – অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ এডাম স্মিথ ৷

৪/ অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰ – অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল ৷

৫/ অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰ – অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো আলফ্ৰেদ মাৰ্ছেলে আগবঢ়াইছিল ৷

৬/ অৰ্থবিজ্ঞানৰ দুষ্প্রাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰ – অৰ্থবিজ্ঞানৰ দুষ্প্রাপ্যতাৰ সংজ্ঞাটো লায়’নেল ৰবিন্সে আগবঢ়াইছিল ৷

৭/ এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰ – এডাম স্মিথে ‘ An Enquiry into the Nature and Causes of the Wealth of Nations’ নামৰ গ্ৰন্থখনত ১৭৭৬ চনত অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ৷

অৰ্থনীতিৰ মৌলিক বিষয় সমূহ

Advertisement

৮/ আলফ্রেড মাৰ্ছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰ – আলফ্রেড মাৰ্ছেলে ‘Principles of Economics’ নামৰ গ্ৰন্থখনত ১৮৯০ চনত অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ৷

৯/ লায়’নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰ – লায়’নেল ৰবিন্সে ‘An Essay on the nature and significance of Economic Science’ নামৰ গ্ৰন্থখনত ১৯৩২ চনত অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ৷

১০/ এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল ?

উত্তৰ – এডাম স্মিথৰ সংজ্ঞাটোক সমাজবিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি কোনে কৈছিল ৷

১১/ দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছে ?

উত্তৰ – দক্ষতাৰ ওপৰত গুৰুত্ব দি ছেমুৱেলছন আৰু নৰ্দহাছে  অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছে ৷

১২/ কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয় ?

উত্তৰ – কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বোলা হয় ৷

১৩/ উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয় ?

উত্তৰ – উৎপাদনৰ উৎপাদিত আহিলাক মূলধন  বুলি কোৱা হয় ৷

১৪/  ‘Micro’ আৰু ‘Macro’ শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে ?

উত্তৰ – ‘Micro’ শব্দটো গ্ৰীক শব্দ ‘Mikros’ৰ পৰা লোৱা হৈছে আৰু ‘Macro’ শব্দটো গ্ৰীক শব্দ ‘Makros’ৰ পৰা লোৱা হৈছে |

চমু উত্তৰৰ প্ৰশ্ন –

১/ এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰ – এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল –‘অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান ৷ ‘

২/ মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰ – মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল -‘মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কার্যাবলী অধ্যয়নেই হৈছে অর্থনীতি।‘ ই ব্যক্তিগত আৰু সামাজিক কার্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে, যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।

৩/ ৰবিন্সৰ অর্থ বিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰ – ৰবিন্সৰ অর্থ বিজ্ঞানৰ সংজ্ঞাটো হ’ল – ‘যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পর্ক হিচাপে অধ্যয়ন কৰে সিয়েই অর্থনীতি ৷’

৪/ ছেমুৱেলছন আৰু নৰ্দহাছৰ অথবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰ – ছেমুৱেলছন আৰু নৰ্দহাছৰ অথবিজ্ঞানৰ সংজ্ঞাটো –‘দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ’ল অৰ্থনীতিৰ মূল বিষয় ৷’

৫/ ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি ?

উত্তৰ – ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে –

(১) মানুহৰ অভাৱ অসীম ৷

(২) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত ৷

(৩) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য ৷

৬/ ব্যষ্টিবাদী অর্থবিজ্ঞান কাক বোলে ?

উত্তৰ – ব্যষ্টিবাদী অর্থনীতি  শব্দটো গ্রীক শব্দ ‘Mikros’ৰ পৰা আহিছে যাৰ অৰ্থ হ’ল ‘সৰু’। ব্যষ্টিবাদী অর্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্রতিষ্ঠানৰ অর্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰে। এজন ভোক্তা, এজন উদ্যোক্তা বা এখন উদ্যোগিক প্রতিষ্ঠান, এখন বজাৰ, এজন ঋণদাতা, এজন সঞ্চয়কাৰীৰ অর্থনৈতিক আচৰণ ব্যষ্টিবাদী অর্থবিজ্ঞানৰ অন্তর্ভুক্ত।

অৰ্থনীতিৰ মৌলিক বিষয় সমূহ

Advertisement

৭/ সমষ্টিবাদী অর্থবিজ্ঞান কাক বোলে ?

উত্তৰ – সমষ্টিবাদী অর্থনীতি শব্দটো গ্রীক শব্দ ‘Makros’ৰ পৰা আহিছে যাৰ অৰ্থ হৈছে ‘ডাঙৰ’। খন দেশৰ অৰ্থনীতিৰ সামগ্রিক আচৰণ অর্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী অর্থনীতিৰ অন্তর্ভুক্ত। দেশ এখনৰ জনসংখ্যা, নিয়োগ, ঔদ্যোগিকৰণ, কৃষি ইত্যাদিৰ অধ্যয়ন সমষ্টিবাদী অর্থনীতিৰ অন্তৰ্গত।

৮/ আর্থিক বস্তু আৰু অনার্থিক বস্তুৰ পার্থক্য লিখ।

উত্তৰ – আর্থিক বস্তু আৰু অনার্থিক বস্তুৰ পার্থক্যসমূহ তলত উল্লএখ কৰা হ’ল –

                     আর্থিক বস্তু                      অনার্থিক বস্তুৰ
           আর্থিক বস্তু মানৱব সৃষ্ট ৷       অনার্থিক বস্তু হৈছে প্ৰকৃতিৰ মুক্ত দান ৷
 আর্থিক বস্তুবোৰৰ যোগান চাহিদাতকৈ সীমিত ৷               অনার্থিক বস্তুৰ যোগান অসীম ৷
     আর্থিক বস্তুবোৰৰ দৰ দাম থাকে ৷            অনার্থিক বস্তুৰ দৰ দাম নাথাকে ৷
আর্থিক বস্তুৰ উদাহৰণ – বিজুলি পোৰহ, খাদ্য, বস্ত্ৰ আদি ৷অনার্থিক বস্তুৰ বায়ু, পানী, সূৰ্যৰ পোহৰ আদি ৷

৯/ ৰাষ্ট্ৰীয় আয় কাক বোলে ?

উত্তৰ –  এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মুল্যয় হৈছে ৰাষ্ট্ৰীয় আয় ৷

১০/ জনমুৰি আয়ৰ সূত্ৰটো লিখ। দেশৰ মুঠ জনসংখ্যা

উত্তৰ –

                  জনমুৰি আয়  = ৰাষ্ট্ৰীয় আয়/ দেশৰ মুঠ জনসংখ্যা

দীঘল উত্তৰৰ প্রশ্ন –

১/ অর্থবিজ্ঞান অধ্যয়নৰ প্রয়োজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা।

উত্তৰ – অর্থবিজ্ঞান অধ্যয়নৰ প্রয়োজনীয়তা অসীম ৷ অৰ্থনীতিৰ জ্ঞানে মানুহক অৰ্থনৈতিক ভাৱে সচেতন কৰি তোলে ৷   আচলতে কেইবাটাও কাৰণত অর্থনীতি অধ্যয়নৰ প্রয়োজনীয়তা আছে। তাৰে কেইটামান

ঠোৰতে উল্লেখ কৰিব পাৰি। সুস্থ গণতন্ত্রত নাগৰিকৰ সচেতনতা অপৰিহার্য। কৰদাতা নাগৰিক এগৰাকীয়ে নিশ্চয় জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্রহ কৰে, সংগৃহীত ৰাজহ কিদৰে ব্যয় কৰে, ব্যয় কৰোঁতে কি নীতি মানি চলে, সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদি। সমাজ সংগঠক বা সংস্কাৰক এগৰাকীয়ে ব্যাপক আৰু গতীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফহিয়াই চাব বিচাৰিব। তেনে কৰোতে তেখেতে বুজি পাব যে সমস্যাটোৰ বহুতো কাৰণ অর্থনৈতিক। সচেতন গ্রাহক হিচাপে আমি জানিব খুজিম যে বজাৰত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কাৰণসমূহ কি? বিশ্বায়ন বা গোলকীকৰণ কি ? ইয়াৰ সুফল আৰু কুফলবোৰ কি কি? অর্থনৈতিক বিকাশ কি? পৰিৱেশীয় অর্থনীতি কি ? এনেবোৰ বহুতো গুৰুত্বপূর্ণ বিষয় অর্থনীতি অধ্যয়ন কৰিলে উপলব্ধি কৰা সম্ভৱ ।

২/ অর্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্রহণযোগ্য আৰু কিয়। বাখ্যা কৰা।

উত্তৰ –  অর্থনীতিবিদ লায়’নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ প্রকাশিত গ্রন্থ ‘An Essay on the nature and significance of Economic Science’ ত অর্থনীতিৰ অন্যতম  গ্রহণযোগ্য সংজ্ঞাটো আগবঢ়াইছে। তেখেতৰ মতে ‘যি বিজ্ঞানে মানুহৰ আচৰণ মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পর্ক হিচাপে অধ্যয়ন কৰে সিয়েই অর্থনীতি ‘ ৷

এই সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে

(১) মানুহৰ অভাৱ অসীম ৷

(২) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত ৷

(৩) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য  ৷

           এই তিনিটা মৌলিক ধাৰণাৰ পৰা অর্থনৈতিক সমস্যা তথা পছন্দৰ সমস্যাৰ সৃষ্টি হয়। বিকল্পভাৱে ব্যৱহাৰোপযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব সেয়ে লৈ যিসমূহ সমস্যাৰ সৃষ্টি হয় তাকে অৰ্থনৈতিক সমস্যা বা পছন্দৰ(বাছনি) সমস্যা বোলা হয় ৷

অৰ্থনীতিৰ মৌলিক বিষয় সমূহ

Advertisement

৩/ অর্থবিজ্ঞানৰ পৰিসৰ সম্পর্কে লিখা।

উত্তৰ – অর্থবিজ্ঞানৰ পৰিসৰে সমাজৰ আর্থিক কার্যকলাপক সামৰি লয়। অর্থবিজ্ঞানৰ পৰিসৰে সাধাৰণতে নিম্নোক্ত বিষয়কেইটা সামৰি লয় –

(১) ভোগকাৰ্য  –  আমাৰ অভাৱ দূৰ কৰাৰ কার্যকলাপেই হৈছে। ভোগ। ভোগকাৰ্যৰ লগত জড়িত বিধিসমূহ, ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অর্থনীতিৰ পৰিসৰৰ অন্তর্ভুক্ত।

(২) উৎপাদন – উপযোগী সামগ্রী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন। উৎপাদনৰ চাৰিটা উপাদান- ভূমি, শ্রম, মূলধন আৰু সংগঠনৰ উপৰি উৎপাদনৰ বিধি, উৎপাদকৰ ভাৰসাম্য, আর্থিক ব্যৱস্থা ইত্যাদি সম্পর্কে অর্থবিজ্ঞানত আলোচনা কৰা হয়।

(৩) বিতৰণ –  সামগ্ৰীৰ উৎপাদন কার্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগকার্য সম্ভৱ হৈ উঠিব। বিতৰণ প্রক্রিয়া  যাতে সঠিক হয় তাৰ বাবে যিবোৰ নীতি বা তত্ত্ব অনুসৰণ কৰাৰ প্ৰয়োজন সেই সকলোবোৰ তত্ত্ব ‘বিতৰণ’ বিষয়ৰ মাজত আলোচনা কৰা হয়।

(4) বিনিময় –  কোনো ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্রতিবিধ সামগ্রী নিজে উৎপাদন কৰি ল’ব নোৱাৰে। এনে ক্ষেত্ৰত ব্যক্তি, অঞ্চল আৰু দেশৰ মাজত বিনিময়ৰ আৱশ্যক হয়। সেয়েহে,অর্থনীতিত আভ্যন্তৰীণ বাণিজ্য আৰু আন্তর্জাতিক বাণিজ্যৰ  আলোচনা কৰা হয়।

(৫) মুদ্রা –   মুদ্ৰাৰ ভূমিকা, মুদ্ৰাৰ কার্যাৱলী আৰু প্ৰকাৰ ইত্যাদি বিষয়ে কৰা আলোচনা অর্থনীতিৰ

পৰিসৰৰ এক উল্লেখযোগ্য অংশ।

(৬) আয় – জনমূৰি আয়, ৰাষ্ট্ৰীয় বা জাতীয় আয়, ইয়াৰ বৃদ্ধি তথা বিতৰণ, অর্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পর্ক আলোচনা কৰাটো অর্থনীতিৰ পৰিসৰৰ অন্তর্গত।

(৭) ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান –  চৰকাৰী আয়, চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণৰ আলোচনাই হৈছে ৰাজহুৱা বিত্তবিজ্ঞান।

(৮) কল্যাণকামী অর্থনীতি –  কেৱল ভোগকার্য, উৎপাদন তথা বিতৰণেই অর্থনীতিৰ মূল বিষয়বস্তু হ’ব নোৱাৰে। এনেবোৰ কাৰ্যৰ লগত ব্যক্তি তথা অর্থনীতিৰ মৌলিক বিষয়সমূহ সমাজৰ কল্যানৰ দিশটো মন কৰিব লাগিব।

(৯) পৰিৱেশীয় অৰ্থনীতি – পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য বিনষ্টই পৃথিৱীৰ সমাজবিজ্ঞানী সকলক অধিক

চিন্তান্বিত কৰি তুলিছে। পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্যে পাৰিপাৰ্শ্বিকতাৰ অধ্যয়ন অৰ্থনীতি বিষয়ত অন্তর্ভুক্ত কৰা হৈছে।

(১০) দক্ষতা – সীমিত সম্পদৰাজিক দক্ষতাপূর্ণ ব্যৱহাৰৰ যোগেদি সমাজ গঠন কৰাটো অর্থনীতিৰ মূল বিষয়। এই সীমিত সম্পদৰাজি দক্ষতাপূর্ণ ব্যৱহাৰৰ যোগেদি উৎপাদন প্রক্রিয়াৰ ধাৰা ত্বৰান্বিত কৰিব পাৰিলেহে মানৱ সমাজৰ কল্যাণ হ’ব।

Read More:

অধ্যায়- ১ অৰ্থনীতিৰ মৌলিক বিষয় সমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ইতিহাস –

অধ্যায় ১ – ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

অধ্যায় ৩ – মোৱামৰীয়া গণ বিদ্ৰোহ

ভূগোল –

অধ্যায় ১ – ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

অধ্যায়-২ বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল

অধ্যায়- ৪ অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতৰ ৰাজনৈতিক দল

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

অৰ্থনীতি বিজ্ঞান

অধ্যায় ২ – মূল অৰ্থনৈতিক সমস্যাসমূহ

Advertisement

7 Replies to “অৰ্থনীতিৰ মৌলিক বিষয় সমূহ”

Leave a Reply

Your email address will not be published. Required fields are marked *