অৰ্থনৈতিক উন্নয়ন – Notes

অৰ্থনৈতিক উন্নয়ন - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ, অৰ্থনীতি বিজ্ঞান খণ্ডৰ অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

অৰ্থনৈতিক উন্নয়ন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

১। জাতীয় আয় কি ?

উত্তৰ – এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্ৰাগত মূল্যয় হ’ল জাতীয় আয় ৷

২। জনমূৰি আয় কি ?

উত্তৰ – কোনো এখন দেশৰ জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰি লাভ কৰা মানেই হ’ল দেশখনৰ জনমূৰি আয় ৷

৩। প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশ কৰা হৈছিল ?

উত্তৰ – প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন ১৯১০ চনত প্ৰকাশ কৰা হৈছিল ৷

৪। ২০১০ চনৰ মানৱ উন্নয়ন প্রতিবেদনখনত সন্নিৱিষ্ট কৰা মানৱ উন্নয়নৰ তিনিটা নতুন ধাৰণা কি আছিল বুজাই লিখা ৷

উত্তৰ – ২০১০ চনৰ মানৱ উন্নয়ন প্রতিবেদনখনত মানৱ উন্নয়নৰ তিনিটা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে। সেইকেইটা হ’ল– (১) বৈষম্য সাপেক্ষ মানৱ উন্নয়ন সূচকাংক, (২) লিংগ বৈষম্য সূচকাংক আৰু (৩) বহুমাত্রীয় দৰিদ্ৰ সূচকাংক ৷ প্রথমটো সূচকাংকত মানৱ উন্নয়নৰ প্ৰভাৱ বিভিন্ন শ্ৰেণীৰ লোকৰ ওপৰত কিদৰে পৰিছে সেইটো নির্ণয় কৰে। দ্বিতীয়টোৱে মানৱ উন্নয়নৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ মাজত থকা অসমতা প্রতিফলিত কৰে। তৃতীয়টো সূচকাংতই দৰিদ্ৰতাৰ বহুরূপী চৰিত্ৰ দাঙি ধৰে।

৫। পৰিকল্পনা আয়োগৰ ঠাইত NITI আয়োগ গঠন কৰা হ’ল বুলি কেতিয়া ঘোষণা কৰা হয় ?

উত্তৰ –  ২০১৫ চনৰ ১ জানুৱাৰীৰ দিনা পৰিকল্পনা আয়োগৰ ঠাইত NITI আয়োগ গঠন কৰা হ’ল বুলি ঘোষণা কৰা হয়।

৬। NITI আয়োগৰ সদস্যসকল প্রথমখন বৈঠক কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল ?

উত্তৰ –  ৮ ফেব্ৰুৱাৰী ২০১৫ চনৰ দিনা NITI আয়োগৰ প্রথমখন বৈঠক দিল্লীত অনুষ্ঠিত হয়।

অৰ্থনৈতিক উন্নয়ন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement

৭। NITI আয়োগৰ সম্পূৰ্ণ নামটো লিখা ৷

উত্তৰ –  National Institution for Transforming India Aayog.

৮। ভাৰতীয় প্রশাসন ব্যৱস্থাৰ স্তৰ তিনিটা কি কি ?

উত্তৰ –  ভাৰতীয় প্রশাসন ব্যৱস্থাত স্তৰ তিনিটাহ’ল— কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় নিকায়সমূহ যেনে পঞ্চায়ত আৰু নগৰ পালিকা ৷       

৯। মিশ্রিত আর্থিক ব্যৱস্থা কাক বোলে ?

উত্তৰ – যি আর্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয়, সেই আর্থিক ব্যৱস্থাক মিশ্রিত আর্থিক ব্যৱস্থা বোলে ৷

১০। ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম সময়ছোৱাৰ মূল লক্ষ্যসমূহ কি আছিল ?

উত্তৰ – ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম সময়ছোৱাৰমূল লক্ষ্যসমূহ আছিল –

 (১) অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তোলা,

(২) আধুনিক প্রযুক্তিবিদ্যা প্রয়োগৰ ওপৰত গুৰুত্ব প্রদান কৰা,

(৩) আত্মনিৰ্ভৰশীলতা অর্জন কৰা আৰু

(৪) সামাজিক ন্যায় প্রতিষ্ঠা কৰা।

১১। সেউজ বিপ্লৱ বুলিলে কি বুজা ?

উত্তৰ – আধুনিক প্রযুক্তিবিদ্যা প্রয়োগ কৰি কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়েই হ’ল সেউজ বিপ্লৱ।

১২। ভাৰতবৰ্ষত সেউজ বিপ্লৱ কেতিয়া সূচনা হৈছিল ?

উত্তৰ –  ষাঠি দশকৰ মাজভাগত ভাৰতবৰ্ষত সেউজ বিপ্লৱ সূচনা কৰা হৈছিল ৷

১৩। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম কি ?

উত্তৰ – ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম ভাৰতীয় ৰিজাৰ্ভ বেংক (Reserve Bank of India) ৷

১৪। বিত্তীয় খণ্ড বুলিলে কি বুজা ?

উত্তৰ –  ব্যৱসায়িক বেংক, বিনিয়োগ বেংগ, অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ বজাৰৰ সমষ্টিয়েই হ’ল বিত্তীয় খণ্ড।

১৫। অর্থনৈতিক বহির্বাণিজ্যহীনতা বুলিলে কি বুজা ?

উত্তৰ – অর্থনৈতিক বহির্বাণিজ্যহীনতা মানে হ’ল অন্তর্মুখী অৰ্থনৈতিক নীতি ৷ উদাহৰণ স্বৰূপে, যদি কোনো এখন দেশ বা ৰাষ্ট্ৰই পৃথিৱীৰ অন্যান্য দেশৰ সৈতে সংযোগ স্থাপনৰ প্রতি আগ্রহী নহয়, সেইখন ৰাষ্ট্ৰই অন্তর্মুখী নীতি বা অর্থনৈতিক বহির্বাণিজ্যহীনতা  অৱলম্বন কৰা বুলি ক’ব পাৰি ।

Read More :

অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন – অনুশীলনী

ইতিহাস

অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায় ২ – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ পৃথিৱীৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান –

অধ্যায়- ১ মুদ্ৰা আৰু বেংক ব্যৱস্থা – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ৰাজনীতি বিজ্ঞান –

ধ্যায়- ১ ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement