ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, অৰ্থনীতি বিজ্ঞান খণ্ডৰ অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন ( Economic Development) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷
অৰ্থনৈতিক উন্নয়ন – অনুশীলনী
অতি চমু উত্তৰৰ প্রশ্ন –
১। ব্যাখ্যা কৰা (এটা বাক্যত)
(ক) অর্থনৈতিক বিকাশ
উত্তৰ – অর্থনৈতিক বিকাশ হ’ল এটা ধাৰণা যি দেশ এখনৰ জাতীয় আয় আৰু জনমুৰি আয় বৃদ্ধিক সূচায় ৷
(খ) অর্থনৈতিক উন্নয়ন
উত্তৰ – অৰ্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা যি অৰ্থনৈতিক বিকাশৰ লগতে আয় বিতৰণৰ লগত জড়িত ৷
(গ) মানৱ উন্নয়ন
উত্তৰ – মানৱ উন্নয়ন হ’ল মানুহৰ সামূহিক , অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন-যাপনৰ মান বৃদ্ধি হোৱা ৷
(ঘ) অর্থনৈতিক পৰিকল্পনা
উত্তৰ – নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ আৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হ’ল অর্থনৈতিক পৰিকল্পনা ৷
(ঙ) গণতান্ত্রিক পৰিকল্পনা
উত্তৰ – যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হ’ল গণতান্ত্রিক পৰিকল্পনা ৷
(চ) উদাৰীকৰণ
উত্তৰ – দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ’ল উদাৰীকৰণ ৷
(ছ) ব্যক্তিগতকৰণ
উত্তৰ – চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ’ল ব্যক্তিগতকৰণ ৷
(জ) গোলকীকৰণ বা বিশ্বায়ন
উত্তৰ – দেশ এখনৰ আৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ’ল গোলকীকৰণ বা বিশ্বায়ন ৷
অৰ্থনৈতিক উন্নয়ন
চমু উত্তৰৰ প্রশ্ন –
২। অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য উল্লেখ কৰা।
উত্তৰ – অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য তলত উল্লেখ কৰা হ’ল –
অর্থনৈতিক বিকাশ | অর্থনৈতিক উন্নয়ন |
অর্থনৈতিক বিকাশদেশ এখনৰ জাতীয় আয় আৰু জনমুৰি আয় বৃদ্ধিৰ লগত জড়িত ৷ | অর্থনৈতিক উন্নয়নঅৰ্থনৈতিক বিকাশৰ লগতে আয় বিতৰণৰ লগত জড়িত ৷ |
অর্থনৈতিক বিকাশ সংখ্যাগত বা পৰিমাণগত সীমিত ধাৰণা ৷ | অর্থনৈতিক উন্নয়ন এটা গুণগত তথা বিস্তাৰিত ধাৰণা ৷ |
৩। মানৱ উন্নয়নৰ তিনিটা সূচক কি কি ?
উত্তৰ – মানৱ উন্নয়নৰ তিনিটা সূচক হ’ল –
১. প্ৰত্যাশিত আয়ুস,
২. শিক্ষা আৰু
৩. জীৱন যাত্ৰাৰ মান ৷
৪। সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা ?
উত্তৰ – সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে মানৱ উন্নয়ন হোৱা বুজাব ৷ বিভিন্ন ব্যক্তিৰ পছন্দ-অপছন্দ অথবা ভাল-বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয় ৷
৫। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা।
উত্তৰ – ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য তলত উল্লেখ কৰা হ’ল –
১. অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰা,
২. আৰ্থ-সামাজিক বৈষম্য দূৰ কৰা,
৩. দৰিদ্ৰতা দূৰ কৰা ৷
৬। NITI আয়োগৰ সদস্যসকল কোন কোন?
উত্তৰ – NITI আয়োগৰ অধ্যক্ষ হ’ল প্রধানমন্ত্রী। আয়োগৰ অন্যান্য সদস্যসকল হ’ল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল, ৪ গৰাকী কেন্দ্রীয় মন্ত্রী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।
অৰ্থনৈতিক উন্নয়ন
দীঘল উত্তৰৰ প্রশ্ন ঃ
৭। ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ৰ পৰা বর্তমানলৈ)ৰ মাজত থকা এটা মূল পার্থক্য ব্যাখ্যা কৰা।
উত্তৰ – ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১)ত ভাৰতীয় অর্থনীতিৰ উন্নয়ন গুৰিবঠা ধৰিছিল ৰাজহুৱা খণ্ডই; ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ। আনহাতে দ্বিতীয়ছোৱা (১৯৯১ৰ পৰা বর্তমানলৈ)ত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস পালে ৷
৮। ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ – ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ তিনিটা মূল কাৰণ আছে-
প্রথম, চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লোকচান ভৰিবলগীয়া হৈছিল।
দ্বিতীয়তে, প্রধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্রাস্ফীতি বা সা-সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুর্বল শ্ৰেণীৰ লোকক বাৰুকৈয়ে জুৰুলা কৰিছিল।
তৃতীয়তে, ১৯৯০-৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াৱহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অর্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে, ভাৰতীয় অর্থনীতিৰপৰা মূলধনৰ বহির্গমণ হৈছিল। ফলস্বৰূপে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল।
৯। অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।
উত্তৰ – অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল তলত উল্লেখ কৰা হ’ল –
(i) ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে ৷
(ii) পাইকাৰি মুল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস হৈছে ৷
(iii) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে ৷
১০। অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ – অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা উল্লেখ কৰা হ’ল –
(i) এই সংস্কাৰ নীতিয়ে প্রতিযোগিতাৰ প্ৰসাৰ আৰু তীব্রতা দুয়োটাই বৃদ্ধি কৰিছে। বিভিন্ন ধৰণৰ সা-সামগ্রী বজাৰলৈ আহিব ধৰিছে। এই প্রতিযোগিতা সুস্থ হ’ব লাগিলে জনসাধাৰণৰ ক্রয় ক্ষমতাৰ পৰিমাণ বৃদ্ধি হ’ব লাগিব।
(ii) পণ্যৰ প্রতি অত্যধিক আসক্তিয়ে ভোগবাদী অর্থনীতিৰ সৃষ্টি কৰিলে সি নৈতিকতাৰ প্রতি এক ভাবুকি হ’ব
পাৰে।
১১। অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ ছটা প্রধান লক্ষ্য উল্লেখ কৰা।
উত্তৰ – অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ ছটা প্রধান লক্ষ্য উল্লেখ কৰা হ’ল –
১. দেশৰ উন্নতি উন্নত ৰাজ্যসমূহৰ সম-পর্যায়লৈ আহিবলৈ অহা দুই-তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰা;
২. দৰিদ্ৰতা আৰু অর্থনৈতিক বৈষম্য হ্রাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্রহণ;
৩. শেহতীয়া প্রযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ সমাধান কৰা;
৪. কৃষি খণ্ডৰ বার্ষিক উন্নয়নৰ হাৰ ৬ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি;
৫. শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অর্জন কৰা আৰু শক্তি পৰিবহণ আৰু
বিতৰণৰ ক্ষেত্ৰত আধুনিক প্রযুক্তিবিদ্যা প্রয়োগ কৰা;
৬. জৈৱ-বৈচিত্র্য ৰক্ষা কৰি জলবায়ু পৰিৱর্তনৰ সমস্যাটোৰ মোকাবিলা কৰা ৷
Read More:
অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
ইতিহাস-
অধ্যায় ১ – বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন
অধ্যায় ২ – মাহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম
অধ্যায় ৩ – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ
অধ্যায় ৪ – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
অধ্যায় ৫ – ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
ভূগোল-
অধ্যায় ১ – অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ
অধ্যায়- ২ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
4 Replies to “অৰ্থনৈতিক উন্নয়ন”