অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, ভূগোল খণ্ডৰ অধ্যায়- ১ অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ ( Economic Geography : Subject Matter And Resource) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – অনুশীলনী

১। অর্থনৈতিক ভূগোল কাক বোলে ? অথনৈতিক ভগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।

উত্তৰ – ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল  বোলে।

          অর্থনৈতিক ভূগোলৰ বহুতো বিশেষ শাখা-প্রশাখাই গঢ় লৈ উঠিছে। এই শাখাসমূহৰ বিষয়বস্তু সম্পর্কে তলত আলোচনা কৰা হ’ল –

(i) কৃষি ভূগোল – অর্থনৈতিক ভূগোলৰ এই শাখাত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্র, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

(ii) ঔদ্যোগিক ভূগোল – ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানিৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয় ।

(iii) সম্পদ ভূগোল – ইয়ত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।

(iv) পৰিবহণ ভূগোল – ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়নতপৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।

(v)বজাৰ ভূগোল –  ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্রসমূহ অধ্যয়ন কৰা হয়।

(vi) পৰিকল্পনা আৰু উন্নয়ন ভূগোল – ইয়াত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয় ।

(vii) পৰ্যটন ভূগোল – ইয়াত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পর্যটনৰ প্ৰকাৰ, পর্যটন ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।

২। অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা ৷

উত্তৰ – অৰ্থনৈতিক ভূগোলৰঅধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্রশ্নকেইটাৰ ওপৰত প্রতিষ্ঠিত।

(১) অর্থনৈতিক কার্যটো ক’ত অৱস্থিত ?

(২) অর্থনৈতিক কার্যটোৰ বৈশিষ্ট্যবোৰ কি কি ?

(৩) অর্থনৈতিক কার্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত ?

(৪) অর্থনৈতিক কার্যটো য’ত আছে তাতে কিয় হৈছে?

(৫) অর্থনৈতিক কার্যটো য’ত আছে তাৰ পৰিৱর্তে আন এঠাইত হলে বেছি ভাল হ’লহেঁতেন নেকি ?

          উক্ত পাঁচটা প্রশ্নৰ প্রথম তিনিটাৰ লগত পৰম্পৰাগত অর্থনৈতিক ভূগোল জড়িত। কিন্তু পাছৰ দুটা প্রশ্নই বিশেষকৈ আধুনিক অর্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰিছে।  অর্থনৈতিক ভূগোলে মূলতঃ উৎপাদনক্ষম কার্যবোৰ আৰু পৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক আধ্যয়ন কৰে। মানুহৰ অর্থনৈতিক বৃত্তি বা কার্য চাৰি প্ৰকাৰৰ –

(১) প্রাথমিক বৃত্তি –  যি কার্যৰ দ্বাৰা মানুহে প্রকৃতিৰপৰা সম্পদ আহৰণ কৰে ৷  যেনে- কৃষি কাৰ্য, মাছ ধৰা কাৰ্য ইত্যাদি।

(২) দ্বিতীয়ক বৃত্তি –  যি কাৰ্যৰ দ্বাৰা মানুহে প্রকৃতিৰপৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলে ৷ যেনে- শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন নির্মাণ তথা পুনৰ নির্মাণ কার্য ইত্যাদি।

(৩) তৃতীয়ক বৃত্তি – যি কাৰ্যৰ দ্বাৰা প্রাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় ৷  যেনে- যাতায়াত, পৰিবহণ, বজাৰ,  আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।

(৪) চতুর্থক বৃত্তি –  যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তোলাত সহায় কৰে ৷  যেনে– বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্রচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কার্যসমূহ।

অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

Advertisement

৩। মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অর্থনৈতিক বৃত্তিবোৰ কি কি ?

উত্তৰ – মানুহৰ অর্থনৈতিক বৃত্তি হ’ল অৰ্থনৈতিক কাৰ্যকলাপ যাৰ দ্বাৰা মানুহে উৎপাদনক্ষম হৈ জীৱন নিৰ্বাহ কৰিবলৈ প্ৰয়োজনীয় উপাদানসমূহ আহোৰণ কৰিবলৈ সক্ষম হয় ৷

           মানুহৰ অর্থনৈতিক বৃত্তি বা কার্য চাৰি প্ৰকাৰৰ –

(ক) প্রাথমিক বৃত্তি  –  যি কার্যৰ দ্বাৰা মানুহে প্রকৃতিৰপৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বোলে। যেনে- কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।

(খ) দ্বিতীয়ক বৃত্তি –  যি কাৰ্যৰ দ্বাৰা মানুহে প্রকৃতিৰপৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে। যেনে- শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন নির্মাণ তথা পুনৰ নির্মাণ কার্য ইত্যাদি।

(গ) তৃতীয়ক বৃত্তি – যি কাৰ্যৰ দ্বাৰা প্রাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে- যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্রী, পর্যটন, যোগাযোগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।

(ঘ) চতুর্থক বৃত্তি – যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তোলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বোলে। যেনে– বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্রচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কার্যসমূহ।

৪। অথনৈতিক ভগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।

উত্তৰ – অথনৈতিক ভগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কেতলত উল্লেখ কৰা হ’ল –

(i) কৃষি ভূগোল – অর্থনৈতিক ভূগোলৰ এই শাখাত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্র, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

(ii) ঔদ্যোগিক ভূগোল – ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানিৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয় ।

(iii) সম্পদ ভূগোল – ইয়ত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।

(iv) পৰিবহণ ভূগোল – ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়নতপৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।

(v)বজাৰ ভূগোল –  ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্রসমূহ অধ্যয়ন কৰা হয়।

(vi) পৰিকল্পনা আৰু উন্নয়ন ভূগোল – ইয়াত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয় ।

(vii) পৰ্যটন ভূগোল – ইয়াত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পর্যটনৰ প্ৰকাৰ, পর্যটন ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।

৫। সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা বোলা হয় ?

উত্তৰ – সম্পদ ভূগোলক অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা বোলা হয় ৷ ইয়াৰ কাৰণ হ’ল সম্পদৰ অধ্যয়ন অবিহনে অৰ্থনীতিৰ অধ্যয়ন হ’ব নোৱাৰে ৷ সম্পদ অৰ্থনৈতিক ভূগোলৰ আটাইকেইটা শাখা-উপশাখাৰ লগত ওতপ্ৰতভাৱে জড়িত ৷ সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি বহল ভাৱে  অৰ্থনৈতিক ভূগোলত  অধ্যয়ন কৰা হয়। দৰাচলতে এখন দেশৰ অৰ্থনৈতিক উন্নয়ন দেশখনৰ সন্মপদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে ৷

৬। সম্পদ বুলিলে কি বুজায় ? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰ – মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। যিহেতু পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ, শস্য আদি আটাইবোৰেইমানুহৰ বাবে লাগতিয়াল, সেয়ে এইবোৰ সম্পদ।

           ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল –  

(ক) সম্পদৰ কাৰ্যকৰিতা থাকে ,

(খ) সম্পদৰ উপকাৰিতা থাকে আৰু

(গ)  সম্পদ পৰিৱৰ্তনশীল ৷

অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

৭। ‘সম্পদ পৰিবৰ্তনশীল’ – ব্যাখ্যা কৰা।

উত্তৰ – সম্পদ পৰিবৰ্তনশীল। আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ’লেও বা মানুহৰ বাবে অপকাৰী হ’লেও সেই একেটা সামগ্ৰীয়েই মানব কল্যাণত ব্যৱহৃত হ’ব পাৰে ৷  এনে সামগ্ৰীসমূহৰ যিবোৰে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে  সেইবোৰক নিৰপেক্ষ না নিষ্ক্ৰিয় সামগ্ৰী বোলে ৷ উদাহৰণস্বৰূপে, মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল   তেতিয়ালৈকে এইবোৰ কেবল নিৰপেক্ষ সামগ্ৰীহে আছিল। আনহাতে, যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে অনুর্বৰ মাটি, বানপানী জর্জৰিত অঞ্চল আদি একো একোটা প্রতিৰোধক । মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান- প্রযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্রী মানুহৰ সু-প্রচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে। সম্পদৰ এনে পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্রী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্রিয় সামগ্রীলৈ ৰূপান্তৰিত হ’ব পাৰে। অর্থাৎ সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে।

৮। সম্পদৰ প্রয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা।

উত্তৰ – মানুহৰ জীৱন ধাৰণৰ বাবে গ্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। এই সম্পদসমূহ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ বুকুৰপৰাই বিভিন্ন উপায়েৰে আহৰণ কৰে। প্ৰকৃতিৰপৰা লাভ কৰা এই সম্পদবোৰ  মানুহে নিজৰ শক্তি, বিদ্যা-বুদ্ধি আৰু কৌশল প্রয়োগ কৰি ব্যৱহাৰ কৰে। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্রয়োজন খাদ্য, আশ্ৰয় আৰু বস্তুকে ধৰি অন্যান্য বহু চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়ন সম্ভৱ হৈছে। সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আর্থ-সামাজিক উৎকর্ষ সাধন সম্ভৱ হৈছে। সেয়ে সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ বাবে অতিকৈ প্ৰয়োজন ৷

৯। সম্পদ আৰু মানুহৰ মাজত থকা সম্পর্কৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ –  সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়ন লগত ওতপ্রোতভাৱে জড়িত। উল্লেখযোগ্য যে প্রকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান-প্রযুক্তিৰ আন্তঃক্রিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়। মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত— সম্পদৰ উৎপাদক  হিচাপে আৰু সম্পদৰ উপভোক্তা  হিচাপে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্রকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে প্রয়োজন অনুসৰি ব্যৱহাৰৰ উপযোগী কৰি লয়। তদুপৰি প্ৰকৃতিত থকা সামগ্রীবোৰৰ কার্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদঘাটন কৰা হয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। অর্থাৎ প্রাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ, যেনে- প্রযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, স্কুল কার্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যানবাহন আদি মানুহে নিজে প্রস্তুত কৰে। সেয়েহে এনে সম্পদক মানৱ-সৃষ্ট সম্পদ  বোলা হয়।  প্রাকৃতিক আৰু মানৱ-সৃষ্ট সম্পদৰ ব্যৱহাৰৰ তাৰতম্য নিৰ্ভৰ কৰে মানুহৰ চাহিদাৰ পৰিৱৰ্তন আৰু নতুন প্ৰযুক্তিৰ উন্নয়নৰ ওপৰত ৷

১০। সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলোচনা কৰা।

উত্তৰ –  সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত গুৰুত্বপুৰ্ণ সম্পর্ক আছে ৷ মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্রকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে প্রয়োজন অনুসৰি ব্যৱহাৰৰ উপযোগী কৰি লয়। তদুপৰি প্ৰকৃতিত থকা সামগ্রীবোৰৰ কার্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞান আৰু বিজ্ঞানৰ প্ৰসাৰৰ জৰিয়তেহে উদঘাটন কৰা হয়। বিজ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰো সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। অর্থাৎ প্রাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুবোৰ সম্পদ, যেনে- প্রযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, স্কুল কার্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যানবাহন আদি মানুহে নিজে প্রস্তুত কৰে। এই আটাইবোৰ বিজ্ঞান-প্ৰযুক্তিৰে অৱদান ৷

            ইয়াৰ ওপৰি বিজ্ঞান- প্রযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্রী মানুহৰ সু-প্রচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে। বিজ্ঞানৰ এনে আশীৰ্বাদৰ বাবেই আজি  নিষ্ক্রিয়  বুলি গণ্য হোৱা এটা সামগ্রী বা পৰিঘটনা সময়ৰ গতিত উপকাৰী সামগ্রীলৈ ৰূপান্তৰিত হ’ব পাৰে।

অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

Advertisement

১১।  উদাহৰণসহ সম্পদৰ শ্রেণীবিভাজন সম্পর্কে লিখা।

উত্তৰ – পৃথিৱীত পোৱা বিভিন্ন ধৰণৰ অসংখ্য সম্পদক বিভিন্ন ধৰণে শ্রেণীবিভাজন কৰিব পাৰি । এই বিষয়ে তলত আলোচনা কৰা হ’ল –

(ক)  সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদসমূহক বহুলভাৱে প্রাকৃতিক, মানৱ-সৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি –

(i) প্রাকৃতিক সম্পদ – প্রাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থকা সম্পদ বোৰ প্রাকৃতিক সম্পদ ৷ উদাহৰণ – সূৰ্যৰ ৰশ্মি, বায়ু, পানী ইত্যাদি ৷

(ii) মানৱ-সৃষ্ট সম্পদ – মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত সামগ্রীবোৰক মানৱ সৃষ্ট সম্পদ বোলা হয়। যেনে কাগজ, প্লাষ্টিক, মম আদি ৷

(iii) মানৱ সম্পদ –  সম্পদৰ উৎপাদক বা সৃষ্টিকর্তা হিচাপে মানুহক মানৱ সম্পদ বুলি গণ্য কৰা হয়।

(খ) গঠন অনুসৰি সম্পদসমূহক জৈৱিক আৰু অজৈৱিক সম্পদ হিচাপে বিভক্ত কৰিব পাৰি –

(i) জৈৱিক সম্পদ – জীৱবোৰক জৈৱিক সম্পদ বোলে ৷ যেনে – উদ্ভিদ, প্রাণী, মাছ, শস্য আদি ৷

(ii) অজৈৱিক সম্পদ – যিবোৰ নিৰ্জীৱ সম্পদ সেইবোৰক অজীৱীয় সম্পদ বোলে। যেনে – মাটি, শিল, পানী, আদি ৷

(গ) উপলব্ধতা আৰু স্থায়ীত্বতা অনুসৰি সম্পদসমূহক নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ হিচাপে বিভক্ত কৰিব পাৰি –

(i) নবীকৰণযোগ্য  সম্পদ –  নবীকৰণযোগ্য  সম্পদবোৰ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নাযায় ৷ উদাহৰণ – সূৰ্যৰ ৰশ্মি, বায়ু, পানী আদি ৷

(ii) অনবীকৰণযোগ্য সম্পদ – অনবীকৰণযোগ্য সম্পদবোৰ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব

নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় ৷ উদাহৰণ – তাম, লো, প্ৰকৃতিক গেছ আদি ৷

(ঘ) মালিকীস্বত্বক ভিত্তি কৰি সম্পদসমূহক ব্যক্তিগত, জাতীয় আৰু আন্তর্জাতিক সম্পদ হিচাপেও বিভক্ত কৰিব পাৰি –

(i) ব্যক্তিগত সম্পদ – মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে— ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।

(ii) জাতীয় সম্পদ – এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে— ৰাস্তা-ঘাট, ভূমি, নদনদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।

(iii) আন্তর্জাতিক সম্পদ – সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্র বিশ্বৰ অধীনত থকা সম্পদ যেনে— সাগৰ-মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদিক একেলগে আন্তর্জাতিক বা বিশ্ব সম্পদ বোলা হয়।

১২।  প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায় ? উদাহৰণসহ চমুকৈ লিখা।

উত্তৰ – যিবোৰ সম্পদ যেনে— সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদার্থ, নদ-নদী আদি প্রাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনে সম্পদবোৰক প্রাকৃতিক সম্পদ  বোলা হয়।

১৩।  মানব-সৃষ্ট সম্পদ কি ? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা।

উত্তৰ – মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত সামগ্রীবোৰক মানৱ সৃষ্ট সম্পদ বোলা হয়।

             প্রকৃতিৰপৰা আহৰণ কৰা বহু সামগ্ৰীয়েই প্রয়োজন সাপেক্ষে বিভিন্ন প্রযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয়। উদাহৰণস্বৰূপে, বাঁহৰপৰা কাগজ; কপাহৰপৰা কাপোৰ; খনিজ তেলৰপৰা নানান ধৰণৰ ৰং, নেথা, কৃত্রিম কাপোৰ, ৰাসায়নিক কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, কৃত্রিম ৰবৰ, মম আদি; গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নির্মাণ সামগ্রী আদিৰ কথা ক’ব পাৰি।

১৪। নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজৰ পার্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা।

উত্তৰ – যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নবীকৰণযোগ্য বা পুনঃপূর্ণীকৃত বা পুনঃসৃষ্টিক্ষম সম্পদ বোলা হয় । অর্থাৎ সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নবীকৰণযোগ্য সম্পদ।

            আনহাতে, যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনবীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বোলে  । উদাহৰণস্বৰূপে, কয়লা, খনিজ তেল, খনিজ পদার্থ যেনে— তাম, সোণ, চূণশিল, লো, ৰূপ, প্রাকৃতিক গেছ আদি অনবীকৰণযোগ্য সম্পদ।

অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

১৫। সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ? ইয়াৰ প্ৰয়োজনীয়তা কি ?

উত্তৰ – সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূর্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়।

              সম্পদসমূহ বিশেষকৈ প্রাকৃতিক সম্পদ  অনবীকৰণযোগ্য বা ক্ষয়শীল অর্থাৎ সীমিত। কিন্তু জনসংখ্যা বৃদ্ধিকে আদি কৰি মানৱ সভ্যতাৰ বিকাশৰ লগে লগে উন্নত আৰু উন্নয়নশীল দেশবোৰত উচ্চ মাত্ৰাত হোৱা প্রাকৃতিক সম্পদৰ ব্যৱহাৰে সমগ্র বিশ্বজুৰি বহু প্রাকৃতিক সম্পদ বিশেষকৈ লাগতিয়াল অনবীকৰণযোগ্য সম্পদ নিঃশেষ হৈ যোৱাৰ এক ভয়াৱহ ইংগিত দিছে।

             সম্পদ  সংৰক্ষণৰ ধাৰণাবোৰ নবীকৰণযোগ্য  সম্পদৰ বাবেই সমানে প্রযোজ্য। উল্লেখযোগ্য যে অৰণ্য ধ্বংসৰ ফলত জীৱ-জন্তুৰ আৱাসভূমি তথা জৈৱ-বৈচিত্র্য হ্রাস পায় আৰু একো একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয়। সেয়ে সমগ্র বিশ্বজুৰি কিছুমান আপুৰুগীয়া জৈৱিক সম্পদ যেনে- বাঘ, হাতী, গড়, ভালুক, ডলফিন, সিংহ আদিৰ সংৰক্ষণৰ বাবে বহু আঁচনি বা প্রকল্প হাতত লোৱা হৈছে।

             তদুপৰি অসমৰ কেইবাবিধমান মূল্যৱান উদ্ভিদ যেনে— সর্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অর্জুন, অগৰু আদি আৰু প্ৰাণীৰ ক্ষেত্ৰত সোণালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া ম’হ, নল-গাহৰি, শিহু, দেওহাঁহ, ধনেশপক্ষী, বৰটোকোলা আদি প্রায় নোহোৱা হ’ব ধৰিছে। লগতে শক্তিৰ উৎস হিচাপে ব্যৱহৃত খনিজ তেল, কয়লা, পেট্রলিয়াম, প্রাকৃতিক গেছ আদি আৰু কৃষি কার্যত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক ৰাসায়নিক দ্রব্য আদিৰ ব্যৱহাৰ দ্রুতগতিত বৃদ্ধি পোৱাৰ ফলত এইবোৰ প্রাকৃতিক সম্পদ ভাণ্ডাৰ ক্রমান্বয়ে নিঃশেষ হৈ যোৱাৰ উপৰি বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটি এক ভয়াৱহ পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে।

             যদিও মাছ এবিধ নবীকৰণযোগ্য প্রাকৃতিক সম্পদ, তথাপি ইয়াৰ দ্রুত উৎপাদন বৃদ্ধিৰ বাবে পৃথিৱীৰ কেইবাটাও বৃহৎ মাছ উৎপাদন অঞ্চলত মাছৰ নাটনিয়ে দেখা দিছে। এনে পৰিস্থিতিৰ বাবেই সমগ্র বিশ্বতে সম্পদৰ সংৰক্ষণ আৰু ইয়াৰ যুক্তিপূর্ণ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। অন্যথা এই পৃথিৱীত মানুহ আৰু মানৱ সভ্যতা বৰ্তি থকাটো টান হৈ পৰিব।

১৬। সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা।

উত্তৰ – সম্পদ সংৰক্ষণ পদ্ধতিসমূহ তলত উল্লেখ কৰা হ’ল –

(ক) বিকল্প সম্পদৰ সন্ধান –  কোনোএটা বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্রয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে। উদাহৰণস্বৰূপে কপাহী সূতাৰ পৰিৱর্তে কৃত্রিম আঁহ; প্রাকৃতিক ৰবৰৰ সলনি কৃত্রিম ৰবৰ আদি একো একোটা বিকল্প সম্পদ। তদুপৰি অনবীকৰণযোগ্য সম্পদ যেনে- কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সৌৰশক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদি নবীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে ।

(খ) পুনৰাৱর্তন – সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বর্জিত দ্রব্য পুনৰাৱৰ্তন প্রক্রিয়াৰ যোগেদি পুনর্ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱর্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্রী কিছু পৰিমাণে হলেও সংৰক্ষণ কৰিব পাৰি।

(গ) অভিযোজন বা নৱপ্ৰচলন –  অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্রচলন  প্রক্রিয়াৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি প্রয়োগৰ দ্বাৰা মাটিত হ’বপৰা ঋণাত্মক প্রভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্রয়োগত বেছি গুৰুত্ব প্রদান কৰিব লাগে।

(ঘ) বর্জিত দ্রব্যৰ পৰিমাণ হ্রাস – কেঁচা সামগ্ৰীৰপৰা প্রয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বর্জিত দ্রব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰি সেইবোৰৰ পুনৰাৱৰ্তন নাইবা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ’ব পাৰে। উদাহৰণস্বৰূপে, কাগজ কলত কাঠ আৰু বাঁহৰ যি বর্জিত দ্রব্য উৎপন্ন হয়, সেইবোৰ আন জৈৱিক বা ৰাসায়নিক সামগ্রীলৈ পৰিৱৰ্তন কৰাৰ ব্যৱস্থাপনা থাকিলে প্রাকৃতিক সম্পদৰ ওপৰত হেঁচা কমিব।

(ঙ) জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ – সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কার্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্রয়োজন। সম্পদ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিব লাগে।

(চ) সংৰক্ষণ সম্পর্কীয় আইনৰ কাৰ্যকৰীকৰণ  –  সম্পদৰ সংৰক্ষণ কার্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পর্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ’ব লাগে আৰু সঠিকভাৱে ৰূপায়ণ হ’ব লাগে।

(ছ) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন – সম্পদ ব্যৱহাৰৰ ভৱিষ্যৎ পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পর্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্রয়োজনীয় ব্যৱহাৰ নিয়ন্ত্রণ কৰিব পাৰি আৰু বিকল্প সম্পদৰ সন্ধানতো গুৰুত্ব বৃদ্ধি কৰিব পাৰি।

(জ) সম্পদসমূহৰ ভৱিষ্যৎ প্রয়োজন নির্ধাৰণ – সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্রয়োজনীয়তা নির্ণয় কৰাটো অতি দৰকাৰ। ইয়াৰ দ্বাৰাও সম্পদৰ অযথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু বিকল্প সম্পদ উদঘাটনতো দ্রুততা আনিব পাৰি।

১৭। সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।

উত্তৰ – সমগ্র বিশ্বতে বিভিন্ন পর্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণৰ  বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পর্যায়ত বহু চৰকাৰী-বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা  চমুকৈ (IUCN) বিশেষভাৱে উল্লেখযোগ্য। ১৯৪৮ চনতে UNESCO অর্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্রথম সঞ্চালকপ্রধান জুলিয়ান হাক্সলেৰ প্রচেষ্টাত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্র বিশ্বৰ প্রাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCNৰ নেতৃত্বতে WWF for Nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র স্থাপিত হৈছে।

         ভাৰতবৰ্ষত এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্রণালয় গঠন কৰা হৈছে। এনে চৰকাৰী সংস্থাই প্রাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পর্কীয় আইনো  প্রণয়ন কৰে। এই মন্ত্রণালয়ৰ অন্তৰ্গত স্বতন্ত্রভাৱে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছে। ইয়াৰ উপৰি বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্র ,গ্রীণপিচ ইণ্ডিয়া, ৱাইল্ড লাইফ ট্রাষ্ট অব্ ইণ্ডিয়া আদিৰ দৰে বহু সংগঠনে পৰিৱেশ সুৰক্ষাৰ বাবে অজস্র কাম কৰি আছে।

          অসমতো অসম বিজ্ঞান সমিতি, আৰণ্যকৰ দৰে কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্র্য সংৰক্ষণ আদিৰ বাবে কাম-কাজ কৰি আছে।

অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

Advertisement
১৮। চমুটোকা লিখা –

(ক) সম্পদ

উত্তৰ – মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। যিহেতু পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ, শস্য আদি আটাইবোৰেইমানুহৰ বাবে লাগতিয়াল, সেয়ে এইবোৰ সম্পদ।

           পৃথিৱীত পোৱা বিভিন্ন ধৰণৰ অসংখ্য সম্পদক বিভিন্ন ধৰণে শ্রেণীবিভাজন কৰিব পাৰি । সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদসমূহক বহুলভাৱে প্রাকৃতিক, মানৱ-সৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি ৷  সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদসমূহক বহুলভাৱে প্রাকৃতিক, মানৱ-সৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি। তদুপৰি সম্পদসমূহক জৈৱিক আৰু অজৈৱিক সম্পদ; নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত, জাতীয় আৰু আন্তর্জাতিক সম্পদ হিচাপেও বিভক্ত কৰিব পাৰি ৷

       যদিও সম্পদসমূহক বেলেগ বেলেগ ধৰণে বিভক্ত কৰা হয়, তথাপি বিভাজনৰ তালিকাত বহুতো সম্পদ ওপৰা-উপৰিকৈ থকা দেখা যায়। উদাহৰণস্বৰূপে, উদ্ভিদ এটা প্রাকৃতিক সম্পদ আৰু লগতে ই এটা জৈৱিক সম্পদ, নবীকৰণযোগ্য সম্পদ। আকৌ উদ্ভিদক এটা ব্যক্তিগত বা জাতীয় বুলিও ক’ব পাৰি।

(খ) মানব সম্পদ

উত্তৰ – সম্পদৰ উৎপাদক বা সৃষ্টিকর্তা হিচাপে মানুহক মানৱ সম্পদ বুলি গণ্য কৰা হয়। শিক্ষা, অভিজ্ঞতা আদিৰ জৰিয়তে এখন দেশৰ জনগণ উৎপাদনক্ষম হৈ উঠিলে একো একোজন সম্পদলৈ ৰূপান্তৰ হয় ৷ এখন দেশৰ সম্পদৰ ভিতৰত মানব সম্পদেই অন্যতম ৷ মানব সম্পদেই দেশ এখনৰ চালিকা শক্তি ৷ মানুহ অবিহনে কোনো অন্য সম্পদৰ বিকাশ সম্ভৱ নহয় ৷ সেয়েহে আধুনিক যুগত মানব সম্পদৰ উৎকৰ্ষ সাধনত অধিক গুৰুত্ব দিয়া দেখা যায় ৷

(গ) সম্পত্তি

উত্তৰ – যি অৰ্থনৈতিক দ্ৰব্যই মানুহৰ প্ৰয়োজন পূৰাব পাৰে আৰু যাৰ বিনিময় মূল্য আছে তেনে অৰ্থনৈতিক দ্ৰব্যক সম্পত্তি বুলি ক’ব পাৰি ৷ সম্পত্তি সীমিত, ইয়াল মূল্যৰ বিনিময়ত এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি ৷ উল্লেখনীয় যে, সকলো সম্পত্তিয়ে সম্পদ কিন্তু সকলো সম্পদেই সমপত্তি নহয় ৷ সম্পত্তিৰ উদাহৰণ – ঘৰ, গাড়ী ইত্যাদি ৷

(ঘ) নবীকৰণযোগ্য সম্পদ

উত্তৰ – যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নবীকৰণযোগ্য বা পুনঃপূর্ণীকৃত বা পুনঃসৃষ্টিক্ষম সম্পদ বোলা হয় । অর্থাৎ সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নবীকৰণযোগ্য সম্পদ।

(ঙ) ব্যক্তিগত সম্পদ

উত্তৰ – মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে— ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।

(চ) জাতীয় সম্পদ

উত্তৰ – এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে— ৰাস্তা-ঘাট, ভূমি, নদনদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।

অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

(ছ) জীৱীয় সম্পদ

উত্তৰ – প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ  বোলে। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।

(জ) সম্পদ সংৰক্ষণ

উত্তৰ – সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূর্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়।

সম্পদসমূহ বিশেষকৈ প্রাকৃতিক সম্পদ  অনবীকৰণযোগ্য বা ক্ষয়শীল অর্থাৎ সীমিত। কিন্তু জনসংখ্যা বৃদ্ধিকে আদি কৰি মানৱ সভ্যতাৰ বিকাশৰ লগে লগে উন্নত আৰু উন্নয়নশীল দেশবোৰত উচ্চ মাত্ৰাত হোৱা প্রাকৃতিক সম্পদৰ ব্যৱহাৰে সমগ্র বিশ্বজুৰি বহু প্রাকৃতিক সম্পদ বিশেষকৈ লাগতিয়াল অনবীকৰণযোগ্য সম্পদ নিঃশেষ হৈ যোৱাৰ এক ভয়াৱহ ইংগিত দিছে।

             সম্পদ  সংৰক্ষণৰ ধাৰণাবোৰ নবীকৰণযোগ্য  সম্পদৰ বাবেই সমানে প্রযোজ্য। উল্লেখযোগ্য যে অৰণ্য ধ্বংসৰ ফলত জীৱ-জন্তুৰ আৱাসভূমি তথা জৈৱ-বৈচিত্র্য হ্রাস পায় আৰু একো একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয়। সেয়ে সমগ্র বিশ্বজুৰি কিছুমান আপুৰুগীয়া জৈৱিক সম্পদ যেনে- বাঘ, হাতী, গড়, ভালুক, ডলফিন, সিংহ আদিৰ সংৰক্ষণৰ বাবে বহু আঁচনি বা প্রকল্প হাতত লোৱা হৈছে।

             তদুপৰি অসমৰ কেইবাবিধমান মূল্যৱান উদ্ভিদ যেনে— সর্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অর্জুন, অগৰু আদি আৰু প্ৰাণীৰ ক্ষেত্ৰত সোণালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া ম’হ, নল-গাহৰি, শিহু, দেওহাঁহ, ধনেশপক্ষী, বৰটোকোলা আদি প্রায় নোহোৱা হ’ব ধৰিছে। লগতে শক্তিৰ উৎস হিচাপে ব্যৱহৃত খনিজ তেল, কয়লা, পেট্রলিয়াম, প্রাকৃতিক গেছ আদি আৰু কৃষি কার্যত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক ৰাসায়নিক দ্রব্য আদিৰ ব্যৱহাৰ দ্রুতগতিত বৃদ্ধি পোৱাৰ ফলত এইবোৰ প্রাকৃতিক সম্পদ ভাণ্ডাৰ ক্রমান্বয়ে নিঃশেষ হৈ যোৱাৰ উপৰি বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ ঘটি এক ভয়াৱহ পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে।

             যদিও মাছ এবিধ নবীকৰণযোগ্য প্রাকৃতিক সম্পদ, তথাপি ইয়াৰ দ্রুত উৎপাদন বৃদ্ধিৰ বাবে পৃথিৱীৰ কেইবাটাও বৃহৎ মাছ উৎপাদন অঞ্চলত মাছৰ নাটনিয়ে দেখা দিছে। এনে পৰিস্থিতিৰ বাবেই সমগ্র বিশ্বতে সম্পদৰ সংৰক্ষণ আৰু ইয়াৰ যুক্তিপূর্ণ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। অন্যথা এই পৃথিৱীত মানুহ আৰু মানৱ সভ্যতা বৰ্তি থকাটো টান হৈ পৰিব।

(ঝ) সম্পদৰ পুনৰাৱর্তন

উত্তৰ – সম্পদৰ পুনৰাৱৰ্তনৰ অৰ্থ হ’লসীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বর্জিত দ্রব্য পুনৰাৱৰ্তন প্রক্রিয়াৰ যোগেদি পুনর্ব্যৱহাৰ কৰা ৷ উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱর্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্রী কিছু পৰিমাণে হলেও সংৰক্ষণ কৰিব পাৰি।

(ঞ) IUCN

উত্তৰ –  ১৯৪৮ চনতে UNESCO অর্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্রথম সঞ্চালকপ্রধান জুলিয়ান হাক্সলেৰ প্রচেষ্টাত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্র বিশ্বৰ প্রাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCNৰ নেতৃত্বতে WWF for Nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র স্থাপিত হৈছে।

অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

১৯। পার্থক্য লিখা –

Advertisement

(ক) সম্পদ আৰু সম্পত্তি

উত্তৰ –  মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। যিহেতু পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ, শস্য আদি আটাইবোৰেইমানুহৰ বাবে লাগতিয়াল, সেয়ে এইবোৰ সম্পদ।

             আনহাতে, যি অৰ্থনৈতিক দ্ৰব্যই মানুহৰ প্ৰয়োজন পূৰাব পাৰে আৰু যাৰ বিনিময় মূল্য আছে তেনে অৰ্থনৈতিক দ্ৰব্যক সম্পত্তি বুলি ক’ব পাৰি ৷ সম্পত্তি সীমিত, ইয়াল মূল্যৰ বিনিময়ত এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি ৷ উল্লেখনীয় যে, সকলো সম্পত্তিয়ে সম্পদ কিন্তু সকলো সম্পদেই সমপত্তি নহয় ৷ সম্পত্তিৰ উদাহৰণ – ঘৰ, গাড়ী ইত্যাদি ৷

(খ) অর্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল

উত্তৰ – ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল  বোলে।

          আনহাতে,  অৰ্থনৈতিক ভূগোলৰ যি শাখাত  সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয় তাকে সম্পদ ভূগোল বোলে ৷

(গ) সম্পদ আৰু নিষ্ক্রিয় সামগ্রী

উত্তৰ – মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। যিহেতু পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ, শস্য আদি আটাইবোৰেইমানুহৰ বাবে লাগতিয়াল, সেয়ে এইবোৰ সম্পদ।

             আনহাতে,  যিবোৰ সামগ্ৰীয়ে  মানুহৰ কোনো ধৰণে উপকাৰ ৰা অপকাৰসাধন নকৰে সেইবোৰক নিষ্ক্রিয় সামগ্রী বোলা হয়। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল  তেতিয়ালৈকে এইবোৰ কেবল নিষ্ক্রিয় বা নিৰপেক্ষ সামগ্ৰীহে আছিল।

অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

(ঘ) জীৱীয় আৰু অজীৱীয় সম্পদ

উত্তৰ – প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে ৷ জীৱীয় সম্পদৰ উদাহৰণ -উদ্ভিদ, প্রাণী, মাছ, শস্য আদি ৷

            আনহাতে যিবোৰ নিৰ্জীৱ সেইবোৰক অজীৱীয় সম্পদ বোলে। অজীৱীয় সম্পদৰ উদাহৰণ – মাটি, শিল, পানী, বায়ু, খনিজ পদার্থ, কয়লা আদি ৷

(ঙ) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ

উত্তৰ –    যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নবীকৰণযোগ্য বা পুনঃপূর্ণীকৃত বা পুনঃসৃষ্টিক্ষম সম্পদ বোলা হয় । অর্থাৎ সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নবীকৰণযোগ্য সম্পদ।

            আনহাতে, যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনবীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বোলে  । উদাহৰণস্বৰূপে, কয়লা, খনিজ তেল, খনিজ পদার্থ যেনে— তাম, সোণ, চূণশিল, লো, ৰূপ, প্রাকৃতিক গেছ আদি অনবীকৰণযোগ্য সম্পদ।

(চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ

উত্তৰ –  মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে— ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।

            আনহাতে, এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে— ৰাস্তা-ঘাট, ভূমি, নদনদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।

(ছ) মানৱ-সৃষ্ট সম্পদ আৰু মানৱ সম্পদ

উত্তৰ –  মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত সামগ্রীবোৰক মানৱ সৃষ্ট সম্পদ বোলা হয়। প্রকৃতিৰপৰা আহৰণ কৰা বহু সামগ্ৰীয়েই প্রয়োজন সাপেক্ষে বিভিন্ন প্রযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয়। উদাহৰণস্বৰূপে, বাঁহৰপৰা কাগজ; কপাহৰপৰা কাপোৰ; খনিজ তেলৰপৰা নানান ধৰণৰ ৰং, নেথা, কৃত্রিম কাপোৰ, ৰাসায়নিক কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, কৃত্রিম ৰবৰ, মম আদি; গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নির্মাণ সামগ্রী আদিৰ কথা ক’ব পাৰি।

           আনহাতে সম্পদৰ উৎপাদক বা সৃষ্টিকর্তা হিচাপে মানুহক মানৱ সম্পদ বুলি গণ্য কৰা হয়। শিক্ষা, অভিজ্ঞতা আদিৰ জৰিয়তে এখন দেশৰ জনগণ উৎপাদনক্ষম হৈ উঠিলে একো একোজন সম্পদলৈ ৰূপান্তৰ হয় ৷ এখন দেশৰ সম্পদৰ ভিতৰত মানব সম্পদেই অন্যতম ৷ মানব সম্পদেই দেশ এখনৰ চালিকা শক্তি ৷ মানুহ অবিহনে কোনো অন্য সম্পদৰ বিকাশ সম্ভৱ নহয় ৷ সেয়েহে আধুনিক যুগত মানব সম্পদৰ উৎকৰ্ষ সাধনত অধিক গুৰুত্ব দিয়া দেখা যায় ৷

(জ) সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন

উত্তৰ – সম্পদৰ পুনৰাৱৰ্তনৰ অৰ্থ হ’লসীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বর্জিত দ্রব্য পুনৰাৱৰ্তন প্রক্রিয়াৰ যোগেদি পুনর্ব্যৱহাৰ কৰা ৷ উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱর্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্রী কিছু পৰিমাণে হলেও সংৰক্ষণ কৰিব পাৰি।

         আনহাতে, অভিযোজনৰ অৰ্থ হ’ল অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰপৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰা ৷ ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি প্রয়োগৰ দ্বাৰা মাটিত হ’বপৰা ঋণাত্মক প্রভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্রয়োগত বেছি গুৰুত্ব প্রদান কৰিব লাগে।

২০। শুদ্ধ উত্তৰটো বাছি উলিওৱা ?

Advertisement

(ক) তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ ?

(১) নদ-নদী

(২) খনিজ তেল

(৩) জলসিঞ্চন নলা

(8) অৰণ্য

উত্তৰ – (৩) জলসিঞ্চন নলা

(খ) তলৰ কোনটো অজীৱীয় সম্পদ ?

(১) বায়ু

(২) গছ-গছনি

(৩) জীৱ-জন্তু

(৪) ভেঁকুৰ

উত্তৰ – (১) বায়ু

(গ) তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ ?

(১) বায়ু

(২) পানী

(৩) শস্য

(8) কয়লা

উত্তৰ – (8) কয়লা

(ঘ) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?

(১) এশিঙিয়া গঁড়

(২) নল গাহৰি

(৩) জিৰাফ

(৪) মিথুন

উত্তৰ – (২) নল গাহৰি

(ঙ) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্রীয় সংস্থাৰ অন্তৰ্গতি?

(১) UNESCO

(২) UNO

(৩) WWF

(8) UNEP

উত্তৰ – (১) UNESCO

Read More:

অধ্যায়- ১ অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )

ইতিহাস-

অধ্যায় ১ – বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অধ্যায় ২ – মাহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অধ্যায় ৩ – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অধ্যায় ৪ – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

অধ্যায় ৫ – ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

ভূগোল-

অধ্যায়- ২ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

আধ্যায় ৩ – পৃথিৱীৰ ভূগোল

আধ্যায় ৪ – অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতীয় গণতন্ত্ৰ

অৰ্থনীতি বিজ্ঞান-

অধ্যায় ১ – মুদ্ৰা আৰু বেংক ব্যৱস্থা

অধ্যায় ২ – অৰ্থনৈতিক উন্নয়ন

Advertisement

9 Replies to “অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ”

Leave a Reply

Your email address will not be published. Required fields are marked *