অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes

অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ, ভূগোল খণ্ডৰ অধ্যায়- ১ অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ)

১.  আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ ছিজহ’মে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি বুলি কৈছিল ?

উত্তৰ – আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ ছিজহ’মৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই হ’ল  অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য ৷

২. “আধুনিক অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত ”- এই বাক্যটো কোনে কৈছিল ?

উত্তৰ – “আধুনিক অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত ৷”- উক্ত বাক্যটো দুজন অৰ্থনৈতিক জন্স আৰু ডাৰ্কেনৱাল্ডে কৈছিল ৷

৩. জিম্মাৰমানৰ মতে সম্পদ হ’বলৈ বস্তু এটাৰ কি গুণ থাকিব লাগে ?

উত্তৰ – জিম্মাৰমানৰ মতে সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ থাকিব লাগে ৷

৪. মানৱ সৃষ্ট সম্পদ কি ? উদাহৰণ দি বুজাই লিখা ৷

উত্তৰ – মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত সামগ্রীবোৰক মানৱ সৃষ্ট সম্পদ বোলা হয়। প্রকৃতিৰপৰা আহৰণ কৰা বহু সামগ্ৰীয়েই প্রয়োজন সাপেক্ষে বিভিন্ন প্রযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয়। উদাহৰণস্বৰূপে, বাঁহৰপৰা কাগজ; কপাহৰপৰা কাপোৰ; খনিজ তেলৰপৰা নানান ধৰণৰ ৰং, নেথা, কৃত্রিম কাপোৰ, ৰাসায়নিক কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, কৃত্রিম ৰবৰ, মম আদি; গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নির্মাণ সামগ্রী আদিৰ কথা ক’ব পাৰি।

৫. মানৱ সম্পদ বুলিলে কি বুজা ?

উত্তৰ – সম্পদৰ উৎপাদক বা সৃষ্টিকর্তা হিচাপে মানুহক মানৱ সম্পদ বুলি গণ্য কৰা হয়। শিক্ষা, অভিজ্ঞতা আদিৰ জৰিয়তে এখন দেশৰ জনগণ উৎপাদনক্ষম হৈ উঠিলে একো একোজন সম্পদলৈ ৰূপান্তৰ হয় ৷ এখন দেশৰ সম্পদৰ ভিতৰত মানব সম্পদেই অন্যতম ৷ মানব সম্পদেই দেশ এখনৰ চালিকা শক্তি ৷ মানুহ অবিহনে কোনো অন্য সম্পদৰ বিকাশ সম্ভৱ নহয় ৷ সেয়েহে আধুনিক যুগত মানব সম্পদৰ উৎকৰ্ষ সাধনত অধিক গুৰুত্ব দিয়া দেখা যায় ৷

৬.  নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে ?

উত্তৰ – যিবোৰ সামগ্ৰী মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে  সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলে ৷ উদাহৰণস্বৰূপে, মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেবল নিৰপেক্ষ সামগ্ৰীহে আছিল।

অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes

Advertisement

৭.  প্রতিৰোধক কাক বোলে ?  উদাহৰণ দিয়া ৷

উত্তৰ – যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে অনুর্বৰ মাটি, বানপানী জর্জৰিত অঞ্চল আদি একো একোটা প্রতিৰোধক ।

৮. সম্পত্তি কি ? উদাহৰণ দিয়া ৷

উত্তৰ – অৰ্থনীতিৰ সূত্ৰ মতে যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলে ৷ উদাহৰণ স্বৰূপে ভূমি, ঘৰ-দুৱাৰ, যন্ত্ৰ-পাতি আদি সকলোবোৰ সম্পত্তি ৷

৯. জীৱীয় সম্পদ কাক বোলে ? উদাহৰণ দিয়া ৷

উ্ত্তৰ – প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে ৷ জীৱীয় সম্পদৰ উদাহৰণ -উদ্ভিদ, প্রাণী, মাছ, শস্য আদি ৷

১০. অজীৱীয় সম্পদ কাক বোলে ? উদাহৰণ দিয়া ৷

উত্তৰ – যিবোৰ নিৰ্জীৱ সেইবোৰক অজীৱীয় সম্পদ বোলে। অজীৱীয় সম্পদৰ উদাহৰণ – মাটি, শিল, পানী, বায়ু, খনিজ পদার্থ, কয়লা আদি ৷

১১. নবীকৰণযোগ্য সম্পদ কাক বোলে ? উদাহৰণ দিয়া ৷

উত্তৰ – যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নবীকৰণযোগ্য বা পুনঃপূর্ণীকৃত বা পুনঃসৃষ্টিক্ষম সম্পদ বোলা হয় । অর্থাৎ সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নবীকৰণযোগ্য সম্পদ।

১২. অনবীকৰণযোগ্য সম্পদ কাক বোলে ? উদাহৰণ দিয়া ৷

উত্তৰ – যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনবীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বোলে  । উদাহৰণস্বৰূপে, কয়লা, খনিজ তেল, খনিজ পদার্থ যেনে— তাম, সোণ, চূণশিল, লো, ৰূপ, প্রাকৃতিক গেছ আদি অনবীকৰণযোগ্য সম্পদ।

১৩. ব্যক্তিগত সম্পদ কাক বোলে ? উদাহৰণ দিয়া ৷

উত্তৰ –  মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে— ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।

১৪ . জাতীয় সম্পদ কাক বোলে ? উদাহৰণ দিয়া ৷

উত্তৰ – এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে— ৰাস্তা-ঘাট, ভূমি, নদনদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।

১৫. আন্তৰ্জাতিক সম্পদ বা বিশ্ব সম্পদ বুলিলে কি বুজা ? উদাহৰণ দিয়া ৷

উত্তৰ – সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ আধীনত থকা সম্পদ যেনে – সাগৰ-মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদিক একেলগে আন্তৰ্জাতিক সম্পদ বা বিশ্ব সম্পদ বোলা হয় ৷

অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes

১৬. চিৰ বিৰাজমান সম্পদ মানে কি ? উদাহৰণ দিয়া ৷

উত্তৰ – প্রাকৃতিক সম্পদবোৰৰ কিছুমান যেনে- সূৰ্যৰ ৰশ্মি, বায়ু, পানী আদি সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলভ্য। এনেবোৰ প্ৰাকৃতিক সম্পদক চিৰ বিৰাজমান সম্পদ  বোলে।

১৭. স্থানিক সম্পদ মানে কি ? উদাহৰণ দিয়া ৷

উত্তৰ –  প্রাকৃতিক সম্পদ যিবোৰ পৃথিৱীৰ কিছুমান বিশেষ বিশেষ স্থানতহে উপলভ্য তেনে সম্পদবোৰক স্থানিক সম্পদ বোলা হয়। উদাহৰণস্বৰূপে কয়লা, পেট্রলিয়াম, লো, ইউৰেণিয়াম আদি বিভিন্ন খনিজ পদার্থ, উদ্ভিদ শ্রেণী, শস্য ইত্যাদি।

১৮. সম্পদ সংৰক্ষণ মানে কি ? ইয়াৰ মূল উদ্দেশ্য কি ?

উত্তৰ – সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূর্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। অর্থাৎ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰপৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ।

১৯. UNESCOৰ প্ৰথম সঞ্চালকপ্ৰধান কোন আছিল ?

উত্তৰ – জুলিয়ান হাক্সলে ৷

২০. UNESCOৰ সম্পূৰ্ন নামটো লিখা ৷

উত্তৰ – ৰাষ্টসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা ৷

Read More :

Advertisement

অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – অনুশীলনী

ইতিহাস

অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায় ২ – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ পৃথিৱীৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ৰাজনীতি বিজ্ঞান –

ধ্যায়- ১ ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান-

অধ্যায়- ১ মুদ্ৰা আৰু বেংক ব্যৱস্থা – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

8 Replies to “অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *