আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য

আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, ৰাজনীতি বিজ্ঞান খণ্ডৰ অধ্যায়- ২ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য ( International Organization – The United Nations Organization and Others) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – অনুশীলনী

অতি চমু উত্তৰৰ প্রশ্ন –

১। ৰাষ্ট্রসংঘ কিয় গঠন হৈছিল ?

উত্তৰ – দ্বিতীয় বিশ্বযুদ্ধই অনা ভয়াবহতা আৰু অবৰ্ণনীয় ধ্বংসলীলাই বিশ্ববাসীক ভয়াৰ্ত কৰি তোলাৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব শান্তি স্থাপনৰ বাবে ৰাষ্ট্রসংঘ গঠন হৈছিল ৷

২। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰ – ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হৈছে –

(i) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা ৷

(ii) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা ৷

৩। ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।

উত্তৰ – ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম –

(i) সাধাৰণ সভা

(ii) নিৰাপত্তা পৰিষদ

(iii) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ,

(iv) ন্যাসৰক্ষী পৰিষদ

(v) আন্তৰ্জাতিক ন্যায়ালয় আৰু

(vi) সচিবালয় ৷

8। ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।

উত্তৰ – ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম – আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ(ILO) আৰু বিশ্ব স্বাস্থ্য সংস্থা(WHO) ৷

৫। নিৰস্ত্রীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।

উত্তৰ – নিৰস্ত্রীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম হ’ল –

(i) আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফৰণ নিষিদ্ধ চুক্ত,

(ii) বহিঃ মহাকাশ চুক্তি ৷

৬। মানৱ অধিকাৰ মানে কি বুজা?

উত্তৰ – বিশ্বৰ প্ৰতি গৰাকী ব্যক্তিকে এটা মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা চৰ্তসমূহকে মানৱ অধিকাৰ বুলি কোৱা হয় ৷

দীঘল উত্তৰৰ প্ৰশ্ন –

Advertisement

১। ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা।

উত্তৰ – ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্যকেইটা হ’ল-

(i) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

(ii) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধ ত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।

(iii) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা।

(iv) উল্লিখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্রতিষ্ঠাৰ কেন্দ্র হিচাপে কার্য সম্পাদন কৰা।

       ইয়াৰ নীতিকেইটা তলত উল্লেখ কৰা হ’ল –

(i) সকলো সদস্য ৰাষ্ট্রৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব।

(ii) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব।

(iii)  আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব।

(iv) আন্তর্জাতিক সম্পর্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্রয়োগ কৰিব নোৱাৰিব।

(v) চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্রসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্রক সহায় কৰিব নোৱাৰিব।

(vi) ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।

২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা।

উত্তৰ – ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূর্ণ অংগটোৱেই হ’ল নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য ছজন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহজনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ’ল আমেৰিকা, গ্রেট বৃটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন। কোনো গুৰুত্বপূর্ণ বিষয়ত সিদ্ধান্ত ল’বলৈ স্থায়ী পাঁচজন সদস্যসহ মুঠ ৯জন সদস্যৰ সন্মতি থাকিব লাগিব। স্থায়ী সদস্যসকলৰ ‘ভেটো প্রয়োগৰ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ‘ভেটো দিলে সিদ্ধান্ত গ্রহণ নহয়।

আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য

৩। বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।

উত্তৰ – বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ এনে ধৰণৰ –

(i) নিৰস্ত্রীকৰণ আয়োগ গঠন – নিৰস্ত্রীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নোহোৱা কৰাৰ অর্থে ৰাষ্ট্ৰসংঘই ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ৰীকৰণ আয়োগ গঠন কৰে।

(ii)চুক্তি সমূহ –  ৰাষ্ট্ৰসংঘৰ তৎপৰতাত ১৯৬৩ চনৰ ‘আংশিকভাৱে আণবিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি’, ১৯৬৭ চনত বহিঃ মহাকাশ চুক্তি’, ১৯৬৮ চনত ‘পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি’, ১৯৭১ চনত সমুদ্রতলি নিয়ন্ত্রণ চুক্তি’, ১৯৭২ চনত ‘ছল্ট-১’ চুক্তি, ১৯৭৯ চনত ছল্ট-২’ চুক্তি, ১৯৯৩ চনত পাৰমাণৱিক অস্ত্র নিয়ন্ত্রণ চুক্তি, ১৯৯১ আৰু ১৯৯৩ চনত START-1 আৰু START-2 (Strategic Arms Reduction Treaty), ১৯৯৬ চনত ১৫৮খন ৰাষ্ট্ৰৰ সমর্থনত সম্পাদিত ‘পাৰমাণৱিক অস্ত্র পৰীক্ষা নিষিদ্ধকৰণ চুক্তি কে ধৰি বৰ্তমানলৈকে ভালেমান চুক্তি স্বাক্ষৰ হোৱা ঘটনাই নিশ্চয়কৈ বিশ্বলৈ শান্তি বাতাবৰণ অনাত বিশেষ বৰঙণি যোগাইছে।

(iii) প্ৰতিৰোধমূলক কূটনীতি –  ২০০৭ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই গ্রহণ কৰা প্ৰতিৰোধমূলক কূটনীতি’ৰ সহায়ত বিবাদ মীমাংসাৰে শান্তিৰ পৰিৱেশ অনাত আগভাগ লোৱাটোও এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

8। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।

উত্তৰ –  ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্রপতিয়ে এখন অধ্যাদেশ জাৰি কৰে আৰু সেইমর্মে ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে ৰাষ্ট্রপতিৰৰ এখন অধ্যাদেশ অনুসৰি  ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। এই বছৰৰে ১৮ ডিচেম্বৰত আগৰ অধ্যাদেশৰ ঠাইত সংসদত এখন বিধেয়ক উত্থাপিত হয়। ১৯৯৪ চনৰ ৮ জানুৱাৰী তাৰিখে বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইনত পৰিণত হয়। এই আইনখনক মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩’ নামে জনা যায়। এই আইনমতে ৰাজ্য বিলাকতত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন হয়।

           ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব। সদস্যসকলৰৰ ভিতৰত (১) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্রাক্তন ন্যায়াধীশ, (২) এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা প্রাক্তন মুখ্য ন্যায়াধীশ আৰু (৩) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি।

           ইয়াৰ উপৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও আয়োগৰ সদস্য পদত থাকিব। সকলো সদস্যকে ভাৰতৰ ৰাষ্ট্রপতিয়ে ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। ভাৰতবৰ্ষত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পর্যালোচনা কৰি তাৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই দিশত অতন্দ্র প্রহৰীৰ ভূমিকা ল’ব লাগে।

৫। মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা।

উত্তৰ – ৰাষ্ট্ৰসংঘই অতি গুৰুত্বপূৰ্ণভাৱে মানৱ অধিকাৰ ৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব প্রদান কৰি আহিছে। বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে মৰ্যাদাপূর্ণ জীৱন যাপনৰ বাবে প্রয়োজন হোৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ অৰ্থে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে ৪৮খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে ৷ এটা প্ৰস্তাৱনা আৰু ৩০টা অনুচ্ছেদ সম্বলিত এই ঘোষণাপত্রই মূলতঃ দুটা উদ্দেশ্য সাধন কৰিছে।

           প্রথম, বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণাপত্রত সন্নিৱিষ্ট হৈছে। দ্বিতীয়, এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমুহক সদস্য ৰাষ্ট্রসমূহে স্বীকৃতি দিছে।

           উল্লেখযোগ্য যে এই ঘোষণাপত্ৰত উল্লেখ থকা অধিকাৰসমুহে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ ক্ষমতা আৰু কার্যাৱলীৰ ওপৰত কিছু সীমাবদ্ধতা আনিছে। কাৰণ নীতিগতভাৱে কোনো ৰাষ্ট্রই এই অধিকাৰসমুহক আওকাণ কৰিব নোৱাৰে। দেশৰ নাগৰিকসকলক এই অধিকাৰৰপৰা বঞ্চিত কৰি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো যে সম্ভৱ নহয় তাক ৰাষ্ট্ৰসংঘই এই ঘোষণাপত্ৰৰ জৰিয়তে স্পষ্ট কৰিছে।

Read More:

Advertisement

অধ্যায়- ২ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – অতিৰিক্ত প্ৰশ্নোত্তৰ

ইতিহাস-

অধ্যায় ১ – বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অধ্যায় ২ – মাহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অধ্যায় ৩ – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অধ্যায় ৪ – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

অধ্যায় ৫ – ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

ভূগোল-

অধ্যায় ১ – অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

অধ্যায়- ২ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

আধ্যায় ৩ – পৃথিৱীৰ ভূগোল

আধ্যায় ৪ – অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতীয় গণতন্ত্ৰ

অৰ্থনীতি বিজ্ঞান-

অধ্যায় ১ – মুদ্ৰা আৰু বেংক ব্যৱস্থা

অধ্যায় ২ – অৰ্থনৈতিক উন্নয়ন

2 Replies to “আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য”

Leave a Reply

Your email address will not be published. Required fields are marked *