অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ, ৰাজনীতি বিজ্ঞান খণ্ডৰ অধ্যায়- ২ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷
আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
১. প্ৰথম বিশ্ব যুদ্ধ কোন চনত সংঘটিত হৈছিল ?
উত্তৰ – প্ৰথম বিশ্ব যুদ্ধ ১৯১৪ চনত সংঘটিত হৈছিল ৷
২. দ্বিতীয় বিশ্ব যুদ্ধ কোন চনত সংঘটিত হৈছিল ?
উত্তৰ – দ্বিতীয় বিশ্ব যুদ্ধ ১৯৩৯ চনত সংঘটিত হৈছিল ৷
৩. ৰাষ্ট্ৰসংঘৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰ – ৰাষ্ট্ৰসংঘৰ জন্ম ১৯৪৫ চনৰ ২৪ অক্টোবৰত হৈছিল ৷
৪. ৰাষ্ট্ৰ সংঘ দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ – ২৪ অক্টোবৰৰ দিনটো ৰাষ্ট্ৰ সংঘ দিৱস হিচাপে পালন কৰা হয় ৷
৫. বৰ্তমান ৰাষ্ট্ৰ সংঘ কিমানখন সদস্য ৰাষ্ট্ৰৰে গঠিত ?
উত্তৰ – বৰ্তমান ৰাষ্ট্ৰ সংঘ ১৯৩খন সদস্য ৰাষ্ট্ৰৰে গঠিত ৷
৬. ৰাষ্ট্ৰসংঘৰ চনদত মুঠ কিমানটা অনুচ্ছেদ আছে ?
উত্তৰ – ৰাষ্ট্ৰসংঘৰ চনদত মুঠ ১১১টা অনুচ্ছেদ আছে।
আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes
৭. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ প্রত্যেক সদস্য ৰাষ্ট্ৰই কেইজনকৈ প্রতিনিধি পঠাব পাৰে ?
উত্তৰ – ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ প্রত্যেক সদস্য ৰাষ্ট্ৰই পাঁচজনকে প্রতিনিধি পঠাব পাৰে।
৮. ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত নিৰপত্তা পৰিষদৰ স্থায়ী সদস্য আৰু অস্থায়ী সদস্যৰ সংখ্যা কিমান আছিল ?
উত্তৰ – ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য আছিল ছজন।
৯. ৰাষ্ট্ৰসংঘৰ চনদৰ কিমান নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহজনলৈ বৃদ্ধি কৰা হৈছিল ?
উত্তৰ – ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহজনলৈ বৃদ্ধি কৰা হয়।
১০. ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা ৷
উত্তৰ – ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ’ল আমেৰিকা, গ্রেট বৃটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন।
১১. ৰাষ্ট্রসংঘ গঠিত হোৱা সময়ত অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যৰ সংখ্যা কিমান আছিল ?
উত্তৰ – ৰাষ্ট্রসংঘ গঠিত হোৱা সময়ত অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা আছিল ওঠৰজন।
১২. ৰাষ্ট্রসংঘৰ অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলৰ কাৰ্যকাল কিমান ?
উত্তৰ – ৰাষ্ট্রসংঘৰ অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যসকলৰ কাৰ্যকাল তিনি বছৰ ৷
১৩. ৰাষ্ট্ৰসংঘৰ চনদৰ কিমান নং অনুচ্ছেদৰ মতে অর্থনৈতিক আৰু সামাজিক পৰিষদৰ গঠন
হৈছিল ?
উত্তৰ – ৰাষ্ট্ৰসংঘৰ চনদৰ ৫৫ নং অনুচ্ছেদ মতে অর্থনৈতিক আৰু সামাজিক পৰিষদৰগঠন হৈছিল ৷
আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes
১৪. ৰাষ্ট্ৰসংঘৰ অর্থনৈতিক আৰু সামাজিক পৰিষদৰ কাৰ্য লিখা ৷
উত্তৰ – ৰাষ্ট্ৰসংঘৰ অর্থনৈতিক আৰু সামাজিকপৰিষদে আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু আনুসংগিক এনে সমস্যা সমাধানৰ বাবে কার্যনির্বাহ কৰে।
১৫. ৰাষ্ট্ৰসংঘৰ চনদৰ কিমান নং অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ আছে ?
উত্তৰ – ৰাষ্ট্ৰসংঘৰ চনদৰ ৭৬ নং অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ আছে।
১৬. ন্যাসৰক্ষী পৰিষদৰ গঠন কিয় কৰা হৈছিল ?
উত্তৰ – ন্যাসৰক্ষী পৰিষদৰ অন্তর্ভুক্ত দেশবিলাকৰ জনসাধাৰণক অর্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তোলাৰ বাবেই এই পৰিষদ গঠন হৈছিল।
১৭. ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম লিখা ৷
উত্তৰ – ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটো হ’ল— আন্তর্জাতিক ন্যায়ালয়।
১৮. ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটো মুঠ কিমানজন ন্যায়াধীশৰ দ্বাৰা গঠিত ?
উত্তৰ – ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটো মুঠ ১৫জন ন্যায়াধীশৰ দ্বাৰা গঠিত ৷
১৯. আন্তর্জাতিক ন্যায়ালয় কাম কি ?
উত্তৰ – আন্তর্জাতিক ন্যায়ালয়ৰ প্রধান কাম হৈছে ৰাষ্ট্রসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা।
২০. ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ সচিবপ্রধানৰ কার্যকাল কিমান ?
উত্তৰ – ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ সচিবপ্রধানৰ কার্যকাল ৫ বছৰ।
২১. ৰাষ্ট্ৰসংঘৰ প্রথম সচিবপ্রধানজনৰ নাম কি আছিল ?
উত্তৰ – ৰাষ্ট্ৰসংঘৰ প্রথম সচিবপ্রধানজন নাম নৰ’ৱেৰ ট্ৰাইভহাল্ডান লী আছিল ।
২২. ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিবপ্রধানজনৰ নাম কি ?
উত্তৰ – ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিবপ্রধানজনৰ নাম এনটনিও গুৱেটেৰেছ।
২৩. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া প্রতিষ্ঠা হৈছিল ?
উত্তৰ – ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে প্রতিষ্ঠা হৈছিল।
আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes
২৪. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ জন্মক্ষণত কিমানজন সদস্য আছিল ?
উত্তৰ – ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ জন্মক্ষণত ইয়াৰ সদস্য সংখ্যা আছিল ১৮জন।
২৫. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্যসকলৰ কার্যকাল কিমান ?
উত্তৰ – ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্যসকলৰ কার্যকাল তিনি বছৰ ৷
২৬. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া মানৱ অধিকাৰ ঘোষনাপত্ৰ গ্ৰহণ কৰে ?
উত্তৰ – ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰ ঘোষনাপত্ৰ গ্ৰহণ কৰে।
২৭. মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ – মানৱ অধিকাৰ দিৱস১০ ডিচেম্বৰৰ দিনটোপালন কৰা হয় ৷
২৮. ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰ – ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে গঠন কৰা হৈছিল ৷
২৯. ‘মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩’ কেতিয়া ৰষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিছিল ?
উত্তৰ – ‘মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩’ ১৯৯৪ চনৰ ৮ জানুৱাৰী তাৰিখে ৰষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিছিল ৷
৩০. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য সকলৰ কাৰ্যকাল কিমান ?
উত্তৰ – ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য সকলৰ কাৰ্যকাল ৫ বছৰ ৷
Read More :
অধ্যায় ২ – আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – অনুশীলনী
ইতিহাস
অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
ভূগোল –
অধ্যায়- ১ অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায় ২ – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ৩ পৃথিৱীৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
ৰাজনীতি বিজ্ঞান –
অধ্যায়- ১ ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অৰ্থনীতি বিজ্ঞান-
অধ্যায়- ১ মুদ্ৰা আৰু বেংক ব্যৱস্থা – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
9 Replies to “আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes”