ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? (Is Matter Around Us Pure ? ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷
আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – প্ৰশ্নাৱলী, Page No – 15
1. পদাৰ্থ বুলিলে কি বুজায় ?
উত্তৰ – বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ বস্তু যাৰ দ্বাৰা গঠিত আৰু যাৰ এটা মাত্ৰ উপাদান থাকে তাকে পদাৰ্থ বোলে ৷
2. সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা ৷
উত্তৰ – সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ তলত উল্লেখ কৰা হ’ল –
সমসত্ব মিশ্ৰণ | অসমসত্ব মিশ্ৰণ |
1. সমসত্ব মিশ্ৰণৰ সকলো অংশতে একে সংয়ুতি থাকে ৷ | 1. অসমসত্ব মিশ্ৰণৰ সকলো অংশতে সংয়ুতি বেলেগ বেলেগ ৷ |
2.সমসত্ব মিশ্ৰণৰ উপাদানবোৰ ভৌতিক ভাবে স্পষ্ট নহয় ৷ | 2.অসমসত্ব মিশ্ৰণৰ উপাদানবোৰ ভৌতিক ভাবে স্পষ্ট ৷ |
3. সমসত্ব মিশ্ৰণৰ উদাহৰণ – নিমখৰ পানী, চেনিৰ দ্ৰৱ ইত্যাদি ৷ | 3. অসমসত্ব মিশ্ৰণৰ উদাহৰণ – পানী আৰু তেলৰ, লোৰ গুড়ি আৰউ নিমখ ইত্যাদি ৷ |
প্ৰশ্নাৱলী, Page No – 18
1. উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্রণৰ পার্থক্য লিখা ৷
উত্তৰ – সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ তলত উল্লেখ কৰা হ’ল –
সমসত্ব মিশ্ৰণ | অসমসত্ব মিশ্ৰণ |
1. সমসত্ব মিশ্ৰণৰ সকলো অংশতে একে সংয়ুতি থাকে ৷ | 1. অসমসত্ব মিশ্ৰণৰ সকলো অংশতে সংয়ুতি বেলেগ বেলেগ ৷ |
2.সমসত্ব মিশ্ৰণৰ উপাদানবোৰ ভৌতিক ভাবে স্পষ্ট নহয় ৷ | 2.অসমসত্ব মিশ্ৰণৰ উপাদানবোৰ ভৌতিক ভাবে স্পষ্ট ৷ |
3. সমসত্ব মিশ্ৰণৰ উদাহৰণ – নিমখৰ পানী, চেনিৰ দ্ৰৱ ইত্যাদি ৷ | 3. অসমসত্ব মিশ্ৰণৰ উদাহৰণ – পানী আৰু তেলৰ, লোৰ গুড়ি আৰউ নিমখ ইত্যাদি ৷ |
2. কলয়ড, দ্রবণ আৰু প্ৰলম্বনৰ মাজৰ প্রভেদবোৰ কি কি ?
উত্তৰ – কলয়ড, দ্রবণ আৰু প্ৰলম্বনৰ মাজৰ প্রভেদবোৰ তলত উল্লেখ কৰা হ’ল –
কলয়ড | দ্রৱণ | প্ৰলম্বন |
1.কলয়ড এবিধ অসমসত্ব মিশ্ৰণ ৷ | 1. দ্রৱণ এবিধ সমসত্ব মিশ্ৰণ ৷ | 1. প্ৰলম্বন এবিধ অসমসত্ব মিশ্ৰণ ৷ |
2. কলয়ডীয় কণিকাবোৰ খালি চকুৰে মনিব নোৱাৰি ৷ | 2. দ্ৰৱণৰ কণিকাবোৰ খালি চকুৰে নেদেখি ৷ | 2. প্ৰলম্বনৰ কণিকাবোৰ খালি চকুৰে দেখি ৷ |
3. নোজোকৰাকৈ থৈ দিলে কলয়ডীয় কণিকাবোৰ অৱক্ষিপ্ত নহয় – অৰ্থাৎ কলয়ডীয় দ্ৰৱ সুস্থিৰ ৷ | 3. নোজোকৰাকৈ থৈ দিলে দ্ৰৱণৰ কণিকাবোৰ অৱক্ষিপ্ত নহয় – অৰ্থাৎ দ্ৰৱণবোৰ সুস্থিৰ ৷ | 3. নোজোকৰাকৈ থৈ দিলে কলয়ডীয় কণিকাবোৰ তলিত জমা হয়গৈ – অৰ্থাৎ প্ৰলম্বন দ্ৰৱণ অস্থিৰ ৷ |
4. কলয়ডীয় কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে ৷ | 4. দ্ৰৱণৰ কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে ৷ | 4. প্ৰলম্বনৰ কণিকাবোৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে ৷ |
5. কলয়ডৰ উদাহৰণ – মেগনেছিয়া দুগ্ধ ৷ | 5. দ্ৰৱণৰ উদাহৰণ – নিমখ পানী ৷ | 5. প্ৰলম্বনৰ উদাহৰণ – ময়দাৰ গুড়ি আৰু পানীৰ মিশ্ৰণ ৷ |
3. 293k উষ্ণতাত 100 ml , পানীত 36 g ছডিয়াম ক্লৰাইড দ্রবীভূত কৰি এটা সংপৃক্ত দ্রৱ পোৱা গলে দ্রৱণটোৰ গাঢ়তা নিৰ্দ্ধৰণ কৰা।
উত্তৰ – দিয়া আছে,
দ্ৰাৱ্য(ছডিয়াম ক্ল’ৰাইড)ৰ ভৰ = 36g
দ্ৰাৱক(পানী) ভৰ = 100 g
আমি জানো যে,
দ্ৰৱণৰ ভৰ = দ্ৰাৱ্যৰ ভৰ + দ্ৰাৱকৰ ভৰ
= 36g + 100g
= 136g
দ্ৰৱণৰ গাঢ়তা = দ্ৰাৱ্য ভৰ/দ্ৰৱণৰ ভৰ x 100
= 36/136 x 100
= 26.4 %
আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – প্ৰশ্নাৱলী, Page No – 24
1. কেৰাছিন আৰু পেট্র’লৰ (ইহঁতৰ উতালাংকৰ পার্থক্য 25°C তকৈ বেছি) মিশ্রণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা ?
উত্তৰ – কেৰাছিন আৰু পেট্র’লৰ মিশ্রণৰ পৰা সিহঁতক পাতন পদ্ধতিৰে পৃথক কৰিব পাৰি৷

কেৰাছিন আৰু পেট্ৰলৰ মিশ্ৰণৰ পৰা উপাদান দুটা পৃথক কৰিবলৈ মিশ্ৰণটো এটা পাতন ফ্লাস্কত লোৱা হ’ল ৷ পাতন যন্ত্ৰটো চিত্ৰত দেখুৱাৰ দৰে ঠিক কৰা হ’ল ৷ এতিয়া পাতন ফ্লাস্কত থকা মিশ্ৰণটো লাহে লাহে গৰম কৰা হ’ল ৷ এনেদৰে গৰম কৰাত পেট্ৰ’ল বাষ্পীভূত হৈ শীতক যন্ত্ৰৰ মাজেদি যোৱা দেখা গ’ল ৷ ফলত পেট্ৰ’ল ঘনীভূত হৈ গ্ৰাহক পাত্ৰত জমা হ’ব ধৰিলে ৷
এনেদৰে কেৰাছিন আৰু পেট্র’লৰ মিশ্রণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিব পাৰি ৷
2. তলৰ মিশ্রণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা।
(i) দৈৰ পৰা মাখন (butter)
উত্তৰ – অপকেন্দ্ৰীক পদ্ধতি ৷
(ii) সাগৰৰ পানীৰ পৰা নিমখ।
উত্তৰ – বাষ্পীভৱন পদ্ধতি ৷
(ii) নিমখৰ পৰা কপূর্ণ।
স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায় ?
উত্তৰ – উৰ্ধপাতন পদ্ধতি ৷
স্ফটিকীকৰণ পদ্ধতিৰে দ্ৰৱণ এটাৰ পৰা দ্ৰাৱ্য পদাৰ্থটো বিশুদ্ধ গোটা স্ফটিক ৰূপত পাব পাৰি ৷ উদাহৰণ স্বৰূপে, সাগৰৰ পানীৰ পৰা বিশুদ্ধ নিমখ আহৰণ কৰিব পাৰি ৷
প্ৰশ্নাৱলী, Page No – 24
1. তলৰ কার্যকালপবোৰ ৰাসায়নিক নে ভৌতিক পৰিবৰ্তন?
- গছকটা।
- কেৰাহি এখনত মাখন গলি যোৱা।
- আলমাৰিত মামৰ ধৰা।
- পানী উতলাই জলীয় ভাপ কৰা।
- পানীৰ মাজেদি বিদ্যুত প্রবাহিত কৰিলে হাইড্রজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা ৷
- পানীত নিমখ দ্ৰৱীভূত কৰা।
- কেঁচা ফলৰ পৰা চালাড প্রস্তুত কৰা।
- কাগজ আৰু কাঠ পুৰিলে।
উত্তৰ –
- গছকটা – ভৌতিক পৰিবৰ্তন ৷
- কেৰাহি এখনত মাখন গলি যোৱা – ভৌতিক পৰিবৰ্তন ৷
- আলমাৰিত মামৰ ধৰা – ৰাসায়নিক পৰিবৰ্তন ৷
- পানী উতলাই জলীয় ভাপ কৰা – ভৌতিক পৰিবৰ্তন ৷
- পানীৰ মাজেদি বিদ্যুত প্রবাহিত কৰিলে হাইড্রজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা – ৰাসায়নিক পৰিবৰ্তন ৷
- পানীত নিমখ দ্ৰৱীভূত কৰা – ভৌতিক পৰিবৰ্তন ৷
- কেঁচা ফলৰ পৰা চালাড প্রস্তুত কৰা – ভৌতিক পৰিবৰ্তন ৷
- কাগজ আৰু কাঠ পুৰিলে – ৰাসায়নিক পৰিবৰ্তন ৷
অনুশীলনী
1. তলৰ পদার্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্রয়োগ কৰিবা ?
(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্ল‘ৰাইড।
উত্তৰ – বাষ্পীভৱন পদ্ধতি ৷
(b) ছ‘ডিয়াম ক্লৰাইড আৰু এমনিয়াম ক্ল‘ৰাইড মিশ্রণৰ পৰা এমনিয়াম ক্লৰাইড।
উত্তৰ – উৰ্ধপাতন পদ্ধতি ৷
(c) গাড়ীৰ ইঞ্জিন-তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা।
উত্তৰ – পৰিস্ৰাৱন পদ্ধতি ৷
(d) ফুলৰ পাহিৰ নিষ্কাশিত তৰলৰ (extract) পৰা বিভিন্ন ৰঞ্জক পদার্থবোৰ।
উত্তৰ – বৰ্ণলেখন পদ্ধতি ৷
(e) দৈৰ পৰা মাখন।
উত্তৰ – অপকেন্দ্ৰীক পদ্ধতি ৷
(f) পানীৰ পৰা তেল।
উত্তৰ – পৃথকীকৰণ চুপি ব্যৱহাৰ কৰি ৷
(g) চাহৰ পৰা চাহপাত।
উত্তৰ – পৰিস্ৰাৱন পদ্ধতি ৷
(h) বালিৰ পৰা লোৰ পিন।
উত্তৰ – পৰিস্ৰাৱন পদ্ধতি ৷
(i) চোকোৰাৰ পৰা গমৰ গুটি।
উত্তৰ – জৰা পদ্ধতি ৷
(j) পানী আৰু বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সুক্ষ্ম কণিকাবোৰ।
উত্তৰ – অপকেন্দ্ৰীক পদ্ধতি ৷
2. একাপ চাহ বনাবলৈ প্রয়োজনীয় পদক্ষেপবোৰ (Steps) লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্রাৱ্য, দ্ৰৱীভূত, দ্রৱণীয়, অদ্ৰৱণীয়, পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দবোৰ ব্যৱহাৰ কৰিবা।
উত্তৰ – একাপ চাহ বনাবলৈ প্রয়োজনীয় পদক্ষেপবোৰ –
পদক্ষেপ ১ – দ্ৰাৱক হিচাপে পানী লোৱা হয় ৷
পদক্ষেপ ২ – পানীখিনি উতলিবলৈ দিয়া হয় ৷
পদক্ষেপ ৩ – গাখীৰ , চেনি আৰু চাহপাত দ্ৰাৱ্য হিচাপে উতলা পানীত যোগ কৰা হয় ৷ চেনী দ্ৰৱণীয় কিন্তু চাহ-পাত অদ্ৰৱণীয় ৷ এইদৰে প্ৰস্তুত হোৱা দ্ৰৱণটোয়ে হ’ল চাহ ৷
পদক্ষেপ ৪ – চাহত চাহ পাত অদ্ৰৱনীয় বাবে ইয়াক পৰিশ্ৰাৱন কৰা হয় ৷
পদক্ষেপ ৫ – পৰিশ্ৰাৱনৰ পিছত অৱশেষ হিচাপে চাহ-পাত পোৱা যায় আৰু পৰিশ্ৰুতখিনি অৰ্থাৎ চাহ গ্ৰহণৰ বাবে সাজু হয় ৷
3. প্রজ্ঞাই তিনিটা বেলেগ বেলেগ পদার্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্রহ কৰা তথ্যবোৰ তলৰ তালিকাত দিয়া হৈছে। (ফলাফলবোৰ তালিকাখনত 100g পানীত সংপৃক্ত দ্রৱণ প্রস্তুতিৰ বাবে প্রয়োজনীয় দ্ৰাৱ্যৰ পৰিমাণ হিচাপত দিয়া হৈছে।)
দ্ৰৱীভূত কৰা পদাৰ্থ | উষ্ণতা (k) 283 দ্ৰৱণীয়তা | উষ্ণতা (k) 293 দ্ৰৱণীয়তা | উষ্ণতা (k) 313 দ্ৰৱণীয়তা | উষ্ণতা (k) 333 দ্ৰৱণীয়তা | উষ্ণতা (k) 353 দ্ৰৱণীয়তা |
পটেছিয়াম নাইট্ৰেট | 21 | 32 | 62 | 106 | 167 |
ছডিয়াম ক্ল’ৰাইড | 36 | 36 | 36 | 37 | 37 |
পটেছিয়াম ক্ল’ৰাইড | 35 | 35 | 40 | 46 | 54 |
এম’নিয়াম ক্ল’ৰাইড | 24 | 37 | 41 | 55 | 66 |
(a) পটেছিয়াম নাইট্রেটৰ সংপৃক্ত দ্ৰৱ এটা প্রস্তুত কৰিবলৈ 313kউষ্ণতাত 50 গ্রাম পানীত
কিমান গ্রাম পটেছিয়াম নাইট্রেট দ্ৰৱীভূত কৰিব লাগিব ?
উত্তৰ – দিয়া আছে,
313k উষ্ণতাত পটেছিয়াম নাইট্রেটৰ দ্ৰৱণীয়তা 62 ৷
অৰ্থাৎ,
100g পানীত পটেছিয়াম নাইট্রেট দ্ৰৱীভূত হয় 62g
1g পানীত পটেছিয়াম নাইট্রেট দ্ৰৱীভূত হয় 62/100
50g পানীত পটেছিয়াম নাইট্রেট দ্ৰৱীভূত হয় 62/100 x 50 = 31 g
এতেকে, পটেছিয়াম নাইট্রেটৰ সংপৃক্ত দ্ৰৱ এটা প্রস্তুত কৰিবলৈ 313k উষ্ণতাত 50 গ্রাম পানীত 31 g পটেছিয়াম নাইট্রেট দ্ৰৱীভূত কৰিব লাগিব
(b) 353 k উষ্ণতাত প্রজ্ঞাই পটেছিয়াম ক্ল’ৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হবলৈ থৈ দিলে। দ্ৰৱটো ঠাণ্ডা হলে তেওঁ কি দেখিব ? ব্যাখ্যা কৰা।
উত্তৰ – 353 k উষ্ণতাত প্রজ্ঞাই পটেছিয়াম ক্ল’ৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হবলৈ থৈ দিলে পটেছিয়াম ক্ল’ৰাইডৰ স্ফটিক লাভ কৰিব ৷
(c) প্ৰতিটো লৱণৰে দ্ৰৱণীয়তা 293 k ত নিৰ্দ্ধাৰণ কৰা। এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি?
উত্তৰ – 293 k ত প্ৰতিটো লৱণৰ দ্ৰৱণীয়তা –
পটেছিয়াম নাইট্ৰেট – 32
ছডিয়াম ক্ল’ৰাইড – 36
পটেছিয়াম ক্ল’ৰাইড – 35
এম’নিয়াম ক্ল’ৰাইড – 37
ইয়াত 293 k উষ্ণতাত এম’নিয়াম ক্ল’ৰাইডৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি ৷
(d) লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ ব্যাখ্যা কৰা।
উত্তৰ – উষ্ণতা বৃদ্ধি হ’লে লৱণৰ দ্ৰৱণীয়তা বৃদ্ধি হয় ৷ উষ্ণতা কমিলে ই কমে ৷
4.উদাহৰণ দি ব্যাখ্যা কৰা
(a) সংপৃক্ত দ্ৰৱ।
উত্তৰ – এক নিৰ্দিষ্ট উষ্ণতাত, এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰাৱ্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰৱ বোলে ৷
উদাহৰণ – ধৰাহ’ল , 313K উষ্ণতাত 100g দ্ৰাৱকত সৰ্বাধিক 50g দ্ৰাৱ্য দ্ৰৱীভূত হয় ৷ গতিকে 100g দ্ৰাৱকত 50g দ্ৰাৱ্য দ্ৰৱীভূত কৰি লাভ কৰা দ্ৰৱটো সংপৃক্ত দ্ৰৱ হ’ব ৷
(b) বিশুদ্ধ পদার্থ।
উত্তৰ – কোনো বস্তুৰ আটাইবোৰ উপাদান একে হ’লে তাক বিশুদ্ধ পদার্থ বুলিব পাৰি ৷ উদাহৰণ – চেনি, নিমখ ইত্যাদি ৷
(c) কলয়ড।
উত্তৰ – কলয়ড হ’ল এবিধ অসমসত্ব মিশ্ৰণ ৷ ইয়াৰ কণিকাবোৰ বৰ সৰু হোৱা বাবে খালি চকুৰে মনিব নোৱাৰি ৷ কলয়ডৰ কণিকাবোৰে পোহৰ বিচ্ছুৰিত কৰে কিন্তু নোজোকৰাকৈ থৈ দিলেও অৱক্ষিপ্ত নহয় ৷
কলয়ডৰ উদাহৰণ – মেগনেছিয়া দুগ্ধ, চিয়াহী ইত্যাদি ৷
(d)প্রলম্বন।
উত্তৰ – প্ৰলম্বন হ’ল এবিধ অসমসত্ব মিশ্ৰণ যাৰ কণিকাবোৰ খালি চকুৰে দেখি ৷ প্ৰলম্বনৰ কণিকাবোৰে পোহৰ বিচ্ছুৰিত কৰে আৰু নোজোকৰাকৈ থৈ দিলে কণিকাবোৰ তলিত অৱক্ষিপ্ত হয় ৷
প্ৰলম্বনৰ উদাহৰণ – ময়দাৰ গুড়ি আৰু পানীৰ মিশ্ৰণ ৷
5. তলৰ মিশ্ৰবোৰ সমসত্ব নে অসমসত্ব শ্রেণীভূক্ত কৰা – চ’ডা পানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, চেকিলোৱা চাহ
উত্তৰ – চ’ডা পানী – সমসত্ব মিশ্ৰণ ৷
কাঠ – অসমসত্ব মিশ্ৰণ ৷
বায়ু – সমসত্ব মিশ্ৰণ ৷
মাটি – অসমসত্ব মিশ্ৰণ ৷
ভিনেগাৰ – সমসত্ব মিশ্ৰণ ৷
চেকিলোৱা চাহ – সমসত্ব মিশ্ৰণ ৷
6. তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা?
উত্তৰ – এক বায়ুমণ্ডলীয় চাপত বিশুদ্ধ পানীৰ উতলাংক 100°C ৷ যদি বৰণহীন তৰলবিধ 100°C উষ্ণতাত উতলিবলৈ ধৰে তেনেহ’লে তৰলবিধ বিশুদ্ধ পানী ৷ আৰু যদি তৰল বিধ 100°C তকৈ বেছি বা কম উষ্ণতাত উতলে ই বিশুদ্ধ পানী নহয় ৷
7. তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ “বিশুদ্ধ পদার্থৰ শাৰীত পৰিব?
(a) বৰফ
(b)গাখীৰ।
(c)লো।
(d) হাইড্রক্লৰিক এছিদ।
(e)কেলচিয়াম অক্সাইড।
(f) পাৰা।
(g) ইটা
(h) কাঠ।
(i) বায়ু।
উত্তৰ – বিশুদ্ধ পদাৰ্থবোৰ হ’ল – বৰফ, লো, হাইড্ৰক্লৰিক এছিড, কেলছিয়াম অক্সাইড আৰু পাৰা ৷
8.তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাচি উলিওৱা
(a) মাটি
(b)সাগৰৰ পানী।
(c) বায়ু।
(d) কয়লা।
(e) চদা পানী।
উত্তৰ – দ্ৰৱণ – সাগৰৰ পানী, বায়ু আৰু চদা পানী ৷
9. তলৰ কোনটোৱে “টিণ্ডল প্রভাব” দেখুৱায়?
(a) লবণৰ দ্ৰৱ।
(b)গাখীৰ।
(c) কপাৰ ছালফেটৰ দ্ৰৱণ।
(d) ষ্টাৰ্চৰ দ্ৰৱণ (Starch Solution)।
উত্তৰ – গাখীৰ আৰু ষ্টাৰ্চৰ দ্ৰৱণে “টিণ্ডল প্রভাব” দেখুৱায় ৷
10. তলৰ দিয়াবিলাক মৌল, যৌগ আৰু মিশ্ৰণ হিচাপে শ্রেণীভূক্ত কৰা।
(a)চডিয়াম।
উত্তৰ – মৌল
(b) মাটি
উত্তৰ – মিশ্ৰণ
(c)চেনিৰ দ্ৰৱণ।
উত্তৰ – মিশ্ৰণ
(d)ছিলভাৰ।
উত্তৰ – মৌল
(e)কেলছিয়াম কার্বনেট।
উত্তৰ – যৌগ
(f)ছিলিকন।
উত্তৰ – মৌল
(h) কয়লা।
উত্তৰ – মিশ্ৰণ
(i) বায়ু।
উত্তৰ – মিশ্ৰণ
(j) চাবোন।
উত্তৰ – মিশ্ৰণ
(k)মিথেন।
উত্তৰ – যৌগ
(1) কার্বন ডাইঅক্সাইড।
উত্তৰ – যৌগ
(m) তেজ।
উত্তৰ – মিশ্ৰণ ৷
11. তলৰ কোনবিলাক ৰাসায়নিক পৰিবৰ্তন?
(a) উদ্ভিদৰ বৃদ্ধি।
উত্তৰ – ৰাসায়নিক পৰিবৰ্তন ৷
(b) লোত মামৰে ধৰা।
উত্তৰ – ৰাসায়নিক পৰিবৰ্তন ৷
(c) লোৰ গুড়ি আৰু বালি মিহলিকৰণ।
উত্তৰ – ৰাসায়নিক পৰিবৰ্তন নহয় ৷
(d) খাদ্য ৰন্ধন।
উত্তৰ – ৰাসায়নিক পৰিবৰ্তন ৷
(e) খাদ্য হজম হোৱা।
উত্তৰ – ৰাসায়নিক পৰিবৰ্তন ৷
(f) পানী গোটমৰা।
উত্তৰ – ৰাসায়নিক পৰিবৰ্তন নহয় ৷
(g) মমবাটি জ্বলোৱা।
উত্তৰ – ৰাসায়নিক পৰিবৰ্তন ৷
Read More :
আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes
অধ্যায়- ১ আমাৰ চাৰিওকাষৰ বস্তুবোৰ
অধ্যায় – ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?
অধ্যায় ৯ বল আৰু গতি বিষয়ক সূত্ৰসমূহ
অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় ?
অধ্যায় ১৫ খাদ্য সম্পদৰ উৎকৰ্ষ সাধন
বিজ্ঞান – দশম শ্ৰেণী ( NCERT – SEBA)
13 Replies to “আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?”