আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়- 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – NotesIs Matter Around Us Pure ৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Linkত Click কৰিলে পাব ৷

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes

1. মিশ্ৰণ – দুই বা ততোধিক বিশুদ্ধ উপাদানেৰে গঠিত পদাৰ্থকে মিশ্ৰণ বোলে

2. সমসত্ব মিশ্ৰণ – যি মিশ্ৰণৰ সকলো অংশতে একে সংযুতি আৰু একে ৰঙ থাকে তেনে মিশ্ৰণক সমসত্ব মিশ্ৰণ বোলে ৷

সমসত্ব মিশ্ৰণৰ উদাহৰণ – নিমখৰ পানী, চেনিৰ দ্ৰৱ ইত্যাদি ৷

3. অসমসত্ব মিশ্ৰণ – যি মিশ্ৰণৰ উপাদানবোৰ ভৌতিকভাবে স্পষ্ট আৰু সকলো অংশতে সংযুতি বেলেগ তেনে মিশ্ৰণক অসমসত্ব মিশ্ৰণ বোলে৷

অসমসত্ব মিশ্ৰণৰ উদাহৰণ – লোৰ গুড়ি আৰু নিমখ, নিমখ আৰু গোন্ধক ইত্যাদি ৷

4. দ্ৰৱণ – দুই বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক দ্ৰৱ বা দ্ৰৱণ বোলে ৷

5. সংকৰ ধাতু – দুই বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বোলে ৷

সংকৰ ধাতুৰ উদাহৰণ – পিতল, ষ্টিল ইত্যাদি

6. দ্ৰৱণৰ উপাদান – দ্ৰৱণৰ দুটা উপাদান থাকে – দ্ৰাৱক আৰু দ্ৰাৱ্য ৷

দ্ৰৱণটোৰ যিটো উপাদানে আন উপাদানক দ্ৰবীভূত কৰে তাক দ্ৰাৱক আৰু কম পৰিমাণৰ যিটো উপাদান দ্ৰৱীভূত হয় তাক দ্ৰাৱ্য বোলে ৷

উদাহৰণ – চেনি আৰু পানীৰ মিশ্ৰণত ৷

7. দ্ৰৱণৰ ধৰ্ম –

Advertisement

(i) দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ ৷

(ii) দ্ৰৱণৰ কণিকাবোৰৰ আকাৰ বৰ ক্ষুদ্ৰ হোৱা বেবে ইহঁতক খালি চকুৰে নেদেখি ৷

(iii) দ্ৰাৱ্যৰ কণিকাবোৰে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে ৷

(iv) পৰিস্ৰাৱন প্ৰণালীৰে দ্ৰৱণ এটাৰ দ্ৰাব্য আৰু দ্ৰাৱক পৃথক কৰিব নোৱাৰি ৷

8. সংপৃক্ত দ্ৰৱ – এক নিৰ্দিষ্ট উষ্ণতাত, এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰাৱ্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰৱ বোলে ৷

9. অসংপৃক্ত দ্ৰৱ – সংপৃক্ত দ্ৰৱণত থকা পৰিমাণতকৈ কম দ্ৰাৱ্য থকা দ্ৰৱক অসংপৃক্ত দ্ৰৱ বোলে৷

10. দ্ৰৱণৰ গাঢ়তা – কোনো নিৰ্দিষ্ট আয়তন বা ভৰৰ দ্ৰৱণত দ্ৰৱীভূত হৈ থকা দ্ৰাৱ্যৰ পৰিমাণক দ্ৰৱটোৰ চোক বা গাঢ়তা বোলে ৷

11. প্ৰলম্বন – প্ৰলম্বন হ’ল এবিধ অসমসত্ব মিশ্ৰণ য’ত দ্ৰাৱ্য পদাৰ্থ দ্ৰাৱকত দ্ৰৱীভূত হোৱাৰ পৰিবৰ্তে সমগ্ৰ দ্ৰাৱক মাধ্যমটোতে ওপঙি বা প্ৰলম্বিত হৈ থাকে ৷

12. প্ৰলম্বনৰ ধৰ্ম –

(i) প্ৰলম্বন এবিধ অসমসত্ব মিশ্ৰণ ৷

(ii) প্ৰলম্বিত কণিকাবোৰ খালি চকুৰে দেখি ৷

(iii) প্ৰলম্বিত কণিকাবোৰে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে ৷

(iv)নোজোকৰাকৈ থৈ দিলে প্ৰলম্বন এটাৰ কণিকাবোৰ তলিত জমা হয়গৈ অৰ্থাৎ প্ৰলম্বন দ্ৰৱণ অস্থিৰ ৷

(v)পৰিস্ৰাৱন প্ৰণালীৰে প্ৰলম্বিত কণিকাবোৰ পৃথক কৰিব পাৰি ৷

13. কলয়ডীয় দ্ৰৱৰ ধৰ্ম –

(i)কলয়ড এবিধ অসমসত্ব মিশ্ৰণ ৷

(ii) কলয়ডীয় কণিকাবোৰক খালি চকুৰে নেদেখি ৷

(iii) কলয়ডীয় কণিকাবোৰে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে ৷

(iv) নোজোকৰাকৈ থৈ দিলে কলয়ড এটাৰ কণিকাবোৰ তলিত জমা নহয় অৰ্থাৎ কলয়ড দ্ৰৱণ সুস্থিৰ ৷

(v) পৰিস্ৰাৱন প্ৰণালীৰে কলয়ডীয় কণিকাবোৰ পৃথক কৰিব নোৱাৰি ৷

(vi) কলয়ডীয় কণিকাবোৰ অপকেণ্দ্ৰিক পদ্ধতি প্ৰয়োগ কৰি পৃথক কৰিব পাৰি ৷

14. টিণ্ডেল ক্ৰিয়া – দ্ৰৱণৰ কণিকাৰদ্বাৰা পোহৰৰ ৰশ্মী বিচ্ছুৰণ ঘটি কণিকাবোৰ দৃশ্যমান হৈ উঠা ক্ৰিয়াটোকে টিণ্ডেল ক্ৰিয়া বোলে ৷

টিণ্ডেল ক্ৰিয়াৰ উদাহৰণ – ডাঠ হাবিৰ মাজত এটা সুৰুঙাৰে সূৰ্য্যৰ কিৰণ পৰিলে বায়ুত থকা কণিকাবোৰ দৃশ্যমান হৈ উঠে ৷

15. কলয়ডীয় দ্ৰৱৰ উপাদান – কলয়ডীয় দ্ৰৱৰ উপাদানবোৰ হ’ল – বিস্তাৰণ মাধ্যম আৰু বিস্তাৰিত প্ৰাৱস্থা ৷

কলয়ডীয় দ্ৰৱণৰ দ্ৰাৱকৰ নিচিনা উপাদানবোৰক বিস্তাৰিত প্ৰাৱস্হা বোলে আৰু য’ত বিস্তাৰিত প্ৰাৱস্থাটো প্ৰলম্বিত কৰা হয় তাক বিস্তাৰন মাধ্যম বোলে ৷

16. বৰ্ণলেখন পদ্ধতিৰ ব্যৱহাৰ –

(i)ৰোগ নিৰ্ণায়ক পৰীক্ষাগাৰত তেজ আৰু মূত্ৰ পৰীক্ষাত ব্যৱহাৰ কৰা হয় ৷

(ii)দুগ্ধ পাম আৰু ঘৰত ক্ৰীমৰ পৰা মাখন পৃথক কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷

(iii) কাপোৰ ধোৱা সঁজুলিত তিতা কাপোৰৰ পৰা পানী আতঁৰাবলৈ ব্যৱহাৰ কৰা হয় ৷

17. পৃথকীকৰন চুপিৰ ব্যৱহাৰ –

(i) তেল আৰু পানী পৃথকীকৰণত পৃথকীকৰন চুপি ব্যৱহাৰ কৰা হয় ৷

(ii) আকৰৰ পোৰা লো নিষ্কাশনত পৃথকীকৰন চুপি ব্যৱহাৰ কৰা হয় ৷

18. পৃথকীকৰণ চুপিৰ মূল সূত্ৰ – পৰস্পৰ মিহলি নোহোৱা তৰল বিলাক সিহঁতৰ ঘনত্ব অনুসৰি বিভিন্ন তৰপত পৃথক হয় ৷

19. বৰ্ণলেখন পদ্ধতিৰ ব্যৱহাৰ  –

(i)ৰঙৰ ৰঞ্জক পদাৰ্থ পৃথকীকৰণত বৰ্ণলেখন পদ্ধতি ব্যৱহাৰ কৰা হয় ৷

(ii)প্ৰাকৃতিক পদাৰ্থৰ পৰা পোৱা ৰঞ্জক পদাৰ্থ বিলাক পৃথকীকৰণত বৰ্ণলেখন পদ্ধতি ব্যৱহাৰ কৰা হয় ৷

(iii) তেজত থকা ঔষধ পৃথকীকৰণত বৰ্ণলেখন পদ্ধতি ব্যৱহাৰ কৰা হয় ৷

20. পাতন – দুই বা ততোধিক পৰস্পৰ মিহলি হোৱা তৰলৰ উতলাংকৰ মাজত যথেষ্ট পাৰ্থক্য থাকিলে সিহঁতক পৃথক কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতিটোৱে হ’ল পাতন ৷

21. আংশিক পাতন – দুই বা ততোধিক পৰস্পৰ মিহলি হোৱা তৰলৰ উতলাংকৰ পাৰ্থক্য 25k তকৈ কম হ’লে সিহঁতক পৃথক কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতিটোৱে হ’ল আংশিক পাতন ৷

স্ফটিকীকৰণ পদ্ধতিৰ ব্যৱহাৰ –

(i) সাগৰৰ পানীৰ পৰা পোৱা নিমখ বিশুদ্ধিকৰণত স্ফটিকীকৰণ পদ্ধতিৰ ব্যৱহাৰ কৰা হয়৷

(ii) অশুদ্ধিযুক্ত ফিটকিৰিৰ পৰা বিশুদ্ধ স্ফটিক আহৰণত স্ফটিকীকৰণ পদ্ধতিৰ ব্যৱহাৰ কৰা হয়৷

22. মৌল – মৌল হ’ল পদাৰ্থৰ মূল বা আধাৰ যাক কোনো ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা পুনঃ সৰলতৰ পদাৰ্থলৈ বিভাজিত কৰিব পৰা নাযায় ৷

মৌলৰ উদাহৰণ – কাৰ্বন, অক্সিজেন ইত্যাদি ৷

23. মৌলৰ ভাগ – মৌলবিলাকক সাধাৰণতে তিনিটা ভাগত ভগাব পাৰি – ধাতু, অধাতু আৰু ধাতুকল্প ৷

24. ধাতুৰ ভৌতিক ধৰ্ম –

Advertisement
  • ধাতুবিলাক সাধাৰণতে টান বা কঠিন ৷
  • ধাতুবোৰৰ দ্যুতি বা চিকমিকনি আছে ৷
  • ইহঁত ঘাতসহনশীল ৷
  • ধাতুবোৰৰ নমনীয়তা গুণ আছে ৷
  • ধাতুবিলাকক কোবালে সুনাদি শব্দ কৰে ৷
  • ধাতুবিলাক তাপৰ সুপৰিবাহী আৰু সিহঁতৰ গলনাংক উচ্চ ৷
  • ইহঁত বিদ্যুতৰ সুপৰিবাহী ৷

25. ধাতুৰ উদাহৰণ – সোণ, ৰূপ, তাম , লো ইত্যাদি ৷

26. অধাতুৰ ভৌতিক ধৰ্ম –

  • অধাতুবিলাকে বিভিন্ন ৰং দেখুৱায় ৷
  • অধাতুবিলাক ঘাতসহনশীল নহয় ৷
  • অধাতুবিলাকৰ নমনীয়তা গুণ নাই ৷
  • অধাতুবিলাকক কোবালে সুনাদি শব্দ নকৰে ৷
  • অধাতুবিলাক তাপৰ কুপৰিবাহী বা দুৰ্বল পৰিবাহী ৷
  • ইহঁত বিদ্যুতৰ কুপৰিবাহী বা দুৰ্বল পৰিবআহী ৷

27. অধাতুৰ উদাহৰণ –  হাইড্ৰ’জেন, অক্সিজেন, আয়’ডিন, ইত্যাদি ৷

28.ধাতুকল্প – যি মৌলই ধাতু আৰু অধাতুৰ মাজৰ ধৰ্ম দেখোৱাই তেনে মৌলক ধাতুকল্প বোলে৷

ধাতুকল্পৰ উদাহৰণ – ব’ৰণ, চিলিকন, জাৰমেনিয়াম ইত্যাদি ৷

29. যৌগ – দুটা বা ততোধিক মৌলই ৰাসায়নিকভাৱে এক নিৰ্দিষ্ট অনুপাতত মিলিত হৈ গঠন কৰা পদাৰ্থকে যৌগ বোলে ৷

যৌগৰ উদাহৰণ – কাৰ্বন ডাই অক্সাইড, মিথেন, পানী ইত্যাদি ৷

30. সাধাৰণ উষ্ণতাত তৰল দুবিধ মৌল – মাৰকিউৰি আৰু ব্ৰ’মিণ ৷

31. একমাত্ৰ ধাতু  যি সাধাৰণ উষ্ণতাত তৰল – মাৰকিউৰি বা পাৰা ৷

32. একমাত্ৰ অধাতু  যি সাধাৰণ উষ্ণতাত তৰল –  ব্ৰ’মিণ ৷

Read More :

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনী

আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes

অনু আৰু পৰমাণু – Notes

জীৱৰ মৌলিক একক – Notes

কলা – Notes

জীৱৰ বিচিত্ৰতা – Notes

বল আৰু গতি বিষয়ক সূত্ৰসমূহ – – Notes

মহাকৰ্ষণ – Notes

শব্দ – Notes

আমি অসুস্থ হওঁ কিয় ? – Notes

প্ৰাকৃতিক সম্পদ – Notes

11 Replies to “আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *