আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes

আমাৰ চাৰিওকাষৰ বস্তুবোৰ
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়- 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes – Matters in Our Surroundings ৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Linkত Click কৰিলে পাব ৷

আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes

পদাৰ্থ বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ বস্তু যাৰ দ্বাৰা গঠিত হৈছে তাকে পদাৰ্থ বোলে ৷

পদাৰ্থৰ ভৌতিক গুণ

(i) পদাৰ্থবোৰ কণিকাৰে গঠিত ৷

(ii) পদাৰ্থৰ কণিকাবোৰ আমাৰ কল্পণাতীত ভাবে ক্ষুদ্ৰ ৷

পদাৰ্থৰ ভৌতিক অৱস্থা– পদাৰ্থৰ তিনিতা ভৌতিক অৱস্থা আছে – গোটা বা কঠিন, জুলীয়া বা তৰল আৰু গেছীয় ৷

পদাৰ্থৰ গোটা অৱস্থাৰ ধৰ্ম –

(i) পদাৰ্থৰ গোটা অৱস্থাৰ নিৰ্দিষ্ট গঢ় বা আকৃতি আছে ৷

(ii) পদাৰ্থৰ গোটা অৱস্থাৰ স্পষ্ট পৰিসীমা আছে ৷

(iii) পদাৰ্থৰ গোটা অৱস্থাৰ  স্থিৰ আয়তন আছে ৷

(iv) পদাৰ্থৰ গোটা অৱস্থাৰ সংকোচনশীলতা অতি নগণ্য ৷

(v) পদাৰ্থৰ গোটা অৱস্থা দৃঢ় ৷

পদাৰ্থৰ জুলীয়া অৱস্থাৰ ধৰ্ম –

Advertisement

(i) জুলিয়া পদাৰ্থৰ নিজা আকৃতি নাই ৷ সিহঁতক যি পাত্ৰত ৰখা হয় তাৰে আকৃতি লয় ৷

(ii) জুলিয়া পদাৰ্থৰ আয়তন আছে ৷

(iii) জুলীয়া পদাৰ্থ বৈ যাব পাৰে, আকাৰ সলাব পাৰে, ইহঁত দৃঢ় নহয় ৷

পদাৰ্থৰ গেছীয় অৱস্থাৰ ধৰ্ম –

(i) গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট গঢ় বা আকৃতি নাই ৷

(ii) গেছীয় পদাৰ্থৰ স্থিৰ আয়তন নাই৷

(iii) গেছীয় পদাৰ্থ দৃঢ় নহয় ৷

(iv) ইহঁত অতি সংকোচনশীল ৷

LPG – তৰলীকৃত পেট্ৰোলীয়াম গেছ ৷

CNG – তৰলীকৃত প্ৰাকৃতিক গেছ ৷

তৰলীকৃত পেট্ৰোলীয়াম গেছৰ ব্যৱহাৰ – তৰলীকৃত পেট্ৰোলীয়াম গেছ ৰন্ধন গেছ হিচাপে ব্যৱহাৰ কৰা হয় ৷

তৰলীকৃত প্ৰাকৃতিক গেছৰ ব্যৱহাৰ  – তৰলীকৃত প্ৰাকৃতিক গেছ গাড়ীৰ ইন্ধন হিচাপে ব্যৱহাৰ হয় ৷

পদাৰ্থৰ গলনাংক – এক বায়ুমণ্ডলীয় চাপত, যি উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জুলীয়া অৱস্থাপ্ৰাপ্ত হয় সেই উষ্ণতাক পদাৰ্থটোৰ গলনাংক বোলে ৷

বৰফৰ গলনাংক – 0°C বা 273.16K

বিগলনৰ লীনতাপ – এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত এক কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বিগলনৰ লীনতাপ বোলে ৷

উতলাংক এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জুলীয়া পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাকে তাৰ উতলাংক বোলে ৷

পানীৰ উতলাংক 100°C বা 373K

বাষ্পীভৱনৰ লীনতাপ – এক বায়ুমণ্ডলীয় চাপ আৰু উতলাংক উষ্ণতাত এক কিলোগ্ৰাম জুলীয়া পদাৰ্থ গেছীয় বা বাষ্প অৱস্থালৈ নিবলৈ যি পৰিমণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বাষ্পীভৱনৰ লীনতাপ বোলে ৷

উৰ্ধপাতন – তাপৰ প্ৰভাৱত জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক উৰ্ধপাতন বোলে ৷

শুকান বৰফ – গোটা কাৰ্বন ডাই অক্সাইডকে শুকান বৰফ বোলা হয় ৷ ইয়াৰ কাৰণ হ’ল গোটা কাৰ্বন ডাইঅক্সাইডৰ চাপ কমাই এক বায়ুমণ্ডলীয় চাপলৈ আনিলে ই জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰ হয় ৷

ঘণীভৱন – চাপ আৰু উষ্ণতাৰ প্ৰভাৱত পদাৰ্থ এটা গেছীয় অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াকে ঘণীভৱন বোলে ৷

স্ফটিকীকৰণ – তাপৰ প্ৰভাৱত পদাৰ্থ এটা জুলীয়া অৱস্থাৰ পৰা গোটা অৱস্থালৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াকে স্ফটিকীকৰণ বোলে ৷

বাষ্পীভৱন উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাপলৈ পৰিবৰ্তিত হোৱা ঘটনাকে বাষ্পীভৱন বোলে ৷

বাষ্পীভৱনৰ কাৰক সমূহ

Advertisement

(i) পৃষ্ঠকালি বৃদ্ধি হ’লে বাষ্পীভৱনৰ বেগ বাঢ়ে ৷

(ii) উষ্ণতা বৃদ্ধি হ’লে বাষ্পীভৱনৰ বেগ বাঢ়ে ৷

(iii) বায়ুৰ আদ্ৰতা কমিলে বাষ্পীভৱন বাঢ়ে ৷

(iv) বতাহৰ বেগ বাঢ়িলে বাষ্পীভৱন বাঢ়ে ৷

গেছৰ চাপ জোখা একক – এটম’স্ফিয়াৰ(atm) ৷

চাপৰ এচ আই একক – পাস্কেল (Pa)

ঘনত্ব পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে ৷

ঘনত্বৰ এচ আই একক kgm-3 |

Read More :

আমাৰ চাৰিওকাষৰ বস্তুবোৰ – পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনী

আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes

কলা – Notes

অনু আৰু পৰমাণু – Notes

বল আৰু গতি বিষয়ক সূত্ৰসমূহ – – Notes

মহাকৰ্ষণ – Notes

শব্দ – Notes

আমি অসুস্থ হওঁ কিয় ? – Notes

প্ৰাকৃতিক সম্পদ – Notes

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – Notes

10 Replies to “আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *