ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ(Matter in Our Surroundings) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷
আমাৰ চাৰিওকাষৰ বস্তুবোৰ – প্ৰশ্নাৱলী, Page No – 3
1. তলৰ কোনবোৰ পদার্থ ?
চকী, বায়ু, প্রেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস।
উত্তৰ –চকী, বায়ু, বাদাম আৰু ঠাণ্ডা-পানীয় ৷
2. তলৰ পর্যবেক্ষণটোৰ কাৰণ দর্শোৱা।
উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
উত্তৰ – পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে ৷ উষ্ণতা বৃদ্ধিৰ লগে লগে কণিকাবোৰৰ গতি শক্তি বাঢ়ে ফলত সিহঁতৰ বেগ বৃদ্ধি হয় ৷ উত্তপ্ত অৱস্থাত থকা বস্তুৰ কণিকাবোৰৰ গতি শক্তি ঠাণ্ডা বস্তুৰ কণিকাতকৈ বেছি সেইবাবে উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
3. এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদার্থ কি কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ?
উত্তৰ – এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। এইটো তলত উল্লেখিত পদাৰ্থৰ ধৰ্মৰ বাবে সম্ভৱ –
(i) পানীৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে ৷
(ii) পানীৰ কণিকবোৰৰ মাজত আকৰ্ষণ কম ৷
4. পদার্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি?
উত্তৰ – পদার্থৰ কণিকাবোৰৰ বৈশিষ্ট্য সমূহ তলত উল্লেখ কৰা হ’ল –
(i) পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে ৷
(ii) পদাৰ্থৰ কণিবোৰ অনবৰতে গতি কৰি থাকে ৷
(iii) পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে ৷
আমাৰ চাৰিওকাষৰ বস্তুবোৰ – প্ৰশ্নাৱলী, Page No – 6
1. পদাৰ্থৰ প্রতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে।(ঘনত্ব = ভৰ/আয়তন) । তলৰ পদার্থবোৰৰ ঘনত্বৰ উদ্ধক্ৰমত সজোৱা –
বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো।
উত্তৰ – বায়ু < চিমনিৰ পৰা ওলোৱা ধোঁৱা < কপাহ < পানী < মৌ < চকমাটি < লো
2 (a) পদার্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পার্থক্য দেখুৱাই এখন তালিকা কৰা।
উত্তৰ – পদার্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পার্থক্য তলত তালিকাভূক্ত কৰা হৈছে –
বৈশিষ্ট্য | গোটা | জুলীয়া | গেছীয় |
1. আকৃতি | নিৰ্দিষ্ট গঢ় বা আকৃতি আছে ৷ | নিৰ্দিষ্ট গঢ় বা আকৃতি নাই ৷ | নিৰ্দিষ্ট গঢ় বা আকৃতি নাই ৷ |
2. আয়তন | স্থিৰ আয়তন আছে ৷ | স্থিৰ আয়তন আছে৷ | স্থিৰ আয়তন নাই৷ |
3. দৃঢ়তা | দৃঢ় | দৃঢ় নহয় ৷ | দৃঢ় নহয় ৷ |
4.কণিকাবিলাকৰ মাজৰ ব্যৱধান | কণিকাবিলাকৰ মাজৰ ব্যৱধান যথেষ্ট কম ৷ | কণিকাবিলাকৰ মাজৰ ব্যৱধান গোটাতকৈ বেছি ৷ | কণিকাবিলাকৰ মাজৰ ব্যৱধান জুলীয়াতকৈ বেছি ৷ |
5.কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বল | কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বল সৰ্বাধিক ৷ | কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বল গোটাতকৈ কম ৷ | কণিকাবিলাকৰ মাজৰ আকৰ্ষণ বল জুলীয়াতকৈ কম ৷ |
6.সংকোচনশীলতা | সংকোচনশীলতা নগণ্য ৷ | সংকোচনশীল | অতি সংকোচনশীল ৷ |
(b) তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া-
দৃঢ়তা(rigidity), সংকোচনশীলতা(compressibility), প্ৰবাহীতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু ঘনত্ব (density)।
উত্তৰ –
দৃঢ়তা – কোনো এটা পদাৰ্থৰ ওপৰত বাহ্যিক বল প্ৰয়োগ কৰিলে পদাৰ্থটো নিজৰ আকৃতিৰ পৰিবৰ্তন নকৰা যি ধৰ্ম তাকে পদাৰ্থটোৰ দৃঢ়তা বোলে ৷
সংকোচনশীলতা – কোনো এটা পদাৰ্থৰ ওপৰত বাহ্যিক বল প্ৰয়োগ কৰিলে নিজৰ আকৃতি পৰিবৰ্তন কৰা যি ধৰ্ম তাকে পদাৰ্থটোৰ সংকোচনশীলতা বোলে ৷
প্ৰবাহীতা – পদাৰ্থৰ বৈ যাব পৰা ক্ষমতাকে প্ৰবাহীতা বোলে ৷
আকাৰ – স্পষ্ট পৰিসীমাৰ ভিতৰত পদাৰ্থ এটাৰ নিৰ্দিষ্ট গঠনকে পদাৰ্থটোৰ আকাৰ বোলে ৷
গতিশক্তি – গতিশীল বস্তু এটাত নিহিত হৈ থকা শক্তিকে বস্তুটোৰ গতিশক্তি বোলে ৷
ঘনত্ব – পদাৰ্থৰ প্রতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে।
3. কাৰণ দৰ্শৱা–
(a) কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে।
উত্তৰ – গেছৰ কণিকাবোৰে সিহঁতৰ মাজত আকৰ্ষণ কম আৰু ব্যৱধান বেছি থকা বাবে সকলো দিশত ঘূৰি ফুৰিব পাৰে ৷ সেইবাবে কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে ।
(b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে।
উত্তৰ – গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিক ভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে ৷ এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে ৷ উক্ত কাৰণতে ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে।
(c) কাঠৰ টেবুল এখনক কঠিন পদার্থ বুলিব পাৰি।
উত্তৰ – কাঠৰ টেবুল এখনক কঠিন পদার্থ বুলিব পাৰি কাৰণ –
(i) কাঠৰ টেবুলখনৰ নিৰ্দিষ্ট গঢ় বা আকৃতি আছে ৷
(ii) কাঠৰ টেবুলখনৰ স্পষ্ট পৰিসীমা আছে ৷
(iii)ইয়াৰ স্থিৰ আয়তন আছে ৷
(iv) ইয়াৰ সংকোচনশীলতা অতি নগণ্য ৷
(v) ই দৃঢ় ৷
(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্রয়োজন ।
উত্তৰ – বায়ুৰ কণিকাবিলাকৰ মাজত ব্যৱধান বেছি থাকে আৰু সিহঁতৰ মাজৰ আকৰ্ষণ যথেষ্ট কম ৷ আনহাতে কাঠ এডোখৰৰ কণিকাবিলাকৰ মাজত ব্যৱধান বহুত কম আৰু আকৰ্ষণ যথেষ্ট বেছি ৷ সেয়েহে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্রয়োজন ।
4. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে – বৰফ পানীত ওপঙে; কিয় বাৰু ?
উত্তৰ – বৰফ এবিধ গোটা পদাৰ্থ যদিও ইয়াৰ কণিকাবোৰৰ মাজত বহুত বেছি ব্যৱধান থাকে ৷ সেইবাবে ইয়াৰ ঘনত্ব পানীতকৈ কম৷ যিহেতু কম ঘনত্বৰ পদাৰ্থ পানীত উপঙে সেয়েহে বৰফ পানীত ওপঙে ৷
আমাৰ চাৰিওকাষৰ বস্তুবোৰ
প্ৰশ্নাৱলী, Page No – 9
1. তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্রকাশ কৰা –
(a) 300K
উত্তৰ – 300K = 300 – 273
= 27°C
এতেকে , 300K = 27°C
(b) 573K
উত্তৰ – 573K = 573 – 273
= 300°C
এতেকে , 573K = 300°C
2. তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হব?
(a) 250°C
উত্তৰ – 250°C = গেছীয় ৷
(b) 100°C
উত্তৰ – 100°C = বাষ্পীয় আৰু জুলীয়া ৷
3. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়?
উত্তৰ – পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়ত পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰিবলৈ তাপ শক্তি প্ৰয়োগ হয় ৷ এই শক্তি পদাৰ্থৰ অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ব্যৱহৃত হয় আৰু পদাৰ্থৰ কণিকাবোৰৰ মাজত বিলীন হৈ যায়৷ সেইবাবে কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে ৷
4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।
উত্তৰ – চাপ প্ৰয়োগ কৰি আৰু উষ্ণতা কমাই বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পাৰি ৷
প্ৰশ্নাৱলী, Page No – 10
1. Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় ?
উত্তৰ – Desert Cooler এটাই পানীৰ বাষ্পীভৱনৰ দ্বাৰা ঠাণ্ডা কৰে ৷ আদ্ৰতা কম হ’লে বষ্পীভৱন বঢ়ে ৷ শুষ্ক গৰম দিনত বায়ুৰ আদ্ৰতা কম হোৱা বাবে Desert Coolerয়ে অধিক পানী বাষ্পীভূত কৰে ৷ সেয়েহে Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে ৷
2. গ্রীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় ?
উত্তৰ – মাটীৰ কলহত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ চিদ্ৰ বা বিন্ধা থাকে ৷ গ্ৰীষ্মকালত পৰিবেশৰ আদ্ৰতা কম থকা বাবে এই বিন্ধাৰে কলহৰ পানী অধিক বেগেৰে বাষ্পীভূত হয় ৷ যিহেতু বাষ্পীভৱনে ঠাণ্ডা কৰে সেয়েহে গ্রীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে ৷
3. হাতৰ তলুৱাত এচিট’ন, পেট্র’ল বা সুগন্ধি আতৰ ঢালি ললে ঠাণ্ডা অনুভৱ হয় কিয় ?
উত্তৰ – হাতৰ তলুৱাত এচিট’ন, পেট্র’ল বা সুগন্ধি আতৰ ঢালি ললে ঠাণ্ডা অনুভৱ হয় কাৰণ এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰৰ দৰে দ্ৰৱ হাতৰ তলুৱাৰ পৰা তাপ শক্তি শোষণ কৰি বাষ্পিভূত হয় ৷ যিহেতু বাষ্পীভৱনে ঠাণ্ডা কৰে সেয়েহে হাতৰ তলুৱাত ঠাণ্ডা অনুভৱ হয় ৷
4. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়?
উত্তৰ – পৃষ্ঠকালি বৃদ্ধি হ’লে বাষ্পীভৱনৰ বেগ বাঢ়ে ৷ কাপৰ তুলনাত প্লেটৰ পৃষ্ঠকালি বেছি হোৱা বাবে প্লেটত লোৱা গৰম চাহ বা গাখীৰ অধিক বেগেৰে বাষ্পীভূত হৈ সোনকালে ঠাণ্ডা হয় ৷ সেয়েহে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ ৷
5. গ্রীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে ?
উত্তৰ – গ্রীষ্মকালত আমি কপাহী কাপোৰ পিন্ধিব লাগে কাৰণ কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়মণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে ৷ ইয়াৰ ফলত আমাৰ দেহটো শীতল পৰি থাকে ৷
অনুশীলনী
1. তলৰ উষ্ণতবিলাক ছেলছিয়াছত প্ৰকাশ কৰা
(a) 293 K
উত্তৰ – 293K = 293 – 273
= 20°C
এতেকে , 293K = 20°C
(b) 470 K
উত্তৰ – 470K = 470 – 273
= 197°C
এতেকে , 470K = 197°C
2. তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা
(a) 25°C
উত্তৰ – 25°C = 25 + 273
= 298K
এতেকে , 25°C = 298K
(b) 373°C
উত্তৰ – 373°C = 373 + 273
= 646K
এতেকে , 373°C = 646K
3. কাৰণ দর্শোৱা
(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।
উত্তৰ – খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় কাৰণ নেফথেলিন এনে এবিধ পদাৰ্থ যি তাপৰ প্ৰভাবত জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰ হয় ৷ এই প্ৰক্ৰিয়াক উৰ্ধপাতন বোলে ৷
(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।
উত্তৰ – আতৰৰ কণিকাবোৰে সিহঁতৰ মাজত আকৰ্ষণ কম আৰু ব্যৱধান বেছি থকা বাবে সকলো দিশত ঘূৰি ফুৰিব পাৰে ৷ ইহঁতৰ গতিশক্তি বহুত বেছি সেইবাবে দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।
4. কণিকাবোৰৰ মাজৰ আকর্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা – পানী, চেনি আৰু অক্সিজেন
উত্তৰ – অক্সিজেন < পানী < চেনি
5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি?
(a) 25°C
উত্তৰ – জুলীয়া ৷
(b) 0°C
উত্তৰ – গোটা আৰু জুলীয়া ৷
(c) 100°C
উত্তৰ – গেছীয় আৰু জুলীয়া ৷
6. যুক্তি দৰ্শাই ব্যাখ্যা কৰা
(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।
উত্তৰ – সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ –
(i) পানীৰ নিৰ্দিষ্ট গঢ় বা আকৃতি নাই ৷ সিহঁতক যি পাত্ৰত ৰখা হয় তাৰে আকৃতি লয় ৷
(ii) পানী বৈ যাব পাৰে, আকাৰ সলাব পাৰে, ইহঁত দৃঢ় নহয় ৷
(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন।
উত্তৰ – সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন কাৰণ –
(i) লোৰ আলমাৰিটোৰ নিৰ্দিষ্ট গঢ় বা আকৃতি আছে ৷
(ii) লোৰ আলমাৰিটোৰ স্পষ্ট পৰিসীমা আছে ৷
(iii)ইয়াৰ স্থিৰ আয়তন আছে ৷
(iv) ইয়াৰ সংকোচনশীলতা অতি নগণ্য ৷
(v) ই দৃঢ় ৷
7. 273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেচি ঠাণ্ডা কৰে কিয় ?
উত্তৰ – 273 K উষ্ণতাত থকা পানীত একে উষ্ণতাৰ বৰফৰ তুলনাত অধিক শক্তি থাকে ৷ পানীয়ে এই অতিৰিক্ত শক্তি বৰফৰ পৰা পানীলৈ ৰূপান্তৰ হওঁতে প্ৰয়োগ হোৱা লীন তাপৰ পৰা লাভ কৰে ৷ সেয়েহে 273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেচি ঠাণ্ডা কৰে ৷
8. উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব ?
উত্তৰ – পানীৰ ভাপে বেছিকৈ পুৰিব কাৰণ উতলা পানীতকৈ ভাপত অধিক শক্তি থাকে ৷ পানীৰ ভাপে এই শক্তি উতলা পানীৰ পৰা ভাপলৈ ৰূপান্তৰ হওঁতে প্ৰয়োগ হোৱা লীন তাপৰ পৰা লাভ কৰে ৷
Read More :
আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes
অধ্যায়- 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ
অধ্যায় – ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?
অধ্যায় ৯ বল আৰু গতি বিষয়ক সূত্ৰসমূহ
15 Replies to “আমাৰ চাৰিওকাষৰ বস্তুবোৰ”