অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়-13 আমি অসুস্থ হওঁ কিয় ? – Notes – Why do we fall ill ? ৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Linkত click কৰিলে পাব ৷
আমি অসুস্থ হওঁ কিয় ? – Notes
ৰোগ – উদ্বেগপূৰ্ণ বা অশান্তিপূৰ্ণ দেহ বা শৰীৰৰ অৱস্হাকে ৰোগ বুলিব পাৰি ৷
একিউট ৰোগ – যি ৰোগে খুৱ কম সময়ত আকস্মিকভাৱে দেখা দিয়ে আৰু কম দিনৰ বাবে ইয়াৰ প্ৰভৱ থাকে তেনে ৰোগক একিউট ৰোগ বোলে ৷
একিউট ৰোগৰ উদাহৰণ – কাহ, চৰ্দি বা পানী লগা আদি ৷
ক্ৰনিক ৰোগ – যি ৰোগ দীৰ্ঘদিন ধৰি বা আজীৱন থাকে তেনে ৰোগক ক্ৰনিক ৰোগ বোলে৷ ক্ৰনিক ৰোগৰ উদাহৰণ – যক্ষ্মা, এলিফেনটিয়াছিছ ইত্যাদি ৷
সংক্ৰামক ৰোগ – যিবিলাক ৰোগ অণুজীৱৰদ্বাৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সংক্ৰমণ হয় তেনে ৰোগক সংক্ৰামক ৰোগ বোলে ৷
সংক্ৰামক ৰোগৰ উদাহৰণ – পানীলগা, মেলেৰিয়া, ডেংগো আদি ৷
অসংক্ৰামক ৰোগ – যিবিলাক ৰোগ বাহ্যিক অভিকৰ্তাৰ দ্বাৰা সংচাৰণ নহয় তেনে ৰোগক অসংক্ৰামক ৰোগ বোলে ৷
অসংক্ৰামক ৰোগৰ উদাহৰণ –কৰ্কট ৰোগ ৷
ভাইৰাছজনিত ৰোগৰ উদাহৰণ – পানীলগা, ইনফ্লুয়েনজা, ডেংগো আদি ৷
বেক্টেৰিয়াজনিত ৰোগৰ উদাহৰণ – টাইফয়েড, কলেৰা, যক্ষ্মা, এনথ্ৰাক্স আদি ৷
ভেঁকুৰৰ দ্বাৰা হোৱা ৰোগ – বিভিন্ন ধৰণৰ চৰ্মৰোগ ৷
আদ্যপ্ৰাণীৰদ্বাৰা হোৱা ৰোগ – মেলেৰিয়া, ক’লাজ্বৰ আদি ৷
কৃমিৰদ্বাৰা হোৱা ৰোগ – এলিফেটিয়েচিছ ৷
সঞ্চাৰণক্ষম ৰোগ – যিবিলাক ৰোগ অণুজীৱৰদ্বাৰা এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সঞ্চাৰণ হয় তেনে ৰোগক সঞ্চাৰণক্ষম ৰোগ বোলে ৷
সঞ্চাৰণক্ষম ৰোগৰ উদাহৰণ – পানীলগা, মেলেৰিয়া, ডেংগো আদি ৷
আমি অসুস্থ হওঁ কিয় ? – Notes
দুষিত পানী আৰু খাদ্যৰ দ্বাৰা সঞ্চাৰণ হোৱা ৰোগ – কলেৰা ৷
চিফিলিছ, এইডছ(AIDS) আদি ৰোগৰ সংক্ৰমণ –
(i) অসুৰক্ষিত যৌন সম্পৰ্ক দ্বাৰা চিফিলিছ, এইডছ(AIDS) আদি ৰোগৰ সংক্ৰমণ হ’ব পাৰে৷
(ii)ৰক্তদানৰ দ্বাৰা চিফিলিছ, এইডছ(AIDS) আদি ৰোগৰ সংক্ৰমণ হ’ব পাৰে৷
(iii) সংক্ৰমিত মাতৃৰ পৰা প্লেচেন্টাৰ জৰিয়তে এই ৰোগ সন্তানৰ দেহলৈ বিয়পিব পাৰে ৷
(iv) সংক্ৰমিত মাতৃৰ দুগ্ধ পান কৰিলে এই ৰোগ সন্তানৰ দেহলৈ বিয়পিব পাৰে ৷
প্ৰশ্ন – বেক্টেৰিয়া প্ৰতিৰোধী ঔষধতকৈ ভাইৰাছ প্ৰতিৰোধী ঔষধ তৈয়াৰ কৰা কিছু কঠিন কিয় ?
উত্তৰ – বেক্টেৰিয়া প্ৰতিৰোধী ঔষধতকৈ ভাইৰাছ প্ৰতিৰোধী ঔষধ তৈয়াৰ কৰা কিছু কঠিন ৷ ভাইৰাছসমূহৰ কম পৰিমাণৰহে নিজস্ব জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া আছে ৷ যেতিয়া ইহঁতে আমাৰ দেহলৈ সোমাই আহে তেতিয়া আমাৰ দেহৰ জৈৱ ৰাসায়নিক পদাৰ্থসমূহ ভাইৰছৰ জীৱন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে ৷ সেইকাৰণে ভাইৰাছ প্ৰতিৰোধী ঔষধে ভাইৰাছৰ ওপৰত বিশেষ ভাৱে ক্ৰিয়া কৰিব নোৱাৰে ৷
প্ৰশ্ন – ভাইৰাছ প্ৰতিৰোধী ঔষধে ভাইৰাছৰ ওপৰত বিশেষ ভাৱে ক্ৰিয়া কৰিব নোৱাৰে কিয় ?
উত্তৰ – ভাইৰাছসমূহৰ কম পৰিমাণৰহে নিজস্ব জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া আছে ৷ যেতিয়া ইহঁতে আমাৰ দেহলৈ সোমাই আহে তেতিয়া আমাৰ দেহৰ জৈৱ ৰাসায়নিক পদাৰ্থসমূহ ভাইৰছৰ জীৱন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে ৷ সেইকাৰণে ভাইৰাছ প্ৰতিৰোধী ঔষধে ভাইৰাছৰ ওপৰত বিশেষ ভাৱে ক্ৰিয়া কৰিব নোৱাৰে ৷
Read More :
আমি অসুস্থ হওঁ কিয় ? পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনী
আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes
আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes
5 Replies to “আমি অসুস্থ হওঁ কিয় ? – Notes”