আমি অসুস্থ হওঁ কিয় ?

আমি অসুস্থ হওঁ কিয় ?
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 13 আমি অসুস্থ হওঁ কিয় ?(Why do we fall ill ?) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

আমি অসুস্থ হওঁ কিয় ? প্ৰশ্নাৱলী, Page No- 178

1. স্বাস্থ্যৰ বাবে প্রয়োজনীয় যিকোনো দুটা ব্যৱস্থা  উল্লেখ কৰা ।

উত্তৰ – স্বাস্থ্যৰ বাবে প্রয়োজনীয় দুটা ব্যৱস্থা

(i)সুস্থ সামাজিক বাতাবৰণ আৰু

(ii) পৰিৱেশৰ পাৰিপাৰ্শ্বিকতা ৷

2. ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্রয়োজনীয় দুটা ব্যৱস্থা  উল্লেখ কৰা।

উত্তৰ – ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্রয়োজনীয় দুটা ব্যৱস্থা –

(i) সুষম আহাৰ গ্ৰহণ কৰা আৰু

(ii) ব্যক্তিগতভাৱে পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰখা ৷

3. ওপৰৰ দুয়োটা প্রশ্নৰ উত্তৰ একে ধৰণৰ নে বেলেগ? কিয় ?

উত্তৰ – ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ একে ধৰণৰ নহয় কাৰণ এজন ব্যক্তি ৰোগ মুক্ত হ’ব পাৰে কিন্তু সুস্বাস্থ্যৱান নহব পাৰে ৷

প্ৰশ্নাৱলী, Page No- 180

Advertisement

1. যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্তৰৰ  ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাৱি তাৰ তিনিটা কাৰণ উল্লেখ কৰা যদি ইয়াৰ কাৰণ মাত্র এটা তেতিয়া ডাক্তৰৰ ওচৰলৈ যাবা নেকি? কিয় যাবা বা কিয় নাযাবা ?

উত্তৰ – ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভৱা তিনিটা কাৰণ হ’ব পাৰে – চৰ্দী বা পানী লগা, মূৰৰ বিষ আৰু জ্বৰ ৷

ইয়াৰ কাৰণ মাত্ৰ এটা হ’লে আমি সাধাৰণতে ডাক্তৰৰ ওচৰলৈ নাযাঁও কাৰণ এনে অসুস্থতা প্ৰায়ে ক্ষন্তেকীয়া হয় আৰু নিজে নিজে ভাল হয় ৷ কিন্তু আমি যদি অধিক সময় এই কাৰণবোৰৰ বাবে অসুস্থ হৈ থাকো তেনেহ’লে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত ৷

2. তলৰ কোনটো ৰোগৰ কাৰণে স্বাস্থ্যত প্রভাব

পৰিব পাৰে ? যদি পাৰে  কিয় ?

• যদি তুমি জন্দিছত ভোগা,

• যদি তোমাৰ ওকনি হয়,

• যদি তোমাৰ শালমইনা হয়।

উত্তৰ – আমি জন্দিছত ভোগিলে আমাৰ স্বাস্থ্যত প্রভাব পৰিব পাৰে ৷ ইয়াৰ কাৰণ হ’ল জন্দিছ এটা ক্ৰনিক ৰোগ আৰু এই ৰোগে আমাৰ স্বাস্থ্যৰ ওপৰত দীৰ্ঘম্যাদি প্ৰভাৱ পেলাব৷

প্ৰশ্নাৱলী, Page No- 187

1. আমি অসুস্থ হলে কিয়  স্বাদহীন  আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামর্শ দিয়া হয় ?

উত্তৰ – আমি অসুস্থ হলে আমাৰ শৰীৰ বহুত দুৰ্বল হৈ পৰে ৷ তেনে সময়ত স্বাদহীন  আৰু পুষ্টিকৰ খাদ্য খালে আমাৰ শৰীৰে প্ৰয়োজনীয় পুষ্টি আতি সহজে লাভ কৰে ৷সেইবাবে আমি অসুস্থ হলে স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামর্শ দিয়া হয় ৷

2. কি কি প্রক্রিয়াৰদ্বাৰা সংক্রামক ৰোগসমূহ সঞ্চাৰিত হয় ?

উত্তৰ – সংক্রামক ৰোগসমূহ সঞ্চাৰিত হোৱা প্রক্রিয়াবোৰ তলত উল্লেখ কৰা হ’ল –

(i) বায়ু  – বায়ু মাধ্যম যোগে অনুজীৱীয় অভিকৰ্তাবোৰে  ৰোগসমূহ সঞ্চাৰণ কৰে ৷  

(ii) কিছুমান ৰোগ যেনে পানীলগা, যক্ষ্মা আদি ৰোগৰদ্বাৰা আক্ৰান্ত ব্যক্তিৰ সান্নিধ্যত থাকিলে কাহৰ লগত নাইবা থুৰ লগত অহা বীজাণুযুক্ত বিন্দু বা কণিকা এটাই সুস্থ মানুহক সংক্ৰামিত কৰিব পাৰে ৷

(iii) দুষিত পানী – কিছুমান ৰোগ যেনে কলেৰা আদি দুষিত পানী আৰু খাদ্যৰদ্বাৰা সংক্ৰামিত হয় ৷

(iv) যৌন ক্ৰিয়াৰ – AIDS, চিফিলিছ আদি ৰোগ যৌন ক্ৰিয়াৰ দ্বাৰা বিয়পে ৷

(v) ৰক্ত গ্ৰহণ – AIDS আদি ৰোগ ৰক্ত গ্ৰহণ কৰিলেও সংক্ৰমণ হয় ৷

(vi) বাহক – কিছুমান ৰোগ যেনে মেলেৰিয়া আদি বাহকৰ দ্বাৰা সংক্ৰমণ হয় ৷ মেলেৰিয়াৰ ক্ষেত্ৰত মহে বাহকৰ কাম কৰে ৷

3. তোমালোকৰ স্কুলত সংক্রামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে কি কি ব্যবস্থা গ্রহণ কৰিছা?

উত্তৰ – আমাৰ স্কুলত সংক্রামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে –

(i)আমি পৰিস্ৰাবন কৰা বিশুদ্ধ পানী ব্যৱহাৰ কৰোঁ ৷

(ii)আমি জমা হৈ থকা পানী দেখিলে পেলাই দি মহৰ কণী পৰা ৰোধ কৰোঁ ৷

(iii) আমাৰ চৰ্দি বা পানী লগা হ’লে মুখখন ঢাকিহে কাঁহো বা হাঁচিৱাও যাতে আমাৰ পৰা অন্য ব্যক্তিলৈ এই ৰোগ সংক্ৰমণ নহয় ৷

4. অসংক্রামকৰণ কি ?

উত্তৰ – যি প্ৰক্ৰিয়াৰ দ্বাৰা অণুজীৱ প্ৰয়োগ কৰি প্ৰাণী দেহত অসংক্ৰাম্যতাৰ সৃষ্টি কৰা হয় সেই প্ৰক্ৰিয়াকে অসংক্ৰামকৰণ বোলা হয় ৷

5. তোমালোকৰ অঞ্চলৰ স্বাস্থ্যকেন্দ্ৰত অসংক্রামকৰণৰ কি কি ব্যবস্থা আছে ? তোমালোকৰ অঞ্চলত কি কি ৰোগৰ প্রভুত্ব বেছি?

উত্তৰ – আমাৰ স্বাস্থ্যকেন্দ্ৰত থকা অসংক্রামকৰণৰ ব্যবস্থাবোৰ হ’ল – টিটেনাছ, ডিপথেৰিয়া, সৰু আই, হোপিথকাহ, পলিঅ’ ইত্যাদি ৷

আমাৰ অঞ্চলত মেলেৰিয়া, যক্ষ্মা আদি ৰোগৰ প্রভুত্ব বেছি ৷

অনুশীলনী

Advertisement

1. যোৱা এবছৰ ধৰি কিমানৰ তুমি অসুস্থ হৈছা? সেই বেমাৰবোৰ কি কি আছিল?

(a) বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি কি পৰিবৰ্ত্তন হৈছিল?

উত্তৰ – a) বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ–

     (i) আমি পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিছিলোঁ আৰু

     (ii) গৰম পানী খাইছিলোঁ ৷

(b) বেমাৰৰ পৰিহাৰকাৰণে তোমাৰ পাৰিপাৰশ্বিকতাৰ কি সলনি হোৱাটো বিচাৰা?

উত্তৰ – বেমাৰৰ পৰিহাৰকাৰণে আমি ঘনাই হাত ধুব লাগে, পৰিষ্কাৰ পানীৰে গা ধুব লাগে আৰু বেমাৰৰ সময়চোৱাত লেটেৰা ঠাইলৈ যাব নালাগে ৷ ইয়াৰ ওপৰিও আমি সদায় পৰিষ্কাৰ কাপোৰ ব্যৱহাৰ কৰিব লাগে ৷

2. এজন চিকিৎসক/নার্চ/স্বাস্থ্যকর্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকে। নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ পাইছে?

উত্তৰ – এজন চিকিৎসক/নার্চ/স্বাস্থ্যকর্মীয়ে ৰোগৰ পৰা পৰিহাৰ পাবলৈ –

(i) তেঁওলোকে সদায়ে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰে৷

(ii) ৰোগীৰ ওচৰত গ’লে গ্লভচ্(gloves), মাস্ক(mask)আদি পৰিধান কৰে ৷

(iii)সম্ভাৱ্য সংক্ৰামক ৰোগৰ বাবে ছিটা লয় ৷

(iv)পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখে ৷

3. তোমাৰ অঞ্চলত সঘনাই হোৱা ৰোগসমূহৰ ওপৰত জৰীপ চলে। ৰোগসমূহ নিবাৰণৰ কাৰণে কর্তৃপক্ষলৈ তিনিটা পৰামৰ্শ আগবঢ়োৱা।

উত্তৰ – সঘনাই হোৱা ৰোগসমূহ নিবাৰণৰ কাৰণে কর্তৃপক্ষলৈ তলত উল্লেখিত তিনিটা পৰামৰ্শ আগ বঢ়াব পাৰি –

(i) বিশুদ্ধ পানী যোগান ধৰা ৷

(ii) নলা-নৰ্দমাবোৰ পৰিষ্কাৰ কৰা ৷

(iii) মহে কণী নাপাৰিবলৈ উপযুক্ত ব্যবস্থা গ্ৰহণ কৰা ৷

4. এটা শিশুৱে তাৰ পৰিচৰ্যাক অসুস্থতাৰ বিষয়ে একো ক’ব নোৱাৰে। এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে-

(a)শিশুটো অসুস্থ হৈছে ?

(b) কি কাৰণে অসুস্থ হৈছে।

উত্তৰ – (a) শিশুটোৰ ব্যৱহাৰৰ পৰিবৰ্তন দেখিলে অসুস্থ হোৱা বুলি ধাৰণা কৰিব পাৰি ৷

(b) শিশুটো বিভিন্ন কাৰণত অসুস্থ হ’ব পাৰে, যেনে জ্বৰ, পানী লগা আদি বেমাৰত আক্ৰান্ত হ’লে ৷

5. তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব-

(a) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে।

(b) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজু অহি (Chicken Pox)ত ভোগা ৰোগীক পৰিচৰ্য্যা কৰে।

(c) মেলেৰিয়া ৰোগত আক্রান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চাৰিদিনৰ বাবে লঘোনে থকা অৱস্থাত মাজু আইত আক্রান্ত ৰোগীক পৰিচৰ্য্যা কৰে।

উত্তৰ – মেলেৰিয়া ৰোগত আক্রান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চাৰিদিনৰ বাবে লঘোনে থকা অৱস্থাত মাজু আইত আক্রান্ত ৰোগীক পৰিচৰ্য্যা কৰিলে তেঁও বেছিকৈ বেমাৰত পৰিব ৷ ইয়াৰ কাৰণ হ’ল মেলেৰিয়াত আক্ৰান্ত হোৱা বাবে তেঁওৰ অসংক্ৰাম্য তন্ত্ৰ ইতিমধ্যে দুৰ্বল হ’ব  তাৰ উপৰি তেওঁ চাৰিদিন লঘোনে থকা বাবে আৰু অধিক দুৰ্বল হৈ পৰিব ৷ তেনে ক্ষেত্ৰত মাজু আইৰ দৰে সংক্ৰামক ৰোগে তেঁওক অতি সহজে আক্ৰমণ কৰিব ৷

6. তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা-

(a) যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা।

(b) যেতিয়া তুমি বাছ আৰু ৰেলেৰে দুদিন একেৰাহে যাত্ৰা কৰা।

(c) যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্রান্ত হয়। কিয়?

উত্তৰ – সহপাঠী বন্ধু সৰু আই ৰোগত আক্রান্ত হ’লে আমি বেমাৰত পৰিব পাৰো কাৰণ সৰু আই এবিধ অতি সংক্ৰামক ৰোগ ৷ ই সহজে বায়ু মাধ্যমেৰে সংচাৰণ ঘটে ৷

Read More :

আমি অসুস্থ হওঁ কিয় ? – Notes

অধ্যায়- 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অধ্যায় – ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?

অধ্যায় ৩ অণু আৰু পৰমাণু

অধ্যায় ৪ পৰমাণুৰ গঠন

অধ্যায় ৫ জীৱৰ মৌলিক একক

অধ্যায় ৬ কলা

অধ্যায় ৭ জীৱৰ বিচিত্ৰতা

অধ্যায় ৮ – গতি

অধ্যায় ৯ বল আৰু গতি বিষয়ক সূত্ৰসমূহ

অধ্যায় ১০ মহাকৰ্ষণ

অধ্যায় ১১ কাৰ্য আৰু শক্তি

অধ্যায় ১২ শব্দ

অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় ?

অধ্যায় ১৪ প্ৰাকৃতিক সম্পদ

অধ্যায় ১৫ খাদ্য সম্পদৰ উৎকৰ্ষ সাধন

বিজ্ঞান – দশম শ্ৰেণী ( NCERT – SEBA)

11 Replies to “আমি অসুস্থ হওঁ কিয় ?”

Leave a Reply

Your email address will not be published. Required fields are marked *