এছিড, ক্ষাৰক আৰু লৱণ- Notes

Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়-2 এছিড, ক্ষাৰক আৰু লৱণ – Notes – Acids, Bases and Salts ৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Linkত Click কৰিলে পাব ৷

১. এছিডে নীলা লিটমাছ ৰঙা কৰে ৷

২. ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে ৷

৩. ঘ্ৰানেন্দ্ৰিক সূচক – যিবোৰ পদাৰ্থৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে তেনে পদাৰ্থক ঘ্ৰানেন্দ্ৰিক সূচক বোলে ৷

. ক্ষাৰ যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবোৰক ক্ষাৰ বোলা হয় ৷

. PH স্কেল – দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা পৰিমাপনৰ ব্যৱহাৰ কৰা স্কেল বিধক PH স্কেল বোলে ৷

৬. এটা প্ৰশম দ্ৰৱৰ pHৰ মান 7 |

৭. PH স্কেলত দ্ৰৱ এটাৰ মান 7 তকৈ কম হ’লে দ্ৰৱটো আম্লিক ৷

৮. PH স্কেলত দ্ৰৱ এটাৰ মান 7তকৈ বেছি হ’লে দ্ৰৱটো ক্ষাৰক ৷

৯. H+ আয়নৰ গাঢ়তা বৃদ্ধিৰ অৰ্থ হ’ল অম্লৰ তীব্ৰতা বৃদ্ধি হোৱা ৷

১০. OH আয়নৰ গাঢ়তা বৃদ্ধিৰ অৰ্থ হ’ল ক্ষাৰৰ তীব্ৰতা বৃদ্ধি হোৱা ৷

১১. এছিড বৰষুণ – বৰষুণৰ পানীৰ PH ৰ মান 5.6 ৰ কম হ’লে তাক এছিড বৰষুণ বুলি কোৱা হয় ৷

১২. দৈনন্দিন জীৱনত PH ৰ গুৰুত্ব –

  • উদ্ভিদ আৰু প্ৰাণীবোৰ PH সংবেদনশীল ৷ আমাৰ শৰীৰে 7.0ৰ পৰা 7.8 PH পৰিসৰৰ ভিতৰত কাৰ্য কৰে ৷ নদীৰ পানীৰ PH ৰ মান হ্ৰাস পালে জলজ জীৱ বৰ্তি থকাটো টান হৈ পৰে ৷
  • আমাৰ পেটত অত্যাধিক এছিড উৎপন্ন হ’লে বা PH ৰ মান কমিলে অজীৰ্ণ হয় ৷
  • মুখৰ ভিতৰত PH ৰ মান 5.5তকৈ কমিলে দন্তক্ষয়ৰ সূচনা হয় ৷
  • আত্মৰক্ষাৰ বাবে প্ৰাণী আৰু উদ্ভিদে ৰাসায়নিক সংগ্ৰাম কৰে ৷ মৌ-মাখিয়ে বিন্ধোতে এবিধ এছিড নিঃসৰণ কৰে ৷ তেনেদৰে চোৰাত পাতৰ শুংবোৰে বিন্ধিলে মিথানইক এছিড নিঃসৃত হয় ৷

১৩. হাইড্ৰ’জেন গেছৰ ব্যৱহাৰ –

  • হাইড্ৰ’জেন গেছ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ৷
  • হাইড্ৰজেন গেছ কৃত্ৰিম মাখন প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় ৷
  • হাইড্ৰ’জেন গেছ ৰাসায়নিক সাৰৰ বাবে এমনিয়া প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় ৷

১৪. ক্ল’ৰিণ গেছৰ ব্যৱহাৰ –

  • ক্লৰিণ গেছ পানী পৰিশোধনত ব্যৱহাৰ কৰা হয় ৷
  • ক্লৰিণ গেছ বীজাণুনাশক হিচাপে ব্যৱহাৰ কৰা হয় ৷
  • ক্লৰিণ গেছ কীটনাশক উৎপাদন ব্যৱহাৰ হয় ৷
  • ক্লৰিণ গেছ পি. ভি.চি উৎপাদন ব্যৱহাৰ হয় ৷

১৫. হাইড্ৰ’ক্ল’ৰিক এছিডৰ ব্যৱহাৰ –

  • হাইড্ৰ’ক্ল’ৰিক এছিড তীখা পৰিস্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷
  • হাইড্ৰ’ক্ল’ৰিক এছিড ঔষধ উৎপাদনত ব্যৱহাৰ কৰা হয় ৷
  • প্ৰশাধন সামগ্ৰী উৎপাদনটো হাইড্ৰ’ক্ল’ৰিক এছিড ব্যৱহাৰ কৰা হয় ৷

১৬. প্লাষ্টাৰ অব পেৰিছ

জিপছামক 373k উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্ৰেট (CaSO4.1/2 H2O)ত পৰিণত হয় ৷ ইয়াক প্লাষ্টাৰ অব পেৰিছ বোলা হয় ৷

ডাক্তৰে ভগা হাঁড় সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ হিচাপে প্লাষ্টাৰ অব পেৰিছ ব্যৱহাৰ কৰে ৷

দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক

Read More :

এছিড, ক্ষাৰক আৰু লৱণ – Notes

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ – Notes

ধাতু আৰু অধাতু – Notes

এচিড ক্ষাৰক আৰু লৱণ – পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনী

বিজ্ঞান – নৱম শ্ৰেণী

2 Replies to “এছিড, ক্ষাৰক আৰু লৱণ- Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *