অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়-6 কলা – Notes – Tissues ৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Linkত Click কৰিলে পাব ৷
কলা – Notes
1. কলা – নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্য দক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টিকে কলা বোলে ৷ কলাৰ উদাহৰণ – তেজ, ফ্লোৱেম, পেশী ইত্যাদি ৷
2. উদ্ভিদ কলা – নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্য দক্ষতাৰে কোনো কাম সম্পন্ন কৰা উদ্ভিদ কোষৰ সমষ্টিকে উদ্ভিদ কলা বোলে ৷ উদ্ভিদ কলাৰ উদাহৰণ – জাইলেম, ফ্লোৱেম ইত্যাদি ৷
3. উদ্ভিদ কলাৰ প্ৰকাৰ – ভাজক কলা আৰু স্থায়ী কলা ৷
4. ভাজক কলা – উদ্ভিদৰ বৃদ্ধি হোৱা নিৰ্দিষ্ট অঞ্চলৰ বিভাজনশীল কলাবোৰক ভাজক কলা বোলে ৷
ই তিনি প্ৰকাৰৰ – অগ্ৰস্থ ভাজক কলা, পাৰ্শ্বীয় ভাজক কলা আৰু নিবেশিত ভাজক কলা ৷
5. অগ্ৰস্থ ভাজক কলা – অগ্ৰস্থ ভাজক কলাবিলাক উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত থাকি ক্ৰমে কাণ্ড আৰু শিপাৰ দৈৰ্ঘ বৃদ্ধিত সহায় কৰে ৷
6. পাৰ্শ্বীয় ভাজক কলা – পাৰ্শ্বীয় ভাজক কলাই কাণ্ডৰ কলেৱৰ বৃদ্ধি কৰে ৷
7. নিবেশিত ভাজক কলা – নিবেশিত ভাজক কলা উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত বা গা-গছৰ গাঁঠিৰ কাষত থাকে ৷
8. স্থায়ী কলা – ভাজক কলাবোৰ বিভাজন ক্ষমতা হেৰুৱাই স্থায়ী কলালৈ পৰিৱৰ্তন হয় ৷ ই দুই প্ৰকাৰৰ – সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলা ৷
9. পেৰেণকাইমাৰ কাৰ্য –
i)পাৰেকাইমাই উদ্ভিদক শক্তি দিয়ে ৷
ii) উদ্ভিদৰ কাণ্ড আৰু শিপাত থকা পেৰেণকাইমা বিলাকে খনিজ লৱণ বা পুষ্টি আৰু পানী সঞ্চিত কৰি ৰাখে ৷
10. ক’লেণকাইমাৰ কাৰ্য –
(i)ক’লেণকাইমাই উদ্ভিদৰ বিভিন্ন অংগবিলাক বেকা বা হালি গ’লেও ভাগি নোযোৱাকৈ থকাত সহায় কৰে ৷
(ii) এই কলাবিধে উদ্ভিদজোপাক শাৰিৰীক শক্তি প্ৰদান কৰে ৷
11. উদ্ভিদৰ বহিস্তকৰ কাম –
(i)উদ্ভিদৰ বহিস্তকখনে উদ্ভিদৰ অভ্যন্তৰৰ পৰা পানী ওলাই যোৱাত প্ৰতিৰোধ কৰে ৷
(ii) বহিস্তকৰ কোষৰ পৰা নিঃসৰণ হোৱা মম জতীয় পদাৰ্থৰ সহায়ত ই উদ্ভিদক শাৰিৰীক ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু ভেকুঁৰ আদি পৰজীৱীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷
12. ৰক্ষীকোষ – উদ্ভিদৰ বহিস্তকৰ ঠায়ে ঠায়ে থকা পত্ৰৰন্ধ্ৰবিলাকক বৃক্ক আকৃতিৰ দুটা কোষেৰে আগুৰি থাকে ৷ ইহঁতক ৰক্ষীকোষ বুলি কোৱা হয় ৷
13. কিছুমান মৰুজ উদ্ভিদৰ বহিস্কখনত থকা মম জাতীয় পদাৰ্থবিধৰ নাক – কিউটিন ৷
14. গছৰৰ বাকলি বা কৰ্কত থকা কোষবিলাকৰ কোষবেৰখনত থকা ৰাসায়নিক পদাৰ্থবিধ – চুবেৰিণ ৷
15. জাইলেম কলাৰ কাৰ্য –
(i) জাইলেম ট্ৰেকাইড আৰু নলীকাবিলকে পানী আৰু খনীজ লৱণ উদ্ভিদ দেহত লম্বভাৱে পৰিবহন কৰে ৷
(ii) জাইলেম পেৰেণকাইমাই খাদ্য মজুত কৰাৰ উপৰিও পানী আৰু খনীজ লৱণৰ পাৰ্শীয় দিশত সংবহনত সহায় কৰে ৷
(iii) জাইলেমৰ কাষ্ঠ তন্ত বিলাকে উদ্ভিদ দেহক শক্তিশালী কৰি দৃঢ়তা প্ৰদান কৰে ৷
16. ফ্লোৱেমৰ কাৰ্য – ফ্লোৱেমে খাদ্য বস্তু উদ্ভিদৰ পাতৰ পৰা অন্যান্য অংগলৈ সৰবৰাহ কৰে ৷
17. প্ৰাণীকলা – নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্য দক্ষতাৰে কোনো কাম সম্পন্ন কৰা প্ৰাণী কোষৰ সমষ্টিকে প্ৰাণী কলা বোলে ৷ প্ৰাণী কলাৰ উদাহৰণ – তেজ, পেশী ইত্যাদি ৷
18. প্ৰাণীকলাৰ প্ৰকাৰ- আচ্ছাদক কলা, সংযোজক কলা, পেশী কলা স্নায়ু কলা ৷
19. আচ্ছাদক কলা – প্ৰাণীৰ দেহক সুৰক্ষা দিয়াৰ বাবে থকা বাহ্যিক আৱৰণিখনেই হ’ল আচ্ছাদক কলা ৷ ছাল, মুখৰ অন্তঃআৱৰণী, ৰক্তবাহকৰ অন্তঃআৱৰণী, হাওঁফাওঁৰ বায়ুথলি আৰু বৃক্ক নলীকাৰ আভ্যন্তৰীণবেৰ আইবিধ কলাৰে গঠিত ৷
20. প্লাজমা – তেজৰ অৰ্দ্ধজুলীয়া আধাৰ দ্ৰব্যক প্লাজমা বোলে ৷
21. অস্থিৰ কাৰ্য –
(i) অস্থিয়ে প্ৰাণীদেহৰ ভাৰ বহন কৰে ৷
(ii) অস্থিয়ে প্ৰাণীদেহক আকৃতি প্ৰদান কৰে ৷
(iii) দেহৰ পেশীসমূহ অস্হীৰ লগত সংযুক্ত হৈ প্ৰাণীদেহৰ বিভিন্ন অংগ-প্ৰত্যংগসমূহ সৃষ্টি কৰে৷
22. এডাল অস্থিক আন এডাল অস্থিৰ লগত সংযোগ কৰি বান্ধি ৰখা কলা বিধৰ নাম – লিগামেন্ট ৷
21. স্থিতিস্থাপক পেশীবোৰক অস্থিৰ লগত বান্ধি ৰখা কলা বিধৰ নাম – টেণ্ডন ৷
22. মেদ কলাৰ কাৰ্য –
(i)মেদকলাই আভ্যন্তৰীন অংগক সুৰক্ষা প্ৰদান কৰে ৷
(ii) মেদকলাই দেহৰ তাপক্ষয় ৰোধ কৰি তাপ অন্তৰকৰ কাম কৰে ৷
Read More :
কলা – পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনী
আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes
আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes
7 Replies to “কলা – Notes”