ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 6 কলা (Tissues) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷
প্ৰশ্নাৱলী, Page No- 69
1. কলা কি ?
উত্তৰ – নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্য দক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টিকে কলা বোলে ৷ কলাৰ উদাহৰণ – তেজ, ফ্লোৱেম, পেশী ইত্যাদি ৷
2. বহুকোষী জীৱৰ ক্ষেত্ৰত কলা বিলাকৰ কাম কি?
উত্তৰ – বহুকোষী জীৱৰ ক্ষেত্ৰত একোটা নিৰ্দিষ্ট কাৰ্যৰ বাবে কেইবা প্ৰকাৰৰ কোষ লগ লাগি একোটা কলাৰ সৃষ্টি হয় ৷ এনে কলাৰ বিশেষ এটা কাৰ্য সমাধা কৰাৰ সামৰ্থ থাকে বাবে ইহঁতে অতি দক্ষতাৰে কাৰ্যটো সমাধা কৰিব পাৰে ৷ উদাহৰন স্বৰূপে, মানৱ শৰীৰৰ ক্ষেত্ৰত চলন কাৰ্যৰ বাবে পেশী কলাই সংকোচন আৰু প্ৰসাৰণ কাৰ্য সম্পাদন কৰে, স্নায়ু কলাই স্নায়ু প্ৰেৰণা বহন কৰে ৷ উদ্ভিদৰ ক্ষেত্ৰত, আহাৰ আৰু পানী পৰিবহন সংবহন কলাই সম্পন্ন কৰে ৷ ইয়াৰ অৰ্থ হ’ল বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবোৰে শ্ৰমবিভাজন দেখুৱাই ৷
প্ৰশ্নাৱলী, Page No- 74
1. বিভিন্ন প্ৰকাৰৰ সৰল কলা সমূহৰ নাম লিখা।
উত্তৰ – সৰল কলা তিনিবিধ পোৱা যায় –
(i)পেৰেণকাইমা – পেৰেণকাইমা দুই প্ৰকাৰৰ – ক্ল’ৰেণকাইমা আৰু বায়ু কলা ৷
(ii) ক’লেণকাইমা
(iii) স্কেৰেণকাইমা
2. অগ্রস্থভাজক কলা ক’ত পোৱা যায় ?
উত্তৰ – অগ্রস্থভাজক কলাবিলাক উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত পোৱা যায় ৷
3. কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে?
উত্তৰ – স্কেৰেণকাইমা কলাই নাৰিকলৰ বাকলিখন গঠন কৰে ৷
4. ফ্লোৱেম কিহেৰে গঠিত?
উত্তৰ – ফ্লোৱেম কলা চাৰিবিধ কোষেৰে গঠিত – চালনি নলীকা, সংগী কোষ, ফ্লোৱেম তন্ত্ত আৰু ফ্ল’ৱেম পেৰেণকাইমা ৷
প্ৰশ্নাৱলী, Page No- 78
1. প্রাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?
উত্তৰ – প্রাণীদেহৰ চলনৰ লগত জড়িত কলাবিধ হ’ল পেশীকলা ৷ প্ৰাণীয়ে ঐচ্ছিক চলনৰ বাবে ঐচ্ছিক পেশী কলা আৰু অনৈচ্ছিক চলনৰ বাবে অনৈচ্ছিক পেশী কলা ব্যৱহাৰ কৰে ৷
2. নিউৰন(Neuron) দেখাত কেনেকুৱা হয়?
উত্তৰ –

নিউৰন প্রধানতঃ কোষদেহ আৰু স্নায়ুপ্রবৰ্ধৰ দ্বাৰা গঠিত।কোষদেহত এটা ডাঙৰ কোষকেন্দ্র থাকে। কোষকেন্দ্ৰটো কোষদেহত থকা কোষপ্রৰসত উপঙি থাকে। দেহকোষৰ পৰা এডাল দীঘল, নলীসদৃশ চাইট’প্লাজমৰ স্নায়ু প্রবর্ধ ওলায়। ইয়াক এক্সন বোলে। ইয়াৰ উপৰি দেহকোষৰ পৰা কিছুমান চুটি আৰু শাখা-প্রশাখাযুক্ত স্নায়ুপ্রবদ্ধ ওলায়। এইবোৰক ডেনড্রাইট বোলে । এটা নিউৰন প্রায় 1 মিটাৰ পর্যন্ত দীঘল হয়।
3. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ – হৃদপেশীৰ তিনিটা বৈশিষ্ট্য –
(i) হৃদপেশীবোৰ অনৈচ্ছিক কলা ৷
(ii)ইহঁতৰ তন্ত্তবোৰ শাখাবিশিষ্ট, চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰযুক্ত ৷
(iii)হৃদপেশীবোৰ অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে ৷
4. এৰিওলাৰ (Areolar) কাৰ্যসমূহ কি কি?
উত্তৰ – এৰিওলাৰ কলাৰ কাৰ্যসমূহ তলত উল্লেখ কৰা হ’ল –
(i) এৰিওলাৰ কলাবিলাকে আভ্যন্তৰিন অংগবোৰক সুৰক্ষা প্ৰদান কৰে ৷
(ii) ইহঁতে কলাৰ ক্ষত অংশ মেৰামতি কৰে ৷
অনুশীলনী
1. কলাৰ সংজ্ঞা দিয়া।
উত্তৰ – নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্য দক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টিকে কলা বোলে ৷ কলাৰ উদাহৰণ – তেজ, ফ্লোৱেম, পেশী ইত্যাদি ৷
2. কি কি উপাদানেৰে জাইলেম কলা গঠিত ? সেইবোৰৰ নাম উল্লেখ কৰা।
উত্তৰ – জাইলেম কলা ট্ৰেকাইড, নলীকা, জাইলেম পেৰেণকাইমা আৰু কাষ্ঠ তন্তৰ দ্বাৰা গঠিত ৷
3. উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল স্থায়ী কলাতকৈ পৃথক?
উত্তৰ – উদ্ভিদৰ সৰল স্থায়ী আৰু জটিল স্থায়ী কলাৰ মাজোৰ পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হ’ল –
সৰল স্থায়ী কলা | জটিল স্থায়ী কলা |
---|---|
1. সৰল স্থায়ী কলা একবিধ কোষেৰে গঠিত ৷ | 1. জটিল স্থায়ী কলা কেইবাবিধ কোষেৰে গঠিত ৷ |
2. একে ধৰণৰ কোষবোৰে একে কাৰ্য কৰে ৷ | 2.আটাইকেইবিধ কোষে সমন্বয় ৰক্ষা কৰি এটা উমৈহতীয়া কাৰ্যহে সম্পন্ন কৰে ৷ |
3. সৰল স্থায়ী কলা তিনি প্ৰকাৰৰ – পেৰেণকাইমা, ক’লেণকাইমা আৰু স্কেৰেণকাইমা | 3. জটিল স্থায়ী কলা দুই প্ৰকাৰৰ – জাইলেম আৰু ফ্লোৱেম ৷ |
4. কোষ বেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, ক’লেইনকাইমা, স্ক্লেৰেণকাইমাৰ মাজত থকা পার্থক্য দাঙি ধৰা।
উত্তৰ – কোষ বেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, ক’লেইনকাইমা, স্ক্লেৰেণকাইমাৰ মাজত থকা পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –
পেৰেণকাইমা | ক’লেইনকাইমা | স্ক্লেৰেণকাইমা |
---|---|---|
কোষবেৰখন পাতল | কোষৰ চুকবিলাকত অনিয়মিত ভাৱে কোষবেৰখন ডাঠ ৷ | কোষবেৰখন নিয়মিত ভাৱে ডাঠ ৷ |
কোষবেৰখন চেলুল’জেৰে গঠিত ৷ | কোষবেৰখন পেকটিন আৰু হেমি’চেলুল’জেৰে গঠিত ৷ | কোষবেৰখনত লিগনিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ জমা হয় ৷ |
5. পত্ৰৰন্ধ্ৰৰ কার্যবিলাক কি কি?
উত্তৰ – পত্ৰৰন্ধ্ৰৰ কার্যবিলাক তলত উল্লেখ কৰা হ’ল –
(i) পত্ৰৰন্ধ্ৰৰ সহায়ত উদ্ভিদে বায়ুমণ্ডলীয় গেছৰ আদান প্ৰদান কৰে ৷
(ii) পত্ৰৰন্ধ্ৰৰ সহায়ত উদ্ভিদে বাষ্পমোচন প্ৰক্ৰিয়া সম্পন্ন কৰে ৷
6. প্রাণী দেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি?
উত্তৰ – প্রাণীদেহৰ চলনৰ লগত জড়িত কলাবিধ হ’ল পেশীকলা ৷ প্ৰাণীয়ে ঐচ্ছিক চলনৰ বাবে ঐচ্ছিক পেশী কলা আৰু অনৈচ্ছিক চলনৰ বাবে অনৈচ্ছিক পেশী কলা ব্যৱহাৰ কৰে ৷
7. স্নায়ুকোষ (Neuron) দেখাত কেনেকুৱা হয়?
উত্তৰ –

স্নায়ুকোষ প্রধানতঃ কোষদেহ আৰু স্নায়ুপ্রবৰ্ধৰ দ্বাৰা গঠিত।কোষদেহত এটা ডাঙৰ কোষকেন্দ্র থাকে। কোষকেন্দ্ৰটো কোষদেহত থকা কোষপ্রৰসত উপঙি থাকে। দেহকোষৰ পৰা এডাল দীঘল, নলীসদৃশ চাইট’প্লাজমৰ স্নায়ু প্রবর্ধ ওলায়। ইয়াক এক্সন বোলে। ইয়াৰ উপৰি দেহকোষৰ পৰা কিছুমান চুটি আৰু শাখা-প্রশাখাযুক্ত স্নায়ুপ্রবদ্ধ ওলায়। এইবোৰক ডেনড্রাইট বোলে । এটা নিউৰন প্রায় 1 মিটাৰ পর্যন্ত দীঘল হয়।
৪. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ – হৃদপেশীৰ তিনিটা বৈশিষ্ট্য –
(i) হৃদপেশীবোৰ অনৈচ্ছিক কলা ৷
(ii)ইহঁতৰ তন্ত্তবোৰ শাখাবিশিষ্ট, চুঙাকৃতিৰ আৰু এক কোষকেন্দ্ৰযুক্ত ৷
(iii)হৃদপেশীবোৰ অনবৰতে সংকোচন আৰু প্ৰসাৰণ হৈ থাকে ৷
9. এৰিওলাৰ (Areolar) কাৰ্যসমূহ কি কি?
উত্তৰ – এৰিওলাৰ কলাৰ কাৰ্যসমূহ তলত উল্লেখ কৰা হ’ল –
(i) এৰিওলাৰ কলাবিলাকে আভ্যন্তৰিন অংগবোৰক সুৰক্ষা প্ৰদান কৰে ৷
(ii) ইহঁতে কলাৰ ক্ষত অংশ মেৰামতি কৰে ৷
10. চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্ত্তসমূহৰ মাজৰ পার্থক্য দেখুওৱা।
উত্তৰ – বিভিন্ন প্ৰকাৰৰ পেশীতন্ত্তসমূহৰ চিত্ৰ তলত দিয়া হ’ল –
(i) ৰেখিত পেশী

(ii)অৰেখিত পেশী

(iii) হৃদপেশী

11. হৃদ্পেশীসমূহৰ বিশেষ কাম কি?
উত্তৰ – হৃদ্পেশীসমূহে বিশেষভাৱে হৃদযন্ত্ৰটোৰ নিয়মিত সংকোচন আৰু প্ৰসাৰণৰ কাম সম্পাদন কৰে ৷
12. গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পার্থক্য নির্ণয় কৰা।
উত্তৰ –
গঠনৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজৰ পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –
ৰেখিত পেশী | অৰেখিত পেশী | হৃদপেশী |
---|---|---|
ৰেখিত পেশীৰ কোষবিলাক দীঘলীয়া, চুঙাকৃতিৰ ৷ | অৰেখিত পেশীৰ কোষবিলাক দীঘল, মাকোসদৃশ ৷ | হৃদপেশীৰ কোষবিলাক চুঙাকৃতিৰ ৷ |
ৰেখিত পেশীৰ কোষবিলাক শাখাহীন ৷ | অৰেখিত পেশীৰ কোষবিলাক শাখাহীন ৷ | হৃদপেশীৰ কোষবিলাক শাখাবিশিষ্ট ৷ |
ৰেখিত পেশীৰ কোষবিলাক বহুকোষকেন্দ্ৰযুক্ত ৷ | অৰেখিত পেশীৰ কোষবিলাক এক কোষকেন্দ্ৰযুক্ত ৷ | হৃদপেশীৰ কোষবিলাক এক কোষকেন্দ্ৰযুক্ত ৷ |
ৰেখিত পেশীসমূহত কিছুমান অনুপ্ৰস্থ স্বচ্ছ আৰু অস্বচ্ছ পথালি ৰেখা থাকে ৷ | অৰেখিত পেশীসমূহত অনুপ্ৰস্থ ৰেখা নাথাকে ৷ | হৃদপেশীসমূহত অস্বচ্ছ পটি থাকে ৷ |
অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজৰ পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –
ৰেখিত পেশী | অৰেখিত পেশী | হৃদপেশী |
---|---|---|
ৰেখিত পেশীবিলাক হাত, ভৰি, জিভা আদিত পোৱা যায় ৷ | অৰেখিত পেশীবিলাক চকুৰ আইৰিছ, জৰায়ু, হাওঁফাওঁৰ ব্ৰংকাই আদিত পোৱা যায় ৷ | হৃদপেশী হৃদযন্ত্ৰত পোৱা যায় ৷ |
13. এটা আদর্শ স্নায়ুকোষৰ চিহ্নিত চিত্র আঁকা।
উত্তৰ –

14 তলত দিয়া কলাসমূহৰ নাম লিখাঃ
(a) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত
উত্তৰ – আচ্ছাদক কলা ৷
(b) পেশী আৰু অস্থিক কি কলাই সংযোগ কৰে?
উত্তৰ –টেণ্ডন ৷
(c) উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে?
উত্তৰ – ফ্লোৱেম ৷
(d) আমাৰ দেহৰ চৰ্বী থকা সংযোজক কলাবিধৰ নাম কি?
উত্তৰ – মেদকলা ৷
(e) জুলীয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম কি?
উত্তৰ – তেজ ৷
(f) মস্তিষ্কত কি থাকে?
উত্তৰ –স্নায়ু কলা ৷
15. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?
উত্তৰ – আচ্ছাদক কলা ৷
16. তলত দিয়া প্রাণীৰ অংগসমূহত থকা কলাবোৰৰ নাম লিখা ।
ছাল, অস্থি, বৃক্কৰ আৱৰণ।
উত্তৰ – ছাল – স্তৰীভূত ছটীয়া আচ্ছাদক কলা ৷
অস্থি – সংযোজক কলা ৷
বৃক্কৰ আৱৰণ – ঘনাকৃতিৰ আচ্ছাদক কলা ৷
Related Post :
অধ্যায়- 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ
অধ্যায় – ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?
অধ্যায় ৯ বল আৰু গতি বিষয়ক সূত্ৰসমূহ
অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় ?
8 Replies to “কলা”