ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 11 কাৰ্য আৰু শক্তি (Work And Energy ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷
কাৰ্য আৰু শক্তি – প্ৰশ্নাৱলী, Page No – 148
1. বস্তু এটা ওপৰত 7N বল প্রয়োগ হৈছে। ধৰা, বলৰ দিশত বস্তুটোৰ সৰণ 8m ৷ (চিত্র 11. 3)
সৰণৰ সমুদায় কালছোৱাত বলটো বস্তুৰ ওপৰত ক্রিয়াশীল হৈ আছিল বুলি ধৰি লওঁ । ইয়াত
সম্পন্ন হোৱা কাৰ্য কিমান ?

উত্তৰ – দিয়া আছে,
বল, F = 7N
সৰণ, s = 8m
কাৰ্য, W = ?
আমি জানো যে,
W = Fs
= 7 x 8
= 56 J
প্ৰশ্নাৱলী, Page No – 149
1. কেতিয়া আমি কার্য সম্পাদন হোৱা বুলি কঁও?
উত্তৰ – কাৰ্য সম্পাদনৰ বাবে দুটা চৰ্ত পূৰণ হ’ব লাগে –
(i) বস্তু এটাত বল প্ৰয়োগ হ’ব লাগিব আৰু
(ii) বস্তুটোৰ সৰণ হ’ব লাগিব ৷
এই চৰ্ত দুটা পূৰণ হ’লে আমি কার্য সম্পাদন হোৱা বুলি কঁও ৷
2. বস্তু এটাৰ সৰণৰ দিশত প্রয়োগ হোৱা বলৰ দ্বাৰা সম্পাদিত কাৰ্যৰ প্ৰকাশৰাশি লিখা।
উত্তৰ – ধৰাহ’ল, বস্তু এটাত স্হিৰ বল, F প্ৰয়োগ কৰা হৈছে ৷ প্ৰয়োগ কৰা বলৰ দিশত বস্তুটোৰ s সৰণ ঘটিল আৰু সম্পাদিত কাৰ্যৰ মান W |
যিহেতু বল আৰু সৰণৰ পূৰণফলেই কাৰ্যৰ সংজ্ঞা দিয়ে সেয়েহে,
সম্পাদিত কাৰ্য = বল x সৰণ
W = Fs
3. 1 J কার্যৰ সংজ্ঞা দিয়া।
উত্তৰ – 1J হ’ল কোনো বস্তক 1N বলে তাৰ ক্ৰিয়া ৰেখাৰে 1m সৰণ ঘটালে বস্তৰ ওপৰত সম্পন্ন কাৰ্যৰ পৰিমাণ ৷
4. এহাল বলদে নাঙলত 1N বল প্রয়োগ কৰে। হাল বোৱা পথাৰখন 15 m দীঘল। পথাৰত
হাল বাওঁতে কিমান কার্য কৰা হল উলিওৱা।
উত্তৰ – দিয়া আছে,
বল, F = 1N
সৰণ, s = 15m
কাৰ্য, W = ?
আমি জানো যে,
W = Fs
= 1 x 15
= 15 J
পথাৰত হাল বাওঁতে15 J কার্য কৰা হল |
প্ৰশ্নাৱলী, Page No – 152
1. বস্তু এটাৰ গতিশক্তি বুলিলে কি বুজা ?
উত্তৰ – গতিশীল বস্তু এটাত নিহীত থকা শক্তিকে বস্তুটোৰ গতিশক্তি বোলে ৷
2. বস্তু এটাৰ গতিশক্তিৰ প্ৰকাশ-ৰাশি লিখা।
উত্তৰ – ‘m’ ভৰৰ বস্তু এটা ‘v’ বেগেৰে গতি কৰি থাকিলে, বস্তুটোৰ গতিশক্তি,
E = mv2
3. 5 ms-1 বেগেৰে গতিশীল m ভৰৰ বস্তু এটাৰ গতিশক্তি 25 J ৷ ইয়াৰ বেগ দুগুণ কৰিলে গতিশক্তি কিমান হব? বেগ তিনিগুণলৈ বৃদ্ধি কৰিলে গতিশক্তি কিমান হ’ব?
উত্তৰ – ইয়াত,
বস্তুটোৰ বেগ, v = 5ms-1
বস্তুটোৰ ভৰ = m
বস্তুটোৰ গতি শক্তি, Ek = 25 J
আমি জানো যে,
Ek = 1/2mv2
25 = 1/2x m x 52
m =25 x 2/25
m = 2 kg
বস্তুটোৰ বেগ দুগুণ কৰিলে, v = 5 x 2
= 10 ms-1
বস্তুটোৰ গতি শক্তি, E1 = mv2
= 1/2 x 2 x 102
= 100 J
বস্তুটোৰ বেগ তিনিগুণ কৰিলে, v = 5 x 3
= 15 ms-1
বস্তুটোৰ গতি শক্তি, E2 = 1/2 mv2
= 1/2x 2 x 152
= 225 J
প্ৰশ্নাৱলী, Page No – 156
1. ক্ষমতা কাক বোলে ?
উত্তৰ – কাৰ্য কৰাৰ হাৰকে ক্ষমতা বোলে ৷
ক্ষমতাৰ এচ আই একক হ’ল ৱাট ৷
2. 1 ৱাট ক্ষমতাৰ সংজ্ঞা দিয়া ৷
উত্তৰ –ঘটক এজনে প্ৰতি চেকেণ্ডত 1J হাৰত কাৰ্য কৰিলে ঘটকজনৰ ক্ষমতা হ’ব 1 ৱাট ৷
3. বাল্ব এটাই 10 s ত 100 J বৈদ্যুতিক শক্তি ব্যয় কৰে । ইয়াৰ ক্ষমতা কিমান ?
উত্তৰ – দিয়া আছে,
সম্পাদন কৰা কাৰ্য, w = 100 J
সময়, t = 10 s
বাল্বটোৰ ক্ষমতা, P = ?
আমি জানো যে,
P = W/t
= 100/10
= 10 W
4. গড় ক্ষমতাৰ সংজ্ঞা দিয়া
উত্তৰ – ঘটক এজনে বেলেগ বেলেগ সময়ৰ অন্তৰালত বিভিন্ন হাৰত কাৰ্য সম্পাদন কৰিলে ব্যয় হোৱা মুঠ শক্তিক অতিবাহিত সময়েৰে ভাগ কৰি পোৱা ক্ষমতাৰ মানকে গড় ক্ষমতা বোলে ৷
অনুশীলনী
1. তলত দিয়া তালিকাৰ কার্যকলাপ বোৰলৈ মন কৰা। কার্য ৰাশিটোৰ ওপৰত তোমাৰ ব্যুৎপত্তিৰ আধাৰত কার্য সম্পন্ন হোৱা বা নোহোৱা সন্দৰ্ভত যুক্তি প্রদর্শন কৰা।
- সমাই পুখুৰীত সাঁতুৰি আছে।
উত্তৰ –সমাই পুখুৰিত সাঁতুৰা সময়ত হাতেৰে বল প্ৰয়োগ কৰি পুখুৰিৰ পানীক পিছৰফালে ঠেলিছে ৷ ইয়াৰ ফলত তাইৰ সৰণ ঘটিছে ৷ এতেকে এই ক্ষেত্ৰত কাৰ্য সম্পাদন হৈছে ৷
- গাধ এটাই বোজা কঢ়িয়াই আছে।
উত্তৰ – গাধটোৱে বল প্ৰয়োগ কৰাৰ ফলত বোজা কঢ়িয়াবলৈ সক্ষম হৈছে ৷ এতেকে এই ক্ষেত্ৰত কাৰ্য সম্পাদন হৈছে ৷
- বায়ুকল এটাই কুঁৱাৰ পৰা পানী তুলি আছে।
উত্তৰ – ইয়াত বল প্ৰয়োগ হৈছে আৰু পানীৰ সৰণ ঘটিছে ৷ এতেকে এই ক্ষেত্ৰত কাৰ্য সম্পাদন হৈছে ৷
- সেউজীয়া গছ এডালে সালোকসংশ্লেষণ প্রক্রিয়া চলাই আছে।
উত্তৰ – বল প্ৰয়োগ বা সৰণ ঘটা নাই ৷ এতেকে এই ক্ষেত্ৰত কাৰ্য সম্পাদন হোৱা নাই ৷
- ইঞ্জিন এটাই ট্রেইন এখন টানি আছে।
উত্তৰ – ইঞ্জিনটোৱে বল প্ৰয়োগ কৰি ট্ৰেইনখনৰ সৰণ ঘটাইছে ৷এতেকে এই ক্ষেত্ৰত কাৰ্য সম্পাদন হৈছে ৷
- সুৰ্য্যৰ তাপত শস্য শুকাই আছে।
উত্তৰ – বল প্ৰয়োগ বা সৰণ ঘটা নাই ৷ এতেকে এই ক্ষেত্ৰত কাৰ্য সম্পাদন হোৱা নাই ৷
- বায়ু শক্তিৰে পালনাও এখন গৈ আছে।
উত্তৰ – ইয়াত বায়ু শক্তিৱে বল প্ৰয়োগ কৰা বাবে পালনাও খনৰ সৰণ ঘটিছে ৷ এতেকে এই ক্ষেত্ৰত কাৰ্য সম্পাদন হৈছে ৷
2. ভূমিৰ লগত কোনো কোণত প্রক্ষেপ কৰা বস্তু এটাই বক্র পথেৰে গতি কৰি পুনৰায়
ভূমিলৈ উভতি আহিল। বস্তুটোৰ যাত্রাপথৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেডাল অনুভূমিক
ৰেখাত অৱস্থিত। মাধ্যাকর্ষণ বলে বস্তুটোৰ ওপৰত কিমান কার্য কৰিলে ?
উত্তৰ- মাধ্যাকৰ্ষণ বলে বস্তুটোৰ ওপৰত কৰা কাৰ্য,
W = mgh
ইয়াত, বস্তুটোৰ উচ্চতা, h = 0,
এতেকে,
W = mgh = mg x 0 = 0
3. বেটেৰী এটাই বাল্ব এটা জ্বলালে। প্রক্রিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তিৰ ৰূপান্তৰবোৰৰ
বর্ণনা দিয়া।
উত্তৰ – বেটেৰী এটাই বাল্ব এটা জ্বলালে প্ৰথমতে বেটেৰীত থকা ৰাসায়নিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হয় ৷ বৈদ্যতিক শক্তিৰ সহায়ত বাল্বটো জ্বলি উঠে ৷ ইয়াৰ লগে লগে বৈদ্যুতিক শক্তি পোহৰ আৰু তাপ শক্তিলৈ ৰূপান্তৰ হয় ৷
শক্তিৰ ৰূপান্তৰৰ গোটেই প্ৰক্ৰিয়াটোক তলত উল্লেখ কৰা ধৰণে উপস্হাপন কৰিব পাৰি –
ৰাসায়নিক শক্তি → বৈদ্যুতিক শক্তি → পোহৰ শক্তি → তাপ শক্তি
4. 20 kg ভৰৰ ওপৰত প্রযুক্ত কোনো বলে তাৰ বেগ 5 ms-1 ৰ পৰা 2 ms-1 লৈ
পৰিবৰ্তন কৰিলে। বলটোৱে সম্পাদন কৰা কার্য নির্ণয় কৰা।
উত্তৰ – দিয়া আছে,
ভৰ, m = 20 kg
বেগ, v1 = 5ms-1, v2 = 2ms-1
5 ms-1 বেগত বলটোৰ গতি শক্তি,
Ek5 = 1/2mv2
= 1/2x 20 x 52
= 250 J
2 ms-1 বেগত বলটোৰ গতি শক্তি,
Ek2 = 1/2 mv2
= 1/2 x 20 x 22
= 40 J
এতেকে, বলটোৱে সম্পাদন কৰা কার্য,
Ek2 – Ek5 = 40 – 210
= – 210 J
5. 10 kg ভৰৰ বস্তু এটা টেবুল এখনৰ A বিন্দুত অৱস্থিত আছিল। ইয়াক B বিন্দুলৈ স্থানান্তৰিত
কৰা হ‘ল। যদি A আৰু Bক সংযোগ কৰা ৰেখাডাল অনুভূমিক হয় তেন্তে মাধ্যাকর্ষণিক
বলে বস্তুটোৰ ওপৰত কৰা কাৰ্য কিমান হ’ব? তোমাৰ উত্তৰ ব্যাখ্যা কৰা।
উত্তৰ – আমি জানো যে মাধ্যাকৰ্ষণিক বলে বস্তু এটাৰ ওপৰত কৰা কাৰ্য বস্তুটোৰ উলম্ব উচ্চতা বা সৰণৰ ওপৰত নিৰ্ভৰশীল ৷
ইয়াত,
উলম্ব সৰণ, h = 0
এতেকে,
মাধ্যাকৰ্ষণ বলে বস্তুটোৰ ওপৰত কৰা কাৰ্য,
W = mgh
= m x g x 0
= 0
6. মুক্তভাৱে অধোগামী বস্তুৰ স্থিতিশক্তি ক্রমান্বয়ে হ্রাস পায়। ই শক্তিৰ সংৰক্ষণ সূত্র ভঙ্গ
কৰেনে? কিয় ?
উত্তৰ – মুক্তভাৱে অধোগামী বস্তুৰ স্থিতিশক্তি ক্রমান্বয়ে হ্রাস পায়। ই শক্তিৰ সংৰক্ষণ সূত্র ভঙ্গ নকৰে ৷ ইয়াৰ কাৰণ হ’ল মুক্তভাৱে অধোগামী বস্তু এটা অধোগমন কালত পথৰ যিকোনো বিন্দুত বস্তুৰ স্হিতিশক্তি যি পৰিমাণে কমে সেই একে পৰিমাণে তাৰ গতিশক্তি বাঢে ৷ এইদৰে মাধ্যাকৰ্ষণিক স্হিতিশক্তি অবিৰতভাৱে গতিশক্তিলৈ পৰিবৰ্তিত হয় ৷ অৰ্থাৎ স্হিতিশক্তি আৰু গতিশক্তিৰ যোগফল সকলো বিন্দুতে সমান হ’ব ৷
কাৰ্য আৰু শক্তি
7. তুমি চাইকেল চলোৱা অৱস্থাত সংঘটিত শক্তিৰ বিভিন্ন ৰূপান্তৰবোৰ কি কি ?
উত্তৰ – চাইকেল চলোৱা অৱস্হাত চালকজনৰ পেশীয় শক্তি তাপ শক্তি আৰু গতি শক্তিলৈ ৰূপান্তৰ হয় ৷ তাপ শক্তিয়ে চালকজনৰ শৰীৰৰ তাপ বৃদ্ধি কৰে আৰু গতিশক্তিয়ে চাইকেলখনক গতি প্ৰদান কৰে ৷
শক্তিৰ ৰূপান্তৰৰ গোটেই প্ৰক্ৰিয়াটোক তলত উল্লেখ কৰা ধৰণে উপস্হাপন কৰিব পাৰি –
পেশীয় শক্তি → গতি শক্তি → তাপ শক্তি
8. তুমি প্রকাণ্ড শিল এটা সর্বশক্তিৰে ঠেলাৰ প্রচেষ্টা চলাই বিফল হলে শক্তিৰ কিবা ৰূপান্তৰ
ঘটিবনে? তুমি ব্যয় কৰা শক্তিখিনি ক’লৈ গ’ল?
উত্তৰ – প্রকাণ্ড শিল এটা সর্বশক্তিৰে ঠেলাৰ প্রচেষ্টা চলাই বিফল হলে শিলটোত কোনো শক্তিৰ ৰূপান্তৰ নঘটে ৷
ব্যয় কৰা শক্তিখিনিয়ে শৰীৰত তাপ উৎপন্ন কৰিব ৷
9. কোনো এটা ঘৰত এমাহত মুঠ 250 ইউনিট’ শক্তি ব্যয় হয়। এই শক্তি জুল এককত
কিমান হ‘ব?
উত্তৰ –এক ইউনিট’ শক্তি = 1 kwh = 3.6 x 106J
এতেকে, 250 ইউনিট’ শক্তি = 250 x 1 kwh
= 250 x 3.6 x 106J
= 9 x 108 J
10. 40 kg ভৰৰ বস্তু এটা ভূমিৰ পৰা 5 m ওপৰলৈ উঠোৱা হ’ল। ইয়াৰ স্থিতিশক্তি কিমান
হ’ব? যদি বস্তুটো পৰিবলৈ দিয়া হয় তেন্তে আধা দূৰত্ব অতিক্রম কৰাৰ মূহুৰ্তত তাৰ গতিশক্তি
উলিওৱা।
উত্তৰ – দিয়া আছে,
ভৰ, m = 40 kg
উচ্চতা, h = 5m
মাধ্যাকৰ্ষণিক ত্বৰণ, g = 9.8m-2
ভূমিৰ পৰা 5 m ওপৰত বস্তুটোৰ স্থিতিশক্তি = mgh
= 40 x 9.8 x 5
= 2000 J
বস্তুটো পৰিবলৈ দিয়া হয় তেন্তে আধা দূৰত্ব অতিক্রম কৰাৰ পিছত তাৰ,
উচ্চতা(h) হ’ব = 5m/2 = 2.5 m
স্থিতিশক্তি = mgh
= 40 x 9.8 x 2.5
= 1000
যিহেতু যিকোনো বস্তু এটা ওপৰৰ পৰা ভূমিলৈ পৰিলে আধা দূৰত্ব অতিক্ৰম কৰাৰ মূহুৰ্তত স্থিতিশক্তি আৰু গতি শক্তিৰ আৰু গতি শক্তিৰ মান সমান হয় সেয়েহে উক্ত বস্তুটো আধা দূৰত্ব অতিক্রম কৰাৰ মূহুৰ্তত তাৰ গতিশক্তিৰ মান হ’ব 1000 J
11. পৃথিবীৰ চাৰিওফালে ঘূৰি থকা উপগ্রহ এটাত মাধ্যাকর্ষণিক বলে কিমান কার্য সম্পন্ন কৰে? তোমাৰ উত্তৰ যুক্তিৰে প্রতিপন্ন কৰা।
উত্তৰ – যদি বলৰ দিশ সৰণৰ লম্ব হয় তেনে ক্ষেত্ৰত সম্পন্ন হোৱা কাৰ্য শূন্য হয় ৷ যিহেতু পৃথিবীৰ চাৰিওফালে ঘূৰি থকা উপগ্রহ এটাত মাধ্যাকর্ষণিক বলে লম্ব ভাবে ত্ৰিয়া কৰে সেয়েহে উপগ্ৰহটোৰ ওপৰত সম্পন্ন কৰা কাৰ্য শূন্য হ’ব ৷
12. বস্তুৰ ওপৰত বল প্রয়োগ নোহোৱাকৈ তাৰ সৰণ হ’ব পাৰেনে? চিন্তা কৰা। তদুপৰি প্ৰশ্নটোৰ বিষয়ে বন্ধু-বান্ধব আৰু শিক্ষকৰ সৈতে আলোচনা কৰা।
উত্তৰ – সাধাৰণতে বাহ্যিক বল প্ৰয়োগ নোহোৱাকৈ স্হিতিশিল বস্তু এটাৰ সৰণ হ’ব নোৱাৰে কিন্তু গতিশিল বস্তু এটাৰ কোনোধৰণৰ বল প্ৰয়োগ নোহোৱা কৈ সৰণ হ’ব পাৰে ৷
13. মানুহ এজনে মূৰত এমুঠা খেৰ লৈ আধাঘন্টা সময় ৰৈ থাকি ভাগৰ অনুভৱ কৰিলে।
তেওঁ কিবা কার্য কৰিলেনে? তোমাৰ উত্তৰ যুক্তিৰে প্রতিপন্ন কৰা।
উত্তৰ – কাৰ্য সম্পাদনৰ বাবে দুটা চৰ্ত পূৰণ হ’ব লাগে –
(i) বস্তু এটাত বল প্ৰয়োগ হ’ব লাগিব আৰু
(ii) বস্তুটোৰ সৰণ হ’ব লাগিব ৷
যিহেতু মানুহজনে মূৰত এমুঠা খেৰ লৈ আধাঘন্টা সময় ৰৈ থাকিল , ওপৰত উল্লেখ কৰা চৰ্ত সাপেহ্মে তেঁও কোনো ধৰণৰ কাৰ্য নকৰিলে ৷
কাৰ্য আৰু শক্তি
14. এটা বৈদ্যুতিক ইস্ত্রি ক্ষমতা 1500 ৱাট। 10 ঘন্টাত ই কিমান শক্তি ব্যয় কৰিব?
উত্তৰ – দিয়া আছে,
বৈদ্যুতিক ইস্ত্রিটোৰ ক্ষমতা, P = 1500 ৱাট,
=1500/1000
= 1.5 kW
সময়, t = 10 hrs
শক্তিৰ ব্যয়, W = ?
আমি জানো যে,
P = W/t
W = P x t
= 1.5 x 10
= 15 kWh
এতেকে, বৈদ্যুতিক ইস্ত্রিটোৱে 10 ঘন্টাত 15 kWh শক্তি ব্যয় কৰিব ৷
16. m ভৰৰ বস্তু এটাই স্থিৰ বেগ v ৰে গতি কৰি আছে। বস্তুটোক স্থিতিশীল অৱস্থালৈ আনিবলৈ কিমান কার্য কৰিব লাগিব ?
উত্তৰ – m ভৰৰ বস্তু এটাই স্থিৰ বেগ v ৰে গতি কৰিলে তাৰ গতি শক্তি হ’ব 1/2mv2৷
বস্তুটোক স্থিতিশীল অৱস্থালৈ আনিবলৈ বেগৰ মান শূন্য হ’ব লাগিব ৷ বাহ্যিক বলৰ দ্বাৰা (-1/2mv2)ৰ সমপৰিমাণৰ ঋণাত্মক কাৰ্য সমপন্ন কৰিলে ই সম্ভৱ ৷
17. 60 kmh-1 বেগেৰে গৈ থকা 1500 kg ভৰৰ গাড়ী এখন ৰখাবলৈ কিমান কার্য কৰিব
লাগিব উলিওৱা।
উত্তৰ – দিয়া আছে,
গাড়ীখনৰ ভৰ, m = 1500 kg
গাঢ়ীখনৰ বেগ, v = 60 kmh-1
=60 x 1000/3600
= 50/3 ms-1
গাড়ীখন ৰখাবলৈ প্ৰয়োজন হোৱা শক্তি = গাড়ীখনৰ গতি শক্তি
= 1/2mv2
= ½ x 1500 x (50/3)2
= 208333.3 J
19. চনীয়ে কৈছে যে বস্তু এটাত কেইবাটাও বল ক্রিয়াশীল হৈ থকা অৱস্থাতে তাৰ ত্বৰণ শূন্য হ’ব পাৰে। তাইৰ সৈতে তুমি সহমতনে? কিয়?
উত্তৰ – চনীয়ে কৈছে যে বস্তু এটাত কেইবাটাও বল ক্রিয়াশীল হৈ থকা অৱস্থাতে তাৰ ত্বৰণ শূন্য হ’ব পাৰে। ই সম্ভৱ যদিহে প্ৰয়োগ কৰা বল সমূহে এটাই আনটোৰ মান শূন্য কৰে ৷
20. চাৰিটা সঁজুলিৰ প্ৰতিটোৰ ক্ষমতা 500 W হ’লে আৰু সঁজুলি কেইটা 10 ঘন্টা সময়ৰ
বাবে চলি থাকিলে ব্যয় হোৱা শক্তি kwh এককত উলিওৱা।
উত্তৰ – এটা সঁজুলিৰ ক্ষমতা, P = 500 W
= 500/1000
= 0.5 kW
এটা সঁজুলিয়ে ব্যয় কৰা শক্তি, E = P x t
= 0.5kW x 10h
= 5 kWh
এতেকে, চাৰিতা সঁজুলিৰ ক্ষমতা = 4 x 5 kWh
= 20 kwH
21. মুক্তভাৱে অধোগামী বস্তুবোৰ অৱশেষত ভূমিত উপনীত হৈ ৰৈ যায়। ইহঁতৰ গতি শক্তিৰ কি দশা হ’ব?
উত্তৰ – মুক্তভাৱে অধোগামী বস্তুবোৰ অৱশেষত ভূমিত উপনীত হৈ ৰৈ যায়। ইহঁতৰ গতি শক্তি বিভিন্ন ধৰণৰ শক্তিলৈ ৰূপান্তৰ হয়, যেনে শব্দ শক্তি,
Read More :
অধ্যায়- ১ আমাৰ চাৰিওকাষৰ বস্তুবোৰ
অধ্যায় – ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?
অধ্যায় ৯ বল আৰু গতি বিষয়ক সূত্ৰসমূহ
অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় ?
10 Replies to “কাৰ্য আৰু শক্তি”