খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – Notes

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়- 15 খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – Notes Improvement in Food Resources ৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Linkত Click কৰিলে পাব ৷

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – Notes

খাৰিফ শস্য যি শস্য বাৰিষা কালত অৰ্থাৎ জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত উৎপাদন কৰা হয়, তেনে শস্যক খাৰিফ শস্য বোলে ৷ যেনে – ধান, চয়াবিন, অৰহৰ ইত্যাদি৷

ৰবি শস্য যি শস্য শীতকালত অৰ্থাৎ নবেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত উৎপাদন কৰা হয়, তেনে শস্যক ৰবি শস্য বোলে ৷ যেনে – ঘেঁহু, বুট, মটৰ ইত্যাদি ৷

বৰ্ণ সংকৰণ বৰ্ণ সংকৰণ হ’ল জিনীয়ভাৱে পাৰ্থক্য থকা দুটা উদ্ভিদৰ মাজত কৰা প্ৰজনন পদ্ধতি ৷ এই সংকৰণ পদ্ধতিত আন্তঃ সঁচ অৰ্থাৎ একে প্ৰজাতিৰ দুটা বেলেগ বেলেগ সঁচৰ মাজত বা আন্তঃ প্ৰজাতি অৰ্থাৎ একে জাতি বা গণৰ অন্তৰ্গত দুটা প্ৰজাতিৰ মাজত কৰা হয় ৷

মুখ্য অনুপোষক আৰু ক্ষুদ্ৰমাত্ৰিক অনুপোষক –

Advertisement

উদ্ভিদৰ বাবে প্ৰায় 16বিধ অনুপোষকৰ প্ৰয়োজন৷ ইয়াৰে 13বিধ অনুপোষক উদ্ভিদে মাটিৰ পৰা আহৰণ কৰে ৷ এই 13 বিধৰ ভিতৰৰ 6 বিধ অতি বেছি পৰিমাণে প্ৰয়োজন হয় আৰু সেইবাবে এই কেইবিধক মূখ্য অনুপোষক বোলে ৷ অন্য 7 বিধ অনুপোষক উদ্ভিদে কম পৰিমাণে ব্যৱহাৰ কৰে আৰু সেই বাবেই এই কেইবিধক ক্ষুদ্ৰমাত্ৰিক অনুপোষক বোলে ৷

মূখ্য অনউপোষক – নাইট্ৰ’জেন, ফচফৰাচ, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম, ছালফাৰ ৷

ক্ষুদ্ৰমাত্ৰিক অনুপোষক – আইৰণ, মেংগানিজ, ব’ৰ’ণ, জিংক, কপাৰ, মলিবদেনাম, ক্ল’ৰিণ ৷

পচন সাৰ – যি প্রক্রিয়াৰদ্বাৰা কৃষি পামৰ পেলনীয়া পদার্থ যেনে– পশুধনৰ মলমুত্র, বিষ্ঠা

(গোবৰ আদি), শাক-পাচলিৰ আৱৰ্জনা, জীৱজন্তুৰ অৱশিষ্ট, ঘৰুৱা আৱৰ্জনা, খেৰ, নৰা, উভালি পেলোৱা অপতৃণ আদি গাঁতত পুতি বিয়োজন ঘটাবলৈ বা পচিবলৈ দিয়া হয় তাক পচন বোলা হয়।

কেঁচুমতা সাৰ – কেঁচুক ব্যৱহাৰ কৰি জীৱজন্তুৰ আৰু উদ্ভিদৰ পেলনীয়া অংশবিলাক বিয়োজন ঘটাব পাৰি। এনেদৰে কেঁচুৰ দ্বাৰাই পচন ঘটাই তৈয়াৰ কৰা সাৰক কেঁচুমটা সাৰ (Vermi-compost) বোলে।

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – Notes

সেউজ সাৰ (Green manure) : কৃষিভূমিত কোনোবিধ শস্যৰ খেতি কৰাৰ আগতে কিছুমান

উদ্ভিদ যেনে— ছানহেম্প (Sun hemp), গোৱাৰ (Gaur) আদিৰ খেতি কৰি সেইবিলাক পূৰঠ হোৱাৰ লগে লগে কাটি হাল বায় মাটিত মিহলি কৰি দিয়া হয়। এনে সেউজীয়া উদ্ভিদবিলাকেই সেউজ সাৰ হিচাবে মাটিত নাইট্রজেন আৰু ফছফৰাছৰ পৰিমাণ বৃদ্ধিত সহায় কৰে।

    কৃত্ৰিম সাৰ – কৃত্ৰিম সাৰ হ’ল ব্যৱসায়িক ভিত্তিক প্ৰস্তুত কৰা উদ্ভিদৰ অনুপোষক ৷ কৃত্ৰিম সাৰে নাইট্ৰ’জেন, ফচফৰাচ আৰু পটাচিয়ামৰ যোগান ধৰে ৷

মিশ্ৰিত কৃষি প্ৰণালি একে ডোখৰ মাটিতে সমকালীন দুটা বা ততোধিক শস্যৰ খেতি কৰা প্ৰথাকে মিশ্ৰিত কৃষি প্ৰণালী বোলে ৷ ইয়াৰ দ্বাৰাই কোনো এবিধ শস্যৰ ক্ষতি বা উৎপাদন কম হলেও আনটোৰ পৰা সেই ক্ষতিপুৰণ লাভ কৰিব পাৰি বা কিছু লাঘৱ হয়।

উদাহৰণ হিচাপে, ঘেঁহু আৰু বুটমাহ বা ঘেঁহু আৰু সৰিয়হ বা চীনা বাদাম আৰু বেলিফুল ৷

অন্তৰৱতী কৃষি পদ্ধতি (Inter cropping) –

Advertisement

অন্তৰৱতী কৃষি পদ্ধতিতএকে ডোখৰ মাটিতে দুটা বা ততোধিক শস্য একনির্দিষ্ট শৈলীৰে খেতি কৰা হয় এই পদ্ধতিতকোনো এবিধ শস্য কেইশাৰীমান ৰোপণ কৰি আনবিধ শস্যৰকেইশাৰীমান ৰোপণ কৰা হয়; এনেদৰে পুনৰাৱৰ্তী কৰিব লাগে।উদাহৰণ হিচাবে চয়াবীন আৰু গোমধান, বা বজ্ৰ আৰু উৰহী (cowpea)।

শস্যাৱর্তন –  সুপৰিকল্পিতভাৱে একে ডোখৰ মাটিতে এটাৰ পিছত এটাকৈ বিভিন্ন শস্যৰ খেতি কৰাকে শস্যাৱর্তন(Crop Rotation) বোলা হয়।

অপতৃণ – অপতৃণ হ’ল কৃষিভূমিত উৎপন্ন হোৱা অবাঞ্চিত উদ্ভিদ ৷ অপতৃণৰ উদাহৰণ – অগৰা, পাৰ্থেনিয়াম, মূৰফুলা বন আদি ৷

বিদেশী প্ৰজাতিৰ গো উদাহৰণ জাৰ্চি, ব্ৰাউন চুইচ ইত্যাদি ৷

থলুৱা প্ৰজাতিৰ গো উদাহৰণৰেড্ চিন্ধি, সাহিৱাল ইত্যাদি ৷

থলুৱা প্ৰজাতিৰ মৌ-মাখী – এপিচ্ চেৰেনা ইন্দিকা(ভাৰতীয় মৌ-মাখী), এপিচ্ ডৰ্চেটা(‘ৰক্ বী’), এপিচ্ ফ্ল’ৰিয়া (লিট’ল বী) ৷

Read More :

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – প্ৰশ্নাৱলী আৰু অনুশীলনী

আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes

অনু আৰু পৰমাণু – Notes

জীৱৰ মৌলিক একক – Notes

কলা – Notes

জীৱৰ বিচিত্ৰতা – Notes

গতি – Notes

বল আৰু গতি বিষয়ক সূত্ৰসমূহ – – Notes

মহাকৰ্ষণ – Notes

শব্দ – Notes

আমি অসুস্থ হওঁ কিয় ? – Notes

প্ৰাকৃতিক সম্পদ – Notes

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – Notes

Advertisement