খাদ্য সম্পদৰ উৎকৰ্ষ সাধন

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 15 খাদ্য সম্পদৰ উৎকৰ্ষ সাধন (Improvement in Food Resources) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন

প্ৰশ্নাৱলী, Page No – 204

1. শস্য, মাহ, ফলমূল আৰু শাক-পাচলিৰ পৰা আমি কি আহৰণ কৰো ?

উত্তৰ – খাদ্যশস্য যেনে- ঘেঁহু, ধান, গোমধান আদিয়ে কার্বহাইড্রেটৰ যোগেদি আমাক প্রয়োজনীয় শক্তিৰ যোগান ধৰে। মাহ জাতীয় শস্য যেনে- বুট, মটৰ, মাটিমাহ, মগু, আদিয়ে আমাক প্ৰটিনৰ যোগান ধৰে,  শাক পাচলি আৰু ফল- মূলে আমাক খাদ্যপ্রাণ (Vitamin) আৰু খনিজ লৱণ যোগান ধৰে ৷

প্ৰশ্নাৱলী, Page No – 205

1. শস্য উৎপাদনত জৈবিক আৰু অজৈবিক কাৰকবোৰে কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰ – শস্য উৎপাদনত প্ৰভাৱ পেলোৱা কাৰকবোৰ হ’ল জৈৱিক আৰু অজৈৱিক৷ কিছুমান জৈৱিক কাৰক যেনে বেমাৰৰ বীজাণু, কীট-পতঙ্গ আৰু কৃমি আদিয়ে শস্যৰ উৎপাদন বহুত হ্ৰাস কৰিব পাৰে ৷

   অজৈৱিক কাৰণ যেনে খৰাং, অধিক লৱণযুক্ত মাটি, পানীৰ আধিক্য বা বানপানী, উষ্ণতা, শীত আৰু হিম আদিয়ে শস্য উৎপাদনত বহুত প্ৰভাৱ পেলায় ৷কৃষিকৰ্ম আৰু শস্যৰ উৎপাদনৰ, জলবায়ু, মাটিৰ গুণাগুণ পানীৰ পর্যাপ্ততাৰ লগত সম্বন্ধ আছে। যিহেতু বতৰৰ অৱস্থা

যেনে খৰাং, অতিবৃষ্টি, বানপানী আদিৰ কোনো আগতীয়া নিশ্চয়তা নাই, সেইবাবে সঁচ বিলাক বিভিন্ন জলবায়ুৰ অৱস্থাৰ লগত উপযোগী হোৱাকৈ খাপ খোৱা ধৰণৰ হ’ব লাগে। একেদৰে, অতি লৱণযুক্ত মাটিত খাপ খোৱা শস্যৰ সঁচো উদ্ভাৱন কৰিব লাগে ৷

2. শস্যৰ উৎকৰ্ষ সাধনত কোনবিলাক শস্য সম্বন্ধীয় অকাংক্ষিত বৈশিষ্টপূৰ্ণ চৰিত্ৰ বিবেচনা কৰা হয় ?

উত্তৰ – শস্য সম্বন্ধীয় আকাংক্ষিত বৈশিষ্টপূর্ণ চৰিত্র এনেধৰণৰ – পশুধনৰ খাদ্যৰ বাবে প্রয়োজনীয় শস্যবিলাক ওখ হোৱাৰ উপৰিও জোপোহা হ’ব লাগে। ধান জাতীয় শস্যৰ ক্ষেত্ৰত চাপৰ হ’ব লাগে; ইয়াৰ ফলত এইবিলাক শস্যৰ কম পৰিমাণৰ পুষ্টিৰ প্রয়োজন হয়। সেইদৰেই শস্য সম্বন্ধীয় আকাংক্ষিত চৰিত্ৰৰ উৎকর্ষ সাধন কৰি পৰিৱৰ্তন ঘটাই ল’লে অধিক উৎপাদনত সহায়ক হয় ৷

প্ৰশ্নাৱলী, Page No – 206

Advertisement

1. মুখ্য অনুপোষকবিলাক কি কি আৰু এইবিলাকক কিয় মুখ্য অনুপোষক বুলি কোৱা হয় ?

উত্তৰ – মুখ্য অনুপোষক ছয়বিধ – নাইট্ৰ’জেন’ ফচফৰাচ,পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ ৷

এই ছয়বিধ অনুপোষক উদ্ভিদৰ বাবে অতি বেছি পৰিমাণে প্ৰয়োজন হয় বাবে ইহঁতক মুখ্য অনুপোষক বোলে ৷

2. উদ্ভিদে অনুপোষক দ্ৰব্যবিলাক ক’ৰ পৰা কেনেকৈ আহৰণ কৰে ?

উত্তৰ – আমাক যেনেদৰে ভালকৈ বৃদ্ধি, বিকাশ আৰু জীয়াই থাকিবলৈ আহাৰৰ প্রয়োজন, ঠিক তেনেদৰে উদ্ভিদকো বৃদ্ধি আৰু বিকাশৰ বাবে কিছুমান অনুপোষকৰ প্রয়োজন। উদ্ভিদক এই অনুপোষকবিলাক বায়ু, পানী আৰু মাটিয়ে যোগান ধৰে। উদ্ভিদৰ বাবে প্রায় 16 বিধ অনুপোষকৰ প্রয়োজন। বায়ুৱে কার্বন আৰু অক্সিজেন যোগান ধৰে, পানীয়ে হাইড্রজেন আৰু উদ্ভিদৰ বাবে প্রয়োজনীয় আন 13 বিধ অনুপোষক মাটিৰপৰা আহৰণ কৰে।

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন

প্ৰশ্নাৱলী, Page No – 207

1. মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত জৈৱ সাৰ কৃত্ৰিম সাৰৰ প্ৰয়োগৰ ভূমিকাৰ মাজত তুলনা কৰা৷

উত্তৰ –   জৈৱিক সাৰত প্ৰচুৰ পৰিমাণে জৈৱ সাৰ থাকে আৰু এইবিলাকে মাটিক কিছু পৰিমাণে অনুপোষক দ্ৰব্যৰ যোগান ধৰে। জৈৱিক সাৰ জীৱজন্তুৰ মলমুত্র আৰু উদ্ভিদৰ পেলনীয়া

অংশৰ পৰা তৈয়াৰ কৰা হয়। জৈৱিক সাৰে মাটিত অনুপোষক দ্রব্য আৰু জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধিত সহায় কৰি মাটিক সাৰুৱা বা উর্বৰ কৰি তোলে। জৈৱিক সাৰত থকা জৈৱ

পদার্থবিলাকে মাটিৰ গঠন আৰু গুণগত মানৰ উৎকর্ষ সাধন কৰে। ইয়াৰ দ্বাৰাই বালিহীয়া মাটিয়ে পানী ধৰি ৰাখিব পৰাত সহায় কৰে। একেদৰে প্ৰচুৰ পৰিমাণে জৈৱ পদার্থ থকা বোকা

মাটিকো পানী বন্ধ বা জমা হৈ থকাৰ পৰা ৰক্ষা কৰে।

    আনহাতে, কৃত্রিম সাৰ হ’ল ব্যৱসায়িক ভিত্তিক প্রস্তুত কৰা উদ্ভিদৰ অনুপোষক। কৃত্রিম সাৰে নাইট্রজেন, ফচফৰাচ আৰু পটাছিয়ামৰ যোগান ধৰে। এইবিলাক ব্যৱহাৰ কৰিলে উদ্ভিদৰ গা-গছ (পাত, ঠাল-ঠেঙুলি আৰু ফুল-ফল) ভালদৰে বিকাশ, বৃদ্ধি হৈ শ্রীবৃদ্ধি হোৱাতো নিশ্চয়তা থাকে। আধুনিক কৃষিপাম পদ্ধতিত অধিক উৎপাদনৰ অন্তৰালত কৃত্রিম সাৰ হ’ল এক অনন্য কাৰক।

প্ৰশ্নাৱলী, Page No – 208

Advertisement

1. তলৰ কোনবিলাক অৱস্হাৰ পৰা অধিক লাভবান হ’ব পাৰি ?

(a) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্হা  অৱলম্বন নকৰা বা কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা ৷

 (b) খেতিয়কে সাধাৰণ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্হা কৰা আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা ৷

(c) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্হআ কৰা, কৃত্ৰিম সাৰৰ প্ৰয়োগ আৰু শস্য সুৰক্ষাৰ ব্যৱস্হাপনা গ্ৰহণ কৰা ৷

উত্তৰ – খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্হআ কৰা, কৃত্ৰিম সাৰৰ প্ৰয়োগ আৰু শস্য সুৰক্ষাৰ ব্যৱস্হাপনা গ্ৰহণ কৰা ৷

প্ৰশ্নাৱলী, Page No – 209

1. শস্য সুৰক্ষাত কিয় প্ৰতিৰোধ ব্যৱস্হা আৰু জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়া হয় ?

উত্তৰ – কৃষি উৎপাদিত শস্যৰ ভঁৰালত হোৱা ক্ষতিৰ পৰিমাণ অতি বেছি। এনে ধৰণৰ ক্ষতিৰ প্ৰধান কাৰকবিলাক হ’ল— পোক, এন্দুৰ, ভেঁকুৰ, চাহী (Mites), বেক্টেৰীয়া আদিৰ বাবে আৰু অজৈৱিক যেনে, ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় ভাপ। এইবিলাক কাৰকে শস্যৰ বীজৰ গুণাগুণ হ্রাস কৰে, ওজন কমায়, অংকুৰণ ভালদৰে নহয়, শস্যৰ বৰণ সলনি কৰে, যাৰ বাবে বাণিজ্যিকভাৱে ক্ষতি হয়।এই কাৰক বিলাকৰ পৰা হাত সাৰিবলৈ বা নিয়ন্ত্রণত ৰাখিবলৈ শস্য সুৰক্ষাত প্ৰতিৰোধ ব্যৱস্হা আৰু জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়া হয় ৷

2. কোনবিলাক কাৰকৰ বাবে ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি শাধন হয় ?

উত্তৰ – ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি শাধন কৰা প্ৰধান কাৰকবিলাক হ’ল— পোক, এন্দুৰ, ভেঁকুৰ, চাহী (Mites), বেক্টেৰীয়া আদি আৰু অজৈৱিক যেনে, ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় ভাপ।

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন

প্ৰশ্নাৱলী, Page No –  210

Advertisement

1. গো প্ৰজাতি উন্নত কৰিবৰ কাৰণে কোনটো পদ্ধতি সাধাৰণতে ব্যৱস্হা কৰা হয় আৰু কিয় কৰা হয় ?

উত্তৰ – গো প্ৰজাতি উন্নত কৰিবৰ কাৰণে সাধাৰণতে বৰ্ণসংকৰ পদ্ধতিৰ ব্যৱস্হা কৰা হয় ৷

      গাখীৰৰ উৎপাদন কিছু পৰিমাণে নিৰ্ভৰ কৰে, গাইৰ দুগ্ধ কাল (lactation period)ৰ ওপৰত। দুদ্ধকাল হ’ল পোৱালী জগাৰ পাছত দুগ্ধ/গাখীৰ উৎপাদনৰ সময়। বিদেশী প্রজাতি (exotic breed) যেনেঃ জার্চি (Jersey), ব্রাউন চুইচ (Brown/swiss) আদি দীর্ঘম্যাদি দুগ্ধকালৰ কাৰণে উপযুক্ত প্রজাতি। আনহাতে থলুৱা প্রজাতি যেনেঃ ৰেড চিন্ধি (Red Sindhi) সাহিৱাল্ (Sahiwal) আদি যথেষ্ট ৰোগ প্ৰতিৰোধী প্রজাতি। দুটা প্ৰজাতিৰ বৰ্ণসংকৰ

(cross breed) ফলত দুয়োটা প্রজাতিৰ আকাংক্ষিত প্ৰকাৰ (desired quality) পাব পাৰি। সেয়েহে এই পদ্ধতিৰ ব্যৱস্হা কৰা হয় ৷

প্ৰশ্নাৱলী, Page No – 211

1. তলৰ উক্তিটোৰ তাৎপৰ্্য আলোচনা কৰা –

“এইটো অতি তাৎপৰ্্যপূৰ্ণ কথা যে ভাৰতীয় হাঁহ-কুকুৰাই হ’ল ক’ম আঁহযুক্ত(মানুহৰ অনুপযোগী) খাদ্যৰ পৰা অতি পুষ্টিকৰ প্ৰাণী প্ৰ’টীনলৈ ৰূপান্তৰ কৰিব পৰা প্ৰাণী ৷”

উত্তৰ – ভাৰতীয় হাঁহ-কুকুৰাই হ’ল ক’ম আঁহযুক্ত(মানুহৰ অনুপযোগী) খাদ্যৰ পৰা অতি পুষ্টিকৰ প্ৰাণী প্ৰ’টীনলৈ ৰূপান্তৰ কৰিব পৰা প্ৰাণী ৷ উক্ত উক্তিটোৰ তাৎপৰ্্য এই্য়ে যে ভাৰতত হাঁহ-কুকুৰা পালন কৰিবলৈ বিভিন্ন ক’ম আঁহযুক্ত খাদ্য ব্যৱহাৰ কৰা হয় ৷ এই খাদ্য খাই হাঁহ-কুকুৰাই কণী আৰু মাংসৰ যোগান ধৰে ৷

প্ৰশ্নাৱলী, Page No – 211

1. দুগ্ধপাম আৰু হাঁহ-কুকুৰা পাম পৰিচালনাৰ বাবে কি কি অনুশীলন সাধাৰণতে হাতত লোৱা হয়  

উত্তৰ – দুগ্ধপাম আৰু হাঁহ-কুকুৰা পাম পৰিচালনাৰ বাবে সাধাৰণতে হাতত লোৱা অনুশীলনবোৰ তলত উল্লেখ কৰা হ’ল –

দুগ্ধপাম

1. গো পাম পৰিস্কাৰ আৰু তাত ৰখা গৰু-ম’হৰ বাবে প্ৰয়োজনীয় আশ্ৰয়ৰ ব্যৱস্হা কৰা হয় ৷

2. দেহৰ পৰা লেতেৰা আৰু দুৰ্বল নোমবিলাক গুচাবলৈ নিতৌ চাফা কৰা হয় ৷

3. পোহনীয়া জন্তুবিলাক বায়ু চলাচলৰ সু-ব্যৱস্হা থকা ঘৰত ৰখা হয় যাতে বৰষুণ, তাপ আৰু শীতৰ পৰা ৰক্ষা পাব পাৰি ৷

4. গোহালি ঘৰৰ মজিয়াখন হেলনীয়া হোৱা দৰকাৰ যাতে চাফা আৰু শুকান কৰি ৰাখিব পৰা যায় ৷

হাঁহ-কুকুৰা পাম –

1. হাঁহ-কুকুৰা পালনত পামৰ উষ্ণতা নিয়ন্ত্ৰন কৰা হয় ৷

2. পামঘৰ চাফ-চিকুন কৰি ৰখা হয় ৷

3. হাঁহ-কুকুৰাক উন্নত মানৰ খাদ্য যোগান ধৰা হয় ৷

4. পাম ঘৰত স্বাস্হ্যকৰ পৰিৱেশ আৰু মহামাৰী নিয়ন্ত্ৰণ কৰা হয় ৷

2.  ব্ৰয়লাৰ আৰু লেয়াৰসমূহৰ মাজত পাৰ্থক্য কি আৰু সিঁহতৰ পৰিচালনাৰ মাজত পাৰ্থক্য কেনে ধৰণৰ ?

উত্তৰ – ব্ৰয়লাৰ প্ৰজাতিৰ কুকুৰা মাংসৰ কাৰণে আৰু লেয়াৰ প্ৰজাতিৰ কুকুৰা কণীৰ কাৰণে পালন কৰা হয় ৷

ব্ৰয়লাৰ আৰু লেয়াৰ কুকুৰাৰ পামঘৰ, পুষ্টিকৰ আহাৰ আৰু পৰিৱেশ কিছু পৰিমাণে বেলেগ হয় ৷ ব্ৰইলাৰৰ দৈনিক যোগান ধৰা খাদ্যত উপযুক্ত চৰ্বী আৰু প্ৰ’টিনৰ পৰিমাণ বেছি থাকে ৷ খাদ্যত ভিটামিন ‘এ’ আৰু ‘ই’ৰ পৰিমাণ বেছি থাকে ৷

প্ৰশ্নাৱলী, Page No – 213

1. কি ধৰণে মাছ ধৰা হয় ?

উত্তৰ –  মাছ দুটা পদ্ধতিৰে ধৰা হয় ৷ এটা পদ্ধতি হ’ল প্ৰাকৃতিক উৎসৰ পৰা মীন সংগ্ৰহ আৰু আনটো পদ্ধতি হ’ল – মীন পাম পৰিচালনাৰ পৰা মৎস আহৰণ ৷

2. মিশ্ৰিত মীন পালনৰ সুবিধা সমূহ কি কি ?

উত্তৰ –  মিশ্ৰিত মীন পালনত একেটা পুখুৰীত পাঁচ বা ছয়টা প্ৰজাতিৰ মাছ একেলগে পোহা হয়। খাদ্যৰ কাৰণে প্রতিযোগিতা নোহোৱা বেলেগ বেলেগ খাদ্যভ্যাসৰ মাছৰ প্ৰসূতি বাচি লোৱা হয়। ফলস্বৰূপে পুখুৰী এটাত থকা সকলো প্ৰকাৰৰ খাদ্য ব্যৱহাৰ কৰিব পাৰি। উদাহৰণ হিচাবে বাহু মাছ (Catla) পানীৰ উপৰিভাগত, ৰৌ (Rohu) মাছে পানীৰ মধ্য অঞ্চলত, মিৰিকা (Mrigal) আৰুকমন কার্প (Common carp) জাতীয় মাছে পানীৰ তল অঞ্চলৰ পৰা খাদ্য সংগ্রহ কৰে আৰু গ্ৰাছ কাৰ্প (Grass carp)এ ঘাঁহ-বন আদি খাদ্য হিচাপে খায় ৷ এই আটাইকেইটা প্রজাতিৰ মাছ একেটা পুখুৰীতে পালন কৰিলে ইহঁতৰ খাদ্যৰ কাৰণে প্রতিযোগিতা ‘নোহোৱাকৈ গোটেইপুখুৰীটো ব্যৱহাৰ কৰিব পাৰি। এই পদ্ধতিৰদ্বাৰা এটা পুখুৰীৰ পৰা অধিক পৰিমানৰ মাছ উৎপাদন কৰিব পাৰি।

প্ৰশ্নাৱলী, Page No – 213

1. মৌ উৎপাদনৰ বাবে বিভিন্ন মৌ প্ৰজাতিবোৰৰ কেনে ধৰণৰ বৈশিষ্ট্য থকা প্ৰয়োজন ?

উত্তৰ –  মৌ উৎপাদনৰ বাবে বিভিন্ন মৌ প্ৰজাতিবোৰৰ প্ৰয়োজনীয় বৈশিষ্ট সমূহ –

1. মৌ প্ৰজাতিবোৰ প্ৰচুৰ পৰিমাণে মৌ উৎপাদনক্ষম হোৱা উচিত ৷

2. দীৰ্ঘ সময় মৌ বাহত থকা মৌ প্ৰজাতি হোৱা উচিত ৷

2. পেষ্টুৰেজ কি আৰু মৌ উৎপাদনৰ লগত ইয়াৰ কি সম্পৰ্ক ?

উত্তৰ –  পেষ্টুৰেজৰ অৰ্থ হ’ল এটা অঞ্চল যি ঘাহ বননিৰে ভৰা য’ত জীৱ জন্তুয়ে আহাৰ(সাধাৰণতে ঘাহ) গ্ৰহণ কৰিব পাৰে ৷

  পেষ্টুৰেজ থাকিলে মৌ মাখিয়ে ফুলৰ ৰস অতি সহজে সংগ্ৰহ কৰিব পাৰে ৷ তেনে ক্ষেত্ৰত মৌ উৎপাদন প্ৰচুৰ পৰিমাণে হোৱা সম্ভৱনা থাকে ৷

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন

Advertisement

   অনুশীলনী

1. শস্যৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতিৰ বিষয়ে বর্ণনা দিয়া।

উত্তৰ –  শস্যৰ অধিক উৎপাদন কৰিব বাবে কৃষি প্ৰণালীত বিভিন্ন প্ৰথা হাতত লোৱা হয় ৷ তেনে এটা উদাহৰণ হ’ল – মিশ্ৰিত কৃষি প্ৰণালী ৷

       একে ডখোৰ মাটিতে সমকালীন দুটা বা ততোধিক শস্যৰ খেতি কৰা প্রথাকে মিশ্রিত কৃষি প্ৰণালী (Mixed cropping) বোলা হয়। উদাহৰণ হিচাবে ঘেঁহু আৰু বুটমাহ, বা ঘেঁহু আৰু সৰিয়হ, বা চীনা বাদাম আৰু বেলিফুল।ইয়াৰ দ্বাৰাই কোনো এবিধ শস্যৰ ক্ষতি বা উৎপাদন কম হলেও আনটোৰ পৰা সেই ক্ষতিপুৰণ লাভ কৰিব পাৰি বা কিছু লাঘৱ হয়।

2. পথাৰত কিয় জৈৱ সাৰ আৰু কৃত্রিম সাৰ প্ৰয়োগ কৰা হয় ?

উত্তৰ –  শস্যৰ অধিক উৎপাদনৰ বাবে পথাৰত জৈৱ সাৰ আৰু কৃত্রিম সাৰ প্ৰয়োগ কৰা হয়৷

     জৈৱিক সাৰত প্ৰচুৰ পৰিমাণে জৈৱ সাৰ থাকে আৰু এইবিলাকে মাটিক কিছু পৰিমাণে অনুপোষক দ্ৰব্য আৰু জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধিত সহায় কৰি মাটিক সাৰুৱা বা উর্বৰ কৰি তোলে। জৈৱিক সাৰত থকা জৈৱ পদার্থবিলাকে মাটিৰ গঠন আৰু গুণগত মানৰ উৎকর্ষ সাধন

কৰে। ইয়াৰ দ্বাৰাই বালিহীয়া মাটিয়ে পানী ধৰি ৰাখিব পৰাত সহায় কৰে। একেদৰে প্ৰচুৰ পৰিমাণে জৈৱ পদার্থ থকা বোকা মাটিকো পানী বন্ধ বা জমা হৈ থকাৰ পৰা ৰক্ষা কৰে।

      কৃত্রিম সাৰ হ’ল ব্যৱসায়িক ভিত্তিক প্রস্তুত কৰা উদ্ভিদৰ অনুপোষক। কৃত্রিম সাৰে নাইট্রজেন, ফচফৰাচ আৰু পটাছিয়ামৰ যোগান ধৰে। এইবিলাক ব্যৱহাৰ কৰিলে উদ্ভিদৰ গা-গছ (পাত ঠাল-ঠেঙুলি আৰু ফুল-ফল) ভালদৰে বিকাশ, বৃদ্ধি হৈ শ্রীবৃদ্ধি হোৱাতো নিশ্চয়তা থাকে। আধুনিক কৃষিপাম পদ্ধতিত অধিক উৎপাদনৰ অন্তৰালত কৃত্রিম সাৰ হ’ল এক অনন্য কাৰক।

3. অন্তৰাৱতী কৃষি পদ্ধতি আৰু শস্যাৱর্তনৰ সুবিধাসমূহ কি কি ?

উত্তৰ – অন্তৰৱতী কৃষি পদ্ধতিত একে ডোখৰ মাটিতে দুটা বা ততোধিক শস্য এক

নির্দিষ্ট শৈলীৰে খেতি কৰা হয়। এই পদ্ধতিত কোনো এবিধ শস্য কেইশাৰীমান ৰোপণ কৰি আনবিধ শস্যৰ কেইশাৰীমান ৰোপণ কৰা হয়; এনেদৰে পুনৰাৱৰ্তী কৰিব লাগে।

উদাহৰণ হিচাবে চয়াবীন আৰু গোমধান, বা বজ্ৰ আৰু উৰহী । শস্যবিলাক এনেদৰে নির্বাচন কৰি ল’ব লাগে যাতে সিহঁতৰ প্রয়োজনীয় অনুপোষক দ্রব্যবিলাকো ভিন্ন হয়। এইটোও নিশ্চিত

কৰি ল’ব লাগে যাতে যোগান ধৰা প্ৰায়খিনি অনুপোষক দ্রব্যই শস্যবিলাকে শোষণ কৰি ল’ব পাৰে আৰু কীট-পতঙ্গ বা বেমাৰে আক্ৰমণ কৰি যাতে সকলো বিলাক শস্যলৈ বিয়পিব নোৱাৰে তাৰ প্রতিৰোধ ব্যৱস্থা হাতত ল’ব লাগে। এনে ব্যৱস্থাই দুয়োবিধ শস্যৰ পৰাই অধিক উৎপাদন লাভ কৰিব পাৰি।

         আন এক প্রথা হ’ল শস্যাৱর্তন। সুপৰিকল্পিতভাৱে একে ডোখৰ মাটিতে এটাৰ পিছত এটাকৈ বিভিন্ন শস্যৰ খেতি কৰাকে শস্যাৱর্তন বোলা হয়। কোনো এটা শস্যৰ চপোৱা

কালৰ ওপৰত ভিত্তি কৰি শস্যাৱর্তনৰ শস্যবিলাকো ভিন্ন হয়। মাটিৰ আদ্রতা, জলসিঞ্চনৰ ব্যৱস্থা আদিৰ ওপৰত ভিত্তি কৰি এবিধ শস্য চপোৱাৰ পাছত কি শস্য ৰোপণ কৰা হ’ব তাক নির্ণয় কৰা হয়। যদি শস্যাৱর্তন পদ্ধতি সঠিক মতে কৰা হয়, তেতিয়া একেটা বছৰতে দুবিধ বা তিনিবিধ শস্য ভালদৰে চপাব পাৰি।

4. জিনীয় সালসলনি কৌশল কি ? ই কৃষি পদ্ধতিত কিয় উপযোগী ?

উত্তৰ –জিনীয় সালসলনি কৌশলত প্ৰয়োজনীয় জিন দুটা শস্যৰ মাজত সালসলনি কৰা হয় ৷ ধৰাহ’ল কোনো এটা শস্য সহজে সিজে কিন্তু আকাৰত সৰু আৰু আন এবিধ শস্য সহজে নিসিজে কিন্তু আকাৰত ডাঙৰ ৷ এতিয়া গুণগত মানৰ শস্য পাবলৈ সহজে সিজা গুণ বিশিষ্ঠ জিন আৰু ডাঙৰ আকাৰৰ গুণ বিশিষ্ঠ জিন উক্ত শস্য দুটাত সালসলনি কৰি সহজে সিজা আৰু ডাঙৰ আকাৰৰ শস্য পাব পাৰি ৷

5. ভঁৰালত মজুত কৰি ৰখা শস্যৰ কেনেদৰে ক্ষতি সাধন হয় ?

উত্তৰ –  কষি উৎপাদিত শস্যৰ ভঁৰালত হোৱা ক্ষতিৰ পৰিমাণ অতি বেছি। এনে ধৰণৰ ক্ষতিৰ প্ৰধান কাৰকবিলাক হ’ল– পোক, এন্দুৰ, ভেঁকুৰ, চাহী (Mites), বেক্টেৰীয়া আদিৰ বাবে আৰু অজৈৱিক যেনে, ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় ভাপ। এইবিলাক কাৰকে শস্যৰ বীজৰ গুণাগুণ হ্রাস কৰে, ওজন কমায়, অংকুৰণ ভালদৰে নহয়, শস্যৰ বৰণ সলনি কৰে, যাৰ বাবে বাণিজ্যিকভারে ক্ষতি হয়।

6. পশুপালন (Animal husbandry)ৰ দ্বাৰা কৃষকসমূহে কেনেকৈ লাভান্বিত হয় ?

উত্তৰ –  পশুপালনৰ দ্বাৰা কৃষকসমূহে বিভিন্ন ধৰণে উৎপাদন কৰি লাভাম্বিত হয় –

(i) হাঁহ-কুকুৰা পালন কৰি কণী উৎপাদন কৰে ৷

(ii) ছাগলী, হাঁহ-কুকুৰা আদিৰ পৰা মাংসৰ চাহিদা পূৰণ কৰে ৷

(iii)মীন পালনৰ দ্বাৰা মাছ উৎপাদন কৰি লাভাম্বিত হয় ৷

(iv) গো- পালন কৰি গাখীৰ উৎপাদন কৰে আৰু কৃষিকাৰ্যত জড়িত কাম যেনে হালবোৱা, পানী যোগান আৰু গাড়ী টনা আদিত ব্যৱহাৰ কৰি লাভাম্বিত হয় ৷

7. গো-পালনৰ দ্বাৰা কি কি লাভালাভ হয়?

উত্তৰ –  গো- পালন দুটা পৰিপল্কনা হাতত ৰাখি কৰা হয় –  গাখীৰ উৎপাদন আৰু কৃষিকাৰ্যত জড়িত কাম যেনে হালবোৱা, পানী যোগান আৰু গাড়ী টনা আদিত ব্যৱহাৰ কৰিবলৈ ৷

8. উৎপাদন বৃদ্ধি কৰিবৰ বাবে ‘পল্ট্ৰি পাম’, মীনপাম আৰু মৌ-মাখি পালনত কি ব্যৱস্থা লোৱা হয় ?

উত্তৰ –  উৎপাদন বৃদ্ধি কৰিবৰ বাবে ‘পল্ট্ৰি পাম’, মীনপাম আৰু মৌ-মাখি পালনত তলত উল্লেখিত ব্যৱস্থা হাতত লোৱা হয় –

(i) উন্নত গুণ বিশিষ্ট কুকুৰা, মাছ বা মৌ-মাখী পালন ৷

(ii) পাম পৰিস্কাৰ কৰি ৰাখিব লাগে ৷

(iii) প্ৰয়োজন সাপেক্ষে উষ্ণতা নিয়ন্ত্ৰন কৰি ৰাখিব লাগে ৷

(iv) উচ্চ মানৰ খাদ্য যোগান ধৰিব লাগে ৷

9. আহৰণ মীনক্ষেত্র, ‘মেৰীকালচাৰ’, ‘একুৱাকালচাৰ’ আদিৰ মাজত কেনেকৈ পার্থক্য বাচি উলিয়াবা ?

উত্তৰ –  আহৰণ মীনক্ষেত্র, ‘মেৰীকালচাৰ’, ‘একুৱাকালচাৰ’ আদিৰ মাজৰ পার্থক্য তলত উল্লেখ কৰা হ’ল –

      আহৰণ মীনক্ষেত্র          মেৰীকালচাৰ        একুৱাকালচাৰ
আহৰণ মীনক্ষেত্রত প্ৰাকৃতিক উৎসল পৰা মীন সংগ্ৰহ কৰা হয় ৷মেৰীকালচাৰত ব্যৱসায়িক ভিত্তিক ভাৱে সামূদ্ৰিক মাছ পালন কৰা হয় ৷ যেনে – পমফ্ৰেট, মেকাৰেল, টোনা ইত্যাদি ৷একুৱাকালচাৰত অৰ্থনৈতিক লাভালাভ থকা সকলো ধৰণৰ জলজ প্ৰাণীৰ উৎপাদন কৰা হয় ৷ যেনে – মাছ, মিছা মাছ, শামূক, কেঁকোৰা ইত্যাদি ৷

Read More :

অধ্যায়- ১ আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অধ্যায় – ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?

অধ্যায় ৩ অণু আৰু পৰমাণু

অধ্যায় ৪ পৰমাণুৰ গঠন

অধ্যায় ৫ জীৱৰ মৌলিক একক

অধ্যায় ৬ কলা

অধ্যায় ৭ জীৱৰ বিচিত্ৰতা

অধ্যায় ৮ – গতি

অধ্যায় ৯ বল আৰু গতি বিষয়ক সূত্ৰসমূহ

অধ্যায় ১০ মহাকৰ্ষণ

অধ্যায় ১১ কাৰ্য আৰু শক্তি

অধ্যায় ১২ শব্দ

অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় ?

অধ্যায় ১৪ প্ৰাকৃতিক সম্পদ

অধ্যায় ১৫ খাদ্য সম্পদৰ উৎকৰ্ষ সাধন

বিজ্ঞান – দশম শ্ৰেণী ( NCERT – SEBA)

Advertisement

4 Replies to “খাদ্য সম্পদৰ উৎকৰ্ষ সাধন”

Leave a Reply

Your email address will not be published. Required fields are marked *