গতি – Notes

গতি - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়- 8 গতি – Notes Motion ৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Linkত Click কৰিলে পাব ৷

গতি – Notes

গতি – বস্তু এটাৰ স্থানৰ পৰিবৰ্তনকে বস্তুটোৰ গতি বোলে ৷

সৰণ – বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্বক সৰণ বুলি কোৱা হয় ৷

সুষম গতি কোনো গতিশীল বস্তু এটাই সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিলে তাৰ গতিক সুষম গতি বোলা হয় ৷

বিষম গতি কোনো গতিশীল বস্তু এটাই সমান সমান সময়ৰ ব্যৱধানত অসমান দূৰত্ব অতিক্ৰম কৰিলে তাৰ গতিক বিষম গতি বোলা হয় ৷

দ্ৰুতি –

Advertisement

বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্বক তাৰ দ্ৰুতি বোলে ৷

   দ্ৰতিৰ এচ.আই(S.I.) একক হ’ল মিটাৰ প্ৰতি ছেকেণ্ড(ms-1 বা m/s) ৷

বেগ বস্তু এটাৰ প্ৰতি একক সময়ৰ সৰণকে তাৰ বেগ বোলে৷

বেগৰ এচ.আই(S.I.) একক হ’ল মিটাৰ প্ৰতি ছেকেণ্ড(ms-1 বা m/s) ৷

ত্বৰণ বস্তু এটাৰ বেগৰ পৰিবৰ্তনৰ হাৰকে বস্তুটোৰ ত্বৰণ বোলে ৷

ত্বৰণৰ এচ.আই(S.I.) একক হ’ল ms-2 বা m/s2

সুষম ত্বৰণ যদি বস্তু এটা সৰল ৰেখাৰে গতিশীল আৰু ইয়াৰ বেগ সমান সময়ৰ অন্তৰালত সমান সমান পৰিমাণে বাঢ়ে বা কমে, তেতিয়া বস্তুটোৰ ত্বৰণক সুষম বুলি কোৱা হয়৷

উদাহৰণ – মুক্তভাৱে অধোগমন কৰা বস্তু এটাৰ গতি সুষমভাৱে ত্বৰিত গতিৰ এটা উদাহৰণ ৷

বিষম ত্বৰণ –

গতিশীল বস্তু এটাৰ বেগ বিষম হাৰত পৰিবৰ্তিত হ’লে তাৰ ত্বৰণক বিষম ত্বৰণ বুলি কোৱা হয় ৷

উদাহৰণ – যদি গাড়ী এখনে পোন পথত সমান সমান সময়ৰ অন্তৰালত বেলেগ বেলেগ পৰিমাণে দ্ৰুতিৰ বৃদ্ধি কৰে তেন্তে গাড়ীখনে বিষম ত্বৰণেৰে গতি কৰা বুলি কোৱা হয় ৷

সুষম বৃত্তীয় গতি বস্তু এটাই বৃত্তাকাৰ পথেৰে সুষম দ্ৰুতিৰে গতি কৰিলে তাৰ গতিক সুষম বৃত্তীয় গতি বুলি কোৱা হয় ৷

সুষম বৃত্তীয় গতিৰ উদাহৰণ – চন্দ্ৰ আৰু পৃথিৱীৰ গতি, বৃত্তীয় কক্ষপথেদি পৃথিৱীৰ চাৰিওফালে উপগ্ৰহৰ গতি ইত্যাদি ৷

Read More :

Advertisement

গতি – পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনী

আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes

অনু আৰু পৰমাণু – Notes

জীৱৰ মৌলিক একক – Notes

কলা – Notes

জীৱৰ বিচিত্ৰতা – Notes

গতি – Notes

বল আৰু গতি বিষয়ক সূত্ৰসমূহ – – Notes

মহাকৰ্ষণ – Notes

শব্দ – Notes

আমি অসুস্থ হওঁ কিয় ? – Notes

প্ৰাকৃতিক সম্পদ – Notes

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – Notes

One Reply to “গতি – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *