গতি

গতি
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 8 গতি (Motion ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

গতি – প্ৰশ্নাৱলী, Page No – 100

1. বস্তু এটাই এক নিদিষ্ট দূৰত্ব অতিক্ৰম কৰিলে। ইয়াৰ সৰণ ‘শূন্য’ হ’ব পাৰেনে ? যদি পাৰে, তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া

উত্তৰ – হয়, বস্তু এটাই এক নিদিষ্ট দূৰত্ব অতিক্ৰম কৰিলে। ইয়াৰ সৰণ ‘শূন্য’ হ’ব পাৰে ৷ উদাহৰণ –

গতি

ধৰাহ’ল,

    এখন গাড়ীয়ে 30 km দৈৰ্ঘৰ পথ এটাত A বিন্দুৰ পৰা D বিন্দুলৈ যাত্ৰা কৰিছে ৷

    D বিন্দুত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হ’ব = 30 km

    D বিন্দুত গাড়ীখনৰ সৰণ হ’ব = 30 km

গাড়ীখনে D বিন্দুৰ পৰা C বিন্দুলৈ উভতি আহিলে,

 C বিন্দুত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হ’ব = AD + DC

                                =30 km + 10 km

                                = 40 km

 C বিন্দুত গাড়ীখনৰ সৰণ হ’ব = AD – DC

                      = 30 – 10

                      = 20 km

এতিয়া, গাড়ীখন A বিন্দুত উপস্থিত হ’ল –

A বিন্দুত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হ’ব = AD + DC + CA

                               = 30 km + 10 km + 20km

                               = 60 km

 A বিন্দুত গাড়ীখনৰ সৰণ হ’ব = 0 km

এতেকে দেখা গ’ল যে গাড়ীখনে 60km দূৰত্ব আতিক্ৰম কৰাৰ পিছত সৰণৰ মান শূন্য হ’ল ৷

2. খেতিয়ক এজনে 10m বাহুৰ বগাকৃতি পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূর্ণ কৰে। 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেঁওৰ সৰণৰ মান কিমান হ’ৱ ?

উত্তৰ –

গতি

ধৰাহ’ল, ABCD এখন বৰ্গাকাৰ পথাৰ ৷

খেতিয়ক এজনে বগাকৃতি পথাৰখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূর্ণ কৰে।

    খেতিয়কজনে 40 ছেকেণ্ডত বগাকৃতি পথাৰখনৰ = 1 পাক সম্পূৰ্ণ কৰে

 খেতিয়কজনে 2 মিনিট 20 ছেকেণ্ড(140s)ত সম্পূৰ্ণ কৰিব = 1/40 x 140

                                          = 3.5 পাক

অৰ্থাৎ খেতিয়কজনে যদি A বিন্দুৰ পৰা ভ্ৰমণ আৰম্ভ কৰে তেনেহ’লে তেঁও C বিন্দুত 3.5 পাক সম্পূৰ্ণ কৰিব ৷

গতিকে চিত্ৰৰ পৰা আমি পাঁও, খেতিয়কজনৰ সৰণৰ মান AC হ’ব ৷ খেতিয়কজনৰ সৰণৰ মান, 

গতি

 এতেকে ,প্ৰাৰম্ভিক অৱস্থানৰ পৰা খেতিয়কজনৰ সৰণৰ মান হ’ব 14.14 m |

3. সৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ?

(a) ই শূন্য হ’ব নোৱাৰে।

(b) ইয়াৰ মান বস্তুটোৱে অতিক্রম কৰা দৰত্বতকৈ বেছি

উত্তৰ – (a) ই শূন্য হ’ব নোৱাৰে। – অসত্য কাৰণ সৰণৰ মান শূন্য হ’ব পাৰে ৷

(b) ইয়াৰ মান বস্তুটোৱে অতিক্রম কৰা দৰত্বতকৈ বেছি  অসত্য কাৰণ সৰণৰ মান বস্তুটোৱে অতিক্রম কৰা দৰত্বতকৈ কম বা সমান হয় ৷

প্ৰশ্নাৱলী, Page No – 102

Advertisement

1. দ্রুতি আৰু বেগৰ পার্থক্য লিখা

উত্তৰ – দ্রুতি আৰু বেগৰ পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –

                      দ্রুতি                       বেগ
1. দ্ৰুতি হ’ল বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব ৷1. বেগ হ’ল বস্তু এটাৰ প্ৰতি একক সময়ৰ সৰণ ৷
2. দ্ৰুতি স্কেলাৰ ৰাশি ৷2. বেগ ভেক্টৰ ৰাশি ৷
3. দ্ৰতিৰ মান আছে দিশ নাই ৷3. বেগৰ মান আৰু দিশ দুয়োটাই আছে ৷
4. দ্ৰুতি = অতিক্ৰম কৰা মুঠ দূৰত্ব/অতিবাহিত মুঠ সময়4. বেগ = সৰণ/অতিবাহিত মুঠ সময়

2. কি চৰ্ত বা কি কি চৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয় ?

উত্তৰ – গড় দ্ৰুতি = অতিক্ৰম কৰা মুঠ দূৰত্ব/অতিবাহিত মুঠ সময়

     গড় বেগ = সৰণ/অতিবাহিত মুঠ সময়

বস্তু এটাৰ অতিক্ৰম কৰা দূৰত্ব বস্তুটোৰ সৰণৰ সমাণ হ’লে বস্তুটোৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয় ৷

3. মটৰগাড়ীৰ অড’মিটাৰে (odometer) কি জোখে ?

উত্তৰ – মটৰগাড়ীৰ অড’মিটাৰে গাড়ীখনে অতিক্ৰম কৰা মুঠ দুৰত্ব জোখে ৷

4. সুষভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা ?

উত্তৰ – সুষভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰল ৰৈখিক ৷

5. পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত   ষ্টেচনত সংগ্রীহিত হ’ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযান খনৰ দূৰত্ব কিমান ইব ? সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে অর্থাৎ 3 x 108 ms-1  দ্রুতিৰে গতি কৰে।

উত্তৰ – দিয়া আছে,

           সময়, t = 5 min = 5 x 60 = 300 s

           দ্ৰুতি , v = 3 x 108 ms-1  

           দূৰত্ব,  s = ?

আমি জানো যে,

           v =  s/t

          s = 3 x 108 x 300

          s = 9 x 1010 m

 ভূমিস্থ ষ্টেচনৰ পৰা মহাকাশযান খনৰ দূৰত্ব হ’ব 9 x 1010 m ৷

প্ৰশ্নাৱলী, Page No – 103

1. তুমি কেতিয়া বস্তু এটাৰ (1) সুষম ত্বৰণ (ii) বিষম ত্বৰণ হোৱা বুলি ক’বা ?

উত্তৰ –

(i) সুষম ত্বৰণ – যদি বস্তু এটা সৰল ৰেখাৰে গতিশীল আৰু ইয়াৰ বেগ সমান সময়ৰ অন্তৰালত সমান সমান পৰিমাণে বাঢ়ে বা কমে, তেতিয়া বস্তুটোৰ ত্বৰণক সুষম বুলি কোৱা হয়৷

উদাহৰণ – মুক্তভাৱে অধোগমন কৰা বস্তু এটাৰ গতি সুষমভাৱে ত্বৰিত গতিৰ এটা উদাহৰণ ৷

(ii) বিষম ত্বৰণ – গতিশীল বস্তু এটাৰ বেগ বিষম হাৰত পৰিবৰ্তিত হ’লে তাৰ ত্বৰণক বিষম ত্বৰণ বুলি কোৱা হয় ৷

উদাহৰণ – যদি গাড়ী এখনে পোন পথত সমান সমান সময়ৰ অন্তৰালত বেলেগ বেলেগ পৰিমাণে দ্ৰুতিৰ বৃদ্ধি কৰে তেন্তে গাড়ীখনে বিষম ত্বৰণেৰে গতি কৰা বুলি কোৱা হয় ৷

2. বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 kmh-1 ৰ পৰা 60 kmh-1 লৈ হ্রাস পালে। বাছখনৰ ত্বৰণ নির্ণয় কৰা।

উত্তৰ –

গতি

3. ৰে’লগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি 40kmh-1 লৈ বৃদ্ধি কৰিলে।ইয়াৰ ত্বৰণ নির্ণয় কৰা

উত্তৰ –

গতি

প্ৰশ্নাৱলী, Page No – 107

Advertisement

1. বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্রকৃতি কেনেকুৱা হয় ?

উত্তৰ – বস্তুৰ সুষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি সৰল ৰেখা হ’ব ৷

গতি

বস্তুৰ বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি বক্ৰ ৰেখা হ’ব ৷

গতি

2. বস্তু এটাৰ দূৰত্ব-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা। বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা ?

উত্তৰ – বস্তু এটাৰ দূৰত্ব-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা হ’লে বস্তুটো স্থিতিশীল অৱস্থিত থাকিব ৷

গতি

3. বস্তু এটাৰ দ্ৰুতি-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা। বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা ?

উত্তৰ – বস্তু এটাৰ দ্ৰুতি-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা হ’লে বস্তুটো সুষমভাৱে গতিশীল হ’ব ৷

4.  বেগ-সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নির্দেশ কৰা ৰাশিটো কি ?

উত্তৰ – বেগ-সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নির্দেশ কৰা ৰাশিটো হ’ল গতিশীল বস্তু এটাই অতিক্ৰম কৰা দূৰত্ব ৷

প্ৰশ্নাৱলী, Page No –  109

1. এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1ms-2  ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে।

(a) গাড়ীখনে লাভ কৰা দ্রুতি আৰু

(b) অতিক্ৰম কৰা দূৰত্ব উলিওৱা।

উত্তৰ –  দিয়া আছে,

           গাড়ীখনৰ প্ৰাৰম্ভিক বেগ, u = 0 m/s

             গাড়ীখনৰ ত্বৰণ , a = 0.1ms-2

              সময়,    t = 2 m

                    = 2 x 60

                    = 120s

       গাড়ীখনে লাভ কৰা দ্ৰুতি, v = ?

      গাড়ীখনে আতিক্ৰম কৰা দূৰত্ব, s = ?

(a) আমি জানো যে,

              v = u + at

                = 0 + 0.1 x 120

                = 12 m/s

  গাড়ীখনে লাভ কৰা দ্রুতি হ’ব 12 m/s ৷

(b) আৰু,

          v2 = u2 + 2as

            122 = 0 + 2 X 0.1 X S

            s = 144/0.2

            s = 720m

     গাড়ীখনে আতিক্ৰম কৰা দূৰত্ব = 720m

2. ৰেলগাড়ী এখন 90 kmh-1  দ্রুতিৰে গতিশীল অৱস্থাত আছে।- 0.5 ms-2 সুষম ত্বৰণ সৃষ্টি হোৱাকৈ গাড়ীখনত ব্রেক প্রয়োগ কৰা হ’ল। ৰে’লগাড়ীখন ৰোৱাৰ আগলৈকে কিমানদূৰ আগবাঢ়ি গ’ল ?

উত্তৰ –  দিয়া আছে,

            ৰেলগাড়ীখনৰ প্ৰাৰম্ভিক বেগ, u =  90 kmh-1  

                                                                                 = 9000/3600 ms-1

                                  = 25 ms-1

             ৰেলগাড়ীখনৰ অন্তিম বেগ, v = 0

                ৰেলগাড়ীখনৰ ত্বৰণ , a = – 0.5 ms-2

                     ৰে’লগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব, s = ?

আমি জানো যে,

          v2 – u2 = 2as

                   0 – 252 = 2 x -0.5 x s

            s   = 625 m

     ৰে’লগাড়ীখন ৰোৱাৰ আগলৈকে 625 m আগবাঢ়ি গ’ল  |

3. হেলনীয়া সমতল এখনেদি গতি কৰা ট্ৰলী এখনৰ ত্বৰণ 2 cms-2 | আৰম্ভণিৰ পৰা 3 ছেকেণ্ডৰ পিছত ইয়াৰ বেগ কিমান হব?

উত্তৰ – দিয়া আছে,

             ট্ৰলীখনৰ প্ৰাৰম্ভিক বেগ, u = 0

            ট্ৰলীখনৰ ত্বৰণ , a = 2 cms-2

                                                             =  2/100

                                                             =  0.02 ms-2

                                           সময়,   t = 3 s

আৰম্ভণিৰ পৰা 3 ছেকেণ্ডৰ  পিছতট্ৰলীখনৰ অন্তিম বেগ, v = ?

আমি জানো যে,

            v = u + at

              = 0 + .02 x 3

              = 0.06 ms-1

  আৰম্ভণিৰ পৰা 3 ছেকেণ্ডৰ  পিছত ট্ৰলীখনৰ অন্তিম বেগ হ’ব 0.06 ms-1

4. বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান 4 ms-2 | আৰম্ভণিৰ পৰা 10  ছেকেণ্ডৰ পিছত কিমান দূৰত্ব অতিক্রম কৰিব ?

উত্তৰ –      গাড়ীখনৰ প্ৰাৰম্ভিক বেগ, u = 0

           গাড়ীখনৰ ত্বৰণ, a = 4 ms-2

                  সময়,   t  =  10

     গাড়ীখনে অতিক্ৰম কৰা দুৰত্ব, s = ?

     আমি জানো যে,

             s = ut + 1/2at2

               = 0 + ½ x 4 x 102

               = 200 m

  গাড়ীখনে অতিক্ৰম কৰা দুৰত্ব 200 m |

5. শিল এটা 5 ms-1 বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে। যদি শিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ 10 ms-2 হয়, তেন্তে শিলগুটিটো কিমান উচ্চতালৈ উঠিব আৰু সেই উচ্চতালৈ উঠিবলৈ সি কিমান সময় ল’ব ?

উত্তৰ – দিয়া আছে,

             শিলগুটিটোৰ প্ৰাৰম্ভিক বেগ, u = 5 ms-1

             শিলগুটিটোৰ অন্তিম বেগ, v = 0

             শিলগুটিটোৰ ত্বৰণ, a = – 10 ms-2

                               শিলগুটিটো উঠা উচ্চতা , s = ?

             সময়, t = ?

আমি জানো যে,

             v = u + at

               0 = 5 – 10 x t

              t = 5/10

             t = 0.5 s

   আৰু,

         2as = v2 – u2

        2 x -10 x s = 0 – 52

        -20s = – 25

          s = 25/20

          s = 1.25 m

  শিলগুটিটো 1.25 m উচ্চতালৈ উঠিব আৰু সেই উচ্চতালৈ উঠিবলৈ সি 0.5s ল’ব ৷

                       গতি –   অনুশীলনী

Advertisement

1. এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাৰে 40 ছেকেণ্ড সময়ত এপাক সম্পূর্ণ কৰিলে। 2 মিনিট 20 চেকেণ্ডৰ অন্তত তেওঁ অতিক্রম কৰা দুৰত্ব আৰু সৰণ কিমান হ’ব ?

উত্তৰ –  বৃত্তাকাৰ পথটোৰ ব্যাস, d = 200 m

       বৃত্তাকাৰ পথটোৰ ব্যাসাৰ্ধ, r = d/2 = 200/2 = 100 m

দৌৰবিদজনে 40 ছেকেণ্ডত বৃত্তাকাৰ পথটোৰ   = 1 পাক সম্পূৰ্ণ কৰে

 দৌৰবিদজনে 2 মিনিট 20 ছেকেণ্ড(140s)ত সম্পূৰ্ণ কৰিব = 1/40 x 140

                                          = 3.5 পাক

ধৰাহ’ল,

  দৌৰবিদজনে A বিন্দুৰ পৰা দৌৰ আৰম্ভ কৰিছিল ৷ যিহেতু তেঁও 2 মিনিট 20 ছেকেণ্ড(140s)ত বৃত্তাকাৰ পথটোৰ 3.5 পাক সম্পূৰ্ণ কৰিছে সেয়েহে সেই সময়ত তেঁওৰ অৱস্হান B বিন্দুত হ’ব(চিত্ৰৰ পৰা) ৷

গতিকে দৌৰবিদজনৰ সৰণ হ’ব 200 m ৷

 2 মিনিট 20 চেকেণ্ডৰ অন্তত তেওঁ অতিক্রম কৰা দুৰত্ব আৰু সৰণ ক্ৰমে 2200 m আৰু 200m  হ’ব |

2. 300 মিটাৰ দৈৰ্ঘ্যৰ পোন পথ এটাৰ এটা মূৰ Aৰ পৰা দৌৰি 2 মিনিট 30 ছেকেণ্ডত যোচেফ আনটো মূৰ Bত উপনীত হ’ল আৰু তাৰ পৰৱর্তী 1 মিনিটত C বিন্দুলৈ 100 m উভতি আহিল।

(a) Aৰ পৰা Bলৈ আৰু (b) Aৰ পৰা Cলৈ যোচেফৰ দৌৰৰ গড় দ্রুতি আৰু বেগ নির্ণয় কৰা।

উত্তৰ – a) Aৰ পৰা Bলৈ যোচেফৰ গড় দ্ৰুতি আৰু বেগ –

Aৰ পৰা Bলৈ অতিক্ৰম কৰা মুঠ দূৰত্ব, s1 = 300 m

Aৰ পৰা Bত উপনীত হোৱাত যোচেফৰ সৰণ = 300 m

   প্ৰয়োজন হোৱা মুঠ সময়, t­1 = 2 মিনিট 30 ছেকেণ্ডত

                      = 2 x 60 + 30

                      = 150s

আমি জানো যে,

আমি জানো যে,

     গড় দ্ৰুতি = অতিক্ৰম কৰা মুঠ দূৰত্ব/অতিবাহিত মুঠ সময়

            = 300/150

            = 2 m/s

   গড় বেগ = সৰণ/অতিবাহিত মুঠ সময়

        =  300/150

        = 2 m/s

 Aৰ পৰা Bলৈ যোচেফৰ দৌৰৰ গড় দ্ৰুতি আৰু গড় সৰণ হ’ব = 2 m/s ৷

b) Aৰ পৰা Cলৈ যোচেফৰ গড় দ্ৰুতি আৰু বেগ –

Aৰ পৰা Cলৈ অতিক্ৰম কৰা মুঠ দূৰত্ব, s2 = AB + BC

                             = 300 + 100

                             = 400 m

Aৰ পৰা Cত উপনীত হোৱাত যোচেফৰ সৰণ = AB – BC

                               = 300 – 100

                               = 200 m

  Aৰ পৰা Cলৈ অতিক্ৰম কৰিবলৈ প্ৰয়োজন হোৱা মুঠ সময়,

                    t2 = AB অতিক্ৰমৰ সময় + BC অতিক্ৰমৰ সময়

                      = 150s + 60s

                      = 210 s

আমি জানো যে,

           গড় দ্ৰুতি = অতিক্ৰম কৰা মুঠ দূৰত্ব/অতিবাহিত মুঠ সময়

                  = 400/210

                  = 1.90 m/s

           গড় বেগ  = সৰণ/অতিবাহিত মুঠ সময়

                  =  200/210

                  = 0.952 m/s

 Aৰ পৰা Cলৈ যোচেফৰ গড় দ্ৰুতি আৰু বেগ ক্ৰমে 1.90 m/s আৰু 0.952 m/s ৷

3. আব্দুলে স্কুললৈ গাড়ী চলাই যাওঁতে তাৰ গতিৰ গড় দ্রুতি 20 kmh-1 বুলি গণনা কৰিলে আৰু একে পথেৰে উভতি আহোতে ভিৰ কম হোৱাৰ বাবে তাৰ গড় দ্রুতি 30 Kmh-1 হ’ল । সম্পূর্ণ যাত্ৰাটোত আব্দুলৰ গড় দ্রুতি কিমান ?

উত্তৰ – ধৰাহ’ল,

         স্কুললৈ মুঠ দূৰত্ব = s

স্কুললৈ যাওঁতে আব্দুলৰ গাড়ীৰ মুঠ দ্ৰুতি, v1 = 20 kmh-1

স্কুলৰ পৰা উভতি আহোতেআব্দুলৰ গাড়ীৰ মুঠ দ্ৰুতি, v2 = 30 Kmh-1

স্কুললৈ যাবলৈ প্ৰয়োজন হোৱা মুঠ সময় = t1 = s/ v1

স্কুলৰ পৰা উভতি আহিবলৈ প্ৰয়োজন হোৱা মুঠ সময় = t2 = s/ v2

গতিকে,

4. হ্রদ এটাত ইঞ্জিনচালিত নাও এখন স্থিতিশীল অৱস্থাৰ পৰা 3.0 ms-2 স্থিৰ হাৰত সৰল ৰেখা এডালেদি 8.0 ছে.ৰ বাবে ত্বৰিত হ’ল। এই সময়ত নাওখনে কিমান দূৰ অতিক্রম কৰিলে ?

উত্তৰ – দিয়া আছে,

            নাওখনৰ প্ৰাৰম্ভিক বেগ, u = 0 m/s

                  নাওখনৰ ত্বৰণ, a = 3.0 ms-2

                                            সময়,   t = 8s

          নাওখনে অতিক্ৰম কৰা দূৰত্ব, s = ?

আমি জানো যে,

         S = ut + 1/2at2

           = 0 + 1/2 x 3 x 82

           = 96 m

     নাওখনে 96 m দূৰ অতিক্রম কৰিলে ৷

5. 52 kmh-1 ত গৈ থকা গাড়ী এখনৰ চালকে ব্রেক প্রয়োগ কৰিলে আৰু বিপৰীত দিশত সুষমভাৱে ত্বৰিত হ’ল। গাড়ীখন 5 ছেকেণ্ডত ৰৈ গ’ল। আন এখন গাড়ীৰ চালকে 3 Kmh-1ত গৈ থকা অৱস্থাত লাহে লাহে ব্রেক প্রয়োগ কৰিলে আৰু 10 ছেকেণ্ডত ৰৈ গ’ল। একেখন লেখ-কাগজত দুয়োখন গাড়ীৰ দ্রুতি বনাম সময় লেখ অংকন কৰা। ব্রেক প্রয়োগৰ পিছত কোনখন গাড়ী অধিক দূৰলৈ গ’ল ?

উত্তৰ-  দুয়োখন গাড়ীৰ দ্ৰুতি বনাম সময় লেখ –

 এতেকে দেখা গ’ল যে  ব্রেক প্রয়োগৰ পিছত প্ৰথম গাড়ীখন অধিক দূৰলৈ যাব ৷

7. 20 মি. উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হ’ল। ইয়াৰ বেগ 10 ms-2 সুষম হাৰত বাঢ়িলে ই কিমান বেগেৰে ভূমিত পৰিব ? কিমান সময়ৰ পিছত ই ভূমিত পৰিব?

উত্তৰ – দিয়া আছে,

          বলটোৰ প্ৰাৰম্ভিক বেগ, u = 0

              বলটোৰ ত্বৰণ, a = 10 ms-2

বলটোয়ে অতিক্ৰম কৰা দূৰত্ব, s = 20 m

বলটোৰ অন্তিম বেগ, v = ?

ভূমিত পৰিবলৈ প্ৰয়োজন হোৱা সময়, t = ?

আমি জানো যে,

           2as = v2-u2

           v2 = 2as – u2

           v2 = 2 x 10 x 20 – 0

           v2  = 400

           v = 20 m/s

আৰু,

        v = u + at

      20 = 0 + 10 t

       t = 20/10

       t = 2 s

  বলটো 2sৰ পিছত  20 m/s বেগেৰে ভূমিত পৰিব ৷

9. তলত দিয়া পৰিস্থিতিবোৰৰ ভিতৰত যিবোৰ সম্ভৱপৰ সেইবোৰ উল্লেখ কৰা আৰু প্রত্যেকৰে একোটাকৈ উদাহৰণ দিয়া।

(a) স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু।

(b) কোনো এক দিশত গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত

উত্তৰ – (a) স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু – ই সম্ভৱ ৷ যেতিয়া ওপৰলৈ  দলিওৱা শিলগুটি এটা সৰ্বচ্চ উচ্চতা লাভ কৰে তেতিয়া শিলগুটিটোৰ ত্বৰণ স্হিৰ কিন্তু বেগ শূন্য হয় ৷

(b) কোনো এক দিশত গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত – ই সম্ভৱ ৷  যেতিয়া গাড়ী এখনে বৃতাকাৰ পথেৰে গতি কৰে তেতিয়া গাড়ীখনৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত হয় ।

10. 42250 km ব্যাসার্ধৰ বৃত্তীয় কক্ষপথেদি কৃত্রিম উপগ্রহ এটা প্রদক্ষিণৰত হৈ আছে। যদি ই 24 ঘণ্টাত পৃথিৱীক এবাৰ প্রদক্ষিণ কৰে তেন্তে তাৰ দ্ৰুতি নির্ণয় কৰা ।

উত্তৰ – দিয়া আছে,

           বৃত্তীয় কক্ষপথৰ ব্যাসার্ধ, r = 42250 km

      পৃথিৱীক এবাৰ প্রদক্ষিণ কৰিবলে প্ৰয়োজন হোৱা মুঠ সময়, t = 24 hr

                                               = 24 x 60 x 60

       কৃত্রিম উপগ্রহটোৰ দ্ৰুতি, v = ?

Read More :

অধ্যায়- ১ আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অধ্যায় – ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?

অধ্যায় ৩ অণু আৰু পৰমাণু

অধ্যায় ৪ পৰমাণুৰ গঠন

অধ্যায় ৫ জীৱৰ মৌলিক একক

অধ্যায় ৬ কলা

অধ্যায় ৭ জীৱৰ বিচিত্ৰতা

অধ্যায় ৮ – গতি

অধ্যায় ৯ বল আৰু গতি বিষয়ক সূত্ৰসমূহ

অধ্যায় ১০ মহাকৰ্ষণ

অধ্যায় ১১ কাৰ্য আৰু শক্তি

অধ্যায় ১২ শব্দ

অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় ?

অধ্যায় ১৪ প্ৰাকৃতিক সম্পদ

অধ্যায় ১৫ খাদ্য সম্পদৰ উৎকৰ্ষ সাধন

বিজ্ঞান – দশম শ্ৰেণী ( NCERT – SEBA)

11 Replies to “গতি”

Leave a Reply

Your email address will not be published. Required fields are marked *