চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Notes

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান , ৰাজনীতি বিজ্ঞানৰ নৱম শ্ৰেণীৰ, অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

১/  প্লেটো আৰু এৰিষ্টটলে চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তিত কেনেধৰণৰ শ্ৰেণীত ভাগ কৰিছিল ?

উত্তৰ – প্লেটো আৰু এৰিষ্টটলে চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তিত কেইটামান শ্ৰেণীত ভাগ কৰিছিল। জনকল্যাণৰ হকে হোৱা এজনৰ শাসনক ৰাজতন্ত্র, কেইজনমানৰ শাসনক অভিজাততন্ত্র আৰু বহুজনৰ বা ৰাইজৰ শাসনক ৰাজ্য ব্যৱস্থা বুলি নামকৰণ কৰিছিল। আনহাতে, জনস্বার্থৰ বিপৰীতে শাসকৰ স্বাৰ্থৰ বাবেহে চলা এজনৰ শাসনক স্বৈতন্ত্র , কেইজনমানৰ শাসনক আঢ্যৱন্ততন্ত্র আৰু বহুজনৰ শাসনক গণতন্ত্র বুলি কৈছিল।

২/ বৰ্তমানেও ৰজা বা ৰাণী থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা ৷

উত্তৰ –  বৰ্তমানেও ৰজা বা ৰাণী থকা তিনিখন ৰাষ্ট্ৰৰ নাম হ’ল ইংলেণ্ড, নেপাল আৰু ভূটান ৷

৩/ ষ্টিফেন লীককে আধুনিক চৰকাৰসমূহত কেনেধৰণে ভাগ কৰিছে ?

উত্তৰ – ষ্টিফেনলীককে আধুনিক যুগৰ চৰকাৰসমূহক মূলতঃ দুভাগত ভগাইছে— একনায়কতন্ত্র বা স্বৈৰতন্ত্র আৰু গণতন্ত্র ৷ তেওঁ আধুনিক গণতন্ত্রক সীমিত ৰাজতন্ত্র আৰু গণৰাজ্য বা প্রজাতন্ত্র — এই দুটা ভাগত ভাগ কৰিছে। তেখেতে পুনৰ দুয়োটা প্রকাৰকে আকৌ এককেন্দ্রীয় আৰু যুক্তৰাষ্ট্ৰীয়, এই দুভাগত ভগাইছে। শেষত এককেন্দ্রীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰকো সংসদীয়  আৰু ৰাষ্ট্ৰপতীয়, এই দুভাগত বিভক্ত কৰিছে।

৪/  একনায়কতন্ত্র বা স্বৈৰতন্ত্র শাসন কাক বোলে ?

উত্তৰ –  যি শাসন ব্যৱস্থাত একোজন ব্যক্তি বা এটা ৰাজনৈতিক দলৰ একচ্ছত্রী শাসন চলে তেনে শাসন ব্যৱস্থাক একনায়কতন্ত্র বোলা হয়।

৫/  গণতন্ত্ৰ কাক বোলে ?

উত্তৰ -গণতন্ত্র হ’ল জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা শাসন। গণতন্ত্রত সকলো ক্ষমতাৰ উৎস আৰু অধিকাৰী জনসাধাৰণ ৷

৬/ প্ৰত্যক্ষ গণতন্ত্ৰ কাক বোলে ?

উত্তৰ – যি গণতন্ত্ৰত জনসাধাৰণে প্ৰত্যক্ষভাৱে শাসনত অংশগ্ৰহণ কৰিব পাৰে তেনে গণতন্ত্ৰক প্ৰত্যক্ষ গণতন্ত্ৰ বোলে ৷

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Notes

Advertisement

৭/ পৰক্ষ গণতন্ত্ৰ কাক বোলে ?

উত্তৰ – যি গণতন্ত্ৰত প্ৰতিনিধিৰ যোগেদিহে সৰ্বসাধাৰণেশাসনত অংশগ্ৰহণ কৰিব পাৰে তেনে গণতন্ত্ৰক পৰক্ষ গণতন্ত্ৰ বোলে ৷

৮/ সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান ক’ত ?

উত্তৰ – সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান ইংলেণ্ডত ৷

৯/ কি চৰকাৰক ৱেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ বুলি কোৱা হয় ?

উত্তৰ -সংসদীয় পদ্ধতিৰ চৰকাৰক ৱেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ বুলি কোৱা হয় ৷

১০/ ৰাষ্ট্ৰপতীয় চৰকাৰ কাক বোলে ?

উত্তৰ – যি চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ নীতিৰ দ্বাৰা কাৰ্যপালিকা আৰু বিধানমণ্ডল দুয়ো নিজৰ নিজৰ ক্ষেত্ৰত স্বাধীন আৰু য’ত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়, তেনে চৰকাৰকে ৰাষ্ট্ৰপতীয় চৰকাৰ বোলে ৷

১১/  কোন চৰকাৰত ‘অৱৰোধন আৰু সন্তুলন’ নীতি থকা দেখা যায় ?

উত্তৰ – ৰাষ্ট্ৰপতীয় চৰকাৰত ‘অৱৰোধন আৰু সন্তুলন’ নীতি থকা দেখা যায় ৷

১২/  এককেন্দ্ৰীয় চৰকাৰ কাক বোলে ?

উত্তৰ – যি পদ্ধতিৰ চৰকাৰত সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে অৰ্থাৎ মাত্ৰ এটা কেন্দ্ৰৰ পৰাই শাসন চলে, তেনে চৰকাৰক এককেন্দ্ৰীয় চৰকাৰ বোলা হয় ৷

১৩/ প্ৰথমখন যুক্তৰাষ্ট্ৰীয় চৰকাৰ ক’ত সৃষ্টি হৈছিল ?

উত্তৰ – প্ৰথমখন যুক্তৰাষ্ট্ৰীয় চৰকাৰ আমেৰিকাত সৃষ্টি হৈছিল ৷

১৪/ কোনখন দেশক ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বোলা হয় ?

উত্তৰ – আমেৰিকাক ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বোলা হয় ৷

Read More:

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – অনুশীলনী

ইতিহাস –

অধ্যায়- ১ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ মোৱামৰীয়া গণ বিদ্ৰোহ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )

অধ্যায়- 2 বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – Notes

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- 4 অসমৰ ভূগোল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তোৰ )

ৰাজনীতি বিজ্ঞান –

অধ্যায়- ১ ভাৰতৰ ৰাজনৈতিক দল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান

অধ্যায়- ১ অৰ্থনীতিৰ মৌলিক বিষয় সমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ মূল অৰ্থনৈতিক সমস্যাসমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement

4 Replies to “চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *