চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, ৰাজনীতি বিজ্ঞান খণ্ডৰ অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ ( Types or Classification of Government ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – অনুশীলনী

অতি চমু উত্তৰৰ প্রশ্ন –

১/ চৰকাৰৰ শেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন ?

উত্তৰ – চৰকাৰৰ শেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক হ’ল প্লেটো ৷

২/ বর্তমান বিশ্বৰ আটাইতকৈ জনপ্রিয় চৰকাৰ কোনবিধ ?

উত্তৰ – বর্তমান বিশ্বৰ আটাইতকৈ জনপ্রিয় চৰকাৰ হ’ল যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৷

৩/ সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট এখনৰ নাম লিখা ।

উত্তৰ – সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট এখনৰনাম হ’ল ভাৰত ৷

৪/ সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান আৰু ৰাষ্ট্রপ্রধান কোন ?

উত্তৰ – সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান হ’ল প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্রপ্রধান হ’ল ৰাষ্ট্ৰপতি ৷

৫/ ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্রকাৰৰ চৰকাৰৰ থাকে ?

উত্তৰ – ক্ষমতাৰ পৃথকীকৰণ নীতি ৰাষ্ট্ৰপতীয় চৰকাৰৰ থাকে ৷

৬/ ৰাষ্ট্রপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰ – ৰাষ্ট্রপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ ৷

৭/ এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্র এখনৰ নাম লিখা ৷

উত্তৰ – এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্র এখনৰ নাম হ’ল গ্ৰেট ব্ৰিটেইন (ইংলেণ্ড) ৷

৮/ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি ?

উত্তৰ – যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ হ’ল কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ ৷

৯/ ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে  ?

উত্তৰ – ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় চৰকাৰ আছে ৷

১০/ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে  ?

উত্তৰ – ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই ৷

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

Advertisement
চমু উত্তৰৰ প্রশ্ন –

১/ বর্তমান সময়ত প্রচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি ?

উত্তৰ – বর্তমান সময়ত প্রচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ হ’ল –

(i)  সংসদীয় চৰকাৰ,

(ii) ৰাষ্ট্ৰপতীয় চৰকাৰ,

(iii)  এককেন্দ্ৰীৰ চৰকাৰ আৰু

(iv) যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৷

২/ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ – সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল –

(i) এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে। এজন প্রকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্র কার্যপালিকা। প্রধানমন্ত্রীৰ নেতৃত্বত মন্ত্রী পৰিষদখন হ’ল প্রকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্রপ্রধানজন  নামমাত্র কার্যপালিকাহে।

(ii) এই চৰকাৰত কাৰ্যপালিকা অর্থাৎ মন্ত্রীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য।

৩/ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা।

উত্তৰ – সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ  –

ক। সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনো এটা ৰাজনৈতিক দলেও বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে, তেতিয়া মৰ্চা চৰকাৰ গঠিত হয়। মৰ্চা চৰকাৰ অস্থায়ী আৰু যিকোনো সময়তে ৰাজনৈতিক সংকট সৃষ্টি হ’ব পাৰে।

খ। এই চৰকাৰত মন্ত্রীসকল বিভাগীয় কাম-কাজত প্ৰায়েই অনভিজ্ঞ হোৱাৰ বাবে বহু সময়ত আমোলাসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। ফলত চৰকাৰৰ কাম- কাজত আমোলাসকলৰ প্ৰভাৱ বেছি হয় আৰু চৰকাৰখনে আমোলাতান্ত্রিক চৰকাৰৰ ৰূপ লয়।

সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ –

ক। সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সু-সম্পর্ক আৰু সহযোগিতা থাকে। ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি ৷

খ। এই চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে।

৪/ ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি ?

উত্তৰ – ক্ষমতাৰ পৃথকীকৰণ নীতিৰ অৰ্থ হ’ল চৰকাৰৰ তিনিটা অংগ ন্যায়পালিকা, কাৰ্যপালিকা আৰু বিধানমণ্ডল তিনিওটাই নিজৰ নিজৰ ওচৰত স্বাধীন ৷ ৰাষ্ট্ৰপতীয় চৰকাৰৰ ক্ষেত্ৰত ক্ষমতাৰ পৃথকীকৰণ নীতি দেখা যায় ৷

৫/ ৰাষ্ট্রপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা ৷

উত্তৰ – ৰাষ্ট্রপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল –

ক। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্রপতীয় চৰকাৰত ৰাষ্ট্রপ্রধান আৰু চৰকাৰ প্রধান বুলি দুজন ব্যক্তি নাথাকে। ইয়াত ৰাষ্ট্রপতিজন ৰাষ্ট্রপ্রধানৰ লগতে চৰকাৰ প্রধানো।

খ। ৰাষ্ট্রপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। দুয়োৰে স্থিতি সম্পূর্ণ স্বাধীন। বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ’ব নোৱাৰে আৰু কার্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কার্যক্রমণিকাত অংশ ল’ব নোৱাৰে।

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

৬/ এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা।

উত্তৰ – এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ –

ক। এককেন্দ্রীয় চৰকাৰে সমগ্ৰ দেশৰ বাবে একেধৰণৰ প্রশাসন ব্যৱস্থা প্রয়োগ আৰু কার্যকৰী কৰাৰ বাবে প্রশাসন শক্তিশালী হয়। ইয়াত জটিলতা নাথাকে।

খ। এককেন্দ্রীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ ব্যয় কম। ফলত উন্নয়নমূলক কামত অধিক ধন ব্যয় কৰাৰ সুযোগ থাকে।

এককেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ  –

ক। এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয়।

খ। এককেন্দ্রীয় চৰকাৰত জনসাধাৰণে সক্রিয়ভাৱে দেশৰ শাসন কাৰ্য্যত অংশগ্ৰহণৰ সুযোগ নাপায়। ফলত জনসাধাৰণৰ ৰাজনৈতিক সক্রিয়তা কম হয়।

দীঘল উত্তৰৰ প্ৰশ্ন –

১/ ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা।

উত্তৰ – ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণসমূহ তলত উল্লেখ কৰা হ’ল –

ক। ৰাষ্ট্রপতীয় চৰকাৰত ৰাষ্ট্রপতিজন এটা নির্দিষ্ট কার্যকালৰ বাবে নির্বাচিত হোৱা বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আতৰ কৰিব নোৱাৰাৰ বাবে চৰকাৰখন স্থায়ী হয়। ইয়াত বিধানমণ্ডলৰো নির্দিষ্ট কার্যকাল থাকে। ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায়।

খ।  এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী। যিহেতু চৰকাৰৰ প্রকৃত ক্ষমতা ৰাষ্ট্ৰপতিৰজনৰ ওচৰত কেন্দ্রীভূত হৈ থাকে, গতিকে জৰুৰীকালীন অৱস্থাত অতি সহজে যিকোনো সিদ্ধান্ত ক্ষিপ্ৰভাৱে লোৱাতো সহজ হয়।

গ। কার্যপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে।

ঘ। যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হোৱা বাবে ৰাষ্ট্রপতিজনে কাৰ্য্য সম্পাদন কৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যা গৰিষ্ঠতাৰ সমর্থনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে।

ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষসমূহ তলত উল্লেখ কৰা হ’ল –

ক। ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্রপতিজনক বিধানমণ্ডলে নিয়ন্ত্রণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ আশংকা থাকে।

খ। ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্রপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে। সামগ্রিকভাৱে ই দেশৰ প্রশাসনত বিৰূপ প্ৰভাৱ পেলায়।

গ। ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন অনমনীয় হ’লে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশোধন কৰাত জটিলতা আহে।

ঘ। ৰাষ্ট্রপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ভিন্ন ৰাজনৈতিক দলৰ হ’লে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক।

ঙ।এই চৰকাৰত মন্ত্রীত্ব (ছেক্রেটাৰী/সচিব) লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্যই যোগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে।

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

২/ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।

Advertisement

উত্তৰ – সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল –

ক। দুজন মুৰব্বী – এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে। এজন প্রকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্র কার্যপালিকা। প্রধানমন্ত্রীৰ নেতৃত্বত মন্ত্রী পৰিষদখন হ’ল প্রকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্রপ্রধানজন (ৰজা/ ৰাণী/ ৰাষ্ট্রপতি) নামমাত্র কার্যপালিকাহে।

খ। কার্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰৰ সদস্য – এই চৰকাৰত কাৰ্যপালিকা অর্থাৎ মন্ত্রীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য।

গ। বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ – সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পর্ক নিবিড়।

ঘ। মন্ত্রীপৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ – সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। বিধানমণ্ডলে অনাস্থা প্রস্তাৱ গ্ৰহণ কৰিলে মন্ত্রীপৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়।

ঙ। মন্ত্রীপৰিষদৰ সামূহিক দায়বদ্ধতা – এই চৰকাৰত মন্ত্রীপৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয়। মন্ত্রীপৰিষদৰ এজন সদস্যৰ ব্যর্থতাৰ বাবে সকলো সদস্য দায়বদ্ধ হয়।

৩/ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বর্তমান কিয় জনপ্রিয় হৈছে, উদাহৰণসহ আলোচনা কৰা।

উত্তৰ – বৰ্তমাম পৃথিৱীত যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক জনপ্ৰিয়তা লাভ কৰিছে ৷ আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ড আৰু ভাৰেতবৰ্ষৰ দৰে দেশত যুক্তৰাষ্ট্ৰীয় চৰকাৰ সফল হোৱা দেখা যায় ৷

           যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰৰ জনপ্ৰিয়াতাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল –

ক। যুক্তৰাষ্ট্ৰীয় চৰকাৰত প্ৰতিখন ৰাজ্যই স্বায়ত্ত শাসনৰ সুবিধা লাভ কৰাৰ লগতে এখন বৃহৎ আৰু শক্তিশালী ৰাষ্ট্রৰ অংগৰাজ্যও হয়। ফলত আঞ্চলিক স্বায়ত্ব শাসন আৰু জাতীয় একতা দুয়োটাৰে সুবিধাসমূহ লাভ কৰা দেখা যায়।

খ। ভিন্ন ধর্ম, জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্রৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্রসূ হয়।

গ। কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজনে স্থানীয় তথা ৰাজ্যিক সমস্যাসমূহৰ সমাধানৰ দায়িত্বৰ পৰা কেন্দ্রীয় চৰকাৰক ৰেহাই দিয়ে । ইয়াৰ ফলত জাতীয় গুৰুত্ব থকা বিষয়বিলাকত অধিক গুৰুত্ব দিবলৈ কেন্দ্রীয় চৰকাৰে সুবিধা পায়।

ঘ। যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ক্ষমতাৰ বিকেন্দ্রীকৰণৰ ব্যৱস্থা থকাত অন্তর্বিপ্লৱৰ শংকা কম থাকে আৰু কেন্দ্রীয় চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ প্রৱণতা নাথাকে।

ঙ। যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্রিক। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ তথা বিকেন্দ্রীকৰণে সকলোকে গণতন্ত্রত অংশলোৱাৰ সুবিধা প্রদান কৰে।

৪/ এককেন্দ্রীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ – এককেন্দ্রীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল –

ক। শক্তিশালী কেন্দ্রীয় চৰকাৰঃ এনে চৰকাৰত সংবিধানে সকলো ক্ষমতা কেন্দ্রীয় চৰকাৰৰ ওচৰত ন্যস্ত কৰে। ফলত ইয়াত কেন্দ্রীয় চৰকাৰৰ স্থিতি অতি শক্তিশালী।

খ। লিখিত অথবা অলিখিত সংবিধান – এককেন্দ্রীয় চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হ’ব পাৰে। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেদাৰলেণ্ডৰ সংবিধানখন লিখিত।

গ।একক নাগৰিকত্ব –  একক নাগৰিকত্ব এককেন্দ্রীয় চৰকাৰৰ প্রধান বৈশিষ্ট্য।

ঘ। দুর্বল ন্যায়পালিকা – এককেন্দ্রীয় চৰকাৰত আইন সভাৰ প্রাধান্য পৰিলক্ষিত হয়। আইন সভাই প্রস্তুত কৰা আইন সমগ্ৰ দেশৰ বাবে প্রযোজ্য হয় আৰু তেনে আইনৰ ওপৰত ন্যায়িক পুনৰীক্ষাৰ ব্যৱস্থা নাথাকে।

ঙ। নমনীয় সংবিধান – এককেন্দ্ৰীয় চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয়। কেন্দ্রীয় চৰকাৰে নিজৰ প্ৰয়োজনত সংবিধানখন সংশোধন কৰিব পাৰে।

৫/ এককেন্দ্ৰীয় চৰকাৰ প্ৰকৃততে গণতান্ত্রিকনে ? সমালোচনা আগবঢ়োৱা।

উত্তৰ – যি পদ্ধতিৰ চৰকাৰত সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে অৰ্থাৎ মাত্ৰ এটা কেন্দ্ৰৰ পৰাই শাসন চলে, তেমে চৰকাৰক এককেন্দ্ৰীয় চৰকাৰ বোলা হয় ৷

           এককেন্দ্ৰীয় চৰকাৰক প্ৰকৃততে গণতান্ত্রিক বুলিব নোৱাৰি ৷ ইয়াৰ কাৰণ হ’ল এনে চৰকাৰত জনসাধাৰণে সক্ৰিয়ভাৱে দেশৰ শাসন কাৰ্য্যত অংশগ্ৰহণৰ সুযোগ নাপায় ৷ এনে চৰকাৰ আমোলাতান্ত্ৰিক হোৱা বাবে অমলাসকলে প্ৰকৃত শাসন চলাই ৷ ইয়াৰ ওপৰিও এককেন্দ্ৰীয় চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ আশংকা প্ৰৱল ৷

Read More:

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ৰাজনীতি বিজ্ঞান –
ভাৰতৰ ৰাজনৈতিক দল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
ইতিহাস –

অধ্যায় ১ – ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

অধ্যায় ৩ – মোৱামৰীয়া গণ বিদ্ৰোহ

ভূগোল –

অধ্যায় ১ – ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

অধ্যায়-২ বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল

অধ্যায়- ৪ অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায়- ১ ভাৰতৰ ৰাজনৈতিক দল

অৰ্থনীতি বিজ্ঞান

অধ্যায় ১ – অৰ্থনীতিৰ মৌলিক বিষয় সমূহ

অধ্যায় ২ – মূল অৰ্থনৈতিক সমস্যাসমূহ

Advertisement

4 Replies to “চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ”

Leave a Reply

Your email address will not be published. Required fields are marked *