ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, অধ্যায়- 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে (How do Organisms Reproduce) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷
প্ৰশ্নাৱলী, Page No- 128
1.প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যক কি?
উত্তৰ – DNA অণুত বংশগত বৈশিষ্ট নিহিত হৈ থাকে ৷ DNA অণুৱে পিতৃ-মাতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ বহন কৰে ৷ প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপি এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ DNAৰ বাহকৰ গুণ ভিন্ন হ’লে ভিন্ন প্ৰকাৰৰ প্ৰ’টিন সংশ্লেষণ হয় ৷ ভিন্ন প্ৰকাৰৰ প্ৰ’টিনবোৰে জীৱ দেহৰ অবয়ব সলনি কৰে ৷ ইয়াৰ উপৰিও DNA প্ৰতিলিপিৱে জীৱ দেহৰ অবয়ব এনেদৰে গঠন কৰে যে নিৰ্দিষ্ট বাসস্থান ব্যৱহাৰৰ বাবে নতুন জীৱবোৰ উপযোগী হৈ উঠে ৷
2. প্ৰজাতিৰ কাৰণে ভিন্নতা প্রয়ােজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয় ?
উত্তৰ – প্ৰজাতিৰ কাৰণে ভিন্নতাৰ প্ৰয়োজন কাৰণ ভিন্নতাই প্ৰজাতি এটাক বিভিন্ন ধৰণৰ পৰিবৰ্তনৰ লগত খাপ খাই জীৱন বৰ্তাই ৰখাত সহায় কৰে ৷ পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা হ্ৰাস – বৃদ্ধি, জলভাগৰ উঠা-নমা ইত্যাদি নানা ধৰণৰ পৰিৱৰ্তন হ’ব পাৰে ৷ এনে পৰিবৰ্তনৰ ফলত জীৱবোৰ ধ্বংস হৈ যাব পাৰে ৷ কিন্তু প্ৰজাতি এটাৰ ভিন্নতাই কিছুমান জীৱক প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে ফলত প্ৰজাতিটোৰ জীৱবোৰ জীয়াই থাকি বংশ বৃদ্ধি কৰিব পাৰে ৷
উদাহৰণ স্বৰূপে, নাতীশীতোষ্ণ জলভাগত বেক্টেৰিয়া আবাদী বাস কৰি থাকে আৰু গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ কাৰণে কিছুমান বেক্টেৰীয়া ধ্বংস হৈ যাব পাৰে ৷ কিন্তু কিছু সংখ্যক বেক্টিৰিয়াৰ প্ৰতিৰোধ ক্ষমতা থকা কাৰণে জীয়াই থাকি ভৱিষ্যত বংশ বৃদ্ধি কৰিব পাৰে ৷
একক জীৱ এটাৰ বাবে ভিন্নতা প্ৰয়োজন নহয় কাৰণ ই একক জীৱৰ বাবে লাভজনক নহয় ৷
প্ৰশ্নাৱলী, Page No- 133
1.দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্রভেদ কি কি?
উত্তৰ – দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্রভেদ সমূহ তলত উল্লেখ কৰা হ’ল –
দ্বি-খণ্ডন বা দ্বিবিভাজন | বহু বিভাজন |
---|---|
১.দ্বি-খণ্ডন প্ৰজনন প্ৰক্ৰিয়াত কোষ এটা সমভাৱে দ্বিখণ্ডিত হৈ নতুন প্ৰজন্মৰ সৃস্তি কৰে ৷ | ১.বহু বিভাজন প্ৰজনন প্ৰক্ৰিয়াত জীৱ এটাই কোষ এটাৰ পৰা অসংখ্য নতুন প্ৰজন্মৰ সৃস্তি কৰে ৷ |
২. এমিবাৰ ক্ষেত্ৰত দ্বি-খণ্ডন বা দ্বিবিভাজন দেখা যায় ৷ | ২. প্লাজম’ডিয়ামৰ ক্ষেত্ৰত বহু বিভাজন দেখা যায় ৷ |
2.যদি কোনাে জীৱই ৰেণুৰদ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ’ব?
উত্তৰ – কোনাে জীৱই ৰেণুৰদ্বাৰা বংশ বিস্তাৰ কৰিলে ই তলত দিয়া ধৰণে লাভান্বিত হ’ব –
- ৰেণুধানীত অসংখ্য ৰেণু উপত্তি কৰা সম্ভৱ ৷
- ৰেণুৰ আকাৰ সৰু হোৱা বাবে বতাহত দূৰলৈ স্থানান্তৰ হ’ব পাৰে ৷
- ৰেণু বিলাকৰ অৱৰণ যথেষ্ট ডাঠ হোৱা বাবে প্ৰতিকুল পৰিৱেশত ভিতৰৰ পদাৰ্থ খিনি সজীৱ কৰি ৰাখিব পাৰে ৷
- অনুকুল পৰিৱেশ পালে বা উপযুক্ত আধাৰ পালে নতুন জীৱন লাভ কৰিব পাৰে ৷
3. উচ্চ খাপৰ জীৱই কিয় পুনৰ জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নােৱাৰে তাৰ কাৰণ দর্শাব পাৰিবানে?
উত্তৰ – ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ জীৱ উৎপত্তি কৰি লব পাৰে ৷ প্ৰজননৰ এই প্ৰক্ৰিয়াক পুনৰ জীৱন পদ্ধতি বোলে ৷ এই পদ্ধতি কিছুমান সৰল প্ৰাণী যেনে হাইড্ৰা , প্লেনেৰিয়া আদি জীৱত দেখা যায় ৷
উচ্চ খাপৰ জীৱই পুনৰ জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নােৱাৰে কাৰণ উচ্চ খাপৰ জীৱৰ দৈহিক গঠন যথেষ্ট জটিল ৷ ইহঁতৰ দেহত অসংখ্য কোষেৰে ক’লা গঠন হয়, ক’লাৰ সমষ্টিৰে অংগ , অংগৰ সমষ্টিৰে অংগ তন্ত্ৰ আৰু অংগ তন্ত্ৰৰ সমষ্টিৰে একক জীৱ এটা গঠন হয় ৷
4. বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়ােগ কৰা হয় ?
উত্তৰ – যি প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদৰ অংগৰ পৰা নতুন এজোপা উদ্ভিদ সৃষ্টি হয় তেনে প্ৰক্ৰিয়াক আংগিক বিস্তাৰণ বোলি কোৱা হয় ৷ এই প্ৰক্ৰিয়াত মূল বা শিপা, পাত বা কাণ্ডৰ পৰা নতুন উদ্ভিদৰ উৎপত্তি হয় ৷
আংগিক বিস্তাৰণ প্ৰয়োগ কৰা কিছুমান কাৰণ হ’ল –
- বীজ নোহোৱা উদ্ভিদ যেনে মাটি কঠাল , কল আদি এই প্ৰক্ৰিয়াৰ দ্বাৰা বংশ বিস্তাৰ কৰিব পাৰে ৷
- এই প্ৰক্ৰিয়াৰে উৎপাদিত উদ্ভিদৰ জিনীয় পৰিবৰ্তন নহয় বাবে কৃষকে ভাল গুণ বিশিষ্ট উদ্ভিদৰ অধিক খেতি কৰি লাভাম্বিত হ’ব পাৰে ৷
- আংগিক বিস্তাৰণ প্ৰয়োগ কৰি উচ্চ গুণ বিশিষ্ট উদ্ভিদৰ সংৰক্ষন কৰিব পাৰি ৷
- এই প্ৰক্ৰিয়া অতি সহজে কৰিব পাৰি আৰু ই অতি কম খৰচি ৷
- আংগিক বিস্তাৰণ প্ৰক্ৰিয়াৰে উৎপাদিত উদ্ভিদে অতি কম সময়ত ফ’ল বা ফুল উৎপাদন কৰে ৷
- বীজৰ পৰা উদ্ভিদ নোহোৱা ঠাইত এই প্ৰক্ৰিয়া অবলম্বন কৰিব পাৰি ৷
5. প্রজনন প্রক্রিয়াৰ এটা অংশ হিচাবে ডি. এন. এ. (DNA) ৰ প্রতিলিপিকৰণ কিয় প্রয়ােজন?
উত্তৰ – DNA অণুত বংশগত বৈশিষ্ট নিহিত হৈ থাকে ৷ DNA অণুৱে পিতৃ-মাতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ বহন কৰে ৷ প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাবে ডি. এন. এ. (DNA) ৰ প্রতিলিপিকৰণ প্রয়ােজন কাৰণ DNAৰ বাহকৰ গুণ ভিন্ন হ’লে ভিন্ন প্ৰকাৰৰ প্ৰ’টিন সংশ্লেষণ হয় ৷ ভিন্ন প্ৰকাৰৰ প্ৰ’টিনবোৰে জীৱ দেহৰ অবয়ব সলনি কৰে ৷ ইয়াৰ উপৰিও DNA প্ৰতিলিপিৱে জীৱ দেহৰ অবয়ব এনেদৰে গঠন কৰে যে নিৰ্দিষ্ট বাসস্থান ব্যৱহাৰৰ বাবে নতুন জীৱবোৰ উপযোগী হৈ উঠে ৷
প্ৰশ্নাৱলী, Page No- 140
1.নিষেচন আৰু পৰাগযােগৰ পার্থক্য কেনেধৰণৰ ?
উত্তৰ – নিষেচন আৰু পৰাগযােগৰ পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –
নিষেচন | পৰাগযােগ |
---|---|
১.নিষেচন হ’ল পুং জনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন বা যোজন ঘটা পৰিঘটনা ৷ | ১. পৰাগযােগ হ’ল উদ্ভিদৰ যৌন প্ৰজননত পৰাগধানীৰ পৰা পৰাগ ৰেণু গৈ গৰ্ভমুণ্ডত পৰা পৰিঘটনা ৷ |
২. নিষেচন প্ৰাণী আৰু উদ্ভিদ উভয়তে সংঘটিত হয় ৷ | ২. পৰাগযোগ অকল উদ্ভিদতহে সংঘটিত হয় ৷ |
৩. নিষেচনত দুটা কোষৰ মিলন হয় ৷ | ৩. পৰাগযোগত কোনো কোষৰ মিলন নহয় ৷ |
৪. ইয়াৰ কোনো প্ৰকাৰ নাই ৷ | ৪. ই দুই প্ৰকাৰৰ – স্ব-পৰাগযোগ আৰু ইতৰ পৰাগযোগ ৷ |
৫. নিষেচনৰ পাচত ভ্ৰুণৰ সৃষ্টি হয় ৷ | ৫. পৰগযোগৰ পাচত নিষেচন হয় ৷ |
৬. ই ফুল পাহৰ ভিতৰতে সংঘটিত হয় ৷ | ৬. ই কিছুমান কাৰক যেনে – বতাহ, পানী বা প্ৰণীৰদ্বাৰা সংঘটিত হয় ৷ |
2. শুক্রাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?
উত্তৰ – শুক্রাশয়ৰ ভূমিকা – প্ৰাণীৰ পুংজনন তন্ত্ৰৰ এটা অংগ হ’ল শুক্রাশয় ৷ শুক্রাশয়ত পুংজনন কোষ বা শুক্ৰাণু গঠন হয় ৷
প্ৰষ্টেট গ্ৰন্থিৰ – প্ৰষ্টেট গ্ৰন্থিৰ পুংজনন তন্ত্ৰৰ এটা গ্ৰন্থি ৷ প্ৰষ্টেট গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা ক্ষাৰকীয় ৰসে শুক্ৰাণুৰ গতিপথত সহায় কৰে আৰু সিহঁতক পুষ্টি যোগান ধৰে ৷
3. কৈশােৰ কালত ছােৱালীৰ দেহত কেনেধৰণৰ পৰিবর্তন দেখা যায় ?
উত্তৰ – কৈশােৰ কালত ছােৱালীৰ দেহত দেখা যোৱা পৰিবর্তনবোৰ –
- কৈশোৰ কালত কাষলতি আৰু কৰঙত, যৌনাংগৰ কাষত চুলি গজা দেখা যায় ৷
- ভৰি আৰু হাতত পাতল নোম হোৱাৰ লগতে মুখমণ্ডলত পাতল চুলি গজে ৷
- মুখৰ চাল তেলেতিয়া হয় আৰু ফলত মুখমণ্ডলত শালমইনা উঠে ৷
- স্তন যুগলৰ আকাৰ বাঢ়িবলৈ ধৰে আৰু স্তনাগ্ৰৰ ছালখন ক’লা হয় ৷
- এই সময় চোৱাত ছোৱালীবোৰৰ ঋতুচক্ৰ আৰম্ভ হয়৷
4. মাতৃদেহত ভ্ৰুণকোষে কেনেকৈ পুষ্টি লাভ কৰে?
উত্তৰ – মাতৃদেহত ভ্ৰুণকোষে প্লেচেন্টাৰ সহায়ত মাতৃদেহৰ তেজৰ যোগেদি পুষ্টি লাভ কৰে ৷ গৰ্ভাৱস্থাত ভ্ৰুণটো গৰ্ভাশয়ৰ অন্তঃআচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰদ্বৰা বান্ধ খাই থাকে যাক অমৰা বা প্লেচেন্টা বোলা হয় ৷ প্লেচেন্টাটো কাঁহী সদৃশ আৰু গৰ্ভাশয়ৰ বেৰত পোত খাই থাকে ৷ ইয়াৰ পৰা কিছুমান ভিলাই ভ্ৰুণটোৰ ফালে বিয়পি থাকে ৷ গৰ্ভাশয়ৰ অন্তঃআচ্ছাদানৰ ফালে ৰক্ত জালিকা থকাৰ কাৰণে মাতৃদেহৰ পৰা গ্লুক’জ আৰু অক্সিজেন সৰবৰা হৈ থাকে ৷
5. যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper – T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰােগ সঞ্চাৰণ প্ৰতিৰােধী হ’বনে ?
উত্তৰ – যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper – T) ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰােগ সঞ্চাৰণ প্ৰতিৰােধী নহ’ব ৷ ইয়াৰ কাৰণ হ’ল কপাৰ-টি এবিধ গৰ্ভনিৰোধক পদ্ধতিহে ৷ কিছুমান সামগ্ৰী যেনে কনডম পুংজনন অংগত পিন্ধি ললে যৌন ক্ৰিয়া সময়ত এই ধৰণৰ ৰোগ সংক্ৰমন ৰোধ কৰিব পাৰি ৷ অবশ্যে কনডমে গৰ্ভনিৰোধক হিচাপেও ব্যৱহাৰ হয় ৷
দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক
অনুশীলনী
1.অযৌন প্রজননৰ মুকুলােদ্দগম সংঘটিত হয়
(ক) এমিবাত খ) ইষ্ট
(গ) প্লাজমডিয়ামত
(ঙ) লেইচুমেনিয়াত
উত্তৰ – খ) ইষ্ট
2. তলৰ কোনটো মানুহৰ দেহৰ স্ত্রীজনন অংগ নহয়?
(ক) ডিম্বাশয়।
(খ) জৰায়ু
(গ) শুক্ৰবাহী নলী
(ঘ) ফেলােপিয়ান নলী।
উত্তৰ – (গ) শুক্ৰবাহী নলী
3. পৰাগধানীত পােৱা হয়।
(ক) বেটুপাত
(খ) ডিম্বক
(গ) স্ত্রীকেশৰ
(ঘ) পৰাগ ৰেণু
উত্তৰ – (ঘ) পৰাগ ৰেণু
4. অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ সুবিধাসমূহ কি কি?
উত্তৰ – অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ সুবিধাসমূহ এনে ধৰণৰ –
- যৌন প্রজনন প্রক্রিয়াত সন্তানে মাতৃ আৰু পিতৃ উভয়ৰে চৰিত্ৰ লাভ কৰে ৷
- যৌন প্রজনন প্রক্রিয়াৰ ফলত প্ৰকাৰণ ঘটে যিয়ে প্ৰজাতি এটাক পৰিৱেশৰ লগত নিজকে খাপ খোৱাই জিয়াই থকাত সহায় কৰে ৷
- যৌন প্রজনন প্রক্রিয়াত বিবৰ্তনৰ সম্ভাৱনীয়তা বৃদ্ধি পায় ৷
- যৌন প্রজনন প্রক্রিয়াই পৰিবৰ্তন হোৱা পৰিৱেশৰ লগত অভিযোজন সম্ভৱ কৰে ৷
5. মানুহৰ শুক্রাশয় কেইটাই কি কি কাম কৰে?
উত্তৰ – মানুহৰ শুক্ৰাশয়ে –
- পুংজনন কোষ বা শুক্ৰাণু গঠন কৰে ৷
- টেষ্ট’ষ্টেৰন হৰমন উৎপন্ন কৰে ৷ ই শুক্ৰাণু গঠনত সহায় কৰে ৷
- এন্ড্ৰ’জেন হৰমন উৎপন্ন কৰে ৷
6. ঋতুস্ৰাৱ কিয় হয় ?
উত্তৰ – ঋতুচক্ৰ হ’ল ছোৱালীৰ কৈশৰ কালত আৰম্ভ হোৱা এটা নতুন প্ৰক্ৰিয়া ৷ এটা নিৰ্দিষ্ট বয়সত যেতিয়া ছোৱালী এজনী যৌনতা পূৰণতা লাভ কৰে তেতিয়া দেহৰ অভ্যন্তৰটো এটা শিশু ধাৰণ কৰিব পৰাকৈ গঠিত হয় ৷ সেইকাৰণে প্ৰতিমাহতে স্ত্ৰীৰ গৰ্ভাশয়টোৱে একোটা ভ্ৰুণ বৃদ্ধি আৰু বৰ্ধন হ’ব পৰাকৈ প্ৰষ্টুত কৰে ৷ ইয়াৰ বাবে জৰায়ুৰ আৱৰণীখন ডাঠ হয় আৰু ৰক্ত কেশিকাৰে গঠিত জালিকাৰ দ্বাৰা আৱেষ্টিত হৈ থাকে ৷ নিষেচন নহলে জৰায়ুত নতুনকৈ সৃষ্টি হোৱা ডাঠ আৱৰণীখন ভাঙি তেজ আৰু শ্লেষ্মা লগত মিহলি হৈ যোনি পথেদি নিৰ্গত হয় ৷ ইয়াকে ঋতুস্ৰাৱ বোলে ৷
7. দীর্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা।
উত্তৰ –

৪. বিভিন্ন প্রকাৰৰ গৰ্ভনিৰােধ পদ্ধতিসমূহ কি কি?
উত্তৰ – বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি গৰ্ভধাৰণ ৰোধ কৰা পদ্ধতিকে গৰ্ভনিৰােধ কৰা বুলি কোৱা হয় ৷
গৰ্ভনিৰােধ বিভিন্ন প্ৰকাৰে কৰিব পাৰি –
ক) কাৰিকৰি প্ৰতিবন্ধক – কাৰিকৰি প্ৰতিবন্ধকৰ সহায়ত শুক্ৰাণুবোৰ ডিম্বানু কোষৰ লগত মিলন নোহোৱাকৈ আবদ্ধ কৰি ৰাখিব পাৰি ৷ এই পদ্ধতিত পুংজনন অংগত কনডম পিন্ধি লোৱা হয় ৷ স্ত্ৰী ব্যক্তিৰ ক্ষেত্ৰত তেনে ধৰণৰ আৱৰণী যোনি পথত সংস্থাপিত কৰা হয়৷
খ) অৰেল কন্ট্ৰাচেপটিভ্ – এই পদ্ধতিত হৰম’নৰ পৰিমাণ নিয়ন্ত্ৰন কৰি ডিম্বক্ষৰণ বন্ধ কৰা হয় ৷ ইয়াৰ ফলত নিষেচন হ,ব নোৱাৰে ৷ এনে প্ৰক্ৰিয়াত সাধাৰণতে ব্যৱহ্যত ঔষধবোৰ পিল বা বড়ি আকাৰে পোৱা যায় ৷
গ) ক’পাৰ-টি – ক’পাৰ-টি ব্যৱহাৰ কৰি গৰ্ভধাৰণ ৰোধ কৰিব পাৰি ৷ ইয়াক গৰ্ভাশয়ত সংস্থাপন কৰি গৰ্ভ ধাৰণ বন্ধ কৰা হয় ৷
ঙ) বন্ধ্যাকৰণ পদ্ধতি – বন্ধ্যাকৰণ পদ্ধতিৰে পুৰুষ ব্যক্তিৰ শুক্ৰবাহী নলী বন্ধ কৰি শুক্ৰ সৰবৰাহ বন্ধ কৰিব পাৰি ৷ একেদৰে স্ত্ৰী ব্যক্তিৰ ডিম্ববাহী নলী বন্ধ কৰি ৰাখিলে ডিম্ব গৰ্ভাশয়ত অৱস্থান কৰিব নোৱাৰে ৷ এই দুয়োটা পদ্ধতিত নিষেচন হ’ব নোৱাৰে ৷
9. এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্রকাৰৰ অযৌন আৰু যৌন প্রজনন প্রক্রিয়াৰ কৌশল সমূহ কেনেধৰণৰ ?
উত্তৰ – এককোষী জীৱৰ প্ৰজনন – এককোষী জীৱই অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবিস্তাৰ কৰে ৷ ইহঁতে বিভিন্ন অযৌন প্রক্রিয়া যেনে দ্বিখণ্ডন বা বিভাজন , বিভংগন , মুকুলোদগমন ইত্যাদি অবলম্বন কৰে ৷ অযৌন প্ৰজনন পদ্ধতিত কোষটোৰ পৰা বিভিন্ন প্ৰকাৰে নতুন জীৱৰ সৃষ্টি হয় ৷ প্ৰজননৰ বাবে এককোষী জীৱক কোনো ধৰণৰ বিষেশ অংগৰ প্ৰয়োজন নহয় ৷
বহুকোষী জীৱৰ প্ৰজনন – বহুকোষী জীৱই যৌন আৰু অযৌন দুয়োবিধ প্ৰক্ৰিয়াৰে বংশবিস্তাৰ কৰে ৷
অযৌন প্ৰজনন পদ্ধতিৰ ভিতৰত মুকুলোদগমন, আংগিক বিস্তাৰ, ৰেণুৰ উৎপত্তি ইত্যাদি দেখা যায় ৷ উদ্ভিদৰ ক্ষেত্ৰত মূল, কাণ্ড আৰু পাতৰ পৰা নতুন উদ্ভিদ উৎপন্ন হয় ৷ প্ৰায়বিলাক সৰল বহুকোষী জীৱ যেনে পাউৰুটিত সৃষ্টি হোৱা ৰাইজ’পাছ নামাৰ ভেকুৰবিধে ৰেণু গঠনৰ দ্বৰা বংশ বিস্তাৰ কৰে ৷
যৌন প্ৰজনন পদ্ধতিত দুটা পৃথক ব্যক্তি বিশিষ্ট জীৱ জড়িত হৈ নতুন প্ৰজন্মৰ সৃষ্টি কৰে ৷ উদ্ভিদৰ ক্ষেত্ৰত ফুলৰ পৰাগধানীৰ পৰা পৰাগ ৰেণু গৰ্ভমুণ্ডত পৰাৰ পিছত নিষেচন ঘটে ৷ উচ্চ স্তৰৰ প্ৰাণীবোৰৰ প্ৰজননৰ বাবে নিৰ্দিষ্ট কিছুমান অংগ থাকে যাৰ সহায়ত জনন কোষৰ মিলন হয় ৷
10. প্রজনন প্রক্রিয়াই কোনাে প্রজাতিৰ জীৱৰ আৱাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে?
উত্তৰ – প্ৰজনন হ’ল এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা জীৱই নিজৰ নিচিনা নতুন প্ৰজন্মৰ সৃষ্টি কৰে ৷ এই প্ৰক্ৰিয়া ব্যৱহাৰ কৰি জীৱই নিজৰ প্ৰজাতিক বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰে আৰু ভিন্নতাৰ বাবে পৰিৱেশৰ পৰিবৰ্তনত নিজকে নতুন পৰিৱেশত জীয়াই থাকিবলৈ সক্ষম কৰি তুলে ৷ ইয়াৰ উপৰিও প্ৰজনন প্ৰক্ৰিয়াই জন্ম মৃত্যুৰ হাৰ নিয়ন্ত্ৰনত সহায় কৰে ৷ এনেদৰেই প্রজনন প্রক্রিয়াই কোনাে প্রজাতিৰ জীৱৰ আৱাদীৰ স্থিতি ৰক্ষাত সহায় কৰে ৷
11. গর্ভনিৰােধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?
উত্তৰ – গর্ভনিৰােধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণবোৰ তলত উল্লেখ কৰা হ’ল –
- গর্ভনিৰােধ পদ্ধতিৰে জনসংখ্যা নিয়ন্ত্ৰন কৰা হয় ৷
- গর্ভনিৰােধ পদ্ধতি ব্যৱহাৰ কৰি অবাঞ্চিত গৰ্ভধাৰণ ৰোধ কৰিব পাৰি ৷
- ইয়াৰ দ্বাৰা বিবাহিত দম্পতিয়ে নিজৰ পৰিয়াল পৰিকল্পনা কৰি আগ বঢ়াৰ সুযোগ পায় ৷
- মাতৃত্ব লাভ কৰাৰ বাবে দৈহিক আৰু মানসিক প্ৰস্তুতি চলাবলৈ সময় পোৱা যায় ৷
NCERT সমাধান – বিজ্ঞান – দশম শ্ৰেণী
অধ্যায় ১- ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
অধ্যায় ২- এছিড, ক্ষাৰক আৰু লৱণ
অধ্যায় ৫ -মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
অধ্যায় ৭- নিয়ন্ত্ৰণ আৰু সমন্বয়
অধ্যায় ৮ – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
অধ্যায় -৯ বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায়-১০ পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
অধ্যায় ১১- মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
অধ্যায়-১৩ বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
অধ্যায়- ১৬ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা
For Current Affairs, Please click here….
15 Replies to “জীৱই কেনেকৈ বংশবিস্তাৰ কৰে”