জীৱন প্ৰক্ৰিয়া

Spread the love
Advertisement

 ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, অধ্যায়- ৬ জীৱন প্ৰক্ৰিয়া (Life Process) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

জীৱন প্ৰক্ৰিয়া (Life Process)- প্ৰশ্নাৱলী, Page No- 95

1.মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল আক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰন কৰি লোৱাতো কিয় পৰ্যাপ্ত নহয় ?

উত্তৰ – মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ আকাৰ যথেষ্ট ডাঙৰ আৰু দেহৰ গঠন শৈলিত বেছি জটিলতা থাকে ৷ তেনে ক্ষেত্ৰত দেহৰ সকলোবিলাক কোষ প্ৰত্যক্ষভাৱে চাৰিওপাশৰ পৰিবেশৰ লগত সান্নিধ্যত নাথাকে ৷ ব্যাপন হ’ল এটা ধীৰ গতিৰে হোৱা প্ৰক্ৰিয়া ৷ ই দেহৰ বিভিন্ন আংশলৈ অক্সিজেন কঢ়িয়াবলৈ বহুত সময় ল’ব ৷ সেয়েহে বহুকোষীয় জীৱৰ বাবে লাগতিয়াল আক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰন কৰি লোৱাতো পৰ্যাপ্ত নহয় ৷

2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম ?

উত্তৰ – জীৱন প্ৰক্ৰিয়াবোৰ যেনে- পৰিপুষ্টি, শ্বসন, ৰেচন আদি চলি আছে নে নাই তাৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিব পাৰি ৷

3. জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিবেশৰ পৰা আহৰন কৰি লয় ?

উত্তৰ – জীৱই বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী বাহিৰৰ পৰিবেশৰ পৰা আহৰন কৰে ৷ স্বপোষী জীৱই পানী, খনিজ পদাৰ্থ আৰু কাৰ্বন ডাই অক্সাইড পৰিবেশৰ পৰা গ্ৰহণ কৰে ৷ পৰপোষী জীৱই অক্সিজেন, খাদ্য আদি বাহিৰৰ পৰা আহৰন কৰে ৷

4.জীৱৰ জীৱন বৰ্তী থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা ?

উত্তৰ – জীবৰ জীৱন বৰ্তী থাকিবলৈ সকলোবিলাক জীৱন প্ৰক্ৰিয়াই প্ৰয়োজনীয় ৷ উদাহৰণ স্বৰূপে, জীৱ এটাৰ শৰীৰত পৰিপুষ্টি ভাল দৰে হৈ থাকিলেও যদি স্বসন প্ৰক্ৰিয়া নহয় তেনেহ’লে শক্তিৰ আভাবত জীৱটোৰ জীৱন বৰ্তী নাথাকে ৷

প্ৰশ্নাৱলী, Page No- 101 

1.স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি ?

উত্তৰ – স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল-

স্বপোষিত পুষ্টি পৰপোষিত পুষ্টিৰ
1. স্বপোষী জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে ৷1.  পৰপোষী জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত নকৰে ৷
2. স্বপোষী জীৱবোৰ খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল নহয় ৷2. পৰপোষী জীৱবোৰ খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে স্ব-পোষী জীৱৰ ওপৰত নিৰ্ভৰশীল ৷
3. কাৰ্বন ডাই অক্সাইড, পানী আৰু সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত হয়৷3. কাৰ্বন ডাই অক্সাইড, পানী আৰু সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত নহয় ৷
4. খাদ্য প্ৰস্তুতৰ বাবে পত্ৰহৰিৎৰ প্ৰয়োজন হয় ৷4. খাদ্য প্ৰস্তুতৰ বাবে পত্ৰহৰিৎৰ প্ৰয়োজন নহয় ৷
5. স্বপোষী জীৱৰ উদাহৰণ – সকলো ধৰণৰ সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া ৷5. পৰপোষী জীৱৰ উদাহৰণ – ভেঁকুৰ আৰু প্ৰাণী সমূহ ৷

2.সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক’ত ক’ত পায় ?

উত্তৰ – উদ্ভিদৰ সালোক সংশ্লেষণত প্ৰয়োজন হোৱা উপাদানবোৰ হ’ল- কাৰ্বন ডাই অক্সাইড, পানী আৰু সূৰ্যৰ পোহৰ ৷ উদ্ভিদে পৰিবেশৰ পৰা পত্ৰৰন্ধ্ৰৰ সহায়ত কাৰ্বন ডাই অক্সাইড অহৰণ কৰে ৷ একেদৰে মাটিৰ পৰা শিপাৰ সহায়ত পানী আৰু পাতত থকা পত্ৰহৰিৎৰ সহায়ত সূৰ্যৰ পোহৰ গ্ৰহণ কৰে ৷

3.আমাৰ পাকস্হলীত এছিডৰ ভূমিকা কি ?

উত্তৰ- আমাৰ পাকস্হলীত হাইড্ৰ’ক্লৰিক এছিড(HCl) থাকে ৷ হাড্ৰ’ক্লৰিক এছিডে পাকস্হলি ৰসক আম্লিক ধৰ্মীয় কৰে ৷ ইয়াৰ ফলত প্ৰ’টিন বিশ্লেষিত উৎসেচক পেপচিনৰ কাৰ্য তীব্ৰ হৈ উঠে ৷

4. পাচক উৎসেচকৰ কাৰ্য কি ?

উত্তৰ- আমাৰ শৰীৰে সৰল খাদ্যহে শোষন কৰিব পাৰে ৷ পাচক উৎসেচকে জটিল প্ৰকৃতিৰ আহাৰ সৰল অৱস্হালৈ পৰিবৰ্তন কৰে ৷ উদাহৰণ স্বৰূপে, পেপচিনে জটিল প্ৰ’টিনক সৰলীকৃত কৰে ৷

5. শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয় ?

উত্তৰ- ক্ষুদ্ৰান্তত খাদ্যৰ শৰ্কৰা, প্ৰটিন আৰু চৰ্বীসমূহ সম্পূৰ্ণভাৱে পাচন হয় ৷ ইয়াত যকৃত আৰু অগ্নাশয়ে নিঃসৰণ কৰা পাচক ৰসসমূহ আহি পৰেহি ৷ যকৃতৰ পৰা নিঃসৰণ হোৱা পিত্তৰসে প্ৰথমে পাকস্হলিৰ পৰা অহা অৰ্দ্ধপাচিত আম্লিক ধৰ্মীয় খাদ্য খিনি ক্ষাৰকীয় কৰে আৰু লগতে খাদ্যৰ চৰ্বী অংশত ক্ৰিয়া কৰে ৷ পিত্ত লৱণে চৰ্বি অণুসমূহ সৰল অণুলৈ ৰূপান্তৰ কৰে ৷ অগ্নাশয় ৰসত থকা ট্ৰিপচিন আৰু লাইপেজে ক্ৰমে খদ্যৰ প্ৰ’টিন আৰু ইতিমধ্যে সৰলীকৃত হোৱা চৰ্বিৰ ওপৰত ক্ৰিয়া কৰে ৷ ক্ষুদ্ৰান্তৰ বেৰৰ পৰা নিঃসৰণ হোৱা আন্ত্ৰিক ৰসত থকা উৎসেচকে অৱশিষ্ট প্ৰ’টিন অংশক সৰল এমিন’ এচিডলৈ, শৰ্কৰাসমূহক গ্লুক’জলৈ, চৰ্বীসমূহক ফেটি এছিড আৰু গ্লিচাৰলললৈ ৰূপান্তৰ ঘটায়৷ এনেদৰে সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে ভিলাইৰ জড়িয়তে শোষণ কৰে৷

প্ৰশ্নাৱলী, Page No- 105       

1.  শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্হলচৰ জীৱ সমূহৰ সুবিধা কি ?

উত্তৰ- শ্বসনত স্হলচৰ প্ৰাণীবোৰে বায়ুমণ্ডলৰ অক্সিজেন ব্যৱহাৰ কৰে কিন্তু জলচৰ প্ৰাণীবোৰে পানীত মিহলি হৈ থকা অক্সিজেন ব্যৱহাৰ কৰে ৷ যিহেতু পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমান বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামুলকভাৱে কম, সেয়েহে শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰজীৱতকৈ স্হলচৰ জীৱ সমূহৰ সুবিধাবেছি হয় ৷

2.  কি কি প্ৰথাৰে বিভিন্ন জীৱ দেহত গ্লুকজ জাৰিত হৈ শক্তি উৎপন্ন হয় ?

উত্তৰ- জীৱৰ দেহত বিভিন্ন প্ৰকাৰে গ্লু’কজ জাৰিত হয়৷ যিকোনো প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰথমে ছটা কাৰ্বনযুক্ত গ্লুক’জ অণু ভাঙি তিনিটা কাৰ্বন অণুযুক্ত পাইৰুভেত্ অণুৰ সৃষ্টি হয়৷ পৰবৰ্ত্তি পৰ্যায়ত তলত উল্লেখ কৰা ধৰণে বিভিন্ন পথেৰে গ্লুক’জ জাৰিত হয়৷

জীৱন প্ৰক্ৰিয়া
চিত্ৰ – গ্লক’জ অণু ভাঙনৰ বিভিন্ন পথ ৷

i) অক্সিজেনৰ অনুপস্হিতিত – একোষী জীৱ ইষ্টৰ দেহত কিম্বন প্ৰক্ৰিয়াৰ ফলত তিনিটা কাৰ্বন যুক্ত পাইৰুভেত্ পৰা ইথাইল এলকহ’ল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি সৃষ্টি হয় ৷ এই প্ৰক্ৰিয়া অক্সিজেনৰ অনুপস্হিতিত হোৱা বাবে ইয়াক অবাত শ্বসন বোলে ৷

ii) অক্সিজেনৰ উপস্হিতিত – কোষৰ মাইট’কন্ড্ৰিয়াৰ ভিতৰত অক্সিজেনৰ উপস্হিতিত তিনিটা কাৰ্বনযুক্ত পাইৰুভেত্ অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয় ৷ এই প্ৰক্ৰিয়া অক্সিজেনৰ উপস্হিতিত হোৱা বাবে ইয়াক সবাত শ্বসন বোলে ৷

iii) অক্সিজেন কম লে – কেতিয়াবা আমাৰ পেশী কোষত অক্সিজেনৰ পৰিমাণ কমি গ’লে পাইৰুভেত্ অণু ভাঙি লেকটিক্ এছিডলৈ পৰিৱৰ্তন হয় ৷

3. মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয় ?

উত্তৰ- মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহন সম্পৰ্কে তলত ব্যাখ্যা কৰা হ’ল-

অক্সিজেনৰ পৰিবহন – মানুহৰ দেহ আকাৰত যথেষ্ট ডাঙৰ হোৱা বাবে ব্যাপন প্ৰক্ৰিয়াৰে দেহৰ সকলো অংশত যথোপযুক্ত পৰিমাণে অক্সিজেন সৰবৰাহ নহয়৷ তেজত থকা ৰঞ্জক পদাৰ্থ হিম’গ্ল’বিনে হা্ঁওফাঁওৰ পৰা অক্সিজেন লৈ দেহৰ বিভিন্ন অংশৰ অক্সিজেন কমি থকা ক’লাবোৰত বিতৰণ কৰে ৷

কাৰ্বন ডাই অক্সাইডৰ পৰিবহন –  কাৰ্বন ডাই অক্সাইড, অক্সিজেনতকৈ পানীত বেছিকৈ দ্ৰৱীভূত হয় ৷ সেয়েহে ই তেজৰ প্লাজমাত দ্ৰৱীভূত হৈ দেহৰ বিভিন্ন ক’লাৰ পৰা হাঁওফাঁওলৈ পৰিবহন হয়৷ ইয়াৰ পৰা নাসাৰন্ধ্ৰইদি বাহিৰলৈ ওলাই যায় ৷

4. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে ?

উত্তৰ- মানুহৰ হাঁওফাঁওৰ গঠন সম্পৰ্কে তলত ব্যাখ্যা কৰা হ’ল-

জীৱন প্ৰক্ৰিয়া
চিত্ৰ – মানুহৰ শ্বাস তন্ত্ৰ

           হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ আংগৰ সৃষ্টি হয়৷ এই বেলুন সদৃশ অংগবোৰক বায়ুকূপ বুলি কোৱা হয়৷ বায়কূপ বিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে ৷ উশা লোৱাৰ সময়ত মধ্যচ্ছদা খন নিম্নগামী হলে হাঁওফাঁওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰে আৰু বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হে পৰে ৷ দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ুকোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি দেহৰ বিভিন্ন কোষত বিতৰণ কৰে৷

জীৱন প্ৰক্ৰিয়া (Life Process) – প্ৰশ্নাৱলী, Page No- 110

1.  মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি কি ? ইয়াৰ কাৰ্যসমূহ কি কি ?

উত্তৰ- মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা হ’ল হৃদযন্ত্ৰ, তেজ আৰু ৰক্ত নলীকা ৷

হৃদযন্ত্ৰৰ কাৰ্য

i) হৃদযন্ত্ৰই অক্সিজেনযুক্ত তেজ দেহৰ বিভিন্ন অংশলৈ পঠিয়াই দিয়ে ৷

ii) হৃদযন্ত্ৰই দেহৰ বিভিন্ন অংশৰ পৰা অহা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাঁওফাঁওলৈ পঠিয়াই দিয়ে ৷

তেজৰ কাৰ্য

তেজে অক্সিজেন, কাৰ্বন ডাই অক্সাইড, সৰলিকৃত খাদ্য, বৰ্জিত পদাৰ্থ ইত্যাদি দেহৰ বিভিন্ন অংশলৈ পৰিবহন কৰে ৷

ৰক্ত নলীকাৰ কাৰ্য

i) ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা দেহৰ আন অংগবোৰলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়ে ৷

ii) সিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কঢ়িয়াই হৃদযন্ত্ৰলৈ উভতাই আনে ৷

iii) ৰক্ত জালিকা আৰু তেজৰ মাজত পদাৰ্থৰ বিনিময় ঘটে ৷

2. পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন ?

উত্তৰ- পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে৷ এই শক্তি যোগানৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক ৷ পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰাখিলে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেনৰ জোগান ধৰিবৰ বাবে সুবিধা হয় ৷

3. উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ অংগসমূহ কি কি ?

উত্তৰ- উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ অংগসমূহ হ’ল জাইলেম আৰু ফ্ল’ৱেম ৷ জাইলেমে উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ পানী, খনিজ লৱন আদি পৰিবহন কৰে ৷ ফ্ল’ৱেমে উদ্ভিদৰ পাতৰ পৰা উদ্ভিদ দেহৰ বিভিন্ন অংগলৈ খাদ্য সৰবৰাহ কৰে ৷

4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয় ?

উত্তৰ- উদ্ভিদৰ দেহত পানী আৰু লৱণ জাইলেম ক’লাৰ দ্বাৰা পৰিবহন হয় ৷ জাইলেম ক’লাৰ নলিকা বিলাকে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ এটা সংবহন সুতিৰ সৃষ্টি কৰে ৷ মাটিৰ স্পৰ্শত থকা শিপাৰ কোষবোৰে সক্ৰিয়ভাৱে আয়ন গ্ৰহণ কৰি থাকে ৷ ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ তাৰতম্যৰ সৃষ্টি কৰে ৷ এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে আৰু ইয়ে পানীৰ স্তম্ভ এটা সৃষ্টি কৰি জাইলেমৰ যোগেদি নিয়মিয়াকৈ পানী ওপৰলৈ ঠেলি থাকে ৷ ইয়াৰ লগতে উদ্ভিদৰ পাতে বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা পাতৰ পৰা বাষ্প আকাৰে পানীৰ অণুবোৰ এৰি দি থাকে যাৰ বাবে পাতত এটা শোষণ বল সৃষ্টি হয় | এই বলে শিপাত থকা জাইলেমৰ পানী শোষণ কৰে ৷ এই দৰেই উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহন হয় ৷

5. উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে ?

উত্তৰ- উদ্ভিদৰ দেহত পাতৰ পৰা বিভিন্ন অংশলৈ খাদ্যৰ সংবহন ফ্ল’ৱেম ক’লাৰ দ্বাৰা ঘটে ৷ ফ্ল’ৱেমৰ দ্বাৰা হোৱা খাদ্য স্হানান্তৰ শক্তি ব্যৱহাৰ কৰি সমপন্ন হয় ৷ চুক্ৰুজৰ দৰে পদাৰ্থবিলাক ফ্ল’ৱেম ক’লাৰ ভিতৰলৈ স্হানান্তৰ হওঁতে ATPৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ হয় ৷ ইয়াৰ দ্বাৰা ফ্ল’ৱেমৰ আসৃতি চাপৰ বৃদ্ধি ঘটে, ফলত পানী তাৰ ভিতৰলৈ গতি কৰে ৷ এই চাপৰ সহায়তে উদ্ভিদ দেহৰ প্ৰয়োজনীয় অঞ্চললৈ ফ্ল’ৱেমে পদাৰ্থ বা খাদ্যৰ সংবহন ঘটায় ৷

জীৱন প্ৰক্ৰিয়া (Life Process) – প্ৰশ্নাৱলী, Page No

1.  নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা

উত্তৰ- নেফ্ৰনৰ গঠন

জীৱন প্ৰক্ৰিয়া ৷
চিত্ৰ – নেফ্ৰনৰ গঠন

                        বৃক্কত অসংখ্য পাতল বেৰৰ সৰু সৰু ৰক্ত জালিকা থাকে ৷ এই ৰক্ত জালিকাবোৰ বৃক্কত লগ লাগি কাপ সদৃশ নলীকা গঠন হয় ৷ প্ৰতিটো বৃক্কত এনেধৰণৰ অসংখ্য নলীকাৰ একক থাকে ৷ এইবোৰক নেফ্ৰন বোলে ৷ নেফ্ৰনৰ মুখ্য অংশবোৰ হ’ল গ্ল’মেৰুলাছ, ব’মানচ্ কেপচুল আৰু দীঘল সংগ্ৰাহী নলীকা ৷

নেফ্ৰনৰ কাৰ্য – নেফ্ৰনে দেহৰ তেজ চেকাত সহায় কৰে ৷ নেফ্ৰনবোৰে প্ৰাথমিক অৱস্হাত গ্লুক’জ, এমিন এছিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকি লোৱাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয়৷ প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্ৰ নেফ্ৰনৰ দীঘল নলীকা মূত্ৰনলীলৈ সোমাই আহে৷ মূত্ৰনলী হৈ মূত্ৰখিনি মূত্ৰথলীত জমা হয়৷ মূত্ৰথলীৰ চাপৰ ফলত নিৰ্দিষ্ট নলীয়েদি মূত্ৰ বাহিৰলৈ ওলাই আহে ৷

2. উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে ?

উত্তৰ-  উদ্ভিদে বিভিন্ন প্ৰকাৰে বৰ্জিত পদাৰ্থ ত্যাগ কৰে ৷ বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে অত্যাধিক পানী, গেছ আদি ত্যাগ কৰে৷ অন্যান্য বৰ্জিত পদাৰ্থৰ ক্ষেত্ৰত দেহৰ মৃত কোষৰ ক’লা, পাতৰ দৰে সৰি পৰা অংগ বা মাটিৰ যোগেদি ৰেচন ক্ৰিয়া সমাধা কৰে ৷ কিছুমান বৰ্জিত পদাৰ্থক কোষৰ ৰসধানী আৰু কিছুমানক পূৰঠ জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপে সঞ্চিত কৰি ৰাখে ৷

3. কেনেকৈ মূত্ৰ উৎপন্ন পৰিমান নিয়ন্ত্ৰণ কৰিব পাৰি ?       

উত্তৰ-  মূত্ৰ উৎপন্নৰ পৰিমান শৰীৰত থকা পানী আৰু বৰ্জিত পদাৰ্থৰ পৰিমাণে নিয়ন্ত্ৰণ কৰে ৷ ইয়াৰ উপৰিও ADHৰ নিচিনা হৰমণে মূত্ৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে ৷

দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক

জীৱন প্ৰক্ৰিয়া (Life Process)অনুশীলনী

6. পাচনত লালটিৰ ভূমিকা কি ?

উত্তৰ- পাচনত লালটিৰ ভূমিকাবোৰ তলত উল্লেখ কৰা হ’ল-

i) লালটিয়ে খাদ্যৰ লগত মিহলি হৈ আহাৰখিনি পিচল কৰে৷ ইয়াৰ ফলত আহাৰ, খাদ্য নলীৰ পশ্চাৎ আংশলৈ সহজে গতি কৰে ৷

ii) লালটিত থকা উৎসেচক, লালটি এমাইলেজে, মুখ গহ্বৰত খাদ্যৰ শ্বেতসাৰ অংস ভাঙি সৰল চেনিলৈ পৰিৱৰ্তন কৰে ৷

7. স্বপোষীত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন ? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি ?

উত্তৰ- স্বপোষীত পুষ্টি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা সম্পন্ন হয়৷ স্বপোষীত পুষ্টিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ হ’ল কাৰ্বন ডাই অক্সাইড, পানী, পত্ৰহৰিৎ আৰু সূৰ্যৰ পোহৰ৷

     ইয়াৰ উপাজাত পদাৰ্থবোৰ হ’ল কাৰ্বহাইড্ৰেট আৰু অক্সিজেন৷

8. সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি ? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা জীৱৰ নাম লিখা

উত্তৰ-  সবাত আৰু অবাত শ্বসনৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল-

     সবাত শ্বসন অবাত শ্বসন
i) সবাত শ্বসন অক্সিজেনৰ উপস্হিতত সংঘটিত হয় ৷i) অবাত শ্বসন অক্সিজেনৰ অনুপস্হিতত সংঘটিত হয় ৷
ii) সবাত শ্বসন মাইট’কন্ড্ৰিয়াত সংঘটিত হয় ৷ii) অবাত শ্বসন কোষ প্ৰৰসত সংঘটিত হয়৷  
iii) এই প্ৰক্ৰিয়াত জীৱ আৰু বাহিৰৰ পৰিৱেশৰ মাজত গেছৰ বিনিময় ঘটে৷iii)এই প্ৰক্ৰিয়াত গেছৰ বিনিময় নঘটে৷
iv) এই প্ৰক্ৰিয়াৰ উপাজাত পদাৰ্থ CO2 আৰু H2O ৷iv) এই প্ৰক্ৰিয়াত বিভিন্ন উপাজাত পদাৰ্থ উৎপন্ন হয় ৷

সবাত শ্বসন সম্পাদন কৰা জীৱৰ উদাহৰণঃ  পক্ষী, জন্তু ইত্যাদি ৷

অবাত শ্বসন সম্পাদন কৰা জীৱৰ উদাহৰণঃ কিছুমান এককোষী জীৱ যেনে ইষ্ট ৷

9. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বিয়ুকোষবিলাক কেনেকৈ গঠিত হৈছে ?

উত্তৰ-

জীৱন প্ৰক্ৰিয়া ৷
চিত্ৰ – মানুহৰ শ্বাস তন্ত্ৰ

           হাঁওফাঁওৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ আংগৰ সৃষ্টি হয়৷ এই বেলুন সদৃশ অংগবোৰক বায়ুকূপ বুলি কোৱা হয়৷ বায়কূপ বিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে ৷ উশা লোৱাৰ সময়ত মধ্যচ্ছদা খন নিম্নগামী হলে হাঁওফাঁওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰে আৰু বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হে পৰে ৷ দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ুকোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি দেহৰ বিভিন্ন কোষত বিতৰণ কৰে৷

10.  আমাৰ দেহত  হিমগ্লবিনৰ পৰিমাণ কমি লে কি ?

উত্তৰ- হিম’গ্ল’বিন হ’ল মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থ৷ হিম’গ্ল’বিনে হাঁওফাঁওৰ পৰা অক্সিজেন লৈ অক্সিজেন কমি থকা কলাবোৰত বিতৰণ কৰে ৷ আমাৰ দেহত হিম’গ্ল’বিনৰ পৰিমাণ কমি গ’লে দেহত অক্সিজেন কমি যাব যাৰ ফলত শ্বসন প্ৰক্ৰিয়াত সমস্যাই দেখা দিব ৷ ইয়াৰ উপৰিও হিম’গ্ল’বিন কমিলে এনিমিয়া নামৰ ৰোগ এবিধ হ’ব পাৰে ৷

11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহণ তন্ত্ৰটো বৰ্ণনা কৰা ৷ ইয়াৰ প্ৰয়োজন কি ?

উত্তৰ- মানুহৰ ক্ষেত্ৰত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ’বলৈ হৃদযন্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ’ব লাগে৷ তেজৰ এনে পৰিবহনক দ্বৈত পৰিবহন বোলে৷

দ্বৈত ৰক্ত সংবহণ তন্ত্ৰ

জীৱন প্ৰক্ৰিয়া ৷
চিত্ৰ – মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰত হোৱা দৈত পৰিৱহন

                     মানুহৰ হৃদযন্ত্ৰটো চাৰিটা কোঠালিযুক্ত ৷ হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ বাঁও অলিন্দত পৰেহি৷ এই অৱস্হাত বাঁও অলিন্দটো শিঠিল হৈ থাকে৷ তেজ সংগ্ৰহ কৰাৰ পাছত বাঁও অলিন্দটো সংকোচিত হৈ তেজখিনি বাঁও নিলয়লৈ পঠিয়াই দিয়ে৷ ইয়াৰ পৰা অক্সিজেনযুক্ত তেজ দেহৰ বিভিন্ন অংশলৈ যায়৷

           দেহৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আহি হৃদযন্ত্ৰৰ সোঁ অলিন্দত পৰেহি৷ সোঁ অলিন্দৰ সংকোচন ঘটাৰ ফলত তেজ খিনি সো্ঁ নিলয়ত সোমায়৷ ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাঁওফাঁওলৈ গতি কৰে৷

           এই দৰে মানুহৰ দেহত দ্বৈত ৰক্ত সংবহন সংঘটিত হয়৷

           মানুহৰ দেহৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে সদায় নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ প্ৰয়োজন থাকে৷ এই শক্তি যোগানৰ বাবে প্ৰচুৰ পৰিমাণৰ অক্সিজেনৰ আৱশ্যক ৷ বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰাখিলে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেনৰ জোগান ধৰিবৰ বাবে সুবিধা হয় ৷ সেইবাবে মানুহৰ দেহত দ্বৈত ৰক্ত সংবহণ তন্ত্ৰৰ প্ৰয়োজন৷

12. জাইলেম আৰু ফ্লৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি ?

উত্তৰ- জাইলেম আৰু ফ্ল’ৱেম দ্ৰৱ্যৰ পৰিবহনৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল-

জাইলেম দ্ৰৱৰ পৰিবহন ফ্ল’ৱেম দ্ৰৱৰ পৰিবহন
i) জাইলেম কলাই পানী আৰু খনিজ লৱণ পৰিবহন কৰে ৷i)ফ্ল’ৱেম কলাই খাদ্য পৰিবহন কৰে ৷
ii) জাইলেম কলাই শিপাৰ পৰা উৰ্ধ্বমূখী দিশত দ্ৰৱ্য সৰবৰাহ কৰে৷ii)ফ্ল’ৱেম কলাই পাতৰ পৰা উদ্ভিদ দেহৰ বিভিন্ন দিশত খাদ্য সৰবৰাহ কৰে৷
iii) বাষ্পমোচন আৰু শিপাত আয়ন বিনিময়ৰ ফলত সৃষ্টি হোৱা চাপৰ সহায়ত জাইলেমে পানী সৰবৰাহ কৰে৷  iii) ফ্ল’ৱেমে ATPৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰি খাদ্য সৰবৰাহ কৰে ৷  

13. হাঁও ফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা ৷

উত্তৰ – হাঁও ফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –

হাঁও ফাঁওৰ বায়ুকোষ বৃক্কৰ নেফ্ৰন
1.হাঁও ফাঁওৰ বায়ুকোষবোৰ বেলুন সদৃস অংগ ৷1. নেফ্ৰন হ’ল বৃক্কত থকা কাপ সদৃশ নলীকাৰ একক ৷
2. বায়ুকূপ বিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে ৷2. কাপ সদৃশ নলীকা বোৰতহে ৰক্ত জালীকা থাকে ৷
3. বায়ুকূপ বিলাকৰ ৰক্ত জালিকাত গেছৰ আদান প্ৰদান হয় ৷3. নেফ্ৰনে দেহৰ অতিৰিক্ত পানী আৰু বৰ্জিত পদাৰ্থবোৰ চেকী দেহৰ বাহিৰ কৰে ৷
4.ব্যাপনৰ দ্বাৰা পদাৰ্থৰ আদান প্ৰদান হয় ৷4.উচ্চ চাপৰ সহায়ত নেফ্ৰনৰ কাৰ্য সম্পাদন হয় ৷

দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক

NCERT সমাধান – বিজ্ঞান – দশম শ্ৰেণী

 অধ্যায় ১- ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

অধ্যায় ২- এছিড, ক্ষাৰক আৰু লৱণ

অধ্যায়- ৩ ধাতু আৰু অধাতু

অধ্যায়- ৪ কাৰ্বন আৰু তাৰ যৌগ

অধ্যায় ৫ -মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

অধ্যায় ৭- নিয়ন্ত্ৰণ আৰু সমন্বয়

অধ্যায় ৮ – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে

অধ্যায় -৯ বংশগতি আৰু ক্ৰমবিকাশ

অধ্যায়-১০ পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ

অধ্যায় ১১- মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

অধ্যায় ১২ – বিদ্যুৎ

অধ্যায়-১৩ বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

অধ্যায়- ১৪ শক্তিৰ উৎসসমূহ

অধ্যায়- ১৫ আমাৰ পৰিবেশ

অধ্যায়- ১৬ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

For Current Affairs, Please click here….