জীৱৰ বিচিত্ৰতা – Notes

জীৱৰ বিচিত্ৰতা
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়- 7 জীৱৰ বিচিত্ৰতা – Notes Diversity in Living Organism ৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Linkত Click কৰিলে পাব ৷

জীৱৰ বিচিত্ৰতা – Notes

1. এৰিষ্টট’লৰ শ্ৰেণী বিভাজন – গ্ৰীক দাৰ্শনিক এৰিষ্ট’ট’লে প্ৰাণীবিলাক মাটি, পানী আৰু বায়ুত বসতি স্থানৰ ওপৰত ভিত্তি কৰি সিহঁতক ক্ৰমে স্থলজ, জলজ আৰু বায়বত বিভক্ত কৰিছিল ৷

2. চাৰ্লচ ডাৰউইনে ক্ৰমবিকাশৰ বিষয়ে অৱতাৰণা কৰা গ্ৰন্হখনৰ নাম – অৰিজিন অফ স্পেচিছ্ ৷

3. ৰবাৰ্ট হোৱাইটেকাৰৰ শ্ৰেণী বিভাজন – ৰবাৰ্ট হোৱাইটেকাৰে জীৱজগতখন পাঁচটা ৰাজ্যত বিভক্ত কৰিছিল, যেনে – মনেৰা ৰাজ্য, প্ৰটিষ্টা ৰাজ্য, ভেঁকুৰ ৰাজ্য, উদ্ভিদ ৰাজ্য আৰু প্ৰাণী ৰাজ্য ৷

ওৱেছিয়ে পিছত মনেৰা ৰাজ্যখনক পুনৰ আৰ্কিয়া আৰু ইউবেক্টেৰিয়া বা বেক্টেৰিয়া বুলি দুটা ভাগত বিভক্ত কৰিছে ৷

4. প্ৰজাতি – প্ৰজাতি হ’ল জীৱবিলাকৰ শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম একক ৷ এটা প্ৰজাতি বুলিলে সেই জীৱবিলাকক বুজায় যিবিলাক একে বৈশিষ্ট্যগত হোৱাৰ উপৰিও সিহঁতৰ মাজত প্ৰজননৰ দ্বাৰা বংশ বৃদ্ধি হয় ৷

5. মনেৰা ৰাজ্যৰ অন্তৰ্গত জীববিলাকৰ বৈশিষ্ট্য সমূহ –

Advertisement

(i) মনেৰা ৰাজ্যৰ অন্তৰ্গত জীববিলাকৰ কোষত প্ৰকৃত কোষকেন্দ্ৰ আৰু কোষ অংগাণু নাথাকে৷

(ii)সিহঁতৰ দেহ এক কোষীয় ৷

(iii) এই ৰাজ্যৰ অন্তৰ্গত জীববিলকৰ পৰিপুষ্টিৰ প্ৰক্ৰিয়া কিচুমানৰ ক্ষেত্ৰত স্বপুষ্ট আৰু অন্য কিছুমানৰ ক্ষেত্ৰত পৰপুষ্ট ৷

(iv)মনেৰা ৰাজ্যৰ অন্তৰ্গত জীৱৰ উদাহৰণ – বেক্টেৰিয়া, নীল সেউজ শেলাই ইত্যাদি ৷

6. প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীববিলাকৰ বৈশিষ্ট্য সমূহ –

(i) প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীববিলাকৰ কোষত প্ৰকৃত কোষকেন্দ্ৰ আৰু কোষ অংগাণু নাথাকে৷

(ii) এই জীৱবিলাকে কেশৰৰ সহায়ত চলাচল কৰে ৷

(iii) ইহঁতৰ পৰিপুষ্টি প্ৰণালী স্বপুষ্ট বা পৰপুষ্ট ৷

(iv) প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱৰ উদাহৰণ – শেলাই, ডায়েটম, আদ্যপ্ৰাণী ইত্যাদি ৷

7. ভেঁকুৰ ৰাজ্যৰ অন্তৰ্গত জীববিলাকৰ বৈশিষ্ট্য সমূহ –

(i) ভেঁকুৰ ৰাজ্যৰ অন্তৰ্গত জীববিলাকৰ দেহ সংকোষকেন্দ্ৰীয় কোষেৰে গঠিত ৷

(ii) ইহঁত পৰপুষ্ট জীৱ ৷

(iii) ইহঁতে গেলা পচাঁ জৈৱ আৱৰ্জনাৰ পৰা আহাৰ আহৰণ কৰে ৷

(iv) ইহঁতৰ কোষবেৰখন চিটিন নামৰ এক জটিল শৰ্কৰাৰে গঠিত ৷

(v) ভেঁকুৰ ৰাজ্যৰ অন্তৰ্গত জীৱৰ উদাহৰণ – ইষ্ট, কাঠফুলা ইত্যাদি ৷

8. সমাঙ্গদেহী উদ্ভিদৰ বৈশিষ্ট্য সমূহ –

(i) সমাঙ্গদেহী উদ্ভিদৰ দেহ বিভিন্ন উপাংগত পৃথক কৰিব নোৱাৰি ৷

(ii) ইহঁত প্ৰধানকৈ জলজ ৷

(iii) সমাঙ্গদেহী উদ্ভিদৰ উদাহৰণ – সৰ্পিল শেলাই, কাৰা ইত্যাদি ৷

9. মচ জাতীয় উদ্ভিদৰ বৈশিষ্ট্য সমূহ –

(i) মচ জাতীয় উদ্ভিদখিনি উভচৰ ৷

(ii) ইহঁতৰ দেহটো কাণ্ড আৰু পাতৰ দৰে কিছুমান উপাংশত পৃথক কৰিব পাৰি ৷

(iii) ইহঁতৰ দেহত পানী আৰু খনিজ লৱণ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহনৰ বাবে বিশেষ কলা নাথাকে ৷

(iv) মচ জাতীয় উদ্ভিদৰ উদাহৰণ – ফিউনেৰিয়া, মাৰ্কেনশ্বিয়া ইত্যাদি ৷

10. ঢেঁকীয়া জাতীয় উদ্ভিদৰ বৈশিষ্ট্য সমূহ –

(i) ঢেঁকীয়া জাতীয় উদ্ভিদখিনিক দেহ, শিপা, কাণ্ড আৰু পাতৰ দৰে কিছুমান উপাংগলৈ পৃথকীকৰণ কৰিব পাৰি ৷

(ii) ইহঁতৰ দেহত পানী আৰু খনিজ লৱণ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহনৰ বাবে বিশেষ কলা থাকে ৷

(iii) ঢেঁকীয়া জাতীয় উদ্ভিদৰ উদাহৰণ – পানী টেঙেচী, ঢেঁকীয়া ইত্যাদি ৷

জীৱৰ বিচিত্ৰতা – Notes

11. নগ্নবীজী উদ্ভিদৰ বৈশিষ্ট্য সমূহ –

(i)নগ্নবীজী উদ্ভিদখিনিয়ে নগ্নবীজ ধাৰণ কৰে ৷

(ii) উদ্ভিদবিলাক বহুবৰ্ষজীৱী, চিৰসেউজীয়া আৰু কাষ্ঠল হয় ৷

(iii)নগ্নবীজী উদ্ভিদৰ উদাহৰণ –সৰল গছ, ডিঅ’দাৰ ইত্যাদি ৷

12. গুপ্তবীজী উদ্ভিদৰ বৈশিষ্ট্য সমূহ-

(i)গুপ্তবীজী উদ্ভিদৰ বীজবিলাক ফলৰ ভিতৰত আবৃত হৈ থাকে ৷

(ii) এই উদ্ভিদখিনিৰ ভ্ৰুণটোত বীজপত্ৰ নামৰ এটা অংশ থাকে ৷

(iii) গুপ্তবীজী উদ্ভিদৰ উদাহৰণ মিঠাআলু, পেফিঅ’পেডিলাম ৷

13. একবীজপত্ৰী উদ্ভিদ – যিবিলাক উদ্ভিদৰ বীজপ্ত্ৰৰ সংখ্যা এখন সেইবিলাক উদ্ভিদক একবীজপত্ৰী উদ্ভিদ বোলে ৷

উদাহৰণ – পেফিঅ’পেডিলাম ৷

14. দ্বিবীজপত্ৰী উদ্ভিদ – যিবিলাক উদ্ভিদৰ বীজপ্ত্ৰৰ সংখ্যা দুখন সেইবিলাক উদ্ভিদক দ্বিবীজপত্ৰী উদ্ভিদ বোলে ৷

উদাহৰণ – মিঠাআলু ৷

15. ৰন্ধ্ৰী প্ৰাণী  বৈশিষ্ট্য সমূহ-

(i) ৰন্ধ্ৰী প্ৰাণীৰ দেহ অসংখ্য ৰন্ধ্ৰযুক্ত ৷

(ii)ইহঁতে সাগৰৰ পানীত কিছুমান কঠিন পদাৰ্থত খামোচ মাৰি লাগি থাকে ৷

(iii)ইহঁতৰ দেহত থকা ৰন্ধ্ৰবোৰে একোটা নলতন্ত্ৰ সৃষ্টি কৰে যাৰ সহায়ত খাদ্য আৰু অক্সিজেন পানীৰ পৰা গ্ৰহণ কৰি লয় ৷

(iv) এই প্ৰাণীসমূহৰ দেহক আৱৰি এখন কঠিন বহিঃআৱৰণ বা কংকাল থাকে ৷

(v) ৰন্ধ্ৰী প্ৰাণীৰ উদাহৰণ – ইউপ্লেক্টলা, চাইকন ইত্যাদি ৷

16. একনলদেহী প্ৰাণী বৈশিষ্ট্য সমূহ-

(i)একনলদেহী প্ৰাণীসমূহ পানীত বাস কৰে ৷

(ii) ইহঁতৰ দেহত এটা মাত্ৰ গহ্বৰ থাকে ৷

(iii)দেহ কোষৰ দুটা তৰপৰে গঠিত ৷

(iv) কিছুমান একনলদেহী প্ৰাণীয়ে সংগবদ্ধ হৈ বাস কৰে ৷

(v)একনলদেহী প্ৰাণী উদাহৰণ – হাইড্ৰা, জেলিমাছ ইত্যাদি ৷

17. চেপেটা কৃমি বৈশিষ্ট্য সমূহ-

(i)চেপেটা কৃমিৰ দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত ৷

(ii) ইহঁতৰ দেহ কোষৰ তিনিটা তৰপৰে গঠিত ৷

(iii) ইহঁতৰ দেহ পৃষ্ঠীয় অংকীয়ভাৱে চেপেটা ৷

(iv) এই প্ৰাণীসমূহৰ কিছুমানে মুক্তভাৱে অকলশৰীয়াকৈ আৰু আন কিছুমানে পৰজীৱি হিচাবে বাস কৰে ৷

(v)চেপেটা কৃমিৰ উদাহৰণ –প্লেনেৰিয়া, যকৃত কৃমি ইত্যাদি ৷

18. ঘূৰণীয়া কৃমি বৈশিষ্ট্য সমূহ-

(i) ঘূৰণীয়া কৃমিৰ দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয় ৷

(ii)ইহঁতৰ দেহ চুঙা আকৃতিৰ ৷

(iii)ইহঁতৰ দেহত গহ্বৰ বা ছদ্ম গুহা থাকে যদিও দেহত প্ৰকৃত অংগ-প্ৰত্যঙ্গ নাথাকে ৷

(iv)ঘূৰণীয়া কৃমি উদাহৰণ – ফাইলেৰিয়া পেলু ৷

19. গোধ বেমাৰ সৃষ্টি কৰা পেলু – ফাইলেৰিয়া পেলু ৷

20. বলয়ী প্ৰাণীৰ বৈশিষ্ট্য সমূহ-

(i) বলয়ী প্ৰাণীৰদেহ দ্বি-পাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয় ৷

(ii) ইহঁতৰ দেহত প্ৰকৃত দেহ গহ্বৰ বা দেহ গুহা পোৱা যায় ৷

(iii)দেহত অংগ-প্ৰত্যংগবোৰ বিস্তৃতভাৱে সজ্জিত হৈ থাকে ৷

(iv) ইহঁতৰ দেহ মূৰৰ পৰা পূচ্ছাংশলৈকে বহুত খণ্ডত বিভক্ত ৷

(v) বলয়ী প্ৰাণীৰ উদাহৰণ – কেঁচু, জোক ইত্যাদি ৷

21. সন্ধিপদী প্ৰাণীৰ বৈশিষ্ট্য সমূহ-

Advertisement

(i) সন্ধিপদী প্ৰাণীৰ দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত আৰু খণ্ডযুক্ত ৷

(ii) ইহঁতৰ পৰিবহণ তন্ত্ৰ মুক্ত প্ৰকৃতিৰ ৷

(iii) ইহঁতৰ দেহ গহ্বৰ তেজেৰে পূৰ্ণ হৈ থাকে ৷

(iv) এই প্ৰাণীবোৰৰ ঠেং সন্ধিযুক্ত ৷

(v) সন্ধিপদী প্ৰাণীৰ উদাহৰণ – মাখি, পখিলা ইত্যাদি ৷

22. কোমোলদেহী প্ৰাণীৰ বৈশিষ্ট্য সমূহ-

(i) কোমোলদেহী প্ৰাণীৰ দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত |

(ii)ইহঁতৰ মুক্ত পৰিবহন তন্ত্ৰ থাকে ৷

(iii) ইহঁতে বৃক্ক সদৃস অংগৰদ্বাৰা ৰেচন প্ৰক্ৰিয়া সম্পন্ন কৰে ৷

(iv) চলনৰ বাবে এই প্ৰাণীসমূহৰ দেহপদ থাকে ৷

(v)কোমোদেহী প্ৰাণীৰ উদাহৰণ – আপেল শামুক, অক্টোপাচ ইত্যাদি ৷

23. কন্টকচৰ্মী প্ৰাণীৰ বৈশিষ্ট্য সমূহ

(i)কন্টকচৰ্মী প্ৰাণীৰ দেহ আৱৰণখন কাঁইটেৰে আবৃত ৷

(ii) ইহঁতৰ দেহ ত্ৰিস্তৰীয় ৷

(iii) ইহঁতৰ দেহত বিশেষ ধৰণৰ জল সংবহন নলীকা তন্ত্ৰ থাকে যাৰ সহায়ত সিহঁতে ঘুৰি ফুৰিব পাৰে ৷

(iv) ইহঁতৰ দেহত টান চূণজাতীয় কঠিন পদাৰ্থৰদ্বাৰা নিৰ্মিত এটা কংকাল থাকে ৷

(v) কন্টকচৰ্মী প্ৰাণীৰ উদাহৰণ – তৰামছ, সামূদ্ৰিক আৰ্চিন ইত্যাদি ৷

24. প্ৰট’কৰডেটাৰ বৈশিষ্ট্য সমূহ

(i)প্ৰট’কৰডেটা গোষ্ঠিৰ প্ৰাণীসমূহৰ দেহ দ্বি-সমমিত আৰু ত্ৰি-স্তৰীয় ৷

(ii) ইহঁতৰ দেহ গুহাযুক্ত ৷

(iii) এই প্ৰাণীসমূহৰ জীৱনৰ কোনো অৱস্হাত পৃষ্ঠৰজ্জু থাকে ৷

(iv) প্ৰট’কৰডেটাৰ উদাহৰণ – বেলান’গ্ল’ছাছ, হাৰ্ডমেনিয়া ইত্যাদি ৷

25. মেৰুদণ্ডী প্ৰাণীৰ বৈশিষ্ট্য সমূহ

(i)মেৰুদণ্ডী প্ৰাণীসমূহ দ্বিপাৰ্শ্বভাৱে সমমিত ৷

(ii)ইহঁতৰ এডাল নট’কৰ্ড বা পৃষ্ঠৰজ্জু থাকে ৷

(iii) ইহঁতৰ এডাল পৃষ্ঠীয় স্নায়ুৰজ্জু থাকে ৷

(iv) ইহঁত ত্ৰিস্ত্বকীয় ৷

(v) ইহঁতৰ যুগ্ম ক্লোমৰন্ধ্ৰ থাকে ৷

(vi) ইহঁতৰ দেহগুহা যুক্ত ৷

26. মৎস্য শ্ৰেণীৰ বৈশিষ্ট্য সমূহ –

(i) ইহঁত জলচৰ ৷

(ii) ইহঁতৰ দেহ আৱৰণ বাকলিৰে আবৃত ৷

(iii) ইহঁতে ফুলৰ সহায়ত পানীৰ পৰা অক্সিজেন গ্ৰহণ কৰি শ্বাসক্ৰিয়া সম্পন্ন কৰে ৷

(iv) ইহঁতৰ দেহৰ আকৃতি মাকোৰ দৰে ৷

(v) ইহঁত শীতলৰক্তী আৰু হৃদযন্ত্ৰ দুটা কোঠালিযুক্ত ৷

(vi)মৎস্য শ্ৰেণীৰ প্ৰাণীৰ উদাহৰণ – কাৱৈ মাছ, ৰৌ মাছ ইত্যাদি ৷

27. কোমলাস্হি যুক্ত মাছৰ উদাহৰণ – ছাৰ্ক ৷

28. অস্হি যুক্ত মাছৰ উদাহৰণ –  টোনা, ৰৌ ইত্যাদি ৷

29. উভচৰ শ্ৰেণীৰ বৈশিষ্ট্য সমূহ –

(i) উভচৰ শ্ৰেণীৰ প্ৰাণীবিলাক জল আৰু স্থল উভয়তে পোৱা যায় ৷

(ii) উভচৰ প্ৰাণীৰ ছালত শ্লেষ্মা গ্ৰন্হি থাকে ৷

(iii) ইহঁতৰ হৃদযন্ত্ৰ তিনিটা কোঠালিযুক্ত ৷

(iv) ইহঁতে জলক্লোম নতুবা হাওঁফাওঁৰ সহায়ত উশাহ-নিশাহ লয় ৷

(v) উভচৰ প্ৰাণীৰ উদাহৰণ – চুক ভেকুলি, হাইলা ইত্যাদি ৷

30. সৰীসৃপৰ বৈশিষ্ট্য সমূহ –

(i) সৰীসৃপ সমূহ শীতলৰক্তী ৷

(ii) ইহঁতৰ দেহ আৱৰণত বাকলি থাকে ৷

(iii) ইহঁতে শ্বাস-প্ৰশ্বাস হাওঁফাওঁৰ সহায়ত লয় ৷

(iv) ইহঁতে কণী পাৰে আৰু কণীবোৰৰ এখন ডাঠ চোকোৰা থাকে৷

(v)সৰীসৃপৰ উদাহৰণ – কাছ, ঘহ জেঠী ইত্যাদি ৷

31. পক্ষী শ্ৰেণীৰ বৈশিষ্ট্য্ সমূহ –

(i)পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ উষ্ণৰক্তী ৷

(ii) ইহঁতৰ হৃদযন্ত্ৰটো চাৰিটা কোঠালিযুক্ত ৷

(iii) ইহঁতে কণী পাৰে ৷

(iv) ইহঁতৰ দেহৰ বহিঃআৱৰণ পাখীৰে আবৃত ৷

(v) ইহঁতৰ আগ ঠেং দুখন দেউকালৈ ৰূপান্তৰ হয় ৷

(vi) ইহঁতে হাওঁফাওঁৰ সহায়ত উশাহ নিশাহ লয় ৷

(vii) পক্ষী শ্ৰেণীৰ উদাহৰণ – পাৰচৰাই, ঘৰচিৰিকা ইত্যাদি ৷

32. স্তন্যপায়ী প্ৰাণীৰ বৈশিষ্ট্য্ সমূহ –

(i)  স্তন্যপায়ী প্ৰাণীবোৰ উষ্ণৰক্তী ৷

(ii) ইহঁতৰ হৃদযন্ত্ৰটো চাৰিটা কোঠালিযুক্ত ৷

(iii) এই শ্ৰেণীৰ স্ত্ৰী প্ৰাণীসমূহৰ দেহত স্তন গ্ৰন্হি থাকে ৷

(iv) ইহঁতৰ চালত চুলি অথবা নোম, ঘৰ্মগ্ৰন্হি আৰু তৈল গ্ৰন্হি থাকে ৷

(v) কেইবিধমান স্তন্যপায়ী প্ৰাণীৰ বাদে সকলো প্ৰাণীয়েই পোৱালি জন্ম দিয়ে ৷

(vi) স্তন্যপায়ী প্ৰাণীৰ উদাহৰণ – মেকুৰী, বাদুলী ইত্যাদি ৷

33. কণী পৰা স্তন্যপায়ী প্ৰাণীৰ উদাহৰণ – প্লেটিপাছ, একিডনা ইত্যাদি ৷

Read More :

Advertisement

জীৱৰ বিচিত্ৰতা – পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনী

আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes

অনু আৰু পৰমাণু – Notes

জীৱৰ মৌলিক একক – Notes

কলা – Notes

জীৱৰ বিচিত্ৰতা – Notes

বল আৰু গতি বিষয়ক সূত্ৰসমূহ – – Notes

মহাকৰ্ষণ – Notes

শব্দ – Notes

আমি অসুস্থ হওঁ কিয় ? – Notes

প্ৰাকৃতিক সম্পদ – Notes

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – Notes