ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 7 জীৱৰ বিচিত্ৰতা (Diversity in Living Organism ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

জীৱৰ বিচিত্ৰতা – প্ৰশ্নাৱলী, Page No – 80
1. আমি জীৱবিলাকৰ কিয় শ্রেণী বিভাজন কৰো ?
উত্তৰ – আমাৰ পৃথিৱীত বিভিন্ন ধৰণৰ অসংখ্য জীৱ পোৱা যায় ৷ প্ৰত্যেকটো জীৱই ইটোৰ লগত সিটোৰ কম বেচি পৰিমাণে পাৰ্থক্য থাকে ৷ এনে বিচিত্ৰতাময় জীৱবিলাকক অতি কম সময়ৰ ভিতৰতে জানি বুজি লোৱাটো সম্ভৱ নহয় ৷ সেইদৰে জীৱবিলাকৰ বিষয়ে এটা এটাকৈ অধ্যয়ন কৰি জানি বুজিও ল’ব নোৱাৰি ৷ সেয়েহে অধ্যয়নৰ সুবিধাৰ বাবে আমি জীৱবিলাকৰ শ্রেণী বিভাজন কৰো ৷
2. তোমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পার্থক্য বিলাকৰ তিনিটা উদাহৰণ দিয়া।
উত্তৰ – আমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পার্থক্য বিলাকৰ উদাহৰণ –
(i)অনুবীক্ষণিক জীৱ যেনে বেক্টেৰিয়া আদিৰ আকাৰ মাত্ৰ কেই মাইক্ৰ মিলিমিটাৰ আনহাতে নীল তিমিৰ আকাৰ 30 মিটাৰ ৷
(ii)সৰল গছ বহু হাজাৰ বছৰ ধৰি জীয়াই থাকে আনহাতে কিছুমান পতংগ যেনে ম’হজাতীয় জীৱ মাত্ৰ কেইদিন মানতে মৃত্যু ঘটে ৷
(iii) কিছুমান জীৱ বৰণহীন বা স্বচ্ছ আনহাতে কিছুমান বাৰেবৰণীয়া ৷
প্ৰশ্নাৱলী, Page No – 82
1. জীৱজগতৰ শ্রেণী বিভাজন কৰোতে কোনটো চৰিত্রগত বৈশিষ্ট্য বেচি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা ?
(ক) সিহঁতে বসবাস কৰা স্থানক ?
(খ) সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক ? আৰু কিয় ?
উত্তৰ – জীৱজগতৰ শ্রেণী বিভাজন কৰোতে সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক বেচি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হ’ব কাৰণ কোষৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি জীৱটো প্ৰকোষকেন্দ্ৰীয় জীৱ নে সংকোষকেন্দ্ৰীয় জীৱ তাক নিৰ্ণয় কৰিব পাৰি ৷ যিবিলাক জীৱৰ কোষত প্ৰকৃত কোষকেন্দ্ৰ আৰু অন্যান্য কোষ অংগানুসমূহ নাথাকে সেইবিলাকৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবিলাক অন্য এক পন্হাৰে সংঘটিত হয় ৷ ইয়ে কোষৰ আকৃতি প্ৰকৃতি নিৰ্ণয়ত ভূমিকা লয় ৷ তদুপৰি কোষকেন্দ্ৰ থকা কোষবিলাকে বহুকোষী জীৱৰ সংগঠনত অংশ লোৱা ক্ষমতাও থাকে ৷
2. জীবজগতৰ শ্রেণীবিভাজনত প্রথম পর্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি ?
উত্তৰ – জীবজগতৰ শ্রেণীবিভাজনত প্রথম পর্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো হ’ল কোষৰ প্ৰকৃতি ৷
3. কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্রাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে ?
উত্তৰ – আহাৰ তৈয়াৰ কৰা বা আহৰণ কৰা পদ্ধতিৰ ওপৰত ভিত্তি কৰি উদ্ভিদ আৰু প্রাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে ৷ উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয় আনহাতে প্ৰাণীবিলাকে আনৰ পৰা খাদ্য আহৰণ কৰে ৷
জীৱৰ বিচিত্ৰতা – প্ৰশ্নাৱলী, Page No – 83
1. কোনবোৰ জীৱকনিম্নস্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰে উচ্চস্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক ?
উত্তৰ – জীৱজগতৰ কিছুমান জীৱৰ দেহৰ অবয়ব প্ৰাচীন কালৰ জীৱবিলাকতকৈ বৰ বেচি পৰিৱৰ্ত্তন বা ৰূপান্তৰ ঘটা নাই ৷ আনহাতে কিছুমান জীৱই দেহৰ আৰ্হিটো এনেকৈ অভিযোজন কৰি লয় যাতে সিহঁতে তুলামুলকভাৱে পিছতীয়াকৈ উদ্ভৱ হৈও বৰ্ত্তমান কালৰ পৰিৱেশৰ লগত খাপ খাই থাকিব পাৰে ৷ প্ৰথম ভাগৰ জীৱ বিলাকক নিম্নস্তৰীয় জীৱ বোলি কোৱা হয় ৷
এইবোৰ জীৱ উচ্ছস্তৰীয় জীৱবোৰৰ পৰা দেহৰ গঠনৰ ফালৰ পৰা পৃথক ৷
2. উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেইনে ? যদি হয়। কিয় ?
উত্তৰ – হয়, উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেই কাৰণ ক্ৰমবিকশৰ গতি ধাৰাত জীৱবিলাকৰ দেহৰ অবয়ৱ বা আৰ্হি সৰল পৰ্যায়ৰ পৰা জটিল পৰ্যায়ৰ ফালে ধাবিত হয় ৷ আচলতে আজিৰ উচ্চস্তৰীয় জীৱবোৰো সৰল পৰ্যায়ৰ পৰা জটিল পৰ্যায়লৈ ৰূপান্তৰ হৈছে ৷
প্ৰশ্নাৱলী, Page No – 85
1. মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নির্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে?
উত্তৰ – কোষত প্ৰকৃত কোষকেন্দ্ৰ আৰু কোষ অংগাণু থকা বা নথকাৰ ওপৰত ভিত্তি কৰি মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ জীৱবিলাকক বিভক্ত কৰা হৈছে ৷
মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱবিলাকৰ কোষত প্ৰকৃত কোষকেন্দ্ৰ আৰু কোষ অংগাণু নাথাকে আনহাতে প্ৰটিষ্টা ৰজ্যৰ জীৱবিলাকৰ কোষত প্ৰকৃত কোষকেন্দ্ৰ আৰু কোষ অংগাণু থাকে ৷
2. সালোক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষকেন্দ্রীয় কোষৰে গঠিত এককোষী জীৱবোৰক তুমি কোনটো ৰাজ্যত অন্তর্ভুক্ত কৰিবা ?
উত্তৰ – প্ৰটিষ্টা ৰাজ্যত ৷
3. শ্রেণীবিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্যসূচক চৰিত্রৰ জীৱবিলাকত কোনটো বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বগানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তর্ভুক্ত হয় ?
উত্তৰ – শ্রেণীবিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্যসূচক চৰিত্রৰ জীৱবিলাকত প্ৰজাতি বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু ৰাজ্য বগানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তর্ভুক্ত হয় ৷
প্ৰশ্নাৱলী, Page No – 88
1. উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল ?
উত্তৰ – সমাঙ্গদেহী উদ্ভিদ ৷
2. ঢেঁকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পার্থক্য ?
উত্তৰ – ঢেঁকীয়া জাতীয় উদ্ভিদ আৰু সপুষ্পক উদ্ভিদৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –
ঢেঁকীয়া জাতীয় উদ্ভিদ | সপুষ্পক উদ্ভিদ |
1. সৰল প্ৰজনন অংগ থাকে ৷ | 1. জটিল প্ৰজনন অংগ থাকে ৷ |
2. ফল-ফুল নধৰে ৷ | 2. ফল-ফুল ধৰে ৷ |
3. ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰে ৷ | 3. বীজ, কাণ্ড আদিৰ দ্বৰা বংশবিস্তাৰ কৰে ৷ |
4. উদাহৰণ – পানী টেঙেচী, ঢেঁকীয়া ইত্যাদি ৷ | 4. উদাহৰণ – সৰল গছ, ডিঅ’দাৰ ইত্যাদি ৷ |
3. নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰলগত সিটোৰ পার্থক্য কি ?
উত্তৰ – নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকাপাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –
নগ্নবীজী উদ্ভিদ | গুপ্তবীজী উদ্ভিদ |
1. নগ্নবীজ ধাৰণ কৰে ৷ | 1. বীজ ফলৰ ভিতৰত আবৃত হৈ থাকে ৷ |
2. ফুল ধাৰণ নকৰে ৷ | 2. ফুল ধাৰণ কৰে ৷ |
3. ফল ধাৰণ নকৰে ৷ | 3. ফল ধাৰণ কৰে ৷ |
4. উদাহৰণ – সৰল গছ, ডিঅ’দাৰ ইত্যাদি ৷ | 4. উদাহৰণ – আম, মিঠা আলু ইত্যাদি ৷ |
প্ৰশ্নাৱলী, Page No – 94
1. ৰন্ধ্ৰী প্রাণীসমূহক একনলদেহী প্রাণীসমূহৰ পৰা কিদৰে পার্থক্য কৰিব পাৰি ?
উত্তৰ – ৰন্ধ্ৰীপ্ৰাণী আৰু একনলদেহী প্ৰাণীসমূহৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –
ৰন্ধ্ৰীপ্রাণী | একনলদেহী প্রাণী |
1. ৰন্ধ্ৰী প্ৰাণীসমূহক সমূদ্ৰৰ আবাসভূমিত বেছিকৈ পোৱা যায় ৷ | 1. একনলদেহী প্ৰাণী সমূহক অকল সাগৰত পোৱা যায় ৷ |
2. ইহঁতৰ দেহ অসংখ্য ৰন্ধ্ৰযুক্ত ৷ | 2. ইহঁতৰ দেহ ৰন্ধ্ৰযুক্ত নহয় ৷ |
3. ইহঁতৰ দেহত গহ্বৰ নাথাকে ৷ | 3. ইহঁতৰ দেহত এটা মাত্ৰ গহ্বৰ থাকে ৷ |
4. উদাহৰণ – চাইকন, স্পঞ্জীলা ইত্যাদি ৷ | 4. উদাহৰণ – হাইদ্ৰা, জেলিমাছ ইত্যাদি ৷ |
2. কেনেকৈ বলয়ীদেহী প্রাণীসমূহক সন্ধীপদী প্রাণীসমূহৰ পৰা পার্থক্য কৰিব পাৰি ?
উত্তৰ – বলয়ীদেহী প্ৰাণী আৰু সন্ধীপদী প্ৰাণীসমূহৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল–
বলয়ীদেহী প্রাণী | সন্ধীপদী প্রাণী |
1. বলয়ীদেহী প্রাণীৰ দেহ মূৰৰ পৰা পূচ্ছাংশলৈকে বহুত খণ্ডত বিভক্ত ৷ | 1. সন্ধীপদী প্রাণীৰ দেহ তিনিটা খণ্ডত বিভক্ত ৷ |
2. ইহঁতৰ পৰিবহন তন্ত্ৰ বন্ধ প্ৰকৃতিৰ ৷ | 2. ইহঁতৰ পৰিবহন তন্ত্ৰ মুক্ত প্ৰকৃতিৰ ৷ |
3. ইহঁতৰ সন্ধিযুক্ত ঠেং নাথাকে ৷ | 3. ইহঁতৰ সন্ধিযুক্ত ঠেং থাকে ৷ |
4. উদাহৰণ – কেঁচু, জোক ইত্যাদি ৷ | 4. উদাহৰণ – মাখি, মকৰা ইত্যাদি ৷ |
3. উভচৰ আৰু সৰীসৃপ প্রাণীসমূহৰ মাজত পার্থক্য কি ?
উত্তৰ – উভচৰ আৰু সৰীসৃপ প্রাণীসমূহৰ মাজত থকা পার্থক্যসমূহ তলত উল্লেখ কৰা হ’ল –
উভচৰ প্রাণী | সৰীসৃপ প্রাণী |
1. উভচৰ প্রাণীৰ ছালত বাকলি নাথাকে ৷ | 1. সৰীসৃপ প্রাণীৰ দেহআৱৰণত বাকলি থাকে৷ |
2. ইহঁতে জলক্লোম নতুবা হাওঁফাওঁৰ সহায়ত উশাহ-নিশাহ লয় ৷ | 2. ইহঁতে শ্বাস-প্ৰশ্বাস হাওঁফাওঁৰ সহায়ত লয় ৷ |
3. ইহঁতে পানীত কণী পৰে ৷ | 3. ইহঁতে মাটি বা স্থলত কণী পাৰে ৷ |
4. উভচৰ প্রাণীৰ কোনো ধৰণৰ ডাঠ চোকোৰা নাথাকে ৷ | 4. সৰীসৃপৰ কণীবোৰৰ এখন ডাঠ চোকোৰা থাকে ৷ |
5. উভচৰৰ উদাহৰণ – চুক ভেকুলি, হাইলা ইত্যাদি ৷ | 5. সৰীসৃপৰ উদাহৰণ – কাছ, ঘৰ জেঠী ইত্যাদি ৷ |
4. পক্ষী শ্রেণীৰ অন্তর্ভুক্ত প্রাণীসমূহ আৰু স্তনপায়ীৰ প্রাণীসমূহৰ মাজত পার্থক্য কি কি ?
উত্তৰ – পক্ষী শ্রেণীৰ অন্তর্ভুক্ত প্রাণীসমূহ আৰু স্তনপায়ীৰ প্রাণীসমূহৰ মাজত পার্থক্যবিলাক তলত দিয়া হ’ল –
পক্ষী | স্তন্যপায়ীৰ প্রাণী |
1. পক্ষীয়ে কণী পাৰে ৷ | 1. স্তন্যপায়ীৰ প্রাণীয়ে পোৱালি জন্ম দিয়ে ৷ |
2. স্ত্ৰী প্ৰাণীসমূহৰ দেহত স্তন গ্ৰন্হি নাথাকে ৷ | 2. স্ত্ৰী প্ৰাণীসমূহৰ দেহত স্তন গ্ৰন্হি থাকে ৷ |
3. ইহঁতৰ দেহৰ বহিঃআৱৰণ পাখীৰে আবৃত ৷ | 3. ইহঁতৰ দেহ চুলি অথবা নোমেৰে আবৃত ৷ |
4. আগ ঠেং দুখন দেউকালৈ ৰূপান্তৰ হয় যাতে ইহঁতে উৰিব পাৰে ৷ | 4. আগ ঠেং দুখন দেউকালৈ ৰূপান্তৰ নহয় ৷ |
5. পক্ষীৰ উদাহৰণ – পাৰচৰাই, ঘৰচিৰিকা ইত্যাদি ৷ | 5. স্তন্যপায়ীৰ প্রাণীৰ উদাহৰণ – মেকুৰী, মানুহ ইত্যাদি ৷ |
জীৱৰ বিচিত্ৰতা – অনুশীলনী
1. জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি ?
উত্তৰ – জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ –0
(i)জীৱবিলাকৰ বৰ্গীকৰণে জীৱবিলাকৰ অধ্যয়নত সুবিধা কৰে ৷
(ii) জীৱবিলাকৰ বৰ্গীকৰণে বিচিত্ৰতাময় জীৱবিলাকৰ বিষয়ে জানিবলৈ সহায় কৰে ৷
(iii) জীৱবিলাকৰ বৰ্গীকৰণে জীৱবিলাকৰ ইটোৰ লগত সিটোৰ সম্পৰ্ক বুজাত সহায় কৰে৷
(iv) জীৱবিলাকৰ বৰ্গীকৰণৰ দ্বাৰা ক্ৰমবিকাশৰ বিষয়ে জানিব পাৰি ৷
(v) জীৱবিলাকৰ বৰ্গীকৰণৰ দ্বাৰা নতুন আৱিস্কাৰ হোৱা জীৱক সহজে শ্ৰেণীবিভাজন কৰিব পাৰি ৷
(vi) জীৱবিলাকৰ বৰ্গীকৰণৰ দ্বাৰা নতুন আৱিস্কাৰ হোৱা জীৱক আগতে আৱিস্কাৰ হোৱা জীৱই
2. জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্য বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা ?
উত্তৰ – শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবলৈ জীৱৰ মৌলিক বৈশিষ্ট্যসূচক চৰিত্ৰক বিবেচনা কৰা হয় ৷ উদাহৰণ স্বৰূপে, জীৱ এটা সংকোষকেন্দ্ৰীয় জীৱ নে প্ৰকোষকেন্দ্ৰীয় জীৱ, একোষী নে বহুকোষী ইত্যাদি ধৰণে দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট বিবেচনা কৰা হয় ৷
3. জীৱ জগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ বর্ণনা কৰা।
উত্তৰ – জীৱ জগতৰ পঞ্চ ৰাজ্য বিভাজন জীৱবিলাকৰ কোষৰ গঠন, পৰিপুষ্টিৰ ধৰণ আৰু দেহৰ সংগঠনৰ ওপৰত ভিত্তি কৰি কৰা হৈছে ৷
4. উদ্ভিদ ৰাজ্যৰ মুখ্য উপ বিভাগসমূহ কি কি? এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে ?
উত্তৰ – উদ্ভিদ ৰাজ্যৰ মুখ্য উপ বিভাগসমূহ হ’ল – সমাঙ্গদেহী উদ্ভিদ, মচ জাতীয় উদ্ভিদ, ঢেঁকীয়া জাতীয় উদ্ভিদ, নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদ ৷
এই শ্ৰেণী বিভাজনৰ ভিত্তি –
(i) উদ্ভিদৰ দেহটো কিছুমান উপাংগত খণ্ড বিখণ্ড বা স্পষ্টকৈ পৃথকীকৰণ কৰিব পাৰি নে নোৱাৰি ৷
(ii)সিহঁতৰ দেহত পানী বা অন্যান্য দ্ৰব্যৰ পৰিবহনৰ বাবে সংবহন কলা থকা বা নথকা ৷
(iii)বীজ ধাৰণ কৰা বা নকৰা ৷
(iv)নগ্নবীজী নে গুপ্তবীজী ৷
5. উদ্ভিদ ৰাজ্যৰ শ্রেণীবিভাজন কৰা ভিত্তিসমূহ আৰু প্রাণী জগতৰ শ্ৰেণীবিভাজনৰ ভিত্তিসমূহৰ মাজৰ প্ৰভেদ কি ?
উত্তৰ – উদ্ভিদ ৰাজ্যৰ শ্রেণীবিভাজন কৰা ভিত্তিসমূহ হ’ল – উদ্ভিদৰ দেহ বিভিন্ন অংশত বিভক্ত কৰিব পাৰি নে নোৱাৰি, সংবহন কলা থাকে নে নাথাকে, বীজ ধাৰণ কৰে নে নকৰে নগ্নবীজী নে গুপ্তবীজী, ফুল ধাৰণ কৰে নে নকৰে ইত্যাদি ৷
আনহাতে প্রাণী জগতৰ শ্ৰেণীবিভাজনৰ ভিত্তিসমূহ হ’ল – দেহৰ গঠন, দেহ গহ্বৰ থকা বা নথকা, কোষৰ তৰপ বা স্তৰ, পৰিবহন তন্ত্ৰ মুক্ত নে বন্ধ, নট’কৰ্ড থকা বা নথকা ইত্যাদি৷
6. মেৰুদণ্ডী প্রাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে ব্যাখ্যা কৰা ।
উত্তৰ – মেৰুদণ্ডী প্রাণীসমূহক পাঁচতা ভাগত উপবিভাজন কৰা হেছে –
(i) মৎস্য – আটাইবোৰ মাছৰ প্ৰজাতিক এই শ্ৰেণীত অন্তৰ্ভূক্ত কৰা হৈছে ৷ ইহঁত পানীত থাকে ৷ ইহঁতৰ দেহ আৱৰণ বাকলিৰে আবৃত ৷ ইহঁত শীতলৰক্তী আৰু হৃদযন্ত্ৰ দুটা কোঠালিযুক্ত ৷ মৎস্যৰ উদাহৰণ – কাৱৈ মাছ, ৰৌ মাছ ইত্যাদি ৷
(ii)উভচৰ – উভচৰ প্ৰাণী জল আৰু স্থল দুয়োটা পৰিৱেশত পোৱা যায় ৷ উভচৰ প্ৰাণীৰ ছালত বাকলি নাথাকে ৷ ইহঁতৰ হৃদযন্ত্ৰ তিনিটা কোঠালিযুক্ত ৷ ইহঁতে জলক্লোম নতুবা হাওঁফাওঁৰ সহায়ত উশাহ-নিশাহ লয় ৷ উভচৰৰ উদাহৰণ – চুক ভেকুলি, হাইলা ইত্যাদি ৷
(iii)সৰীসৃপ – সৰীসৃপ প্রাণীৰ দেহআৱৰণত বাকলি থাকে ৷ ইহঁতে শ্বাস-প্ৰশ্বাস হাওঁফাওঁৰ সহায়ত লয় ৷ সৰীসৃপৰ কণীবোৰৰ এখন ডাঠ চোকোৰা থাকে ৷ সৰীসৃপৰ উদাহৰণ – কাছ, ঘৰ জেঠী ইত্যাদি ৷
(iv)পক্ষী – পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ উষ্ণৰক্তী ৷ ইহঁতৰ হৃযন্ত্ৰত চাৰিটা কোঠালি থাকে ৷ ইহঁতৰ দেহৰ বহিঃআৱৰণ পাখীৰে আবৃত ৷আগ ঠেং দুখন দেউকালৈ ৰূপান্তৰ হয় যাতে ইহঁতে উৰিব পাৰে ৷পক্ষীয়ে কণী পাৰে ৷পক্ষীৰ উদাহৰণ – পাৰচৰাই, ঘৰচিৰিকা ইত্যাদি ৷
(v)স্তন্যপায়ী – স্তন্যপায়ী প্ৰাণীসমূহউষ্ণৰক্তী ৷ ইহঁতৰ হৃযন্ত্ৰত চাৰিটা কোঠালি থাকে ৷ এই শ্ৰেণীৰ স্ত্ৰী প্ৰাণীসমূহৰ দেহত স্তন গ্ৰন্হি থাকে ৷ ইহঁতৰ দেহ চুলি অথবা নোমেৰে আবৃত ৷স্তন্যপায়ীৰ প্রাণীয়ে পোৱালি জন্ম দিয়ে ৷ স্তন্যপায়ীৰ প্রাণীৰ উদাহৰণ – মেকুৰী, মানুহ ইত্যাদি ৷
Read More :
অধ্যায়- ১ আমাৰ চাৰিওকাষৰ বস্তুবোৰ
অধ্যায় – ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?
অধ্যায় ৯ বল আৰু গতি বিষয়ক সূত্ৰসমূহ
অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় ?
অধ্যায় ১৫ খাদ্য সম্পদৰ উৎকৰ্ষ সাধন
বিজ্ঞান – দশম শ্ৰেণী ( NCERT – SEBA)
7 Replies to “জীৱৰ বিচিত্ৰতা”