জীৱৰ মৌলিক একক – Notes

জীৱৰ মৌলিক একক
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়- 5 জীৱৰ মৌলিক একক – NotesThe Fundamental Unit of Life ৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Linkত click কৰিলে পাব ৷

জীৱৰ মৌলিক একক – Notes

1. কোষ –  কোষ হ’ল জীৱৰ গঠনৰ আৰু কাৰ্যৰ মৌলিক একক ৷

2. অল্পসাৰী দ্ৰব – যদিহে কোষ এটাৰ চাৰিওপাশৰ মাধ্যমৰ পানীৰ গাঢ়তা কোষটোৰ পানীৰ গাঢ়তাতকৈ বেচি হয় তেনেহ’লে কোষটোয়ে পানী আসৃতি প্ৰক্ৰিয়াৰে গ্ৰহণ কৰিব ৷ এনে দ্ৰৱক অল্পাসাৰী দ্ৰব বুলি কোৱা হয় ৷

3. সমসাৰী দ্ৰৱ – যদিহে কোষ এটাৰ চাৰিওপাশৰ মাধ্যমৰ পানীৰ গাঢ়তা কোষটোৰ সৈতে একে হয় তেনেহ’লে কোষটোৰ কোষাবৰণৰ মাজেদি পানীৰ অণুৰ চলাচল নহয় ৷ এনে দ্ৰৱক সমসাৰী দ্ৰব বুলি কোৱা হয় ৷

4. অতিসাৰী দ্ৰৱ –

Advertisement

যদিহে কোষ এটাৰ চাৰিওপাশৰ মাধ্যমৰ পানীৰ গাঢ়তা কোষটোৰ পানীৰ গাঢ়তাতকৈ কম হয় তেনেহ’লে কোষটোৰ পৰা পানী আসৃতি প্ৰক্ৰিয়াৰে বাহিৰলৈ ওলাই যায় ৷ এনে দ্ৰৱক অল্পাসাৰী দ্ৰব বুলি কোৱা হয় ৷

5. উদ্ভিদৰ কোষবেৰখন প্ৰধানকৈ ছেলুজৰে গঠিত ৷

6. প্ৰট’প্লাজমৰ সংকোচন – উদ্ভিদ কোষৰ পৰা পানী আসৃতি প্ৰক্ৰিয়াৰে কোষবেৰৰ বাহিৰ হৈ গ’লে কোষস্থ দ্ৰব্য কোষাবৰণৰ সৈতে সংকুচিত হৈ আহে ৷ এই পৰিঘটনাক প্ৰট’প্লাজমৰ সংকোচন বোলে ৷

7. কোষ কেন্দ্ৰাৱৰণ – কোষকেন্দ্ৰক আগুৰি ৰখা দুই তৰপীয়া আৱৰণখনক কোষ কেন্দ্ৰাৱৰণ বুলি কোৱা হয় ৷

8. ক্ৰম’জ’মৰ কাৰ্য – ক্ৰম’জ’মবোৰে তাত থকা ডি এন এ নামৰ অণুবিলাকত নিহিত হৈ থকা বংশগত বৈশিষ্ট সমূহ পৈতৃক অণুৰ পৰা পৰবৰ্ত্তী জনুলৈ কঢ়িয়াই নিয়ে ৷

9. জিন – ডি এন এ ৰ কাৰ্যকৰী একককে জিন বোলে ৷

10. প্ৰকোষকেন্দ্ৰীয় জীৱ – যিবিলাক জীৱৰ কোষৰ কোষকেন্দ্ৰৰ কেন্দ্ৰাৱৰণ নাথাকে তেনেবিলাক জীৱক প্ৰকোষকেন্দ্ৰীয় জীৱ বোলে ৷

উদাহৰণ – বেক্টেৰিয়া ৷

11. সংকোষকেন্দ্ৰীয় জীৱ –

যিবিলাক জীৱৰ কোষৰ কোষকেন্দ্ৰৰ কেন্দ্ৰাৱৰণ থাকে তেনেবিলাক জীৱক সংকোষকেন্দ্ৰীয় জীৱ বোলে ৷

উদাহৰণ – উদ্ভিদ, প্ৰাণী ৷

12. কোষপ্ৰৰস – কোষপ্ৰৰস হ’ল কোষাবৰণে আগুৰি ৰখা এক অৰ্ধ জুলীয়া পদাৰ্থ য’ত বিশেষ ধৰণৰ কোষ অংগাণুবিলাকো থাকে ৷

13. ভাইৰাচক কিয় জীৱ বুলি আখ্যা দিয়া নহয় ?

উত্তৰ – ভাইৰাচক জীৱ বুলি আখ্যা দিয়া নহয় কাৰণ ভাইৰাচৰ কোনো আৱৰণী নাথাকে ৷ ই যেতিয়ালৈকে জীৱ দেহৰ কোষত প্ৰৱেশ কৰি কোষস্থ দ্ৰব্যক ব্যৱহাৰ কৰি বংশ বিস্তাৰ নকৰে তেতিয়ালৈকে ই জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য আচৰণ দেখুৱাব নোৱাৰে ৷

14. অন্তঃপ্ৰৰসীয় জালিকাৰ কাৰ্য –

(i) অমসৃণ অন্তঃপ্ৰৰসীয় জালিকাত থকা ৰাইব’জ’মে প্ৰ’টিন উৎপাদন কৰে ৷

(ii)মসৃণ অন্তঃপ্ৰৰসীয় জালিকাবিলাকে কোষীয় কাৰ্যৰ বাবে লাগতীয়াল স্নেহ জাতীয় পদাৰ্থ বা লিপিড সংশ্লেষণত সহায় কৰে ৷

(iii)অন্তঃপ্ৰৰসীয় জালিকাই কোষ প্ৰৰসৰ বিভিন্ন অঞ্চলৰ মাজত বা কোষপ্ৰৰস আৰু কোষকেন্দ্ৰৰ মাজত পদাৰ্থৰ সৰবৰাহ কৰে ৷

(iv)অন্তঃপ্ৰৰসীয় জালিকাই কোষৰ বিভিন্ন যাৱতীয় জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াবিলাক সংঘটিত হ’ব পৰাকৈ ঠাইৰ সৃষ্টি কৰে ৷

(v)মেৰুদণ্ডী প্ৰাণীৰ যকৃত কোষত থকা মসৃণ অন্তঃপ্ৰৰসীয় জালিকাবিলাকে অন্তঃকোষীয় বিষাক্ত দ্ৰব্য আৰু কিছুমান ঔষধক বিষাক্তহীন কৰাত বিশেষ ভূমিকা পালন কৰে ৷

15.গলজি সংঘৰ কাৰ্য –

(i)অন্তঃপ্ৰৰসীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ গলজি সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশ গ্ৰহণ কৰে ৷

(ii) গলজি সংঘৰ কাৰ্য হ’ল সঞ্চয়, উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰ ৷

(iii) কেতিয়াবা গলজি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিবৰ্তন কৰিব পাৰে ৷

(iv) গলজি সংঘই লাইছ’জম গঠন কৰাতো সহায় কৰে ৷

16. লাইছ’জ’মৰ কাৰ্য – লাইছ’জ’মে কোষত প্ৰৱেশ কৰা অলাগতিয়াল দ্ৰব্যবোৰ আৰু কোষত উৎপন্ন হোৱা অলাগতীয়াল পদাৰ্থবিলাক পৰিপাক কৰি কোষটোক নিকা কৰি ৰাখে ৷

17. ৰসধানী বা ৰিক্তিকাৰ কাৰ্য –

(i) উদ্ভিদ কোষৰ ৰসধানীয়ে কোষটোক স্ফীত আৰু দৃঢ় হৈ থকাত সহায় কৰে ৷

(ii) উদ্ভিদৰ জীৱনত প্ৰয়োজন হোৱা বহুবোৰ লাগতীয়াল পদাৰ্থ কোষৰ ৰসধানীতে সঞ্চিত হৈ থাকে ৷

(iii) এককোষী জীৱ যেনে এমিবাই খাদ্য ভক্ষণ কৰি ৰিক্তিকাত মজুত ৰাখে ৷

(iv) কিছুমান একোষী জীৱৰ ৰসধানীয়ে কোষৰ অতিৰিক্ত পানী আৰু কিছুমান বৰ্জিত পদাৰ্থ উলিয়াই পঠোৱাত সহায় কৰে ৷

Read More :

Advertisement

জীৱৰ মৌলিক একক – পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনী

আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes

অনু আৰু পৰমাণু – Notes

জীৱৰ মৌলিক একক – Notes

কলা – Notes

জীৱৰ বিচিত্ৰতা – Notes

বল আৰু গতি বিষয়ক সূত্ৰসমূহ – – Notes

মহাকৰ্ষণ – Notes

শব্দ – Notes

আমি অসুস্থ হওঁ কিয় ? – Notes

প্ৰাকৃতিক সম্পদ – Notes

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – Notes