জীৱৰ মৌলিক একক

জীৱৰ মৌলিক একক
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 5 জীৱৰ মৌলিক একক (The Fundamental Unit of Life ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

জীৱৰ মৌলিক একক – প্ৰশ্নাৱলী, Page No – 59

1. কোষ কোনে আৰু কেনেকৈ আবিষ্কাৰ কৰিছিল ?

উত্তৰ – কোষ ৰবাৰ্ট হুকে আবিষ্কাৰ কৰিছিল ৷

1665 খ্ৰীষ্টাব্দৰ কোনো এটা দিনত ৰবাৰ্ট হুকে নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এটুকুৰা কৰ্কৰ পাতল চ্ছেদ পৰীক্ষা কৰি মৌকোঁহৰ নিচিনা কিছুমান খোঁটালি দেখা পাইছিল ৷ তেঁও সেই খোঁটালিবোৰকে “কোষ” বুলি আখ্যা দিছিল ৷ এইদৰে ৰবাৰ্ট হুকে  কোষ আবিষ্কাৰ কৰিছিল ৷

2. কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়?

উত্তৰ – সকলো জীৱ কোষৰ দ্বাৰা গঠিত ৷ জীৱ দেহত চলি থকা সকলো ধৰণৰ কাৰ্য কোষৰ দ্বাৰাই সমাধা হয় ৷ প্ৰত্যেক জীৱিত কোষৰেই কিছুমান মৌলিক কাৰ্য সমাধা কৰা সামৰ্থ থাকে ৷ কোষৰ ভিতৰত থকা প্ৰত্যেকবিধ কোষ অংগাণুয়ে কোনো এক নিৰ্দিষ্ট কাম সম্পন্ন কৰে, যেনে, কোষত নতুন পদাৰ্থ উৎপন্ন কৰা, কোষৰ বৰ্জিত পদাৰ্থ নিষ্কাষণ কৰা ইত্যাদি ৷ এই কোষ অংগাণুবিলাকৰ বাবেই কোষ জীয়াই থাকিব পাৰে আৰু নিৰ্দিষ্ট কাম সম্পন্ন কৰিব পাৰে ৷ সেয়েহে কোষক গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয় ৷

প্ৰশ্নাৱলী, Page No – 61

Advertisement

1. CO2 আৰু পানীৰ দৰে পদার্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা।

উত্তৰ -CO2 আৰু পানীৰ দৰে পদার্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা চলাচল কৰে ৷ যেতিয়াই কোষ এটাৰ ভিতৰৰ CO2 আৰু পানীৰ দৰে পদার্থবিলাকৰ গাঢ়তা বাহিৰতকৈ বেছি হয় তেতিয়াই এই পদাৰ্থবোৰ ব্যাপণ বা আসৃতি প্ৰক্ৰিয়াৰে বাহিৰলৈ ওলাই আহে ৷ একেদৰে আন পদাৰ্থ যেনে অক্সিজেনৰ গাঢ়তা কোষৰ ভিতৰত নিম্ন হ’লে বাহিৰৰ অঞ্চলৰ পৰা ভিতৰলৈ অক্সিজেনৰ চলাচল হয় ৷

2. কোষাবৰণখনক কিয় অর্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়?

উত্তৰ – কোষাবৰণখনে কিছুমান দ্ৰব্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা-যোৱা কৰাত সহায় কৰে ৷ আনহাতে ই আকৌ কিছুমান দ্ৰব্যক ইয়াৰ মাজেদি সৰকি যোৱাত বাধাও প্ৰদান কৰে ৷ সেইবাবে কোষাবৰণখনক অর্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয় ৷

প্ৰশ্নাৱলী, Page No – 63

1. প্রকোষকেন্দ্রীয় কোষ আৰু সংকোষকেন্দ্রীয় কোষৰ মাজত ব্যাখ্যামূলক পার্থক্য দাঙি ধৰি তলৰ তালিকাখন পূর্ণ কৰা।

             প্রকোষকেন্দ্রীয় কোষ               সংকোষকেন্দ্রীয় কোষ
1.আকাৰঃ সাধাৰণতে সৰু (1-10  1  = 10-6m1. .আকাৰঃ সাধাৰণতে ডাঙৰ (5-10
2. কোষৰ কেন্দ্ৰাঞ্চলঃ _________ আৰু ইয়াক__________বুলি জনা যায় ৷2. কোষৰ কেন্দ্ৰাঞ্চলঃ সু-নিৰ্দিষ্ট আৰু ইয়াক কেন্দ্ৰাবৰণে আবৃত কৰি ৰাখে ৷
3.ক্ৰম’জ’মঃ এডাল ৷3. ক্ৰম’জ’মঃ এডালতকৈ বেছি থাকে ৷
4. আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে ৷4.________________________

উত্তৰ –

             প্রকোষকেন্দ্রীয় কোষ               সংকোষকেন্দ্রীয় কোষ
1.আকাৰঃ সাধাৰণতে সৰু (1-10  1  = 10-6m1. .আকাৰঃ সাধাৰণতে ডাঙৰ (5-10
2. কোষৰ কেন্দ্ৰাঞ্চলঃ সু- নিৰ্দিষ্ট নহয় আৰু ইয়াক নিউক্লিয়ইড বুলি জনা যায় ৷2. কোষৰ কেন্দ্ৰাঞ্চলঃ সু- নিৰ্দিষ্ট আৰু ইয়াক কেন্দ্ৰাবৰণে আবৃত কৰি ৰাখে ৷
3.ক্ৰম’জ’মঃ এডাল ৷3. ক্ৰম’জ’মঃ এডালতকৈ বেছি থাকে ৷
4. আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে ৷4. আৱৰণী বিশিষ্ট কোষ অংগাণু থাকে ৷

প্ৰশ্নাৱলী, Page No – 65

Advertisement

1. তুমি অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰৰ এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত আণুবংশিক পদার্থ (Genetic material) থাকে।

উত্তৰ – মাইট’কন্ড্ৰিয়া আৰু প্লাষ্টিড ৷

2. যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হব?

উত্তৰ – যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কোষে মৌলিক কাৰ্যবিলাক সমাধা কৰিব নোৱাৰিব ৷ তেনে ক্ষেত্ৰত কোষটোৰ মৃত্যু ঘটিব পাৰে ৷

3. লাইছজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় ?

উত্তৰ – কোষৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি হ’লে, উদাহৰণ হিচাবে যদি কোষ এটা মৰি যায় তেতিয়া লাইছ’জ’মে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে৷ সেয়েহে লাইছ’জম’ক কোষৰ আত্মঘাটি মোনা বুলি কোৱা হয় ৷

4. কোষৰ অভ্যন্তৰৰ ক’ত প্র’টিন সংশ্লেষণ সংঘটিত হয় ?

উত্তৰ – কোষৰ অভ্যন্তৰৰ অমসৃণ অন্তঃ প্ৰৰসীয় জালিকাত থকা ৰাইব’জ’মত প্র’টিন সংশ্লেষণ সংঘটিত হয় ৷

 জীৱৰ মৌলিক একক – অনুশীলনী

1. উদ্ভিদ কোষ আৰু প্রাণী কোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্রাণী কোষকৈ পৃথক উল্লেখ কৰা।

উত্তৰ – উদ্ভিদ কোষ আৰু প্রাণী কোষৰ মাজত থকা পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –

                উদ্ভিদ কোষ                  প্রাণী কোষ
1. উদ্ভিদ কোষত কোষবেৰ থাকে ৷1. প্ৰাণী কোষত কোষবেৰ নাথাকে ৷
2. উদ্ভিদ কোষত হৰিৎকণা থাকে ৷2. প্ৰাণী কোষত হৰিৎকণা নাথাকে ৷
3. ৰসধানী বা ৰিক্তিকাবিলাক আকাৰত ডাঙৰ৷3. ৰসধানী বা ৰিক্তিকাবিলাক আকাৰত সৰু ৷
4. লাইছ’জ’ম পোৱা নাযায় বা কম সংখ্যক লাইছ’জ’ম পোৱা যায় ৷4. অধিক সংখ্যক লাইছ’জ’ম পোৱা যায় ৷

2. কি কি ক্ষেত্ৰত প্ৰকোষকেন্দ্রীয় কোষবিলাক সংকোষকেন্দ্রীয় কোষতকৈ পৃথক উল্লেখ কৰা ৷

উত্তৰ – প্ৰকোষকেন্দ্রীয় কোষ আৰু সংকোষকেন্দ্রীয় কোষৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল –

             প্রকোষকেন্দ্রীয় কোষ               সংকোষকেন্দ্রীয় কোষ
1.আকাৰঃ সাধাৰণতে সৰু (1-10  1  = 10-6m1. .আকাৰঃ সাধাৰণতে ডাঙৰ (5-10
2. কোষৰ কেন্দ্ৰাঞ্চলঃ সু- নিৰ্দিষ্ট নহয় আৰু ইয়াক নিউক্লিয়িড বুলি জনা যায় ৷2. কোষৰ কেন্দ্ৰাঞ্চলঃ সু- নিৰ্দিষ্ট আৰু ইয়াক কেন্দ্ৰাবৰণে আবৃত কৰি ৰাখে ৷
3.ক্ৰম’জ’মঃ এডাল ৷3. ক্ৰম’জ’মঃ এডালতকৈ বেছি থাকে ৷
4. আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে ৷4. আৱৰণী বিশিষ্ট কোষ অংগাণু থাকে ৷

3. কোষৰ কোষাবৰণখন ফাটি গ’লে কি হ’ব ?

উত্তৰ – কোষৰ কোষাবৰণখন ফাটি গ’লে কোষৰ ভিতৰত থকা কোষপ্ৰৰস আৰু কোষ অংগাণুবিলাক বাহিৰলৈ ওলাই আহিব ৷ তেনে ক্ষেত্ৰত কোষটোৰ মৃত্যু ঘটিব ৷

4. কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব ?

উত্তৰ – কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত তলত উল্লেখিত প্ৰভাৱবোৰ পৰিব –

(i) অন্তঃপ্ৰৰসীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত সমস্যা হ’ব ৷

(ii) উৎপাদিত পদাৰ্থৰ সঞ্চয়, বন্ধন আৰু ৰূপান্তৰ সম্ভৱ নহব ৷

5. কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়?

উত্তৰ –  মাইট’কন্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় কাৰণ জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এ টি পিৰ অণু বিলাক মাইট’কন্ড্ৰিয়াই উৎপাদন কৰে ৷

6. কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্র’টিন বিলাক ক’ত সংশোধিত হয় ?

উত্তৰ – কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্র’টিন বিলাক অন্তঃ প্ৰৰসীয় জালিকাত সংশোধিত হয় ৷

7. এমিবাই কিদৰে আহাৰ গ্রহণ কৰে ?

উত্তৰ – এমিবাই অন্তঃকোষীয় ভক্ষণৰ দ্বাৰা আহাৰ গ্ৰহণ কৰে ৷ কোষাবৰণ নমনীয় গুণবিশিষ্ট হোৱাৰ বাবে কোষে বহিঃপৰিবেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে ৷ এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বোলে ৷

8. আসৃতি কি?

উত্তৰ – অৰ্ধভেদ্য  আবৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপণ অণুৰ ব্যাপণ হোৱা প্ৰক্ৰিয়াকে আসৃতি বোলা হয় ৷

Read More :

জীৱৰ মৌলিক একক – Notes

অধ্যায়- ১ আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অধ্যায় – ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?

অধ্যায় ৩ অণু আৰু পৰমাণু

অধ্যায় ৪ পৰমাণুৰ গঠন

অধ্যায় ৫ জীৱৰ মৌলিক একক

অধ্যায় ৬ কলা

অধ্যায় ৭ জীৱৰ বিচিত্ৰতা

অধ্যায় ৮ – গতি

অধ্যায় ৯ বল আৰু গতি বিষয়ক সূত্ৰসমূহ

অধ্যায় ১০ মহাকৰ্ষণ

অধ্যায় ১১ কাৰ্য আৰু শক্তি

অধ্যায় ১২ শব্দ

অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় ?

অধ্যায় ১৪ প্ৰাকৃতিক সম্পদ

অধ্যায় ১৫ খাদ্য সম্পদৰ উৎকৰ্ষ সাধন

বিজ্ঞান – দশম শ্ৰেণী ( NCERT – SEBA)

Advertisement

8 Replies to “জীৱৰ মৌলিক একক”

Leave a Reply

Your email address will not be published. Required fields are marked *