অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়-3 ধাতু আৰু অধাতু – Notes – Metals and Non-Metals ৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Linkত Click কৰিলে পাব ৷
ধাতু আৰু অধাতু – Notes
- ধাতুৰ ভৌতিক ধৰ্ম –
- ধাতুবিলাক সাধাৰণতে টান বা কঠিন ৷
- ধাতুবোৰৰ দ্যুতি বা চিকমিকনি আছে ৷
- ইহঁত ঘাতসহনশীল ৷
- ধাতুবোৰৰ নমনীয়তা গুণ আছে ৷
- ধাতুবিলাকক কোবালে সুনাদি শব্দ কৰে ৷
- ধাতুবিলাক তাপৰ সুপৰিবাহী আৰু সিহঁতৰ গলনাংক উচ্চ ৷
- ইহঁত বিদ্যুতৰ সুপৰিবাহী ৷
2.অধাতুৰ ভৌতিক ধৰ্ম –
- অধাতুবিলাকে বিভিন্ন ৰং দেখুৱায় ৷
- অধাতুবিলাক ঘাতসহনশীল নহয় ৷
- অধাতুবিলাকৰ নমনীয়তা গুণ নাই ৷
- অধাতুবিলাকক কোবালে সুনাদি শব্দ নকৰে ৷
- অধাতুবিলাক তাপৰ কুপৰিবাহী বা দুৰ্বল পৰিবাহী ৷
- ইহঁত বিদ্যুতৰ কুপৰিবাহী বা দুৰ্বল পৰিবআহী ৷
3.ধাতুৰ ৰাসায়নিক ধৰ্ম –
- ধাতুবোৰ বিদ্যুৎ ধণাত্মক ৷
- ধাতুৰ অক্সাইডৰ প্ৰকৃতি ক্ষাৰকীয় ৷
- ধাতুৰ ক্ল’ৰাইডবোৰ অয়নীয় যৌগ ৷
- ধাতুৱে লঘু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰিত কৰে ৷
- ধাতুবোৰ ভাল বিজাৰক ৷
- ধাতুৱে পানীৰ লগত বিক্ৰয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্ৰাইড উৎপন্ন কৰে ৷
4.অধাতুৰ ৰাসায়নিক ধৰ্ম –
- অধাতুবোৰ বিদ্যুৎ ঋণাত্মক ৷
- অধাতুৰ অক্সাইডৰ প্ৰকৃতি এছিডীয় ৷
- আধাতুৰ ক্ল’ৰাইডবোৰ সহযোজী যৌগ ৷
- লঘু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰিত নকৰে ৷
- অধাতুবোৰ ভাল জাৰক ৷
5. ঘাতসহনীয়তা – কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি ৷ ধাতুৰ এই ধৰ্মক ঘাতসহনীয়তা বোলে ৷
6. নমনীয়তা – ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰি ৷ ধাতুৰ এই ধৰ্মক নমনীয়তা বোলে ৷
7. এবিধ জুলীয়া অধাতু – ব্ৰ’মিন ৷
8. এবিধ জুলিয়া ধাতু (সাধাৰণ উষ্ণতাত) – পাৰা
9. বহুৰূপ –
কাৰ্বন এবিধ অধাতু যদিও ই বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে ৷ ইয়াৰ প্ৰতিটো অৱস্থাক বহুৰূপ বোলে ৷
কাৰ্বনৰ বহুৰূপৰ উদাহৰণ – হীৰা আৰু গ্ৰেফাইট ৷
10. হীৰা অধাতু যদিও বিদ্যুৎ পৰিবাহী ৷
11. অম্লৰাজ – অম্লৰাজ হ’ল 3:1 অনুপাতত গাঢ় HCl আৰু গাঢ় HNO3 ৰ সদ্যপ্ৰস্তুত মিশ্ৰণ ৷
12. সম্ভ্ৰান্ত গেছ – আধুনিক পৰ্যাবিত্ত তালিকাৰ 18 নং বৰ্গত থকা মৌলবোৰ হ’ল সম্ভ্ৰান্ত গেছ ৷ ইহঁতৰ বহিৰতম কক্ষ পৰিপূৰ্ণ হৈ থকা বাবে ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা প্ৰৱনতা কম ৷
উদাহৰণ – হিলিয়াম, নিয়ন, আৰ্গন ইত্যাদি ৷
13. আয়নীয় যৌগ – যি যৌগ কোনো ধাতুৰ পৰা আধাতুলৈ এটা বা ততোধিক ইলেক্ট্ৰনৰ স্থানান্তৰৰ ফলত সৃষ্টি হয় তেনে যৌগক আয়নীয় যৌগ বোলে ৷
উদাহৰণ – NaCl, MgCl2 ইত্যাদি ৷
14. আয়ন – বৈদ্যুতিক ভাৱে আহিত পৰমাণু বা পৰমাণুৰ থুপক আয়ন বোলে ৷
15. এনায়ন – ঋনাত্মক আধানযুক্ত আয়নক এনায়ন বোলে ৷
16. কেটায়ন – ধণাত্মক আধানযুক্ত আয়নক কেটায়ন বোলে ৷
17. তাপজাৰণ – মধ্যম ধাতুৰ নিষ্কাশন প্ৰক্ৰিয়াত অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় ৷ এই পদ্ধতিক বা এনেধৰণৰ বিক্ৰিয়াক তাপজাৰণ বোলে ৷
18. দগ্ধীকৰণ – মধ্যম ধাতুৰ নিষ্কাশন প্ৰক্ৰিয়াত পৰিমিত বায়ুৰ পৰিবেশত উচ্চ তাপত উত্তপ্ত কৰি কাৰ্বনেট আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় ৷এই পদ্ধতিক বা এনেধৰণৰ বিক্ৰিয়াক দগ্ধীকৰণ বোলে৷
19. থাৰ্মিট বিক্ৰিয়া – কিছুমান তাপবৰ্জী বিক্ৰিয়াত অতিশয় সক্ৰিয় ধাতুক বিজাৰক হিচাপে ব্যৱহাৰ কৰি কম সক্ৰিয় ধাতুৰ যৌগৰ পৰা ধাতুটোক প্ৰতিষ্ঠাপিত কৰা হয় ৷ তেনে বিক্ৰিয়াক থাৰ্মিট বিক্ৰিয়া বোলে ৷
উদাহৰণ – আইৰন(III)অক্সাইডৰ লগত এলুমিনিয়ামৰ বিক্ৰিয়া ৷
Fe3O3(s) + 2Al(s) → 2Fe(l) + Al2O3(s) + তাপ
এই বিক্ৰিয়াক ৰেল লাইন জোৰা দিবলৈ বা যন্ত্ৰপাতিৰ ভগা অংশ জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয় ৷
দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক
Read More :
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ – Notes
One Reply to “ধাতু আৰু অধাতু – Notes”