ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, অধ্যায়-৭, নিয়ন্ত্ৰণ আৰু সমন্বয়(Control And Coordination) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷
1. প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি ?
উত্তৰ- প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল-
প্ৰতীপ ক্ৰিয়া | খোজ কঢ়াৰ |
---|---|
i) প্ৰতীপ ক্ৰিয়া হ’ল শৰীৰৰ এটা অনৈচ্ছিক স্বতঃসফূৰ্ত খৰতকীয়া প্ৰতিক্ৰিয়া৷ | i)খোজ কঢ়াটো এটা ঐচ্ছিক প্ৰক্ৰিয়া৷ |
ii) ইয়াক ইচ্ছা অনুসৰি নিয়ন্ত্ৰণ কৰিব নোৱাৰি৷ | ii) ইয়াক ইচ্ছা অনুসৰি নিয়ন্ত্ৰণ কৰিব পাৰি৷ |
iii)ই অকল স্নায়ু ৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়৷ | iii)ই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়৷ |
iv)এক ছেকেণ্ডতকৈ কম সময়ত সংঘটিত হয়৷ | iv) এই ক্ষেত্ৰত অধিক সময়ৰ প্ৰয়োজন হয়৷ |
2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপ্ছত কি ঘটে ?
উত্তৰ- নিউৰনে আমাৰ দেহত বাৰ্তা বা স্নায়ু সংবেদন প্ৰেৰণ কৰে৷ এটা স্নায়ু কোষৰ এক্সনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয়৷ এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথ বা চাইনেপ্ছৰ মাজেদি পাৰ হৈ আনটো স্নায়ুকোষলৈ প্ৰেৰিত হয়৷ এনে ধৰনে আমাৰ দেহত স্নায়ু সংবেদন প্ৰেৰণ হ্য়৷
3. মগজুৰ কোন আংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ?
উত্তৰ- মগজুৰ চেৰিবেলাম আংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ৷
4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?
উত্তৰ- আমাৰ শৰীৰত বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয় থাকে৷ যেতিয়া ধূপকাঠি এডাল জ্বলে তেতিয়া তাৰ পৰা ওলোৱা গোন্ধ আমাৰ নাকত থকা ঘ্ৰাণ সংগ্ৰাহী ইন্দ্ৰিয়ই সংগ্ৰহ কৰি বৈদ্যুতিক প্ৰেৰণা হিচাপে স্নায়ুকোষৰ জৰিয়তে মস্তিস্কৰ নিৰ্দিষ্ট স্হানলৈ প্ৰেৰণ কৰে৷ উক্ত স্হানত বাৰ্তাটো বিশ্লেষণ হয়৷ এইদৰে আমি ধূপকাঠিৰ গোন্ধ লওঁ৷
5. প্ৰতীপ ক্ৰিয়াত মগজুৰ ভূমিকা কি ?
উত্তৰ- প্ৰতীপ ক্ৰিয়া স্নায়ুৰজ্জুত থকা প্ৰতীপ ধনুৰ দ্বাৰা সংঘটিত হয়৷ মস্তিস্ক আৰু স্নায়ুৰজ্জু লগ লাগি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন হয়৷ মগজুৰ চিন্তা শক্তি অবিহনে প্ৰতীপ ধনুৰ বিকাশ নহয়৷
নিয়ন্ত্ৰণ আৰু সমন্বয় প্ৰশ্নাৱলী, Page No- 122
1. উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বিলাক কি কি ?
উত্তৰ- উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বিলাক হ’ল অক্সিন, জিবাৰেলিন, চাইট’কাইনিন আৰু এবচাইচিচ্ এছিড ৷
2. নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে?
উত্তৰ- নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটোত বিকাশ বা বৃদ্ধি জড়িত নহয়৷ কোষত থকা পানীৰ তাৰতম্যৰ যোগেদি কোষবিলাকৰ আকাৰ সাল-সলনি হৈ পাতৰ চলন পৰিঘটনাটো সংঘটিত হয়৷
আনহাতে, কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটো বিকাশ বা বৃদ্ধিৰ লগত জড়িত৷ কাণ্ডৰ আগৰ যি অংশত পোহৰ পৰে সেই অংশত অক্সিন নামৰ এবিধ সঞ্জীৱনী পদাৰ্থৰ সংশ্লেষণ হয়৷ ইয়ে কোষৰ আকাৰ ডাঙৰ আৰু দীঘল কৰে ৷ এইদৰে কাণ্ডৰ কুমলীয়া আগৰ বৃদ্ধি হৈ পোহৰৰ দিশত গতি কৰে৷
3. উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া ৷
উত্তৰ- উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ হ’ল অক্সিন৷
4. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে ?
উত্তৰ- উদ্ভিদৰ আকৰ্ষবিলাকে স্পৰ্শৰ প্ৰতি সহাৰি দিয়ে৷ যেতিয়া এইবিলাকে কোনো এক আধাৰত স্পৰ্শ কৰে তেতিয়া আধাৰত লাগি থকা আকৰ্ষৰ অংশটো খৰকৈ বৃদ্ধি নহয়৷ কিন্তু আকৰ্ষত লাগি নথকা অংশ অক্সিনৰ সংশ্লেষণৰ ফলত খৰকৈ বৃদ্ধি হয়৷ ইয়াৰ ফলত আকৰ্ষডাল আধাৰত পাক খাই ওপৰলৈ বগাই যাব পাৰে৷
প্ৰশ্নাৱলী, Page No- 125
1. প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?
উত্তৰ- প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় প্ৰাণী হৰমনৰ দ্বাৰা সংঘটিত হয় ৷ প্ৰাণী হৰমনবোৰ বিনিন্ন অন্তঃস্ৰাৱী গ্ৰন্হিৰ পৰা নিঃসৰণ হয় ৷ এই হৰমনবোৰে নলীবিহীন গ্ৰন্হিৰ পৰা নিঃসৰণ হয় বাবে পোনে পোনে তেজৰ লগত মিহলি হৈ নিৰ্দিষ্ট কৰ্যকৰী লক্ষ্য অংগলৈ প্ৰবাহিত হয় আৰু দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰে৷
2. আয়ডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক ?
উত্তৰ- আমাৰ দেহত থাইৰক্সিন হৰম’ন সংশ্লেষণৰ বাবে আয়ডিন অতি লাগতিয়াল পদাৰ্থ৷ আমাৰ খাদ্যত আয়ডিনৰ পৰিমাণ হ্ৰাস হ’লে গৰল ৰোগ হোৱা সম্ভৱনা থাকে৷ সেয়েহে আমি আয়ডিন পুষ্ট লৱণ খোৱাটো আৱশ্যক ৷
3. আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয়?
উত্তৰ- আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে ই নিৰ্দিষ্ট কাৰ্যকৰী লক্ষ্য অংগত ক্ৰিয়া কৰে৷ ইয়াৰ ভিতৰত হৃদযন্ত্ৰও অন্তৰ্ভুক্ত৷ ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপ্ ধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়৷ ধমনীবোৰক আগুৰি থকা পেশিবোৰৰ সংকোচনৰ ফলত পাচন তন্ত্ৰ আৰু ছালত তেজৰ প্ৰবাহ কমি যা্য়৷ ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্ৰবাহিত হয়৷ মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়৷ এই সকলোবিলাক সহাৰি একেলগ হৈ কোনো এটা কাৰ্য সম্পাদন হয়৷
4. কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয়?
উত্তৰ- ডায়েবেটিচ ৰোগীৰ অগ্নাশয়ে যথোপযুক্ত ইনচুলিন নিঃসৰণ কৰিব নোৱাৰে৷ ইনচুলিনৰ পৰিমান কম হ’লে তেজত গ্লুক’জৰ পৰিমাণ যথেষ্ট বাঢ়ি যায়৷ সে্য়েহে কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয়
দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক
অনুশীলনী
4. আমাৰ দেহত গ্ৰাহক অংগৰ কাম কি? গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্হিতি হ’ব ভাবাচোন ৷ ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে ?
উত্তৰ- বাহ্যিক পৰিবেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ অনুভৱ কৰিবলৈ আমাৰ দেহত এবিধ বিষেশ কোষ থাকে৷ ইয়াক সংবেদী স্নায়ুকোষ বোলে৷ এনেধৰণৰ সংগ্ৰাহী বিলাক আমাৰ দেহৰ সংবেদনশীল অংগ বা গ্ৰাহক অংগ যেনে, অন্তকৰ্ণ, নাক, জিভা আদিত থাকে৷ গ্ৰাহক অংগসমূহে স্নায়ুকোষৰ সহায়ত পৰিবেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ গ্ৰহণ কৰি মস্তিস্কলৈ প্ৰেৰণ কৰে৷
গ্ৰাহক অংগয়ে যথোপযুক্তভাৱে কাম নকৰিলে আমি পৰিবেশৰ উত্তেজনাসমূহ আনুভৱ কৰিব নোৱাৰিম৷ ইয়াৰ ফলত বিভুন্ন সমস্যাই দেখা দিব পাৰে৷ উদাহৰণ স্বৰূপে, যদি আমাৰ স্বাদসংগ্ৰাহী অংগয়ে ভাল দৰে কাম নকৰে তেনেহ’লে আমি স্বাদ অনুভৱ কৰিব নোৱাৰিম৷ ই শৰীৰৰ কাৰণে অপকাৰি হ’ব পাৰে৷
5. নিউৰন গঠনৰ এটা চিত্ৰ আঁকা৷ ইয়াৰ কাৰ্য বৰ্ণনা কৰা ৷
উত্তৰ-

স্নায়ুকোষবোৰ কোষদেহ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত৷ স্নায়ু প্ৰবৰ্ধ দুই প্ৰকাৰৰ- এক্সন আৰু ডেনড্ৰাইট৷ ডেনড্ৰাইটবোৰে নিকটবৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা বা উদ্দীপনা সংগ্ৰহ কৰে৷ স্নায়ুকোষৰ ক্ষুদ্ৰ স্নায়ু ফাঁকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে৷ এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা দেহকোষলৈ আৰু পাছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তত আন এতা স্নায়ুকোষলৈ প্ৰেৰণ কৰে৷ এক্সনৰ প্ৰন্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুক্ত হয়৷ এই ৰাসায়নিক পদাৰ্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটবৰ্তী কোষৰ ডেনড্ৰাইটৰ মাজৰ সংযোগী পথ বা ছাইনেপ্ছৰ মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্ৰেৰিত হয়৷ এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্ৰেৰণ হয়৷
6. উদ্ভিদৰ দ্বীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয় ?
উত্তৰ- বৃদ্ধি আৰু বিকশ হৈ থকা উদ্ভিদৰ চলনৰ দিশ পৰিবেশৰ কিছুমান কাৰক যেনে –পোহৰ, মধ্যাকৰ্ষনিক বল আদিৰ ওপৰত নিৰ্ভৰ কৰে৷ উদ্ভিদৰ দ্বীপ্তিকাল প্ৰতিক্ৰিয়া দুই ধৰণে সংঘটিত হোৱা দেখা যায়৷ উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশ পোহৰৰ দিশত ধাবিত হয় আনহাতে শিপা পোহৰৰ বিপৰিত দিশত ধাবিত হয়৷
7. স্নায়ুৰজ্জুত আঘাত হ’লে কেনে বাৰ্তাত ব্যাঘাট জন্মে?
উত্তৰ- স্নায়ুৰজ্জুৰ আঘাতে প্ৰতীপ ক্ৰিয়া আৰু অনৈচ্ছিক কাৰ্যৰ সংকেতত ব্যাঘাট জন্মায়৷
8. উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়?
উত্তৰ- উদ্ভিদে বিভিন্ন প্ৰকাৰৰ সঞ্জীৱনী পদাৰ্থৰ দ্বাৰা ৰাসায়নিক সমন্বয় সংঘটিত কৰে৷ উদ্ভিদৰ এবিধ সঞ্জীৱনী পদাৰ্থ অক্সিনে কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে৷ ইয়াৰ ফলত উদ্ভিদৰ কাণ্ডৰ বৃদ্ধি ঘটে৷ উদ্ভিদৰ আন এবিধ সঞ্জীৱনী পদাৰ্থ জিবাৰেলিনে অক্সিনৰ নিচিনাকৈ কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰে৷ সেইদৰে চাইট’কাইনিনে কোষ বিভাজনত সহায় কৰে৷ এবচাইচিচ্ এছিড নামৰ সঞ্জীৱনী পদাৰ্থবিধে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে৷ এইবিধ সঞ্জীৱনী পদাৰ্থৰ প্ৰভাবতেই গছৰ পাত সৰি পৰে৷
10. ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা?
উত্তৰ- ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰপাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল-
ঐচ্ছিক ক্ৰিয়া | প্ৰতীপ ক্ৰিয়া |
---|---|
i) ঐচ্ছিক ক্ৰিয়া হ’ল ইচ্ছা অনুসৰি নিয়ন্ত্ৰণ কৰিব পৰা ক্ৰিয়া৷ | i) প্ৰতীপ ক্ৰিয়া হ’ল শৰীৰৰ এটা অনৈচ্ছিক স্বতঃসফূৰ্ত খৰতকীয়া প্ৰতিক্ৰিয়া৷ |
ii) ই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়৷ | ii) ই অকল স্নায়ু ৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়৷ |
iii) এই ক্ষেত্ৰত অধিক সময়ৰ প্ৰয়োজন হয়৷ | iii) এক ছেকেণ্ডতকৈ কম সময়ত সংঘটিত হয় |
iv) এইবোৰ মগজুৰ চিন্তা শক্তিৰ দ্বাৰা সংঘটিত হয়৷ | iv) এইবোৰ বাহ্যিক উদ্দীপকৰ দ্বাৰা সংঘটিত হয়৷ |
11. প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’নৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা৷
উত্তৰ- প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’নৰ ক্ৰিয়াৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল-
স্নায়ুতন্ত্ৰৰ ক্ৰিয়া | হৰম’নৰ ক্ৰিয়া |
---|---|
i) স্নায়ুতন্ত্ৰ স্নায়ুকোষেৰে গঠিত৷ | i)হৰম’নৰ ক্ৰিয়াৰ তন্ত্ৰ অন্তঃস্ৰাৱী গ্ৰন্হিৰে গঠিত৷ |
ii) ইয়াত বৈদ্যুতিক প্ৰেৰণাৰ দ্বাৰা বাৰ্তা প্ৰেৰণ হয়৷ | ii)ইয়াত হৰম’নৰ দ্বাৰা বাৰ্তা প্ৰেৰণ হয়৷ |
iii)স্নায়ুকলাৰ মাজেদি বাৰ্তা প্ৰেৰণ হয়৷ | iii) তেজত হৰম’ন মিহলি হৈ বাৰ্তা প্ৰেৰণ হয়৷ |
iv) বাৰ্তা আতি ক্ষিপ্ৰতাৰে গতি কৰে৷ | iv) বাৰ্তা ধীৰ গতিৰে প্ৰবাহ হ্য়৷ |
v) ইয়াৰ প্ৰভাৱ খুইব কম সময়ৰ বাবে পৰিলক্ষিত হয়৷ | v) ইয়াৰ প্ৰভাৱ তুলনামূলক ভাৱে বেছি সময়ৰ বাবে পৰিলক্ষিত হয়৷ |
12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য কি ?
উত্তৰ- নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল-
নিলাজী বনৰ পাতৰ চলন | আমাৰ ভৰিৰ চলন |
---|---|
i) নিলাজী বনৰ পাতৰ চলন হ’ল বাহ্যিক উত্তেজনাৰ প্ৰতি সহাৰি৷ | i) আমাৰ ভৰিৰ চলন কোনো উত্তিজনাৰ ফল নহয়৷ |
ii)পানীৰ পৰিমানৰ উপৰত ভিত্তি কৰি উদ্ভিদ কোষে ইয়াৰ আকৃতিৰ পৰিৱৰ্ত্তন কৰে৷ | ii) ই এটা ঐচ্ছিক প্ৰক্ৰিয়া যি মস্তিস্কৰ দ্বাৰা নিয়ন্ত্ৰণ হয়৷ |
iii) ইয়াত কোনো ধৰণৰ স্নায়ু জড়িত নহয়৷ | iii) ইয়াত স্নায়ু জড়িত হৈ থাকে ৷ |
দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক
NCERT সমাধান – বিজ্ঞান – দশম শ্ৰেণী
অধ্যায় ১- ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
অধ্যায় ২- এছিড, ক্ষাৰক আৰু লৱণ
অধ্যায় ৫ -মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
অধ্যায় ৮ – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
অধ্যায়- ৯,বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায়-১০ পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
অধ্যায় ১১ – মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
অধ্যায়-১৩ বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
15 Replies to “নিয়ন্ত্ৰণ আৰু সমন্বয়”