অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ, ভূগোল খণ্ডৰ অধ্যায়- ৩ পৃথিৱীৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷
পৃথিৱীৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
১. পৃথিৱী মুঠ মাটিকালি কিমান ?
উত্তৰ – পৃথিৱী মুঠ মাটিকালি প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ ৷
২. পৃথিৱীত মহাদেশ কেইখন আছে আৰু কি কি ?
উত্তৰ –পৃথিৱীত ৭খন মহাদেশ আছে ৷ মহাদেশ কেইখন হ’ল – এছিয়া, আফ্রিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওছেনিয়া আৰু এন্টার্কটিকা ৷
৩. পৃথিৱীত কেইখন মহাসাগৰ আছে আৰু কি কি ?
উত্তৰ – –পৃথিৱীত ৫খন মহাসাগৰ আছে ৷ মহাসাগৰ কেইখন হ’ল – প্রশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ ৷
৪. পৃথিৱী মুঠ জনসংখ্যা কিমান ?
উত্তৰ – ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা ৭৩০ কোটি বা ৭.৩ মহানিযুত।
৫. মহাদেশীয় বিস্থাপন সূত্ৰ বা সঞ্চাৰণ সূত্ৰটো লিখা ৷
উত্তৰ – মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্র অনুসৰি আদিতে, অর্থাৎ আজিৰ পৰা প্রায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বোলা হয়। কিছুকাল অতিক্রম কৰাৰ পিছত পেঞ্জিয়াৰ প্রায় সোমাজেৰে পূর্ব-পশ্চিমাকৈ ফাট মেলি এটা সংকীর্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াক টেথিছ সাগৰ বোলা হয়। এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰ-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক আঙ্গাৰালেণ্ড অথবা লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বোলা হয়।
৬. পেঞ্জিয়া আৰু পান্থালাছা কি ?
উত্তৰ – মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্র অনুসৰি আদিতে, অর্থাৎ আজিৰ পৰা প্রায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বোলা হয়।
৭. পেঞ্জিয়াৰ প্রায় সোমাজেৰে পূর্ব-পশ্চিমাকৈ ফাট মেলি সৃষ্টি হোৱা সংকীর্ণ আৰু দীঘল সাগৰৰ নাম কি ?
উত্তৰ – পেঞ্জিয়াৰ প্রায় সোমাজেৰে পূর্ব-পশ্চিমাকৈ ফাট মেলি সৃষ্টি হোৱা সংকীর্ণ আৰু দীঘল সাগৰৰ নাম টেথিছ সাগৰ ৷
৮. পেঞ্জিয়াৰ উত্তৰে আৰু দক্ষিণে থকা অংশ দুটাক কি বুলি জনা যায় ?
উত্তৰ – পেঞ্জিয়াৰ উত্তৰে আৰু দক্ষিণে থকা অংশ দুটাক ক্ৰমে আঙ্গাৰালেণ্ড অথবা লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড বুলি জনা যায় ৷
পৃথিৱীৰ ভূগোল – Notes
৯. পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম মহাসাগৰ দুখনৰ না লিখা ৷
উত্তৰ -পৃথিৱীৰ সৰ্ববৃহৎ মহাসাগৰটো হ’ল প্ৰশান্ত মহাসাগৰ আৰু ক্ষুদ্ৰতম মহাসাগৰটো হ’ল উত্তৰ মহাসাগৰ ৷
১০. পৃথিৱীৰ গভীৰতম খাতটোৰ নাম লিখা ৷
উত্তৰ – প্রশান্ত মহাসাগৰৰ তলিত থাকা মেৰিয়ানা বা চেলেঞ্জাৰ খাতেই পৃথিৱীৰ গভীৰতম খাত ৷
১১. প্ৰশান্ত মহাসাগৰৰ চাৰিসীমা লিখা ৷
উত্তৰ – প্ৰশান্ত মহাসাগৰৰ উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলস্কা, চাইবেৰিয়াৰ পূব অংশ আৰু উত্তৰ মহাসাগৰ; দক্ষিণে অষ্ট্রেলিয়া, নিউজিলেণ্ড আৰু দক্ষিণ মহাসাগৰ; পূবে উত্তৰ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকুল আৰু পশ্চিমে এছিয়া মহাদেশৰ পূব উপকুল আৰু জাপান, ফিলিপাইন দ্বীপপুঞ্জ আদিয়ে আগুৰি আছে ৷
১২. প্রশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান ?
উত্তৰ – প্রশান্ত মহাসাগৰৰ গড় গভীৰতা প্রায় ৫০০০ মিটাৰ।
১৩. প্রশান্ত মহাসাগৰৰ দ্বীপ সমূহৰ নাম লিখা ৷
উত্তৰ – প্রশান্ত মহাসাগৰৰ দ্বীপ সমূহৰ নাম – জাপান, টাইৱান, ফিলিপাইন, নিউজিলেণ্ড, ইন্দোনেছিয়া, হাৱাই আদি ৷
১৪. প্রশান্ত মহাসাগৰৰ দুটা খাতৰ নাম লিখা ৷
উত্তৰ – মেৰিয়ানা বা চেলেঞ্জাৰ খাত আৰু এলিউচিয়ান ৷
১৫. প্রশান্ত মহাসাগৰৰ দুখন সাগৰৰ নাম লিখা ৷
উত্তৰ – বেৰিং সাগৰ আৰু দক্ষিণ চীন সাগৰ ৷
১৬. কোনখন মহাসাগৰৰ আকৃতি ইংৰাজী ‘S’ আখৰৰ দৰে ?
উত্তৰ – আটলান্টিক মহাসাগৰ আকৃতি ইংৰাজী ‘S’ আখৰৰ দৰে ৷
১৭. আটলান্টিক মহাসাগৰ চাৰিসীমা লিখা ৷
উত্তৰ – আটলান্টিক মহাসাগৰৰ উত্তৰে গ্ৰীণলেণ্ড আৰু উত্তৰ-মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ; পূবে ইউৰোপ আৰু আফ্রিকা মহাদেশ; আৰু পশ্চিমে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ ৷
১৮. আটলান্টিক মহাসাগৰৰ গড় গভীৰতা কিমান ?
উত্তৰ – আটলান্টিকমহাসাগৰৰ গড় গভীৰতা প্রায় ৩০০০ মিটাৰ।
১৯. আটলান্টিক মহাসাগৰৰ চাৰিটা দ্বীপৰ নাম লিখা ৷
উত্তৰ – আইচলেণ্ড, নিউফাউণ্ডলেণ্ড, বৃটিচ দ্বীপপুঞ্জ আৰু পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ ৷
পৃথিৱীৰ ভূগোল – Notes
২০. আটলান্টিক মহাসাগৰৰ তিনিটা খাতৰ নাম লিখা ৷
উত্তৰ – পূৱাৰ্টোৰিক., ৰোমাঞ্চ আৰু দক্ষিণ ছেণ্ডউইচ খাত।
২১. আটলান্টিক মহাসাগৰৰ দুখন সাগৰৰ নাম লিখা ৷
উত্তৰ – ভূমধ্যসাগৰ আৰু বাল্টিক সাগৰ ৷
২২. ভাৰত মহাসাগৰৰ চাৰিসীমা লিখা ৷
উত্তৰ – ভাৰত মহাসাগৰৰ উত্তৰে ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়া; দক্ষিণে দক্ষিণ মহাসাগৰ; পূবে অষ্ট্রেলিয়া আৰু দক্ষিণ-পূব এছিয়াৰ দ্বীপসমূহ; আৰু পশ্চিমে আফ্রিকা আৰু মাডাগাস্কাৰ ৷
২৩. ভাৰত মহাসাগৰৰ গড় গভীৰতা কিমান ?
উত্তৰ – ভাৰত মহাসাগৰৰ গড় গভীৰতা প্রায় ৪০০০ মিটাৰ।
২৪. ভাৰত মহাসাগৰৰ দুটা সামূদ্ৰিক খাতৰ নাম লিখা ৷
উত্তৰ – চোকোত্রা-চাগোচ আৰু চিচিলিজ ৷
২৫. ভাৰত মহাসাগৰৰ তিনিখন সাগৰৰ নাম লিখা ৷
উত্তৰ – আৰব সাগৰ, পাৰস্য উপসাগৰ আৰু বংগোপসাগৰ ৷
২৬. ভাৰত মহাসাগৰৰ অন্তৰ্গত চাৰিটা সামূদ্ৰিক দ্বীপৰ নাম লিখা ৷
উত্তৰ – শ্রীলংকা, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ, ইন্দোনেছিয়া আৰু মালদীভ ৷
২৭. কোনখন মহাসাগৰে এন্টাৰ্কটিকা মাহাদেশৰ চাৰিওফালে আগুৰি আছে ?
উত্তৰ – দক্ষিণ মহাসাগৰে এন্টাৰ্কটিকা মাহাদেশৰ চাৰিওফালে আগুৰি আছে ৷
২৮. উত্তৰ মহাসাগৰৰ গড় গভীৰতা কিমান ?
উত্তৰ – উত্তৰ মহাসাগৰৰ তলিৰ গড় গভীৰতা প্ৰায় ৩৫০০ মিটাৰ ৷
২৯. ইউৰোপ আৰু আফ্রিকা মহাদেশৰ মাজৰ সীমা কিহে নির্ণয় কৰিছে ?
উত্তৰ – ইউৰোপ আৰু আফ্রিকা মহাদেশৰ মাজৰ সীমা ভূমধ্য সাগৰে নির্ণয় কৰিছে ৷
৩০. ইউৰোপ আৰু এছিয়া মহাদেশৰ মাজৰ সীমা কিহে নির্ধাৰণ কৰে ?
উত্তৰ – ইউৰোপ আৰু এছিয়া মহাদেশৰ মাজৰ সীমা প্রাকৃতিকভাৱে ইউৰাল পর্বতমালা আৰু ইউৰাল নদীয়ে নির্ধাৰণ কৰে।
৩১. উত্তৰ-আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা কিহে নির্ধাৰণ কৰে ?
উত্তৰ -উত্তৰ-আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা পানামা খালে নির্ধাৰণ কৰে।
৩২. পৃথিৱিৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম লিখা ৷ ইয়াৰ মাটিকালি কিমান ?
উত্তৰ – পৃথিৱিৰ সৰ্ববৃহৎ মহাদেশখন হ’ল এছিয়া ৷ ইয়াৰ মাটিকালি প্ৰায় ৪৪.৬ নিযুত বৰ্গ কিলোমিটাৰ ৷
৩৩. এছিয়া মহাদেশৰ চাৰিসীমা লিখা ৷
উত্তৰ – এছিয়া মহাদেশখনক উত্তৰে উত্তৰ মহাসাগৰ; দক্ষিণে ভাৰত মহাসাগৰ; পূবে বেৰিং প্রণালী আৰু প্রশান্ত মহাসাগৰ; আৰু পশ্চিমে লোহিত সাগৰ, ছুৱেজখাল, ভূমধ্য সাগৰ, ককেছাছ পর্বত, কাস্পিয়ান সাগৰ, ইউৰাল নদী আৰু ইউৰাল পর্বতমালাই আগুৰি আছে ৷
পৃথিৱীৰ ভূগোল – Notes
৩৪. এছিয়া মহাদেশৰ জনসংখ্যা কিমান ?
উত্তৰ – ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি এছিয়া মহাদেশৰ জনসংখ্যা ৪৩০ কোটি ৷
৩৫. এছিয়া মহাদেশত কেইখন দেশ আছে ?
উত্তৰ – এছিয়া মহাদেশত ৫১খন দেশ আছে ৷
৩৬. এছিয়া মহাদেশৰ দুটা পর্বতশ্রেণীৰ নাম লিখা ৷
উত্তৰ – এছিয়া মহাদেশৰ দুটাপর্বতশ্রেণীৰ নাম – ইউৰাল পর্বতমালা, হিমালয় পর্বতমালা আৰু কাৰাকোৰাম পর্বতমালা ৷
৩৭. পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম লিখা ৷ ই ক’ত অৱস্থিত ?
উত্তৰ – এছিয়া মহাদেশৰ হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম এভাৰেষ্ট (৮,৮৪৮ মিটাৰ) ৷
৩৮. পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটোৰ নাম লিখা ৷ ই ক’ত অৱস্থিত ?
উত্তৰ – এছিয়া মহাদেশৰ কাৰাকোৰাম পর্বতমালাৰ অন্তৰ্গত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটো হ’ল গডউইন অষ্টিন বা Mount K2 (৮,৬১১ মিটাৰ) ৷
৩৯. এছিয়া মহাদেশৰ তিনিখন মালভূলিৰ উদাহৰণ দিয়া ৷
উত্তৰ – তিব্বত মালভূমি, পৃথিৱীৰ উচ্চতম পামিৰ মালভূমি আৰু ছাইবেৰিয়া মালভূমি ৷
৪০. এছিয়া মহাদেশৰ তিনিখন নদীৰ নাম লিখা ৷
উত্তৰ – গংগা ব্রহ্মপুত্র আৰু ওবি ৷
৪১. এছিয়া মহাদেশৰ তিনিখন হ্ৰদৰ নাম লিখা ৷
উত্তৰ – বলখাচ, বৈকাল আৰু চিল্কা ৷
৪২. ইউৰোপ মহাদেশৰ মাটিকালি কিমান ?
উত্তৰ – ইউৰোপ মহাদেশৰ মাটিকালি ১০.৯ নিযুত বৰ্গ কিলোমিটাৰ ৷
৪৩. ইউৰোপ মহাদেশৰ চাৰিসীমা লিখা ৷
উত্তৰ – ইউৰোপ মহাদেশখনক উত্তৰে উত্তৰ মহাসাগৰ; দক্ষিণে ভূমধ্যসাগৰ, কাস্পিয়ান সাগৰ আৰু কৃষ্ণসাগৰ; পূৰে এছিয়া মহাদেশ; আৰু পশ্চিমে আটলান্টিক মহাসাগৰে আগুৰি আছে।
৪৪. ইউৰোপ মহাদেশৰ জনসংখ্যা কিমান ?
উত্তৰ – ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি এছিয়া মহাদেশৰ জনসংখ্যা ৭৪ কোটি ৷
৪৫. ইউৰোপ মহাদেশত কেইখন দেশ আছে ?
উত্তৰ – ইউৰোপ মহাদেশত ৪৪খন দেশ আছে ৷
৪৬. ইউৰোপ মহাদেশৰ চাৰিটা পর্বতশ্রেণীৰ নাম লিখা ৷
উত্তৰ – আল্পছ, পাইৰেনিজ, কার্পেথিয়ান আৰু ককেছাছ ৷
৪৭. আল্পছ পৰ্বতৰ উচ্চতম শৃংগটোৰ নাম লিখা ৷
উত্তৰ – আল্পছ পর্বতৰ উচ্চতম শৃংগটো হ’ল ‘মাউন্ট ব্লেংক’ (৪,৮০৭ মিটাৰ)।
৪৮. ইউৰোপ মহাদেশৰ তিনিখন নদীৰ নাম লিখা ৷
উত্তৰ – এলব্রো, ফ্রান্সৰ ৰোণ আৰু চেইন ৷
পৃথিৱীৰ ভূগোল – Notes
৪৯. ইউৰোপ মহাদেশৰ তিনিখন হ্ৰদৰ নাম লিখা ৷
উত্তৰ – ওনেগা, লেড’গা আৰু চুডস্ক’য়ে ৷
৫০. আফ্ৰিকা মহাদেশৰ মাটিকালি কিমান ?
উত্তৰ – আফ্ৰিকা মহাদেশৰ মাটিকালি ৩০ নিযুত বৰ্গ কিলোমিটাৰ ৷
৫১. আফ্ৰিকা মহাদেশৰ চাৰিসীমা লিখা ৷
উত্তৰ -আফ্ৰিকা মহাদেশৰ উত্তৰে ভূমধ্যসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ; পূবে ভাৰত মহাসাগৰ;
আৰু পশ্চিমে আটলান্টিক মহাসাগৰ ৷
৫২. আফ্ৰিকা মহাদেশৰ জনসংখ্যা কিমান ?
উত্তৰ – ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি আফ্ৰিকা মহাদেশৰ জনসংখ্যা ১১ কোটি ৷
৫২. আফ্ৰিকা মহাদেশত কেইখন দেশ আছে ?
উত্তৰ – আফ্ৰিকা মহাদেশত ৫৩খন দেশ আছে ৷
৫৩. আফ্ৰিকা মহাদেশৰ উচ্চতম ঠাইখনৰ নাম লিখা ৷
উত্তৰ – আফ্ৰিকা মহাদেশৰ পূব প্রস্তত থকা কিলিমানজাৰে শৃংগই মহাদেশখনৰ উচ্চতম ঠাই (৫,৮৯৫ মিটাৰ)।
৫৪. এছিয়া মহাদেশৰ তিনিখন নদীৰ নাম লিখা ৷
উত্তৰ – কংগো(জায়ৰে), নাইজাৰ আৰু জেম্বেজি ৷
৫৫.এছিয়া মহাদেশৰ তিনিখন হ্ৰদৰ নাম লিখা ৷
উত্তৰ – ভিক্টোৰিয়া, এলবার্ট আৰু টাংগানিকা,
৫৬. এছিয়া মহাদেশৰ তিনিখন মৰুভূকিৰ নাম লিখা ৷
উত্তৰ – পৃথিৱীৰ বৃহত্তম চাহাৰা মৰুভূমিৰ , কালাহাৰী মৰুভূমি আৰু নামিবিয়া মৰুভূমি ৷
৫৭. উত্তৰ আমেৰিকা মহাদেশৰ মাটিকালি কিমান ?
উত্তৰ – উত্তৰ আমেৰিকামহাদেশৰ মাটিকালি ২৪.৩ নিযুত বৰ্গ কিলোমিটাৰ ৷
৫৮. উত্তৰ আমেৰিকা মহাদেশৰ চাৰিসীমা লিখা ৷
উত্তৰ – উত্তৰ আমেৰিকা মহাদেশখনৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে দক্ষিণ আমেৰিকা, মেক্সিকো উপসাগৰ আৰু প্রশান্ত মহাসাগৰ, পূবে আটলান্টিক মহাসাগৰ আৰু পশ্চিমে বেৰিং সাগৰ, বেৰিং প্রণালী আৰু প্রশান্ত মহাসাগৰ ৷
৫৯. উত্তৰ আমেৰিকা মহাদেশৰ জনসংখ্যা কিমান ?
উত্তৰ – ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি উত্তৰ আমেৰিকা মহাদেশৰ জনসংখ্যা ৫৬৫ নিযুত ৷
৬০. উত্তৰ আমেৰিকা মহাদেশত কেইখন দেশ আছে ?
উত্তৰ – উত্তৰ আমেৰিকা মহাদেশত ২৩খন দেশ আছে ৷
৬১. উত্তৰ আমেৰিকা মহাদেশৰ তিনিখন নদীৰ নাম লিখা ৷
উত্তৰ – মিচৌৰী, মিছিছিপি আৰু য়ুকুম ৷
৬২. উত্তৰ আমেৰিকা মহাদেশৰ তিনিখন হ্ৰদৰ নাম লিখা ৷
উত্তৰ – ছুপেৰিওৰ, হুৰ’ন আৰু মিচিগান ৷
৬৩. কোনখন মহাদেশৰ আকৃতি ওভোতা ত্ৰিভূজৰ দৰে ?
উত্তৰ – দক্ষিণ আমেৰিকা মহাদেশ ৷
৬৪. আমেৰিকা মহাদেশৰ মুঠ মাটিকালি কিমান ?
উত্তৰ – দক্ষিণ আমেৰিকামহাদেশৰ মাটিকালি ১৮ নিযুত বৰ্গ কিলোমিটাৰ
৬৫. দক্ষিণ আমেৰিকা মহাদেশৰ জনসংখ্যা কিমান ?
উত্তৰ – ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি উত্তৰ আমেৰিকা মহাদেশৰ জনসংখ্যা ৪০৭ নিযুত ৷
৬৬. আমেৰিকা মহাদেশৰ চাৰিসীমা লিখা ৷
উত্তৰ – দক্ষিণ আমেৰিকা মহাদেশৰ উত্তৰে উত্তৰ আমেৰিকা আৰু কেৰিবিয়ান সাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ; পূবে আটলান্টিক মহাসাগৰ; আৰু পশ্চিমে প্রশান্ত মহাসাগৰে আগুৰি আছে।
৬৭. দক্ষিণ আমেৰিকা মহাদেশত কেইখন দেশ আছে ?
উত্তৰ – দক্ষিণআমেৰিকা মহাদেশত ১২খন দেশ আছে ৷
পৃথিৱীৰ ভূগোল – Notes
৬৮. পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীটোৰ নাম লিখা ৷ ই ক’ত অৱস্থিত ?
উত্তৰ – পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীটোৰ নাম এণ্ডিজ পৰ্বতমালা ৷ ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত ৷
৬৯. দক্ষিণ আমেৰিকা মহাদেশৰ তিনিখন নদীৰ নাম লিখা ৷
উত্তৰ – অৰিনিক, আমাজান আৰু পাৰাণা ৷
৭০. পৃথিৱিৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম লিখা ৷ ইয়াৰ মাটিকালি কিমান ?
উত্তৰ – পৃথিৱিৰ ক্ষুদ্ৰতম মহাদেশখন হ’ল ওছেনিয়া ৷ ইয়াৰ মাটিকালি প্ৰায় ৮ নিযুত বৰ্গ কিলোমিটাৰ
৭১. ওছেনিয়া মহাদেশৰ বৃহত্তম দেশখনৰ নাম লিখা ৷
উত্তৰ – অষ্ট্ৰেলিয়া ৷
৭২. ওছেনিয়া মহাদেশত কেইখন দেশ আছে ?
উত্তৰ – দক্ষিণআমেৰিকা মহাদেশত ১৪ খন দেশ আছে ৷
৭৩. ওছেনিয়া মহাদেশৰ জনসংখ্যা কিমান ?
উত্তৰ – ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি উত্তৰ আমেৰিকা মহাদেশৰ জনসংখ্যা ৩৮ নিযুত ৷
৭৪. অষ্ট্ৰেলিয়াৰ দুখন প্ৰধান নদীৰ নাম লিখা ৷
উত্তৰ – মূৰে আৰু ডার্লিং নদী
৭৫ . অষ্ট্ৰেলিয়াৰ তিনিখন হ্ৰদৰ নাম লিখা ৷
উত্তৰ – আয়াৰ, বার্লি আৰু কার্ণেজি ৷
Read More :
অধ্যায়- ৩ পৃথিৱীৰ ভূগোল – অনুশীলনী
ইতিহাস
অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
ভূগোল –
অধ্যায়- ১ অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায় ২ – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
ৰাজনীতি বিজ্ঞান –
অধ্যায়- ১ ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ২ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
অৰ্থনীতি বিজ্ঞান-
অধ্যায়- ১ মুদ্ৰা আৰু বেংক ব্যৱস্থা – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
8 Replies to “পৃথিৱীৰ ভূগোল – Notes”