পৃথিৱীৰ ভূগোল

পৃথিৱীৰ ভূগোল - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, ভূগোল খণ্ডৰ অধ্যায়- ৩ পৃথিৱীৰ ভূগোল ( Geography of the World) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

পৃথিৱীৰ ভূগোল –  অনুশীলনী

১।  পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ – শিল, বালি, মাটি, মণিক আদিৰদ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। ই ভূপৃষ্ঠৰ প্রায় ২৯ শতাংশ আগুৰি আছে। স্থলমণ্ডলতে আমি পৃথিৱীৰ পাহাৰ-পর্বত, মালভূমি, সমভূমি, নদী- উপত্যকা, উপকূল আদি দেখিবলৈ পাওঁ। এই স্থলভাগক ৭খন মহাদেশত বিভক্ত কৰিব পাৰি – এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এন্টাৰ্কটিকা ৷ উল্লেখযোগ্য যে পৃথিৱীৰ মুঠ স্থলভাগৰ ৬৭ শতাংশ উত্তৰ গোলাৰ্ধত অৱস্ৱিত ৷

         পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠন কৰিছে। জলমণ্ডলে ভূ-পৃষ্ঠৰ প্রায় ৭১ শতাংশ আগুৰি আছে। স্থলমণ্ডলত থকা নদ-নদী, হ্রদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত ৷ জলমণ্ডলৰ অধিকাংশই ৫খন মহাসাগৰে সামৰি লৈছে ৷ মহাসাগৰ কেইখন হ’ল – প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ ৷ জলমণ্ডলৰ প্ৰায় ৫৭ শতাংশ দক্ষিণ গোলাৰ্ধত অৱস্ৱিত ৷

২। মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল ?

উত্তৰ – মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্র অনুসৰি আদিতে, অর্থাৎ আজিৰ পৰা প্রায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা বোলা হয়। কিছুকাল অতিক্রম কৰাৰ পিছত পেঞ্জিয়াৰ প্রায় সোমাজেৰে পূর্ব-পশ্চিমাকৈ ফাট মেলি এটা সংকীর্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াক টেথিছ সাগৰ  বোলা হয়। এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰ-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক আঙ্গাৰালেণ্ড অথবা লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড  বোলা হয়।

পৃথিৱীৰ ভূগোল

৩। মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পর্কে চমুকৈ লিখা।

উত্তৰ – মহাসাগৰৰ তলিভাগৰ ভূ-প্রকৃতি অসমান। ইয়াৰ তলিভাগ শৈলসিৰা, দ্রোণী, সামুদ্রিক টিলা, খাত আদিয়ে ওখোৰা-মোখওৰা কৰি ৰাখিছে। গড় হিচাপে মহাসাগৰৰ গভিৰতা প্রায় ৪০০০ মিটাৰ। স্থলমণ্ডল  আৰু জলমণ্ডলৰ সংযোগৰেখাৰ পৰা মহাসাগৰৰ মাজভাগলৈ ক্ৰমান্বয়ে গভৰিতা বৃদ্ধি পায় আৰু বিভিন্ন প্রকাৰৰ অৱয়ব পোৱা যায়। সাধাৰণতে উপকুলৰ পৰা সাগৰ-মহাসাগৰৰ মাজ ভগলৈ যথাক্রমে মহীসোপান , মহীঢাল, গভীৰ সমুদ্রতল, সমুদ্রতলীয় দ্রোণী, সামুদ্রিক শৈলসিৰা আৰু দ্বীপ আৰু গভীৰ সমুদ্রখাত পোৱা যায় ।

পৃথিৱীৰ ভূগোল
চিত্ৰ – মহীসোপান আৰু মহীঢাল

পৃথিৱীৰ ভূগোল

Advertisement

৪। মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পর্কে চমুকৈ লিখা।

উত্তৰ – ভূপৃষ্ঠৰ প্ৰায় ২৯ শতাংশ স্থলভাগ আৰু বাকী ৭১ শতাংশ জলভাগ ৷ জলমণ্ডল আৰু স্থলমণ্ডল দুয়োটা অংশই ইটোৱে সিটোক বিভাজিত কৰি মাজে মাজে সোমাই আছে। অৱশ্যে কাস্পিয়ান, মৰু আৰু আৰৱ সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ-মহাসাগৰ ইখনে-সিখনৰ লগত সংযোগ স্থাপন কৰি আছে।

        স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি আছে আৰু চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে –

প্রথম অংশ – এই অথশটো এছিয়া, ইউৰোপ আৰু আফ্রিকা মহাদেশেৰে গঠিত;

দ্বিতীয় অংশ – এই অংশটো উওৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰে গঠিত;

তৃতীয় অংশ – এই অংশটো ওছেনিয়া মহাদেশেৰে গঠিত আৰু

চতুর্থ অংশ –  এই অংশটো এন্টার্কটিকা মহাদেশেৰে গঠিত।

          এই ৭খন মাহাদেশক পাঁচখন মহাসাগৰে আগুৰি আছে  ৷ প্রশান্ত মহাসাগৰ এছিয়া মহাদেশ আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত; আটলান্টিক মহাসাগৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ আৰু ইউৰোপ আৰু আফ্রিকা মহাদেশৰ মাজত অৱস্থিত; ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত, আফ্রিকা মহাদেশৰ পূবত আৰু ওছেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত। উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত; আৰু দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা, আফ্রিকা আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অবস্থিত। উল্লেখযোগ্য যে জলমণ্ডলৰ বৃহৎ অংশই (৫৭ শতাংশ) দক্ষিণ গোলার্ধত অৱস্থিত। আনহাতে, স্থলভাগৰ বৃহৎ অংশ (৬৭ শতাংশ) উত্তৰ গোলার্ধত অৱস্থিত।

৫। পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ – পৃথিৱীৰ স্থলভাগৰ উপৰিভাগ অসমান ৷ ইপর্বত পহাৰ, মালভূমি, সমভূমি আদিৰে ভৰা ৷ এনে কাৰণতে মহাদেশসমূহৰ সকলোতে ভূপ্রকৃতি একেধৰণৰ নহয়। এক নির্দিষ্ট স্থানৰ অৱয়বৰ বৈশিষ্ট্য সাপেক্ষে ভূপ্রকৃতিৰ তাৰতম্য ঘটে। মাহাদেশবোৰৰ বিশ্লেষণ কৰিলে দেখা যায় যে প্ৰায় বোৰতে সুউচ্চ পর্বতমালা বিৰাজ কৰিছে ৷ উদাহৰণস্বৰূপে এছিয়া মহাদেশত অৱস্থিত হিমালয় পর্বতশ্ৰেণীৰ  ৮,৮৪৮ মিটাৰ ওখ এভাৰেষ্ট শৃংগ হৈছে বিশ্বৰ সবাতোকৈ ওখ শৃংগ। পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ এছিয়া মহাদেশতে অৱস্থিত আনহাতে এছিয়া মহাদেশতে বিশ্বৰ উচ্চতম মালভূমি পামিৰ মালভূমিৰ লগতে বহুতো সুউচ্চ মালভূমি থকা পৰিলক্ষিত হয়। তদুপৰি নদী উপত্যকাবোৰো ভূপৃষ্ঠৰ এক অতি গুৰুত্বপূর্ণ ভূ-অৱয়ৱ। সমগ্র মহাদেশবোৰৰ মাজেৰে বৃহৎ সমভূমিসমূহ বিস্তৃত হৈ থকাৰ বিপৰীতে সীমান্ত অঞ্চলত উপকূলীয় সমভূমিসমূহৰ উপস্থিতিয়ে মহাদেশসমূহৰ ভূ-অৱয়ৱ অসমান কৰি ৰাখিছে।

৬। এছিয়া মহাদেশৰ প্রাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ –      এছিয়া মহাদেশখন সুউচ্চ পর্বতশ্রেণী, মালভূমি, নদী উপত্যকা, নিম্নভূমি, উপকূলীয় সমভূমি, মহাসাগৰীয় দ্বীপ, মৰুভূমি আদিৰে আৱৰা। মহাদেশখনৰ মধ্য অংশ পর্বত আৰু মালভূমিৰে ভৰা। পর্বতশ্রেণীসমূহৰ ভিতৰত মহাদেশখনৰ পশ্চিম সীমাত উত্তৰ-দক্ষিণাকৈ থকা ইউৰাল পর্বতমালা, মধ্যাংশত পূবা-পশ্চিমাকৈ বিস্তৃত পৃথিৱীৰ সর্বোচ্চ হিমালয় পর্বতমালা, কাৰাকোৰাম পর্বতমালা, কুনলুন পর্বতমালা, আলটাইন পর্বতমালা, টিয়েনচান পর্বতমালা, আলটাই পর্বত, আৰাৱলী পর্বত আদি বিশেষভাৱে উল্লেখযোগ্য। আনহাতে, মালভূমিৰ ভিতৰত তিব্বত মালভূমি, পৃথিৱীৰ উচ্চতম পামিৰ মালভূমি, ছাইবেৰিয়া মালভূমি, মংগোলীয়া মালভূমি, দাক্ষিণাত্য মালভূমি, আৰব মালভূমি, ইৰাণ মালভূমি আদিয়েই প্রধান।

            পর্বত, পাহাৰ আৰু মালভূমিয়ে সৃষ্টি কৰা উচ্চভূমি অঞ্চলৰ পৰা বহু ডাঙৰ নদীৰ উৎপত্তি হৈ উত্তৰ, দক্ষিণ আৰু পূব দিশত থকা সাগৰ-মহাসাগৰলৈ বৈ গৈ একবাখনো সাৰুৱা সমভূমি আৰু ব-দ্বীপৰ সৃষ্টি কৰিছে। বিশেষভাৱে উল্লেখযোগ্য নদীসমূহৰ ভিতৰত মহাদেশখনৰ প্ৰায় দক্ষিণ-মধ্য অংশত থকা সিন্ধু, গংগা আৰু ব্রহ্মপুত্র; উত্তৰ অংশত থকা ইয়েনিছি, ওবি আৰু লেনা; পূব অংশত থকা আমুৰ, হোৱাংহো, ইয়াংজে কিয়াং আৰু চিকিয়াং; আৰু দক্ষিণ আৰু দক্ষিণ-পূবত থকা নর্মদা, তাপ্তি, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, মে’নাম, ইৰাৱতী, মেকং আদি প্রধান। এছিয়া মহাদেশত সৰু-ডাঙৰ বহুতো হ্রদ আছে। ইয়াৰ ভিতৰত বলখাচ, বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট, কল্লেৰু, লোকটক আদি হ্রদ বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰোপৰি গোবি, থৰ আৰু আৰব মৰুভূমিও এছিয়া মহাদেশতে অৱস্থিত।

পৃথিৱীৰ ভূগোল

৭। কাৰণ দৰ্শাই উত্তৰ লিখা ?

(ক) পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৯০ শতাংশই উত্তৰ গোলার্ধত থুপ খাই আছে কিয় ?

উত্তৰ – স্থলভাগৰ বৃহৎ অংশ প্ৰায় ৬৭ শতাংশ উত্তৰ গোলার্ধত অৱস্থিত। সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৯০ শতাংশই উত্তৰ গোলার্ধত থুপ খাই আছে ৷

(খ) এন্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয় ?

উত্তৰ – এন্টার্কটিকা মহাদেশখন দক্ষিণ মেৰুত অৱস্থিত ৷ মহাদেশখনৰ সমগ্ৰ অঞ্চল বছৰটোৰ প্ৰায় সময়তে বৰফে আবৰি থাকে বাবে মানুহ বসবাস কৰা উপযোগী নহয় ৷ সেয়েহে এন্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই ৷

৮। তলৰ প্রশ্নবোৰৰ চমু উত্তৰ দিয়া ?

(ক) এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্রাকৃতিক সীমা কিহে সৃষ্টি কৰিছে ?

উত্তৰ – এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্রাকৃতিক সীমাইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে সৃষ্টি কৰিছে ৷

(খ) পৃথিৱীৰ দীর্ঘতম পর্বতমালা কোনটো আৰু ক’ত অৱস্থিত ?

উত্তৰ – পৃথিৱীৰ দীর্ঘতম পৰ্বতমালাটো হ’ল এণ্ডিজ পৰ্বতমালা আৰু ই দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিমাংশত অৱস্থিত ৷

(গ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম মহাদেশৰ নাম লিখা।

উত্তৰ – মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম মহাদেশৰ নাম হ’ল ক্ৰমে এছিয়া আৰু ওচেনিয়া মহাদেশ ৷

(ঘ) পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত ?

উত্তৰ – ৰাছিয়া এছিয়া আৰু ইউৰোপ দুয়োখন মাহাদেশতে বিস্তৃত হৈ আছে ৷

(ঙ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশৰ নাম লিখা।

উত্তৰ – মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশৰ নাম হ’ল ক্ৰমে ৰাছিয়া আৰু ভেটিকান চিটি ৷

(চ) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বত শ্ৰেণীটোৰ নাম কি? ই মহাদেশৰ কোন অংশত অৱস্থিত ?

উত্তৰ – উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বত শ্ৰেণীটোৰ নাম হ’ল ৰকি পৰ্বতমালা ৷  ই মহাদেশৰ পশ্চিম  অংশত অৱস্থিত ৷

(ছ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত ?

উত্তৰ – পৃথিৱীৰ বৃহত্তম মৰুভূমিখনহ’ল চাহাৰা মৰুভূমি ৷  ই আফ্ৰিকা মাহাদেশৰ দক্ষিণ অংশত অৱস্থিত ৷

(জ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্রবাহিত আৰু পূব দিশলৈ প্রবাহিত নদীৰ নাম লিখা ৷

উত্তৰ – এছিয়া মহাদেশৰ উত্তৰ দিশলৈ প্রবাহিত দুখন নদীৰ নাম – ওবি আৰু লেনা ৷ আৰু পূব দিশলৈ প্রবাহিত দুখন নদীৰ নাম – আমুৰ আৰু হোৱাংহো ৷

(ঝ) অষ্ট্রেলিয়াৰ একোখনকৈ প্রধান পর্বতশ্রেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।

উত্তৰ – অষ্ট্রেলিয়াৰ এখন প্রধান পর্বতশ্রেণীৰ নাম – গ্ৰেট ডিভাইডিং ৰেঞ্জ ,

অষ্ট্রেলিয়াৰ এখন প্রধান নদীৰ নাম – মূৰে নদী,

অষ্ট্রেলিয়াৰ এখন প্রধান মৰুভূমিৰ  নাম – গ্ৰেট ভিক্টোৰিয়া ৷

(ঞ) ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।

উত্তৰ – ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম নাম হ’ল – গ্ৰীচ, ফ্ৰান্স আৰু ইটালী ৷

পৃথিৱীৰ ভূগোল

Advertisement

৯। চমুটোকা লিখা ?

(ক) পেঞ্জিয়া

উত্তৰ – মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্র অনুসৰি আদিতে, অর্থাৎ আজিৰ পৰা প্রায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া বোলা হয় ৷

(খ) উত্তৰ মহাসাগৰ

উত্তৰ – উত্তৰ মহাসাগৰ পৃথিৱীৰ ক্ষুদ্রতম মহাসাগৰ। ইয়াৰ আকাৰ প্রায় ১৪ নিযুত বর্গ কিলোমিটাৰ উত্তৰ মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত বাবে ইয়াৰ আকৃতি ঘূৰণীয়া। এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে । ইয়াৰ তলিৰ গড় গভীৰতা প্রায় ৩৫০০ মিটাৰ। উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময়েই উত্তৰ মহাসাগৰখন ডাঠ ফেৰে ঢাক খাই কানাডা থাকে।

(গ) ওছেনিয়া মহাদেশ

উত্তৰ –  অষ্ট্রেলিয়া মহাদ্বীপক কেন্দ্ৰ কৰি দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতো সৰু-ডাঙৰ দ্বীপসমূহক লৈ ওছেনিয়া মহাদেশ গঠিত। এই মহাদেশখন এছিয়া মহাদেশৰ দক্ষিণে সম্পূর্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলার্ধত অৱস্থিত।  মহাদেশখনৰ মুঠ মাটিকালি প্রায় ৮ নিযুত বর্গ কিলোমিটাৰ । অষ্ট্রেলিয়াই এই ক্ষুদ্রতম মহাদেশৰ বৃহত্তম দেশ ৷ এই মহাদেশৰ উত্তৰে দক্ষিণ-পূর্ব এছিয়াৰ জাভা, চুমাত্রা, ছেলেবিচ দ্বীপসমূহ আৰু প্রশান্ত মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ; পূবে প্রশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ।  অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডকে ধৰি ওছেনিয়া মহাদেশৰ মুঠতে ১৪খন দেশ আছে।  ওছেনিয়া মহাদেশৰ মুঠ জনসংখ্যা হ’ল প্রায় ৩৮ নিযুত।

(ঘ) এছিয়া মহাদেশৰ নদ-নদী

উত্তৰ – এছিয়া পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ ৷ ইয়াৰ পর্বত, পাহাৰ আৰু মালভূমিয়ে সৃষ্টি কৰা উচ্চভূমি অঞ্চলৰ পৰা বহু ডাঙৰ নদীৰ উৎপত্তি হৈ উত্তৰ, দক্ষিণ আৰু পূব দিশত থকা সাগৰ-মহাসাগৰলৈ বৈ গৈছে । বিশেষভাৱে উল্লেখযোগ্য নদীসমূহৰ ভিতৰত মহাদেশখনৰ প্ৰায় দক্ষিণ-মধ্য অংশত থকা সিন্ধু, গংগা আৰু ব্রহ্মপুত্র; উত্তৰ অংশত থকা ইয়েনিছি, ওবি আৰু লেনা; পূব অংশত থকা আমুৰ, হোৱাংহো, ইয়াংজে কিয়াং আৰু চিকিয়াং; আৰু দক্ষিণ আৰু দক্ষিণ-পূর্বত থকা নর্মদা, তাপ্তি, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, মে’নাম, ইৰাৱতী, মেকং আদি প্রধান।

(ঙ) আফ্রিকা মহাদেশৰ হ্রদসমূহ

উত্তৰ – আফ্ৰিকা পৃথিৱীৰ দ্বিতীয় বৃহতম মহাদেশ ৷ প্ৰায় ৩০ নিযুত বৰ্গ কিলোমিটাৰ মাটিকালিৰ এই মহাদেশখন বহু নদী-হ্রদেৰে ভৰা।  হ্রদসমূহৰ ভিতৰত ভিক্টোৰিয়া, এলবার্ট, টাংগানিকা, চাড, ভোল্টা, ন্যাচা, কেব’ৰা বাচ্চা, মালাৱি, টুৰ্কানা, কিভু, কোচ্চৌ, এব্বে আদি উল্লেখযোগ্য।

(চ) ইউৰোপ মহাদেশৰ নদ-নদী

উত্তৰ –  ইউৰোপ মহাদেশখন পৃথিৱীৰ উত্তৰ গোলাৰ্ধৰ অন্তৰ্গত ৷ মহাদেশখনত বহু নদ-নদী, হ্রদ আদিৰে ভৰা। নদীসমূহৰ ভিতৰত স্পেইনৰ এলব্রো; ফ্রান্সৰ ৰোণ আৰু চেইন; জার্মানীৰ ৰাইন আৰু এল্বে ; পোলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা; অষ্ট্রিয়া, হাংগেৰী আৰু ৰোমানিয়াৰ ডানিয়ুব; বেলাৰুচ আৰু ইউক্রেইনৰ নিপাৰ; ইটালীৰ পো; গ্রেট ব্রিটেইনৰ থেমচ; ৰাছিয়াৰ ডন, ভল্পা আৰু ইউৰাল আদি বিশেষভাৱে উল্লেখযোগ্য। হ্রদসমূহৰ ভিতৰত ওনেগা, লেড’গা, চুডস্ক’য়ে, ভেনার্ন আদি উল্লেখনীয়।

(ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চল

উত্তৰ – উত্তৰ আমেৰিকা মাহাদেশক প্ৰাকৃতিকভাৱে চাৰিটা ভাগত বিভক্ত কৰিব পাৰি ৷ এই চাৰিটা ভাগৰ এটা ভাগ হ’ল আপেলেছিয়ান উচ্চভূমি অঞ্চল ৷ এই অঞ্চলটো মহাদেশখনৰ পূব অংশত অৱস্থিত ৷ এই অঞ্চলটো ভগ্ন মালভূমিৰে গঠিত হোৱা বাবে ওখোৰা-ওখোৰা ৷ আপেলেছিয়ান উচ্চভূমিৰ পূবে আটলান্টিক মহাসাগৰৰ উপকূলীয় অংশত উত্তৰে ন’ভাস্কটিয়াৰ পৰা দক্ষিণে পানামালৈকে এক বিস্তৃত উপকূলীয় সমতল ভূমি আছে।

(জ) উত্তৰ আমেৰিকা মহাদেশৰ হ্রদসমূহ

উত্তৰ – উত্তৰ আমেৰিকা পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশৰ ৷উত্তৰ আমেৰিকা মহাদেশত বহুতো নদ-নদী আৰু হ্রদ আছে। মহাদেশখনৰ প্রধান হ্রদসমূহ হ’ল ছুপেৰিওৰ, হুৰ’ন,মিচিগান, এৰি, ওন্টেৰিও, গ্রেট বিয়াৰ, গ্রেট শ্লেভ, উইনিপেগ আৰু গ্রেট ছল্ট।

পৃথিৱীৰ ভূগোল

১০। পার্থক্য লিখা ?

(ক) মহীসোপান আৰু মহীঢাল

উত্তৰ –  উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশকে মহীসোপান বোলে । ই উপকূলৰ পৰা প্রায় ২০০ মিটাৰ পৰ্য্যন্ত বিস্তৃত ৷

             আনহাতে, মহীসোপানৰ পিছৰ যথেষ্ট গভীৰ অংশটোক মহীঢাল  বোলা হয়। ই উপকূলৰ পৰা প্রায় ২০০০ মিটাৰ পৰ্য্যন্ত বিস্তৃত ৷

(খ) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ

উত্তৰ –   এভাৰেষ্ট শৃংগহ’লএছিয়া মহাদেশৰ হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ । ইয়াৰ উচ্চতা ৮,৮৪৮ মিটাৰ ৷

          আনহাতে  গডউইন অষ্টিন শৃংগহ’ল এছিয়া মহাদেশৰে  কাৰাকোৰাম পর্বতমালাৰ অন্তৰ্গত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ  ৷ ইয়াৰ উচ্চতা ৮,৬১১ মিটাৰ ৷

(গ) ওছেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশ

উত্তৰ – অষ্ট্রেলিয়া মহাদ্বীপক কেন্দ্ৰ কৰি দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতো সৰু-ডাঙৰ দ্বীপসমূহক লৈ ওছেনিয়া মহাদেশ গঠিত। এই মহাদেশখন এছিয়া মহাদেশৰ দক্ষিণে সম্পূর্ণভাৱে পৃথিৱীৰ দক্ষিণ গোলার্ধত অৱস্থিত।  মহাদেশখনৰ মুঠ মাটিকালি প্রায় ৮ নিযুত বর্গ কিলোমিটাৰ । অষ্ট্রেলিয়াই এই ক্ষুদ্রতম মহাদেশৰ বৃহত্তম দেশ ৷ এই মহাদেশৰ উত্তৰে দক্ষিণ-পূর্ব এছিয়াৰ জাভা, চুমাত্রা, ছেলেবিচ দ্বীপসমূহ আৰু প্রশান্ত মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ; পূবে প্রশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ।  অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডকে ধৰি ওছেনিয়া মহাদেশৰ মুঠতে ১৪খন দেশ আছে।  ওছেনিয়া মহাদেশৰ মুঠ জনসংখ্যা হ’ল প্রায় ৩৮ নিযুত।

               আনহাতে, এন্টার্কটিকা মহাদেশখন দক্ষিণ মেৰুত অৱস্থিত ৷ মহাদেশখনৰ সমগ্ৰ অঞ্চল বছৰটোৰ প্ৰায় সময়তে বৰফে আবৰি থাকে বাবে মানুহ বসবাস কৰা উপযোগী নহয় ৷ এন্টার্কটিকা মহাদেশত মানুহৰ

স্থায়ী বসতি নাই ৷

(ঘ) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি

উত্তৰ – গোবি মৰুভূমি এছিয়া মহাদেশত অৱস্থিত ৷ এইখন এখন শিতল মৰুভূমি ৷

             আনহাতে আটাকামা মৰুভূমি দক্ষিণ আমেৰিকাত অৱস্থিত ৷ এইখন এখন উষ্ণ মৰুভূমি ৷

পৃথিৱীৰ ভূগোল

Advertisement

১১। শুদ্ধ উত্তৰটো বাছি উলিওৱা ?

(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন ?

(১) প্রশান্ত মহাসাগৰ

(২) ভাৰত মহাসাগৰ

(৩) আটলান্টিক মহাসাগৰ

(৪) দক্ষিণ মহাসাগৰ

উত্তৰ – (৩) আটলান্টিক মহাসাগৰ

(খ) পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন ?

(১) উত্তৰ আমেৰিকা মহাদেশ

(২) ইউৰোপ মহাদেশ

(৩) এন্টার্কটিকা মহাদেশ

(৪) ওছেনিয়া মহাদেশ

উত্তৰ – (৩) এন্টার্কটিকা মহাদেশ

(গ) ফলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ?

(১) আটলান্টিক মহাসাগৰ

(২) উত্তৰ মহাসাগৰ

(৩) প্রশান্ত মহাসাগৰ

(৪) ভাৰত মহাসাগৰ

উত্তৰ – (১) আটলান্টিক মহাসাগৰ

(ঘ) এছিয়া আৰু আফ্রিকা মহাদেশ কোনখন সাগৰে পৃথক কৰিছে?

(১) ভূমধ্য সাগৰ

(২) লোহিত সাগৰ

(৩) কাস্পিয়ান সাগৰ

(৪) আৰব সাগৰ

উত্তৰ – (২) লোহিত সাগৰ

(ঙ) এছিয়া আৰু ইউৰোপ মহাদেশক প্রাকৃতিকভাৱে কিহে পৃথক কৰিছে?

(১) ইউৰাল পর্বতমালা

(২) ককেচাচ পর্বত

(৩) কাস্পিয়ান সাগৰ

(৪) ভল্লা নদী

উত্তৰ –  (১) ইউৰাল পর্বতমালা

(চ) ইকুৱেৰ্ডৰ কোনখন মহাদেশত অৱস্থিত ?

(১) উত্তৰ আমেৰিকা

(২) দক্ষিণ আমেৰিকা

(৩) আফ্রিকা

(৪) এছিয়া

উত্তৰ – (২) দক্ষিণ আমেৰিকা

(ছ) ব্রাজিলৰ ৰাজধানী কি?

(১) ৰিও ডি জেনেইৰো

(২) চাও পাওলো

(৩) ব্রাছিলিয়া

(৪) লিমা

উত্তৰ – (৩) ব্রাছিলিয়া

Read More:

অধ্যায়- ৩ পৃথিৱীৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )

ইতিহাস-

অধ্যায় ১ – বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অধ্যায় ২ – মাহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অধ্যায় ৩ – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অধ্যায় ৪ – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

অধ্যায় ৫ – ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

ভূগোল-

অধ্যায় ১ – অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

অধ্যায়- ২ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

আধ্যায় ৪ – অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতীয় গণতন্ত্ৰ

অৰ্থনীতি বিজ্ঞান-

অধ্যায় ১ – মুদ্ৰা আৰু বেংক ব্যৱস্থা

Advertisement

9 Replies to “পৃথিৱীৰ ভূগোল”

Leave a Reply

Your email address will not be published. Required fields are marked *