পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, অধ্যায়-১০ পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ(Light -Reflection and Reflection) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

প্ৰশ্নাৱলী, Page No- 168       

1. অৱতল দাপাণোৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া।

উত্তৰ–  মুখ্য অক্ষৰ সমান্তৰালকৈ কেবাডালো ৰশ্মি অৱতল দাপোণ এখনত আপতিত হ’লে প্ৰতিফলিত ৰশ্মিবোৰ মুখ্য অক্ষৰ এটা বিন্দুত লগ লাগে বা কটাকটি কৰে ৷ এই বিন্দুটোকে অৱতল দাপাণোৰ মুখ্য ফ’কাছ বোলে ৷

2. গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসার্ধ 20 ছেমি। ইয়াৰ ফকাছ দৈর্ঘ্য কিমান ?

উত্তৰ- দিয়া আছে,

            ভাঁজ ব্যাসার্ধ, R = 20 ছেমি

            ফ’কাছ দৈর্ঘ্য, f  = ?

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

এতেকে দাপোণখনৰ ফ’কাছ দৈর্ঘ্য 10 cm

3. এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰে।

উত্তৰ- অৱতল দাপোণে থিয় আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰে।

4. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয় ?

উত্তৰ- উত্তল দাপোণে সদায় সৰুকৈ হলেও থিয় প্ৰতিবিম্ব গঠন কৰে ৷ তদুপৰি এইবিলাক বাহিৰলৈ বেঁকা হোৱা বাবে উত্তল দাপোণৰ দৃষ্টি ক্ষেত্ৰ বহল ৷ সেইবাবে গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয় ৷

প্ৰশ্নাৱলী, Page No- 171

Advertisement

1. 32 cm ভাঁজ ব্যাসার্ধৰ উত্তল দাপোণ এখনৰ ফকাছ দৈর্ঘ্য নির্ণয় কৰা।

উত্তৰ-   দিয়া আছে,

            ভাঁজ ব্যাসার্ধ, R = 32cm

            ফ’কাছ দৈর্ঘ্য, f  = ?

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

এতেকে উত্তলদাপোণখনৰ ফ’কাছ দৈর্ঘ্য = 16 cm

2. অৱতল দাপোণ এখনে ইয়াৰ সন্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবর্ধিত সৎ প্রতিবিম্ব গঠন কৰে। প্রতিবিম্বটোৰ অৱস্থান কি?

উত্তৰ – দিয়া আছে,

      লক্ষ্য বস্তুৰ দূৰত্ব, u = -10 cm

      বিবৰ্ধন, m =  -3 [সৎ প্ৰতিবিম্ব বাবে ‘-‘ চিহ্ন]

      প্ৰতিবিম্বৰ দূৰত্ব, v = ?

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

এতেকে, প্রতিবিম্বটো দাপোণখনৰ সন্মুখত 30 cm দুৰত্বত গঠন হ’ব ৷

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণপ্ৰশ্নাৱলী, Page No- 176

1. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্রৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল

উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ? কিয় ?

উত্তৰ – পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্রৱেশ কৰিলে উলম্বৰ কাষলৈ বেঁকা হ’ব ৷

       এটা আলোকীভাৱে ঘনতৰ মাধ্যমত আন এটা আলোকীভাৱে লঘুতৰ মাধ্যমৰ তুলনাত পোহৰৰ দ্ৰুতি কম ৷ গতিকে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ  মাধ্যমলৈ যোৱা পোহৰ ৰশ্মিৰ দ্ৰুতি হ্ৰাস হয় আৰু উলম্বৰ দিশলৈ বেঁকা হয় ৷ সেয়েহে এইক্ষেত্ৰত পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেঁকা হ’ব ৷

2. পোহৰ বায়ুৰ পৰা 1.5 প্রতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্রুতি কিমান

   ? শূন্যত পাহোৰৰ দ্রুতি 3 x 108 m প্রতি ছেকেণ্ড।

উত্তৰ – দিয়া আছে,

      প্রতিসৰণাংক, nm = 1.5

      শূন্যত পাহোৰৰ দ্রুতি, c =  3 x 108 m/s

      কাঁচত পোহৰৰ দ্রুতি, v = ?

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

     এতেকে, কাঁচত পোহৰৰ দ্রুতি2 x 108 m/s |

3. তালিকা 10.3 ৰ পৰা সর্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নির্ণয় কৰা। আটাইতকৈ কম

     আলোকী ঘনত্বৰ মাধ্যমটোও নির্ণয় কৰা।

উত্তৰ – সর্বোচ্চআলোকী ঘনত্বৰ মাধ্যমটো – হীৰা ৷

   আটাইতকৈ কমআলোকী ঘনত্বৰ মাধ্যমটো – বায়ু ৷

4.  তোমাক কেৰাচিন, টাৰপেটাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত

     পোহৰৰ দ্ৰুতি সর্বোচ্চ? তালিকা-10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা।

উত্তৰ –  কেৰাচিনৰ প্রতিসৰণাংক – 1.44

       টাৰপেটাইন প্রতিসৰণাংক – 1.47

       পানী প্রতিসৰণাংক    –  1.33

 পানীৰ প্ৰতিসৰণাংক আন দুটা মাধ্যমতকৈ কম ৷ই কেৰাচিনৰ আৰু টাৰপেটাইনতকৈ লঘু ৷ সেয়েহে পানীত পোহৰৰ দ্ৰুতি সর্বোচ্চ হ’ব ৷

5. হীৰাৰ প্রতিসৰণাংক 2.42 এই উক্তিটোৰ অর্থ কি?

উত্তৰ – হীৰাৰ প্রতিসৰণাংক 2.42 ৷এই উক্তিটোৰ অৰ্থ এয়ে যে বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত 2.42 |

প্ৰশ্নাৱলী, Page No- 184

Advertisement

1. লেন্ছ এখনৰ 1 ডায়প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।

উত্তৰ – 1 মিটাৰ ফ’কাছ দৈৰ্ঘৰ লেন্ছ এখনৰ ক্ষমতা 1 ডায়’প্টাৰ ৷

2. উত্তল লেন্ছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্রতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত

গঠন কৰে। যদি প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল

লেন্‌ছৰ সন্মুখত কত ৰখা হৈছিল? নির্ণয় কৰা।

উত্তৰ – দিয়া আছে,

      প্ৰতিবিম্বৰ দূৰত্ব, v =  50 cm

      লক্ষ্যবস্তুৰ দূৰত্ব,  u = ?

      প্রতিবিম্বৰ আকাৰ(h`) = লক্ষ্যবস্তুৰ আকাৰ(h)

এতেকে, লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সন্মুখত  50 cmদূৰত্বত ৰখা হৈছিল ৷

3. 2 m কাছ দৈর্ঘ্যৰ অৱতল লেনছ এখনৰ ক্ষমতা নির্ণয় কৰা।

উত্তৰ – দিয়া আছে,

      ফ’কাছ দৈর্ঘ্যৰ, f = 2m

      লেন্ছৰ ক্ষমতা, P  = ?

  এতেকে লেন্ছখনৰ ক্ষমতা = 0.5 D

দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ – অনুশীলনী

7. 50 ছেমি ফকাছ দৈৰ্ঘ্যৰ অবতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্রতিবিম্ব পাব বিচাৰিছো দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্রতিবিম্বৰ প্রকৃতি কি হ? প্রতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্রতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্র আঁকা।

উত্তৰ – দিয়া আছে,

             ফ’কাছ দৈৰ্ঘ্যৰ, f = 15 cm

      অৱতল দাপোণৰ ক্ষেত্ৰত থিয় প্রতিবিম্ব এটা পাবলৈ লক্ষ্যবস্তু এটা মেৰু আৰু ফ’কাছৰ মাজত ৰাখিব লাগিব৷  

গতিকে,

   দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ হ’ব – 15cmত কৈ কম ৷

   প্রতিবিম্বৰ প্রকৃতি অসৎ আৰু থিয় হ’ব ৷

   প্রতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ হ’ব ৷

    প্রতিবিম্বৰ গঠন দেখুৱাবৰ বাবে ৰশ্মিচিত্র –

৪. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা

(a) গাড়ীৰ হেডলাইট

উত্তৰ – অৱতল দাপোণ ৷

(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ

উত্তৰ – উত্তল দাপোণ ৷

(c) সৌৰ ভাঁতী

উত্তৰ – অৱতল দাপোণ ৷

9. উত্তল লেন্ছ এখনৰ অর্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হল। এই লেন্ছখনে বস্তু এটাৰ সম্পূর্ণ প্রতিবিম্ব

গঠন কৰিবনে? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্রতিপন্ন কৰা। তোমাৰ পর্যবেক্ষণসমূহ ব্যাখ্যা কৰা।

উত্তৰ – উত্তল লেন্ছ এখনৰ অর্ধাংশ কলা কাগজেৰে ঢাকি দিলে লেন্ছখনে বস্তু এটাৰ সম্পূর্ণ প্রতিবিম্ব গঠন কৰিব ৷

পৰীক্ষা – 

ধৰাহ’ল, লেন্ছ এখনৰ ওপৰৰ অংশ কলা কাগজেৰে ঢাকি দিয়া হৈছে ৷

চিত্ৰত দেখিওৱাৰ দৰে লক্ষ্যবস্তুৰ পৰা অহা পোহৰৰ ৰশ্মি লেন্ছখনৰ তলৰ অংশয়েদি প্ৰতিসৰিত হ’ব ৷ এনেদৰে প্ৰতিসৰণ ঘটা ৰশ্মিবোৰ লেন্ছখনৰ আনটো ফালে কটাকটি হৈ প্ৰতিবিম্ব গঠন কৰিব ৷

10. 5 cm দৈর্ঘ্যৰ বস্তু এটা 10 cm কাচ দৈৰ্ঘ্যৰ অভিসাৰী লেন্‌ছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হল। ইয়াৰ ৰশ্মিচিত্র আঁকা আৰু গঠিত প্রতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্রকৃতি নির্ণয় কৰা।

উত্তৰ – দিয়া আছে,

        লক্ষ্যবস্তুৰ দূৰত্ব, u = -25 cm

        ফ’কাছ দৈর্ঘ্যৰ, f = 10 cm

        লক্ষ্যবস্তুৰ আকাৰ(h) = 5 cm

        প্ৰতিবিম্বৰ দূৰত্ব, v = ?

লেন্‌ছৰ সূত্ৰৰ পৰা আমি পাঁও,

আৰু,

ৰশ্মিচিত্র –

এতেকে,

    প্ৰতিবিম্বটো লেন্চৰ আনটো ফালে লেন্ছ পৰা 16.7 cm দূৰত্বত গঠন হ’ব ৷

    প্ৰতিবিম্বৰ আকাৰ সংকুচিত হ’ব ৷

    প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা হ’ব ৷

ll. 15 cm কাছ দৈর্ঘ্যৰ অৱতল লেন্‌ছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্রতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেন্‌ছৰ পৰা কিমান দূৰত্বত আছে? ৰশ্মিচিত্র আঁকা।

উত্তৰ – দিয়া আছে,

        প্ৰতিবিম্বৰ দূৰত্ব, v = – 10 cm

        ফ’কাছ দৈর্ঘ্যৰ, f = – 15 cm

        লক্ষ্যবস্তুৰ দূৰত্ব, u = ?

লেন্‌ছৰ সূত্ৰৰ পৰা আমি পাঁও,

এতেকে, লক্ষ্যবস্তুটো লেন্‌ছৰ সন্মুখত লেন্‌ছৰ পৰা 30 cm দূৰত্বত গঠন হ’ব ৷

ৰশ্মিচিত্র

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

12. 15 cm কাছ দৈর্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্ব বস্তু এটা ৰখা হল। প্রতিবিম্বৰ অৱস্থান আৰু প্রকৃতি নির্ণয় কৰা।

উত্তৰ – দিয়া আছে,

          লক্ষ্যবস্তুৰ দূৰত্ব, u = -10 cm

          ফ’কাছ দৈর্ঘ্যৰ, f = 15 cm

          প্ৰতিবিম্বৰ দূৰত্ব, v = ?

     দাপোণৰ সূত্ৰৰ পৰা আমি পাঁও,

আৰু দাপোণৰ বিবৰ্ধন,

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

এতেকে, প্ৰতিবিম্বটো দাপোণৰ পিছফালে দাপোণৰ পৰা 6cm দূৰত্বত গঠন হ’ব ৷

      যিহেতু বিবৰ্ধনৰ মান +0.6, প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় হ’ব ৷

13. সমতল দাপোণে +1 বিবর্ধন দিয়ে। ইয়াৰ অর্থ কি?

উত্তৰ – সমতল দাপোণে +1 বিবর্ধন দিয়ে। ইয়াৰ অর্থ হ’ল –

      (i) লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ আকাৰ সমান ৷

      (ii) সমতল দাপোণৰ প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় ৷

      (iii) সমতল দাপোণৰ পৰা লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান ৷

14. 30 cm ভাঁজ ব্যাসার্ধৰ উত্তল দাপোণ এখনৰ সন্মুখত 20 cm দূৰত্বত 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখা ল। প্রতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নির্ণয় কৰা।

উত্তৰ – দিয়া আছে,

             ভাঁজ ব্যাসার্ধৰ , R = 30 cm

       ফ’কাছ দৈর্ঘ্যৰ,  f = R/2 =30/2  = 15cm

       লক্ষ্যবস্তুৰ দূৰত্ব, u = – 20cm

       লক্ষ্যবস্তুৰ আকাৰ(h) = 5 cm

        প্ৰতিবিম্বৰ দূৰত্ব, v = ?      

দাপোণৰ সূত্ৰৰ পৰা আমি পাঁও,

দাপোণৰ বিবৰ্ধন,

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

 এতেকে, প্ৰতিবিম্বটো দাপোণৰ পিছফালে দাপোণৰ পৰা 8.6cm দূৰত্বত গঠন হ’ব ৷

      প্ৰতিবিম্বৰ আকাৰ 2.14cm অৰ্থাৎ সংকুচিত হ’ব৷

      যিহেতু বিবৰ্ধনৰ মান +0.428 ,প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় হ’ব ৷

15. 18 cm কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সন্মুখত 27 cm দূৰত্বত 7 cm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণখনৰ পৰা কিমান দূৰত্বত পর্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা কৰা প্রতিবিম্ব এটা পোৱা যাব? প্রতিবিম্বৰ আকাৰ আৰু প্রকৃতি নির্ণয় কৰা।

উত্তৰ – – দিয়া আছে,

                লক্ষ্যবস্তুৰ দূৰত্ব, u = -27cm

        ফ’কাছ দৈর্ঘ্যৰ,  f = -18cm

        লক্ষ্যবস্তুৰ আকাৰ(h) = 7cm

        প্ৰতিবিম্বৰ দূৰত্ব, v = ?

       দাপোণৰ সূত্ৰৰ পৰা আমি পাঁও,

দাপোণৰ বিবৰ্ধন,

এতেকে, প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ ফালে দাপোণৰ পৰা 54 cm দূৰত্বত গঠন হ’ব ৷

      প্ৰতিবিম্বৰ আকাৰ 14cm অৰ্থাৎ বিবৰ্ধিত হ’ব৷

      যিহেতু বিবৰ্ধনৰ মান -2 ,প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা হ’ব ৷

16. -2.0 D ক্ষমতাৰ লেছ এখনৰ ফকাছ দৈর্ঘ্য কিমান? লেছখনৰ প্রকৃতি কেনেকুৱা?

উত্তৰ –    দিয়া আছে,

            লেন্ছৰ ক্ষমতা, P  =-2.0 D

            ফ’কাছ দৈর্ঘ্যৰ, f = ?

         আমি জানো যে,

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

      এতেকে লেন্ছখনৰ ফ’কাছ দৈর্ঘ্যৰ = -0.5 m আৰু

      লেন্ছখন অৱতল লেন্ছ৷

17. ডাক্তৰে এজনে বিধান দিয়া সংশোধনীমূলক লেন্‌ছৰ ক্ষমতা +1.5D লেন্‌ছখনৰ ফকাছ দৈর্ঘ্য নির্ণয় কৰা। এই লেন্‌ছখন অভিসাৰী নে অপসাৰী?

উত্তৰ –  –    দিয়া আছে,

            লেন্ছৰ ক্ষমতা, P  = +1.5D

            ফ’কাছ দৈর্ঘ্যৰ, f = ?

         আমি জানো যে,

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

      এতেকে লেন্ছখনৰ ফ’কাছ দৈর্ঘ্যৰ = +0.67 m আৰু

      লেন্ছখন অভিসাৰী লেন্ছ৷

দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক

NCERT সমাধান – বিজ্ঞান – দশম শ্ৰেণী

 অধ্যায় ১- ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

অধ্যায় ২- এছিড, ক্ষাৰক আৰু লৱণ

অধ্যায়- ৩ ধাতু আৰু অধাতু

অধ্যায়- ৪ কাৰ্বন আৰু তাৰ যৌগ

অধ্যায় ৫ -মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

অধ্যায় ৬ – জীৱন প্ৰক্ৰিয়া

অধ্যায় ৭- নিয়ন্ত্ৰণ আৰু সমন্বয়

অধ্যায় ৮ – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে

অধ্যায় -৯ বংশগতি আৰু ক্ৰমবিকাশ

অধ্যায়-১০ পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ

অধ্যায় ১১- মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

অধ্যায় ১২ – বিদ্যুৎ

অধ্যায়-১৩ বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

অধ্যায়- ১৪ শক্তিৰ উৎসসমূহ

অধ্যায়- ১৫ আমাৰ পৰিবেশ

অধ্যায়- ১৬ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

For Current Affairs, Please click here….

Advertisement

14 Replies to “পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ”

Leave a Reply

Your email address will not be published. Required fields are marked *