ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, অধ্যায়- 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (Management of Natural Resources) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷
প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা , প্ৰশ্নাৱলী, Page No – 269
1.পৰিবেশ হিতৈষী হ’বলৈ তােমাৰ কি কি অভ্যাসৰ পৰিবৰ্তন কৰিব পাৰা?
উত্তৰ – পৰিবেশ হিতৈষী হ’বলৈ আমি কিছুমান অভ্যাস পৰিবৰ্তন কৰিব পাৰো –
- ব্যৱহাৰ হৈ নথকা সময়ত ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ্ বন্ধ কৰি বিদ্যুৎ সঞ্চয় কৰিব পাৰো ৷
- ফুটা পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব পাৰো ৷
- খাদ্য বস্তুৰ আপচয় ৰোধ কৰিব পাৰো ৷
- বৰ্জিত পদাৰ্থ যেনে প্লাষ্টিক, কাগজ, কাঁচ আদিক বৰ্জন নকৰি আন সামগ্ৰী প্ৰস্তুত কৰিব পাৰো ৷
- কিছুমান বস্তু যেনে ব্যৱহাৰ কৰা লেফাফা, প্লাষ্টিকৰ বটল ইত্যাদি পেলাই নিদি পুনৰ ব্যৱহাৰযোগ্য কৰি ব্যৱহাৰ কৰিব পাৰো ৷
- নিজা গাড়ী ব্যৱহাৰ নকৰি ৰাজহুৱা যানবাহনত যাতায়ত কৰিব পাৰো ৷
- ওচৰৰ ঠাইত চাইকেল নাইবা খোজ কাঢ়ি যাতায়ত কৰিব পাৰো ৷
- প্লাষ্টিকৰ মোনা ত্যাগ কৰি কাপোৰৰ মোনা ব্যৱহাৰ কৰিব পাৰো ৷
- কম বিদ্যুত খৰচ কৰা বৈদ্যুতিক সজুলি ব্যৱহাৰ কৰিব পাৰো ৷ উদাহৰণ স্বৰূপে, চি. এফ. এল বাল্ব ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰো ৷
- ৰাজহুৱা স্থানত আবৰ্জনা নেপেলাই নিৰ্দিষ্ট ডাষ্ট বিনত পেলাব পাৰো ৷
2.ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হব পাৰে?
উত্তৰ – ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা সমূহ তলত উল্লেখ কৰা হ’ল –
- অৰ্থনৈতিক ভাৱে লাভাম্ভিত হ’ব ৷
- কম সময়ত চাহিদা পূৰণ হ’ব ৷
- বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ হ’ব ৷
- ঔদ্যোগিক বিকাশ হ’ব ৷
3.সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীর্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবােৰ কেনেকৈ পার্থক্য কৰিবা ?
উত্তৰ – সম্পদৰ ক্ষন্তেকীয়া আৰু দীর্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবােৰৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –
সম্পদৰ ক্ষন্তেকীয়া ব্যৱহাৰ | সম্পদৰ দীর্ঘম্যাদী ব্যৱহাৰ |
---|---|
১.ক্ষন্তেকীয়া অৰ্থনৈতিক লাভ হয় ৷ | ১. দীৰ্ঘকালিন অৰ্থনৈতিক লাভ হয় ৷ |
২. সম্পদৰ ভাণ্ডাৰ অতি সোনকালে শেষ হয় ৷ | ২.সম্পদৰ ভাণ্ডাৰ দীৰ্ঘ দিনলৈ শেষ নহয় ৷ |
৩.বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ হয় ৷ | ৩.বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজন পূৰণ হয় ৷ |
৪.নতুন প্ৰযুক্তি সংযোজনৰ সুবিধা বা সময় কম ৷ | ৪. নতুন প্ৰযুক্তি সংযোজনৰ সুবিধা বা সময় পোৱা যায় ৷ |
৫. সম্পদৰ সমবিতৰণ নহয় ৷ | ৫. সম্পদৰ সমবিতৰণ হয় ৷ |
৬. উদ্যোগিক বিকাশ দ্ৰুত গতিত হৈ এটা সময়ত স্থবিৰ হয় ৷ | ৬. উদ্যোগিক বিকাশ লাহে লাহে কিন্তু অবিৰত ভাৱে হয় ৷ |
4.সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে বুলি কিয় ভাবা? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে?
উত্তৰ – সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে কাৰণ সম্পদৰ ওপৰত সকলো শ্ৰেণীৰ জনসাধাৰণৰ সমান অধিকাৰ আছে ৷ সম্পদৰ সমবিতৰণ নহলে কোনো শ্ৰেণীৰ লোক বঞ্চিত হোৱা সম্ভাৱনা থাকে যি উচিত নহয় ৷ ইয়াৰ উপৰিও সমবিতৰণে জনসাধাৰণৰ সমভাৱে উন্নয়ন সাধন কৰে যি সামগ্ৰিক ভাৱে দেশৰ বিকাশত আৰিহণা যোগায় ৷
আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কাম কৰি থকা কিছুমান শক্তি –
- বিভিন্ন ধৰণৰ দুৰ্নীতি ৷
- অত্যাধিক লোভ ৷
- ক্ষমতাশালী ব্যক্তিৰ অসৎ উদ্দেশ্য ৷
- ধনিক শ্ৰেণীৰ অতি মাত্ৰা ব্যৱহাৰ আৰু লুন্ঠন ৷
- ব্যৱসায়ী বা উদ্যোগিক মহলৰ হেচা ইত্যাদি ৷
প্ৰশ্নাৱলী, Page No – 273
1.বন আৰু বন্যপ্রাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে ?
উত্তৰ – বন আৰু বন্যপ্রাণীসমূহ সংৰক্ষণ কৰাতো অত্যন্ত প্ৰয়োজনীয় ৷ জীৱজগতখনত যিমান জীৱ আছে সকোলোৱে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল ৷ গছে প্ৰাণীৰ বাবে অক্সিজেন যোগান ধৰে ৷ একেদৰে উদ্ভিদে সালোক সংশ্লেষণৰ বাবে লাগতীয়াল কাৰ্বন ডাই অক্সাইড প্ৰাণীৰ পৰা লাভ কৰে ৷ বন বা বন্যপ্ৰাণী ধ্বংস কৰিলে প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট হয় ৷
বন ধ্বংসৰ ফলত হ’ব পৰা সমস্যা সমূহ –
- প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰন নহয় ,
- বৰষুণৰ পৰিমাণ কমে ,
- মাটিৰ ক্ষয়ীভৱন বৃদ্ধি হয় ,
- সেউজ গৃহ গেছৰ বৃদ্ধি হয় ,
- ভূ-জলৰ স্তৰ তললৈ নামি যায় ইত্যাদি ৷
2.বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা।
উত্তৰ – প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ সহায়ত মানৱ জাতিয়ে উন্নয়নৰ উচ্চতম শিখৰত উপন্নিত হৈছে যদিও এই উন্নয়নৰ বাবে মানৱ সমাজে প্ৰকৃতিৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ প্ৰযুক্তি বিদ্যাৰ বিকাশৰ সমান্তৰাল ভাৱে প্ৰাকৃতিক সম্পদবোৰ বিনষ্ট হোৱা দেখা গৈছে ৷ আজিৰ এই সময়ত প্ৰাকৃতিক সম্পদবোৰ সংৰক্ষণ কৰা আত্যন্ত প্ৰয়োজন হৈ পৰিছে কাৰণ এনেকৈয়ে যদি প্ৰকৃতিৰ ধ্বংস চলি থাকে পৃথিৱীৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিব ৷
বনাঞ্চল সংৰক্ষণৰ বাবে লব পৰা কিছুমান পদক্ষেপ –
- বনাঞ্চলৰ সম্পদ সমূহ সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগিব ৷
- বনাঞ্চলৰ স্থানীয় লোক সকলোৰ লগত একগোট হৈ বনাঞ্চল ৰক্ষাৰ চিন্তা কৰিব লাগিব ৷
- বনাঞ্চলৰ স্থানীয় লোক সকলে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বন আৰু বন্যপ্ৰাণীৰ সংৰক্ষণ নীতিবোৰ পুনৰ আৰম্ভ কৰিব লাগিব ৷
- বৃক্ষৰোপন কাৰ্যসূচী হাতত লৈ বনাঞ্চলৰ কালি বৃদ্ধি কৰিব লাগিব৷
- গছ কটা বন্ধ কৰিব লাগিব ৷
- অত্যাধিক পশুচাৰণ বন্ধ কৰিব লাগিব ৷
- উদ্যোগবোৰৰ বনৰ উপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব লাগিব ৷
- বন ৰক্ষাৰ বাবে চৰকাৰে কিচুমান আইন প্ৰনয়ন কৰিব লাগিব ৷
প্ৰশ্নাৱলী, Page No – 276
1.তােমালােকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবােৰ বিচাৰি উলিওৱা।
উত্তৰ – আমাৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰ –
- মাটিত গাঁত খান্দি বা হ্ৰদ বান্ধি মাটিৰ জলভাগ আবদ্ধ কৰা ৷
- ঠায়ে ঠায়ে জলবিভাজিকা নিৰ্মান কৰা ৷
- বিভিন্ন প্ৰকাৰে মাটিৰে নাইবা শিলেৰে পাৰ বন্ধা ৷
- বালি আৰু চূণেৰে জলাধাৰ নিৰ্মাণ কৰা ৷
- ঘৰৰ চালত পানী জমা ব্যৱস্থাপনা ইত্যাদি ৷
2.পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবােৰৰ মাজত তুলনা কৰা।
উত্তৰ – পাহাৰীয়া অঞ্চলত সাধাৰণতে পানী সঞ্চায়নৰ বাবে নিজৰা আদিৰ পৰা বৈ অহা পানীৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হয় ৷ নিজৰাৰ পানী নলাৰ সহায়ত বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰা হয় ৷ কিছুমান অঞ্চলত পাহাৰৰ দাঁতিকাষৰীয়া ঠাইত পানীৰ আধাৰ স্থাপন কৰা হয় ৷
আনহাতে সমতল অঞ্চল বা মালভূমি অঞ্চলৰ সমান ভূভাগত জল সঞ্চয়নৰ গঠন প্ৰায় অৰ্ধচন্দ্ৰাকৃতিৰ মাটিৰ বান্ধ নাইবা চাপৰ, পোন কংক্ৰিত আৰু শিলগুটিৰে বন্ধোৱা “চেক ডামচ্” সাধাৰণতে বোৱতী পানীয়ে কৰা দ নলা বা জানত নিৰ্মাণ কৰা হয় ৷ বাৰিষা কালত এইবোৰৰ লগত সংলগ্ন পুখুৰীবোৰ উপচি থাকে কিন্তু বেছি ভাগ জলাশয় খৰালি শুকাই যায় ৷ জলাশয়বোৰ শুকাই গলেও সেই অঞ্চলবোৰৰ ভূগৰ্ভৰ পানী উদজীৱিত হয় যি জল সঞ্চয়নৰ প্ৰধান উদ্দেশ্য ৷
দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক
প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, অনুশীলনী
1.পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিবৰ্তনৰ পৰামৰ্শ আগবঢ়াবা?
উত্তৰ – পৰিবেশৰ ক্ষমতা ৰক্ষাৰ বাবে ঘৰখনত কৰিবলগীয়া পৰিবৰ্তন –
- ব্যৱহাৰ হৈ নথকা সময়ত ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ্ বন্ধ কৰি বিদ্যুৎ সঞ্চয় কৰিব পাৰো ৷
- ফুটা পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব পাৰো ৷
- খাদ্য বস্তুৰ আপচয় ৰোধ কৰিব পাৰো ৷
- বৰ্জিত পদাৰ্থ যেনে প্লাষ্টিক, কাগজ, কাঁচ আদিক বৰ্জন নকৰি আন সামগ্ৰী প্ৰস্তুত কৰিব পাৰো ৷
- কিছুমান বস্তু যেনে ব্যৱহাৰ কৰা লেফাফা, প্লাষ্টিকৰ বটল ইত্যাদি পেলাই নিদি পুনৰ ব্যৱহাৰযোগ্য কৰি ব্যৱহাৰ কৰিব পাৰো ৷
- প্লাষ্টিকৰ মোনো ত্যাগ কৰি কাপোৰৰ মোনা ব্যৱহাৰ কৰিব পাৰো ৷
- কম বিদ্যুত খৰচ কৰা বৈদ্যুতিক সজুলি ব্যৱহাৰ কৰিব পাৰো ৷ উদাহৰণ স্বৰূপে, চি. এফ. এল বাল্ব ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰো ৷
- শাক-পাচলি আৰু পশুৰ অবৰ্জনাবোৰৰ পৰা পচন সাৰ তৈয়াৰ কৰি বাগিচাত ব্যৱহাৰ কৰিব পাৰো ৷
- ঘৰৰ চালৰ পানী সংৰক্ষণৰ ব্যৱস্থা লব পাৰো ৷
- গেছ বা বিদ্যুতৰ পৰিবৰ্তে কিছুমান কাম যেনে পানী গৰম কৰা আদি সৌৰ শক্তিৰে কৰিব পাৰো ৷
2.পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তােমালােকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিবৰ্তনৰ পৰামর্শ দিবা?
উত্তৰ – পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে আমাৰ বিদ্যালয়ত কিছুমান পৰিবৰ্তন কৰিব পাৰো –
- ব্যৱহাৰ হৈ নথকা সময়ত ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ্ বন্ধ কৰি বিদ্যুৎ সঞ্চয় কৰিব পাৰো ৷
- ফুটা পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব পাৰো ৷
- কম বিদ্যুত খৰচ কৰা বৈদ্যুতিক সজুলি ব্যৱহাৰ কৰিব পাৰো ৷ উদাহৰণ স্বৰূপে, চি. এফ. এল বাল্ব ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰো ৷
- বিদ্য়ালয়ৰ ঘৰৰ চালৰ পানী সংৰক্ষণৰ ব্যৱস্থা লব পাৰো ৷
- বৰ্জিত পদাৰ্থ পেলাবলৈ ডাষ্ট বিন(Dust Bin)ৰ ব্যৱহাৰ কৰিব পাৰো ৷
- সৌৰ শক্তি ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰো ৷
- সময়ে সময়ে বৃক্ষৰোপন কাৰ্যসূচী হাতত লব পাৰো ৷
- পৰিবেশ দিৱসত ৰেলী উলিয়াই সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত পৰিবেশ সচেতনতা বৃদ্ধি কৰিব পাৰো ৷
- জীৱ নিম্নিকৰণযোগ্য আৰু জীৱ অনিম্নিকৰণযোগ্য আবৰ্জনাবোৰ পৃথকে পৃথকে ৰখা অভ্যাস কৰিব পাৰো ৷
3. এই অধ্যায়ত আমি দেখিলাে বন আৰু বন্যপ্রাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ (Stake holders) আছে। এইবােৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পৰা কর্তৃত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ ভাবা?
উত্তৰ – বন আৰু বন্যপ্ৰাণীৰ চাৰিটা অংশীদাৰ হ’ল –
(i) বনাঞ্চল বা বনাঞ্চলৰ কাষৰীয়া অঞ্চলত বসবাস কৰা মানুহবোৰ
(ii) ভূমিৰ গৰাকী আৰু চৰকাৰৰ বনবিভাগ
(iii) উদ্যোগপতিবোৰ আৰু
(iv) বন্যপ্ৰাণী আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তিবোৰ ৷
এইবােৰৰ ভিতৰত বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পৰা কর্তৃত্ব আতাইতকৈ বেছি চৰকাৰৰ বনবিভাগৰ থাকিব লাগে কাৰণ তেওঁলোকে বনজ সম্পদৰ নিয়ন্ত্ৰনৰ দায়িত্বত আছে ৷ তাৰ ওপৰি বনসম্পদৰ ব্যৱস্থাপনাৰ বাবে তেওঁলোকে অন্য অংশীদাৰৰ লগত যোগসূত্ৰ স্থাপন কৰি ব্যৱস্থা ল’ব পাৰে ৷
4. তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল’বা
(a) বন আৰু বন্যপ্রাণী
(b) জলসম্পদ
(c) কয়লা আৰু পেট্রলিয়াম
উত্তৰ – (a) বন আৰু বন্যপ্রাণী – বন আৰু বন্যপ্রাণীৰ বাবে ল’ব পৰা ব্যৱস্থাপনা –
- বনাঞ্চলৰ সম্পদ সমূহ সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগে ৷
- বৃক্ষৰোপন কাৰ্যসূচী হাতত ল’ব লাগে ৷
- গছ কটা বন্ধ কৰিব লাগে ৷
- বন্যপ্রাণী হত্যা বন্ধ কৰিব লাগে ৷
- বনাঞ্চল বেদখল কৰিব নালাগে ৷
(b) জলসম্পদ – জলসম্পদৰ বাবে ল’ব পৰা ব্যৱস্থাপনা –
- ফুটা পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব লাগে ৷
- ঘৰৰ চালৰ পানী সংৰক্ষণৰ ব্যৱস্থা লব লাগে ৷
- সমাজত জলসম্পদ ৰক্ষাৰ বাবে সচেতনতা বৃদ্ধি কৰিব লাগে ৷
- পানীৰ অপব্যৱহাৰ ৰোধ কৰিব লাগে ৷
(c) কয়লা আৰু পেট্রলিয়াম – কয়লা আৰু পেট্রলিয়ামৰ বাবে ল’ব পৰা ব্যৱস্থাপনা –
- ব্যৱহাৰ হৈ নথকা সময়ত ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ্ বন্ধ কৰি বিদ্যুৎ সঞ্চয় কৰিব লাগে ৷
- কম বিদ্যুত খৰচ কৰা বৈদ্যুতিক সজুলি ব্যৱহাৰ কৰিব পাৰি ৷ উদাহৰণ স্বৰূপে, চি. এফ. এল বাল্ব ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰি ৷
- নিজা গাড়ী ব্যৱহাৰ নকৰি ৰাজহুৱা যানবাহনত যাতায়ত কৰিব লাগে ৷ ৷
- ওচৰৰ ঠাইত চাইকেল নাইবা খোজ কাঢ়ি যাতায়ত কৰিব লাগে ৷
- গেছ বা বিদ্যুতৰ পৰিবৰ্তে কিছুমান কাম যেনে পানী গৰম কৰা আদি সৌৰ শক্তিৰে কৰিব লাগে৷
5. তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবােৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা?
উত্তৰ – বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবােৰৰ ব্যৱহাৰ কমকৈ কৰিবলৈ তলত উল্লেখিত পদক্ষেপবোৰ ল’ব পাৰো –
- ব্যৱহাৰ হৈ নথকা সময়ত ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ্ বন্ধ কৰি বিদ্যুৎ সঞ্চয় কৰিব পাৰো ৷
- ফুটা পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব পাৰো ৷
- খাদ্য বস্তুৰ আপচয় ৰোধ কৰিব পাৰো ৷
- বৰ্জিত পদাৰ্থ যেনে প্লাষ্টিক, কাগজ, কাঁচ আদিক বৰ্জন নকৰি আন সামগ্ৰী প্ৰস্তুত কৰিব পাৰো ৷
- কিছুমান বস্তু যেনে ব্যৱহাৰ কৰা লেফাফা, প্লাষ্টিকৰ বটল ইত্যাদি পেলাই নিদি পুনৰ ব্যৱহাৰযোগ্য কৰি ব্যৱহাৰ কৰিব পাৰো ৷
- নিজা গাড়ী ব্যৱহাৰ নকৰি ৰাজহুৱা যানবাহনত যাতায়ত কৰিব পাৰো ৷
- ওচৰৰ ঠাইত চাইকেল নাইবা খোজ কাঢ়ি যাতায়ত কৰিব পাৰো ৷
- প্লাষ্টিকৰ মোনো ত্যাগ কৰি কাপোৰৰ মোনা ব্যৱহাৰ কৰিব পাৰো ৷
- কম বিদ্যুত খৰচ কৰা বৈদ্যুতিক সজুলি ব্যৱহাৰ কৰিব পাৰো ৷ উদাহৰণ স্বৰূপে, চি. এফ. এল বাল্ব ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰো ৷
- ৰাজহুৱা স্থানত আবৰ্জনা নেপেলাই নিৰ্দিষ্ট ডাষ্ট বিনত পেলাব পাৰো ৷
7. এই পাঠত উত্থাপন হােৱা সমস্যাৰ ভিত্তিত আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তােমালােকৰ জীৱন শৈলীৰ কি পৰিবৰ্তন কৰিবা ?
উত্তৰ – আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ আমাৰ জীৱন শৈলীত কিছুমান পৰিবৰ্তন কৰিব পাৰো –
- ব্যৱহাৰ হৈ নথকা সময়ত ফেন আৰু লাইটৰ বৈদ্যুতিক চুইটচ্ বন্ধ কৰি বিদ্যুৎ সঞ্চয় কৰিব পাৰো ৷
- ফুটা পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব পাৰো ৷
- খাদ্য বস্তুৰ আপচয় ৰোধ কৰিব পাৰো ৷
- বৰ্জিত পদাৰ্থ যেনে প্লাষ্টিক, কাগজ, কাঁচ আদিক বৰ্জন নকৰি আন সামগ্ৰী প্ৰস্তুত কৰিব পাৰো ৷
- কিছুমান বস্তু যেনে ব্যৱহাৰ কৰা লেফাফা, প্লাষ্টিকৰ বটল ইত্যাদি পেলাই নিদি পুনৰ ব্যৱহাৰযোগ্য কৰি ব্যৱহাৰ কৰিব পাৰো ৷
- নিজা গাড়ী ব্যৱহাৰ নকৰি ৰাজহুৱা যানবাহনত যাতায়ত কৰিব পাৰো ৷
- ওচৰৰ ঠাইত চাইকেল নাইবা খোজ কাঢ়ি যাতায়ত কৰিব পাৰো ৷
- প্লাষ্টিকৰ মোনো ত্যাগ কৰি কাপোৰৰ মোনা ব্যৱহাৰ কৰিব পাৰো ৷
- কম বিদ্যুত খৰচ কৰা বৈদ্যুতিক সজুলি ব্যৱহাৰ কৰিব পাৰো ৷ উদাহৰণ স্বৰূপে, চি. এফ. এল বাল্ব ব্যৱহাৰ কৰি বিদ্যুৎ ৰাহি কৰিব পাৰো ৷
- ৰাজহুৱা স্থানত আবৰ্জনা নেপেলাই নিৰ্দিষ্ট ডাষ্ট বিনত পেলাব পাৰো ৷
দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক
NCERT সমাধান – বিজ্ঞান – দশম শ্ৰেণী
অধ্যায় ১- ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
অধ্যায় ২- এছিড, ক্ষাৰক আৰু লৱণ
অধ্যায় ৫ -মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
অধ্যায় ৭- নিয়ন্ত্ৰণ আৰু সমন্বয়
অধ্যায় ৮ – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
অধ্যায় -৯ বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায়-১০ পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
অধ্যায় ১১- মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
অধ্যায়-১৩ বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
13 Replies to “প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা”