প্ৰাকৃতিক সম্পদ – Notes

প্ৰাকৃতিক সম্পদ
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়- 14 প্ৰাকৃতিক সম্পদ – Notes – Natural Resources ৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Linkত Click কৰিলে পাব ৷

(i) স্থলমণ্ডল – পৃথিৱীৰ ওপৰিভাগৰ কঠিন অংশটোক স্থলমণ্ডল বোলা হয় ৷

(ii)জলমণ্ডল – পৃথিৱীৰ ওপৰিভাগত থকা পানীভাগ যেনে নদী, খাল, বিল, পুখুৰী, সাগৰ, মহাসাগৰ আদিক সামগ্ৰীক ভাৱে জলমণ্ডল বোলে ৷

(iii)বায়ুমণ্ডল – জলমণ্ডল আৰু স্থলমণ্ডলৰ উপৰিভাগত বিস্তৃত হৈ থকা গেছীয় তৰপটোক বায়ুমণ্ডল বোলে ৷

(iv)জীৱমণ্ডল – পৃথিৱীৰ তিনিটা স্তৰ – স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডলত জীৱসমূহ বসবাস কৰে ৷ এই সমগ্ৰ অঞ্চলকে জীৱমণ্ডল বোলে ৷

(v) জৈৱিক উপাদান –

জীৱমণ্ডলত থকা সকলোবিলাক জীৱক একেলগে জৈৱিক উপাদান বুলি কোৱা হয় ৷ উদাহৰণ – মানুহ, আম গছ ইত্যাদি ৷

(vi) অজৈৱিক উপাদান – জীৱমণ্ডলত থকা সকলোবিলাক জড় পদাৰ্থক একেলগে অজৈৱিক উপাদান বোলা হয় ৷ উদাহৰণ – বায়ু, পানী, মাটি ইত্যাদি ৷

(vii) বায়ু প্ৰদূষণ – মানুহৰ কাৰ্যকলাপ বা প্ৰাকৃতিক কাৰণৰ বাবে বায়ুত অপকাৰী পদাৰ্থসমূহৰ পৰিমাণ বাঢ়ি গ’লে বায়ু প্ৰদূষণ হোৱা বুলি কোৱা হয় ৷

(viii) এছিড বৰষুণ – জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত ছালফাৰ অক্সাইড আৰু নাইট্ৰ’জেন অক্সাইড উৎপন্ন হয় ৷ এনেধৰণৰ অক্সাইড প্ৰদূষিত বায়ুৰ পৰা বৰষুণৰ পানীৰ লগত মিহলি হৈ এছিড সৃষ্টি কৰে ৷ ইয়াকে এছিড বৰষুণ বোলে ৷

ix) স্মগ – বায়ুত প্ৰদূষকৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত আকাশ ধোঁৱাৰে পূৰ্ণ হৈ পৰে ৷ ইয়াকে স্মগ বোলে ৷

(x) বায়ু প্ৰদূষণৰ ওপকাৰিতা –

(a) বায়ু প্ৰদূষণে শ্বাস-প্ৰশ্বাসত ব্যাঘাট জন্মাই ৷

(b) প্ৰদুষিত বায়ু সঘনাই সেৱন কৰিলে এলাৰ্জি, কৰ্কটৰোগ, আৰু হাঁওফাঁওৰ ৰোগ হোৱা সম্ভাৱনা থাকে ৷

(xi) পানী প্ৰদূষণ – মানুহৰ কাৰ্যকলাপ বা বিভিন্ন প্ৰাকৃতিক কাৰণৰ বাবে পানী দুষিত হ’লে পানী প্ৰদূষণ হোৱা বুলি কোৱা হয় ৷

(xii) মাটি প্ৰদূষণ – মানুহৰ কাৰ্যকলাপ তথা বিভিন্ন প্ৰাকৃতিক কাৰণত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পালে ইয়াক মাটি প্ৰদূষণ বুলি কোৱা হয় ৷

(xiii) হিউমাচ –  মাটিৰ বহিঃস্তৰত মৃত জীৱৰ পচন হোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ উপাদানবোৰ মিহলি হৈ থাকে ৷ ইয়াকে হিউমাচ বোলে ৷

(xiv) নাইট্ৰ’জেন স্থিতিকৰণ বেক্টেৰিয়া

Advertisement

কিছুমান বেক্টেৰিয়াই বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন গ্ৰহণ কৰি নাইট্ৰেট আৰু নাইট্ৰাইটলৈ পৰিৱৰ্তন কৰে আৰু সেইবোৰৰ পৰা প্ৰয়োজনীয় যৌগ আদি সৃষ্টি কৰে ৷ এনে ধৰণৰ বেক্টেৰিয়াক নাইট্ৰ’জেন স্থিতিকৰণ বেক্টেৰিয়া বোলে ৷

(xv)   নাইট্ৰ’জেন স্থিতিকৰণ বেক্টেৰিয়াবিলাকক মাহ জাতীয় শস্যৰ শিপাত থকা ন’ডিওল নামৰ টেমুনাবোৰত পোৱা যায় ৷

(xvi) সেউজগৃহ গেছৰ উদাহৰণ – কাৰ্বন ডাই অক্সাইড (CO2), মিথেন (CH4) ইত্যাদি ৷

(vii) প্ৰশ্ন – বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ ভাৰসাম্যতা কেনেদৰে অটুত থাকে ?

উত্তৰ – আমাৰ বায়ুমণ্ডলত কার্বন ডাই অক্সাইডৰ শতকৰা পৰিমাণ তলত দিয়া দুটা কাৰণত নির্দিষ্ট পৰিমাণত ৰাখিব পৰা যায় –

(a) সেউজীয়া উদ্ভিদে সূর্যৰ পোহৰৰ উপস্থিতিত কার্বন ডাই অক্সাইড পৰা গ্লুক’জ উৎপন্ন কৰে ।

(b) কিছুমান সামুদ্রিক প্রাণীয়ে পানীত দ্ৰৱীভূত কার্বনেট ব্যৱহাৰ কৰি সিহঁতৰ দেহৰ খোলা গঠন কৰে।

এনেকৈ, বায়ুমণ্ডলত কার্বনডাই অক্সাইডৰ ভাৰসাম্য অটুত থাকে।

(viii) প্ৰশ্ন – জীৱসম্পদৰ ওপৰত পানী প্ৰদূষণে কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰ – পানী প্ৰদূষণে জীৱসম্প্ৰদায়ৰ ওপৰত যথেষ্ট প্রভাৱ পেলায়।

1. অবাঞ্ছিত পদার্থ যেনে- ৰাসায়নিক পদার্থ, কীটনাশক পদার্থ পানীত মিহলি হৈ থাকে । ফলত পানী বিষাক্ত হৈ পৰে।

2. পানী প্ৰদূষণৰ ফলত লাগতীয়াল পদাৰ্থৰ বিনাশ ঘটে । পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন জলজ উদ্ভিদ আৰু প্রাণীসমূহে ব্যৱহাৰ কৰে। যদি প্ৰদূষণৰ বাবে পানীত অক্সিজেনৰ পৰিমাণ কমি আহে তেতিয়া ইহঁতৰ যথেষ্ট ক্ষতি সাধন হয়। ইয়াৰ উপৰিও আন পোষক পদাৰ্থৰ পৰিমাণ কমি যায়।

3. পানী প্ৰদূষণৰ কাৰণে উষ্ণতাৰ সালসলনি হয়। জলচৰ জীৱসমূহৰ কাৰণে এটা নির্দিষ্ট উষ্ণতাৰ প্রয়োজন। নির্দিষ্ট উষ্ণতাৰ তাৰতম্য ঘটিলে জীৱসমূহ জীয়াই থকাত ব্যাঘাট জন্মে। বিশেষকৈ উষ্ণতাৰ তাৰতম্য বিভিন্ন জলচৰ জীৱৰ কণী আৰু পলুৰ বাবে হানিকাৰক।

Read More :

প্ৰাকৃতিক সম্পদ – পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনী

আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes

অনু আৰু পৰমাণু – Notes

জীৱৰ মৌলিক একক – Notes

কলা – Notes

জীৱৰ বিচিত্ৰতা – Notes

বল আৰু গতি বিষয়ক সূত্ৰসমূহ – – Notes

মহাকৰ্ষণ – Notes

শব্দ – Notes

আমি অসুস্থ হওঁ কিয় ? – Notes

প্ৰাকৃতিক সম্পদ – Notes

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – Notes

10 Replies to “প্ৰাকৃতিক সম্পদ – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *