প্ৰাকৃতিক সম্পদ

প্ৰাকৃতিক সম্পদ
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 14 প্ৰাকৃতিক সম্পদ (Natural Resources) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

প্ৰাকৃতিক সম্পদ – প্ৰশ্নাৱলী, Page No- 193

1. আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্রহৰ বায়ুমণ্ডলৰ মাজত পার্থক্য কেনে ধৰণৰ ?

উত্তৰ – আমাৰ পৃথিৱীৰ বায়ুমণ্ডল  বায়ুৰ উপাদানৰ ক্ষেত্ৰত শুক্ৰ আৰু মংগল গ্রহৰ বায়ুমণ্ডলৰ পৰা পৃথক ৷ পৃথিৱীৰ বায়ুত নাইট্ৰ’জেন, অক্সিজেন, কম পৰিমাণৰ কাৰ্বনডাই অক্সাইড আৰু জলীয় বাষ্প মিহলি হৈ থাকে কিন্তু শুক্ৰ আৰু মংগল গ্রহৰ বায়ুমণ্ডলত বহুত বেছি পৰিমাণৰ কাৰ্বনডাই অক্সাইড গেছ থাকে যাৰ বাবে তাত জীৱ থকাটো সম্ভৱ নহয় ৷

2. বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে ?

উত্তৰ – পৃথিৱীখনক বায়ুমণ্ডলে এখন কম্বলৰ দৰে আৱৰি থাকে ৷ বায়ুমণ্ডলত থকা বায়ু বিদ্যুতৰ কু-পৰিবাহী ৷ সূৰ্যৰ পৰা পোৱা তাপ বায়ুমণ্ডলে নিৰ্দিষ্ট অনুপাতত ধৰি ৰাখি পৃথিৱীখনক এক সুসুস্থিৰ উষ্ণতাত ৰাখে ৷ দিনৰ ভাগত সূৰ্যৰ পোনপতীয়া তাপত পৃথিৱীৰ বেছিকৈ উষ্ণতা বৃদ্ধি হৈ যোৱাৰ পৰা বায়ুমণ্ডলে বাধা দি ৰাখে ৷ গধুলি ভাগত ইয়াৰ ওপৰিভাগে তাপ এৰি দিয়াত লাহে লাহে ঠাণ্ডা হবলে ধৰে ৷

3. বতাহ কিহে সৃষ্টি কৰে ?

উত্তৰ – পৃথিৱীৰ বিভিন্ন অঞ্চলত অসম পৰিমাণে বায়ুমণ্ডল উৎত্তাপিত হোৱা বাবে বিভিন্ন দিশত বায়ু চলাচল হয় ৷

উদাহৰণ স্বৰূপে,

     দিনৰ ভাগত সাগৰৰ পাৰত বায়ু সোনকালে গৰম হৈ উষ্ণতা বৃদ্ধি হয় ৷ বায়ুৰ উষ্ণতা বৃদ্ধিৰ কাৰণে  সাগৰৰ পাৰত চাপ কমি যায় আৰু সেইকাৰণে সাগৰৰ পৰা কম চাপৰ অঞ্চললৈ বায়ু চলাচল হয় ৷

     ৰাতিৰ ভাগত স্থলভাগ আৰু সাগৰৰ পানীভাগ ঠাণ্ডা হবলৈ ধৰে ৷ পানী মাটিতকৈ লাহে লাহে ঠাণ্ডা হয় বাবে পানীভাগত কম চাপৰ অঞ্চলৰ সৃষ্টি হয় ৷ সেইবাবে ৰাতিৰ ভাগত বায়ু চলাচল মাটিৰ পৰা সাগৰৰ কম চাপৰ অঞ্চললৈ হয় ৷

4. ডাৰ কেনেকৈ সৃষ্টি হয় ?

উত্তৰ – দিনৰ ভাগত সূৰ্যৰ তাপত জলভাগ যেতিয়া গৰম হয় তেতিয়া বেছিভাগ পানী বাষ্পীভূত হৈ বায়ুমণ্ডলৈ যায় ৷ কিছু পৰিমাণে পানী জীৱৰ বিভিন্ন বিপাকীয় ক্ৰীয়াৰ ফলত বায়ুমণ্ডলৈ বাষ্প আকাৰে আহে ৷ ফলত বায়ু গৰম হৈ পৰে ৷ এই গৰম বায়ুয়ে জলীয় বাষ্প ধৰি ৰাখে ৷ গৰম বায়ু প্ৰসাৰণ হৈ লাহে লাহে ঠাণ্ডা হবলৈ ধৰে ৷ ফলত পানীৰ কণিকা গোট মাৰি সৰু সৰু টোপালৰ আকাৰে উলমি থাকে ৷ এনেদৰে ডাৱৰৰ সৃষ্টি হয় ৷

5. বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো তিনিটা কাৰ্যকলাপৰ তালিকা প্রস্তুত কৰা

উত্তৰ – বায়ু প্ৰদূষণ সৃষ্টি কৰা  তিনিটা কাৰ্যকলাপ তলত উল্লেখ কৰা হ’ল –

(i) মটৰ গাড়ীৰ ইন্ধন দহনে বায়ু প্ৰদূষণ কৰে ৷

(ii) যিকোনো জীৱাশ্ম ইন্ধন, প্লাষ্টিক আদিৰ দহনে বায়ু প্ৰদূষণ কৰে ৷

(iii) বন ধ্বংসৰ ফলটো বায়ু প্ৰদূষণ বৃদ্ধি পায় ৷

প্ৰাকৃতিক সম্পদ – প্ৰশ্নাৱলী, Page No- 193

Advertisement

1. জীবসমূহক পানীৰ কিয় প্ৰয়োজন  হয় ?

উত্তৰ- জীৱৰ সকলোবিলাক কোষীয় প্ৰক্ৰীয়া পানীৰ দ্বাৰাই সংঘটিত হয় ৷ জীৱদেহৰ ভিতৰত সংঘটিত সকলোবিলাক জৈৱৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থ সমূহ কোষৰ ভিতৰত পানীত দ্ৰৱীভূত হৈ থাকে ৷ দ্ৰৱীভূত অৱস্থাতে সকলোবিলাক পদাৰ্থৰ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন হয় ৷ সেইকাৰণে জীৱসমূহ জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন ৷

3. কি কি কাৰ্যকলাপৰ  বাবে পানী  প্রদূষণ হব পাৰে?

উত্তৰ – পানী  প্রদূষণ কৰিব পৰা কিছুমান কাৰ্যকলাপ তলত উল্লেখ কৰা হ’ল –

(i) শস্য পথাৰত ৰাসায়নিক সাৰ, কীটনাশক দৰৱ আদি ব্যৱহাৰ কৰিলে পানী  প্রদূষণ হ’ব পাৰে ৷

(ii) চহৰ বা নগৰৰ মানুহৰ ঘৰত দৈনিক সৃষ্টি হোৱা আবৰ্জনাবোৰে পানী  প্রদূষণ কৰিব পাৰে৷

(iii) কল-কাৰখানা, উদ্যোগ আদিৰ পৰা নিৰ্গত বৰ্জিত পদাৰ্থবোৰ নদী বা হ্ৰদৰ পানীত নিক্ষেপ কৰিলে পানী প্ৰদূষণ হয় ৷

(iv)কিছুমান বিশেষ উদ্যোগত যন্ত্ৰপাতি শীতল কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পানী নদীলৈ এৰি দিলে নদীৰ পানী গৰম হয় ৷

(v) জলবিদ্যুৎ প্ৰকল্পসমূহৰ পৰা অতিৰিক্ত পানীভাগ নদীত নিক্ষেপ কৰিলে নদীৰ পানীৰ উষ্ণতা বৃদ্ধি পায় ৷

প্ৰশ্নাৱলী, Page No- 196

প্ৰাকৃতিক সম্পদ

1. মাটি কেনেকৈ গঠন হয় ?

উত্তৰ – অতীতৰ পৰা হাজাৰ হাজাৰ কোটি বছৰ ধৰি বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিঘটনাৰ ফলত পৃথিৱীৰ উপৰিভাগত থকা কঠিন শিলাস্তৰ ভাগি চূৰ্ণ-বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয় আৰি ইয়াকে মাটি বুলি কোৱা হয় ৷

মাটি সৃষ্টি কৰা কাৰকসমূহ তলত উল্লেখ কৰা হ’ল –

(i) সূৰ্য – দিনৰ ভাগত সূৰ্যৰ তাপত শিলাস্তৰ প্ৰসাৰণ হয় আৰু ৰাতি ঠাণ্ডা হোৱাৰ ফলত সংকোচন হয়। শিলাখণ্ডৰ সকলো অংশ একে সময়তে সংকোচন আৰু প্ৰসাৰণ নহয়, ফলত ইয়াত ফাক সৃষ্টি হয়। ফলত ডাঙৰ ডাঙৰ শিলান্তৰ সৰু সৰু খণ্ডত বিভক্ত হয়।

(ii) পানী – পানীয়ে দুই ধৰণে মাটি গঠন কৰাত সহায় কৰে। প্ৰথমতে, সূৰ্যৰ তাপত শিলাস্তৰত ফাক মেলোতে ফাকবোৰত পানী সোমাই যায়। কালক্ৰমত ফাকত জমা হোৱা পানী যদি গোট মাৰে তেতিয়া ডাঙৰ হবলৈ ধৰে। দ্বিতীয়তে, বহুদিন ধৰি কঠিন শিলাস্তৰৰ ওপৰেদি পানী বৈ যোৱাৰ ফলত পানীয়ে ডাঙৰ ডাঙৰ শিলবোৰ তললৈ খহাই আনে। তললৈ নামি আহোতে ইটো সিটো শিলৰ লগত খুন্দাখুন্দিৰ ফলত সৰু সৰু কণিকাত পৰিণত হয়। পানীয়ে এই সৰু সৰু কণিকাবোৰক তল স্তৰলৈ বোৱাই আনে আৰু তৰপ তৰপকৈ জমা হবলৈ ধৰে। এনেকৈ শিলাস্তৰৰ আদিম অৱস্থানৰ পৰা বহু দূৰত মাটি গঠন হয় ৷

(iii) বতাহ পানীৰ দৰে বতাহেও ডাঙৰ ডাঙৰ শিলাখণ্ডক তললৈ জোৰেৰে খহাই আনোতে ঘঁহনি খায় সৰু সৰু শিলৰ কণিকালৈ পৰিণত হয়। এনেকৈ এঠাইৰ পৰা আন ঠাইলৈ বালিৰ কণিকাবোৰ কঢ়িয়াই অনা কণিকাবোৰ কোনো ঠাইত জমা হয় আৰু ক্রমে ই মাটিলৈ পৰিণত হয়।

(iv) জীৱ  লাইকেন জাতীয় জীৱ সমূহেও মাটি গঠন কৰাত অৰিহণা যোগায়। লাইকেন জাতীয় জীৱসমূহে কিছুমান পদাৰ্থৰ সৃষ্টি কৰে আৰু এই পদার্থবোৰে শিলাস্তৰৰ ওপৰত পাউদাৰ জাতীয় পদার্থৰ তৰপ গঠন কৰে আৰু পাছলৈ ই মাটিত পৰিণত হয়। এই মাটিত মচ জাতীয় উদ্ভিদ গজিবলৈ ধৰে। এইবিধ উদ্ভিদৰ শিপাৰবাৰে শিলাখণ্ডক ভাঙি সৰু সৰু ফাঁক কৰে। লাহে লাহে ডাঙৰ উদ্ভিদৰ শিপাবোৰ এই ফাঁকত সোমাই সৰু সৰু শিলৰ কণিকাত পৰিণত কৰে। পাছলৈ ইয়াৰ পৰা ক্ষুদ্র ক্ষুদ্র কণিকা আৰু লাহে লাহে মাটিলৈ পৰিণত হয়।

2. মাটি ক্ষয়ীভৱন(soil erosion) কি ?

উত্তৰ – কেতিয়াবা কিছুমান কাৰক যেনে পানী, বতাহ আদিৰ কাৰণে এঠাইৰ পৰা আন ঠাইলৈ মাটিৰ বহিঃস্তৰৰ চলাচল হয় ৷ ইয়াকে মাটি ক্ষয়ীভৱন(soil erosion ) বোলে ৷

3. মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যবস্থা হাতত ল’বা ?

উত্তৰ – মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ ল’ব লগীয়া ব্যবস্থাসমূহ তলত উল্লেখ কৰা হ’ল

(i) বনাঞ্চল ধ্বংস ৰোধ কৰা ৷

(ii)  অধিক বৃক্ষৰোপণ কৰা ৷

(iii)  অত্যাধিক পশুচাৰণ বন্ধ কৰা ৷

(iv) ঘাহ জাতীয় উদ্ভিদ ৰোপণ কৰা ৷

প্ৰশ্নাৱলী, Page No- 201

Advertisement

1. কি কি অৱস্থাত জলচক্ৰত পানী পোৱা  যায় ?

উত্তৰ – জলচক্ৰত পানী তিনিটা অৱস্থাত পোৱা যায় – গোটা, জুলীয়া আৰু গেছীয় ৷

2. জৈৱিক কাৰণত প্রয়োজনীয় অক্সিজেন আৰু নাইট্র জেনযুক্ত দুটা যৌগৰ নাম লিখা

উত্তৰ – প্ৰ’টিন আৰু নিউক্লিক এছিড(DNA আৰু RNA)

3. বায়ুত CO2 ৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংঘটিত তিনিটা কার্যকলাপ উল্লেখ কৰা

উত্তৰ – বায়ুত CO2 ৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংঘটিত তিনিটা কার্যকলাপ

(i) বন ধ্বংস মানুহে বন ধ্বংস কৰাৰ ফলত উদ্ভিদৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে ৷ ইয়াৰ ফলত বায়ুত CO2 ৰ পৰিমাণ বৃদ্ধি হৈ আছে ৷

(ii)জীৱাশ্ম  ইন্ধন দহন যিকোনো জীৱাশ্ম ইন্ধন দহন কৰিলে CO2 গেছ উৎপন্ন হয় ৷ ই বায়ুত CO2 ৰ পৰিমাণ বৃদ্ধি কৰে ৷

(iii)বন জুই – মানুহৰ দ্বাৰা সৃষ্টি কৰা বন জুইয়ে বায়ুত CO2 ৰ পৰিমাণ বৃদ্ধি কৰে ৷

4. সেউজগৃহ প্ৰভাৱ কি ?

উত্তৰ – কিছুমান গেছ যেনে কাৰ্বন ডাই অক্সাইড আদিয়ে বায়ুমণ্ডলৰ তাপ ধৰি ৰখাত সহায় কৰে ৷ মানুহৰ কাৰ্যকলাপৰ বাবে বায়ুমণ্ডলত এই গেছৰ শতকৰা পৰিমাণ দিনক দিনে বাঢ়ি গৈছে ৷ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈছে ৷ এই পৰিঘটনাটোক সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয় ৷

5. বায়ুমণ্ডলত কি কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়?

উত্তৰ – বায়ুমণ্ডলত অক্সিজেনক দ্বি-পাৰমাণবিক অণু(O2) আৰু  ত্ৰি-পাৰমাণবিক অণু(O3) অৱস্থাত পোৱা যায় ৷

অনুশীলনী

প্ৰাকৃতিক সম্পদ

1. জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্রয়োজন কি ?

উত্তৰ –  জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্রয়োজন কাৰণ

(i)পৃথিৱীখনক বায়ুমণ্ডলে এখন কম্বলৰ দৰে আৱৰি থাকে ৷ সূৰ্যৰ পৰা পোৱা তাপ বায়ুমণ্ডলে নিৰ্দিষ্ট অনুপাতত ধৰি ৰাখি পৃথিৱীখনক এক সুস্থিৰ উষ্ণতাত ৰাখে ৷

(ii) দিনৰ ভাগত সূৰ্যৰ পোনপতীয়া তাপত পৃথিৱীৰ বেছিকৈ উষ্ণতা বৃদ্ধি হৈ যোৱাৰ পৰা বায়ুমণ্ডলে বাধা দি ৰাখে ৷

(iii) গধুলি ভাগত ইয়াৰ ওপৰিভাগে তাপ এৰি দিয়াত লাহে লাহে ঠাণ্ডা হবলে ধৰে ৷

(iv) প্ৰাণীয়ে জীয়াই থাকিবলৈ অতি প্ৰয়োজীয় অক্সিজেন বায়ুমণ্ডলৰ পৰাই লাভ কৰে ৷

(v)উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত ব্যবহৃত কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডলৰ পৰাই লাভ কৰে ৷

2. পানী জীৱৰ কাৰণে কিয় প্রয়োজনীয় ?

উত্তৰ – জীৱৰ সকলোবিলাক কোষীয় প্ৰক্ৰীয়া পানীৰ দ্বাৰাই সংঘটিত হয় ৷ জীৱদেহৰ ভিতৰত সংঘটিত সকলোবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থ সমূহ কোষৰ ভিতৰত পানীত দ্ৰৱীভূত হৈ থাকে ৷ দ্ৰৱীভূত অৱস্থাতে সকলোবিলাক পদাৰ্থৰ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন হয় ৷ সেইকাৰণে জীৱসমূহ জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন ৷

3. কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে? পানীত বাস কৰা জীৱসমূহ মাটিপৰা সম্পূর্ণভাৱে আত্মনিৰ্ভৰশীলনে ?

উত্তৰ – প্ৰত্যেক জীৱই প্ৰত্যক্ষ বা পৰোক্ষ ভৱে মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে ৷ উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ মাটিৰ পৰা পানী, খনিজ লৱন আদি গ্ৰহণ কৰে ৷ প্ৰাণি খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল ৷ অৰ্থাৎ উদ্ভিদে মাটিৰ পৰা বিভিন্ন পদাৰ্থ গ্ৰহণ কৰি তৈয়াৰ কৰা খাদ্য খাদ্য শৃংখলৰ নিম্ন স্তৰৰ পৰা উচ্চ স্তৰৰলৈ প্ৰবাহ হয় ৷ এইদৰে সকলো জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে ৷ ইয়াৰ উপৰিও উদ্ভিদ এজোপা মটিত খামুচি থিয় হৈ থাকে ৷ একেদৰে প্ৰাণীয়ে মাটিতে বিচৰণ কৰি ফুৰে ৷

     পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূর্ণভাৱে আত্মনিৰ্ভৰশীল নহয় কাৰণ জলজ উদ্ভিদবিলাকে পানীৰ পৰা লাভ কৰা বিভিন্ন খনিজ পদাৰ্থ, লৱণ, পোষক দ্ৰব্য আদি মাটিৰ পৰাই সৰবৰাহ হয় ৷ মাটি অবিহনে জলজ উদ্ভিদ আৰু প্ৰাণীসমূহ জীয়াই থকা সম্ভৱ নহয় ৷

4. তোমালোকে নিশ্চয় দূৰদৰ্শণ আৰু বাতৰি কাকতত বতৰৰ আগলি বতৰাৰ প্রতিবেদন দেখিছা। বতৰৰ আগলি বতৰা কেনেকৈ পাওঁ বুলি ধাৰণা কৰা ?

উত্তৰ – বতৰ বিজ্ঞান কেন্দ্ৰসমূহে বিভিন্ন সঁজুলি ব্যৱহাৰ কৰি কোনো এক অঞ্চলৰ উষ্ণতা, আদ্ৰতা, বৰষুণ, বতাহৰ বেগ আদিৰ তথ্য সংগ্ৰহ কৰে ৷ উষ্ণতাৰ বাবে থাৰম’মিটাৰ, বৰষুণৰ বাবে ৰেইন গউজ(Rain Gauge), বতাহৰ বেগৰ বাবে এনিমমিটাৰ(anemometer) আদিৰ উপৰিও কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা এই তথ্যসমূহ সংগৰ কৰা হয় ৷ এনেদৰে লাভ কৰা তথ্যৰ বিশ্লেষণ কৰি বতৰ বিজ্ঞানীসকলে আগলি বতৰৰ প্রতিবেদন প্ৰস্তুত কৰে ৷ উক্ত প্ৰতিবেদন দূৰদৰ্শণ আৰু বাতৰি কাকতত প্ৰকাশ পায় ৷

5.মানুহৰ বিভিন্ন কার্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিভাগত প্ৰদূষণ সৃষ্টি হয়। তোমালোকে ভাবা নেকি যে কোনো নির্দিষ্ট অঞ্চলত এই কার্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্রা কমিব বুলি ?

উত্তৰ – মানুহৰ বিভিন্ন কাৰ্যকলাপে বায়ু, পানী আৰু মাটিভাগত প্ৰদূষণৰ প্ৰধাণ কাৰক হিচাপে চিনাক্ত হৈছে ৷ কোনো নির্দিষ্ট অঞ্চলত এই কার্যকলাপবোৰ চিনাক্ত কৰি সেই অঞ্চলতে সীমাবদ্ধ কৰিব পাৰিলে প্ৰদূষণৰ মাত্রা কিছু কমাব পৰা যাব ৷ কিন্তু প্ৰদুষণক সম্পূৰ্ণ নিয়ন্ত্ৰন কৰিবলৈ হ’লে বিশ্বৰ প্ৰতিটো অঞ্চলৰ মানুহেই সজাগ হ’ব লাগিব ৷

6. বনাঞ্চল সমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এটা টোকা লিখা।

উত্তৰ – বনাঞ্চল সমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় –

বায়ু –

(i)বনাঞ্চলে বায়ুত থকা প্ৰদূষকৰ কণিকাবোৰক শোষণ কৰি বায়ু পৰিস্কাৰ কৰে ৷

(ii) বনাঞ্চলে বায়ুৰ অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছক শোষণ কৰি অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰে ৷

(iii)বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে পৰিবেশৰ উষ্ণতা নিয়ন্ত্ৰণ কৰি ৰাখে ৷

মাটি

(i) বনাঞ্চলত উদ্ভিদৰ শিপাই মাটিৰ খহনীয়া বা ক্ষয়ীভৱন ৰোধ ৷

(ii) বনাঞ্চলে জৈৱ ভূ-ৰাসায়নিক চক্ৰক নিয়ন্ত্ৰণ কৰে যাৰ সহায়ত বিভিন্ন পোষক দ্ৰব্য মাটিলৈ উভতি আহে ৷

(iii) নাইট্ৰ’জেণ স্থিতিকৰণ বেক্টেৰিয়াবোৰ কিছুমাণ উদ্ভিদৰ শিপাৰ ন’ডিওলত পোৱা যায় ৷ এই বেক্টেৰিয়া সমূহে জীৱ জগতৰ বাবে প্ৰয়োজনীয় নাইট্ৰ’জেন যৌগ নাইট্ৰেট আৰু নাইট্ৰাইট মাটিত যোগান ধৰে ৷

পানী –

(i) বনাঞ্চলে ভূ-গৰ্ভস্থ পাণীৰ স্তৰ নিয়ন্ত্ৰন কৰি ৰাখে ৷

(ii) বনাঞ্চলে জলচক্ৰ নিয়ন্ত্ৰণত সহায় কৰে ৷

(iii) বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে বাষ্পকাৰে পানী এৰি দি পৰিবেশৰ আদ্ৰতা নিয়ন্ত্ৰন কৰে ৷

Read More :

প্ৰাকৃতিক সম্পদ – Notes

অধ্যায়- 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অধ্যায় – ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?

অধ্যায় ৩ অণু আৰু পৰমাণু

অধ্যায় ৪ পৰমাণুৰ গঠন

অধ্যায় ৫ জীৱৰ মৌলিক একক

অধ্যায় ৬ কলা

অধ্যায় ৭ জীৱৰ বিচিত্ৰতা

অধ্যায় ৮ – গতি

অধ্যায় ৯ বল আৰু গতি বিষয়ক সূত্ৰসমূহ

অধ্যায় ১০ মহাকৰ্ষণ

অধ্যায় ১১ কাৰ্য আৰু শক্তি

অধ্যায় ১২ শব্দ

অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় ?

অধ্যায় ১৪ প্ৰাকৃতিক সম্পদ

অধ্যায় ১৫ খাদ্য সম্পদৰ উৎকৰ্ষ সাধন

বিজ্ঞান – দশম শ্ৰেণী ( NCERT – SEBA)

Advertisement