পৰমাণুৰ গঠন

পৰমাণুৰ গঠন
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 4 পৰমাণুৰ গঠন (Structure of the Atom ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

পৰমাণুৰ গঠন – প্ৰশ্নাৱলী, Page No – 47

1. কেনেল ৰশ্মি কি ?

উত্তৰ – 1886 চনত ই গ’ল্ডষ্টেইনে গেছৰ বিদ্যুৎ মোক্ষণত এবিধ ধনাত্মকভাৱে আহিত বিকিৰণ ধৰা পেলাইছিল ৷ ইয়াকে কেনেল ৰশ্মি বোলা হৈছিল ৷

2. পৰমাণু এটাত এটা প্র’টন আৰু এটা ইলেকট্র’ন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে ?

উত্তৰ – প্ৰ’টন এটা ধনাত্মক আধান যুক্ত উপ-পাৰমাণৱিক কণা আনহাতে ইলেকট্ৰ’ন ঋণাত্মক ৷ দুয়োবিধ উপ-পাৰমাণৱিক কণাৰ আধানৰ মান সমান ৷ সেয়েহে পৰমাণু এটাত এটা প্র’টন আৰু এটা ইলেকট্র’ন থাকিলে পৰমাণুটো প্ৰশম হয় আৰু ই কোনো আধান বহন নকৰে ৷

প্ৰশ্নাৱলী, Page No – 49

Advertisement

1. থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্রিকভাৱে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা।

উত্তৰ – থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্রিকভাৱে তলত উল্লেখ কৰা ধৰণে প্ৰশম হয় –

(i) পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেকট্ৰ’নবোৰ ইয়াত সোমাই থাকে৷

(ii) ঋণাত্মক আৰু ধনাত্মক আধান সমান মানৰ ৷ সেইবাবে পৰমাণু এটা বৈদ্যুতিকভৱে প্ৰশম ৷

2. ৰাডাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপ পাৰমাণবিক কণা থাকে

উত্তৰ – ৰাডাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত প্ৰ’টন থাকে ৷

3. তিনিটা শ্বেলৰে সৈতে বৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্র অংকন কৰা।

উত্তৰ –

চিত্ৰ – তিনিটা শ্বেলৰে সৈতে বৰৰ পৰমাণুৰ আৰ্হি

4. যদি কণা বিছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয় তেনেহ‘লে কি দেখা যাব বুলি ভাবা?

উত্তৰ – যদি  কণা বিছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয় তেনেহ’লে একেই ফলাফল দেখা যাব ৷

প্ৰশ্নাৱলী, Page No – 49

1. পৰমাণুৰ তিনিটা উপ -পাৰমাণৱিক কণাৰ নাম লিখা।

উত্তৰ – পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণাৰ নাম – প্ৰ’টন, ইলেকট্ৰ’ন আৰু নিউট্ৰন ৷

2. হিলিয়াম পৰমাণুৰ পাৰমাণবিক ভৰ 4u আৰু ইয়াৰ নিউক্লিয়াছত দুটা প্রটন আছে। ইয়াত কিমানটা নিউট্রন থাকিব?

উত্তৰ – হিলিয়ামত দুটা প্ৰ’টন থাকে ৷

    পাৰমাণৱিক ভৰ = প্ৰ’টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা

         4    =   2 + নিউট্ৰনৰ সংখ্যা

   নিউট্ৰনৰ সংখ্যা  = 4 – 2

   নিউট্ৰনৰ সংখ্যা  = 2    

   এতেকে , হিলিয়ামত দুটা নিউট্রন থাকিব ৷

প্ৰশ্নাৱলী, Page No – 50

Advertisement

1. কার্বন আৰু ছডিয়াম পৰমাণুত ইলেকট্রন বিতৰণ দেখুওৱা

উত্তৰ –

    কাৰ্বন পৰমাণুত ইলেকট্রন বিতৰণ –

    কাৰ্বনৰ পাৰমাণৱিক সংখ্যা = 6

    কাৰ্বন পৰমাণুৰ প্ৰ’টনৰ সংখ্যা = ইলেকট্ৰনৰ সংখ্যা = 6

    প্ৰথম কক্ষপথ বা K শ্বেলত – 2

    দ্বিতীয় কক্ষপথ বা L শ্বেলত – 4

    কাৰ্বন পৰমাণুত ইলেকট্রন বিতৰণ এনেদৰে দেখুৱাব পাৰি – 2, 4

    ছডিয়াম পৰমাণুত ইলেকট্রন বিতৰণ –

    ছডিয়ামৰ পাৰমাণৱিক সংখ্যা = 11

    ছডিয়াম পৰমাণুৰ প্ৰ’টনৰ সংখ্যা = ইলেকট্ৰনৰ সংখ্যা = 11

    প্ৰথম কক্ষপথ বা K শ্বেলত – 2

    দ্বিতীয় কক্ষপথ বা L শ্বেলত – 8

    তৃতীয় কক্ষপথ বা M শ্বেলত – 1

    ছডিয়াম পৰমাণুত ইলেকট্রন বিতৰণ এনেদৰে দেখুৱাব পাৰি – 2, 8, 1

2. পৰমাণু এটাৰ K আৰু L শ্বেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেকট্রনৰ মুঠ সংখ্যা কিমান হব?

উত্তৰ – পৰমাণু এটাৰ K শ্বেলত থাকিব পৰা সৰ্বোচ্চ ইলেকট্ৰনৰ সংখ্যা = 2

      পৰমাণু এটাৰ L শ্বেলত থাকিব পৰা সৰ্বোচ্চ ইলেকট্ৰনৰ সংখ্যা = 8

গতিকে, পৰমাণু এটাৰ K আৰু L শ্বেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেকট্রনৰ মুঠ সংখ্যা হ’ব = (2+ 8) = 10টা

প্ৰশ্নাৱলী, Page No – 52

1. ক্ল’ৰিণ, ছালফাৰ আৰু মেগনেছিয়ামৰ যোজ্যতা কেনেদৰে পাবা ?

উত্তৰ – পৰমাণু এটাৰ বহিৰতম শ্বেলত ইলেকট্ৰনৰ অকটেট গঠন কৰিবলৈ লাভ কৰা, হেৰুওৱা বা ভাগ-বতৰা কৰা ইলেকট্ৰনৰ সংখ্যাকে যোজ্যতা বোলা হয় ৷

ক্ল’ৰিণৰ যোজ্যতা –

ক্ল’ৰিণৰ পাৰমাণৱিক সংখ্যা = 17

ক্ল’ৰিণৰ ইলেকট্ৰনীয় বিন্যাস = 2,8,7

ক্ল’ৰিণে সুস্থিৰ অকটেট গঠন কৰিবলৈ 1টা ইলেকট্ৰন লাভ কৰিব ৷

গতিকে ক্ল’ৰিণৰ যোজ্যতা 1 |

ছালফাৰৰ যোজ্যতা –

ছালফাৰৰপাৰমাণৱিক সংখ্যা = 16

ছালফাৰৰ ইলেকট্ৰনীয় বিন্যাস = 2,8,6

ছালফাৰে সুস্থিৰ অকটেট গঠন কৰিবলৈ 2টা ইলেকট্ৰন লাভ কৰিব ৷

গতিকে ছালফাৰৰ যোজ্যতা 2 |

মেগনেছিয়ামৰ যোজ্যতা –

মেগনেছিয়ামৰপাৰমাণৱিক সংখ্যা = 12

মেগনেছিয়ামৰ ইলেকট্ৰনীয় বিন্যাস = 2,8,2

মেগনেছিয়ামে সুস্থিৰ অকটেট গঠন কৰিবলৈ 2টা ইলেকট্ৰন হেৰুৱাব ৷

গতিকে মেগনেছিয়ামৰ যোজ্যতা 2 |

প্ৰশ্নাৱলী, Page No – 52

Advertisement

1. যদি পৰমাণু এটাত ইলেকট্রনৰ সংখ্যা 8 আৰু প্র’টন সংখ্যাও 8 হয় তেন্তে

(i) পৰমাণুটোৰ পাৰমাণবিক সংখ্যা কি হ’ব?

উত্তৰ –পৰমাণু এটাৰ, পাৰমাণৱিক সংখ্যা = প্ৰ’টনৰ সংখ্যা ৷

এতেকে, পৰমাণুটোৰ পাৰমাণবিক সংখ্যা 8 হ’ব ৷

(ii) পৰমাণুটোৰ আধান কিমান হ’ব?

উত্তৰ – যিহেতু পৰমাণুটোৰ ইলেকট্ৰন আৰু প্ৰ’টনৰ সংখ্যা সমান সেয়েহে পৰমাণুটো প্ৰশম ৷

2. তালিকা 4.1 ৰ সহায়ত অক্সিজেন আৰু ছালফাৰৰ পৰমাণুৰ ভৰসংখ্যা উলিওৱা।

উত্তৰ – অক্সিজেনৰ  পৰমাণুৰ ভৰ সংখ্যা –

অক্সিজেনৰ প্ৰ’টনৰ সংখ্যা = 8

অক্সিজেনৰ নিউট্ৰনৰ সংখ্যা = 8

  অক্সিজেনৰ পৰমাণুৰ ভৰ সংখ্যা = প্ৰ’টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা

                          = 8 + 8

                          = 16

ছালফাৰৰ পৰমাণুৰ  ভৰ সংখ্যা

ছালফাৰৰ প্ৰ’টনৰ সংখ্যা = 16

ছালফাৰৰ প্ৰ’টনৰ সংখ্যা = 16

 ছালফাৰৰ পৰমাণুৰ ভৰ সংখ্যা = প্ৰ’টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা

                       = 16 + 16

                       = 32

প্ৰশ্নাৱলী, Page No – 53

1. চিহ্ন H, D আৰু T প্ৰতিটোতে পোৱা উপ-পাৰমাণৱিক কণাবোৰ তালিকাভূক্ত কৰা।

উত্তৰ – চিহ্ন H, D আৰু T প্ৰতিটোতে পোৱা উপ-পাৰমাণৱিক কণাবোৰ তালিকা –

          চিহ্ন         প্ৰ’টন       ইলেকট্ৰন        নিউট্ৰন
      H       1       0       1
      D       1       1       1
      T       1       2       1

2. একোযোৰকৈ সমস্থানিক আৰু সমভাৰীক ইলেকট্রনীয় বিন্যাস লিখা

উত্তৰ – ক্ল’ৰিণৰ এযোৰ সমস্থানিক – 3517Cl আৰু 3717Cl

3517Clৰ ইলেকট্রনীয় বিন্যাস = 2, 8, 7

3717Clৰ ইলেকট্রনীয় বিন্যাস = 2, 8, 7

এযোৰ সমভাৰী – 4020Ca আৰু 4018Ar

4020Caৰ ইলেকট্রনীয় বিন্যাস = 2, 8, 8, 2

4018Ar ৰ ইলেকট্রনীয় বিন্যাস = 2, 8, 8

পৰমাণুৰ গঠন – অনুশীলনী

Advertisement

1. ইলেকট্রন, প্রটন আৰু নিউট্রন ধর্মসমূহ তুলনা কৰা

উত্তৰ – ইলেকট্রন, প্রটন আৰু নিউট্রৰ ধর্মসমূহ তলত তুলনা কৰা হ’ল –

         ইলেকট্র’ন              প্র’টন            নিউট্রন
ইলেকট্ৰন বিলাক ঋণাত্মক আধান যুক্ত ৷প্ৰ’টনবিলাক ধনাত্মক আধান যুক্ত ৷নিউট্ৰনবোৰৰ কোনো আধান নাথাকে ৷
ইলেকট্ৰন এটাৰ ভৰ হাইড্ৰজেন পৰমাণু এটাৰ ভৰৰ প্ৰায় 1/2000 গুণ ৷প্ৰ’টনৰ ভৰ ইলেকট্ৰনৰ ভৰৰ 2000 গুণ অৰ্থাৎ এক একক ৷নিউট্ৰনৰ ভৰ প্ৰ’টনৰ ভৰৰ প্ৰায় সমান ৷
পৰমাণু এটাৰ নিউক্লিয়াচৰ বাহিৰত থাকে ৷পৰমাণু এটাৰ নিউক্লিয়াচৰ ভিতৰত থাকে ৷পৰমাণু এটাৰ নিউক্লিয়াচৰ ভিতৰত থাকে ৷
ধনাত্মক আধান যুক্ত কণাৰ ফালে আকৰ্ষিত হয় ৷ঋণাত্মক আধান যুক্ত কণাৰ ফালে আকৰ্ষিত হয় ৷কোনো আধান যুক্ত কণাৰ ফালে আকৰ্ষিত নহয় ৷

2. জে জে থমছনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি?

উত্তৰ – জে জে থমছনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ তলত উল্লেখ কৰা হ’ল –

(i) জে জে থমছনৰ পৰমাণুৰ আৰ্হি কোনো পৰীক্ষাৰ উপৰত আধাৰিত নহয় ৷

(ii) জে জে থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেকট্ৰ’নবোৰ ইয়াত সোমাই থাকে ৷ কিন্তু পিছৰ পৰীক্ষাবোৰত এয়া ভূল বুলি প্ৰমাণিত হ’ল ৷

ii) জে জে থমছনৰ পৰমাণুৰ আৰ্হিয়ে অন্য বিজ্ঞানীয়ে কৰা পৰীক্ষাসমূহৰ ফলাফল ব্যাখ্যা কৰিব নোৱাৰিছিল ৷

3. ৰাডাৰ ফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি?

উত্তৰ – বৃত্তাকাৰ কক্ষপথত ইলেকট্রনৰ পৰিভ্রমণ সুস্থিৰ হোৱাটো আশা কৰা নাযায় ৷ বৃত্তাকাৰ কক্ষপথত যিকোনো কণাৰ ত্বৰণ ঘটে। ত্বৰণৰ সময়ত আধানযুক্ত কণাই শক্তি বিকিৰণ কৰে। এনেদৰে ঘূর্ণায়মান ইলেকট্র’নে শক্তি হেৰুৱাব আৰু শেষত নিউক্লিয়াছত পতিত হব।

এইটোৱেই হোৱা হ’লে পৰমাণু অতিশয় অশান্ত হ’ল হেঁতেন আৰু আমি যি ৰূপত পদার্থক জানো তেনে ৰূপত পদার্থ নাথাকিলহেঁতেন। আমি জানো যে পৰমাণুসমূহ সম্পূৰ্ণৰূপে সুস্থিৰ। ৰাডাৰ ফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতা এইটোৱে যে তেঁও পৰমাণুসমূহ সম্পূৰ্ণৰূপে সুস্থিৰ কেনেদৰে হ’ল তাক ব্যাখ্যা কৰিব পৰা নাছিল ৷

4. ব’ৰৰ পৰমাণুৰ আৰ্হিটো বর্ণনা কৰা।

উত্তৰ – ব’ৰৰ পৰমাণুৰ আৰ্হি অনুসৰি –

(i)পৰমাণুৰ ভিতৰত ইলেকট্ৰ’নৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথ হে থাকে ৷

(ii) এই কক্ষপথবোৰত ঘূৰি থাকোতে ইলেকট্ৰ’নে শক্তি বিকিৰণ নকৰে ৷

পৰমাণুৰ গঠন

এই কক্ষপথবোৰ বা শ্বেলবোৰক শক্তিস্তৰ বোলা হয় ৷ ইহঁতক K,L,M,N…..আখৰেৰে বা n = 1,2,3,4… সংখ্যাৰে বুজোৱা হয় ৷

5. এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি কেইটা তুলনা কৰা।

উত্তৰ –

জে জে থমছনৰ পৰমাণুৰ আৰ্হিৰাডাৰ ফ’ৰ্ডৰ পৰমাণুৰ আৰ্হি’ৰৰ পৰমাণুৰ আৰ্হি
(i) পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেকট্ৰ’নবোৰ ইয়াত সোমাই থাকে৷
(ii) ঋণাত্মক আৰু ধনাত্মক আধান সমান মানৰ ৷ সেইবাবে পৰমাণু এটা বৈদ্যুতিকভৱে প্ৰশম ৷  
(i)পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে ৷ ইয়াক নিউক্লিয়াছ বোলা হয় ৷
(ii)নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ইলেকট্ৰ’নবোৰ ঘুৰি থাকে ৷
(iii)পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিচেই সৰু ৷
(i)পৰমাণুৰ ভিতৰত ইলেকট্ৰ’নৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথ হে থাকে ৷
(ii) এই কক্ষপথবোৰত ঘূৰি থাকোতে ইলেকট্ৰ’নে শক্তি বিকিৰণ নকৰে ৷  

6. প্রথম ওঠৰটা মৌলৰ কাৰণে বিভিন্ন শ্বেলত ইলেকট্রন বন্টন নিয়মবোৰ সংক্ষেপে লিখা।

উত্তৰ – প্রথম ওঠৰটা বা যিকোনো মৌলৰ কাৰণে বিভিন্ন শ্বেলত ইলেকট্র’ন বন্টন নিয়মবোৰ এনে ধৰণৰ –

(i) এটা শ্বেলত থকা ইলেকট্ৰ’নৰ সৰ্বোচ্ছ সংখ্যাক 2n2 সংকেতেৰে প্ৰকাশ কৰা হয়। nক কক্ষপথ সংখ্যা বা শক্তিস্তৰ সূচক বোলা হয়। n = 1,2,3……….।

গতিকে বেলেগ বেলেগ শ্বেলত ইলেকট্রনৰ সর্বোচ্চ সংখ্যা হ’ব এনে ধৰণৰ –

প্রথম কক্ষপথ বা K শ্বেলত  = 2 x 12 =2

দ্বিতীয় কক্ষপথ বা L শ্বেলত = 2 x 22 = 8

তৃতীয় কক্ষপথ বা M শেলত = 2 x 32 = 18

চতুর্থ কক্ষপথ বা N শ্বেলত = 2 x 42 = 32

একেদৰে আন আন শ্বেলৰো ইলেকট্র’নৰ সংখ্যা উলিয়াব পাৰি।

(ii) পৰমাণুৰ বহিৰতম কক্ষপথত থাকিব পৰা ইলেকট্রনৰ সর্বোচ্চ সংখ্যা ৪।

(iii) ভিতৰৰ নিম্নতৰ শক্তিৰ শেলবোৰ পূৰ্ণ নোহোৱা পর্যন্ত এটা নির্দিষ্ট শ্বেলত ইলেকট্রন সোমাব নোৱাৰে। অর্থাৎ শেলবোৰ ক্ৰমশঃ ইহঁতৰ শক্তিক্রম অনুযায়ী পূর্ণ হয়।

7. ছিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ যোজ্যতাৰ সংজ্ঞা দিয়া।

উত্তৰ – পৰমাণু এটাৰ বহিৰতম শ্বেলত ইলেকট্ৰনৰ অকটেট গঠন কৰিবলৈ লাভ কৰা, হেৰুওৱা বা ভাগ-বতৰা কৰা ইলেকট্ৰনৰ সংখ্যাকে যোজ্যতা বোলা হয় ৷

ছিলিকনৰ পাৰমাণৱিক সংখ্যা = 1৪

ছিলিকনৰ ইলেকট্ৰনীয় বিন্যাস = 2,8,4

ছিলিকনে সুস্থিৰ অকটেট গঠন কৰিবলৈ 4টা ইলেকট্ৰন লাভ কৰিব বা হেৰুৱাব ৷

গতিকে ছিলিকনৰ যোজ্যতা 4 |

অক্সিজেনৰ পাৰমাণৱিক সংখ্যা = ৪

অক্সিজেনৰ ইলেকট্ৰনীয় বিন্যাস = 2,6

অক্সিজেনে সুস্থিৰ অকটেট গঠন কৰিবলৈ 2টা ইলেকট্ৰন লাভ কৰিব ৷

গতিকে অক্সিজেনৰ যোজ্যতা 2 |

৪. উদাহৰণৰে সৈতে ব্যাখ্যা কৰা-

(i) পাৰমাণবিক সংখ্যা

(ii) ভৰ সংখ্যা

(iii) সমস্থানিক

(iv) সমভাৰী।

সমস্থানিকৰ যিকোনো দুটা ব্যৱহাৰ লিখা।

উত্তৰ – (i) পাৰমাণবিক সংখ্যা – পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰ’টনৰ মুঠ সংখ্যাকে পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা বোলে ৷

উদাহৰণ স্বৰূপে – অক্সিজেন পৰমাণুৰ নিউক্লিয়াছত প্ৰ’টনৰ সংখ্যা ৮, গতিকে অক্সিজেনৰ পাৰমাণৱিক সংখ্যা ৮ ৷

(ii) ভৰ সংখ্যা – পৰমাণু এটাৰ পৰমাণুকেন্দ্ৰত থকা প্ৰ’টন আৰু নিউট্ৰনৰ মুঠ সংখ্যাৰ যোগফলকে ভৰ সংখ্যা বোলা হয় ৷

উদাহৰণ স্বৰূপে – কাৰ্বনৰ ভৰ 12u কাৰণ ইয়াৰ পৰমাণুকেন্দ্ৰত 6টা প্ৰ’টন আৰু  6টা নিউট্ৰন থাকে, 6u + 6u = 12u |

(iii) সমস্থানিক – একেবিধ মৌলৰে একে পাৰমাণৱিক সংখ্যাবিশিষ্ট কিন্তু ভিন ভিন ভৰ সংখ্যাযুক্ত পৰমাণুসমূহক সমস্থানিক বোলা হয় ৷

উদাহৰণ স্বৰূপে – হাইড্ৰ’জেনৰ তিনিবিধ সমস্থানিক আছে – প্ৰ’টিয়াম(11H), ডয়টেৰিয়ম(21H বা D) আৰু ট্ৰিটিয়াম(31H বা T) ৷

(iv) সমভাৰী – বেলেগ বেলেগ পাৰমাণৱিক সংখ্যাবিশিষ্ট একে ভৰ সংখ্যাযুক্ত বেলেগ মৌলৰ পৰমাণুবোৰক সমভাৰি বোলা হয় ৷

উদাহৰণ – 4020­Ca আৰু 4018Ar ৷

সমস্থানিকৰ ব্যৱহাৰ –

(i)ইউৰেনিয়ামৰ এটা সমস্থানিক নিউক্লীয় ৰিয়েক্টৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা৷

(ii)ক’বাল্টৰ এটা সমস্থানিক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ৷

9. Na+ ত সম্পূর্ণৰূপে পূৰ হৈ থকা K আৰু L শ্বেল আছে। ব্যাখ্যা কৰা।

উত্তৰ – Naৰ পাৰমাণৱিক সংখ্যা 11 |

Naৰ ইলেকট্ৰনীয় বিন্যাস – 2,8,1 |

সুস্থিৰ অকটেত গঠন কৰিবলৈ ছডিয়ামে এটা ইলেকট্ৰন এৰি দি Na+(ছডিয়াম কেটায়ন) গঠন কৰে ৷

Na+(ছডিয়াম কেটায়ন)ত 10টা ইলেকট্ৰন থাকে ৷

Na+ৰ K শ্বেলত ইলেকট্ৰনৰ সংখ্যা – 2

Na+ৰ L শ্বেলত ইলেকট্ৰনৰ সংখ্যা – 8

এতেকে Na+ ত K আৰু L শ্বেল  সম্পূর্ণৰূপে পূৰ হৈ থকে ৷

10. যদি ব্ৰমিন পৰমাণু 7935Br (49.7%) আৰু 8135Br (50.3%) সমস্থানিকৰ ৰূপত থাকে তেন্তে তাৰ গড় পাৰমাণবিক ভৰ কিমান হ’ব গণনা কৰা।

উত্তৰ – ব্ৰমিন পৰমাণুৰ গড় পাৰমাণবিক ভৰ =79 x 49.7/100 + 81 x 50.3/100

                                                            = 79 x 0.497  + 81 x 0.503

                                = 39.263 + 40.743

                               = 80.006u

11. এটা মৌল Xৰ এটা নমুনাৰ গড় পাৰমাণবিক ভৰ 16.2u ৷ নমুনাটোত সমস্থানিক  168X আৰু  188X ৰ শতকৰা পৰিমাণ কি কি হব?

উত্তৰ – ধৰাহ’ল,

       168Xৰ শতকৰা পৰামাণ = y%

       188Xৰশতকৰা পৰামাণ = (100-y)%

পৰমাণুৰ গঠন

 168Xৰ শতকৰা পৰামাণ = 10% আৰু

    188Xৰ শতকৰা পৰামাণ = (100-y)%

                  = 100 – 10

                  = 90 %

12. যদি Z = 3 হয়, তেন্তে মৌলটোৰ যোজ্যতা কিমান হ’ব ? মৌলটোৰ নাম লিখা।

উত্তৰ – Z = 3 হ’লে, মৌলটোৰ ইলেকট্ৰনীয় বিন্যাস হ’ব – 2, 1 | গতিকে  মৌলটোৰ যোজ্যতা 1 হ’ব |

মৌলটোৰ নাম – লিথিয়াম ৷

13. দুটা পৰমাণু X আৰু Yৰ নিউক্লিয়াছৰ সংযুতি তলত দিয়া হৈছে।

                       X      Y

      প্ৰ’টন   =     6      6

      নিউট্রন =    6      ৪

X আৰু Yৰ ভৰ সংখ্যা দিয়া। দুয়োটাৰ মাজৰ সম্পৰ্কটো কি?

উত্তৰ – Xৰ ভৰ সংখ্যা = প্ৰ’টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা

                 = 6 + 6

                 = 12

Yৰ ভৰ সংখ্যা = প্ৰ’টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা

                 = 6 + 8

                  = 14

14. তলৰ শুদ্ধ উক্তিবোৰৰ ঠাইত T আৰু ভুলবোৰৰ ঠাইত F লিখা।

(a) জে জে থমছনে প্রস্তাৱ কৰিছিল যে পৰমাণুৰ নিউক্লিয়াছত কেৱল নিউক্লিয়ন থাকে।

উত্তৰ – F

(b) ইলেক’ট্রন এটা আৰু প্ৰ’টন এটা লগ লাগি নিউট্রন এটা গঠন হয়। সেইবাবে ই প্রশম।

উত্তৰ – F

(c) ইলেকট্রন এটাৰ ভৰ প্ৰ’টনৰ ভৰৰ প্রায় 1/2000 গুণ।

উত্তৰ – T

(d) আয়ডিনৰ এটা সমস্থানিক টিংচাৰ আয়ডিন প্রস্তুত কৰাত ব্যৱহাৰ কৰা হয়, টিংচাৰ আয়ডিন মেডিচিন হিচাপে ব্যৱহাৰ কৰা হয়।

উত্তৰ – F

প্রশ্ন 15, 16, আৰু 17 ত শুদ্ধ বাচনিৰ বিপৰীতে টিক ( ) চিন আৰু ভুল বাচনি

বিপৰীতে (X) চিন দিয়া।

15. ৰাডাৰ ফ’ৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই

(a) পাৰমাণৱিক নিউক্লিয়াছ,

(b) ইলেকট্রন,  

(c) প্ৰ’টন,

(d) নিউট্রন আবিষ্কাৰ কৰিছিল।

উত্তৰ – (a) পাৰমাণৱিক নিউক্লিয়াছ

16. মৌল এটাৰ সমস্থানিকবোৰৰ

(a) একে ভৌতিক ধর্ম

(b) ভিন্ন ৰাসায়নিক ধর্ম

(c) ভিন্ন সংখ্যক নিউট্রন

(d) ভিন্ন পাৰমাণবিক সংখ্যা থাকে ৷

উত্তৰ – (c) ভিন্ন সংখ্যক নিউট্রন

17. Cl আয়নত যোজ্যতা ইলেকট্রন সংখ্যা

(a) 16 (b) ৪ (c) 17 (d) 18

উত্তৰ – (b) ৪

18. তলৰ কোনটো ছ’ডিয়ামৰ শুদ্ধ ইলেকট্রনীয় বিন্যাস?

(a) 2, ৪ (b) 8,2,1 (c) 2,1, ৪ (d) 2, 8, 1

উত্তৰ – (d) 2, 8, 1

19. তলৰ তালিকাখন সম্পূর্ণ কৰা।

পাৰমাণৱিক সংখ্যাভৰ সংখ্যানিউট্ৰনৰ সংখ্যাপ্ৰ’টনৰ সংখ্যাইলেক্টৰনৰ সংখ্যাপৰমাণু / আয়নৰ
      9       –      10       –       –      –
     16      32       –       –        –  ছালফাৰ
      –      24       –      12        –        –
      –       2       –       1         –        –
      –       1       0       1       0       –

উত্তৰ –

পাৰমাণৱিক সংখ্যাভৰ সংখ্যানিউট্ৰনৰ সংখ্যাপ্ৰ’টনৰ সংখ্যাইলেক্টৰনৰ সংখ্যাপৰমাণু / আয়নৰ
      9       19      10       9       9   ফ্লুৰিণ
     16      32       16       16        16  ছালফাৰ
      12      24       12      12        12মেগনেছিয়াম
      1       2       1       1         1ডয়টেৰিয়াম
      1       1       0       1       0হাইড্ৰ’জেন আয়ন

Read More :

অধ্যায়- ১ আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অধ্যায় – ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?

অধ্যায় ৩ অণু আৰু পৰমাণু

অধ্যায় ৪ পৰমাণুৰ গঠন

অধ্যায় ৫ জীৱৰ মৌলিক একক

অধ্যায় ৬ কলা

অধ্যায় ৭ জীৱৰ বিচিত্ৰতা

অধ্যায় ৮ – গতি

অধ্যায় ৯ বল আৰু গতি বিষয়ক সূত্ৰসমূহ

অধ্যায় ১০ মহাকৰ্ষণ

অধ্যায় ১১ কাৰ্য আৰু শক্তি

অধ্যায় ১২ শব্দ

অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় ?

অধ্যায় ১৪ প্ৰাকৃতিক সম্পদ

অধ্যায় ১৫ খাদ্য সম্পদৰ উৎকৰ্ষ সাধন

বিজ্ঞান – দশম শ্ৰেণী ( NCERT – SEBA)