পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ, ভূগোল খণ্ডৰ অধ্যায়- ২ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )

১. পৰিৱেশ মানে কি  ?

উত্তৰ –  পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায় ৷ চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলাো উপাদানকে সামৰি লয়। এই উপাদানসমূহ জৈৱ (আৰু অজৈৱ দুয়ো প্ৰকাৰৰ হ’ব পাৰে।  

২. পৃথিৱীৰ প্ৰকৃতিক অৱস্থাৰ উপাদান কেইটা কি কি ?

উত্তৰ – পৃথিৱীৰ প্ৰকৃতিক অৱস্থাৰ চাৰিটা বৃহৎ উপাদান বা মণ্ডল হৈছে – স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল ৷

৩. স্থলমণ্ডল কি ?

উত্তৰ – শিল, বালি, মাটি, মণিক আদিৰদ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশকেইখনক সামৰি লৈছে।

৪. জলমণ্ডল কি ?

উত্তৰ – পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠন কৰিছে। স্থলমণ্ডলত থকা নদ-নদী, হ্রদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত

৫. বায়ুমণ্ডল কি ?

উত্তৰ – ভূ-পৃষ্ঠৰপৰা ক্ৰমে ওপৰলৈ বিয়পি থকা গেছীয় তৰপটোক বায়ুমণ্ডল বোলে ৷ বিভিন্ন ধৰণৰ গেছ যেনে অক্সিজেন, নাইট্রজেন, হাইড্রজেন, কার্বন-ডাই-অক্সাইড, আৰ্গন আদিৰ দ্বাৰা বায়ুমণ্ডল গঠিত ৷

৬.জীৱমণ্ডল কি ?

উত্তৰ – পৃথিৱীৰ জীৱ, অর্থাৎ উদ্ভিদ আৰু প্রাণী থকা অংশবোৰকে জীৱমণ্ডল বোলা হয় ৷ পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ, সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ।

৭. ভূ-পৃষ্ঠৰ কিমান শতাংশ স্থলমণ্ডলে আগুৰি আছে ?

উত্তৰ – ভূ-পৃষ্ঠৰ প্ৰায় ২৯ শতাংশ স্থলমণ্ডলে আগুৰি আছে ৷

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes

Advertisement

৮. ভূ-পৃষ্ঠৰ কিমান শতাংশ জলমণ্ডলে আগুৰি আছে ?

উত্তৰ – ভূ-পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ জলমণ্ডলে আগুৰি আছে ৷

৯. ভূ-পৃষ্ঠৰ পৰা কিমন উচ্চতালৈ বায়ুমণ্ডল বিয়পি আছে ?

উত্তৰ – ভূ-পৃষ্ঠৰ পৰা প্ৰায় ১০০০০ কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল বিয়পি আছে ৷

১০.  পৃথিৱীৰ সোঁমাজেদি অতিক্ৰম কৰা কাল্পনিক ৰেখাডালৰ নাম কি ?

উত্তৰ – পৃথিৱীৰ সোঁমাজেদি অতিক্ৰম কৰা কাল্পনিক ৰেখাডালৰ নাম বিষুৱৰেখা ৷

১১.  পৰিৱাশিক সমস্যা বুলিলে কি বুজা ?

উত্তৰ – পৰিৱেশৰ লগত জড়িত সমস্যাবোৰকে সামগ্ৰীকভাৱে পাৰিৱেশিক-সমস্যা বোলে ৷ পৰিৱাশিক সমস্যা সাধাৰনতে মানুহৰ ক্ৰিয়া-কলাপৰ বাবে সৃষ্টি হৈছে ৷

১২. বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড গেছ থাকে ?

উত্তৰ – বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত ০.০৩৫শতাংশ কাৰ্বন ডাই অক্সাইড গেছ থাকে ৷

১৩. প্ৰদূষণ মানে কি ?

উত্তৰ – অনিষ্টকাৰী দ্রব্যই পৰিৱেশ বিনষ্ট কৰা প্রক্রিয়াকে সহজ কথাত প্ৰদূষণ  বুলি ক’ব পাৰি।

১৪. প্ৰদূষক মানে কি ? উদাহৰণ দিয়া ৷

উত্তৰ – যিবোৰ অনিষ্টকাৰী দ্রব্য বা পদাৰ্থই পৰিৱেশ প্ৰদূষিত কৰে তেনে দ্ৰব্য বা পদাৰ্থক  প্ৰদূষক বোলে ৷ প্ৰদূষকৰ উদাহৰণ – ৰাসায়নিক পদাৰ্থ, বিষাক্ত ষাতু, তেজষ্কৃয় পদাৰ্থ ইত্যাদি ৷

১৫. মাটি প্ৰদূষণ মানে কি ?

উত্তৰ – মাটিৰ লগত কোনো ৰাসায়নিক পদার্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্রিয় পদার্থ, এচিড বৰষুণ আদি মিহলি হলে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতাও হ্রাস পায়। মাটিৰ এনে অৱস্থা সৃষ্টি কৰা প্ৰক্ৰিয়াক মাটি প্ৰদূষণ বুলি কোৱা হয়।

১৬. বায়ু প্ৰদূষণ মানে কি ?

উত্তৰ – প্রাকৃতিক বা মানবসৃষ্ট কাৰণত বায়ুমণ্ডলত কঠিন, তৰল বা গেছীয় পদার্থৰ সংযোজন ঘটিলে, বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটিৰ পাৰে। বায়ুৰ পদাৰ্থৰ ভাৰসাম্যৰ পৰিবর্তন ঘটোৱা এনে প্রক্রিয়াকে বায়ু প্রদূষণ বুলি কোৱা হয়।

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes

১৭. পানী প্ৰদূষণ মানে কি ?

উত্তৰ – পানীৰ লগত কোনো ৰাসায়নিক পদার্থ, পদাৰ্থকণা, অণুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাবিক গুণৰ পৰিৱৰ্তন ঘটায়। গুণৰ পৰিবর্তন ঘটোৱা এনে প্রক্রিয়াকে পানী প্রদূষণ বুলি কোৱা হয়।

১৮. এছিড বৰষুণ কাক বোলে ?

উত্তৰ – বায়ুমণ্ডল প্ৰদুষিত হোৱাৰ ফলত বৰষুণৰ পানীৰ pHৰ মান 5.6ৰ কম হ’লে তাক এছিড বৰষুণ বোলে ৷

১৯.  মাউন্ট পিনাটু’ব’ৰ আগ্নেয়গিৰীটো কেতিয়া উদগিৰণ হৈছিল ?

উত্তৰ – মাউন্ট পিনাটু’ব’ৰ ১৯৯১ চনত উদগিৰণ হৈছিল ৷

২০. মৰুভূমি কি ?

উত্তৰ – পৃথিৱীৰ কিছুমান অঞ্চল য’ত বৰষুণৰ পৰিমাণ কম আৰু বাস্পীভবন বেছি লগতে পৰিৱেশ শুকান আৰু গছ গছনি কম, তেনে অঞ্চলবোৰক মৰুভূমি বোলে ৷

২১. মৰুকৰণ মানে কি ?

উত্তৰ – মৰুকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে ক্রান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণ শব্দটোৱে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়।

 ২২. ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ নাইৰ’বিত হোৱা সন্মিলনে দিয়া মৰুকৰণৰ সংজ্ঞাটো লিখা ৷

উত্তৰ – ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ নাইৰ’বিত হোৱা সন্মিলনে দিয়া মৰুকৰণৰ সংজ্ঞাটো এনেধৰণৰ – ‘মৰুকৰণ এনে এটা প্রক্রিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে।‘

২৩. গোলকীয় উত্তাপ বৃদ্ধি মানে কি ?

উত্তৰ -– যিকোনো কাৰণতে সেউজগৃহ গেছৰ পৰিমাণ বঢ়াৰ ফলত ভূপৃষ্ঠৰ লগতে বায়ুমণ্ডলৰ উত্তাপৰ স্বাভাৱিক অৱস্থাৰ পৰা বৃদ্ধি হোৱাকে  গোলকীয় উত্তাপ বৃদ্ধি বোলা হয় ৷

২৪. সেউজগৃহ গেছৰ চাৰিটা উদহৰণ দিয়া ৷

উত্তৰ – কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাড আৰু জলীয় বাষ্প ৷

২৫. বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে কেনে ধৰণৰ সমস্যা সৃষ্টি কৰে ?

উত্তৰ – বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব। তাৰ ভিতৰত মেৰু অঞ্চলৰ বিশাল বৰফৰ

গলন, সাগৰপৃষ্ঠৰ উত্থান, উদ্ভিদ আৰু প্রাণীজগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন, শস্য

উৎপাদন হ্রাস, মৰুকৰণ আদি প্রধান।

Read More :

Advertisement

অধ্যায় ২ – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – অনুশীলনী )

ইতিহাস

অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )

অধ্যায়- ৩ পৃথিৱীৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )

অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )

অৰ্থনীতি বিজ্ঞান-

অধ্যায়- ১ মুদ্ৰা আৰু বেংক ব্যৱস্থা – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ৰাজনীতি বিজ্ঞান –

ধ্যায়- ১ ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )

8 Replies to “পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *