পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, ভূগোল খণ্ডৰ অধ্যায়- ২ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা ( Environment And Environmental Problems) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – অনুশীলনী

১। পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা ৷

উত্তৰ – পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায় ৷ চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলাো উপাদানকে সামৰি লয়। এই উপাদানসমূহ জৈৱ (আৰু অজৈৱ দুয়ো প্ৰকাৰৰ হ’ব পাৰে।  বিভিন্ন প্রজাতিৰ উদ্ভিদৰ লগতে অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্রাণী পর্যন্ত জৈৱ উপাদানৰ ভিতৰত পৰে। আনহাতে, মাটি, পানী আৰু বায়ুৰ দৰে জড় বা প্রাণহীন উপাদানবোৰ অজৈৱ বা জড় উপাদানৰ ভিতৰত পৰে। যিয়েই নহওক, এই জৈৱ আৰু অজৈৱ উপাদানসমূহে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্রয়োজনীয় অবস্থা বা পৰিৱেশৰ সৃষ্টি কৰে।

২। পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা।

উত্তৰ – পৰিৱেশৰ কেইটামান জৈৱ উপাদান হ’ল -বিভিন্ন প্রজাতিৰ উদ্ভিদ যেনে আম, ধান, সৰিয়হ লগতে অণুজীৱকে ধৰি সকোলো ধৰণৰ সৰু-বৰ প্রাণী যেনে হাতী, পখিলা, পৰুৱা আদি ৷

পৰিৱেশৰ কেইটামান অজৈৱ উপাদান হ’ল – মাটি, পানী, বায়ুৰ ইত্যাদি ৷

৩। স্থলমণ্ডল বুলিলে কি বুজায় লিখা।

উত্তৰ – শিল, বালি, মাটি, মণিক আদিৰদ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশকেইখনক সামৰি লৈছে। ই ভূপৃষ্ঠৰ প্রায় ২৯ শতাংশ আগুৰি আছে। স্থলমণ্ডলতে আমি পৃথিৱীৰ পাহাৰ-পর্বত, মালভূমি, সমভূমি, নদী- উপত্যকা, উপকূল আদি দেখিবলৈ পাওঁ।

৪। জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা ।

উত্তৰ – পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল গঠন কৰিছে। জলমণ্ডলে ভূ-পৃষ্ঠৰ প্রায় ৭১ শতাংশ আগুৰি আছে। স্থলমণ্ডলত থকা নদ-নদী, হ্রদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত ৷

৫। বায়ুমণ্ডল কিহেৰে গঠিত লিখা।

উত্তৰ – বায়ুমণ্ডল বিভিন্ন ধৰণৰ গেছ যেনে অক্সিজেন, নাইট্রজেন, হাইড্রজেন, কার্বন-ডাই-অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত ৷

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Advertisement

৬। জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা।

উত্তৰ – জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অর্থাৎ উদ্ভিদ আৰু প্রাণী থকা অংশবোৰকে সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ, সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ।

৭। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা ৷

উত্তৰ – পৃথিৱীৰ প্রাকৃতিক অৱস্থাৰ চাৰিটা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ নিৰূপণ কৰিছে। সেইকেইটা হ’ল– স্থল মণ্ডল, জলমণ্ডল,  বায়ুমণ্ডল আৰু জীৱমণ্ডল |এই চাৰিওটা মণ্ডল পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যুক্ত হৈ আছে। এই সম্পর্কৰ মাধ্যমেদি পৃথিৱীত যি অৱস্থাৰ সৃষ্টি হৈছে তাকে আমি বহল অর্থত পৰিৱেশ বুলি কওঁ। পৃথিৱীৰ পৰিৱেশৰ এই চাৰিটা মণ্ডল পৰম্পৰ নিৰ্ভৰশীল। ইহঁতৰ মাজত চলি থকা আন্তঃক্রিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্রিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপণ কৰিছে।

৮। পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।

উত্তৰ – পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ তলত উল্লেখ কৰা হ’ল –

(i) শিল্প-উদ্যোগ, যান-বাহন আদিত বর্ধিত হাৰত জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলত কার্বন ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাইছে। ইয়ে গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে ভয়াৱহ পৰিৱেশ সমস্যাৰ সৃষ্টি কৰিছে ৷

(ii) বননি ধ্বংসৰ দৰে প্রক্রিয়াই ভূমিৰ সেউজ আৱৰণ আঁতৰাই ভূমি  প্রক্রিয়া ত্বৰান্বিত কৰিছে।

(iii) আধুনিক যুগত দ্ৰুত গতিত হোৱা ঔদ্যোকীকৰণ আৰু নগৰীকৰণে প্ৰাকৃতিক পৰিৱেশৰ পৰিসৰ কমাই আহিছে ৷

(iv) বৰ্ধিত হাৰত প্লাষ্টিক, খেতিত ৰাসায়নিক সাৰ, কীটনাসক আদিৰ ব্যৱহাৰে মাটিৰ মান অবনমিত কৰিছে ৷

৯। পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা।

উত্তৰ –  পৰিৱেশৰ লগত জড়িত সমস্যাবোৰকে সামগ্ৰীকভাৱে পাৰিৱেশিক-সমস্যা বোলে ৷ যোৱা তিনিটামান শতিকাৰ ভিতৰত মানুহৰ সাংখ্যিক বৃদ্ধি আৰু সম্পদৰ প্রয়োজন ইমানেই হ’ল যে পৰিৱেশৰ উপাদানসমূহৰ মাজৰ সম্পর্ক স্বাভাৱিক হৈ নাথাকিল। পৃথিৱীৰ প্রতিটো মণ্ডলতে মানুহৰ ক্রিয়া-কলাপৰ চাপ পৰিল। এহাতে অৰণ্যভূমি হ্রাস পালে আৰু আনহাতে, বায়ুমণ্ডলত কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে। শিল্প-উদ্যোগ, যান-বাহন আদিত বর্ধিত হাৰত জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলত কার্বন ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পালে। ইয়ে গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে ভয়াৱহ পৰিৱেশ সমস্যাৰ সৃষ্টি কৰিলে ৷ ঔদ্যোকীকৰণ আৰু নগৰীকৰণে প্ৰাকৃতিক পৰিৱেশৰ পৰিসৰ কমাই আহিলে ৷ বৰ্ধিত হাৰত প্লাষ্টিক, খেতিত ৰাসায়নিক সাৰ, কীটনাসক আদিৰ ব্যৱহাৰে মাটিৰ মান অবনমিত কৰিলে ৷ এনেবোৰ সমস্যা মূলত পৰিৱেশৰ লগত জড়িত বাবেই এই সমস্যাবোৰক পাৰিৱেশিক-সমস্যা বোলে ৷

১০। ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।

উত্তৰ – ভৌগোলিক দিশৰপৰা পৰিৱেশৰ সমস্যাসমূহক তিনি ধৰণে ভগাব পাৰি— (ক) স্থানীয় সমস্যা ,(খ)আঞ্চলিক সমস্যা  আৰু (গ) গোলকীয় সমস্যা ৷

(ক) স্থানীয় সমস্যা –  যিবোৰ সমস্যা উৎপত্তি আৰু বিস্তৃতিৰ ফালৰপৰা একো-একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকে সেইবোৰে স্থানীয় সমস্যা ৷ উদাহৰণস্বৰূপে এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্রদূষণ ৷

(খ) আঞ্চলিক সমস্যা –  যিবোৰ সমস্যা একো-একোটা ভৌগাোলিক অঞ্চল জুৰি সৃষ্টি হয় সেইবোৰে হ’ল আঞ্চলিক সমস্যা  । উদাহৰণস্বৰূপে অসমৰ ব্ৰহ্মপুত্র বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা ৷

(গ) গোলকীয় সমস্যা  – যিবোৰ সমস্যাই সমগ্ৰ পৃথিৱীক সামৰি লয় সেইবোৰেই গোলকীয় সমস্যা ৷ উদাহৰণ হিচাবে গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে সমস্যালৈ আঙুলিয়াব পাৰি।

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

১১। পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা।

উত্তৰ – যিবোৰ সমস্যা উৎপত্তি আৰু বিস্তৃতিৰ ফালৰপৰা একো-একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকে সেইবোৰলই হ’ল স্থানীয় সমস্যা ৷ উদাহৰণস্বৰূপে এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্রদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা, ইত্যাদি।

১২। পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া।

উত্তৰ – পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ – অসমৰ ব্ৰহ্মপুত্র বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা আদি

১৩। কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা।

উত্তৰ – যিবোৰ সমস্যাই সমগ্ৰ পৃথিৱীক সামৰি লয় সেইবোৰেই গোলকীয় পৰিৱেশ সমস্যা বোলি কোৱা হয় ৷ উদাহৰণ হিচাবে গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে সমস্যালৈ আঙুলিয়াব পাৰি।

১৪। পৰিৱেশৰ প্রধান সমস্যাসমূহ উল্লেখ কৰা।

উত্তৰ – বর্তমানে পৰিৱেশৰ যিবোৰ সমস্যাই মানুহৰ লগতে জীৱ-জগতৰ ব্যাপক ক্ষতিসাধন কৰিবলৈ লৈছে, সেইবোৰৰ ভিতৰত নানা ধৰণৰ প্ৰদূষণ, মৰুকৰণ, ভূমিস্থলন, ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্রিম বান, সাগৰপৃষ্ঠৰ উত্থান আদি প্রধান ।

১৫। প্ৰদূষণৰ অর্থ লিখা।

উত্তৰ – অনিষ্টকাৰী দ্রব্যই পৰিৱেশ বিনষ্ট কৰা প্রক্রিয়াকে সহজ কথাত প্ৰদূষণ  বুলি ক’ব পাৰি। পৰিৱেশৰ প্রধান উপাদান মাটি, পানী আৰু বায়ু নানা কাৰণত প্ৰদূষিত হৈ মানুহ আৰু জীৱজগতৰ অনিষ্ট সাধন কৰিব পাৰে। সম্প্রতি এই তিনিটা উপাদানৰ প্ৰদূষণে পৃথিৱীৰ বিভিন্ন ঠাইত ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে।

১৬। পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা।

উত্তৰ – পানীৰ লগত কোনো ৰাসায়নিক পদার্থ, পদাৰ্থকণা, অণুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাবিক গুণৰ পৰিৱৰ্তন ঘটায়। গুণৰ পৰিবর্তন ঘটোৱা এনে প্রক্রিয়াকে পানী প্রদূষণ বুলি কোৱা হয়।

              সাধাৰণতে পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰপৰা নিৰ্গত অপদ্রব্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। প্ৰদূষিত পানীয়ে তাত থকা উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি সাধন কৰে। তেনে পানী মানুহৰ দৈনন্দিন ব্যৱহাৰ উপযোগী নহয়। সাধাৰণতে ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদার্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্রবাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে। উদহৰণস্বৰূপে আমাৰ গুৱাহাটী মহানগৰীৰ মাজেদি বৈ গৈ ব্ৰহ্মপুত্ৰত পৰা ভৰলু নৈখন মহানগৰৰ আৱৰ্জনা আৰু শিল্প-উদ্যোগৰ পেলনীয়াই বেয়াকৈ প্ৰদূষিত কৰিছে ৷

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Advertisement

১৭। মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰ – মাটিৰ লগত কোনো ৰাসায়নিক পদার্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্রিয় পদার্থ, এচিড বৰষুণ আদি মিহলি হলে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতাও হ্রাস পায়। মাটিৰ এনে অৱস্থা সৃষ্টি কৰা প্ৰক্ৰিয়াক মাটি প্ৰদূষণ বুলি কোৱা হয়।

           সাধাৰণতে আধুনিক কৃষিকাৰ্য্য, উদ্যোগৰ প্ৰসাৰ আৰু ক্রমবর্ধিত হাৰত চলি থকা বননি ধ্বংসই মাটি প্ৰদূষণৰ বাবে প্রধানকৈ জগৰীয়া। কৃষিৰ আধুনিকীকৰণে কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰব আদিৰ প্রয়োগ বৃদ্ধি কৰিছে। ৰাসায়নিক সাৰৰ প্রয়োগে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ যিদৰে সলনি ঘটায়, সেইদৰে ভূ-গর্ভস্থ পানী কৃষি ক্ষেত্ৰত প্ৰয়োগ কৰিলেও ভূমিৰ গুণাগুণৰ পৰিৱর্তন ঘটে। তদুপৰি কীটনাশক আৰু অপতৃণনাশক দৰব প্ৰয়োগ কৰিলেও অনিষ্টকাৰী কীট- পতংগ আৰু অলাগতীয়াল উদ্ভিদৰ উপৰি মাটিত থকা উপকাৰী প্রাণী আৰু অণুজীৱও ধ্বংসৰ মুখত পৰে। ইয়ে মাটিৰ প্রাকৃতিক গুণৰ পৰিৱৰ্তন ঘটাই মাটিক প্ৰদূষিত কৰে। তদুপৰি ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক, কাঁচ আৰু ৰাসায়নিক পদার্থয়ো মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে। ভূগৰ্ভৰপৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰোঁতেও সেইবোৰৰ কিছু অংশ অসাৱধানবশতঃ ওচৰৰ মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে। এইদৰে পৃথিৱীৰ বেছিভাগ ঠাইতে মাটি প্ৰদূষণ এটা সর্বাত্মক সমস্যাৰ দৰে হৈ পৰিছে।

১৮। বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।

উত্তৰ –  প্রাকৃতিক বা মানবসৃষ্ট কাৰণত বায়ুমণ্ডলত কঠিন, তৰল বা গেছীয় পদার্থৰ সংযোজন ঘটিলে, বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটিৰ পাৰে। বায়ুৰ পদাৰ্থৰ ভাৰসাম্যৰ পৰিবর্তন ঘটোৱা এনে প্রক্রিয়াকে বায়ু প্রদূষণ বুলি কোৱা হয়।

             বায়ু দূষিতকাৰী প্রাকৃতিক কাৰকৰ ভিতৰত আগ্নেয় উদগিৰণেই প্রধান। উদগিৰণৰ সময়ত নির্গত হোৱা ধোৱা, ছাঁই আৰু গেছীয় পদার্থই বায়ু প্ৰদূষিত কৰে।

              ইয়াৰ ওপৰি মানুহৰ কার্যাৱলীয়ে আটাইতকৈ বেছি বায়ু প্ৰদূষিত কৰিছে বউলি ক’ব পাৰি । শিল্প-উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বর্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদি মানুহৰ কার্য পৃথিৱীৰ বায়ুমণ্ডল দূষিত হোৱাৰ প্ৰধান কাৰক।  ক্রমবর্ধমান হাৰত হোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰেই বায়ুমণ্ডলত কার্বন-মন’অক্সাইড (CO2), নাইট্রজেন ডাই-অক্সাইড (NO2), হাইড্র’কার্বন, ছালফাৰ ডাই-অক্সাইড (SO2), আদি বিষাক্ত গেছ সংযোগ কৰে। এইবোৰ গেছে বায়ুমণ্ডল প্ৰদূষিত কৰে।

১৯। মৰুভূমি কাক বোলে ? মৰুকৰণৰ সংজ্ঞা দিয়া।

উত্তৰ – পৃথিৱীৰ কিছুমান অঞ্চল য’ত বৰষুণৰ পৰিমাণ কম আৰু বাস্পীভবন বেছি লগতে পৰিৱেশ শুকান আৰু গাছ গছনি কম, তেনে অঞ্চলবোৰক মৰুভূমি বোলে ৷ মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ প্রায় ২০ শতাংশ সামৰি আছে।

             মৰুকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে ক্রান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণ শব্দটোৱে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়। আফ্রিকা মহাদেশৰ নাইৰবিত ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ এক সন্মিলন অনুষ্ঠিত হৈছিল। মৰুকৰণ সম্বন্ধীয় এই সন্মিলনে মৰুকৰণ প্ৰক্ৰিয়াৰ সংজ্ঞা দিছিল এইদৰে – ‘মৰুকৰণ এনে এটা প্রক্রিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে। ‘

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

২০। মৰুকৰণৰ কাৰণ দর্শাৱা।

উত্তৰ – সাধাৰণতে নানা ধৰণৰ প্রাকৃতিক আৰু মানৱসৃষ্ট কাৰকে মৰুকৰণ প্ৰক্ৰিয়াক সহায় কৰে। প্রাকৃতিক কাৰবোৰৰ ভিতৰত খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধিয়েই প্রধান। বৃষ্টিপাতৰ অভাৱত মৰুভূমিত প্রায়ে খৰাং অৱস্থাৰ সৃষ্টি হয়। খৰাং অৱস্থাই ভূমিৰ উৎপাদন ক্ষমতা হ্রাস কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্রভাৱ পেলায়। ইয়ে মৰুকৰণ প্রক্রিয়া ত্বৰান্বিত কৰে।

             মানুহৰ কাৰ্য্য-কলাপৰ ভিতৰত অত্যাধিক পশুচাৰণ, কৃষিৰ প্রসাৰ আৰু বননি ধ্বংসই প্রধান। সাম্প্রতিক কালত ঘটা দ্রুত জনসংখ্যা বৃদ্ধিয়ে মৰু আৰু মৰুপ্রায় অঞ্চলবোৰত মানুহৰ হেঁচা বঢ়াইছে আৰু মৰুভূমিৰ প্ৰসাৰ ঘটাত এই হেঁচাই যথেষ্ট সহায় কৰিছে।

২১। মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে ?

উত্তৰ – মৰুকৰণ সমস্যাৰ সমাধান অসম্ভৱ নহয় যদিও ই এক প্ৰত্যাহ্বানমূলক কাৰ্য ৷ মৰুকৰণজনিত সমস্যাৰ সমাধান সমগ্র বিশ্ববাসীৰ সমুখত এতিয়া এটা জটিল প্রত্যাহ্বান। আন্তর্জাতিক সহযোগ অবিহনে এই সমস্যাৰ সমাধান সম্ভৱ নহয়। গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে প্ৰক্ৰিয়াৰ লগত জড়িত থকাৰ কাৰণে মৰুকৰণ সমস্যা ক্রমে জটিল হৈ আহিছে। মানুহৰ কার্যাৱলী প্রকৃতিৰ বিৰুদ্ধে পৰিচালিত হ’লে ভৱিষ্যতে এই সমস্যা আৰু অধিক জটিল হৈ পৰিব। সেয়েহে মৰুকৰণ ৰোধৰ প্রচেষ্টাও মানুহে হাতত ল’ব লাগিব ৷ তাৰ বাবে বিশ্বৰ আটাইবোৰ দেশে একত্ৰিত হৈ বননীকৰণ, মাটীৰ ক্ষয়ীভৱন ৰোধ, বৰষুণৰ পানী সংৰক্ষণ, বৈকল্পিক শক্তিৰ উৎভাৱন আদি কাৰ্যসূচী হাতত ল’ব লাগিব ৷

২২। গোলকীয় উত্তাপ বৃদ্ধি কি ? ইয়াৰ কাৰণবোৰ উল্লেখ কৰা।

উত্তৰ – যিকোনো কাৰণতে সেউজগৃহ গেছৰ পৰিমাণ বঢ়াৰ ফলত ভূপৃষ্ঠৰ লগতে বায়ুমণ্ডলৰ উত্তাপৰ স্বাভাৱিক অৱস্থাৰ পৰা বৃদ্ধি হোৱাকে  গোলকীয় উত্তাপ বৃদ্ধি বোলা হয় ৷

            গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰণ হ’ল বায়ুমণ্ডলত সেউজগৃহ গেছ যেনে কার্বন-ডাই-অক্সাইড (CO2),  মিথেন (CH4), নাইট্রাছ অক্সাইড (NO2) আদিৰ পৰিমাণ বৃদ্ধি ৷ বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সেউজগৃহ গেছবোৰৰ ভিতৰত কার্বন-ডাই-অক্সাইডৰ ভূমিকা সর্বাধিক। আমি জানো যে শিল্প-বিপ্লৱৰ পৰৱৰ্তীকালত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ ক্ৰমে বৃদ্ধি পাবলৈ ধৰে আৰু কিছুমান উদ্যোগৰ চাহিদা পূৰণ কৰিবলৈ গছ-গছনি ধ্বংস কার্যও বাঢ়ে। ইয়াৰ পৰিণতিস্বৰূপে বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰে।                                   

              মানুহৰ কার্যাৱলীৰ লগতে আগ্নেয় উদগিৰণেও বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি কৰে। এইদৰে যোৱা প্রায় ১৫০ বছৰৰ ভিতৰত বায়ুমণ্ডলত কেৱল কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ প্রায় ৩০ শতাংশ বাঢ়িছে। তদুপৰি বায়ুমণ্ডলত মিথেন, নাইট্রাছ অক্সাইড, ক্লৰ’ফ্লৰ’ কার্বন আদি গেছৰ পৰিমাণো বাঢ়িছে। এই আটাইবোৰ গেছে ক্ৰমে অধিক মাত্রাত শক্তি ধৰি ৰাখি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠৰো উত্তাপ কিছু হলেও বৃদ্ধি কৰিছে।

২৩। গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।

উত্তৰ – বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব। তাৰ ভিতৰত মেৰু অঞ্চলৰ বিশাল বৰফস্তুপৰ গলন, সাগৰপৃষ্ঠৰ উত্থান, উদ্ভিদ আৰু প্রাণীজগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন, শস্য উৎপাদন হ্রাস, মৰুকৰণ আদি প্রধান। অনুমান কৰা হৈছে যে বায়ুমণ্ডলৰ উত্তাপ ২-৩ ডিগ্রি ছেলছিয়াছ বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰুত জমা হৈ থকা বৰফবোৰ গলিব আৰু সাগৰপৃষ্ঠ ক্রমে ওপৰলৈ উঠি আহিব । এইদৰে সাগৰ-পৃষ্ঠ বর্তমানতকৈ এক মিটাৰ ওপৰলৈ উঠি আহিলে পৃথিৱীৰ উপকূল অঞ্চলৰ প্রায় ৫ নিযুত বর্গ কিলোমিটাৰ পৰিমাণৰ ভূমি জলমগ্ন হ’ব। লগতে জনবসতিপূর্ণ দ্বীপ, ব-দ্বীপ, প্রৱাল দ্বীপ আদি পানীত বুৰ যাব।

২৪। গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি ?

উত্তৰ – গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবলৈ নিম্নোলিখিত উপায়সমূহ গ্ৰহণ কৰিব পাৰি –

(i) অধিক মাত্ৰাত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা ৷

(ii) ক্লৰ’ফ্লৰ’কাৰ্বন ব্যৱহৃত সজঁলি যেনে ফ্ৰীজ, এ.চি আদিৰ ব্যৱহাৰ হ্ৰাস কৰা ৷

(iii) গছ-গছনি কটা ৰোধ কৰা ৷

(iv) বননিকৰণ বৃদ্ধি  কৰা ৷

(v) জনসংখ্যা নিয়ন্ত্ৰন কৰা ৷

(vi) সমাজত পৰিৱেশৰ সংৰক্ষণ সচেতনতা বৃদ্ধি কৰা ৷

Read More:

Advertisement

অধ্যায়- ২পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )

ইতিহাস-

অধ্যায় ১ – বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অধ্যায় ২ – মাহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অধ্যায় ৩ – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অধ্যায় ৪ – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

অধ্যায় ৫ – ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

ভূগোল-

অধ্যায় ১ – অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

আধ্যায় ৩ – পৃথিৱীৰ ভূগোল

আধ্যায় ৪ – অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতীয় গণতন্ত্ৰ

অৰ্থনীতি বিজ্ঞান-

অধ্যায় ১ – মুদ্ৰা আৰু বেংক ব্যৱস্থা

অধ্যায় ২ – অৰ্থনৈতিক উন্নয়ন

8 Replies to “পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা”

Leave a Reply

Your email address will not be published. Required fields are marked *